ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাসত উত্তৰ-পূব ভাৰতৰ গোষ্ঠীজীৱনৰ প্ৰকাশ
সাহিত্যৰ এটি কল্যাণকামী, মংগলময় দিশ থাকে। এয়াই মহতী
সাহিত্যৰ আকৰ্ষণ। মানৱীয়
চৰিত্ৰৰ সংবেদী চিত্ৰণ, চৌপাশৰ গোষ্ঠীজীৱনৰ সতে নিবিড়
হৈ পৰাৰ আকুলতা, সাহিত্যৰ
অনেক সমল (resources),
সঁজুলি (tool) , সৃষ্টিশীল কল্পনা (creative imagination) আৰু প্ৰজ্ঞাৰ ( vision) সাধনাৰে ডঃ
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই সমাজ জীৱনৰ জটিল সন্ধিক্ষণত সাহিত্যৰ এই কল্যাণকামী দিশবোৰ
প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই কথা উপলব্ধি কৰিব
পাৰি তেখেতৰ সাহিত্যৰ পঠনৰ অভিজ্ঞতাৰে।
খুব সৰুতেই তেখেতৰ উপন্যাস পঠনৰ অভিজ্ঞতা হৈছিল। সেই পঠনে শৈশৱতে
বিস্ময়াভিভূত কৰি তোলা এটি দিশৰ বিষয়ে আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেয়া হৈছে এক
নব্য চেতনাৰে জনগোষ্ঠীয় জীৱনৰ দ্বন্দ্ব-অভিজ্ঞতাৰ প্ৰকাশৰ মাজেৰে সাহিত্যৰ নিৰ্মাণ। কবলৈ গ'লে শৈশৱৰ
সেই পুলকভৰা বিস্ময়েই
পৰৱৰ্তী সময়ত আমাৰ
চকুত আপাতত সৰল জীৱনৰ জটিল দিশবোৰ
সমালোচকৰ দৃষ্টিৰে চাবলৈ প্ৰৰেণা দিছে। চলমান
গোষ্ঠীজীৱন সৰল হ'ব পাৰে, কিন্তু সহজ
নহয়।তেখেতৰ আগজীৱনত ৰচিত
‘ইয়াৰুইঙ্গগম' আৰু
শেষৰফালে ৰচিত ‘মৃত্যুঞ্জয়'ত
জনগোষ্ঠীয় জীৱনৰ চিত্ৰণ আৰু প্ৰকাশে আমাৰ দৰে পাঠকক মোহিত আৰু আশ্বৰ্যাম্বিত
কৰিয়েই ক্ষান্ত থকা নাই, বৰঞ্চ পৰিৱৰ্তিত সময়ৰ প্ৰেক্ষাত সেইবোৰক বাৰে
বাৰে প্ৰাসংগিক কৰি তুলিছে।এয়াই মহতী সাহিত্য--যি সময়ৰ প্ৰেক্ষাত বাৰে বাৰে প্ৰাসংগিক হৈ উঠে।অৱশ্যে
যিহেতু আমি প্ৰধানতঃ সাহিত্য সমালোচক নহওঁ, সেয়েহে
আলোচনাকালত হ'বলগীয়া
ভুল-ভ্ৰান্তিৰপৰা ক্ষমা বিচাৰিছোঁ।
অসমীয়াভাষাত জনগোষ্ঠীয় জীৱনত আলোকপাত
কৰি উপন্যাস লিখাৰ ধাৰাটিৰ সুচনা কৰিছিল
ৰজনীকান্ত বৰদলৈদেৱে ১৯৮৪ চনত ‘মিৰি জীয়ৰী'ৰে। ইয়াৰ
পৰৱৰ্তী সময়তো বিষ্ণুৰাভা, তৰুণ চন্দ্ৰ পামেগামকে ধৰি
কেইবাজনো বিশিষ্ট সাহিতি্যকে এই ধাৰাটোক সাৰ-পানী দিছে।কিন্তু
১৯৬০ চনত প্ৰকাশিত ‘ইয়াৰুইঙ্গম' আছিল অসমীয়া সাহিত্যৰ একক, পৃথক
আৰু বিস্ময়কৰ অভিজ্ঞতা। ৰমন্যাসিক
আৱেশৰ জাল ফালি ‘ইয়াৰুইঙ্গম'- এ গোষ্ঠীজীৱনৰ কিছুমান
অদেখা, কঠিন অভিজ্ঞতা আমাৰ সন্মুখলৈ তুলি
আনিলে--যিবোৰৰ ব্যাখ্যা পৰৱিৰ্তিত
পৰিস্থিতিত আজিও সমানেই প্ৰাসংগিক।‘ইয়াৰুইঙ্গম'ৰ পূৰ্বৰ জনগোষ্ঠীয় জীৱন আধাৰিত
ৰমন্যাসিক উপন্যাসবোৰৰ বিপৰীতে এইখন মানৱীয় দৃষ্টিৰে লিখা এক গভীৰ ৰাজনৈতিক উপন্যাস। নিসৰ্গৰ স্বভাৱিক
ছন্দত চলি থকা পৰ্বতৰ কুৰুঙৰ কোনো এক বিচ্ছিন্ন গোষ্ঠীজীৱন-যি জীৱন দ্বিতীয় মহাসমৰত বাহিৰৰ
অচিনা শক্তিৰ হাতত থান-বান হৈ পৰিছিল আৰু সেই বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখত থৰকাচুটি
হেৰুৱাই গোষ্ঠীয়ে কিদৰে মুহুৰ্মুহু জীৱনৰ নতুন উপলব্ধি আৰু
ভয়ানক অভিজ্ঞতাবোৰক আঁকোৱালি পাৰ
হৈছিল--সেই সামগ্ৰীক অভিজ্ঞতাৰ থৰ থৰ, দৃশ্যগত (visual) আৰু মানৱিক প্ৰকাশেই হৈছে ‘ইয়াৰুইঙ্গম'ৰ সাৰকথা। ইতিহাসে কেতিয়াবা গোষ্ঠীৰ জীৱনলৈ বিৰল অভিজ্ঞতা লৈ আহে--যি
পূৰ্বৰ পৰম্পৰাৰ সকলো প্ৰমূল্য থান-বান
কৰি পেলায়।
‘ইয়াৰুইঙ্গম'-ৰ বিপৰীতে ‘মৃত্যুঞ্জয়'ত ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ সশস্ত্ৰ বিদ্ৰোহৰ এক অভিজ্ঞতাৰ
বিৱৰণীত গোষ্ঠীজীৱনৰপৰা উঠি অহা এচমকা পোহৰৰ ৰেঙণিআছে। উপন্যাসখনক বিয়াৰ কইনাজনী বুলি
ধৰিলে গোষ্ঠীজীৱনৰপৰা উঠি অহা ৰেঙণিটিক আমি নিশ্চয়েই কইনাৰ আঙুলিৰ এটি বাখৰপতীয়া আঙঠি বুলি কব পাৰোঁ, যাৰ অবিহনে কইনাৰ জেউতি অলপ হলেও মোলান পৰি ৰব।
‘ইয়াৰুইঙ্গম' ত গোষ্ঠীজীৱনৰ প্ৰকাশঃ
কেইটিমান বিশেষ দিশ
১)বিশেষকৈ ‘ইয়াৰুইঙ্গম' সমকালীন
প্ৰেক্ষাত চৰ্চিত বিভিন্ন দিশৰ আলোকেৰে চাব পৰাকৈ
এতিয়াও প্ৰাসংগিক। সমকালীন
প্ৰেক্ষাৰ সাহিত্যৰ এই বিদ্যায়তানিক অথবা
সমালোচনাত্মক ধাৰণাবোৰ হয়তোবা
উপন্যাসখন লিখাৰ সময়ত ঠন ধৰি উঠা নাছিল, তথাপি সেই ধাৰণাবোৰৰ আলোকেৰে চাবপৰাকৈ উপন্যাসখনে নিজৰ প্ৰাসংগিকতা ধৰি ৰাখিছে। আৰু সিয়েই উপন্যাসখনক ক্ৰমশঃ কালাতীত সাহিত্যৰ দিশে
লৈ গৈছে।
সাহিত্যৰ কল্যাণকামী দিশৰ বাবেই প্ৰায় অনাখৰী, জনগোষ্ঠীয় সমাজ একোখনৰ দায়বদ্ধ
চিত্ৰণ (
portrayal )
এক মহৎ কাম বুলি কব পাৰি।
এইক্ষেত্ৰত জনগোষ্ঠী, অৰ্থাৎ এটা ( indigenous community) জীৱনলৈ হঠাতে নামি অহা বিচিত্ৰ অভিজ্ঞতাৰ চিত্ৰণ যদি
গোষ্ঠীবহিৰ্ভুক্ত মানুহ (outsider)ব্যক্তিয়ে কৰিবলৈ যায়, তেতিয়া
সেই দায়িত্ব যেন দুগুণে বৃদ্ধি পায়। তাতেই, সেই প্ৰেক্ষা
আৰু পৃষ্ঠ যেতিয়া বিংশ শতিকাৰ চতুৰ্থ বা পঞ্চম দশকৰ উত্তৰ-পূব ভাৰতৰ কোনো এটি প্ৰত্যন্ত
এলেকাৰ এক গোষ্ঠীজীৱন হয়, যিখন
সমাজত বাস কৰা গোষ্ঠীৰ
মুষ্টিমেয় কিছু মানুহৰ বাদে আনসকলৰ
বহিৰ্জগতৰ সতে সম্পৰ্ক স্থাপনৰ সুযোগ আছিল প্ৰায় শূন্য। যিখন সমাজ আছিল বহিৰ্জগতৰ
সকলো উত্তাপৰপৰা প্ৰায় বিচ্ছিন্ন, যিখন সমাজৰ
এজন বা দুজনৰ বাদে আনসকল অনাখৰী।
এনে পৰিস্থিতিত গোষ্ঠীৰ জীৱন আৰু
অভিজ্ঞতা বিষয়ক সাহিত্য নিৰ্মাণ আৰু
বিশেষকৈ উপন্যাস নিৰ্মাণৰ প্ৰক্ৰিয়াত সাহিত্যিকে স্বভাৱিকতে কঠিন বাট অতিক্ৰম কৰিবলগীয়া হয়। তেতিয়া তেওঁ সাৰথি কৰে অন্তৰৰ জেউতিৰ ওপৰত, ভাৰসা কৰে গভীৰ অন্তৰ্দৃষ্টিক।অৱশ্যে ‘ইয়াৰুইঙ্গম' লিখা
হৈছে প্ৰতক্ষ্য অভিজ্ঞতাৰ ভিত্তিত।
উপন্যাসখন পঠনৰ প্ৰাথমিক চৰ্ত হৈছে
পঠনৰ সময়ত বিশেষকৈ
উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয়
জীৱন সম্পৰ্কে পাঠকৰ স্পষ্ট ধাৰণা। একোটা জনগোষ্ঠী বুলিলে আমি কি বুজোঁ? জনগোষ্ঠী বুলিলে আমি যিখিনি মানুহৰ কথা বুজোঁ, বিশ্বৰ ঠাই ভেদে সেইখিনি মানুহৰ নাম বেলেগ হ'ব
পাৰে,
কিন্তু তেওঁলোকৰ কিছু উমৈহতীয়া বৈশিষ্ট
আছে। যেনে-- এক স্বতন্তৰীয়া জীৱন প্ৰৱাহ, যিমানেই
ক্ষুদ্ৰ নহওক কিয়, বাস কৰিবৰ বাবে এটুকুৰা নিৰ্দিষ্ট আচুতীয়া (isolated)
ভৌগোলিক ঠাই, নিজৰ এটা
ভাষা, সংস্কৃতি , ৰীতি- নীতি, আচাৰ-ব্যৱহাৰ। লগতে থাকে
কিছুমান নিষিদ্ধতা বা টেবু (taboo)।
এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘই জনগোষ্ঠী বা indigenous people -ৰ সন্দৰ্ভত সকলোকে সামৰি লোৱা (inclussive) কিছু বৈশিষ্টৰ বিষয়ে কৈছে। ৰাষ্ট্ৰসংঘই কোৱা এই
স্বকীয় বৈশিষ্টকেইটা হৈছে--
n
জনগোষ্ঠী
বুলি ব্যক্তিগত পৰ্যায়ত নিজকে দিয়া পৰচিতি
আৰু গোষ্ঠীয়ে তাক গ্ৰহণ কৰি লোৱা
n
প্ৰাক
উপনিবেশিক আৰু.বা তাৰ পূৰ্বতে বাস কৰা সমাজৰ সতে নিৰৱচ্ছিন্নভাৱে থকা ঐতিহাসিক
বান্ধো
n
নিজৰ
ভৌগোলিক ভূ-খণ্ডৰ লগতে চাৰিওকাষৰ
প্ৰাকৃতিক সম্পদৰ প্ৰতি থকা নিবিড় সম্পৰ্ক
n
স্বকীয়
সামাজিক, অৰ্থনৈতিক, আৰু ৰাজনৈতিক ব্যৱস্থা,
n
স্বকীয়া
ভাষা, সংস্কৃতি, আৰু বিশ্বা
n
সমাজত
প্ৰাধান্য নথকা গোটক প্ৰতিনিধিত্ব কৰা
n
তেওঁলোকৰ
বংশানুক্ৰমিক পৰিবেশ আৰু ব্যৱস্থাৱলী বাহাল
ৰাখিবলৈ আৰু পুনৰুদ্ধাৰ কৰিবলৈ কৰা
অহোপুৰুষাৰ্থ
(https://www.un.org/esa/socdev/unpfii/documents/5session_factsheet1.pdf)
কিন্তু মন কৰিবলগীয়া কথাটো হৈছে গোষ্ঠী জীৱনত এই উমৈহতীয়া বৈশিষ্টবোৰ যেনেদৰে থাকে, তেনেদৰে থাকে বিচিত্ৰতাও। একোটা গোষ্ঠীৰ বাবে যদি মোমায়েকৰ জীয়ৰীৰ
সতে বিয়া হোৱাটো অগ্ৰাধিকাৰ, আন একোটাৰ বাবে সেয়া হয়তো
নিষিদ্ধ বা টেবু (taboo)হবও পাৰে। কোনো এখন সমাজৰ
সম্পত্তিৰ উত্তৰাধিকাৰ যদি কন্যাসন্তান, আন
কাৰোবাৰ ক্ষেত্ৰত পুত্ৰসন্তানে সম্পত্তিৰ
উত্তৰাধিকাৰিত্ব বহন কৰে। একোটা জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যসম্ভাৰ আন
এটাৰ বাবে বা পৰম্পৰাতগত সাজপাৰত ব্যৱহাৰ কৰা একোটা আৰ্হি (motif] আন এটাৰ বাবে নিষিদ্ধ
বা টেবু (taboo) হ'ব পাৰে।
এই উমৈহতীয়া বৈশিষ্ট আৰু বিচিত্ৰতাবোৰৰ প্ৰেক্ষাত গোষ্ঠীৰ বাহিৰৰ (outsider) আৰু ভিতৰুৱা (insider)--
এই দুয়োটা দৃষ্টিৰে চাব পৰা অনেক সমল উপন্যাসখনত আছে।গোষ্ঠীৰ বাহিৰৰ একোজন
সাহিত্যিকে (outsider)
যেতিয়া
উপন্যাসৰ দৰে সাহিত্যৰ একোখন বহল কেনভাচলৈ মজিয়ালৈ সেইখন সমাজৰ বহুবৰ্ণী ৰূপবোৰ লৈ আহে , তেতিয়া সাহিত্যৰ বাবে প্ৰয়োজন হওকেই বা নহওকেই গোষ্ঠীজীৱনৰ
শাহটোৰ খুঁটি-নাটিবোৰ তন্ন-তন্নকৈ জানি-বুজি, অৱগাহন
কৰি লোৱাটোও সমানেই আৱশ্যক হৈ পৰে।এইবাবেই উপন্যাস একোখন ৰচনাৰ কালত লিখিত
শব্দবোৰে ৰূপ দিয়া উপন্যাসখনৰ সমানেই
বৰ্ণিল একোখন অলিখিত উপন্যাসো সাহিত্যিকৰ
হাতৰ মুঠিত, অথবা হৃদয়ত ৰৈ যায়-- যিখন আপাতত
পাঠকৰ বাবে অদেখা হলেও উজ্জীৱিত পাঠকে সেই অদেখা উপন্যাখনৰ ৰসো কিঞ্চিত পৰিমাণে আহৰণ কৰিবলৈ সক্ষম হয় বোধৰ জৰিয়তে। ডঃ
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত
জনগোষ্ঠীয় সমাজৰ চিত্ৰণৰ বিষয়ে আলোচনা কৰিবলৈ
যোৱাৰ প্ৰাকমুহূৰ্তত এনে কিছু কথাৰ ওপৰত পোহৰ পেলোৱাটো এইবাবেই প্ৰাসংগিক
যে-- গৱষেণা, বিদ্যায়চানিক
চৰ্চা অথবা সাহিত্যত জনগোষ্ঠীয় সমাজ এখনৰ
প্ৰতিনিধিত্ব(representation) ভুলকৈ কৰা হয় বুলি প্ৰায়েই অভিযোগ উঠে।এই অভিযোগৰ অনেক ভিত্তিও থাকে। বিশেষকৈ গোষ্ঠীৰ বাহিৰৰ
লোকে যেতিয়া সেই সমাজৰ চিত্ৰণ
কৰিবলৈ যায়, তেতিয়া অনেক দিশৰ প্ৰতি দৃষ্টি উপৰুৱা হৈ ৰয়--কেতিয়াবা
স্পৰ্শকাতৰহীনতাৰ দোষত, আৰু কেতিয়াবা নিজৰ অজ্ঞতাৰ বাবে। বিশেষকৈ সাহিত্যত এনে ভ্ৰান্তি
হোৱা দেখা যায় সাহিতি্যকে কল্পনাই
টানি নিব পৰা শক্তিৰ ওপৰত বেছিকৈ
ভাৰসা কৰাৰ বাবে।
এক গোষ্ঠীজীৱনৰ ভয়ংকৰ অভিজ্ঞতাৰ বিৱৰণীক সাহিত্যত স্থান দিবলৈ যাওতে
উপন্যাসিকে যিধৰণৰ সংবেদনাৰে আগবাঢ়িছে, তাত অভিভূত
নহৈ নোৱাৰি । এখন ৰাজনৈতিক উপন্যাসৰ বিৱৰণীত প্ৰজন্মৰ দ্বন্দ্ব-সংঘাত, নিসৰ্গৰ সতে মিলি পৰিব খোজা সৰল প্ৰেমৰ প্ৰকাশ, অভিমান
অথবা সৰল দ্বেষ--এইবোৰৰ বিৱৰণীত তেখেতে আচৰিতধৰণে মানৱীয় হৈ উঠে।যি সময়ত ষাঠিৰ দশকৰ
বৰ্ণহিন্দু সমাজত চাপন্ন বছৰীয়া ‘বুঢ়া' আৰু চল্লিছ বছৰীয়া ‘বুঢ়ী'য়ে ভক্তিমাৰ্গত আশ্ৰয় লয়, বা লৈছিল--সেই সময়তে জাপানী সেনা আৰু মিত্ৰ শক্তিৰ কামনাৰ গুলীয়ে
গাওঁ আৰু শস্যপথাৰ মোহাৰি থৈ যোৱা নগাপৰ্বতত
তেনে বয়সৰ পতি-পত্নীৰ মাজৰ উচ্ছল
প্ৰেমৰ মানৱীয় প্ৰকাশৰ
বিৱৰণীয়ে আমাক যেন কৰবাত অলপ হলেও সকাহ
দি যায়। নাজেক, ঙাঠিংখুই, ইয়েংমাচ, চাৰেংলা, খুটিংলা, ৰিশ্বাং, ফানিটফাং, ডিডেচেলী আদি চৰিত্ৰবোৰ ইমান জীৱন্ত যে, গোষ্ঠীজীৱনৰ প্ৰতি বিৰল সংবেদনা আৰু অন্তৰত সন্মান নাথাকিলে মাথোন প্ৰত্যক্ষ
অভিজ্ঞতাৰে এজন বাহিৰৰপৰা যোৱা (outsider)লেখকে
তেনে চৰিত্ৰ সৃষ্টি কৰিব নোৱাৰে। অৱশ্যে, টাংখুল নগাসকলৰ সাংস্কৃতিক
জীৱনৰ প্ৰতিনিধিত্বৰ বেলিকা উপন্যাসখনৰ সফলতাৰ বিষয়ে বিশেষভাৱে কবলৈ নোৱাৰিম
টাংখুল গোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ বিষয়ে থকা
আমাৰ অজ্ঞতাৰ বাবে। তথাপি জাপানী সেনাই ধৰি লৈ গৈ জীৱন ধ্বংস কৰা চাৰেংলাৰ দৰে পতিতাই যেতিয়া জাপানীয়ে এৰি
থৈ যোৱাৰ পিছত, ‘পঞ্চায়তে ঙাঠিংখুইৰ আশ্ৰয়তে
থাকিবলৈ দিব। আৰু কি কৰিম? তাতে থাকিম'- বুলি কৈছে, তেতিয়া পঠনৰ মাজতে
অকণমান ধাক্কা এটা লাগে।গোষ্ঠীজীৱনৰ নিজৰ বিচাৰ-ৰীতি থকা সেই নিৰ্দিষ্ট
অনুষ্ঠানটিৰ নামৰ উল্লেখে বোধহয় এই
কথাখিনি আৰু সুন্দৰ কৰি তুলিলেহেঁতেন--যি অনুষ্ঠানে খুলাকপা, অৰ্থাৎ
গাৱঁৰ মুখিয়ালৰ আশ্ৰয়তে চাৰেংলাক
থাকিবলৈ ৰায় দিছিল। ‘পঞ্চায়ত' শব্দটো ইয়াত বাহিৰা যেনেই অনুভৱ হয়।সেইদৰে
ডেকা চাং আৰু কোনো কোনো গোষ্ঠীৰ গাভৰুচাংবোৰ
গোষ্ঠীজীৱনৰ অনন্য সাংস্কৃতিক সমল--য'ত ডেকা-গাভৰুৱে বিভিন্ন সামাজিক দায়িত্ব পালন
কৰাৰ লগে লগে গাওঁ সুৰক্ষাকে ধৰি বিভিন্ন
সামূহিক কৰ্তব্য পালন কৰে। নগাসকলৰ
মাজত সাধাৰণতে মুৰংঘৰ বুলি পৰিচিত
এই ডেকাচাং বা গাভৰুচাং বুজোৱা অনুষ্ঠানবোৰ বুজাবলৈ প্ৰত্যেক গোষ্ঠীৰ নিজাকৈ
সুকীয়া নাম এটা থাকে। কেৱল
গাভৰুচাং কোৱাতকৈ টাংখুলসকলে গাভৰুচাং বুজাবলৈ ব্যৱহৰ কৰা সেই
নিৰ্দিষ্ট নামটিৰ উল্লেখ আাৰ দৰে পাঠকৰ উৎসুকতা পুৰণ কৰিবলৈ যথাৰ্থ হ'লহেঁতেন বুলি
ধাৰণা হয়। অৱশ্যে
এইবোৰ উপন্যাসখনৰ মূল বক্তব্য নহয়।
উপন্যাসখনৰ এটি অন্যতম
চৰিত্ৰ জীৱন মাষ্টৰ যেন উপন্যাসনৰ এই
গোষ্ঠীৰ ভিতৰুৱা (insider)
আৰু গোষ্ঠীবহিৰ্ভুত (outsider) প্ৰেক্ষাৰ এটি বৰণীয়া দ্যোতক । চৰিত্ৰটিৰ সংযোজন উপন্যাসৰ এটি অপূৰ্ব ব্যঞ্জনা। জীৱন
মাষ্টৰ বাহিৰৰপৰাগৈ নগাগাভৰু বিয়া কৰাই গোষ্ঠীজীৱনৰ অংশ হৈ পৰিছে, গুৱাহাটীত
থকা নিজৰ ঘৰৰপৰা একপ্ৰকাৰে বিতাড়িত হৈছে আৰু
নগাসকলৰ সামগ্ৰীক উন্নতিৰ বাবে নিজৰ যি মিচন, তাক
আগুৱাবলৈ গৈ ৰিশ্বাঙৰ সৈতে সহযোগিতা
কৰি প্ৰাণ পৰ্যন্ত বিসৰ্জন দিছে।
২) উপনিবেশিক দৃষ্টিভংগীৰ (colonial perspective ) দিশৰপৰাও উপন্যাসখনে প্ৰাসংগিকতা দাবী কৰে। উপনিবেশিক
শাসক অহাৰ আগলৈকে গোষ্ঠীজীৱনৰ
সতে গোষ্ঠীৰ বাহিৰৰ মানুহৰ
জীৱনৰ এটি নিৰৱধি
সম্পৰ্ক নিশ্চয় আছিল। কিন্তু উপনিবেশিক শাসনৰ সময়ত বিশ্বৰ বিভিন্ন
দেশৰ উপনিবেশবোৰত বাস কৰা গোষ্ঠীজীৱনৰ প্ৰতি শাসকে এক সুকীয়া দৃষ্টিভংগীৰ জন্ম দিলে।এই
দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীৰ
প্ৰতি ‘আনসকল' (other]) বুলি
এক হীন দৃষ্টিভংগীৰ বিৱৰণীৰ(narrative) সৃষ্টি
কৰা হ'ল,
আৰু তাক মানুহক ভাগ ভাগ কৰি শাসনক কৰাৰ (divide and rule) স্বাৰ্থতেই জনপ্ৰিয় কৰা হ'ল। বিভিন্ন প্ৰতিবদেন লিখাৰ সময়ত, শাসকৰ
চিকাৰৰ কাহিনীবোৰ বিৱৰণীত উপনিবেশিক শাসকৰ
দ্বাৰা এক বিশেষ ভাষাৰ নিৰ্মাণে ইয়াৰ ভেটি মজবুত কৰিলে। অৱশ্যে জনগোষ্ঠীয় জীৱনৰ বাহিৰৰ
সমাজখনৰ প্ৰতিও উপনিবেশিক শাসকৰ
দৃষ্টিভংগী উদাৰ আছিল বুলি কব নোৱাৰি।কিন্তু
বিশ্বৰ দেশে দেশে থকা জনগোষ্ঠীসকলৰ
প্ৰতি উপনিবেশিক শাসকৰ অৱহেলা আছিল কিঞ্চিৎ হলেও বেছি।উপনিবেশিক কালৰ নথি-পত্ৰ, প্ৰতিবেদনবোৰৰ ভাষাই এই দৃষ্টিভংগী বহন কৰি আনিছে।
আচৰিত কথা এয়ে যে, ভাৰতত উপনিবেশিক শাসনৰ ওৰ পৰাৰ পয়সত্তৰ বছৰ হৈ গ'ল যদিও জনগোষ্ঠীয় জীৱনৰ প্ৰতি দৃষ্টিভংগী গ্ৰহণৰ বেলিকা আজিও বহু
লেখক-সাহিত্যিকৰ দৃষ্টিভংগী উপনিবেশিক দৃষ্টিভংগীৰ সংকীৰ্ণ কপাটখনৰপৰা বাহিৰ ওলাব পৰা নাই যেন অনুভৱ হয়।
কিন্তু দ্বিতীয় মহাসমৰৰ নিৰ্মমতাৰ বিশেষ
প্ৰেক্ষাত ষাঠিৰ দশকত ৰছনা কৰা ‘ইয়াৰুইঙ্গম' উপন্যাসত
লেখকে এই সংকীৰ্ণতাক কাষ চাপিবলৈকে দিয়া নাই। তথাপি ইয়াৰ ইংগিত উপন্যাসত আছে।
উচ্চশিক্ষা লাভৰ হাবিয়াসেৰে কলিকতাত পঢ়িবলৈ ৰিশ্বাং ওলাই গৈছে। ঘটনাক্ৰমে ৰিশ্বঙে তাত
যেতিয়া শ্যামলীৰ দৰে নাৰীক লগ পাইছে
তেতিয়া চকুৰ সন্মুখতে সাক্ষাত নগা ডেকা এটিক প্ৰথমবাৰৰ বাবে লগ পাওতে সেই নাৰীৰ
মুখৰপৰা আতংকত ওলাই আহিছে--“আপুনি তেনেহ'লে মূৰ কটা নগাৰ বংশধৰ?” অৱশ্যে
নিজক সংসোধন কৰি পিছ মূহুৰ্ততে শ্যামলীয়ে কৈছে, --“আমাৰ
মাজত এটা ভুল ধাৰণা আছে যে নগা মাত্ৰেই মূৰ কটাত অভ্যস্ত।”
‘ইয়াৰুইঙ্গম' ৰ পঠনে এই সংবেদী দিশবোৰৰ প্ৰতি আমাক
সচেতন হবলৈ শিকায়। উপন্যাসখন লিখাৰ ছয় দশক পাৰ হৈ গৈছে। এতিয়া আৰু নগা মানুহ
দেখিলেই ‘মূৰ কটা নগা' বুলি হয়তো কোনোবাই উপহাস নকৰিব পাৰে, কিন্তু তেওঁলোকৰ বিশেষ খাদ্যসম্ভাৰক লৈ এতিয়াও ঘৃণাৰ বাগধাৰা(narrative)তৈয়াৰ কৰা হয়, য'ত অতি
আধুনিক শিক্ষিত এচামেও ভাগ লৈ একধৰণৰ বন্য
উল্লাস লভে।
৩) তৃতীয় দিশটি অতিকৈ স্পৰ্শকাতৰ। সেয়া হৈছে গোষ্ঠীৰ পৰিচিতি সত্ত্বাৰ
সন্ধান বা অন্বেষণ (quest for identity), যি নব্বৈৰ দশক পৰ্যন্ত কেৱল উত্তৰ-পূব
ভাৰতেই নহয়, বৰঞ্চ সমগ্ৰ দক্ষিণ-পূব এছিয়াক
প্ৰায় অশান্ত কৰি
তুলিছিল আৰু আজিও কৰি আছে।জাতীয়তাবাদী প্ৰকাশৰ অন্য এটি ৰূপ পৰিচিতিসত্তাৰ
আন্দোলনে বিচ্ছিন্নতাবাদৰ ৰূপ লৈ বিংশ
শতিকাৰ নব্বৈৰ দশক কিদৰে ৰক্তাক্ত কৰি তুলিছিল--তাৰ গৰ্ভাশয়খন যে ভাৰতবৰ্ষই স্বাধীনতা
পোৱাৰ সময়ৰ নগাভূমিয়েই আছিল, ‘ইয়াৰুইঙ্গম'ৰ পঠনে তাকেই আমাক বাৰে বাৰে সোঁৱৰাই থাকে।
গোষ্ঠীজীৱনৰ পৰিচিতি সত্তাৰ সন্ধানৰ যি সংগ্ৰাম
আৰু সময়ে সময়ে গোষ্ঠী-সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ অথবা সশস্ত্ৰ বিদ্ৰোহৰ মাজেৰে তাৰ যি প্ৰকাশ-সেই
সংগ্ৰামবোৰৰ অনেক সীমাবদ্ধতা আছে।বহুসময়ত আন কাৰোবাৰ ষড়যন্তৰ হাঁতোৰাতো এই
সংগ্ৰামবোৰ সোমাই পৰিছে। কিন্তু সেই বুলিয়েই জাতীয়তাবাদীসত্তাৰ আন এটি প্ৰকাশ গোষ্ঠীৰ
পৰিচিতিৰ সন্ধানত হোৱা সশস্ত্ৰ বিদ্ৰোহক বাগধাৰাক
বহুতেই সংকীৰ্ণ বুলি কৈ গা এৰাই চলিব বিচাৰে।
তেনেহ'লে দশকৰ পাছত দশক জুৰি হাজাৰ হাজাৰ লোকে
মৰণক সাৱটি ল'লে কিয়? কিয় চগাৰ দৰে তেওঁলোকে জুইত জাঁপ দিলে? কিয় অসমৰ মাটিত ডেকা তেজৰ বাবে গুপ্তহত্যাৰ গোপন
ষড়যন্ত্ৰ চলিল? মণিপুৰৰ
মেইতেই গোষ্ঠীৰ আইসকলেই বা কিয় ৰাজপথত
নগ্ন হৈ “ভাৰতীয় সেনা, আহা আমাক ধৰ্ষণ কৰা” বুলি
কস্মিনকালেও নোহোৱা-নোপজা প্ৰতিবাদ কৰিব
লগা হ'ল? স্বপ্নদ্ৰষ্টাৰ
দৰে মণিপুৰৰ প্ৰসিদ্ধ নাট্যকাৰ কানহাইলালৰ নাটকতেই বা কিয় সেই
ভয়ানক আশংকাৰ পূৰ্বপ্ৰকাশ ঘটিল!
কি আছিল স্বাধীনতাৰ সেই বিষ--যাৰ প্ৰকোপত আংগামী নগাৰ লাংৱা গাৱঁৰ মুখিয়ালৰ ঘৰৰ আগফালটো এখন দেশত আৰু পাকঘৰটো আন
এখন দেশত বিভক্ত হৈ পৰিল? দূৰণিত কোনোবাই অঁকা সংবেদনাহীন
ৰাজনৈতিক মানচিত্ৰত মুহূৰ্ততে দুখন দেশত বিভক্ত হৈ পৰিল পৰ্বতৰ কুৰুঙৰ একক, অবিভক্ত গোষ্ঠীজীৱন? কোনে
টানি দিলে এই ভৌগোলিক-ৰাজনৈতিক সীমা? কবলৈ
গ'লে ভাৰতবৰ্ষ এখন সফল গণতন্ত্ৰ আৰু
হাজাৰ সংকটৰ সন্মুখতো জাতি-বৰ্ণ-ধৰ্ম
নিৰ্বিশেষে ভাষিক-ধৰ্মীয়-সাংস্কৃতিক বৈচিত্ৰতাক
দেশে ধৰি ৰাখিছে। ইয়াৰ জনসাধাৰণক মান-মৰ্যদাৰে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, সফল হৈছে।দেশৰ মানুহক ভাৰতীয়ত্বৰ পৰিচিতিৰ গৌৰৱ অনুভৱ কৰিবলৈ দিছে।
কিন্তু তাৰ মাজতো দেশৰ প্ৰান্তত গোষ্ঠীজীৱনৰ পৰিচিতিসত্তাৰ এই ক্ৰুৰ, নিষ্ঠুৰ বেদনা মুহুৰ্মুহু হৈ উঠে কিয়? কিয়?
ৰাষ্ট্ৰসংঘৰ সংজ্ঞাৰ আওতাই
সামৰি লোৱা প্ৰায় চাৰি শতাধিক
জনগোষ্ঠীৰ বাসভূমি ভূ-ৰাজনৈতিকভাৱে অতিকৈ
সংবেদী এই উত্তৰ-পূব ভাৰত। ডঃ বীৰেন্দ্ৰ
কুমাৰ ভট্টাচাৰ্যই গোষ্ঠীৰ পৰিচিতি
সত্ত্বাৰ সন্ধানৰ জটিল প্ৰশ্নৰ উত্তৰ দিয়া নাই। কিন্তু ‘ইয়াৰুইঙ্গম”-ৰ পাতত তেখেতে অসমীয়া
সাহিত্যৰ ৰসিকসকলৰ বাবে গোষ্ঠীৰ মনত এতিয়াও উদ্ভৱ হৈ থকা এনে বহু ৰাজনৈতিক প্ৰশ্নৰ
উকমুকনি আৰু প্ৰাসংগিকতাক ধৰি ৰাখিছে। এই উকমুকনিবোৰৰ বিৱৰণীয়ে আমাক শিহৰিত কৰে। সেইবাবেই উত্তৰ-পূব ভাৰতৰ কোনো এক জনগোষ্ঠীক
লৈ লিখা উপন্যাসৰ বেলিকা ‘ইয়াৰুহইঙ্গম' পূৰ্বসূৰীসকলৰ
উপন্যাসতকৈ পৃথক।একক।আৰু অনন্য।
ভয়ংকৰ মানৱিক বিপৰ্যয়, দ্বিতীয়
মহাসমৰৰ জাপানী সেনাৰ আগ্ৰাসন, মিত্ৰ বাহিনীৰ হস্তক্ষেপৰ দৰে গোষ্ঠীয়ে
কাহানিও দেখা নোপোৱা, নোহোৱা-নোপজা ঘটনাৱলীৰ সন্মুখত উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰই ভয়ংকৰ দ্বন্দ্ব আৰু সংঘাতৰ মাজেৰে
আগবাঢ়িছে । পাঠকে যেন ইয়াত বিৰতি লবলৈ আহৰি নাপায়। নতুন প্ৰজন্মৰ কোনো কোনোৱে
ইংৰাজী শিক্ষা,
খ্ৰীষ্টান ধৰ্মৰ আলোকত নৱজীৱন লাভ কৰিছে।
কিন্তু সকলোৰে মনত সেই জীৱনৰ প্ৰতি ধাউতি
নাই। আংগামী নগা ডিডেচেলীয়ে সপোন দেখিছে জাপানীৰ সহযোগত
এক স্বাধীন নগাভূমিৰ। এই ডিডেচেলীৰ
বিৱৰণীয়ে আমালৈ আংগামী জাপু ফিজোৰ ৰণতৰীৰ
সোঁৱৰণি কঢ়িয়াই আনে। স্বাধীনমনা টাংখুল
নগা নাজেক আৰু পুতেক খাটিঙৰ কথোপকথনে
প্ৰজন্মৰ দ্বন্দ্বৰ কথাকেই কোৱা নাই--কৈছে
দ্বিতীয় মহাসমৰৰ প্ৰেক্ষাত জাপানী আৰু মিত্ৰশক্তিৰ দৰে দুই বিদেশী শক্তিৰ টনা-আঁজোৰাৰ মাজত নগাই
সন্ধান কৰা স্বাধীন পৰিচিতিৰ কথা, স্বাধীনতাৰ হেঁপাহৰ কথা। তলৰ বিৱৰণীলৈ মন কৰিব পাৰি,
---
“নাজেকে পুতেকৰ তিৰস্কাৰ
শুনি ক'লে,
‘তহঁতে আমাৰ মানুহৰ গোলাম হবলৈ শিকাইছ।'
আচৰিত হৈ খাটিঙে ক'লে, ‘গোলাম!'
‘চাহাববোৰে
তহঁতক সমান বুলি নাভাৱে। লাজ নেপাৱ!”
খাটিঙে সেই কথাৰ সত্যতা নুই কৰিব নোৱৰিলে । আমি একেদিনাই চাহাবৰ সমান
কেনেকৈ হ'ম?
দিন লাগিব।
‘বোপাই, বুঢ়াৰ কথা শুন। তহঁত চাহাব হ'ব
নালাগে। নগা হ। নগা হোৱাৰ সমান সুখ ক'তো
নাই।” কথা কোৱাৰ লগে লগে ধ্যানস্থ হৈ নাজেকে আপোনমনে পাইপ টানিবলৈ ধৰিলে।
খাটিঙে সুধিলে, ‘নগা হোৱাৰ অৰ্থ বা কি?'
‘স্বাধীন
হোৱা' বুলি নাজেক মনে মনে ৰ'ল।
----
এই দ্বন্দ্ব-সংঘাতবোৰৰ সন্মুখত জীৱনৰ কোনো এক তিনিআলিত ৰৈ টাংখুল
গাৱঁৰ তিনি নগা বন্ধু খাটিং, ফানিটফাং আৰু ৰিশ্বাং তিনিটা পৃথক বাটেৰে
গুচি গ'ল।খাটিঙে শ্বিলঙত পঢ়ি খ্ৰীষ্টান ধৰ্ম লৈ শিক্ষিত খাচি গাভৰু বিয়া
কৰাই সেনাবাহিনীত যোগ দিলেগৈ উপন্যাসৰ
প্ৰধান নায়ক ৰিশ্বাঙে উচ্চশিক্ষাৰ বাবে কলিকতালৈ গৈ দেখিলেগৈ নিৰ্মম সাম্প্ৰদায়িক
সংঘৰ্ষৰ মাজেৰে দ্বিখণ্ডিত হৈ ভাৰতে লাভ কৰা স্বাধীনতা।লগ পালে মণিপুৰৰ টম্বী সিঙক।
সাম্প্ৰদায়িক সংঘৰ্ষত কলিকতাৰ
অবিনাশ আৰু অসমীয়া কবি বন্ধু অনিল বৰাৰ নিৰ্মম হত্যাৰ সাক্ষী হ'ল।
সেই থৰ থৰ, বিচিত্ৰ অভিজ্ঞতাৰ মাজেৰেই হঠাতে ৰিশ্বাং ঘৰলৈ উভতিবলগীয়া হৈছে।
স্কুল, হস্পিতাল পাতি, ৰাইজক নানা ধৰণৰ সকাহ দি ৰিশ্বাঙে এক গতিশীল নগাজীৱনৰ সপোন
দেখে।ক্ৰমে ৰিশ্বাং হৈ উঠে সাধাৰণ মানুহৰ
মাজত জনপ্ৰিয়।
আৰু ফানিটফাং? অশিক্ষিত, দুৰ্বলমনা
ফানিটফাঙে লগ ল'লেগৈ ডিডেচেলীৰ। পৰৱৰ্তী সময়ত ঘটনাৰ পাকচক্ৰত বন্ধু খাটিঙক সশস্ত্ৰ
সংগ্ৰাম অবিসম্বাদী নেতা হৈ উঠা ডিডেচেলীৰ গোপন ‘হেডকোৱাৰ্টাৰ'ৰ সম্ভেদ দি ডিডেচেলীৰ সপোনৰ
স্বাধীন নগাৰাজ্যৰৰ প্ৰতি বিশ্বাসঘাটকতা কৰিছে, আৰু
নিজৰ প্ৰাণ দি তাৰ ক্ষতিপূৰণ কৰিবলগা হৈছে। এই ঘটনাৰ পিছতে ম্যানমাৰৰ(বাৰ্মাৰ)
গভীৰ অৰণ্যত ডিডেলেীয়ে প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে।
নকলেও হ'ব যে, এই তিনিওটা বাগধাৰাৰ মাজত ৰিশ্বাঙে বাচি লোৱা বাটটোতেই উপন্যাসিকে
অধিক সময় দিছে। আৰু তাৰ মাজে মাজে নগা জাতীয়তাবাদ, পৰিচিতিসত্তাৰ
সন্ধানৰ বিভিন্ন প্ৰসংগ আৰু অনুসংগবোৰ উল্লেখ কৰি গৈছে।
-----
ইয়াৰুইঙ্গম আৰু মৃত্যুঞ্জয়ৰ পাতত গোষ্ঠীজীৱনৰ লিংগভিত্তিক দিশৰ (gender lens) অৱলোকনঃ আন এটি বিশেষ দিশ-
‘ইয়াৰুইঙ্গম’ আৰু ‘মৃত্যুঞ্জয়’
উপন্যাসৰ নাৰী চৰিত্ৰবোৰৰ উপস্থাপনাৰ
মাজেৰে জনগোষ্ঠীয় জীৱনপ্ৰৱাহত বাস কৰা
নাৰী আৰু গোষ্ঠীজীৱন ব্যতিৰেকে
আনখন সমাজত বাস কৰা নাৰীৰ সন্দৰ্ভত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গভীৰ অন্তৰ্দৃষ্টিয়ে আমাক শিহৰিত কৰে।
এক ভয়ংকৰ অভিজ্ঞতাৰ বিৱৰণীৰ মাজেৰে ‘ইয়াৰুইঙ্গম'-ৰ আৰম্ভণি ঘটিছে।দ্বিতীয় মহাসমৰত
জাপানী সেনা নগাভূমিলৈ অগ্ৰসৰ হোৱাৰ পৰৱৰ্তী সময়ত নগাৰ স্বাধীন, নিৰ্ভয়ে
থকাৰ গোষ্ঠীজীৱন হেৰাই গ'ল। নিৰলে থকা অৱস্থাত
নগা গাভৰু চাৰেংলাক জাপানী সেনা
ইশ্বেৱৰাই ধৰি লৈ গৈ জাপানী সেনাৰ
বেৰেকত সুমুৱালেগৈ। ইশ্বেৱৰাই তাইৰ পেটত
সন্তানৰ বীজ দিলে। ঠিক সেই সময়তে মিত্ৰশক্তিৰ অগ্ৰসৰ
হোৱাত সি পলাবলৈ বাধ্য হৈছে।
এনে অৱস্থাত চাৰেংলা বেৰেকৰপৰা ওলাই আহিছে, নিজৰ সমাজৰ বাবে তাই আজি পতিতা। এডোখৰ আশ্ৰয় তাইৰ
বাবে হাহাকাৰ। কিন্তু মিত্ৰশক্তিৰ বগা চাহাবৰ সেনাৰ চকুৰ পৰাও জানো নগা
গাভৰুৰ সুকোমল দেহা সাৰি গৈছে? জাপানী সেনাই পেটত সন্তানৰ বীজ দি এৰি থৈ যোৱা থৈ
যোৱা নগা গাভৰুলৈ যেতিয়া মিত্ৰ শক্তিৰ বগা চাহাবৰ সেনাই লোলুপ দৃষ্টি দিছে, তেতিয়া মিছনেৰীৰ অনুগ্ৰহত উচ্চশিক্ষা লাভ কৰা খাটিং অসহায় হৈ পৰিছে।
গোষ্ঠীজীৱনৰ এই অসহায়তাই যেন আমাক বিংশ শতিকাৰ নব্বৈৰ দশকত আৰু সমগ্ৰ উত্তৰ-পূব ভাৰততে পৰিচিতি সত্তাৰ সন্ধানত বিয়পি পৰা আৰু বৰ্তমানেও মণিপুৰ গৰ্ভত তুমৰলি হৈ উঠা
সশস্ত্ৰ বিদ্ৰোহৰ ভয়ংকৰ দিনলিপিলৈ, ৰাছিয়া-ইউক্ৰেইনৰ
যুদ্ধবিধস্ত চোতালবোৰলৈ, গাজা ষ্ট্ৰীপত বাচি বাচি হত্যা
কৰা শিশুবোৰৰ গাৰ কঁপনি আৰু চকুপানীৰ
নিৰৱধি নিজৰাবোৰলৈ মনত পেলাই দিয়ে। তলৰ বিৱৰণীৰ এই উপলব্ধিৰ প্ৰকাশে আমাক বহু
কথাই সোঁৱৰাই যায়।
-----
‘মিছা!আমি
সহি থকাৰ বাহিৰে আন উপায় নাই, ৰিশ্বাং!আমি নগা মানুহ মুঠেই এমুঠি, তাতে সিহঁত বৰ শক্তিশালী।”
চাৰেংলাৰ হঠাতে মনত পৰিল
ডিডেশ্যেলীলৈ। ডিডেশ্যেলীয়ে হোৱা হ'লে
খাটিঙৰ দৰে কেতিয়াও ন'কলেহেঁতেন; সি ক'লেহেঁতেন, ‘অঁ, আমি এঘৰী যুঁজি চাওঁ আহ।' চাৰেংলাই
মনে মনে বৰ অসহায় অনুভৱ কৰিছিল। যুদ্ধ তিৰোতা মানুহৰ কিমান ডাঙৰ শত্ৰু, তাৰ কথা তাইতকৈ আৰু কোনেও বেছিকৈ নেজানে।সতীত্ব বিসৰ্জন দি তাই আজি
সঁচাকৈয়ে জীৱনৰ সকলো সুখৰপৰা বঞ্চিত হৈছে।
এই যুদ্ধ শেষ কৰিবৰ বাবে একো উপায় নাইনে? তাই
একো উপায় নাজানে। কিন্তু এই কথা কব পাৰে
যে, যুদ্ধ বন্ধ কৰিবৰ জোখাৰে
তাইৰ বা ৰিশ্বাংহঁতৰ শক্তি নাই।
----
তাৰ বহু দশকৰ পিছত যেতিয়া কাৰ্বিপৰ্বতৰ বাৰবছৰীয়া কিশোৰী, ভূমকা
গাৱঁৰ দহজনীকৈ নাৰী, অলেখ ভনীমাইৰ কাহিনী নতুন নতুনকৈ জন্ম হৈ থাকিল--তেতিয়া সেই কাহিনীবোৰে বাৰে বাৰে ‘ইয়াৰুইঙ্গম' পাতৰ
সেই কথাকেইষাৰকেই যেন কৈ গ'ল। ইয়াৰ পিছত জীয়াই থাকিবৰ বাবে চাৰেংলাৰ আন এক সংগ্ৰাম আৰম্ভ হ'ল। তাই মুখিয়াল বা খুলাকপা ঙাঠিংখুইৰ
ঘৰত আশ্ৰয় পাইছে ঠিকেই, কিন্তু ঙাঠিংখুইৰ লোলুপ দৃষ্টিৰপৰা জানো
সাৰি পাৰিছে? ঙাঠিংখুইৰ জীয়েক খুটিংলাই তাইক বাৰে বাৰে অপমাণ কৰে। খুটিংলাই
ভালপায় ৰিশ্বাঙক। সেইবাবেই যুদ্ধ আৰম্ভ
হোৱাৰ পূৰ্বৰ স্বাভাৱিক দিনবোৰত ৰিশ্বাঙলৈ
মন মেলা চাৰেংলাক তাই হিংসা কৰে। এয়া স্বাভাৱিক।পতিতাৰ জীৱনত এনে গৰিহণা প্ৰাপ্য বুলিয়েই চাৰেংলাই ধৰি লয়।কিন্তু
পিতৃসদৃশ ঙাঠিংখুইৰ পৰা পোৱা ব্যৱহাৰে চাৰেংলাক সেই ঘৰ ত্যাগ কৰিবলৈ বাধ্য কৰিছে।
তাইৰ জীৱন যেন শেষ নোহোৱা সংগ্ৰাম।
কব নোৱাৰাকৈয়ে ‘ইয়াৰুইঙ্গম'ৰ পঠনৰ সময়ত এটি তুলনা আপোনা-আপুনি মনলৈ আহি যায়-কাৰ প্ৰেম শ্ৰেষ্ঠ? চাৰেংলাৰ, নে খুটিংলাৰ।জীৱনৰ নিৰ্মম অভিজ্ঞতাৰ মাজেৰে চাৰেংলাৰ প্ৰেম কাহিনীয়ে অনন্য জেউতি লাভ কৰিছে। আৰু খুটিংলা? তাই
যেন এটি চঞ্চল পৰ্বতীয়া নিজৰা।সেইদৰেই যুদ্ধৰ
ভয়ংকৰ চিত্ৰণৰ মাজতো আঢ়ৈকুৰিৰ দেওনা
পাৰ হোৱা ইয়েংমাচ আৰু দুকুৰিৰ দেওনা পাৰ হোৱা তেওঁৰ ৰঙিয়াল পত্নীৰ এক
অপূৰ্ব প্ৰেমৰ কাহিনীৰ বৰ্ণণাই উপন্যাসখন সজীৱ কৰি তুলিছে।
‘মৃত্যুঞ্জয়' উপন্যাসলৈ
গোষ্ঠীজীৱনৰপৰা তুলি অনা নাৰী চৰত্ৰিটি
হৈছে-ডিমি। ডিমি কাৰ্বিগাভৰু ।
কছাৰীৰ সন্তান বাঘৰ আগ তেল খোৱা ধনপুৰৰ তাইত মন খাইছিল।কিন্তু ডিমিৰ মাকে কথা দি থৈছিল গাৰো
ডেকা ডিলিৰ বাবে। কালক্ৰমত তাই ডিলিৰ সতে
বিয়া হৈছে। উপন্যাসিকে ডিমিক এক অত্যন্ত
সাহসী নাৰীৰ ৰূপত দাঙি ধৰিছে।
‘মৃত্যুঞ্জয়' উপন্যাসৰ ভেটি হৈছে ভাৰতৰ স্বাধীনতা আন্দেলনৰ পটভূমিৰ এটি সশস্ত্ৰ
বিদ্ৰোহৰ কাহিনী,
এটা ৰেল বগৰোৱাৰ ঘটনা। এই ঘটনাত
অৱলীলাক্ৰমে ডিমি সাঙোৰ খাই পৰিছে। ডিলিৰ
সতে বিয়া হলেও ধনপুৰক তাই পাহৰা নাই, কিয়নো
সিয়েই এদিন তাইক বিয়া কৰাম বুলি কৈছিল। সেয়ে ধনপুৰলৈ বুলি তাইৰ আছে মৰমৰ এটি বৈ
থকা নিজৰা। কিন্তু এই প্ৰেম জাগতিক কামনা-বাসনাৰ
প্ৰেম নহয়। এই প্ৰেমে সংকীৰ্ণতাত বাস নকৰে। ডিমিয়ে নিজৰ অন্তৰক ফাঁকি দিয়া নাই। লাহে লাহে ডিমি সেই সংগ্ৰামৰ অংশ হৈ পৰিল। তাই ৰেল বগৰাবলৈ
কৌশলপূৰ্ণভাৱে দলটোক দুটা খাজা বন্দুকো যোগাৰ কৰি দিছে। গাৰো গাৱঁৰ আশে-পাশে বিচৰণ কৰি থকা এহাল ঢেঁকীয়াপতীয়া বাঘ ধনপুৰহঁতে হত্যা কৰি দিব বুলি কৈ কৌশলেৰে গাৰো গাৱঁৰ মুখিয়াল বা নোকমাৰপৰা বন্দুক দুটা
আনি সিহঁতক দিছেহি। ৰেল বগৰাবলৈ যোৱা দলটোক উভতি অহাৰ বাটত গাৰো
গাৱঁত আশ্ৰয় দিয়াৰো প্ৰতিশ্ৰুতি আদায় কৰিছে।
দলটোৱে ৰে'ল বগৰাবলৈ যোৱাৰ আগনিশাৰ ধনপুৰৰ সতে নিৰলে
কটাবলৈ পোৱা নিশাৰ ক্ষণিক সময়ৰ
কথোপকথনখিনিৰ মাজতেই ডিমি যেন অপূৰ্ব জেউতিৰে উজলি উঠিছে!আকাশত নাচি থকা
জোন। গাৰো গাৱঁত ৱাংগলা উচৱৰ নিশা। এই প্ৰেক্ষাতেই ধনপুৰে তাইক ব্যক্ত কৰিছে
মিলিটেৰীৰ হাতত ধৰ্ষিতা হোৱা সুভদ্ৰাক লৈ
তাৰ সপোনবোৰৰ কথা, ব্যক্ত কৰি গৈছে দেশে স্বৰাজ লাভ কৰা পিছত সুভদ্ৰাৰ হাতত ধৰি আগবঢ়াই নিয়া
তাৰ সপোনবোৰ- যদিহে ৰে'ল বগৰোৱাৰ ঘটনাৰ পিছত সি জীয়াই থাকে। কথাবোৰ
কৈ কৈ সি একেবাৰে সৰু ল'ৰা এটাৰ দৰে হৈ পৰিছে। সি ভাবিছে দেশ
স্বাধীন হোৱাৰ পিছত জাত-পাতবোৰ, ধৰ্মীয় গোড়ামিবোৰ নাথাকিব। কিন্তু
গোষ্ঠীজাীৱনৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট
ডিমিয়ে জানে, এইবোৰ থাকিব। কিয় থাকিব? “আছে দেখি থাকিব।” তাই ধনপুৰক কৈছে। দুয়ো সুভদ্ৰাক লৈ সপোনত মজি গৈছে।
সিহঁত দুটাৰ এটায়ো গম নাপায় যে, অপমানৰ
গ্লানিত ধৰ্ষিতা সুভদ্ৰাই ইতিমধ্যেই আপোনঘাতী হৈছে।
ঠিক এইখিনিতেই উপন্যাসিকৰ অন্তৰ্দৃষ্টিৰ এচমকা জেউতি আচম্বিতে দেখিবলৈ
পোৱা যায়।এখন বৰ্ণহিন্দু সমাজত মিলিটেৰীৰ
হাতত ধৰ্ষিতা হোৱাৰ গ্লানিত সুভদ্ৰা
আপোনঘাতী হৈছে, কিন্তু
জনগেষ্ঠীয় সমাজখনৰ চাৰেংলাই
হাজাৰ প্ৰত্যাহবোনৰ মাজতো জীৱনৰ গান গাই গৈছে।তাই মৰিব পৰা নাই। আচলতে
আপোনঘাতী হোৱাৰ ধাৰণাই গোষ্ঠীজীৱনত নাই (যদিওবা ইয়াৰুইঙ্গম'ত চাৰেংলা আৰু ফানিটফাঙৰ দুৰ্বল মুহূৰ্তত এনে উপলব্ধিৰ কথা কোৱা
হৈছে)। সেই জীৱন নিৰন্তৰ সংগ্ৰামৰ।
ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সৃষ্টি কৰা নাৰীবোৰ সমাজৰ পৰিসীমাত
বাস কৰা কিছুমান সাধাৰণ নাৰী। এই নাৰীবোৰৰ সিদ্ধান্ত গ্ৰহণ বা
সিদ্ধান্তনিৰ্ণয়ৰ (desission making)
ক্ষমতা নাই। কিন্তু এই পৰিসীমাতে বৰ্ণহিন্দুসমাজক
প্ৰতিনিধিত্ব কৰা সুভদ্ৰা আৰু গোষ্ঠীজীৱনক প্ৰতিনিধিত্ব কৰা চাৰেংলাৰ জীৱনগাথাৰ বৈপৰীত্যৰ
যিদৰে চিত্ৰণ কৰি থৈ গৈছে--সেই
কথাই গোষ্ঠীজীৱনৰ গভীৰলৈ দৃষ্টি দিয়াৰ লগতে দুয়োখন সমাজত বাস কৰা নাৰীসকলৰ লিংগভিত্তিক
দিশবোৰলৈ দৃষ্টি বেলিকা তেখেত
কিমান সচেষ্ট আছিল, তাকেই প্ৰমাণিত কৰিছে।
-------
- ৰত্না ভৰালী তালুকদাৰ
ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য জন্ম শতবাৰ্ষিকী স্মৰণিকাত প্ৰকাশিত
No comments:
Post a Comment