Thursday, 13 June 2024

 


বাসন্তী বজাৰৰ গল্পবোৰ 



সমকালীন অসমীয়া সাহিত্যৰ জগতখনলৈ চালে বহু সময়ত ভাৱ হয়, সাহিত্যই প্ৰকৃতাৰ্থত যেন appreciation হেৰুৱাইছে। সামাজিক মাধ্যমত এতিয়া গল্প বা কবিতা এটা পঢ়ি ভাল লাগিল বুলি কবলৈও বিপদ। ফে’ইক একাউণ্টৰপৰা অজান মৌলবাদীৰ ফটোৱা আহি পৰে। কবি, গল্পকাৰ অথবা উপন্যাসিকসকল-যিসকলৰ মুষ্টিমেয়েকইজনে গভীৰ সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ বাবেও যেন উপযুক্ত হাত এখনৰ অভাৱ। এষাৰ অন্তৰভৰা প্ৰেৰণাৰ অভাৱ।  যি কি নহওক, কমকৈ হ’লেও কিছু সংখ্যকে ব্যতিক্ৰমী উপস্থাপনাৰে সাহিত্যৰ আংগিক, কলা-কৌশলৰ বেলিকা নিৰৱচ্ছিন্নভাৱে একধৰণৰ গম্ভীৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ appreciate কৰাটো দোষৰ কথা নহয় বুলিয়েই ভাৱোঁ।

চৌপাশৰ সমাজৰ চলমান কাৰকবোৰৰ খুঁটি-নাটিলৈ তীক্ষ্ণতাৰে নজৰ দি গভীৰ পৰ্যবেক্ষণৰপৰা নিজা এক আকৰ্ষণীয় গল্পভাষা নিৰ্মাণ কৰিবলৈ বিচৰা এজন গল্পকাৰ হৈছে অজয় কুমাৰ ৰায়। তেখেতৰ দ্বিতীয়খন গল্পসংকলন ‘বাসন্তী বজাৰ’ৰ গল্পসমূহলৈ মন কৰিলেই চিৰিয়াছ গল্প কোৱাৰ  হাবিয়াস পুহি ৰখা গল্পকাৰজন অনায়াসে বিচাৰি পাব পাৰি।

কবলৈ গ’লে চৰিত্ৰবোৰ, কাহিনীটো আৰু বিশেষকৈ এক শৈল্পিক গল্পভাষা তেওঁৰ গল্পৰ অন্যতম আকৰ্ষণীয় দিশ। অতি কম গল্পতহে এনে  নিটোল, নিৰ্মেদ, ভাষাশিল্প দেখা পায়। আৰু এটা কথা- তেওঁৰ গল্পৰ প্ৰায়বোৰ চৰিত্ৰ voiceless, সেইবোৰে নিজৰ কথাবোৰ কবলৈ, বক্তব্য উপস্থাপন কৰিবলৈ একোটা কণ্ঠ বিচাৰে, এজন প্ৰতিনিধি বিচাৰে।  যিসকলে এই কামটো কৰিবলৈ যায়, তেওঁলোক কিমান পৰিমাণে দায়বদ্ধ হ’ব লাগে, সেই কথাও গল্পকাৰে নিজেই উপলব্ধি কৰে—কিয়নো তেওঁ মাথোন গল্পকাৰ নহয়, এজন representative-ও।  

বোধহয় সেইবাবেই অজয় কুমাৰ ৰায়ৰ বহু চৰিত্ৰ উঠি আহিছে অদৃশ্যতাৰপৰা। ‘হিতাধিকাৰী’ গল্পৰ মদনৰ দৰে চৰিত্ৰ সমাজত প্ৰায় অদৃশ্য। কিন্তু সেইবুলি এই মানুহবোৰ সংখ্যালঘূ নহয়, বৰঞ্চ সমাজত তেনে মানুহৰ সংখ্যাই বেছি। অথচ চকুৰ আগতে থাকিলেও এই মানুহবোৰে চেঁচুকত, বা এন্ধাৰত বিচৰণ কৰাৰ দৰে থাকে বাবে প্ৰায়েই এনে মানুহবোৰ দেখিবলৈ পোৱা নাযায়।  অজয় কুমাৰ ৰায়ে গল্পৰ মাজেৰে তেওঁ নিষ্ঠাৰে এই কামটো কৰিবলৈ প্ৰয়াস কৰিছে।

ইয়াৰ লগতে পাঠকৰ বাবে গল্পটোৰ বাবে প্ৰয়োজনীয় ভাষা আৰু আংগিক বিচাৰি পাবলৈও তেওঁ বিভিন্ন প্ৰয়াস কৰে। সেয়েহে ‘বাসন্তী বজাৰ’ গল্প সংকলনৰ গল্পবোৰত আমি কেইবাটাও গল্পভাষা বিচাৰি পাওঁ। ‘হিতাধিকাৰী’ৰ ভাষা ‘বাসন্তী বজাৰ’ৰ ভাষাতকৈ সুকীয়া। ‘হিতাধিকাৰী’ ‘বাসন্তী বজাৰ’ বা ‘যতীন দাসক আমি পাহৰি যোৱা উচিত’ৰ দৰে গল্পৰ ভাষা আৰু আংগিক চমৎকাৰ। বিশেষকৈ ‘হিতাধিকাৰী’ৰ  মাজেৰে তেওঁ পৰিহাস আৰু ব্যংগক গল্পলৈ আনিবলৈ যি ভাষা নিৰ্মাণ কৰি পেলাইছে—তাৰ পৰিপক্ব ৰূপটোৱে আমাৰ মন বহুপৰলৈ দোলাই থৈ যায়। এনে গল্প বৰ সহজে মন আৰু মগজুৰপৰা উলিয়াই দিব নোৱাৰি। প্ৰায়বোৰ গল্প তেওঁ সমাজ জীৱনলৈ ব্যৱস্থাই কঢ়িয়াই অনা বিভাজন, বিষণ্ণতা আৰু পৰিহাসৰ ভাষাৰে নিৰ্মাণ কৰিছে আৰু সফল হৈছে। এনে গল্পৰ পিচফালে থকা সুক্ষ্ম পৰ্যবেক্ষণ, দীঘলীয়া হ’মৱৰ্ক  আৰু  লেখকৰ দৰ্শনৰ ঐকান্তিকতাক পঠনৰ সময়ত উপলিব্ধ কৰিবলৈ কঠিন নহয়। এনে গল্পই কয় গল্প কবলৈ গল্পকাৰৰ দীঘলীয়া কালৰ বাবে থকা প্ৰস্তুতিৰ কথা।

অৱশ্যে, ‘বাসন্তী বজাৰ’ৰ সকলোবোৰ গল্পই সমানেই ৰসোত্তীৰ্ণ হৈছে বুলি কব নোৱাৰি। ‘পায় ভুতুনী পৰৰ খায়, নাপায় ভুতুনী নিজৰ খায়’, ‘গুৱাহাটীত গুৱেভৰা’, ‘দুটা ভূতৰ গল্প’ৰ দৰে গল্পবোৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু এটা কথা সঁচা যে কথন, আংগিক আৰু থীম্-ৰ গতানুগতিকতাক অতিক্ৰম কৰিবলৈ যিসকল গল্পকাৰে সম্পৰীক্ষা কৰিবলৈ ভাল পায়, তেওঁলোকৰ সকলো গল্প সমানেই পাগত উঠা নহবও পাৰে।কিন্তু তাৰ ভয়ত সম্পৰীক্ষা কৰিবলৈ ভয় কৰি গতানুগতিকতা বা একঘেয়ামিত ডুব যোৱাটোহে বেয়া কথা, তেতিয়া অৱসাদগ্ৰস্ততাই লেখকক আগুৰি ধৰিব আৰু লেখকজীৱনৰ আয়ুসকাল টুটি আহিব। সম্পৰীক্ষাবাদীসকলে নিজকে অতিক্ৰম কৰি নিৰলসভাৱে আগুৱাই  যায়। এইক্ষেত্ৰত আগুৱাই যোৱা বাটত গল্পকাৰৰ  গভীৰ অনুসন্ধিৎসা, চিৰিয়াছ পঠন আৰু বিচক্ষণতাই বিশেষভাৱে সহায় কৰিব বুলি বিশ্বাস হয়।

বহু সময়ত অজয় কুমাৰ ৰায়ৰ গল্পভাষা, সমাজ-বাস্তৱতাৰ নিৰীক্ষণৰ দক্ষতা আৰু প্ৰকাশভংগীৰ সাৱলীলতাই তেখেতৰ  মাজত এজন উপন্যাসিককো চকা-মকাকৈ আৱিস্কাৰ কৰাই থৈ যায়, যি আমাৰ দৰে পাঠকৰ  প্ৰত্যাশা বৃদ্ধি কৰে।  

অজয় কুমাৰ ৰায়ৰ দৰে চিৰিয়াছ গল্পকাৰৰপৰা আমি দীঘলীয়া সময়ৰ গল্পকথনৰ প্ৰস্তুতি আশা কৰিছোঁ, যিহেতু কল্পনাশ্ৰয়ী সাহিত্যতকৈ নিৰ্মম বাস্তৱৰ অভিজ্ঞতাৰে অহা সাহিত্যৰ আয়ুসকাল সদায় বেছি।  কিন্তু তাৰ বাবে  লাগিব নতুনত্ব আৰু নিজকে সময়োপযোগী কৰি আগুৱাই নিয়াৰ নিৰলস প্ৰচেষ্টাও।  

১৩-০৬-২০২৪

No comments:

Post a Comment