Sunday 4 February 2018

‘মূলসুঁতি’ৰ অসমীয়াৰ উদাসীনতাই জন্ম দিছে চৰৰ পৰিৱৰ্তিত সমাজ-ব্যৱস্থাৰ






 
অসমীয়া প্ৰতিদিন ০৫-০২-২০১৮)

 
অসমৰ  তথাকথিত মূলসুঁতি'ৰ  সমাজখনৰ  হৃদয়ত চৰ  এলেকাত  বাস  কৰা সংখ্যালঘূ  মছলমান  সম্প্ৰদায়ৰ লোকসকলে আজিও ইস্পিত স্থান লব পৰা নাই।  ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১৪ খন  জিলাৰ চৰ-চাপৰিবোৰৰ লগতে নৈৰ পাৰত বাস কৰি  অহা  এই পৰিশ্ৰমী লোকসকলৰ বিষয়ে আমি  মূলসুঁতি'ত বাস  কৰাসকলে ধাৰণা  কৰি  লওঁ যে,  তেওঁলোক  অৰ্থনৈতিকভাৱে অতি পিচপৰা  আৰু  যিহেতু বৃহত্তৰ অসমীয়া পৰিচিতিৰ বহুভাষিক জনগাঁথনিত তেওঁলোক নৱতম সংযোজনসেয়েহে  তেওঁলোকে  বাস  কৰিব  লাগিব মূলসুঁতি'ৰ  সমাজখনৰ দয়া'  আমি  তেওঁলোকৰ  আন  কিছুমান  দুৰ্বলতাকো তুচ্ছ–তাচ্ছিল্য কৰোঁ। তেওঁলোক ধৰ্মীয়ভাৱে সংখ্যালঘূ হোৱাটো এটি স্পৰ্শকাতৰ দিশ অসমৰ  আন জাতি- জনগোষ্ঠীৰ সৈতে সাংস্কৃতিকভাৱে এক  হ'পৰা নাই বুলি ধৰি লোৱাটো, আৰু দৰিদ্ৰতাৰ কবলত পৰি একালৰ পূৰ্ব-বংগ আৰু  পৰৱৰ্তী  সময়ৰ পূব পাকিস্তানৰপৰা প্ৰব্ৰজন কৰিসমীয়া মানুহে সততে বাস কৰিব নোৱাৰা প্ৰ্যতন্তচৰ আৰু নৈৰ পাৰত বাস কৰিবলগীয়া হোৱাটো তেওঁলোকৰ নিয়তি বুলি ভাবি লোৱাই আমাৰ সহজ অভ্যাস। চৰভূমিৰ ভংগুৰতাৰ সুযোগ লৈ প্ৰয়োজনীয় শিক্ষা, বাট-পথ আৰু স্বাস্থ্যসেৱাৰ দৰে ন্তঃগাথনি গঢ়ি তোলাৰ ক্ষেত্ৰত থকা অনীহাৰ বাবেই মানৱ ন্নয়ন সূচকবোৰত তেওঁলোকৰ স্থান তলত-- আৰু  এইবোৰো যেন তেওঁলোকক উপলুঙা  কৰিবলৈ  আমাৰ বাবে সুবিধাজনক আহিলা। 
 
এই উপলুঙা তথা মূলসুঁতি'ৰ সমাজখনৰ সৈতে থকা মানসিক বিচ্ছিন্নতাৰ মাজতেই আহিছে চৰৰ সমাজজীৱনলৈ আহিছে পৰিবৰ্তন।মূলসুঁতি'ৰ ভাববিলাসী অসমীয়াই যিবোৰ পৰিবৰ্তনৰ কথা চিন্তা কৰিবলৈ হয়তো এতিয়াও আহৰিয়েই  পোৱা নাই। এই কথা সঁচা যেতেওঁলোক বাস কৰে আমি থাকিব নোখোজা প্ৰত্যন্ত এলেকাতখেয়ালী  নদীৰ ভঙা-গঢ়াৰ খেলৰ মাজত গঢ়ি উঠা নিষ্ঠুৰ জীৱনৰ সৈতে। এটা  প্ৰজন্মৰপৰা আন এটালৈ তেওঁলোকে তেনেদৰেই বাস কৰি আহিছে। কেতিয়াবা কিছু পইচা গোটাই চৰৰপৰা তুলনামূলকভাৱে কিছু নিৰাপদ ঠাইঅৰ্থাৎ নদীৰ পাৰৰ  ঠাইলৈ উঠি  আহিছে যদিও  খহনীয়াৰ  কবলত পৰি  কেতিয়াবা  পুনৰ  চৰলৈকে  উভতি  গৈছে কিন্তু এই  কথাটো সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যেতেওঁলোক কঠোৰ পৰিশ্ৰমী। হাড়ভঙা পৰিশ্ৰমেৰে তেওঁলোকৰ  কেইবাটাও প্ৰজন্মই নগদ টকা উপাৰ্জনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আহিছে। চৰত তেওঁলোকে বছৰি কেইবাটাও খেতি কৰে মূলতঃ বজাৰত  বিক্ৰী কৰিবৰ  বাবেই।  কৃষিকৰ্মৰ দক্ষতাই তেওঁলোকক কৃষিৰ নতুনত্ব আৰু সম্পৰীক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাসী কৰি তুলিছে। চৰৰ নিৰাপত্তাহীন জীৱনৰ বাবে তেওঁলোকে হাতত পোৱা  সকলো কামেই কৰিবলৈ বাধ্য আৰু এই বাধ্যবাধকতাই তেঁওলোকক বিভিন্ন বৃত্তিত দক্ষতা আহৰণ কৰিবলৈ উদগণি যোগাইছে। এজন খেতিয়ক একেসময়তে এজন মিস্ত্ৰিও, অথবা দোকানীও। বছৰি হোৱা বান-খহনীয়াই তেঁওলোকক বিপৰ্যস্ত কৰে বাবে কামৰ সৰু - বৰ  হিচাপ নকৰা মানুহখিনিয়ে  পইচা হাতলৈ অহাৰ কোনো এটি সুযোগেই এৰি দিব নেখোজে। এই সকলোবোৰ প্ৰচেষ্টাৰ এটি সুফল  হৈছে যে, তেওঁলোকৰ হাতলৈ নগদ টকা আহিছে।
 
অৰ্থনৈতিক সূচলতাই চৰকিছু পৰিয়াল সৌৰশক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তুলিছে। কিছুমানে টেলিভিচন চেটো ক্ৰয়  কৰিছে। নতুনত্বৰ বাহক হৈ  আহিছে  স্মাৰ্টফোনৰ  জৰিয়তে ইণ্টাৰনেটৰ মাধ্যমেৰে চ'ছিয়েল মিডিয়াৰ  সৈতে নিবিড় সংযোগ - যাৰ  মাজেৰে  নিজৰ সমস্যাবোৰৰ লগতে সংবাদমাধ্যমত স্থান দখল কৰিবলৈ সক্ষম  নোহোৱা  দৰকাৰী বিষয়বোৰৰ ওপৰত  আলোকপাত কৰিবলৈ তেওঁলোকে নিজৰ মাজতে  নেটৱৰ্কিং  কৰিবলৈ সক্ষম হৈছে। খুছুৰা ব্যৱসায়বোৰ খৰতকীয়া কৰিবলৈ আহিছে বাইকৰ পয়োভৰ - বিশেষকৈ  যুৱ প্ৰজন্মৰ মাজত। গুণগতমানেৰে  বিকশিত কৰিবলৈ  বহুতো  অৱকাশ থকা বিদ্যালয়ত সপ্তমমানলৈকে সকলোবোৰ  লৰা-ছোৱালীয়ে পঢ়াৰ সুযোগ পায়কিয়নো প্ৰতিটো চৰত অন্ততঃ এখনকৈ উচ্চ-প্ৰাথমিক বিদ্যালয় আছে।  অৱস্থাপন্নসকলে সন্তানক জাতীয় বিদ্যালয়ৰ আৰ্হিত  গঢ় লৈ উঠা  বিদ্যালয়ত  পঢ়িবলৈ পঠিয়ায় ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই সুন্দৰকৈ বিহুনৃত্য পৰিবেশন  কৰিব  পাৰে।কবলৈ গ'লে, কঠোৰ পৰিশ্ৰমৰ  মাজেৰে পূৰ্বৰ তুলনাত কিছুপৰিমাণে  অহা আৰ্থিক  সূচলতা, সৌৰশক্তি আৰু তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰে এসময়ৰ নিশ্চল চৰৰ জীৱন এতিয়া চলমান আৰু মুখৰ কৰি  ৰাখে।  মূলসুঁতি'ৰ  সমাজখনে তেওঁলোকক  সম্প্ৰদায়' বুলি কলেও চৰবাসীসকলে এতিয়া নিজকে অসমৰ এটা জনগোষ্ঠী' বুলি  চিনাকি  দিবলৈ  ভালপায়

অৱশ্যে, বাল্যবিবাহৰ  প্ৰকোপ  এতিয়াও  এক  সমস্যাআৰু  স্বাস্থ্যসেৱাৰ  আন্তঃগাথনি  নথকাৰ বাবে  পৰিয়াল পৰিকল্পনাৰ  সুফল  সুদূৰপৰাহত। প্ৰায়বোৰ চৰতেই  সপ্তমমানৰ পিছত পঢ়াৰ অৱকাশ নাই, সেয়ে ছোৱালীবোৰ  সহজেই  বাল্যবিবাহৰ  বলি  হয়।  সামাজিক জীৱনত  নাৰীৰ স্থান অতি নিম্ন হোৱাৰ  বাবে আৰু  পৰিয়ালবোৰ ডাঙৰ হোৱাৰ  বাবে কঠোৰ পৰিশ্ৰমৰ মাজেৰে অহা অৰ্থনৈতিক  সুচলতাৰ  ইপ্সিত ফল লাভ  কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাই। সেইদৰে শিক্ষাৰ অভাৱৰ বাবে বিভিন্ন অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱৰপৰা তেওঁলোক ওলাই আহিব পৰা নাই। 

এই নেতিবাচক দিশবোৰ স্বীকাৰ কৰিও চৰৰ অৰ্থনৈতিক কাম-কাজৰ চঞ্চল ছবিখনৰ মাজেৰে তেওঁলোকৰ জীৱনলৈ অহা পৰিবৰ্তনবোৰ অস্বীকাৰ কৰিব নোৱাৰি। আঘোণৰ পথাৰত ধান দোৱাৰ পিছত ভোগালীৰ ভেলাঘৰৰ আমেজ সানি অসমৰ আন ঠাইৰ কৃষিভূমি এতিয়াও উদং হৈ পৰি আছে। ইয়াৰ বিপৰীতে চৰ এলেকাৰ কৃষিভূমিত বাদাম, মাকৈ, জলকীয়াকে ধৰি তৰহে তৰহে শাক-পাচলিৰ  খেতিৰে চৰবাসীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে। বাদাম খেতি কৰি  এবিঘা মাটিত ৪০০০ টকা বিনিয়োগ কৰি তেওঁলোকে দুমাহৰ ভিতৰতে ১৮,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।        
   
খহনীয়াৰ  প্ৰকোপ আৰু  নদীৰ  ভঙা-গঢ়াৰ খেলৰ মাজতেই চৰৰ জীৱনত এনেদৰেই  এতিয়া অৰ্থনৈতিক কাম- কাজৰ মাজেৰে অহা পৰিবৰ্তনবোৰে এক নতুন সমাজ-বাস্তৱতাৰ গঢ় দিছে জন্ম দিছে নতুন অনুভুতিৰ। এটা  সময়ত তেওঁলোকক লৈ কৰা তুচ্ছ-তাচ্ছিল্যবোৰক তেওঁলোকে  প্ৰাপ্য' বুলি মানি  লৈছিল  যদিও  অৰ্থনৈতিক সূচলতা আৰু বিভিন্ন  বৃত্তিত আহৰণ কৰা দক্ষতাৰ  মাজেৰে  অহা  আত্মবিশ্বাসৰ  এই  পৰিবৰ্তিত  প্ৰেক্ষাপটত   সেইবোৰ  এতিয়া  আবেগ- অনুভুতিৰ  প্ৰশ্ন  হৈ  উঠিছে। অসমৰ জাতীয় জীৱনৰ আওতাত একধৰণৰ  ঠেলা- হেঁচা, মান - অপমান আৰু মূলসুঁতি'ৰ সমাজৰ নস্যাৎকৰণৰ মাজেৰেই তেওঁলোকে  নিজৰ জনগোষ্ঠী'ৰ সাব্যস্তকৰণৰ  প্ৰক্ৰিয়াটো বহুদূৰ আগবঢ়াই নিছে। দূৰ্ভাগ্যৰ কথা যেভাবৰ বিলাসেৰে জাতীয় জীৱনৰ প্ৰসংগত  বিভিন্ন  প্ৰশ্নৰ  অৱতাৰণা  কৰি দপদপাই থকা  মূলসুঁতি'ৰ  সমাজখনে এই  নতুন সমাজ-বাস্তৱতাৰ লগতে তেওঁলোকৰ  আবেগ - অনুভুতিক শ্ৰদ্ধা  কৰিবলৈ এতিয়াও শিকা  নাই
 
অৱশ্যে  চৰবাসীসকলৰ ক্ষেত্ৰতেই নহয়আমি ইমানদিনে পাহাৰে- ভৈয়ামে  থকা  জাতি-জনগোষ্ঠীসমূহৰ আৱেগকেই  বা কিমান  শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ? শেহতীয়াকৈ ডিমা হাচাওৰ  প্ৰতিবাদী  জনসাধাৰণৰ ওপৰত  আৰক্ষীয়ে  চলোৱা  বৰ্বৰ নিৰ্যাতন  আৰু  দুজন নীৰিহৰ  মৃত্যুৰ সন্দৰ্ভত  সময়োপযোগী প্ৰতিক্ৰিয়া  প্ৰকাশ  কৰিবলৈ এচাম মূলসুঁতিৰ অসমীয়াই গ্ৰহণ কৰা আলস্য আৰু  হোঁহকা-পিছলাই  কেৱল বৌদ্ধিক মিথ্যাচাৰিতাকেই  প্ৰমাণ নহয় --  ভাৰতৰ  নাভিকেন্দ্ৰপৰা  আমদানি হোৱা হিন্দুত্ববাদৰ ৰাজনীতি -- যি  ৰাজনীতিয়ে মুছলমান, অন্ত্যজ আৰু  নাৰীক পদদলিত কৰি ৰখাৰ পোষকতা কৰেতাৰেই  শৰণাপন্ন হবলৈ এতিয়া যে একাংশ অসমীয়াৰ কোনো দ্বিধাগ্ৰস্ততা নাই তাকেই প্ৰমাণ কৰিছে।   

-----



















































































































No comments:

Post a Comment