‘দৈনিক অসম'ৰ সাংবাদিক মানবেন্দ্ৰ ভট্টাচাৰ্যক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য
হোৱা নাছিল। কবলৈ গ'লে আমাৰ মাজৰ
সম্পৰ্কটো শুভকামনাৰ মাজত থকা এটা সম্পৰ্কহে
আছিল। মোৰ প্ৰথমখন গল্প সংকলন ‘দুয়ে দুয়ে তিনি' উলিওৱাৰ একমাত্ৰ কাৰণটো আছিল যে, জীৱনৰ আৰম্ভণিতে লিখা
এই গল্পকেইটা তেতিয়াই সংকলন এখনত সুমুৱাই ন'থলে হয়তো
কেতিয়াও উলিওৱা ন'হলেহেঁতেন। গল্প লিখিম বুলি জীৱনত কেতিয়াও প্ৰস্তুতি নাছিল। সাংবাদিক হিচাপে থাকি যোৱা কিছু
অভিজ্ঞতাপৰা প্ৰতিবেদন লিখাৰ পিছত মনত দোলা দি যোৱা অনুভুতিবোৰে এদিন গল্পৰ ৰূপ লৈছিল। সহৃদয় পাঠকে এই লিখাবোৰ
আগবঢ়াই দিলে। এটা সময়ত
সঁচাকৈয়ে গল্প লিখাৰ নিচা এটা বহি গ'ল। যিদিনা গুৰুত্বসহকাৰে গল্প লিখিম
বুলি মনতে ভাবিলোঁ, সেইদিনাই ঠিৰাং
কৰিলোঁ-- প্ৰাৰম্ভিক পৰ্যায়ৰ গল্পকেইটাৰে
সংকলন এখন কৰি থোৱাই ভাল হ'ব। কিছুদিনৰ পিছতে ‘দৈনিক অসম'ত সংকলনটোৰ এটা কিছু দীঘলীয়া সমালোচনা ওলাইছিল - সমালোচনাটি লিখছিল মানবেন্দ্ৰ ভট্টাচাৰ্যই। কোনোবাই যে সেই
গল্পবোৰ গুৰুত্বসহকাৰে পঢ়িছিল, সেইটো মোৰ বাবে আছিল পৰম প্ৰাপ্তি।
সমালোচনাটিত প্ৰতিটো গল্পৰেই উল্লেখ আছিল, আৰু গল্পৰ দুৰ্বলতাতকৈ আগুৱাই যোৱাৰ বাটত লবলগীয়া সাৱধানতাৰ
নিৰ্দেশনাৰ বিষয়ে কিছু
কথা আছিল। ব্যক্তিগতভাৱে তেখেতৰ সৈতে কোনোদিনেই চিনাকি নাছিল--সেয়ে যিমান
গুৰুত্ব লৈ সমালোচনাটি
লিখিছিল, তাৰ ভিত্তিত মানুহজনক
প্ৰবীণ বুলি ধৰি লৈছিলোঁ। দৈনিক
অসমৰ কাৰ্যালয়লৈ ফোন এটাও কৰিছিলোঁ
কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ, কিন্তু নিজৰ গল্পৰ মান
সম্পৰ্কে ইমানেই সংকুচিত আছিলোঁ যে, কবলৈ ভাবি থকা শব্দকেইটা মুখৰপৰা ওলাই নাহিলেই। ভাবিছিলোঁ এদিন
ভালকৈ গল্প লিখিব জনা হ'লে মুখা- মুখিকৈ সাক্ষাৎ হৈ
তেখেতক সেই প্ৰেৰণাৰ বাবে কৃতজ্ঞতা জনাম। সেই সুবিধা
নিদিয়াকৈয়ে তেখেতে আমাক এৰি থৈ গুচি
গ'ল।
প্ৰায় সমবয়সীয়া মানবেন্দ্ৰ
ভট্টাচাৰ্যৰ আকস্মিক বিয়োগৰ পিছত বিভিন্নজনৰ মুখৰপৰা গম পালোঁ যে, তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলগীয়া বহুতকেই তেখেতে সেই সুযোগ
নিদিলে। একেবাৰে নিৰলে থাকি বিভিন্নজনক
কৃতজ্ঞ কৰি তেওঁ গুচি গৈছে।
বহুতেই মানবেন্দ্ৰ ভট্টাচাযৰ্ৰ
নাম শুনিছিল, মানুহজনৰপৰা
আকস্মিকভাৱেই সহায় আৰু প্ৰেৰণা পাইছিল। কিন্তু
এইজনেই যে সেইজন ব্যক্তি,
সেই কথা গমেই পোৱা নাছিল। সঁচাকৈয়ে অন্তৰত সকলোৰে হিতৰ বাবে শুভবাৰ্তা কঢ়িয়াই ফুৰা মানুহজন শুভকামনাৰ
দ্যুতি এটা হৈয়েই গুচি গৈছে।
তেওঁ নিজেও গল্প লিখিছিল, নাটক কৰিছিল।
গল্পবোৰৰ সৈতে আমাৰ পৰিচিতি আছে।
জীৱনৰ সৰু সৰু
প্ৰেক্ষাৰ নিটোল, মেদহীন গল্প,
য'ত আছে
সুস্থ জীৱনৰ আবেদন। যোৱা ১৮
জানুৱাৰী তাৰিখে ‘খোজ' আলোচনীত ওলোৱা ‘অচিনা জৰী' নামৰ গল্পটি
সন্দৰ্ভত ফে'চবুকত ‘আপডেট' দিছিল --
এই গল্পটিতো আছে মানৱীয় প্ৰমূল্যবোধক উৰ্ধত তুলি
ধৰি ৰখাৰ এখন চুটি, কিন্তু নিটোল ছবি। শেহতীয়াকৈ ‘কোমলতাৰ গদ্য' নামৰ তেখেতৰ গল্প
সংকলন এটিও ওলাইছে। এজন সৎ
সাংবাদিক জীৱনৰ জুখি-মাখি চলা
হিচাপ- নিকাচৰ মাজতে সুন্দৰকৈ জীৱনটো সজাই নিছিল কংক্ৰিটৰ
মহানগৰী গুৱাহাটীৰ বুকুত
এখনি ঘৰ সাজি,
সৰু পৰিয়ালটিৰে। বদ্ধাৱস্থাত ৰোগত আক্ৰান্ত
মাতৃক নিজৰ ঘৰলৈ আনি
শুশ্ৰূষা কৰা মানুহজনে মাতৃৰ বেদনা দেখি কিদৰে কষ্ট পাইছিল,
সেই বিৱৰণী ফে'চবুকত হৃদয়স্পৰ্শী ভাষাৰে সদৰি কৰিছিল। তেখেতে অভিনয় কৰা নাটকো চোৱা ন'হল। আচলতে সাংবাদিকসকলৰ জীৱন তেনেকুৱাই। আমি
ইজনে- সিজনৰ প্ৰায় কাষে কাষেই
থাকোঁ, কিন্তু প্ৰত্যেকৰে
ব্যস্ততাৰ বাবে ইজনে- সিজনক জানিবলৈ কিমাননো সুযোগ পাওঁ। তথাপিও আমাৰ মাজত থাকে শুভকামনা-- বৃত্তিগত আৰু আন
কামৰ হেঁচাৰ মাজতে কৰি যোৱা ভাল কামবোৰৰ বাবে শুভ ইচ্ছা । সকলোৱেই আশা কৰোঁ প্ৰতিজনৰে অন্তৰত থকা সৃজনীশীলতাৰ নদীখনৰ ফল্গুধাৰা নিৰৱধি বৈ থাকক, সমাজৰ ভাল কামবোৰে
সাৰ-পানী পাই থাকক। ইমানেই। তাতকৈ বৰ বেছি
আগবাঢ়িব পৰা নাযায়।
মানবেন্দ্ৰ ভট্টাচাৰ্যৰ
মৃত্যুৰ কথা শুনাৰ লগে লগেই হতচকিত
হৈ পৰিছিলোঁ-- কিবা এষাৰ লিখি বলৈ তাগিদা এটি অনুভৱ কৰিছিলোঁ --কিন্তু লিখিবলৈ বহি উপলব্ধি কৰিছোঁ
কিমাননো জানিলোঁ মানুহজনৰ বিষয়ে যে, কিবা এটা লিখিম। সকলোৰে বাবে
তেওঁ নিজৰ অন্তৰত কঢ়িয়াই ফুৰা শুভকামনাবোৰেই তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ইয়াৰ বাহিৰে আন
কিয়েইবা কৰিব পাৰোঁ।
No comments:
Post a Comment