শব্দ লিখকৰ শ্ৰেষ্ঠতম উত্তাপ। মাথো এই উত্তাপৰ অগণিতেই দগ্ধ হ’ব খোজে তেঁও। শব্দৰ উত্তাপে আনি দিয়া যন্ত্ৰণাকাতৰ মুহূৰ্তবোৰেই লিখকৰ যাত্ৰাপথৰ সৰ্বোত্তম সময়।
সময় যেতিয়া ৰোগগ্ৰস্ত, তেতিয়া লিখকে জীৱনৰ মুকুতা বুটলি অনাৰ বাটত খাপ পিটি ৰৈ থাকে জৰা। সময় যেতিয়া ৰোগগ্ৰস্ত, তেতিয়া চমকৰ টুলুঙা প্ৰচাৰত সমাজ ডুব যায় । ফচহু ৰং সানি অনাহক উচৱৰ প্ৰহেলিকাত জাতিয়ে ঢালি দিয়ে গা । সময় যেতিয়া ৰোগগ্ৰস্ত, মংগলকামী জনতাক বাটৰপৰা একাষৰীয়া কৰি ঠেলি দিয়া হয় সংগোপনে এন্ধাৰলৈ। সজোৱা হয় বাট ৰজাৰ প্ৰশস্তিৰে । তোষামোদৰ পতাকা বতাহত দোঁ খাই আহে। সময় যেতিয়া ৰোগগ্ৰস্ত - জীৱন আৰু সত্যৰ গভীৰতম অন্বেষণৰ যাত্ৰা এন্ধাৰৰ বুকুত তল পৰি, মুক হৈ ৰয় কণ্ঠ। সাহিত্যৰ বাটত পোহৰ বিচাৰি হাবাথুৰি খায় লিখকে।
তথাপিও জীয়াই থাকে লিখক - সময়ৰ কঠিনতাক নেওচি তেঁও বুকুত লালন কৰে উম সনা শব্দৰ উত্তাপ। মানুহৰ কল্যাণ আৰু উত্তৰণৰ গভীৰ আশা বুকুত লৈ থাপনা কৰে বিশ্বাস । ৰজা যোৱাৰ বাট সুগম কৰিবলৈ মংগলকামী যি জনতাক আঁৰ কাপোৰৰ পিছলৈ ঠেলি দিয়া হয় - শুনিবলৈ নোপোৱা কৰি অনা হয় হৃদয় উজ্জীৱিত সঞ্জীৱনীৰ মাত – জীয়াই থকাৰ হাহাকাৰৰ ওপৰেৰে শুনা মূৰ্খৰ আনন্দৰ আয়োজনত যেতিয়া দেও পাৰি উঠে ৰাতিয়ে – তেনে নিৰাশাৰ বুকুলৈ পাৰি দিয়া মংগলকামী জনতাৰ ক্ৰমশঃ ৰুদ্ধ হৈ অহা মাতটিক তেঁও লালন কৰে। লালন কৰে শব্দৰ উত্তাপেৰে। আস্থাৰে। শীতসুপ্তিৰ কঠিন সময় অলৰ-অচৰ হৈ পাৰ কৰিবলগীয়া সৰীসৃপবোৰৰ দৰে তেঁওলোকৰ সতে তেঁও জীয়াই থাকে। নিৰলে। পাৰ হ’ব নোখোজা অলস, শ্লথ সময়বোৰত লিখকে নিজকে প্ৰশ্ন কৰে অহৰহ - কাৰ বাবে শব্দ - কাৰ বাবে সাহিত্য - কাৰ বাবে জীৱন।
অৱশেষত এই প্ৰশ্ন হৈ পৰে তেঁওৰ শীতসুপ্তিৰ অক্সিজেন । বাটৰ কুঁৱলী আঁতৰি যায় । আৰু এখন দীঘলীয়া ইতিহাস তেঁওৰ সমুখত উন্মোচিত হয়। মানুহৰ ইতিহাস। তেঁও দেখা পায় অলেখ জোন উঠি অহাৰ আৰু অলেখ জোন মৰি যোৱাৰ এই ইতিহাস মাথো ৰজাকেই ভঙা আৰু পতাৰ খেল নহয়। মাথো ৰজাৰ বাবেই পাৰি দিয়া নহয় বাটৰ দলিচা। ক্ৰমে তেঁও যাত্ৰা কৰে সেই ইতিহাসৰ বুকুৰে। বুটলি লয় জোনাকে - এন্ধাৰে এলাগী বাটত পৰি থকা অলেখ নিলিখা শব্দ মৰকত মণিৰ দৰে। যি শব্দত সাৰে থাকে জীৱন, থাকে প্ৰত্যয়। তেঁও অনুভৱ কৰে এক গভীৰ দায়িত্ববোধ মানুহৰ বাবে ।
সময় যেতিয়া দুঃসময় – তেঁও জানে - এই দুঃসময় তেঁওৰ বাবে শ্ৰেষ্ঠতম সময়। কিয়নো ইয়াৰপৰাই আৰম্ভ হ’ব নতুনৰ সুচনা।
No comments:
Post a Comment