আমাৰ মুখৰ বিৱৰণীত লাহে লাহে অদৃশ্য হৈ পৰাৰ পিছত
এই কোৱাৰেনটিন্-ত সকলো হেৰুৱাই
তেওঁলোক যেতিয়া মোৰ দেশৰ মানচিত্ৰৰ
ইমূৰৰপৰা সিমূৰ জুৰি গাওঁমুখী হৈছে
তেওঁলোকৰ ঘাম আৰু ভৰিৰ গোৰোহাৰে নামি অহা
তেজৰ চেঁকুৰাৰে মোৰ দেশৰ হাইৱে’ত
স্বাধীনতাই নিজৰ সাজ সলাইছে
পঞ্চল্লিছ ডিগ্ৰী উত্তাপৰ ৰ’দৰ কিৰীটি পিন্ধি
যেতিয়া
তেওঁলোকে খোজকাঢ়িছে, তেওঁলোকে বোকোচাত
কঢ়িয়াই অনা মৃত সন্তানক লৈ ৰাতিৰ
ওলমি পৰা তৰা আৰু জোনৰ নিচুকণিৰে
এপলক কলমটিয়াইছে
গাঁৱলৈ যোৱা ৰেলখন বিচাৰি ৰেলৰ লাইনেৰে খোজ লৈ
ভাগৰি পৰোঁতে ৰেলখন তেওঁলোকৰ শৰীৰেৰে
পাৰ হৈ গুচি গৈছে, তেওঁলোকে টোপোলাত
বান্ধি অনা পুৰণা ৰুটিৰ ঘূৰণীয়া টুকুৰাবোৰে
ৰেলৰ লাইনৰ চউপাশে পৃথিৱীক
উৰ্বৰ কৰিছে
মোৰ দেশৰ বত্ৰিশ লাখ সাতাশী হাজাৰ বৰ্গকিলোমিটাৰৰ
দীঘ আৰু বাণিৰে গাঁৱলৈ বাট বুলাৰ পৰত
মৰু-পৰ্বত-নদী-গছ-চৰাই আৰু পখিলাবোৰে
তেওঁলোকৰ ফাটি যোৱা জোতা আৰু ছিঙি যোৱা
চেণ্ডেলৰ তলেৰে ভৰিৰ তলুৱাত খোদাই কৰি দিছে
মোৰ দেশৰ অনুপম মানচিত্ৰ
তেওঁলোকৰ উচুপণিবোৰ ডাৱৰ হওতে মেঘৰ সৰি পৰা
পানীবোৰে খোজকঢ়াৰ বাটৰ প্ৰসূতি মাতৃৰ
জৰায়ুখন পখালি দিছে, সামান্য কেঁকাই তেওঁ
নৱজাতকক কোলাত তুলি লৈছে
আৰু ভৰিৰ তলুৱাত খোদাই কৰি লোৱা
মোৰ দেশৰ অনুপম মানচিত্ৰখনেৰে
মাতৃয়ে হাইৱে’ত ঠিয় দঙা দিছে
হাজাৰ মাইলৰ বাট খোজকঢ়াৰ পথত তেওঁলোকে
কোৱাৰেনটিন্-ৰ জপনা সৰকি পুলিচৰ কোব খাই
অনাহাৰ আৰু অনিদ্ৰাৰে মোৰ দেশৰ প্ৰতিজন মানুহৰ
শৰীৰ ভে্দি গুচি গৈছে--যোৱাৰ বাটত
মোৰ দেশৰ প্ৰতিজন মানুহৰ বস্ত্ৰ খহাই
তেওঁলোকৰ শৰীৰত এই অদ্ভূত খোজকঢ়াৰ
বিৱৰণীবোৰ খোদাই কৰি গৈছে
প্ৰতিজন মানুহৰ চকুত তেওঁলোকে মেলি ধৰিছে
তেওঁলোকৰ ভৰিৰ তলুৱাত মোৰ দেশৰ
মৰু-পৰ্বত-নদী-গছ-পখী আৰু পখিলাবোৰে
খোদাই কৰি দিয়া
মোৰ দেশৰ অনুপম মানচিত্ৰ
তিয়াই গৈছে মোৰ দেশৰ মানুহৰ শৰীৰ—
কোৱাৰেনটিন্-ত সকলো হেৰুৱাই
মোৰ দেশৰ দীঘ আৰু বাণিবোৰত খোজকঢ়া
প্ৰসূতি মাতৃৰ জৰায়ুখন পখালি নিয়া
মেঘৰ সৰি পৰা পানীবোৰেৰে
তাৰ পিছৰেপৰা মোৰ দেশৰ মানুহে
শৰীৰত ধাৰণ কৰা নাই নিজৰ শৰীৰ
--ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment