Monday 11 May 2020

মাৰ সোঁৱৰণ





আজি ১১ মে।২০০৩ চনত  শাহু নিৰূপমা তালুকদাৰে এই দিনটোতেই আমাক এৰি গুচি গৈছিল। অৱশ্যে শাহু বুলি লিখাতকৈ ‘মা’ বুলি লিখিবলৈহে মোৰ  ভাল লাগিব।

তেখেত আছিল গুৱাহাটীৰ এটি ভৰলুমুখৰ এটি নামজ্বলা পৰিয়ালৰ জীয়ৰী। দেউতাক  গিৰীশ চৌধুৰী অসমৰ প্ৰথমজন ফৰেষ্ট ইউটিলাইজেশ্যন অফিচাৰ আছিল। সেই সূত্ৰে সমগ্ৰ অসমখন ঘূৰি-পকি ফুৰিছিল।গতিকেই অসমৰ বিভিন্ন ঠাইত মায়ে শিক্ষাগ্ৰহণৰ সুযোগ পাইছিল। মাতৃ প্মাৰিয়ম্ৰবদা চৌধুৰী।  বৰদেউতাক আছিল গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ মন্ত্ৰী ৰোহিণী চৌধুৰী। ১৯৩১ চনৰ আমাৰ মাৰ জন্ম হয়। তেখেতে কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল। এই বিদ্যালয়খন স্থাপনৰ বাবে তেওঁলোকে বোলে নিজে ছাত্নাৰী সংঘ গঠন কৰি ‘ৰজা হৰিচন্দ্ৰ’ নাটক কৰি বৰঙণি উঠাইছিল। খ্যাতনামা শিল্পী সুদক্ষিণা শৰ্মায়ো সেই নাটকত অভিনয় কৰিছিল।

অসমৰ প্ৰতিষ্ঠাতা কমিউনিষ্টসকলৰ অন্যতম নন্দেশ্বৰ তালুকদাৰলৈ বিয়া নোহোৱা হ’লে মাৰ জীৱন শৈলী হয়তো বেলেগ হ’লহেঁতেন।নন্দেশ্বৰ তালুকদাৰ আছিল বজালীৰ নিত্যানন্দৰ জমিদাৰ ঘলশ্যাম তালুকদাৰৰ সন্তান । গুৱাহাটীত থকা খুৰাকে জাপানত কৃষি বিজ্ঞান পঢ়াবলৈ পঠিওৱাৰ মানসেৰে তেখেতৰ গুৱাহাটীত আনি পঢ়ুৱাইছিল। কিন্তু স্বাধীনতা আন্দোলনৰ ভৰপকে তেখেতৰ জীৱনৰ দিশ সলনি কৰি পেলালে। কটন কলেজত পঢ়ি থাকোঁতেই ছাত্ৰ আন্দোলনত যোগ দি তেখেত জেলত সোমায় আৰু কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহি অসমত  কমিউনিষ্ট দলৰ গঠনৰ কামত গভীৰভাৱে মনোনিবেশ কৰে। আনহাতে মাৰ পৰিয়ালত আছিল সম্ভ্ৰান্ত কংগ্ৰেছৰ তেজ।বিয়াৰ পিছত মা দেউতাৰ আদৰ্শত বিলীন হৈ গ’ল।

১৯৮৯ চনত কটন কলেজত পঢ়ি থকাৰ সময়তে মই ভাৰতৰ ছাত্ৰ ফেডাৰচনৰ সদস্য হওঁ। ইয়াৰ আগলৈকে মই জাতীয়তাবাদী ভাৱধাৰাত বিশ্বাসী আছিলোঁ। কি কাৰণে ভাৰতৰ ছাত্ৰ ফেডাৰচনৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, সেই কথা বিভিন্ন প্ৰসংগত কোৱা হৈছে। সেই সময়ত পাণবজাৰৰ ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ কাৰ্যালয়লৈ প্ৰতিদিনেই যোৱা হয় । নিৰুপমা তালুকদাৰক তেতিয়াই দেখিছিলোঁ। কমৰেড নন্দেশ্বৰ তালুকদাৰৰ পত্নীগৰাকীক দেখিলেই আমি ভয়তে ত্ৰস্তমান হৈছিলোঁ। তেখেতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু মহিলা সমিতিৰ কাম-কাজত অধিক সক্ৰিয় হৈ পৰিছে। ভয় লগাৰ কাৰণটো আছিল তেখেতৰ ব্যক্তিত্ব। উজ্জল নীলা বা সেউজীয়া ৰঙৰ পাটৰ মেখেলা আৰু  কটনৰ চাদৰ পিন্ধি, কপালত ৰঙা ফোঁটটোৰে উজ্জল কিন্তু অতি স্পষ্টবাদী, কালৈকো কেৰেপ নকৰা মানুহগৰাকীৰ সময়ানুবৰ্তিতাৰ লগতে জুখি-মাখি কথা কোৱাৰ স্বভাৱটোৱে সকলোকে ত্ৰস্তমান কৰি ৰাখিছিল। বিনা কাৰণত আমি কাৰ্যালয়ত বহি আড্ডা দিয়াটো সহ্য কৰা নাছিল। হাইস্কুলৰ সামান্য চাকৰিটোৰেই তেখেতে কিদৰে তিনিওটা ল’ৰাক পঢ়াই-শুনাই জাকত-জিলিকা কৰাৰ উপৰিও সৰুটো পুতেকক দিল্লীত পঢ়ুৱাই আছে –সেই বিষয়ে আমি নানা কাহিনী শুনিবলৈ পাইছিলো। ল’ৰাকেইটাই নিজৰ পঢ়াৰ সমানে সমানে আনকো টিউশ্যন কৰি পইচা আনি মাকৰ হাতত তুলি দিয়েহি, কিয়নো সেই সময়ত শিক্ষকৰ দৰমহা কেইবামাহ পৰ্যন্তু বন্ধ হৈ থকাটো এটা সাধাৰণ কথা আছিল—এই কাহিনীবোৰ আমাৰ মাজত প্ৰচলিত আছিল। তেখেতৰ মাতটোও ডাঙৰ আছিল। মিটিংবোৰত প্ৰায়ে সভানেত্ৰীৰ আসন শুৱনি কৰিছিল। তেখেতক সকলোৱে ‘খুৰী’ বুলি মাতিছিল।

যি নহওক, সেইগৰাকী মানুহৰ সৰু পুতেক সুশান্তক ভাল পালোঁ। সেই সময়ত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বেনাৰত কলেজত নিৰ্বাচন খেলি বিপুল ভোটত জয়ী হৈ মই ‘কটনিয়ান’ৰ সম্পাদনাৰ দায়িত্বত আৰু দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ মনে মনে ঠিৰাং কৰি পেলাইছোঁ। ইউনিয়ৰ উপ-সভাপতিৰ পদত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা সুশান্তয়ো মোক উৎসাহ যোগাইছিল। তাৰপিছত ঘটনাক্ৰমৰ পট এনেকৈ পৰিবৰ্তন হবলৈ ধৰিলে যে, স্নাতক তৃতীয় বৰ্ষৰ দ্বিতীয়খন কাকত দিয়েই আমি আদালতত বিয়াৰ বাবে আবেদন কৰিব লগা হ’ল। ভয়ংকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহগৰাকীয়ে ঘৰলৈ আহিলে ভাত-পানী খুৱায়, কিন্তু একোতে আসৈ নিদিয়ে। তথাপিও মোক সমৰ্থন দিবলৈ আৰু মা-দেউতাক বুজাবলৈ ভৰ বাৰিষা মেচিন নাও পাৰ হৈ, চাপৰি পাৰ হবলৈ হাত নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলী পৰ্যন্ত গৈ ওলালগৈ। তাৰপিছত বিয়া হৈ একেবাৰে ৰিহাবাৰীৰ ঘৰ। বিয়াৰ পিছত পৰীক্ষাৰ ফলাফল ওলাল –ফাৰ্ষ্ট ক্লাচ আৰু ডিষ্টিংশ্যন। মায়ে মোক এখন কমলা ৰঙৰ মণিপুৰী শ্বল উপহাৰ দিলে।

লাহে লাহে মাক বুজিবলৈ আৰম্ভ কৰিলোঁ। এই কাম বৰ সহজ নাছিল। সেই সময়ৰ কমিউনিষ্টৰ জীৱন বৰ সহজ নাছিল। কিমান দিনলৈকে ঘৰত নাথাকে তাৰ কোনো নিশ্চয়তা নাই। আত্মগোপনৰ কালত এদিন বোলে খৰিভাৰীৰ বেশেৰে ঘৰৰ আগেৰে পাৰ হৈ গৈছিল। বিয়াৰ আগতে মাৰ আছিল আপাতত এক বিলাসী জীৱন। কিন্তু বিয়াৰ পিছৰ দিনবোৰ পাৰ হ’ল ভয়ংকৰ আৰ্থিক সংকটৰ মাজেৰে। অতি সামান্য দৰমহা, আৰু দৰমহাৰো অনিশ্চয়তা। বিভিন্ন সময়ত জেল খটা, আত্মগোপন কৰা, সাংগঠনিক কামত আঁতৰি থকা আদি কমিউনিষ্টসকলৰ নিয়মীয়া ৰুটিন আছিল। দেউতাই জৰুৰীকালীন অৱস্থাৰ ২০ মাহকে ধৰি জীৱনৰ ৬ বছৰ ৮ মাহ ৰাজনৈতিক কাৰাবন্দীত্ব খাটিছিল। মাজু দাদা(সুশোভন তালুকদাৰ)দহ মাহলৈকে দেউতাই দেখাই পোৱা নাছিল, কাৰাবাসত থাকিবলগীয়া হোৱাৰ বাবেই। ঘৰ চলোৱাৰ দায়িত্ব সম্পূৰ্ণ মাৰ ওপৰত। সন্তান ডাঙৰ কৰা, পঢ়া-শুনাৰ তদাৰক কৰা, অসুখ-বিসুখ হ’লে হস্পিতাললৈ নিয়া, নিজৰ চাকৰি ৰক্ষা কৰা--মায়ে ধৈৰ্য ধৰি সকলো কাম নিজৰ হাতেৰে কৰিছিল। লাহে লাহে এচপৰা এচপৰাকৈ ইটা গোটাই নিজৰ ঘৰখনো বান্ধিছিল। অসমৰ প্ৰায় প্ৰতিজন কমৰেডৰ নিজা ঘৰৰ দৰে আছিল আমাৰ ঘৰখন। মোৰো এইটো সৌভাগ্য যে, বিয়াৰ পিছত আমাৰ ঘৰলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ এই কমৰেডসকলক মই নিজৰ হাতেৰে চাহ একাপ হলেও খুৱাইছিলোঁ। বিশেষকৈ মহিলা সমিতিৰ সদস্যসকলে গুৱাহাটীত মিটিং কৰিবলৈ আহিলে ৰাতিৰ বাচত আহি আমাৰ ঘৰত উঠে আৰু গা-পা ধুই ভাত-পানী খাই মিটিঙলৈ যায়। মায়ে দেউতাৰ সকলো সুখ-দুখ নিজৰ বুলি গ্ৰহণ কৰিলে। অসম আন্দোলনৰ সময়ত এঘৰীয়া হৈ থাকিল। আন্দোলনকাৰীয়ে ৰাস্তাৰপৰা দলিওৱা শিলগুটিৰপৰা ৰক্ষা পাবলৈ ঘৰৰ খিৰিকীবোৰ আলমাৰিৰে ঢাকি ল’লে।  কোনেও মাত-বোল নকৰাৰ সময়বোৰত স্কুলৰ জিৰণি কোঠাত অকলে অকলে কৰ্তব্য পালন কৰিলে। মায়ে এইবোৰ সহ্য কৰিলে।দিনে-ৰাতিয়ে আন্দোলনকাৰীয়ে ঘৰখন ‘ঘেৰাও’ কৰিলে, তেওঁলোকৰ টিটকাৰীবোৰো হজম কৰিলে। কিন্তু মাই সততাৰ বাট এৰি নিদিলে। আন্দোলনকাৰীৰ নিৰ্দেশ মানি আন শিক্ষকসকলে মাৰ সতে কথা পাতিব পৰা নাছিল, কিন্তু মাৰ নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা আৰু আদৰ্শনিষ্ঠাক তেওঁলোকে মনে-প্ৰাণে শ্ৰদ্ধা কৰিছিল। সংগঠনৰ কাম-কাজতো মা আছিল পৰি-পাটি। গুৱাহাটীৰ পাহাৰে-ভৈয়ামে ঘূৰি ঘুৰি কোলাত  কেঁচুৱা লৈও বোলে মহিলা সমিতিৰ সদস্যসকলে সংগঠনৰ কাম কৰিছিল। ১৯৮৯ চনত অৱসৰ লোৱা মানুহগৰাকীয়ে নিয়মিতভাৱে পেঞ্চনটো পাবলৈ ২০০০ চনলৈকে অপেক্ষা কৰিলে, কিন্তু বিভিন্ন কাৰ্যালয়ত পাৰ্টিৰ মানুহবোৰ থকাৰ লগতে কেইবাগৰাকীও বিধায়কো থকা স্বত্বেও কাকো এবাৰ নকলে কামখিনি কৰি দিবলৈ। হাজাৰ কষ্টৰ মাজতো খমখমীয়া কাপোৰসাজেৰে মা সকলোৰে মাজত জোনৰ দৰে উজলি থাকিল। মিটিংবোৰত সময়তকৈ ১৫ মিনিটমানৰ আগেয়েই পায়গৈ, কি কব লাগিব ঘৰত লিখি লৈ এবাৰ যুকিয়াই লয় আৰু সদায়েই আনক কয়গৈ — সময়মতে কিয় অহা নাই বুলি।

তিনিপুত্ৰৰ প্ৰতি মা আছিল এখন সাগৰ। ল’ৰাক ইমান মৰম কৰিব পৰা মাতৃ মই খুব কমেইহে দেখিছোঁ। তেওঁ  বোলে সৰুতে তিনিওকে কৈছিল—‘এটা বাদাম পালেও তিনিওটাই সমানে ভগাই  খাবি।’ তিনিওটা ল’ৰাৰ লগতে দেউতাৰ জন্মদিনত  পায়স বনাবই। মাৰ হাতৰ সেই পায়সৰ সোৱাদ আমি আহৰণ কৰিব নোৱাৰিলোঁ। বিদ্যা-শিক্ষাৰে উজলি থকা তিনিটা ল’ৰাক সকলো ফালে আগবঢ়াই দি মায়ে সেই সৰু চাকৰিটোৰে তিনিকোঠলীয়া অসম আৰ্হিৰ ঘৰটো সাজিলে আৰু অৱসৰৰ সময়ত পোৱা টকাৰে পিচফালে তিনিমহলীয়া বিল্ডিং সাজিব পৰা দুটা কোঠা সাজিলে। মাৰ আশা এয়ে আছিল যে, এই কোঠা দুটাৰপৰাই বঢ়াই নি তিনিমহলীয়া বিল্ডিং এটা সাজি তিনিওটা ল’ৰা একেলগে থাকিব। অসমত কমিউনিষ্ট দল প্ৰসাৰ হোৱাৰ আশাৰে মায়ে হাতৰ-কাণৰ দুপদ অলংকাৰৰ বাহিৰে দেউতাৰ হাতত নিজৰ আন সকলো সোণৰ গহনা পৰ্যন্তু তুলি দিলে।

বোৱাৰীবোৰৰ প্ৰতিও মাৰ মৰম আছিল। মোৰ ২৪ বছৰ বয়সত মোৰ ল’ৰাটো জন্ম হ’ল। পেটৰ ভিতৰত নাড়ীডাল পাক খাই থকাৰ লগতে আন কিবাকিবি সমস্যাত  চিজাৰিয়ান কৰিবলগীয়া হ’ল। মায়ে গোটেই নিশা মোৰ হাত-ভৰি পিটিকি উজাগৰে পাৰ কৰি দিলে। মাৰ সতে দিনটোত মোৰ অনেকবাৰ মতবিৰোধ হয়। হাজাৰ মতবিৰোধিতা থাকিলেও কৰিলেও কাগজৰ বাবে বা আলোচনীৰ বাবে প্ৰবন্ধ এটি লিখি মায়ে সদায় মোক চাবলৈ দি কৈছিল —‘ৰত্না এবাৰ চাই দিয়াচোন।’ নহলে কয়—‘‘ৰত্না চাহ একাপ বনোৱাচোন।” সেই সময়ত এগৰাকী লেখিকা হিচাপে মোৰ কোনো চিনাকি নাছিল। দিল্লীত পঢ়িবলৈ যোৱা ন’হল। গুৱাহাটী বিশ্ববিদ্যালয়খনে মোৰ মন কাঢ়িব নোৱাৰিলে। কিয়নো মন পৰি আছিল দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদবোৰত। পঢ়া-শুনা বৰবাদ হোৱাৰ পিছত হীনমান্যতাত ভোগাৰ সময়খিনিত মায়ে কিমান যে সাহস দিলে। ঘৰলৈ অহা সকলোকে চিনাকি কৰি দি কয়—“তাই বৰ ভাল লিখে।” মা ঢুকুৱাৰ এমাহ পিছতে যেতিয়া ‘গৰীয়সী’ত আলোচনীত মোৰ প্ৰথমটো গল্প ওলাইছিল, তেতিয়া মাক মৃত্যুৰ সিপাৰৰপৰা ধৰি আনি গল্পটো দেখুৱাবলৈ মন গৈছিল। প্ৰতিগৰাকী বোৱাৰীকে মায়ে এনেকৈ সন্মান কৰিছিল, আৰু মনিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই দিছিল।

বামপন্থী ৰাজনীতিৰ মানুহ হিচাপে দেউতা খুব হেঁচাত আছিল। মৃত্যুৰ সময়লৈকে তেখেতৰ চাৰিবাৰ হাৰ্ট এটেক হৈছিল। যৌৱনৰ সময়বোৰত আন্দোলন, সংগঠনৰ নামতো শৰীৰৰ ভীষণ ওপৰত অত্যাচাৰ হৈছিল। দেউতাই বিশেষকৈ কৃষকক সংগঠিত কৰাৰ কাম কৰিছিল, যিটো বৰ সহজ  কাম নাছিল। খোৱা- আৰু শোৱাৰ কোনো হিচাপ নাছিল। ডেকাকালত এবাৰ বোলে আত্মগোপন কৰি থাকোঁতে বেলতলাত পাহাৰৰ ওপৰৰপৰা তললৈ সৰি পৰি অচেতন হৈ আছিল। বুঢ়ী মানুহ এগৰাকীয়েহে যত্ন কৰি ভাল কৰিলে। কিন্তু মায়ে ইমান যত্নসহকাৰে দেউতাক আৱৰি ৰাখিছিল যে, কোনেও বেমাৰী বুলি ধৰিবই নোৱাৰিছিল। দুয়ো খুব ভাল ৰান্ধনি আছিল। দেউতাই প্ৰায়ে নহৰু আদি কাটি মাক সহায় কৰি দিয়া দেখিছিলোঁ। মায়ে নিজৰ তিনিওটা ল’ৰাকেই ৰন্ধা-বঢ়াৰপৰা বজাৰ-সমাৰ কৰালৈকে সকলো কাম কৰিবলৈ শিকোৱাৰ বাবে আমাৰ এতিয়া বহুত সহায় হয়।

নিজৰ পৰিয়ালটো আৰু দেউতাৰ পৰিয়ালটোৰ মাজৰ মায়ে কোনো পাৰ্থক্য ৰখা  দেখা নাছিলোঁ।মাক সকলোৱে ভাল পাইছিল। মাৰ ব্যক্তিত্বই আছিল তেনেকুৱা। কাকো আসৈ নিদিয়ে, কিন্তু সকলোৰে খবৰ ৰাখে। এতিয়াও আমাৰ এই সৌহাৰ্দপূৰ্ণ সম্পৰ্কবোৰ অটুট আছে। ভাগিন-ভতিজাবোৰৰ বাবে মা আছিল কাৰোবাৰ বাবে নিৰু পেহী, কাৰোবাৰ বাবে নিৰু মাহী, আৰু  কাৰোবাৰ বাবে নিৰু খুৰী। এগৰাকী বোৱাৰী হিচাপে মই মাৰ আত্মীয়-স্বজন আৰু দেউতাৰ আত্মীয়-স্বজনৰপৰা সদায়েই উৎসাহ পাই আহিছোঁ, সকলো বোৱাৰীয়েই পাইছে।

নিজৰ যত্নও মায়ে খুব ভালকৈ লৈছিল। আমি কেতিয়াও মাক আল-পৈচান ধৰি নাপালোঁ। অকনমান কিবা হ’লেই ডাক্তৰক ফোন কৰিব আৰু দৰৱ খাই লব। ২০০৩ চনত দুদিনমান মোক কৈছিল পেট আৰু কামিহাড়ৰ মাজত বোলে বিষাই থাকে। তাৰপিছত নিজেই ক’লে- ‘এস্, বুঢ়া হ’লে এনেকুৱা হবই আৰু।’ আনকি ২৬ ফেব্ৰুৱাৰীৰ দিনা নিজৰ কোঠাতে ষ্ট’ভটো পাতি লৈ সুশান্তৰ জন্মদিনৰ পায়সো ৰান্ধিলে। পিচদিনা আমি ডাক্তৰৰ ওচৰলৈ মাক লৈ গ’লোঁ। ইতিমধ্যে মাৰ লিভাৰৰপৰা অগ্ন্যাশয়লৈকে কেন্সাৰ ৰোগ বিয়পিছে।

এই খবৰ পাই গোটেই অসমৰ ইমূৰৰপৰা সিমূৰলৈকে কমৰেডসকল আহি খবৰ কৰিলে। সকলোৰে এটাই ভয় আছিল যে, --“এতিয়া বুঢ়া(এইবুলি মৰমতে কৈছিল) কেনেকৈ থাকিব।” দেউতাই শেষলৈকে মাক এৰি নিদিলে। কোনোৱেই নহাকৈ থকা নাছিল। ডাক্তৰে কোৱাৰ ৭২ দিনৰ দিনা পুৱা চাৰিমান বজাত মাৰ শেষ উশাহটো আমি দেখিলোঁ। ইয়াৰ পিছতে মা ঢুকুৱাৰ ১১ দিনৰ দিনা আমি এটা অনুষ্ঠান কৰিছিলোঁ। এই অনুষ্ঠানৰ পিছতে দেউতাক হস্পিতালত  ভৰ্তি কৰাবলগীয়া হ’ল। হস্পিতালৰ ইনটনচিভ কেয়াৰ ইউনিটত দেউতা তাৰ পিছত ডেৰমাহ থাকিল।

মা আজিও আমাৰ প্ৰেৰণা। তেওঁ গোটেই জীৱন সংগ্ৰাম কৰিলে, আৰু অলপ সুখ পাবলৈ লোৱাৰ সময়তে আমাৰ মাজৰপৰা গুচি গ’ল। মা ঢুকুৱাৰ পিছত আমাৰ  ৰিহাবাৰীৰ ঘৰৰপৰা নৱগ্ৰহ শ্মশানলৈকে সমদল ওলাইছিল। এই সমদলটো ৰঙা পতাকাবোৰে আৱৰি আছিল। কেৱল কমিউনিষ্টসকলেই নহয়, তাহানিৰ আন্দোলনকাৰীসকলেও এই সমদলত খোজ কাঢ়িছিল। মায়ে কেতিয়াও কথাবোৰ ধৰি থকা নাছিল আৰু বিপদে-আপদে, বিয়াই-সবাহে সকলোৰে ঘৰলৈ গৈ মাত একোষাৰ দিছিল। মাৰ কথা ভাবিলে এনে লাগে যেন তেওঁ এতিয়াও আমাৰ মাজতে আছে।

2 comments:

  1. বহু নজনা কথা জানিব পাৰিলো। কথাখিনি বৰ সুন্দৰকৈ লিখিছে। বহুত অনুপ্ৰেৰণা পালো।

    ReplyDelete
  2. আন্তৰিক ধন্যবাদ ভবেশ

    ReplyDelete