Monday 4 May 2020




পাপৰি মেধিক আমি বহুতেই চিনি পাওঁ। তেওঁ নাটকৰ মানুহ। কিন্তু নাটক কৰিবৰ বাবে তেওঁক এখন মঞ্চ, সাজ-সজ্জা, লিখিত স্ক্ৰিপ্ট আদি বস্তুবোৰৰ প্ৰয়োজন নাই। অৱশ্যে  মঞ্চখন তেওঁ একেবাৰে উপেক্ষাও নকৰে। কিন্তু পাপৰি মেধিৰ  বিশেষত্ব এয়াই যে নাটক কৰিবলৈ হ’লে প্ৰয়োজনত তেওঁ বাথৰুম, পাকঘৰ কণমানি বেলকনিৰ স্পেচখিনিও মঞ্চ হিচাপে ব্যৱহাৰ কৰি ল’ব, অকলেই নাটক কৰিব। 

তেওঁ পাৰে। কিয়নো জীৱনটোকেই যেতিয়া নাটক বুলি ভাবি ল’লে, তেতিয়া কথা কবলৈ আড়ম্বৰ আৰু বাহুল্যৰ প্ৰয়োজন আৰু নাথাকিল। জীৱনক তেওঁ চাৰ্কাচ বুলিও ভাবে। লক্ ডাউনৰ আগে আগে তেওঁ হয়তো নাটকৰ কামতেই বাংগালুৰুলৈ গৈছিল, তাৰপৰা আহি দিল্লীৰ বান্ধবীৰ তাত উঠিছিল। তাৰপিছত লক্ ডাউন আৰম্ভ হৈ গ’ল। যিহেতু নাটকৰ মানুহ, গতিকে মণিপুৰী বান্ধৱীৰ ভাৰাঘৰ প্ৰতিটো চুক-কোণত তেওঁ নাটক বিচাৰি পালে। 

অসমৰ অপেশাদাৰী নাট্যকাৰৰ সংগ্ৰামৰ জীৱন তেওঁ জানে। লক্ ডাউনৰ পৰৱৰ্তী সময়ৰ অৰ্থনৈতিক মহামন্দাই অভিনয় জগতৰ কলা-কুশলীসকললৈ কি বিপৰ্যয় কঢ়িয়াই আনিব, সেয়া তেওঁ জানে। কিন্ত তেওঁ সেই আৱৰ্তটোতে নিজক হেৰুৱাব খোজা নাই। সেইবাবেই লক্ ডাউনৰ সীমাবদ্ধ জীৱন পাৰ হৈ তেওঁ দিল্লীত বন্ধৱীৰ ভাৰাঘৰতে জীৱনৰ চাৰ্কাচ আৰম্ভ কৰি দিলে।অতি সামান্য আয়োজন-- কইলতানি নামৰ শাহু এগৰাকীৰ জীৱনৰ অভিজ্ঞতাৰ দূৰবীণ আৰু চৰুৰ লাব্ৰাবোৰৰ কথা কবলৈ বান্ধৱীৰ চুৰিদাৰৰ চুৰ্ণিখনেই ব্যৱহাৰ কৰিছে। কইলতানিৰ বোৱাৰী চিম্পীৰ কথা কবলৈ কেতিয়াবাতে বান্ধৱীক উপহাৰ দিয়া চাদৰ-মেখেলাযোৰেই মহাৰ্ঘ সম্পদৰ দৰে কাম কৰিছে। যিহেতু তেওঁ তালৈ কেইদিনমানৰ বাবেহে গৈছিল।গতিকে ‘কষ্টিউম’ৰ আয়োজনো সামান্য।  কিন্তু নাটক কৰাৰপৰা পাপৰি মেধিক কোনেও ৰখাব পৰা নাই। নিজৰ ইউ টিউৱ চেনেলটোত এটা পিছত আনটো খণ্ডত তেওঁ কইলতানি আৰু চিম্পীৰ চৰিত্ৰৰ মাজেৰে মজাৰ কথা কিছুমান কৈ গৈছে। স্ক্ৰিপ্ট আকস্মিক (অৱশ্যে প্ৰস্তুতিৰ বিষয়ে গম পোৱা যায়), মেক আপ্  লক্ ডাউনৰ সীমাবদ্ধতাৰে  ঘৰুৱা, লাইট নাই, আনকি আৱহ সংগীতো নাই – কিন্তু জীৱনৰ চাৰ্কাচৰ এই খণ্ডবোৰত আছে মজাৰ সাধু, ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন, নেৰেটিভ আৰু ডিটেইলিং। লক্ ডাউনৰ সীমিত সুযোগৰ মাজতে  বাটি এটাত লোৱা সামান্য হালিধৰ পাউদাৰ, নেমুটেঙা, এটা নেইল পলিছ, কফি পাউডাৰৰ এধানমান বা বেঙেনাকেইটামানৰ উপকৰণ লৈয়েই তেওঁ নাটক কৰিছে। দৰ্শক হিচাপে মগজুৰ ভৰত আক্ৰান্ত নোহোৱাকৈ জীৱনৰ এই মজা লৈ থাকিব পাৰি, লৈ থকাৰ মাজে মাজে খোঁচ এটাও খাব পাৰি। 

এনেকৈয়ে এতিয়ালৈকে তেওঁ  ১৮-টা খণ্ড দৰ্শকৰ বাবে এৰি দিছে-- আৰু তাৰ মাজে মাজে প্ৰাসংগিক প্ৰশ্নবোৰো কৰি গৈছে। প্ৰশ্ন কৰিছেই যেতিয়া, দৰ্শকেও ধৰিব পাৰিছে যে, শাহু-বোৱাৰীৰ এই অভিজ্ঞতাবোৰত অতিৰিক্ত জাংক ফুড নাই, বৰং সীমাবদ্ধতাৰ মাজত সীমা পাৰ হবলৈ কৰা প্ৰয়াস আছে। বৌদ্ধিক প্ৰয়াসটো চকুত পৰা--কিয়নো পুৃনৰাবৃত্তি নাই।  খণ্ডবোৰ একক ।লক্ ডাউনৰ মাজতে  নাট্যকাৰে মগজুৰ কৰ্ষণ কৰিছে, সকলো সীমাবদ্ধতাৰে জীৱনক গ্ৰহণ কৰিছে, দৰ্শকক নাটকেৰে ধৰি ৰখাৰ চেষ্টা কৰিছে--আৰু, অৱশেষত তেওঁ নাটকেই কৰিছে। কইলতানি আৰু চিম্পীৰ প্ৰসাৰ হওক।  জীৱনৰ চাৰ্কাচবোৰ অনুপম হওক। পাপৰিলৈ অভিনন্দন।

(পাপৰি মেধিৰ ইউ টিউৱ চেনেল- https://www.youtube.com/channel/UCOUB5Fwpt6UaBZExZPklVpg ) 


No comments:

Post a Comment