Wednesday 22 April 2020

কোৱাৰেনটিন্-৪




()

আপোনাৰ দৰেই আমিও জোনৰ তুলসীগছ
আৰু মৃগপহু মীথ্ বুলি জানো, তথাপি জোনলৈ চালে
তুলসীৰ গছ আৰু চৰি ফুৰা মৃগৰ বাহিৰে
কিবা জানো দেখোঁ!

কোৱাৰেনটিন্-ৰ নিশা মহাকাশ গৱেষণা কেন্দ্ৰৰ ফটোত
দেখিলোঁ জোনৰ যাদুকৰী ধূলিকণা

নিউজ এংকৰে কলে দ্য বিউটিফুল এণ্ড মেজিকেল
ডাষ্ট্ অৱ দ্য মুন!

()

ভাতৰ পাতত হা কৰি ৰলোঁ জোনৰ
যাদুকৰী ধূলিৰ কণাবোৰ কভিড-১৯
ভাইৰাছৰ সতে সাইলাখ একে

নিউজ এংকৰে কলেভিড-১৯ ইয়াত সংহাৰী
অৰ্থনীতি তচ-নচ আৰু, খাৰুৱা তেলৰ দাম
বেৰেলত মাইনাচ

()

তেওঁ ক’লে, পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট নাই বাবে  
গাৰ্বেজ প্লাষ্টিক পিন্ধি কভিড ৰোগীৰ আল-পৈচান
ধৰা ডাক্তৰ আৰু নাৰ্চসকলো  সংক্ৰমিত হৈছে
আৰু মৰিছেও

(৪)

এনে বিষম পৰস্থিতিত হঠাতে পোৱা জোনৰ বুকুৰ
যাদুকৰী ধূলিৰ খবৰে নিউয়ৰ্কত ৰাষ্ট্ৰপতিক যেন  
যাদুৰ কাঠীহে দিলে

নিউজ এংকৰক মাতি তেওঁ সংবাদমেলত কলে 
জোনৰ ৰহস্যময় খনিৰ ৰহঘৰা খান্দি  
দেশ অৰ্থনীতি বান্ধিবলৈ তেওঁ সাজু

()

তেনেতে ডাক্তৰ আৰু নাৰ্চৰ সমদল এটাই বাট ভেটি
ধৰিলে, আফ্ৰিকান-এমেৰিকান নাৰ্চগৰাকীৰ ওঁঠযুৰি
বহলকৈ মেল খাই গ’ল আৰু নিউয়ৰ্কৰ গোটেইখিনি
বতাহ জুৰি ললে, মেটেকা শিপাৰ দৰে তেওঁৰ
কেঁকোৰা চুলিবোৰ পালতৰা ডাৱৰ হৈ আকাশলৈ
বিয়পি পৰিল, আৰু  ভগা কাঁহৰ দৰে মাতটো
কোৱাৰেনটিন্ শিৱিৰলৈকে ৰজনজনাই গ’ল

()

ভিড আতংকৰ মাজতে সামাজিক দূৰত্ব মানি
তেওঁলোকে যেতিয়া এই অভিনৱ প্ৰতিবাদ কৰিলে
প্ৰাপ্য আৰু মৰ্যদাৰ বাবে

ৰাষ্ট্ৰপ্ৰধানক একাষৰীয়া কৰি নিউজ এংকৰে
বুমডাল হাতত লৈ সমদলটোৰ ফালে গ

()

খবৰৰ কালিকা আহি আমাকো স্পৰ্শ কৰালৈকে আকাশত
জোনাকৰ ফৰিং ফুটিল, এতিয়াহে গমি চালোঁ জোনৰ
ৰহস্যময় বুকুত আছেনো কি তুলসীৰ গছ,
মৃগপহু নে খনিজ সম্পদৰ যাদুকৰী ধূলি
 

 --ৰত্না ভৰালী তালুকদাৰ 
২৩-০৪-২০২০











No comments:

Post a Comment