ৰত্না ভৰালী তালুকদাৰ
বহুতো সৃষ্টিশীল লোকৰো
জীৱনৰ বাবে বিশেষ আয়োজন নাথাকে। কিন্তু ৰাজীৱ বৰুৱাৰ দৰে অগ্ৰজ কবিৰ আছে জীৱনৰ বাবে
আয়োজন, আছে কবিতাৰ বাবেও । আৰু আছে প্ৰশ্ন, দায়বদ্ধতাৰ। অগ্ৰজ কবি ৰাজীৱ বৰুৱাৰ কবিতাৰ প্ৰতি আগ্ৰহ
জাগিছিল তেতিয়াই, যেতিয়া কবিৰ ‘তুমি কি কবি নিজৰ এটা পুখুৰী নাই”
নামৰ
কবিতাৰ সংকলন হাতত তুলি লৈছিলোঁ।
ইয়াৰ আগলৈকে কবিক নিজা এটি
কণ্ঠৰ, নিৰ্দিষ্ট
পৰিমিতিবোধেৰে জুখি-মাখি কথা কৈ জীৱনক জুখি
চাব খোজা কবি বুলিহে
অনুভৱ হৈছিল। কবিৰ কবিতাৰ গঢ়
দিয়াৰ পৰিমিতিবোধ বিস্ময়কৰো, বাৰে বাৰে তেওঁ যেন
নিজকেই কব খোজে -
‘হাত ধৰি খৰছ কৰিবা
আটকীয়া জীৱন
জীৱনক ভালপোৱাৰ বাহিৰে
তোমাৰ আন কোনো কামনা নাই” – (বৰষুণ ফুলাৰ গোন্ধ)
এখন কাব্য সংকলনত পুখুৰীক ইমান
সজোৰে প্ৰতিষ্ঠা কৰাৰ প্ৰৱণতাই আমাৰ দৃষ্টিক কবিৰ শব্দ আৰু বোধৰ জগতলৈ টানি নিছিল, নিস্তৰংগ পুখুৰীত মুকুতা হৈ
পৰিবলৈ অহা ৰঙা জিঞা এজনীৰ দৰে দৰক লাগি
শব্দবোৰৰ কাষ চাপি যাবলৈ বাধ্য কৰিছিল । বাধ্য কৰিছিল ভাবিবলৈ-- সঁচাকৈয়ে
কবিয়ে বিন্দুতেই সিন্ধুৰ কথা কৈছে, জীৱন সাগৰৰ অন্বেষণৰ আৰম্ভণিৰ বাবে এটা পুখুৰী সাজি লৈছে, নে কবিয়ে পুখুৰীৰ চাৰিঢাপৰ সীমাবদ্ধতাত নিজেই হেৰাই
যাব বিচাৰিছে। জাপানী হাইকুত
পুখুৰীত বেং এটাই টুপ্লুংকৈ জাঁপ মাৰি স্থবিৰ পুখুৰীৰ
স্পন্দনহীন জীৱনৰ অপাৰ নীৰৱতা ভাঙি পুনৰ নীৰৱতাত বুৰ মৰাৰ কথা কোৱা
হৈছে। কিন্তু অলেখ-অযুত জান- জুৰি, নদ- নদীৰ সন্মুখত জীৱনৰ
দুখ-বেদনা-হাহাকাৰবোৰ জোকৰি দিয়া
অসমীয়া কবিৰ বাবে পুখুৰী এটা
জনপ্ৰিয় ৰূপকীয় ধাৰণা বুলি অনুভৱ নহয়। হাত মেলিলেই
ঢুকি পোৱাতে থকা বোঁৱতী নদী এখনৰ জলধিত
দুখ-বেদনা-হাহাকাৰ উজাৰি
দিবলৈ সাজু হৈ থকা অসমীয়া
কবিয়ে বৰং বৈ যাব নজনা ঘোলা পানীৰ পুখুৰীক
সততে উপেক্ষা কৰে। তেওঁ বৰং জীৱনৰ
টগ- বগ বাৰিষা, গছৰ পাত সৰি পৰি উদাস
হৈ ৰোৱা লঠঙা হেমন্ত
আৰু ৰিঙা মন ৰঙাই তোলা ফাগুনবোৰৰ কথা
কবলৈ নৈ এখনৰ
কাষলৈ গুচি যাব, আৰু তাতেই বিনাবগৈ। কিন্তু ৰাজীৱ
বৰুৱাই গৌৱেৰেই আমাক ক'লে তেওঁৰ বাবে নিজাকৈ থকা
এটা পুখুৰীৰ কথা, কেৱল কোৱাই নহয়, প্ৰশ্নও তুলিলে -- ‘তুমি কি কবি, নিজৰ এটা
পুখুৰী নাই' বুলি । আৰু ক'লে--
‘তোমাক ভালপোৱাৰ দিনাই
ভালপালোঁ পুখুৰীক
মোৰ ওঁঠৰ পদূলিৰপৰা পুখুৰীলে' এটা নিজান বাট
সেই বাটেদিয়েই মোৰ
অদৃশ্য যাতায়ত' – (আকৌ পুখুৰী)
পুখুৰীৰ নিস্পন্দ পানীতো তেওঁ
জীৱনৰ বাবে বিচিত্ৰ
মুুকুতা বিচাৰি পালে, আশা আৰু প্ৰতিশ্ৰুতিবোৰ পালে, নিথৰ পানীত
বতাহৰ কোব আৰু
স্পন্দিত কৰি তোলা চলমান লালুকীৰ
আশ্বৰ্যকৰ মেঘবোৰে তেওঁক
আশাৰ বতৰা দিলে ।
হয়। কবিয়ে যেতিয়া পুখুৰীৰ
পানীত লালুকীৰ সেই চলমান
মেঘবোৰ দেখিলে, পাঠকে গম পালে
কবিৰ প্ৰস্তুতি---
‘পুখুৰীৰ পাৰত বহিয়েই চিনি পালোঁ পানীক
চুই চালোঁ পানী নচুৱাবলে অহা বতাহক
দেখা পালোঁ পানীৰ পৰ্দাত মগন বগলীৰ জাক
কমাই থকা মাছ, লালুকীৰ মেঘবোৰ
নেজত কঁপনি লৈ ফুৰা ঢোৰা সাপ' – (আকৌ পুখুৰী)
কবিয়ে পুখুৰীৰ কোঁকোৰা গাঁতত
সোমাই থকা সেমেকা এন্ধাৰবোৰ দেখিছে, বৰশীৰ কাঁইটত লগা মাছৰ
জলকা চকুবোৰ দেখিছে -- আৰু
তাৰ হৰিষ আৰু বিষাদবোৰ কবিতাৰ শৰীৰলৈ নমাই আনিছে । নিজৰ এক জগত -
সেই জগতৰ বোধ, চেতনা আৰু উপলব্ধিৰে যেতিয়া প্ৰতিমাৰ দৰে কবিতাবোৰ নিৰ্মাণ কৰিছে , তেতিয়া স্বভাৱগত
পৰমিতিবোধৰ লগতে উত্তৰণৰ
প্ৰতিও সজাগ দৃষ্টি ৰাখিছে। কব বিচৰাখিনি বুজি পাবলৈ
আচলতে গোটেই প্ৰতিমাটোৰ
আৱশ্যক, এচমকা অলংকাৰ তুলি আনি সংক্ষেপত
বিচাৰ কৰিব নোৱৰি। তাতকৈ ৰূপকবোৰৰ কথাবোৰ কবলৈকে
সহজ। অজস্ৰ ৰূপকেৰে ওপচাই তুলিছে
কবিতাৰ শৰীৰ। সমাজজীৱনৰ ঘূণপোক, ঘূণপোকে খোৱা শূন্যগৰ্ভবোৰৰ কথা সফলভাৱে
কবলৈ আনে নিবিচৰা জোতা, কাঠমিস্ত্ৰি, চলখিৰি অথবা ফুটবলৰ দৰে বিচিত্ৰ
ৰূপকবোৰ বিচাৰি ফুৰিছেগৈ, অকলে অকলে চহলি ফুৰিছে,
কিন্তু নিৰ্জনতাত নহয় -- জনপদৰ ছন্দত। ৰূপকৰ সাজ-সজ্জাত চিনাকিবোৰ
অচিনাকি, আৰু বিশ্ববীক্ষাৰে থপিয়াই অচিনাকিবোৰকো চিনাকি । আকাশৰ বেলিটো ফুটবলৰ
বিস্ময় সম্ৰাট মাৰাডোনাৰ দুভৰি যাদুলৈ নমাই
অনাৰ বিচিত্ৰ ৰূপক এটা আমাৰ বাবে তেওঁ আনিছে।
‘সমতল পাহৰি দুই ভৰিৰ লীলা সামৰি
ওপৰলৈ উজাই আহি
নিগাজিকৈ বহি ৰ'ল ফুটবল
আমি হাত চাপৰিও বজাব
নোৱাৰিলোঁ
ৰেফাৰীয়ে হুইচেল বজাবলৈ পাহৰি গ'ল
কি মনোৰম আছিল সেই দৃশ্য
বহল সেউ×জীয়াত দুই ভৰিৰ মাজত
উদয় হোৱা টাইগাৰ হিলছৰ বেলি।' –(মাৰাডোনাৰ বাবে)
আচলতে কবি এজন ফুটবলাৰো। আৰু
ফুট বলটোৰে তেওঁ কবিতাত
ইমানবোৰ প্ৰাসংগিক কথা কৈছে যে, ভাবিলে
বিস্ময় জাগে। ঘূণপোকে
সৃষ্টি কৰা শূন্যগৰ্ভবোৰৰ কথা কওঁতে শূন্যগৰ্ভখিনিত ফুটবলৰ ৰূপকটো ইমান প্ৰাসংগিক যে, আপুনি টকা দি ভাৰা কৰি
মানুহ আনি সমাবেশ পতা ৰাজনৈতিক
দল এটাৰ প্ৰচেষ্টাৰপৰা আৰম্ভ
কৰি বিধানসভা অথবা
সংসদৰ মজিয়াত জনতাৰ হকে সিদ্ধান্ত
লবৰ বেলিকা টকাৰ বিনিময়ত ঘোঁৰা বিক্ৰী হোৱাৰ দৰে
জনপ্ৰতিনিধি বিক্ৰী হৈ যোৱালৈকে অন্তঃসাৰশূন্য, বাগাড়ম্বৰ যিকোনো
কুচ-কাৱাজত এই ৰূপকটো বহুৱাই দিব
পাৰে --
‘কি কৰিব -- গ'ল দিবনে গ'ল ৰাখিব
শূন্যতে ওপঙি ফুৰিছে বল
গ'লশূন্য খেল
দৰ্শকশূন্য খেলপথাৰত তুমূল হাতচাপৰি
শিৰ ফুলা ঘৰ্মাক্ত হাত-ভৰি
অদৃশ্য ৰেফাৰী দৰ্শকৰ উত্তেজনা চৰমত
এটা কমিক ৰিলিফ লাগে' – (গ'লৰক্ষক)
নিজকে দৃশ্যপ্ৰিয় দৰ্শক বুলি কব বিচৰা কবিয়ে দেখিছে অদেখাবোৰকো, চাইছে অদৃশ্যকো, আৰু অৱশেষত যেতিয়া পুখুৰীৰ
বিন্দুৰপৰা সাগৰৰ পাৰ পাইছেগৈ, তেতিয়া তেওঁ চাইছে মনিচৰ ভৰি
স্পৰ্শ কৰিবলৈ বাহু
মেলি অহা সাগৰ, তাৰ ব্যাপ্তি, চেতনা আৰু
প্ৰসাৰ। অৱশেষত সাগৰৰ
গভীৰ অন্তৰ্দÔষ্টিয়ে কবিক
নত কৰিছে, জীৱনৰ প্ৰতি শ্ৰদ্ধালু কৰি তুলিছে-
‘‘সমুদ্ৰতীৰত সকলো মানুহৰ ভৰি চুই
বিশালতাৰ ফালে
কিদৰে উভতি যায় পানী' –(ভৰি চুই বিশালতাৰ ফালে)
বোধ, চেতনা আৰু উপলব্ধিক চোক দিবলৈ
তেওঁ ‘আয়ৰণি'ৰ আশ্ৰয় লৈছে। আয়ৰণিবোৰ প্ৰায়ে
সফল, কেতিয়াবা অনন্যও।
অলেখ প্ৰশ্ন, অলেখ কৌতূহল।একেটি সময়তে
আপোনৰ চকুহালে কৌতুক কৰিব আৰু
চেতনাৰ চাবুকডালে মস্তিস্কক কোবাই যাব --
“সিদিনা চাউল এবস্তা কিনোতে
লগতে দুটা নিগনিও আহিল
পাছদিনা দোকানীক গৈ সুধিলোঁ--
কথাটোনো কি -- এইটো কি এটা নতুন নিয়ম
যিদৰে দুটা কিনিলে এটা ফ্ৰি
শিশুখাদ্য কিনোতাক বিনামূল্যে এটা পুতলা পিষ্টল
এইদৰে সম্পদৰ সতে জোৰা হৈছে নেকি
বাঁহফুলা দেশৰ দায়- দশা' -- (তুলাচনীত ভোক)
অতি ভয়ংকৰ সময়ৰ বুকুত কবিয়ে
বাস কৰিছে । যৌৱনৰ দুৰন্ত সময়বোৰত কবিয়ে
পাৰ হৈ আহিছে জাতীয় জীৱনৰ তেজৰ চেঁকুৰাবোৰ, দুৱাৰত বন্দুকৰ টোকৰবোৰ ।জাতিৰ সামূহিক সোঁৱৰণিয়ে কঢ়িয়াই নিব এই ভয়ংকৰ সময়ৰ গাথা । এক সময় আহিব, যেতিয়া এই যুগত বাস
কৰা প্ৰতিজন সৃষ্টিশীল লোকৰ শব্দবোৰ ভবিষ্যতৰ প্ৰজন্মই যুকিয়াই
চাব এই ভয়ংকৰ সময়ৰ প্ৰেক্ষাত। ৰাষ্ট্ৰৰ
ষড়যন্ত্ৰত চেদেলি- ভেদেলি হৈ পৰা
আমাৰ জাতীয় জীৱন, জাতিৰ নায়কৰ উপৰ্যুপৰি
ব্যৰ্থতাৰে চানি পৰি অহা আমাৰ
সামূুহিক শোক, উগ্ৰপন্থী বোমাৰ
বিস্ফোৰণত মহানগৰৰ ৰাজপথত ৰঙা অঙঠা হৈ
ওলমি থকা মৃতকৰ সোৱঁৰণিয়ে যিদিনা জাপানী
হাইকুৰ বেংটোৰ দৰে পুখুৰীত টুপ্লুংকৈ জাঁপ মাৰি নিস্তৰংগ জীৱন কোলাহলমুখৰ কৰি আমাৰ
সামূহিক সোৱঁৰণিবোৰ আকৌ এবাৰ
বাংময় কৰি তুলিব, আৰু সেই দুঃসময়ৰ গাথা স্মৰণ কৰা আমাৰ ভবিষ্যতৰ প্ৰজন্মই সন্ধান কৰিব
শৰবিদ্ধ সমযৰ, তেতিয়া কবিক মনত পেলাব পৰাকৈ শব্দৰ
শস্যময় ভঁৰাল তেওঁ টনকিয়াল
কৰিলেনে --ভবিষ্যতৰ প্ৰজন্মই এই
কথা এবাৰ সুধি চাব। যি কবিয়ে জীৱনৰ আয়োজন
কৰিবলৈ নিজৰ বাবে এটা
পুখুৰী, তাৰ পাৰত বহি চেচুঁক- পোহৰ- বতাহ -ৰঙীণ জিঞাৰ সন্ধান কৰিলে, সমাজজীৱনৰ শূন্যগৰ্ভবোৰ বিবেকক
দংশন কৰি যোৱা অজস্ৰ ৰূপকেৰে সজাই তুলিলে -- সেই
কবিয়ে আমাৰ সমাজ জীৱনত
অলেখ-অযুত গোষ্ঠী- সংঘৰ্ষৰ দাবানলে ওপচাই পোলোৱা তেজৰ
ডোংবোৰত,
মৃতদেহে পুতি পোলোৱা পুখুৰীবোৰত, পুখুৰীত গোটমৰা তেজৰ নিমখীয়া সোৱাদবোৰত নিজলৈ বাচি লোৱা কবিতাৰ শব্দবোৰ ধাৰ দি আনিলেনে? বন্দুকৰ টোকৰ, উজাগৰী নিশা
আৰু থৰ থৰ চেতনাৰ কঁপনিবোৰ শুনিলেনে?
নিজৰ এটা পুখুৰীৰ কথা কলেও
জাতীয় জীৱনৰ দুৱাৰবোৰত বন্দুকৰ
টোকৰ পৰাৰ পিছতে মৃতদেহে
পুতি পেলোৱা সীমাহীন পুখুৰীবোৰৰ
কথা তেওঁ কোৱা নাই, কোৱা নাই তেজৰ ডোঙত লালুকীৰ মেঘবোৰে ভবিষ্যত হেৰুৱাই পেলোৱাৰ কথা। আমাৰ সামূহিক সোঁৱৰণিৰ অভিন্ন
অংশ হৈ পৰা এই চেঁকুৰাবোৰ কথা তেওঁ কোৱা নাই। বৰং তেওঁ জীৱনৰ বাবে প্ৰস্তুত কৰি লোৱা একেই
পৰিমিতিবোধেৰে কৈছে --
‘এটি মাথো জীৱন, সামান্য অৱকাশ
তাতে নিজকে হেৰুৱাবও লাগে, বিচাৰিবও লাগে
একেখন হাতেৰে দলিয়াবও লাগে বুটলিবও লাগে
একেযোৰ চকুৰে কান্দিবও লাগে হাঁহিবও লাগে
অথচ একেবোৰ কামকে কৰিবলৈ
ইতিহাসক লাগে শ শ বছৰ
মোৰ দেউতা সমতলৰ সাধাৰণ জীৱন
ৰজা-মহাৰজাৰ কথাৰেহে ভৰি থাকে ইতিহাস।-- (কবিতা)
যি কথা কবিয়ে কৈছে সেইবোৰো অতি প্ৰাসংগিক। আৰু ৰূপকবোৰ অতূলনীয়, আনে নেদেখা। গভীৰ আকূলতাৰে
প্ৰাৰ্থনাৰ দৰে তেওঁ কেতিয়াবা
সমাজৰ মংগল কামনা কৰিছে ---
‘ঘৰ সাৰি থকা মানুহজনী নামাতিবা
মাতিও নোপোৱা মাত
এমুঠি যাদুকাঠিৰে তাই খেদি ফুৰে চয়তান' -- (ঘৰ সৰা মানুহজনী)
আমাৰ সামূহিক সোঁৱৰণিত থকা মীথবোৰো তেওঁ
উপেক্ষা কৰা নাই। মীথৰ নিৰ্মিতি
দিছে আৰু নতুন অৰ্থও দিছে। আইতাৰ সাধুকথাৰ মীথবোৰতো তেওঁ সানিছে সময়ৰ
পৰিবৰ্তিত ৰূপক-
ভাগ্য বিলনীয়াই জানে
কাৰ পাতত কি বিলালে সূতে-মূলে আহে
আলৌগুটি-তলৌ গুটি কচুগুটি ঘাই
এই হাতে বিলোৱাটো সেই হাতে পায়
দূৰলৈ নাযাও আহক
আমাৰ গাৱঁৰ ভোজ বিলনীয়াজনলৈকে চাওক
নাক-মুখ এখন নিকা গামোচাৰে ঢকা
কাৰ পাতৰ আগত মঙহৰ জোলৰ হেতাখন
কিমানবাৰ ঘূৰিব লাগে জানে
জানে কাৰ পাতত কি পৰিছে
শোকোতা নে মুকুতা—(বিলনীয়া)
কবিয়ে সতৰ্ক দৃষ্টি
ৰাখিছে পৰিবৰ্তিত সময়ত, সময়ৰ নতুন বজাৰ
ব্যৱস্থাত য'ত পুঁজিপতিৰ অদৃশ্য হাতোঁৰাবোৰে মেলি ধৰা ভোগবাদে
মানুহ কৰি তুলিছে পণ্য -- কবিয়ে তাতে া
মানৱীয় প্ৰমূল্যৰ সন্ধান কৰিছে । পূঁজিবাদৰ হাঁতোৰাই তচ-
নচ কৰা
খদম-দম বজাৰখনলৈ কবি অকলেই গুচি গৈছে, কিন্তু যাবৰ
বেলিকা মানুহৰ ওপৰত থকা গভীৰ আস্থাই প্ৰত্যয়দীপ্ত
শব্দবোৰৰ ওপৰত ভাৰসা কৰিবলৈ তেওঁক
সাহস দিছে, সমসাময়িক আন বহুতৰ দৰে কবি দিশহাৰাও হোৱা নাই, অথবা নিৰাশাতো ডুব
মৰা নাই --
‘বজাৰৰ ওপৰতো এখন বজাৰ বহিছে
চাইবাৰ বজাৰ
নতুন বজাৰে গাওঁ পাতিছে
পৃথিৱীৰ সকলো মাটি পানী বায়ুত
গাওঁখনৰ অদৃশ্য শিপা
(পাৰিলে আমিও তালৈ যাম)
.......
ভৰ বজাৰত এইফালে তুমি
সিফালে মই
মাজত এখন ৰামধেনু
জেপবোৰ শূন্য হলেই আমি এক হৈ যাম
আহা, আমি বৰষুণত তিতোঁ
পাহৰি যাওঁ কোনে কাক বেচিলোঁ
আমাৰ এতিয়া বেচিবলৈ একো নাই
কিনিবলৈও একো নাই শূন্য।”
যান্ত্ৰিক আৰু দুঃসময়ৰ পটভূমিত মীথবোৰক নতুনকৈ গঢ়াৰ কালিকা কবিয়ে আয়ত্ত
কৰিছে -- এনেদৰে আয়ত্ত কৰিছে যে হেৰোৱা বাঘ, ভালুক বিচাৰি জয়াল অৰণ্য এখনে জুপৰিটোক
খেদি অহাৰ সময়ত বিতত হৈ পৰা অকণিটোৰ দৰেই
সংকীৰ্ণতাত ঠেক হৈ পৰা
আমাৰ আমাৰ নাগৰিক চেতনাৰ তন্ত্ৰীবোৰেও শব্দবোৰৰ মাজেৰে গতি কৰোঁতে বিতত হৈ পৰিছে ।স্বাৰ্থৰ
বাটত অনেক জাবৰ গোটাই ফুৰোঁতে কি পালোঁ, কি হেৰুৱালোঁ আমি
বুজি নাপাও -- নিজলৈ চাবলৈ আমাৰ ভয় হয় --
এখন জয়াল অৰণ্যই আমাৰ মগজুক চেঁপা
মাৰি ধৰে -- আমি বিচাৰি হাবাথুৰি
খাওঁ এষাৰ নিচুকণি মাত--
‘তেল পুৰি শেষ হৈ যেতিয়া নুমায় চাকি
চন্দ্ৰজলে কিমান ধুৱাব পৃথিৱীৰ মাটি
হেৰোৱা বাঘ, ভালুক, হৰিণবোৰ বিচাৰি
জয়াল অৰণ্যই জুপুৰিটোক ধৰিলেহি ঘেৰি
ভয়তে পেপুৱা লাগি টোপনি গ'ল অকণি
সপোনতে সি অৰণ্য দেৱতাক দেখিলে
দেৱতাই তাক গছৰ মিঠা শিপা খাবলৈ দিলে
অত দিনৰ মূৰত পেট ভৰাৰ পাছত
সপোনতো
তাৰ কি লালকাল টোপনি...(এৰাতিৰ সাধু)
খচকি অহা তেজ আৰু বাৰুদবোৰৰ কথা নকলেও
কবিয়ে কিন্তু নিৰন্তৰে প্ৰশ্ন উত্থাপন কৰি
গৈছে। প্ৰশ্ন কৰিছে প্ৰচলিত সমাজব্যৱস্থাক, মানুহক, কেতিয়াবা নিজকো। আৰু আমি জানো
যে,
মানুহৰ সৃষ্টিশীলতাক ভয় আৰু প্ৰলোভনেৰে চৰকাৰী হিতাধিকাৰী
তালিকাৰ কোনো আঁচনিলৈ অনাৰ নিৰন্তৰ প্ৰয়াস চলি
থকাৰ সময়ত শব্দৰ মাজৰে প্ৰশ্ন
উত্থাপন কৰাটো এতিয়া মৰসাহস।
অজস্ৰ প্ৰাসংগিক প্ৰশ্নই
তেওঁৰ কবিতাত বাস
কৰিছেহি -- ‘মানুহ আছে । সমস্যাইহে আঁৰ
কৰি নেদেখা কৰিছে । কোন ডাঙৰ মানুহ নে সমস্যা?' (কবিতা কেচকলি) বা, ‘ধনুখনত জুৰি থোৱা
কাঁড়ডাল এৰি দিলে। কাৰ মুক্তি -- ধনুৰ নে
কাঁডৰ·' (কিছুমান প্ৰশ্নবোধক) । আনকি ৰূপকবোৰো প্ৰশ্ন। মগজুলৈ একোডাল
তীৰ। যেনে -- ‘জেপ থাকিলেও আপোনাৰ ভৰাব পৰা বস্তু
নাথাকিব পাৰে । ভৰালেও কিছুমান জেপ শূন্য হৈ থাকে।' (জেপ) আৰু এটা সাৰ্থক উদাহৰণ -- ‘টঙিজালত লাগি ছটফটায়
মন মাছ । ইমানবোৰ গ'লশূন্য খেল। অগণণ অতৃপ্ত দৰ্শক।” (ফুটবল) প্ৰাত্যহিক
জীৱনৰপৰা তুলি অনা অনেক ঐশ্বৰ্য- বিভূতিক কবিয়ে কবিতাত সাৰ্থক ৰূপ দিছে--
‘আনক তিয়াবলৈ যাওতে বৰষুণ নিজেও তিতে
নিজে নাচি আনকো নচুৱায়
বৰষুণৰ টোপাল সকলোতে একেদৰে পৰে
কেনে কিদৰে গ্ৰহণ কৰে বা এৰাই চলে
সেই খবৰ বৰষুণক প্ৰয়োজন নাই।
গছে কাৰো পিছে পিছে গৈ নিদিয়ে
ছাঁ
ছাঁ বিচাৰি গছৰ তললৈ যাব লাগে –
(বৰষুণৰ বেদীত)
ৰাজীৱ বৰুৱাৰ বহুবোৰ কবিতাৰ
আয়ৰণিয়ে চেতনাৰ চাবুক হৈ আমাক কোবাই
গৈছে, কিন্তু ধৰাশায়ী কৰি পেলাব পৰা নাই।
কবিতাত বিদ্ৰুপ আৰু ব্যংগ কেতিয়াবা অনন্য ৰূপত একাকাৰ হৈ
গৈছে । আমি বিচাৰিম চাবুকডালে আমাৰ বিবেকক তেজে -তুমৰলি কৰি, ধৰাশায়ী কৰি
তোলক। নতুনৰ বাবে, সৃষ্টিৰ বাবে, বিদ্ৰোহী হৈ উঠক
এটি এটি শব্দ। কবিৰ শেহতীয়া সংকল ‘ৰ'দবাহিনী' পূৰ্বৰ সাতোটা সংকলন
নি ৰ্বাচিত কবিতাৰে এচা ডাঙৰ সংকলন। কবিয়ে যেতিয়া
পূৰ্বৰ কবিতাৰ সংকলনৰ নিৰ্বাচিত
কবিতাৰ সংকলন এটা উলিয়ায়, তেতিয়া কবিয়ে জানোচা কবিতাৰ বেহা সামৰিবলৈ সাজু
হৈছে নেকি বুলিও অনাহক সংশয় হয়। কিন্তু আমি কওঁ যে কবিয়ে
এতিয়াও কাব্যৰ জগতৰ সেই বিশেষ
ৰূপকবোৰ সাজিবলৈ বাকী আছে,
যিবোৰ ৰূপকে
আমাৰ চেতনাক কেৱল কেবাই থৈ নাযায়,
বৰং তেজে
তুমৰলি কৰি ধৰাশায়ী
কৰি পেলাব --- অনুজৰ বাবে সি হৈ উঠিব জীৱনৰ ঐশ্বৰ্যৰ সম্ভাৰ ।
‘ৰ'দবাহিনী'ৰ আটাইতকৈ শেহতীয়া সংযোজন ‘হয়তো মুদ্ৰাদোষ' ৰ কবিতাবোৰে কবিৰ পৰ্বান্তৰৰ কথা কৈছে, য'ত কবিয়ে
পৰিত্যক্ত নাদৰ মুখত
চিকাৰ মেলা বাঘ মকৰা এটা কথাও কৈছে, চিকাৰী বাঘ মকৰাৰ
সাধুকথা কবলৈ তীক্ষন সংবেদনাৰে ৰ'দঘাই বতৰাৰ অতিকৈ শুৱনি
ৰূপকল্পও সাজিছে। যি
বাঘমকৰাই চিকাৰৰ আশাত জালখন
গুঁথিলে, সেই জালৰ এঠা লগা সূতাৰ পাকবোৰেৰে সোমাই
আহিল ৰ'দ। ৰ'দ পৰি মকৰাৰ জাল আৰু বাঘ মকৰাৰ ৰেছমী দেহাৰ পাং
জলমলাই উঠিল, আৰু খোদ চিকাৰী মকৰা হ'ল ৰ'দৰ চিকাৰ -- এনেহেন এটি
জলমলীয়া পটন্তৰ থপিয়াই ধৰিবলৈ পাই কবিৰ দিনটোও উজলি উঠিল। ইমান
চমৎকাৰ যে এই এচেৰেঙা
ৰ'দ জীৱনৰ, তাৰ চিকাৰ
হ'বলৈ আমাৰো হাবিয়াস
জাগে, আটকীয়া জীৱনটোৰ
বাবে আমাৰ মনবোৰো
ৰঙাই তোলে।
‘খোদ চিকাৰী মকৰা আজি ৰ'দৰ চিকাৰ
আৰু অথলে নাযায় মোৰ এই দিন।' -- (ৰ'দবাহিনী)
ৰাজীৱ বৰুৱাৰ এনে বহুতো কবিতাৰ বাবে, নিৰ্মাণৰ কলা- কৌশল বুজিবৰ
বাবে, কবিতাত ফুটবলৰ অজস্ৰ
কাহিনী শুনিবৰ বাবে আৰু ৰ'দঘাই ৰূপকবোৰত আমাৰ বৌদ্ধিক
আড্ডাবোৰ উমাল কৰি তুলিবৰ বাবে আমাৰ অপেক্ষা আছে।
এই যাত্ৰা দীঘলীয়া আৰু বিৰামহীন
হওক, তাকেই কামনা কৰিলোঁ।
----------
No comments:
Post a Comment