Thursday 2 April 2020

কোৱাৰেনটিন্-২





()
কোৱাৰেনটিন্-ত তুমি সাৰ পোৱাৰ বহু আগতেই
মই সাৰ পালোঁ
কোৱাৰেনটিন্-ত তুমি মৰি যোৱাৰ বহু আগতেই
মই মৰিলোঁ

()

ঘৃণাযেতিয়া সোঁচৰা অপদেৱীৰ নাম
সুযোগৰ ভগবান, তেতিয়া কভিড,১৯-
মৰণৰ আঁৰ লৈ আমাক 
কৰিলে অনেক ভেঙুচালি

()
থু-বোৰ দলিয়াই দিয়াৰ আগতেই
মানুহবোৰ মৰিল, আৰু
পাৰ্চনেল প্ৰটেকশ্যন ইক্যুইপমেণ্ট পিন্ধি
চিকিৎসকে মাথো শৱবোৰৰ চিকিৎসা কৰিলে   

()
ভিড,১৯ এটা সৰু ভাইৰাছ
নেদেখা এই শত্ৰুৰ বাবে সাজু হবলৈ
পৃথিৱী জুৰি আমাৰ এখনেই ঢালকোৱাৰেনটিন্

কোৱাৰেনটিন্ কোৱাৰেনটিন্ কোৱাৰেনটিন্!

()
অনলাইন পাঠ্যক্ৰমৰ মাজে মাজে শিশুবোৰে অঁকা
ছবি, গান আৰু আবৃ্ত্তিৰ নিস্পাপ ভিডিঅ’বোৰৰ বাদে  
কোৱাৰেনটিন্-ত পাবলৈ আমাৰ একো নাছিল

তথাপি কোৱাৰেনটিন্ আছিল নিছিদ্ৰ আৱেশ


(৫)
মই আছিলোঁ খৰিকাজাঁইৰ ফুলাৰ মাত, খাগৰি কঁপা 
বতাহৰ চুপহি  বিহুৰ শিঙাৰ, আৰু
পৃথিৱীৰ বাবে কীৰ্তনঘোষাৰ এটি সুৰ

কিন্তু আমাৰ তেজত আছিল সেই সোঁচৰা অপদেৱী-ঘৃণা

(৭)
সেয়েহে কভিড,১৯ অতিমাৰী হৈ উঠোঁতে 
কোৱাৰেনটিন্-ত তোমাতকৈ বহু আগতেই মই সাৰ পালোঁ

আৰু কোৱাৰেনটিন্ ভেদি অহা ঘৃণাৰ অতিমাৰীত
তুমি মৰি যোৱাৰ বহু আগতেই মৰিলোঁ

ৰত্না ভৰালী তালুকদাৰ 
০৩-০৪-২০২০

No comments:

Post a Comment