Tuesday, 14 April 2020

কোৱাৰেনটিন্-৩










(১)

গুলপীয়া জোনৰ নিশা কোৱাৰেনটিনড্ পৃথিৱীৰ আকাশেৰে
জোনবাই গুচি গ’ল, এই জোন চাবলৈ মাকবোৰ 
মূধছলৈ উঠি আহিল

ক’ভিড,১৯–এ ছানি ধৰা দেশত ‘ৱৰ্ক ফ্ৰম হ’ম’ কৰি 
আমাৰ ল’ৰাহঁত দূৰণিত ৰৈ গৈছে,  কাম হেৰুৱাই 
ঘৰলৈ বাটকুৰি বোৱা এজাক লক্ ডাউনত আৱদ্ধ হৈ 
লেবেজান হৈছে

ক’ভিড,১৯ বিয়পোৱাৰ ভয়ত গোমধানৰ ৰুটিবোৰ 
খাবলৈ দিয়াৰ আগতে বাটত থূপ খুৱাই 
সিহঁতৰ গাত জুই নুমুওৱা গাড়ীৰ পাইপেৰে 
বীজাণুনাশক ঢালি দিয়া হ’ল 

পাইপেৰে চটিয়াই দিয়া বীজাণুনাশকৰ চেঁচাত  
ভোকত থকা ল’ৰাহঁতৰ বেকপেক পৰ্যন্ত কঁপি উঠিল

গুলপীয়া জোনৰ নিশা মূধছলৈ উঠি অহা মাকবোৰৰ চকুৰ পতাত 
ল’ৰাহঁত  আৰু সিহঁতৰ বেকপেকৰ চেঁচাবোৰ ওলমি থাকিল

দূৰণিত থকা ল’ৰাহঁতৰ বাবে তেওঁলোকে
গীত এটা গালে

আৰু গুলপীয়া জোন মৰতলৈ নামি আহোঁতে
কোৱাৰেনটি্ন্ ভাঙি মাকবোৰ  ল’ৰাহঁতৰ কাষলৈ 
হাজাৰ মাইলৰ বাট ঢপলিয়াই গুচি গ’ল

(২)

আমি ভেকুলীৰ সঁচ  
আমাৰ টোৰটোৰণিবোৰ
নিষিদ্ধ বুলি কৈ 
তেওঁলোকে উখল-মাখলপৰা 
দূৰলৈ ঠেলি আমাক 
কোৱাৰেনটিন্ কৰিলে

এতিয়া আমি মাৰ্ক জুকাৰবাৰ্গে দিয়া 
এহালিচা চোতালৰ চেচুঁকতে 
টোৰটোৰাই আছোঁহি

তেওঁলোক কয়
ভেকুলীৰ টোৰটোৰণিয়েই সাৰ

পথাৰত খে্তিয়কে কয়
ভেকুলীয়ে টোৰটোৰাই নুঠালৈকে
মেঘে পানী নসৰায়

(৩)

আগবাৰান্দাৰ বাহত ঘৰচিৰিকা পোৱালিৰ  চকু ফুটে 
আৰু চোতালৰ আমগছত  চোপ লৈ এটি দুটিকৈ থপিয়াই
কাউৰীয়ে এছাৰি পেলায়

আমাৰ আগবাৰান্দাৰে সোমাই অহা সকলোটি
আমাৰ সুহৃদ নহয়, তথাপি আমি যে আয়োজন কৰোঁ
আচলতে সি এটা ৰাঙী লগা সাধুকথা

বৰপিতায়ে কৈছিল, এজাক বৰষুণৰ বাবে বাট চোৱাৰ সমান 
সুখৰ সাধুকথা কি হ’ব পাৰে, বৰষুণে জানো
কোৱাৰেনটিন্-ৰ ব্যাকৰণ জানে!


ৰত্না ভৰালী তালুকদাৰ

2 comments: