Sunday 24 February 2019

চাহ বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে




চাহ বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে
আপুনি লালি গুৰক দোষ দিয়ে
দোষ দিয়ে  লালি গুৰৰ গুদামৰ গুপ্তাক 
বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে
মন্ত্ৰীয়ে আন এক বনুৱাৰ লাইনত
স্কুটী বিলাই থকাৰ বতৰা দিয়ে আপুনি

আপুনি জানেনে - আপোনাৰ পুৱাৰ চাহকাপত
চাহ বাগিচাৰ নাৰী শ্ৰমিকৰ ঋতুস্ৰাৱৰ তেজটুপিও থাকে সাৰ হৈ
দিনৰ ৰ’দত বাগিচাত ৮ ঘণ্টা কাম কৰোঁতে
বাবু আৰু চৰ্দাৰসকলৰ চকুৰপৰা সামান্য আঁৰ হৈ
তেওঁ বাগিচাৰ নলাতেই প্ৰস্ৰাৱ কৰে
চ’চিয়েল মিডিয়াত  আপডেট  কৰোঁতে
এবাৰ ভাবি চায়নে  -- বাগিচাৰ মালিকে
নাৰীশ্ৰমিকৰ ঋতুস্ৰাৱ মৰ্যদাৰ প্ৰশ্ন বুলি ভবা নাই বাবেই
তেওঁৰ বাবে বাগানত নাই আচুতীয়া প্ৰস্ৰাৱগাৰ
বাবু আৰু চৰ্দাৰৰ অনুমতি লৈ, সামান্য আঁৰ হৈ,
সেয়ে তেওঁ নলাতেই হাল্কা হয় - ঋুতুস্ৰাৱৰ সময়ত 

১০ বছৰ বয়সত বনকৰা ছোৱালী হবলৈ গৈ মালিকৰপৰা
নিজৰ গা-বচাই ঘুৰি অহাৰ কথা
সফলতাৰে কৈ কিদৰে ‘হাল্কা’ হয়, আপুনি জানেনে?
দেখেনে তিৰ্ বিৰ্ কৰিব নোখোজা চকুৰ টোপালবোৰ
এই কিশোৰীৰ চকুৰ নেদেখা নদীত সাঁতুৰি আহিবলৈ
আপোনাৰ দম থাকিব লাগিব
অথচ আপুনি লালি গুৰৰ কথা কয়

ইয়াত লালি গুৰৰ কি  দোষ, তেওঁ চেপেটা পিঠিত কঢ়িয়াই ফুৰা
ওপঙা ইতিহাসৰ মাজেৰে এবাৰ খোজ কাঢ়ক
আপুনি বুজিব তেওঁযে কিমান অসহায়,
চুলাই বিনে গতি নাই
ৰ’দ আৰু ব’ৰষুণৰ ফাঁকেৰে ৮ ঘণ্টাৰ ডিউটি কৰি
ঘৰলৈ অনা  ১৪৭ টকাৰ ১০ টকাৰহে
চুলাই খায় তেওঁ, ‘হাল্কা’ হয় ঘৰুৱা বোজাৰ

লাইনৰ বাহিৰত থকা ‘ফাল্টু’ শ্ৰমিকবোৰে
বস্তিৰপৰা বাগিচালৈ দৈনিক বাৰ-তেৰ কিলোমিটাৰ 
খোজকঢ়াৰ  কথাও ভাবিব এবাৰনহয়, 
তেওঁ খোজ নাকাঢ়ে, বেলি উঠাৰপৰা বেলি ডুবালৈকে
ঢপলিয়াই থাকে তেওঁ নন্ত বোজাৰ হাহাকাৰত

বিৰতিৰ নিমখ দিয়া চাহপানীটোপাৰ কথাভাবিব
আমাৰ দৰে তেওঁতো আৰু শীতল পানীয় নাখায়!  
পেটত ভাতমুঠি দেৰিলৈকে থাকক বুলিহে
উখোৱা চাউলৰ ভাত খায়
এনেয়েতো আৰৈ চাউলৰ কোনেনো বেয়া পায়
মাটিমাহৰ আঞ্জাত কিমান তৃপ্তি পায়
নদীত  পোৱা মাছক সুমিষ্ট পাচলি বুলি ভাবে
আপুনি জানেনে?

নিজৰ এৰি থৈ অহা  শিপা বিচাৰি ঝাৰখণ্ডত ধূলি-বালিত
অনাই-বনাই উভতি অহাৰ কথা এবাৰ ভাবিব
তেওঁৰ ওঁঠত ঘুৰি ফুৰা উৰিষ্যাত
বাঁহফুলাৰ আধা জীয়া আধা মৰা ইতিহাস শুনিব
শৰাধ কৰিবলৈ আমাৰ দৰে তেওঁৰতো আৰু
চৈধ্যপুৰুষৰ বিলাসী ইতিহাস নাই!

আপুনি কিয় লালি গুৰক দোষ দিছে
লালি গুৰৰ গুদামকাৰী গুপ্তাৰ  কথা কৈছে

চাহ শ্ৰমিকে চুলাই খোৱা বন্ধ কৰিবলৈ আহক
আমি চাহবাগিচাৰ নাৰী শ্ৰমিকৰ মৰ্যদাৰ কথা কওঁ
ঋতুস্ৰাৱত ব্যৱহাৰ কৰিবলৈ টয়লেট সাজি দিয়াৰ কথা কওঁ
৩৫০ টকাৰ হাজিৰাৰ দাবী তোলোঁ 
বাগিচাৰ কণ কণ শিশুবোৰে স্কুললৈ যোৱাৰ কথা কওঁ
কিশোৰীহঁতৰ চকুৰ নেদেখা নদীবোৰত সাঁতোৰ মেলোঁ

ন’হলে তেওঁ চুলাই খাবই
১০ টকাৰ চুলাই খাই ‘হাল্কা’ হবই
শ শ অথবা হাজাৰৰ হিচাপত মৰিবই

আৰু আপুনিও ‘হাল্কা’হে হ’ব উদঙাই লালি গুৰৰ
তৰাং উপখ্যান




ৰত্না ভৰালী তালুকদাৰ
২৪-০২-২০১৯
(২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত বিষাক্ত চুলাই মদ খাই ১৮৫ জন চাহ বাগিচাৰ শ্ৰমিকে মৃত্যুবৰণ কৰে।)   

8 comments:

  1. সুন্দৰ কবিতা! ধন্যবাদ জনালো আপোনাক চাঁহ - শ্ৰমিকৰ দুৰৱস্থাৰ কথা দাঙি ধৰাৰ বাবে

    ReplyDelete
  2. সচাকৈ ভাবিবলগীয়া কথা, দুখৰ কথা, কি দৰে চাহ শ্ৰমিকৰ ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰি চিন্তাৰ কাৰণ

    ReplyDelete
  3. অশেষ ধন্যবাদ।

    ReplyDelete
  4. Absolutely right story.we want permanent solution.

    ReplyDelete
  5. সুন্দৰ কবিতা। ভাল লাগিল

    ReplyDelete