Thursday 21 February 2019

শংকৰদেৱৰ আদৰ্শৰ নৱমূল্যায়নেই আসমীয়া জাতিক ৰক্ষা কৰিব




  1.  


অসমীয়া  মানুহে শ্ৰীমন্ত  শংকৰদেৱক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কয়। তেখেত যথাৰ্থতেই  সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া।  কিয়নো,  শংকৰদেৱেই  আধুনিক অসমীয়া  ভাষা  আৰু  সংস্কৃতিৰ এক অজৰ -অমৰ  ভেটি  নিৰ্মাণ  কৰি থৈ গৈছে। অসমীয়া ভাষা  আৰু সংস্কৃতিলৈ  শংকৰদেৱে যি  অতূলনীয়  অৱদান আগবঢ়াই থৈ  গৈছে , তাৰবাবেই    শংকৰদেৱৰ  পিছৰ  সাহিত্য  অথবা সংস্কৃতিৰ সাধকসকলে  নতুনকৈ  কষ্ট  কৰিবলগীয়া  হোৱা  নাই।   পূৰ্বপুৰুষে অসীম কষ্টৰে  দূৰ্ভেদ্য  হাবি -জংঘল  আঁতৰাই   ঘৰ   এখনৰ  মজবুত ভেটি  তৈয়াৰ  কৰি  থৈ  যায়,  তেতিয়া  সেই ভেটিৰ ওপৰত থিয়দঙা দিবলৈ উত্তৰপুৰুষে বেছি  কষ্ট  কৰিবলগীয়া নহয়। অসমীয়া জাতিৰ সৌভাগ্য যে, শংকৰদেৱে এই কাম তেতিয়াই কৰি থৈ গৈছে। 

পঞ্চদশ শতিকাত  হাবি-জংঘলেৰে  এইখন   অসমত  জন্মগ্ৰহণ  কৰা এজন মানুহে  কিদৰে  এই অসাধ্য সাধন কৰিব পাৰিলে  সেই  কথা ভাবি  আচৰিত হবলগীয়া হয়। কিদৰে শংকৰদেৱে  আহৰণ কৰিছিল  সেই দিব্যদৃষ্টি?  যি সময়ত  একৈশ শতিকাতো  আমি সত্তাৰ  পৰিচিতি'  বা  অন্তৰ্ভুক্তিকৰণ'ৰ দৰে  বিষয়ত  ৰাজনৈতিক আকাশ  উত্তাল  কৰি ৰাখিছোঁ -- সেই সময়ত  পঞ্চদশ শতিকাতে কিদৰে শংকৰদেৱে সম্ভৱ কৰি তুলিছিল   সকলো  জাতি-জনগোষ্ঠী-ধৰ্ম-বৰ্ণৰ লোককে সামৰি লৈ এক  সংহত  অসমীয়া  জাতি --  যাৰ আধাৰ আছিল  ভাষা, সাহিত্য, সংস্কৃতি  আৰু  সমাজগঠন ।   যাৰ  বাবে তেওঁ  আহৰণ কৰিছিল   গভীৰ  অন্তৰ্দৃষ্টি  আৰু  প্ৰজ্ঞা।  আমি  জানিব লাগিব যে, শংকৰদেৱে নেতৃত্ব দিবলগীয়া হৈছিল এখন নিৰক্ষৰ সমাজক, আজিৰপৰা কেইবাশ  বছৰৰ আগতে ।  তেওঁ য'লৈকে গৈছিল  হয়তোবা  খোজকাঢ়ি,  'হলে নাৱেৰে, সেই সময়ৰ  অসম অটব্য অৰণ্যৰে আগুৰা। যিখন সমাজক  শংকৰদেৱে  জ্ঞানৰ   পোহৰৰ আলোকেৰে আলোকিত কৰিবলগীয়া হৈছিল, সেই সমাজ আছিল  অন্ধকাৰ আৰু  কু-সংস্কাৰৰ গ্ৰাসত।  আকৌ, জীৱনৰ শেষ বয়সত কোচ ৰজাৰ পোৱা  আগ্ৰহৰ  বাহিৰে সমগ্ৰ জীৱনতেই তেওঁ    পাইছিল ৰজাঘৰীয়াৰ অত্যাচাৰ।  অত্যাচাৰৰ প্ৰকোপ ইমানেই বেছিআছিল যে,  মৰমৰ জোঁৱায়েকক  ৰজাই  হাতীৰে  গচকাই  মাৰি পেলাইছিল। তেওঁৰ নিজৰো অলেখ সৃষ্টি বনপোৰা জুয়ে গ্ৰাস কৰিছিল। কিন্তু ব্যক্তিগত জীৱনৰ এই  সন্তাপে  শংকৰদেৱক বিচলিত   কৰিব নোৱাৰিলে। অনাখৰী মানুহৰ মাজত জ্ঞানৰ গৰিমা বিলাই,  তেওঁলোকক এক উন্নত সংস্কৃতিৰে বান্ধি  জাতীয় চেতনাৰে  উজ্জীৱিত কৰি  বিশ্বৰ মানসত  এক  আত্মবিশ্বাসী জাতি হিচাপে অসমীয়াক  প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰেই তেখেতে কাম কৰি গ'ল। হয়,  শংকৰদেৱ  আছিল একশৰণ নামধৰ্মৰ  প্ৰৱৰ্তক। কিন্তু  কেৱল ধৰ্মীয় চেতনাৰ আৱৃত্তত  শংকৰদেৱে যি অতুলনীয় সাহিত্য আৰু সংস্কৃতিৰ সম্ভাৰেৰে  অসমীয়া জাতিৰ ভেটি ৰচনা কৰি থৈ গ', সেই  কথা  ভাবিলে আচৰিত লাগে।

আমি মনত ৰাখিব লাগিব যে, শংকৰদেৱে  এক উন্নত অসমীয়া  ভাষাৰ  প্ৰতিষ্ঠাৰে  সেই কাম কৰি থৈ গৈছে আজিৰপৰা কেইবাশ  বছৰৰ  আগতেই, অথচ বিদেশী নাগৰিক (সংশোধনী) আইন, ২০১৬ -ৰ আধাৰত বাহিৰৰ দেশৰপৰা  হিন্দু বাংলাদেশী আনি এই ৰাজ্যত প্ৰতিষ্ঠা কৰি অসমীয়া ভাষাক সংখ্যালঘূলৈ পৰিণত কৰাৰ বাবেই  ৰজাঘৰীয়া  চক্ৰান্ত কৰিবলৈ এতিয়াও এৰা নাই।  ইয়াৰ আগতেও বৃটিছৰ চক্ৰান্তত অসমীয়া ভাষা অসমৰ দ্বিতীয় ভাষালৈ পৰিণত হৈছিল।  বহুতেই  শংকৰদেৱৰ ভাষাক ব্ৰজাৱলী' অথবা প্ৰাচীন অসমীয়া ভাষা' বুলি  অভিহিত  কৰিব  খোজে,  কিন্তু  অলপ অধ্যয়ন কৰিলেই গম পোৱা যায় শংকৰদেৱ ভাষা কিমান আধুনিক। উদাহৰণস্বৰূপে, কীৰ্তনঘোষাৰ প্ৰথমটি  বাক্যৰ কথাকেই কব পাৰি-- প্ৰথমে  প্ৰণামো  ব্ৰহ্মৰূপী  সনাতন-- এই  বাক্যশাৰী ইমান আধুনিক যে, এতিয়াও কিছু সম্পৰীক্ষাৰে এই বাক্যশাৰীৰে এটা আধুনিক গল্প লিখি পেলাব পাৰি। হয়, শংকৰদেৱে কৈছে -- ধন্য ধন্য ভাৰতবৰিষে'  কিন্তু সেই ভাৰতবøত বাস কৰা অসংখ্য জাতিসত্তাৰ মাজৰ এজন হৈ, সেই জাতিসত্তাবোৰৰ  স্বাধিকাৰৰ কথা গৌৰৱেৰে সহিত্য, সংস্কৃতিত উপস্থাপনা কৰি -- কিয়নো তেখেতে জানিছিল যে, সৰ্বভাৰতীয়া সত্তা বুলি  আচলতে বিশেষ কিবা এটা নাই-- সকলো আঞ্চলিক সত্তাৰ সন্মিলিত ৰূপেই  বৃহৎ সৰ্বভাৰতীয়া ৰূপ। এখন   ফুলনিৰ  নানাৰঙী ফুলৰ দৰে।  সেয়েহে কীৰ্তনপুথিৰ স্বৰ্গৰ নন্দন-কাননৰ ৰূপ বৰ্ণণা  কৰিবলৈ যাওতে শংকৰদেৱে গভীৰ আত্মবিশ্বাসেৰে  অসমৰ গছ-বন-লতিকাৰ কথাকেই লিখি থৈ গৈছে। উত্তৰ ভাৰতীয় সংস্কৃতিৰে  তেওঁ  কৃষ্ণবন্দনা কৰা নাই, কৰিছে  অসমীয়া সংস্কৃতিৰে। যশোদাৰ চৰিত্ৰ অসমীয়া গ্ৰাম্যসমাজৰ নাৰী এগৰাকীৰ অংশহে।   শংকৰদেৱৰ সহিত্য আৰু সংস্কৃতিৰ অধ্যয়নে আমাক এটা কথাই শিকাই যে. কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনতো  সৰ্বভাৰতীয় সত্তাৰ আৱৰ্তৰ এই আঞ্চলকিতাবাদী  সত্তাটো  ভাৰতীয়  ইতিহাসত  সদায়েই  প্ৰাসংগিক হৈ   আছিল।  আৰু বৰ্তমানেও আছে।   দুখৰ  কথা  যে, এই আঞ্চলিকতাবাদী   আৱেগেই  এতিয়া  শাসকপক্ষৰ  কুটিল  ৰাজনীতিৰ  ঢাল ।  হিন্দুত্বৰ  আদৰ্শেৰে  ক্ষমতালৈ অহা   এই   শক্তিসমূহে আঞ্চলিকতাবাদী  আৱেগৰ ভিত্তিত ৰাজনৈতিক  ক্ষমতা দখল কৰি পিছমুহূৰ্ততে সেই আৱেগক  মষিমূৰ  কৰি  ৰাষ্ট্ৰীয়তাবাদৰ   ঢৌ জাপি  দিয়াৰ নামত   হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব   খোজাৰ   উদাহৰণ  এতিয়া  অজস্ৰ।  বিশেষকৈ  অসমত  কংগ্ৰেছৰ  পোন্ধৰ বছৰীয়া শাসনকালৰ অবাধ  দূৰ্নীতিৰ  অচিলা  লৈ আঞ্চলকিতাবাদী  শক্তিৰ  সমৰ্থন গোটাই  বিজেপি  দলে  ক্ষমতালৈ  অহাৰ পিছৰেপৰা  হিন্দুত্ববাদৰ  নামত   অসমীয়া  জাতি- ধ্বংসী  প্ৰক্ৰিয়াৰ  সুচনা কৰিছে।  আনহাতে  অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ  প্ৰাথমিক চৰ্ত হিচাপেই  হিন্দুত্ববাদী শক্তিসমূহে  অসমীয়া  জনমানসৰ চেতনাত ব্যাপ্তি থকা  উজ্জল  ব্যক্তিত্ববোৰক  অন্ধকাৰলৈ ঠেলি দিয়াৰো  ষড়যন্ত্ৰ ৰছনা ক ৰিছে।  

এই প্ৰচেষ্টাৰ  অংশ  হিচাপেই    অসমীয়া ভাষা- সাহিত্য - সংস্কতিৰ ভেটি  তৈয়াৰ কৰি  থৈ যোৱা    শংকৰদেৱক উৎখাত  কৰাৰ   নিৰলস  প্ৰচেষ্টা   চলিছে ।  দূৰ্ভাগ্যজনকভাৱে,   এই    শক্তিসমূহে  কুকুৰ- শৃগাল -গদৰ্ভৰো আত্মাৰাম বুলি  ইতৰ  প্ৰাণীকো সম-মৰ্যদা  প্ৰদান কৰা  শংকৰদেৱৰ   আদৰ্শক বিকৃত কৰিব  পাৰিলেই  অসমীয়া  আঞ্চলিকতাবাদৰ  আধাৰটি  বিকৃত  কৰিব  পৰা  যাব  বুলি  পতিয়ন  গৈছে।   কিন্তু  আচৰিত কথা যে, অসমীয়া জনমানসত স্থান লবৰ সময়ত  এই শক্তিবোৰে  পোনতে   শংকৰদেৱৰ নামকেই  ব্যৱহাৰ কৰিছে।  উদাহৰণস্বৰূপে,   Íব্বৰ  দশকৰপৰা  শংকৰদেৱ শিশু নিকেতন নামেৰে তেঁওলোকে যিবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়  গঢ়ি  তুলি অসমীয়া  মধ্যবিত্তৰ হৃদয়ত সোমোৱাৰ  পৰিকল্পনা কৰিছিল -- সেই  বিদ্যালয়বোৰ  যে  গাৰোৰ গোবিন্দ,  মুচলমানৰ  চান্দসাঁই,  নগাৰ নৰোত্তমৰ দৰে  বিভিন্নজনক আকোঁৱালি লোৱা   শংকৰদেৱৰ   উদাৰবাদী  আদৰ্শৰ   বিপৰীতে  মাথোন  হিন্দুত্ববাদৰ  কাৰখানাহে -- সেই  কথা  ইতিমধ্যেই  প্ৰতিপন্ন হৈ  গৈছে। দুখৰ   কথা  যে,  এই   কথাবোৰ পোহৰলৈ অহাৰ  পিছতো  হিন্দুত্ববাদী  শক্তিবোৰে      অসমীয়া আঞ্চলকিতাবাদী চেতনাৰে আলোকিত এচাম  মধ্যবিত্তক এতিয়াও নিৰন্তৰে   আকø  কৰিবলৈ  সক্ষম  হৈছে।  কবলৈ  'লে    অসমীয়া  জাতিৰ   বাবে  কঢ়িয়াই আনিছে   ভয়ানক দিনৰ অশনি সংকেত।  এনে  সময়ত  অসমীয়াৰ জাতীয় চেতনাত  শতিকাজুৰি  পোহৰ  বিলাই অহা  এই  কাণ্ডাৰীসকলৰ জীৱন দৰ্শন  আৰু  তেঁওলোকৰ সৃষ্টিকৰ্ম  গভীৰভাৱে  অধ্যয়ন কৰি  তাৰ পোহৰত জাতিৰ  উন্নয়নৰ  দিশ নিৰ্ণয় কৰাটো অতিশয়  জৰুৰী হৈ পৰিছে। 

ত্ৰয়োদশ শতিকাত অসমলৈ  অহা বিচক্ষণ  ৰাজনীতিবিদ   চুকাফাই  যিদৰে   ৰাজনৈতিক ক্ষেত্ৰত ৰাজ্যখনত  সাত ৰাজ মাৰি এক ৰাজ স্থাপন কৰিবৰ বাবে উদ্যোগ লৈছিল, সেইদৰে ১৪৪৯  চনত জন্ম  গ্ৰহণ  কৰা  শংকৰদেৱে  উদ্যোগ লৈছিল  সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰত  অসমীয়া জাতিক  ন- কৈ  গঢ়াৰ  সংকল্প।  শংকৰদেৱৰ আদৰ্শ গ্ৰহণ  কৰা  বহুতেই , আৰু  আনকি   প্ৰগতিশীলসকলৰো  একাংশই  আজি   শংকৰদেৱৰ পৰিছয়  মাথো  এজন ধৰ্মগুৰুৰ  পৰিসৰতে আৱদ্ধ কৰি ৰাখিব খোজে। কিন্তু শংকৰদেৱে অসমীয়া সমাজক দিয়া নাই কি·  আসমীয়া  ভাষা - সংস্কৃতি - সাহিত্য  সকলোতে এক নৱজাগৰণৰ  সৃষ্টি  কৰি সেই  কালতেই   অসমীয়া  জাতিৰ  নৱনিৰ্মাণৰ   সৌধ নিৰ্মাণ কৰি  থৈ   গৈছে  এইজন পুৰুষে। আজিৰ  কঠিন ৰাজনীতিৰ  সময়ত   শংকৰদেৱৰ  সাহিত্য  অধ্যয়নৰ  গুৰত্ব  এইবাবেই  প্ৰাসংগিক  আৰু অপৰিসীম যে,  তেখেত  নিজে   আদৰ্শগতভাৱে  সৰ্বভাৰতীয়  সত্তা হোৱাৰ  পিছতো  আঞ্চলকিতাবাদী  সত্তাৰেহে  সমুজ্জল।   আজিৰ এচাম আঞ্চলিকতাবাদী অসমীয়া  মধ্যবিত্তই  ৰাষ্ট্ৰীয়তাবাদৰ দোহাই  দি ধৰ্ম সংপৃক্ত ৰাজনীতিৰ আওতাৰে   হিন্দুত্ববাদৰ  শৰণাপন্ন হোৱাৰ সময়ত এই কথা যিমানেই সোনকালে উপলব্ধি কৰে অসমীয়া জাতিৰ  বাবে  সিমানেই  মংগল।  কেৱল  সাহিত্য  ৰ্কমৰ  মাজতেই  এই  আঞ্চলিকতাবাদী চৰিত্ৰক  প্ৰতিপন্ন কৰাত আৱদ্ধ  নাৰাখি তেখেতে  যি  সাংস্কৃতিক সমল দি থৈ গৈছে তাতো ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠাক সম - মৰ্যদাৰে প্ৰতিষ্ঠা  কৰি  থৈ  গৈছে।   সাহিত্যৰ ক্ষেত্ৰতো তেখেতে এক  আধুনিক  অসমীয়া ভাষাৰ সৃষ্টি   কৰি থৈ গৈছে। তেখেত  নিজে  সংস্কৃতৰ  এজন  বিদগ্দ্ধ  পণ্ডিত আছিল । ভাৰত ভ্ৰমণৰ সময়ত দেশৰ আগশাৰীৰ সংস্কৃত পণ্ডিতসকলৰ সৈতে তেখেতৰ সাক্ষাতো হৈছিল। অথচ উভতি আহি তেখেতে সাহিত্য সৃষ্টি   কৰিলে  অসমীয়া  মানুহে ব্যৱহাৰ কৰা আইৰ মুখৰ ভাষাৰে ।  কীৰ্তনঘোষাৰ  ভাষা  আজিও  আধুনিক।  কিন্তু কীৰ্তনঘোষাৰ  বহু শতিকাৰ  পিছত  প্ৰাকশিত  আৰুণোদই' আলোচনীত  প্ৰাকশিত  অসমীয়া ভাষাৰ গদ্যৰূপ আজি আমাৰ মাজত চলতি কৰিব পাৰিম জানো·   অসমীয়া ভাষাৰ  প্ৰকাশিকা   শক্তিৰ  এই  কালিকাৰ  প্ৰতি  শংকৰদেৱ কেনেকৈ  বা   কিদৰে  ইমান আত্মবিশ্বাসী  হৈ  পৰিল·   এই  ভাষা তেখেতে  কিদৰে  আয়ত্ত  কৰিব   পাৰিলে যে,  আনকি   পঢ়বি নজনা  অনাখৰীজনেও শুনি শুনিয়েই  কীৰ্তন- ঘোষাৰ  পদ  সলসলীয়াকৈ কব পৰা হ'·  হয়তো  প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ কালতেই তেখেতৰ  সংযোগ ঘটিছিল  ভাৰতৰ  অঞ্চলে- অঞ্চলে,   প্ৰান্তে - প্ৰান্তে   বাস  কৰা  ভিন ভিন  জনপদৰ সৈতে। এই  জনপদসমূহৰ  মুখৰ  ভিন  ভিন  মাত - কথা, তেঁওলোকে বহন কৰা  সংস্কৃতিৰ  সৌৰভ, প্ৰাণৰ স্পন্দনে   তেখেতক অভিভূত   কৰি ৰাখিছিল আৰু  অগাধ  প্ৰতিভাধৰ  এই বিস্ময়-পুৰুষজনে  তেতিয়াই  হয়তো  পতিয়ন গৈছিল যে, মহান ভাৰতবৰ্ষৰ আত্মা প্ৰকৃততে  এই আঞ্চলিক সত্তাবোৰৰ  পোহৰত উজলি  উঠা এছটা  বৰ্ণচ্ছটাহে ।

সেয়েহে শংকৰদেৱে যেতিয়া   কীৰ্তন-ঘোষাৰ  হৰমোহন' স্বৰ্গৰ নন্দন -কাননখন আঁকিলে বা বৰ্ণণা কৰিলে, ইন্দ্ৰ আদি দেৱতাই  বাস কৰা  সেই নন্দন- কাননখনৰ  তৰু -তৃণ- লতিকাৰ  তেঁও বিৱৰণ দিলে অসমৰেই  হাবিয়ে -বননিয়ে পোৱা তৰু-তৃণ-লতিকাৰ বৰ্ণণাৰে --

পাছে ত্ৰিনয়ন           দিব্য উপবন
দেখিলন্ত বিদ্যমান 
ফল ফুল ধৰি            জকমক ক ৰি  
আছে যত বৃক্ষমান।।
শিৰিষ সেউতী        তমাল মালতী
লবংগ বাগি গুলাল 
কৰবীৰ বক         কাঞ্চন চম্পক 
ফুল ভ ৰে ভাঙ্গে ডাল।।  
শেৱালি নেৱালি          পলাশ পাৰলি
পাৰজিাত যূতি জাঁই, 
বকুল বন্দুলি          আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই।।

সেইদৰে গজেন্দ্ৰ উপাখ্যানত পোৱা যায় আসমৰ হাবিৰ বন- বিৰিখৰ নিৰন্তৰ  বৰ্ণণা  -

শাল তাল তমাল মন্দাৰ পাৰিজাত
চম্পক আশোক আনো  পুষ্প অসংখ্যাত।।
আম জাম লেবু জৰা জামীৰ খাজুৰি

বলে নাৰকিল তাল তাম্বুল পাকৰি।।
অগৰু চন্দন পদ্ম সৰল সোণাৰু।
আৰো যত তৰু তৃণ সৱে  কল্পতৰু।।

আকৌ,  প্ৰকৃতিৰ নিভাঁজ কোলাত বাস কৰা সহজ -সৰল অসমীয়া মানুহৰ চেতনাত তেঁও  ধৰ্মৰ  বাগাড়ম্বৰ কাৰ্যক্ৰমণিকা  পৰিহাৰ কৰি  প্ৰতিষ্ঠা থৈ  গৈছে এক দেউ এক সেউ, এক বিনে নাহি  কেউ  নীতিৰে  একশৰণ ভাগৱতী ধৰ্ম -  যাৰ  আধাৰত  আছে কৃষ্ণ -চেতনা।  শংকৰদেৱে  আমাক  দি  থৈ যোৱা এই কৃষ্ণ চেতনা কিন্তু  আচৰতিধৰণে অতিশয় সৰল, আমাৰ  নিচেই  আপোন  শিশু কৃষ্ণ হে । যাক  মাতৃ  যশোদায়ো গালি পাৰে এনেদৰে -  ভাণ্ড ভাঙ্গি আৰে  যাইবো কোথা,  খাইবো আজি কৃষ্ণ তোৰ মাথা  (শিশু লীলা, চতুৰ্থ খণ্ড) । এই  যশোদা অচিনাকি   বৃন্দাবনৰ  নন্দ জায়া নহয়, তেঁও যেন  আমাৰ গাঁওখনৰেই  এজনী সৰল তিৰোতা।  এনে অলেখ উপাদানেৰে শংকৰদেৱৰ সাহিত্য সম্ভাৰ  সমৃদ্ধ। সৰ্বভাৰতীয় চেতনাৰ  এই  আঞ্চলকিতাবাদী  ৰূপসজ্জাৰ মাজেৰেই উন্নত সাংস্কৃতিক চেতনাৰ প্ৰৱাহৰ  যি ডাল ডোলেৰে  শংকৰদেৱে  অসমীয়া জনজীৱনক বান্ধি থৈ গৈছে , তাৰ বলতেই সংকটকালত এই  জাতিয়ে  বাৰে বাৰে সঞ্জীৱনী  সুধা  আহৰণ  কৰি  সাৰ পাই  উঠিছে। 

কেৱল  সাহিত্যৰ  উপজীৱ্যতেই  নহয়, শংকৰদেৱে প্ৰৱৰ্তন কৰা সত্ৰীয়া নৃত্যত বড়োসকলৰ বাগৰুম্বা, মিচিংসকল  বিহুৰ লগতে বিহু নাচৰ চেৰেকীপাকৰ সমন্বয় আদিৰ বিষয়ে গৱষেকসকলে বিস্তৃতভাৱে  গৱেষণা কৰিছে। আজি এই কথা বিস্ময়েৰে লক্ষ্য কৰি আমি শংকৰদৱেৰ প্ৰতি শ্ৰদ্ধানত হৈ পৰোঁ যে,  যিসময়ত  ভাৰতবøৰ ভাৰত নাট্যম,  কোচি পুড়ীকে ধৰি  সকলোবোৰ ধ্ৰুপদী নৃত্য বিলুপ্ত হৈ  যোৱাৰ  পিছত  মন্দিৰৰ মূৰ্তিৰ ভংগী আদি ওপৰত  গৱেষণা কৰি  নতুনকৈ মুদ্ৰাবোৰ  ৰছনা কৰিবলগীয়া হৈছিল -- সেই একেসময়তে কিন্তু অসমৰ সত্ৰৰ সাৰিসীমাৰ  ভিতৰত সত্ৰীয়া  নৃত্য  এক জীৱন্ত  ধাৰা  হিচাপে লেঠাৰি-নিচিগাকৈ  নিৰৱচ্ছিন্নভাৱে  পৰিবেশিত হৈ  আহিছিল,  সত্ৰসমূহৰ তীব্ৰ  আৰ্থিক সংকট স্বত্বেও।  অলেখ বান, গৰাখহনীয়া, আৰ্থিক দুৰাৱস্থাৰ মাজতো   শংকৰদেৱে  আমাক   দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ বৰঘৰৰ এই মেটমৰা  সম্ভাৰ  অসমীয়া জাতিয়ে হৰণ- ভগণ  হবলৈ নিদিয়াকৈ  সযতনে ৰাখিছে।    অথচ, আজি সত্ৰৰ বৰঘৰৰ মজিয়াতে শংকৰদেৱৰ চেতনা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰছনা কৰি কৃষ্ণ-চেতনাৰ  বিপৰীতে ৰাম'ৰ চেতনাক ব্যাপ্ত কৰা হৈছে।  অথচ  এই  ৰাম'  কিন্তু আমাৰ -  পৰম্পৰাৰ প্ৰজাবৎসল ৰাম নহয় -- এই  ৰাম' হিন্দুত্ববাদী এজেণ্ডাৰ  সংকীৰ্ণ  চেতনাৰ পৰা উদ্ভ²ত ।    শংকৰদেৱৰ  শিশু- কৃষ্ণ  চেতনাৰ  বিপৰীতে  হিন্দুত্ববাদী শক্তিয়ে আমদানি কৰা   এই ৰাম'  কিন্তু   আমাৰ  বাবে পৰিচিত নহয় -- আচহুৱা।  এই হিন্দুত্ববাদী ৰাম'ৰ চেতনাত  কিমান  দূৰ সুৰক্ষিত  হৈ ৰ'ব আমাৰ জনজাতীয়সকল,  অন্ত্যজ বৰ্ণহিন্দুসকল,  দলিতসকল,  ধৰ্মীয় সংখ্যালঘূসকল   আৰু সমাজৰ অৰ্ধেক অংশ নাৰীসমাজ --  হিন্দুত্ববাদী  শক্তিসমূহে  ভাৱে  যে   শংকৰদৱেৰ চেতনাক অসমীয়াৰ মনৰপৰা উৎখাত কৰাত  সফল  'লেই   জাতিটোক তেঁওলোকে  থান- বান কৰি পেলাবলৈ  বিশেষ কষ্ট  কৰা প্ৰয়োজন নাথাকিব। সেয়েহে   তেঁওলোকে   সত্ৰনগৰী' হিচাপে  খ্যাত  বৈষ্ণৱ  সংস্কৃতিৰ নাভিকেন্দ্ৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ  বসতিভূমি   মাজুলীৰ  চিৰ-পৰচিতি  পৰিচিতি  সলাই তেঁওলোকে তাৰ ৰূপ দিব  খুজিছে     আধ্যাত্মিক নগৰী'  বুলি।  ৰজাঘৰৰ  আশীৰ্বাদপুষ্ট হৈ   শংকৰদেৱৰ চেতনাক উৎখাত কৰিবলৈ  বৈষ্ণৱ সংস্কৃতিৰ  নাভিকেন্দ্ৰ   মাজুলীৰপৰাই  আৰম্ভ কৰা হৈছে  প্ৰয়াস। 

এনে জটিল ক্ষণত  শংকৰদেৱৰ আদৰ্শক নতুনকৈ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এটা সময়ত গঢ় লৈ উঠা শংদৰদেৱ সংঘৰ দৰে অনুষ্ঠানৰ সৈতে জড়িতসকলৰ  কৰ্তব্যও গধূৰ।    এই  লেখক নিজেও শংকৰ সংঘৰ সদস্যৰ পৰিয়ালৰ । আমাৰ  দেউতা প্ৰয়াত মুহিধৰ ভৰালী সংঘৰ শৰণ সদস্য আছিল আৰু  বহু বছৰ ধৰি মূল্যৰ সদস্য হিচাপেও আছিল। আজিৰ জটিল সন্ধিক্ষণত শংকৰদেৱৰ  আদৰ্শক  সঠিকভাৱে প্ৰতিফলিত কৰাত শংকৰ সংঘ কিমান সফল হৈছে সেই কথাৰ বিচাৰ শংকৰ সংঘৰ সদস্যসকলে, বিশেষকৈ যুৱসকলে কৰি চাব লাগিব। শংকৰদেৱৰ আদৰ্শৰ মৰ্মত সোমাই তাৰ শাহ আৰ সাৰ- বস্তু যুগৰ উপযোগী কৰি নতুন চিন্তাৰে  আৰু উদাৰভাৱে সমাজৰ মাজলৈ নিব  পাৰিব লাগিব  নতুন পোহৰেৰে, উাদৰভাৱে।  এসময়ত শংকৰদেৱে  বুকুত সুমুৱাই লোৱা  জনজাতীয়  ভাইসকল কিয় আঁতৰি গৈছে   সেই কথা ফঁহিয়াই চোৱাৰ আজি  প্ৰয়োজন আছে।  সংঘৰ  প্ৰতিষ্ঠাতা সোণাৰাম চুতীয়াদেৱৰ আদৰ্শকো আমি নতুনকৈ বিচাৰ কৰিব  লাগিব। তেখেতৰ গভীৰ আদৰ্শনিষ্ঠা, কৰ্মোদ্যম, সাধাৰণ অসমীয়া  মানুহৰ মাজৰ শংকৰদেৱক নতুনকৈ আৱিস্কাৰ কৰোৱাৰ  যি হেঁপাহ  আৰু  আকুলতা  তাক  আমি  বুজিবলৈ চেষ্টা কৰিব লাগিব। এটা সময়ত  অলেখ বাপ- বান্ধৱে দিন- ৰাতি একাকাৰ  কৰি  এশেষ  কষ্টৰে  এই সংঘৰ ভেটি ৰছনা কৰি  থৈ  গৈছে। এই সকলোবোৰৰে  নৱমূল্যায়নেৰে  শংকৰ  সংঘই  জাতীয় জীৱনত নতুন আশাৰ সঞ্চাৰ কৰক, তাকেই কামনা কৰিছোঁ।

------
-- ৰত্না ভৰালী তালুকদাৰ
২২-০২-১৯

No comments:

Post a Comment