Monday 4 February 2019

ঋতুস্ৰাৱ-- চাহ বাগিছাৰ নাৰীশ্ৰমিকৰ অধিকাৰ আৰু মৰ্যদাৰ এটি প্ৰশ্ন





ভাৰতবর্ষৰ  অতি  গুৰুত্বপূৰ্ণ পদক্ষেপ  স্বচ্ছ ভাৰত অভিযানৰ   এটা  স্পৰ্শকাতৰ বিষয়  হৈছে   মহিলাৰ  ঋতুস্ৰাৱজনিত  স্বাস্থ্য। কেৱল ভাৰতবৰ্ষই নহয়,  সমগ্ৰ বিশ্বতেই  মহিলাৰ  ঋতু স্ৰাৱজনিত স্বাস্থ্যৰ কথাটোত এতিয়া বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে,  কিয়নো এই সময়ত নাৰী এগৰাকীয়ে স্বাস্থ্যৰ ক্ষেত্ৰত  পাবলগীয়া  যতনৰ ওপৰতে বহুপৰিমাণে  নাৰী  স্বাস্থ্যৰ কথাটো নিৰ্ভৰ কৰে।  আৰু পৃথিৱীৰ  মানুহৰ আধা অংশই নাৰী ।  আমাৰ  ভাৰতীয় সমাজত ঋতুস্ৰাৱৰ  দৰে বিষয়টো  অতি স্পৰ্শকাতৰ দিশ  আৰু  পুৰুষসকলে এই  দিশটো এতিয়াও  এক  নিষিদ্ধ  আচাৰ বুলিয়েই  আওকাণ  কৰি আহিছে।  ঋতুস্ৰাৱৰ সমস্যাবোৰৰ  বিষয়ে  ঘৰুৱাভাৱে  আৰু  বিভিন্ন মেল - মিটিঙত  আলোচনা কৰাটো এতিয়াও এক নিষিদ্ধ  কথাৰ দৰেই হৈ  আছে।  এই নিবন্ধৰ  প্ৰস্তুত কৰাৰ  এটি  প্ৰধান উদ্দেশ্য হৈছে  ঋতুশ্ৰাৱৰ সমস্যাৰ  ওপৰত আলোকপাত কৰাৰ সমান্তৰালভাৱে  এই  সময়চোৱাত নাৰী  এগৰাকীয়ে পাবলগীয়া  অধিকাৰ  আৰু  মৰ্যদাৰ দিশটোৰ ওপৰতো   কিছু  পোহৰ পেলোৱা। আমাৰ দেশত   যিবোৰ পৰিয়াল কিছুপৰিমাণে   উচ্চশিক্ষিত আৰু  প্ৰগতিশীল মনোভাৱৰ,   তেনেকুৱা   কোনো  কোনো  পৰিয়ালতহে  নাৰীৰ  ঋতুস্ৰাৱজনিত স্বাস্থ্য  আৰু পৰিচ্ছন্নতাৰ দিশটোৱে   কিছু  মনোযোগ  লাভ কৰে ।   সামগ্ৰীকভাৱে  আমাৰ দেশত  নাৰী  এগৰাকীয়ে  ঋতুস্ৰাৱৰ সময়চোৱাত পাবলগীয়া অধিকাৰ আৰু  মৰ্যদাৰ  দিশটোৰ  কথা আমি  বহুতেই  ভাবি   নাচাওঁ।

আমি ভাবি নাচাওঁ সেইসকল কৰ্মৰত নাৰীৰ বিষয়ে,  যিসকলে কোনো উদ্যোগক্ষেত্ৰত দৈনিক  আঠঘণ্টাকৈ  কাম কৰে, কেতিয়াবা অভাৰ টাইম' হিচাপত  অধিক সময়ো  কাম কৰে,  অথচ  তেওঁলোকৰ   বাবে  কৰ্মক্ষেত্ৰত  নাথাকে শৌচাগাৰ,  নাথাকে  বিশুদ্ধ পানীৰ যোগানৰ দৰে ব্যৱস্থা ।   তেনে  বহুতো কৰ্মক্ষেত্ৰলৈ নাৰী শ্ৰমিকসকলে ছয়- সাত কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি  যায়, আনকি ঋতুশ্ৰাৱৰ সময়তো।

উদাহৰণস্বৰূপে,   অসমৰ   সংগঠিত  উদ্যোগ  খণ্ডৰ  আটাইতকৈ   বৃহৎ  উদ্যোগ  হিচাপে  চাহ উদ্যোগৰ কথাকেই কব  পাৰি।  দেশৰ মুঠ চাহৰ ৫০ শতাংশৰো অধিক  চাহ উৎপাদন কৰা  চাহ  উদ্যোগে  অসমৰ  মুঠতে  ১১ লাখ  শ্ৰমিকক   স্থায়ী আৰু  অস্থায়ী  ভিত্তিত নিয়োজিত  কৰিছে। আন উদ্যোগক্ষেত্ৰসমূহৰ  ব্যাপক কৰ্মসংকোচনৰ পিছতো  অসমৰ চাহখণ্ডত এতিয়াও  এই  বিপুল সংখ্যক শ্ৰমিকে  কৰ্মংস্থাপনৰ সুযোগ পাইছে। এই  বিপুল শ্ৰমিকৰ অধিক অংশই,   অৰ্থাৎ  প্ৰায়    লাখ  মহিলা শ্ৰমিক। ইয়াৰে ৩ লাখ  মান স্থায়ী  আৰু   বাকীসকল  অস্থায়ী  শ্ৰমিক। চাহ  উদ্যোগত  কাম  কৰা  এই মহিলাসকলে দৈনিক আঠঘণ্টাকৈ কাম কৰে। অস্থায়ী  শ্ৰমিকসকলে মাথোন পাত তোলাৰ  সময়ত বাগানত কাম কৰাৰ বিপৰীতে স্থায়ীসকলে  আন সময়তো বাগান চাফ - চিকুণ কৰা,  কলম দিয়া আদি বিভিন্ন  কামত  বাৰমাহেই  বাগানত  কাম কৰাৰ  সুবিধা পায়।স্থায়ী-অস্থায়ী অথবা পুৰুষ-মহিলা নিৰ্বিশেষে সকলো শ্ৰমিকে দৈনিক আঠঘণ্টা কাম কৰাৰ  বিনিময়ত লাভ কৰে ১৪৭ টকাৰ  হাজিৰা  আৰু  সামান্য ৰেচন। বহুতো শ্ৰমিকে বাগানৰ লাইনত বাস  কৰিলেও অধিক সংখ্যকেই  বাগানৰ বাহিৰত সামান্য পৰিমাণৰ  মাটি  কিনি  গাওঁ পাতি বসতি  কৰিবলৈ আৰম্ভ কৰিছে। এই  গাওঁবোৰৰপৰাও বহুতো পুৰুষ-মহিলাই বাগনত ফাল্টু'  অৰ্থাৎ   অস্থায়ী শ্ৰমিক হিচাপে  কাম কৰে। এনে বহুতো নাৰী  শ্ৰমিকে এই সামান্য টকাৰ মজুৰিত  কাম কৰিবলৈকে দিনে ছয়-সাত কিলোমিটাৰ পৰ্যন্ত  খোজকাঢ়ি  কৰ্মক্ষেত্ৰলৈ  যায়।  

এই নিবন্ধ  লিখকে একচন-এইড নামৰ সংস্থাটিৰ উদ্যোগত  পিপলচ একচন  ফৰ ডেভেলপমেণ্ট  নামৰ সংস্থাটিয়ে  লখিমপুৰ জিলাৰ কেইবাখনো  চাহ  বাগিছাৰ  নাৰী শ্ৰমিকসকলৰ মাজত  দুুবছৰ ধৰি  ঋতুস্ৰাৱজনিত   স্বাস্থ্য  আৰু  পৰিচ্ছন্নতা সম্পৰ্কে   চলোৱা  সজাগতাৰ ওপৰত   যোৱা মে'  আৰু  চেপ্তেম্বৰ  মাহত  কিছু   অধ্যয়ন  কৰাৰ   সময়ত  নাৰী শ্ৰমিকসকলে  এই সময়চোৱাত  কৰ্মক্ষেত্ৰত   সন্মুখীন হৈ অহা  অতি  মৰ্যদাহানিকৰ  চিত্ৰ এখন  পৰিস্ফুট  হৈ উঠিছিল। এই অধ্যয়নৰ   সময়চোৱাতে দেখা গৈছিল  যে  উক্ত সংস্থা  দুটাৰ  নিৰৱচ্ছিন্ন  সজাগতাৰ   ফলত  চাহ  বাগিছাৰ  নাৰী  শ্ৰমিকসকল ঋতুস্ৰাৱজনিত  স্বাস্থ্য, পৰিচ্ছন্নতা আৰু মৰ্যদা  সম্পৰ্কে  যথেষ্টই  সচেতন  আৰু  সজাগ ।  যদিও,   বাস্তৱতে তেওঁলোকে কৰ্মক্ষেত্ৰত  লাভ কৰে   আন এক   অভিজ্ঞতাহে ।  একোখন  বাগিছাত পাত চিঙাকে  ধৰি আন কামত এই নাৰীসকলে দিনৰ মুকলি আকাশৰ তলত   'দৰ  তাপ মূৰত লৈ দিনটো   কাম  কৰে। ডেৰশ বা   দুশজনীয়া   একোটা  দলত কাম কৰা  এই   নাৰীসকলে  প্ৰস্ৰাৱ কৰা  বা   পৰিস্কাৰ  হোৱাৰ বাবে  বাগিছা কতৃপক্ষই   আজিলকে   কৰ্মস্থলীত   পানী   যোগান ধৰাৰ কথা নাবাবিলে।কৰ্মক্ষেত্ৰত  শৌচালয়ৰ  ব্যৱস্থাও  কৰি  দিয়া  নাই।  এনেক্ষেত্ৰত মুকলি  বাগিছাত ৰ'দৰ তলত দিনটো কাম কৰা নাৰী শ্ৰমিকসকলে  ঋতুস্ৰাৱৰ দিনকেইটা  কেনেদৰে পাৰ কৰিবলগীয়া হয়,  সেই  কথা  অনুমান  কৰি লবলৈ টান নহয়।  উল্লেখযোগ্য যে  একচন- এইড  আৰু পিপলচ একচন  ফৰ ডেভেলপমেণ্ট -এ  সাত বছৰ ধৰি   ধৰি  আদিবাসীসকলৰ উন্নয়নৰ কাম কৰি আহিছে।

আমাৰ সৈতে  হোৱা  মত বিনিময়ৰ সময়ত নাৰী শ্ৰমিকসকলে কয় যে, তেওঁলোকে কাম কৰাৰ সময়ত   বাগিছাৰ  বাবু আৰু  চৰ্দাৰসকলে  কেনেবাকৈ কামত  ফাঁকি  দিব  পাৰে  বুলি   অহৰহ  নীৰিক্ষণ  কৰি  থাকে, আৰু কামৰ সময়ত প্ৰস্ৰাৱ কৰিব লাগিলেও  নাৰীসকলে কিছু  আওহতীয়াকৈ বাগিছাৰ  নলাতেই,   একপ্ৰকাৰ বাবু আৰু  চৰ্দাৰসকলৰ সন্মুখতেই  সেই  কাম কৰিবলগীয়া হয়।  অতি কম উপাৰ্জনেৰে চলিবলগীয়া হোৱাৰ বাবে এই নাৰী শ্ৰমিকসকলে চেনিটেৰী নেপকিন কিনাৰ অৱকাশ নাথাকে ।  ঋতুস্ৰাৱ সম্পৰ্কীয়া সচেতনতাৰ বাবে তেওঁলোকে এতিয়া  পৰিস্কাৰ  কাপোৰেই ব্যৱহাৰ কৰে। কিন্তু  এই সময়ত  অতি বেছি  ৰক্তক্ষৰণ  'লে কেনেবাকৈ  কাম কৰি থকাৰ সময়তে  পৰিস্কাৰ  'বলগীয়া  হলেও  এই  শ্ৰমিকসকলে বাবু অথবা চৰ্দাৰসকলৰপৰা কিছু দূৰলৈ গৈ বাগিছাৰ  নলা ব্যৱহাৰ কৰিবলৈ বাধ্য  হয়, 'ত সামান্য পানীও নাথাকে --যি কথা তেওঁলোকে  অতিশয় মৰ্যদাহানিকৰ বুলি বিবেচনা কৰে।  নাৰী  শ্ৰমিকসকলে  ঋতুস্ৰাৱৰ   সময়ত  পলিথিনৰ বেগত  কিছু  কাপোৰ লৈ যায়, যাতে প্ৰয়োজনত সেয়া ব্যৱহাৰ কৰিব  পাৰে। আনহাতে,  সামান্য   গাফিলতি হ'লেই বাবু অথবা  চৰ্দাৰসকলে অতি   মৰ্যদাহীন  ভাষা প্ৰয়োগ কৰি তেওঁলোকক অপমান কৰে বুলিও  নাৰী শ্ৰমিকসকলে জানিবলৈ দিয়ে। ঋতুস্ৰাৱজনিত  পৰিচ্ছন্নতা  আৰু স্বাস্থ্য সচেতনতা  লাভ কৰাৰ পিছত    তেওঁলোকে এতিয়া  বাগিচাত শৌচাগাৰ  নিৰ্মাণ কৰাৰ লগতে  আৰু বিশুদ্ধ  পানীৰ যোগান ধৰিবলৈ সময়ে  সময়ে দাবী জনাই আহিলেও কতৃপক্ষৰপৰা উপলুঙাৰ বাহিৰে আন একো নাপায়।  যিসকলে অস্থায়ীভিত্তিত কাম কৰে, তেওঁলোকে যিকোনো সময়ত কামৰপৰা খেদা খোৱাৰ ভয়ত বাগিছা কতৃপক্ষক দাবী  জনাবলৈ ভয় কৰে। উল্লেখযোগ্য যে, বাগিছাৰ সঞ্চালককে ধৰি আন বিষয়ববীয়াক কতৃপক্ষই   তেওঁলোকৰ নিবাসত  দুই- তিনিটাকৈ  স্নানাগাৰৰ  সুবিধা প্ৰদান কৰিছে । কিন্তু  'দে - ব'ৰষুণে মুকলি বাগিছাত  পাত  চিঙি      দুহাতৰ আঙুলিৰে   সমগ্ৰ  চাহ   উদ্যোগটো  জীয়াই ৰখা  নাৰী  শ্ৰমিকসকলৰ  ঋতুস্ৰাৱ  সম্পৰ্কীয় পৰিচ্ছন্নতা, অধিকাৰ আৰু  মৰ্যদাৰ লগতে  গোপনীয়তাৰ দিশটো  বাগিছাৰ  কতৃপক্ষই  আজিও  মানৱীয়তাৰে বিচাৰ কৰা নাই।নাৰী শ্ৰমিকসকলে গা বেয়া লাগিলেও যিকোনো পৰিস্থিতিৰ বিনিময়ত  কাম খতি  কৰিব নোখোজে, কিয়নো  দুবেলা দুসাজ উলিয়াবৰ  বাবে   তেওঁলোকে প্ৰতিটো দিনৰ   উপাৰ্জনৰ ওপৰত নিৰ্ভৰ  কৰিবলৈ   বাধ্য।   ঋতুস্ৰাৱৰ  সময়তো দৈনিক ১২- ১৩ ঘণ্টাকৈ খোজকাঢ়ি আঠ ঘণ্টা মুকলি ৰ'দত কাম কৰা এই নাৰী শ্ৰমিকসকল -- যাৰ দুহাতৰ আঙুলিয়ে   ছিঙা এটি কলি দুটি পাত ১  ওপৰতেই  চলি  আছে ভাৰতৰ ৫০ শতাংশতকৈও অধিক চাহৰ বজাৰখন, তেওঁলোকৰ  প্ৰতি কতৃপক্ষৰ  দায়িত্বৰ  প্ৰমাণ এয়াই।  
ভাৰতীয় সমাজত সাধাৰণতে ঋতুস্ৰাৱৰ সময়ত নাৰীয়ে পাকঘৰৰ কাম নকৰে যদিও এগৰাকী চাহ  বাগিছাত  কাম কৰা এগৰাকী  আদিবাসী নাৰীয়ে  এইকণ আৰামো নাপায় আৰু বাগিছালৈ যোৱাৰ আগতে আৰু উভতি আহি পাকঘৰৰ কামতো ব্যস্ত  হবলগীয়া হয়। এই কথাই তেওঁলোৰ স্বাস্থ্যৰ ওপৰত কেনে বিষয় প্ৰভাৱ পেলায় সেয়া সহজেই অনুমান কৰিব পাৰি।

যিসকল নাৰী শ্ৰমিক বাগিছাৰ  লাইনত থাকে, তেওঁলোকৰো সমস্যাৰ শেষ নাই।  তেওঁলোকৰো ১০-১২ ঘৰৰ পৰিয়াল একোটাৰ মাজত  কতৃপক্ষই  একোটা কুঁৱা অথবা দমকলৰ ব্যৱস্থা কৰি দিছে।  লাইনত গা- ধোৱা ঘৰৰ ব্যৱস্থা নথকাৰ বাবে ঋতুশ্ৰাৱৰ সময়তো  মহিলাসকলে ৰাতিৰ এন্ধাৰতে উঠি  কুঁৱা  অথবা দমকলৰ পাৰলৈ গৈ গা পা ধুই আজৰি হ’বলগীয়া হয়।  ৰাজ্যখনৰ চাহ উদ্যোগৰ   প্ৰায় ১৮০ বছৰীয়া দীঘলীয়া ইতিহাসত  শ্ৰমিকসকলৰ বাবে কতৃপক্ষই স্নানাগাৰৰ  ব্যৱস্থা কৰি  দিয়াৰ  কথাটোও ভাবিব  পৰা  নাই। 

অধ্যয়নৰ সময়ত দেখা গ'ল যে, ছাহবাগিছা  অধ্যুষিত এলেকাবোৰৰ বহুতো ছাত্ৰীয়ে ঋতুস্ৰাৱৰ সময়ত বিদ্যালয় খতি কৰিবলৈ  বাধ্য হয় । ইয়াৰ কাৰণ  প্ৰধানত  দুটা। প্ৰথমটো হৈছে, কোনো কোনো বিদ্যালয়ৰ  প্ৰয়োজনীয় পানী আৰু শৌচাগাৰৰ ব্যৱস্থা নাই। দ্বিতীয়তে, চেনিটেৰী নেপকিনৰ  দাম ইমান বেছি যে   মাক - দেউতাকে  সন্তানক চেনিটেৰী নেপকিন কিনি দিবলৈ  অপাৰগ।  যি মাক-দেউতাকৰ দিন হাজিৰা দৈনিক ১৪৭ টকা আৰু মাহে  সামান্য পৰিমাণৰ ৰেচন, তেওঁলোকে সন্তানক ঋতুস্ৰাৱৰ  সময়ত বজাৰৰপৰা চেনিটেৰী নেপকিন কিনি দিয়াৰ কথা ভাবিব পাৰিবনে?  এনেদৰেই   আৰম্ভ হয় বিদ্যালয়   এৰি দিয়াৰ  অভ্যাস। কোনো কোনো বিদ্যালয়ৰ ছাত্ৰীয়ে  এবাৰ  দুবাৰমান বিনামূলীয়া চেনিটেৰী নেপকিন লাভ কৰাৰ কথা অৱশ্যে সদৰি কৰিছিল, কিন্তু সেয়া নিয়মীয়া ন'হল । কেন্দ্ৰীয় মানৱ সম্পদ   মন্ত্ৰণালয়ৰ  ২০১৬-১৭   চনৰ প্ৰতিবেদেন অনুসৰি অসমৰ  ১৮-২৩ বছৰ বয়সসীমাৰ মাত্ৰ ১৬.৬ শতাংশ ছাত্ৰীয়েহে উচ্চশিক্ষাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয়।এনে পুতৌজনক ছবিখনৰ আঁৰত  লুকাই আছে  এনেবোৰ  ভয়াবহ সত্য, যি সততে আমাৰ  চকুৰ আঁৰত ৰৈ যায়।         
                     
দেশৰ স্বচ্ছ  ভাৰত অভিযানৰ সফলতাৰ লগতে  জনস্বাস্থ্য সম্পৰ্কীয় সূচকবোৰৰ অগ্ৰগতিৰ  সময়ত   নাৰীৰ  ঋতুস্ৰাৱজনিত পৰিচ্ছন্নতা, আৰু  স্বাস্থ্যৰ  লগতে এই সময়চোৱাত নাৰী এগৰাকীয়ে পাবলগীয়া মৰ্যদাবিষয়ক এনেবোৰ অতি স্পৰ্শকাতৰ ছবিয়ে আমাৰ আগত প্ৰকট কৰে আন কিছু বাস্তৱ সত্যৰ।  হয়, এই কথাবোৰ আমি পাতিবলগীয়া হৈছে এনে এক  সময়ত, যেতিয়া ফিনলেণ্ডকে ধৰি  বিশ্বৰ বহুতো দেশতেই  ঋতুস্ৰাৱৰ  সময়ত নাৰী এগৰাকীক  কৰ্মক্ষেত্ৰত চুটী প্ৰদানৰ দৰে বিষয়বোৰ আলোচিত  হৈছে। চাহবাগিছা এলেকাত  প্ৰয়োজনীয় শৌচাগাৰ নিৰ্মাণ, বিশুদ্ধ  পানীৰ যোগানৰ ব্যৱস্থা কৰিবলৈ কতৃপক্ষক বাধ্য কৰোৱাৰ লগতে এনে দিশবোৰৰ ওপৰত  জনমত গঠন  আৰু  দেশৰ  নীতি-নিৰ্ধাৰকসকলৰ উচিত পদক্ষেপেহে  পৰিস্থিতি  সলনি কৰিবলৈ  সক্ষম  'ব বুলি আশা কৰিব পাৰি।

--------

2 comments:

  1. This is a wonderful reporting in such a sensitive issue of women of tea community. I feel like I get someone more to support me in my drive for women empowerment by raising their voice. I must thank you for this endeavour.

    ReplyDelete
  2. This is a wonderful reporting in such a sensitive issue of women of tea community. I feel like I get someone more to support me in my drive for women empowerment by raising their voice. I must thank you for this endeavour.

    ReplyDelete