Friday 25 January 2019

পাৰ্থবিজয় দত্তৰ গল্পৰ দৰ্শন





সৃষ্টিশীল  লেখকে দুৰু  দুৰুকৈ  সন্মুখৰ  বাটলৈ  আগুৱাই যায়। তেওঁ জানে  সন্মুখৰ সেই  বাট  উত্তৰণৰ,   কিন্তু   কালৰ গেজেপনি   আৰু   কালসৰ্পৰ  দৰে   লতিকাবোৰ  মেৰিয়াই  থকা  অসূৰ্যস্পৰ্শা  বিৰিখে  আগুৰা।   হাবিৰ  ভিতৰ সোমাই  ঘনঘোৰ এন্ধাৰত  লেখকে  নিজেই  কাটি  লব  লাগিব   বাট,  বুটলি আনিব  লাগিব  কস্তুৰী  মৃগৰ  নাভি।  তেওঁ   অকলশৰীয়াকৈ যাত্ৰা  কৰে  আৰু লগত  সাৰথি  কৰি লয় তেওঁৰ  একাকীত্বক --  লেখকে  নিজৰ ভিতৰত  লালন  কৰি অহা  এই   একাকীত্ব  কিন্তু  সমাজ চেতনাৰপৰা  বিচ্ছিন্ন  নহয়।  বৰং  তেওঁৰ    প্ৰজ্ঞাৰ  সাধনাৰ  বাটৰ  লগৰীহে, 'ৰপৰা তেওঁ নিজকে চায়,  চায়  সমকালীনক -- ব্যাকুল পথিকৰ  দৰে  অনুভৱ কৰে   চউপাশৰ  মানুহবোৰ   প্ৰাণৰ হেন্দোলনি, তেওঁলোকৰ হাঁহি,  কান্দোন, সংকীৰ্ণতা। আৰু  চেনেহবোৰ।  বোধ  আৰু  অনুভুতিক  সাৰথি  কৰি  লৈ  তেওঁ  সমাজ  আৰু  সমকালক জোকাৰি  যোৱা  চেতনাপ্ৰৱাহৰ   ভিতৰলৈ  সোমাব  খোজে।  কেতিয়াবা  বিচৰণ  কৰে  সাগৰৰ গভীৰত  সাঁতুৰি  ফুৰা  ৰঙীন  মাছৰ  দৰে --  নিজে   সৃষ্টিশীল  বাবেই  উমানো  পায়  নিজৰ সীমাবদ্ধতাৰ  কথা -- সমুদ্ৰৰ অতল জলধিত   সাঁতুৰি  ফুৰা  এটি   কণমানি  মাছে   তাৰ জীৱনকালত   সাগৰৰ  বিশাল ব্যাপ্তিৰ কিমানকণনো  উমান পাব।  তথাপি তেওঁ অৱগাহন  কৰে সমুদ্ৰত -- ফিছা  নচুৱাই  আগুৱাই যায় --   ঢৌবোৰে   তেওঁক  উতলা কৰে   সকলো  মাছেই  পানীত  সাঁতুৰি  ফুৰে,  কিন্তু  তেওঁৰ আছে   সাগৰক জনাৰ হেঁপাহ।  সেয়েহে  জাকৰপৰা  আঁতৰি  অকলেই  গুচি যায়   তেওঁ জানে  এজনী  ৰঙীন মাছ  হৈ  অনন্ত  ব্যাকুলতাৰে  সমুদ্ৰৰ  গভীৰত বিচৰণ কৰিবলৈও যে  লাগিব   অটল  সাহস।    জনাৰ  উচপিচনিবোৰেই  তেওঁক  দিয়ে   অদম্য সাহস, দিয়ে  বিনম্ৰতা -- বিশাল  ঢৌৰ  আহংকাৰ  লৈ  ফণা মেলি অহা  সমুদ্ৰখনৰ মুখামুখী  হবলৈ। তেওঁ অনুভৱ কৰে  সাধনাৰ  এই  বাট  এটি  প্ৰাৰ্থনাৰ  দৰেই,  যাৰ কোনো  শেষ  নাই,  অসীমলৈ বাহু  মেলি  সি  ৰৈ থাকে -- আৰু  সংকটকালত  অসম্ভৱ জেউতি  হৈ  আমাক নিচুকাই যায়।  অনন্ত  হেঁপাহ  বুকুত বান্ধি সেই বাটলৈ তেওঁ নিজকে পাৰি  দিব  খোজে। 

আৰু  এদিন  তেওঁ  গম পায়   যে,   লেখকৰ  বাবে  কেতিয়াবা  একোটা  বিৰল  সময় আহিব --যি সময়ত  তেওঁৰ বাবে  জীৱনৰ  আন  সকলো বেহাতকৈ  উজ্জল  হৈ  উঠি  সাহিত্যৰ  অমল  বাট।   বোধহয়  এয়াই  পৰ্বান্তৰৰ সেই অস্থিৰ   ক্ষণ,  'ৰপৰা লেখকে  নিজকে অতিক্ৰম  কৰি  আগুৱাই  যাব খোজে।  তেওঁ  বুজিবলৈ  চেষ্টা  কৰে  কিদৰে  অতিক্ৰম কৰি  যাব  লাগিব  ঢাপৰ  পিছৰ  ঢাপবোৰ,   কালৰ   মেৰ  খাই  থকা   লতিকাৰ  গুলম -- জনাৰ  আগ্ৰহে  যিমানেই  উতলা কৰিব  তেওঁক -- সিমানেই  সংবেদী  হৈ  উঠিব   ভাষা, দৃষ্টিৰ  গভীৰতা।  

সমকালীন প্ৰেক্ষাৰ  প্ৰতিটো  বিষয়ৰ  প্ৰতি  সংবেদনশীল মন  লৈ  তৰুণ গল্পকাৰ  পাৰ্থ বিজয়  দত্তই  লিখি  অহা গল্পসমূহৰ  বাটেৰে গ'লে আমি  এইদৰেই  বিচাৰি   পাওঁগৈ   তেওঁৰ  লেখকসত্তা এয়া কোনো  আচৰিত কথা নহয় যে, গল্পৰ দৰে জীৱনৰ গদ্যৰ  কঠিন   কলা  এটাৰ কথা  কবলৈয়ো  তেওঁ  বিচাৰি  পায়গৈ   এখন   পথাৰ। কিন্তু  তেওঁ কেৱল এখন  পথাৰৰ  কথাকেই  নকয়,   যি জীৱনৰ   প্ৰাণদায়িনী  মন্ত্ৰেৰে  আমাক চঞ্চলা  কৰি ৰাখে।  তেওঁ  বিৱৰণী  দিয়ে   সেই পথাৰক  কেন্দ্ৰ কৰি  মানুহৰ  উত্থান  আৰু  পতনৰ  অনেক ভংগুৰ  ছন্দৰ  -- নিৰ্মম   ইতিহাসৰ  বুকুৰে যি  বাগৰি  আহে  সেই  পথাৰ  এক   যুদ্ধক্ষেত্ৰ    '   সৰি  পৰে   তেজ,  আৰু  মঙহ    তৰোৱালৰ  প্ৰাচীন   ঝনঝননিবোৰ  তেওঁ   আমাৰ  মগজুলৈ সুমুৱাই  দিয়ে।   তেওঁ  কয়  পথাৰক  সাৰুৱা  কৰিবলৈ  বৈ  যোৱা   অথবা  মৰি  অহা  কিছুমান   নদীৰ  কথা    বিৱৰণী  দিবলৈ  তেওঁ  পাঠকৰ   বাবে   তুলি   আবি খোজে   এক  অপৰূপ  কথন-- যি  কথনে আমাক  সমুদ্ৰৰ অকলশৰীয়া মাছজনীৰ ফিছা  জোকাৰি  ফুৰা   সাতোঁৰবোৰৰ দীঘ  আৰু   বাণিবোৰলৈ টানি  নিয়ে আৰু  পাঠকৰ বাবে   শব্দৰ  চয়ন  হৈ  উঠে  অন ন্ত  সঞ্জীৱনী --   হে  নদী, তুমি  এই মৰু  প্ৰান্তৰত প্ৰাণৰ সঞ্চাৰ কৰা। জলনিধি বৈ যাওঁক, এই পথাৰে হেৰুৱা উৰ্বৰতাক আকৌ ঘূৰাই  পাওঁক।'  (দূৰৈৰ ঘণ্টাধ্বনি) হয়। অৱশেষত  তেওঁ আমাৰ কৈছে এছাকি  পোহৰৰ  কথা, যি পোহৰ তেওঁ আমাৰ    বাবে  তুলি  আনিছে  বিনম্ৰতাৰে।  

অপাতত  একধৰণৰ নিৰ্লিপ্তিৰে লিখি যায় তেওঁ -- কিন্তু  এই  নিৰ্লিপ্তি   কথকৰ  অবোধ চেতনা নহয়।  বৰং  বিষয়বস্তুৰ গভীৰতালৈ সোমাই  যায় তেওঁ। মথন  কৰে   আৰু  বুটলি  লয়  প্ৰয়োজনীয়  শব্দৰ সম্ভাৰ চেকি চেকি অত্যন্ত  মিতব্যয়িতাৰে  প্ৰয়োগ  কৰে  শব্দবোৰ  গল্পৰ  শৰীৰ গঠন  কৰিবলৈ অতি  সংহতভাৱে  ভাৱ  আৰু অনুভুতিৰ সৈতে খেলিব জানে তেওঁ। যাৰ   বাবেই  আহৰণ কৰে  এক বিৰল সংবেদনা।  আাহৰণ কৰে এক স্বকীয় গল্পভাষা, '  উদ্ভাসিত হয়  উজনি অসমৰ কোনো এটি অঞ্চলৰ কথন  শৈলী --  আৰু  আঞ্চলিক  কথনশৈলীৰ  এক  বিশ্বজনীন  আবেদন। যি অসমীয়া ভাষাত চৰ্চা কৰা  প্ৰতিজন  গল্পকাৰৰ  বাবেই   ইৰ্ষণীয়    কিন্তু  সকলো  সৃষ্টিশীল লোকে অনুভৱ কৰাৰ দৰেই   পাৰ্থবিজয় দত্তয়ো অনুভৱ  কৰে নিজৰ সীমাবদ্ধতাক। সীমাবদ্ধতাবোৰ অতিক্ৰম কৰিবলৈকে, দৃষ্টিক প্ৰসাৰিত কৰিবলৈকেতো কথকে নিজৰ  সীমাবদ্ধতাক  বুজি  পাব লাগিব।  পাৰ্থবিজয় দত্তৰ  আছে সেই বিনয়  আৰু  সাহস।   তেওঁ  জানে  যে  সাহিত্যৰ  বাট দীঘলীয়া  আৰু  কথকে  আগবাঢ়িব  লাগিব  খুপি  খুপি।   অতি  জটিল সময়েৰে  গতি   কৰে  কথকে-- এইখনতো আকাশ নথকা পৃথিৱী। কা কা কা। কাউৰীৰ  ছাই বৰণীয়া পাখিৰে আগুৰি থকা ধূসৰ পৃথিৱী। কা কা কা। (পিৰামিডৰ মানুহ।) আৰু  গতি কৰোঁতে  জীৱনক  নতুনকৈ গঢ়িবলৈ অহৰহ চেষ্টা কৰি থাকে -- যি জীৱনত কেৱল  গঢ়টোৱেই নহয়, থাকে এটা জোনাকী মনো। তাৰ  বাবেই নিৰলস সাধনা  কথকৰ -- মাটিৰে  নতুনকৈ গঢ়িবলৈ তেওঁৰ কেতিয়াবা মন নোযোৱা নহয়। নাক,   মুখবোৰ আটিলকৈ গঢ়িব, এটা মাত দিব, কণ্ঠটো গভীৰ হ'ব আৰু থাকিব এটা জোনাকী মন। জোনাকী পৰুৱা ভালপোৱা মানুহ যেতিয়া সেই জোখৰ এটা ঠুনুকা মন কিয় নাথাকিব। (টেঁপা পুতুলৰ মাত আৰু দুপৰৰ আধাকোৱা গল্প)

কিন্তু  এটা   জীৱন গঢ়ি তোলা  আৰু   তাত এটা জোনাকী  মন  সুমুৱাই দিয়া ধেমালি কথা নহয়।  কিয়নো মানৱীয় প্ৰমূল্যৰ  এই  সংকটকালত  প্ৰতিটি   সত্তাকেই যে  অন্ধাকৰৰ  গৰ্ভলৈ ঠেলি দিয়াৰ নিৰন্তৰ  প্ৰয়াস      চলি থাকে।  আপাতত প্ৰান্ত বুলি ধাৰণা  কৰি লোৱা  প্ৰাচীন, এক জনগোষ্ঠীয় পাহাৰৰ বুকুত বাৰে বাৰে হেৰাই যাব খোজে  জনগোষ্ঠীয়ে  বহন কৰি অনা  দুইতেৰাৰ  সাংগীতিক মাত, পাহাৰী বতাহৰ  সুৰ।  স্বনামধন্য  শিল্পীৰ সাধনা  হৈ  পৰে  বিলাসী  হোটেলৰ  কম  দামী   পণ্য।  অচিনা  আৰু   মাৰমুখী   সাংগীতিক   বতাহে  চেঁপি ধৰে  পাহাৰ।  আৰু    দুইতেৰাৰ  কঁপনি  চেতনাত  ধাৰণ  কৰা  জনগোষ্ঠীয় মাতৃ হয়গৈ  কয়লাৰ ট্ৰাকৰ  বোজা কঢ়িওৱা শ্ৰমিক।  সভ্যতাৰ  এই  সংকটকালতেই কথকে কাষ পায়গৈ তেওঁলোকৰ, সুখ-দুখৰ খবৰ লোৱাৰ  চলেৰেই  তুলি   আনে  সাহিত্যৰ  মেটমৰা  ভাৰ   কথকে  নিজকো   বিচাৰি পায়গৈ    এক  বৰ্ণসংকৰ প্ৰজাতি ৰূপে  আৰু  সেই পৰিচিতিৰেই   খতিয়ান  দিয়ে কালৰ   পৰিবৰ্তনৰ। কিন্তু  তেওঁ  অতি  সচেতন,  কিয়নো  সাহিত্যত  নঘটিব   কোনো  চমৎকাৰ, বিশেষকৈ   যেতিয়া  সাহিত্যক  উৎসৰ্গা  কৰা  '   মানুহৰ কল্যাণৰ অভিপ্ৰায়ে।   কয়লাৰ চাইট ত কন্ট্ৰেকক্টৰৰ  অধীনত দিন হাজিৰা কৰি এখন উৱলি যোৱা মুখ লৈ মানুহজনীক উভতি অহা দেখোঁ। আহিয়েই মোলৈ শলাত দি গাহৰি পোৰে, তিনিওটাই চৌকাৰ কাষতে বহি খাওঁ। এই  মুখবোৰৰ মাজত মই কি  বিচাৰিছোঁ? এটা চমৎকাৰৰ নিচিনা অতিকল্পনা?(শ্ল'  ৰিভাৰৰ্চ ম'শ্যনত এটা পাহাৰৰ কায়াকল্প)

সংবেদী অন্তৰ্জীৱনৰ  গভীৰ  অন্তৰ্দষ্টি  আৰু জীৱনবীক্ষাৰ বাবেই   কালান্তৰ  সময়ৰ   প্ৰতিধ্বনি    আছে তেওঁৰ গল্পত। সেই ৰাতি সামাজিকত সি ভালেমান মানুহৰ মৃত্যুৰ কিৰিলি শুনিছিল। পোৰা নৰমাংসৰ গোন্ধ আহি তাৰ নাকত লাগিছিলহি। শাৰী শাৰী আধাপোৰা ঘৰৰ মাজেদি নাকত নৰমাংসৰ গোন্ধ সানি এদল পতাকাধাৰী ওলাইছিল সিহঁত আটাইৰে  মুখত উচ্চাৰিত হৈছিল এজনা ঈশ্বৰৰ নাম আৰু নিষিদ্ধ অন্যজন ঈশ্বৰৰ প্ৰৱেশ। আশে পাশে কিছুমান মানুহ প্ৰাণৰ মাৰি দৌৰিছে। সেইবোৰ আধামৃত মানুহ আছিল, যি হয়তো কোনোকালেই আকৌ আগৰদৰে থিয় হ'ব নোৱাৰিব। সমদলৰ মাজৰ এজন মানুহ একোজ-দুখোজকৈ ফালৰি কাটি তাৰ ফালে আহি আছে আৰু ওচৰ পাই তালৈ স্থিৰ নেত্ৰেৰে কৈছেসমাজখনত জেং- জাবৰ ঢেৰ হ'ল। সেইবোৰেই যতমানে আহুকাল। এতিয়া সেইবোৰ আঁতৰাব লাগিব।' তাৰ পিছতে মানুহজনে আকৌ পতাকাধাৰী সমদলটোৰ লগত মিলি গ'ল আৰু এজনা ঈশ্বৰৰ নামত আটাহ পাৰি চিঞৰি আগবাঢ়ি গ'ল। (ৰূপোৱালী  নাও) 

গল্পৰ আয়োজনৰ বাবে পাৰ্থবিজয় দত্তই নিজৰ অন্তৰ্জীৱনক প্ৰথমে সমৃদ্ধ কৰিছে  অতি ইৰ্ষণীয়ভাৱে  আৰু তাৰপৰা  বহিৰ্জগতলৈ চকু পাৰি দিছে। গতিকেই পাৰ্থবিজয় দত্তৰ গল্পত অন্তৰ্জীৱন  আৰু  বহিৰ্জীৱন  উভয়েই   এতি সমৃদ্ধ। আপাতত সৰু প্ৰেক্ষাৰপৰা তুলি অনা গল্পবোৰতো তেওঁ অন্তৰ্জীৱনৰ চমৎকাৰ পোহৰ পেলাই  আমাক  বিস্ময়াভভিূত কৰি তোলে। এই  বাটত সিদ্ধি লাভৰ প্ৰেৰণাই উদ্বাউল কৰি ৰখা  পাৰ্থবিজয়   দত্তৰপৰা আগত দিনত বহুতো  ভাল  গল্পৰ আশা কৰিলোঁ।  

ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment