Friday 11 January 2019

জনসাধাৰণে কি কৰা উচিত·


  

অৱশেষত  চৰকাৰে সেই  ক্ষয়ংকৰী কামটো  কৰিলে। ড০ হীৰেন গোঁহাইক ৰাষ্ট্ৰদ্ৰোহিতাৰ অপৰাধেৰে সজোৱা হ'ল।  লতাশিল  থানাই  ৰাষ্ট্ৰদ্ৰোহৰ  গোচৰ  ৰুজু কৰিলে  সকলো সময়তে  মানুহৰ মাজত  থাকি,  সাধাৰণ মানুহৰ এজন হৈ অসমৰ  সহিত্যজীৱন, আৰু  সমাজ  জীৱনক বৌদ্ধিক নেতৃত্ব  প্ৰদান কৰি অহা সেই অক্লান্ত সেনানীৰ বিৰুদ্ধে   আৰু  লগে  লগেই  চৰকাৰে দেখা  পালে  তাৰ  প্ৰতিক্ৰিয়া । মুহূৰ্তৰ  ভিতৰতে  ড০  গোঁহাইৰ বাসগৃহৰ চৌদিশে গঢ়ি  উঠিল মানৱ দেৱাল।  দল- সংগঠন  নিৰ্বিশেষে  সকলোৱেই  নেতৃবৃন্দই  এই  অশীতিপৰ যোদ্ধাৰ  ঘৰত  ভিৰ কৰিলেগৈ এষাৰ মাত দিবলৈ, এটি  আশ্বাস দিবলৈ।  বৌদ্ধিকজগতে  ধিক্কাৰ দিলে।   চছিয়েল  মিডিয়াৰ দেৱাল  চৰকাৰৰ প্ৰতি ঘৃণাৰ বাণীৰে  উপচি পৰিল। সৰ্বত্ৰে শুনিবলৈ  পোৱা গ'ল চৰকাৰৰ  হঠকাৰিতাৰ  বিৰুদ্ধে  ধিক্কাৰ ধ্বনি ।   অৱশেষত ড০ হীৰেন গোঁহাইৰ যিটো ভাষণৰ বিৰুদ্ধে   ৰাষ্ট্ৰদ্ৰোহৰ  তুলি আৰক্ষীয়ে গোচৰ  ৰুজু কৰিলে সেই ভিডিঅ'  'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।  আৰু    ওলাই পৰিল ফেচিষ্ট চৰকাৰৰ  ষড়যন্ত্ৰ।  এই  নিবন্ধ লিখি থকাৰ সময়লৈকে  গোচৰ ৰুজু কৰিলেও  আৰক্ষীয়ে কোনো চমন  বুদ্ধিজীৱিগৰাকীলৈ প্ৰেৰণ কৰিবলৈ সাহস গোটাব পৰা নাই। 

এই অশীতিপৰ  বুদ্ধিজীৱি  কিয়  বাৰে   বাৰে  ৰজাঘৰীয়া  আক্ৰমণৰ লক্ষ্য?  মানুহৰ কল্যাণৰ বাবে   কলমৰ  পৰা ওলাই অহা  তীখাৰ  দৰে সেই  শব্দবয়সৰ সীমা  নামানি  ভৰ  দুপৰতো  ৰাজপথক থিয় দি  জাতিৰ স্বাৰ্থত কোৱা কথাপ্ৰশ্নাতীত  বৌদ্ধিক নেতৃত্ব   আৰু  এক  বিৰল  সততাৰ এই ব্যক্তিক    ৰজাঘৰীয়াই  সদায়েই  ভয় কৰি আহিছে।   সেয়েই তেওঁ আজি  ফেচিষ্ট   চৰকাৰৰ লক্ষ্য।  এয়াই হয়।  আমি  আজিও  পাহৰি যোৱা নাই  ৰজাঘৰীয়াক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা  সৈনিক শিল্পী  বষ্ণু প্ৰসাদ ৰাভাক  পঘাৰে  বান্ধি  ৰজাঘৰীয়া চন্তৰীয়ে ৰাজপথেৰে চোঁচোৰাই  নিয়াৰ কথা।  ৰাষ্ট্ৰদ্ৰোহ   নহয়মানুহৰ স্বাৰ্থত, মানুহৰ কল্যাণৰ হকে গ্ৰহণ  কৰা আপোচহীন স্থিতিৰ  বাবেই ড০ হীৰেন গোঁহাইৰ  দৰে ব্যক্তি  সদয়েই ৰজাঘৰৰ   শতৰু  । সেই   ব্যক্তিয়ে যেতিয়া জাতিধ্বংসী  নাগৰিকত্ব   [সংশোধনী], ২০১৬   বিধেয়কৰ বিৰুদ্ধে  সৰ্বস্তৰত প্ৰতিৰোধ  গঢ় লৈ উঠা এক আন্দেীলনৰ নেতৃত্ব দিব তাত  ৰজাঘৰীয়াই আক্ৰোশমূলক  আৰু  দমন  নীতি নলব বুলি আশা কৰাটোহে  ভুল।  লোকসভাত এই  বিধেয়ক গৃহীত হোৱাৰ  লগে  লগে  সমগ্ৰ উত্তৰ-পূব ভাৰতৰ জনজীৱন স্তব্ধ  কৰি যি প্ৰচণ্ড জোঁৱাৰ উঠিল, তালৈ ভয় কৰি কেন্দ্ৰীয় চৰকাৰে  পিচদিনা  ৰাজ্যসভাতা  বিধেয়কখন  উত্থাপন কৰাৰ পৰা পিচুৱাই আহে।  উল্লেখ্য যে, এই জাতিধ্বংসী বিধেয়কখন  ৰাজ্যসভাত উত্থাপন কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা নিৰ্দিষ্ট সময়সীমাৰ  এদিনৰ বাবে বঢ়াই দিছিল। চলিত অধিবেশনত  বিধেয়কখন  ৰাজ্যসভাত  উত্থাপন কৰাৰ পৰা   পিচুৱাই আহিলেও   আগন্তুক লোকসভাৰ নিৰ্বাচনত অসমৰ কেইখনমান জিলাৰ লগতে সমগ্ৰ পশ্চিমবংগৰ   হিন্দু  বঙালী লোকৰ  ভোট  আকøণ  কৰাৰ অতি  সংকীৰ্ণ  স্বাৰ্থৰে   প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে বিধেয়কখনৰ  সন্দৰ্ভত যি  যুদ্ধং দেহী  মনোভাৱ লৈছে, তাৰপৰা  বুজা যায় যে, কেন্দ্ৰীয় চৰকাৰে  নিৰ্বাচনৰ আগে আগে  সংসদৰ  আগন্তুক  অধিবেশনৰ সময়ত  বিধেয়কখন  ৰাজ্যসভাত উত্থাপন  কৰাৰ  পদক্ষেপ লবঅথবা নিৰ্বাচনৰ পূবেই  আধ্যাদেশ জাৰি কৰিব।  কিন্তু বিধেয়কৰ প্ৰতিবাদত  সমগ্ৰ  উত্তৰ-পূব ভাৰতত   যি  স্বৰ্তঃস্ফুত জন জোৱাৰ  উঠিলসেই  সংগ্ৰামৰ চোক কমাই আনিবলৈকে   সংগ্ৰামৰ  অগ্ৰণী নেতা-- যি একেধাৰে  বৌদ্ধিক  আন্দোলন  আৰু  ৰাজপথৰ সংগ্ৰামৰ নেতৃত্ব দিছে -- সেই বোদ্ধাক দেশদ্ৰোহী সজাই কাৰাগৰলৈ নিক্ষেপ কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা  কৰিলে।  কিন্তু ফল হ'ল বিপৰীত।

এতিয়া অসমীয়া মানুহলৈ  বাকী  আছে কি?   যিখন চৰকাৰে জাতি- মাটি  আৰু ভেটি  সুৰক্ষিত  কৰিব বুলি নিৰলস প্ৰচাৰ চলাই ভোট ভিক্ষা  কৰিছিল,  উত্তৰ- পূব ভাৰতক দেশৰ অষ্টলক্ষ্মী বুলি  বাৰে বাৰে অভিহিত  কৰি  সন্মোহণী  বাণেৰে  বিপুল ভোটত জয়ী হৈ  কেন্দ্ৰত  চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে সমগ্ৰ  উত্তৰ-পূব ভাৰতত খোপনি দৃঢ়  কৰিবলৈ সক্ষম হৈছিল,  সেই চৰকাৰৰ  বিৰুদ্ধে   নেছ'  অৰ্থাৎ  উত্তৰ- পূব ছাত্ৰ সংগঠনৰ নেতৃত্বত   উত্তৰ- পূবৰ  সাতখন ৰাজ্যৰ জনসাধাৰণে সৰ্বাত্মক বন্ধ পালন কৰি সমগ্ৰ অঞ্চল   স্তব্ধ কৰি দিলে।   ত্ৰিপুৰাত  বন্ধত  অংশ লবলৈ যোৱা শাসনাধিষ্ঠিত   বিজেপিৰেই  সহযোগী ত্বিপৰা ছাত্ৰ ফেডাৰেচনৰ পাঁচজনকৈ  সদস্য   গুলীত  গুৰুতৰভাৱে  জখম হ'ল। ইতিমধ্যে  বিজেপিৰে মিত্ৰতাত থকা  মেঘালয়  আৰু  মিজোৰামৰ মূখ্যমন্ত্ৰীদ্বয়ে ঘোষণা কৰিছে যে এই বিধেয়ক সংসদত গৃহীত কৰাৰ লগে লগে তেওঁলোকে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব।  এই কথা  অতি স্পষ্ট যে, বিধেয়ক গৃহীত হব  লাগিলে কেৱল অসমেই  যে ক্ষতিগ্ৰস্ত  'ব সেয়া  নহয়, সমগ্ৰ উত্তৰ পূব  ভাৰতৰ  ভাষা - সংস্কৃতি - অৰ্থনীতি আৰু  জনগাঁথনি বিপদাপন্ন হৈ পৰিব --   সকলোতকৈ  বিপদত  পৰিব অসমকে  ধৰি  সমগ্ৰ অঞ্চলটোত থকা  ক্ষুদ্ৰ  ক্ষুদ্ৰ  জাতিসত্তাবোৰ।  যিকেইখন ৰাজ্যৰ অথবা ষষ্ঠ  অনুসূচীৰ আধাৰত  থকা স্বায়ত্বশাসিত এলেকাৰ  ভূমিসম্পদ  জনজাতীয় লোকৰ হাতত সুৰক্ষিত বুলি আপাতত ধাৰণা কৰা হয়, এই বিধেয়কে সেই  এলেকাৰবোৰৰ জনসাধাৰণৰ প্ৰতিও সমানেই ভাবুকি কঢ়িয়াই  আনিব। 

বিধেয়ক অনুসৰি ৩১ ডিচেম্বৰ ২০১৪ - লৈকে অহা লোককহে নাগৰিকত্ব প্ৰদান কৰা হ'ব। কিন্তু  পূৰ্বৰ সকলো      অভিজ্ঞতাই দেখুৱাইছে যে, প্ৰশাসনীয়  ব্যৱস্থাৰ সুৰুঙা লৈ  বাংলাদেশৰপৰা যিকোনো সময়ত অহা যিকোনো লোকেই ভুৱা  নথি - পত্ৰ উলিয়াই লবলৈ সক্ষম হয়। এইক্ষেত্ৰত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়েই আছিল  আটাইতকৈ প্ৰমাণসিদ্ধ নথি। কিন্তু উচ্চতম ন্যায়ালয়ৰ  কঠোৰ নীৰিক্ষণত   ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীৰ  কাম - কাজ চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অতি   হঠকাৰী আৰু জাতিদ্ৰোহী  সিদ্ধান্তৰে  এই বিধেয়ক  সংসদত উত্থাপন কৰে।  এই বিধেয়কৰ মাজেৰে  ১৯৭১ চনৰ পিছত অহা  ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীত নাম ভৰ্তি  কৰিবলৈ বিধিগতভাৱে  সক্ষম নোহোৱা  কেইবালক্ষ হিন্দু  আৰু অ- মুছলমান বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা  সুৰক্ষিত কৰাৰ বাবে   বিজেপিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইতিমধ্যে লোকপিয়ল কতৃপক্ষই  প্ৰকাশ কৰা ২০১১ চনৰ ভাষা আৰু মাতৃভাষা তথ্যই দেখুৱাইছে যে, যোৱা তিনিটা দশকত   অসমত  অসমীয়াভাষী আৰু বড়োভাষী লোকৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বঙালীভাষী আৰু হিন্দীভাষী  লোকৰ সংখ্যা বৃদ্ধি পাইছে। অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৪৮.৮০ শতাংশৰপৰা ২০১১ চনৰ ৪৮.৩৮ লৈ হ্ৰাস পাইছে। বড়ো ভাষী লোকৰ সংখ্যা এই সময়চাৱাত  ৪.৮৬ শতাংশৰপৰা ৪.৫৩ শতাংশলৈ হ্ৰাস পাইছে। এই সময়চোৱাতে কিন্তু বঙালীভাষী লোকৰ সংখ্যা ২৭.৫৪ শতাংশৰপৰা ২৮.৯১ শতংশলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ অসমীয়া ভাষী লোকৰ শতকৰা হাৰ আছিল ৫৭.৮১ শতাংশ আৰু বঙালীভাষী লোকৰ শতকৰা হাৰ আছিল মাত্ৰ ২১.৬৭ শতাংশ।      অৰ্থাৎ মাত্ৰ ২০ বছৰৰ ভিতৰতে অসমত বঙালীভাষী লোকৰ সংখ্যা ২১.৬৭ শতাংশৰ পৰা ২৮.৯১ শতাংশলৈ  বৃদ্ধি পাইছে আৰু  অসমীয়াভাষীৰ সংখ্যা ৫৭.৮১ শতাংশৰপৰা৪৮.৩৮ শতাংশলৈ কমি আহিছে। হিন্দীভাষী লোকৰ সংখ্যা ২০০১ চনৰপৰা ২০১১ চনৰ ভিতৰত ৫.৮৯ শতাংশৰপৰা ৬.৭৩ শতাংশলৈ বৃদ্ধি পাইছে।  এনেক্ষেত্ৰত উক্ত জাতিধ্বংসী বিধেয়কৰ মাজেৰে  অধিক হাৰত হিন্দু  আৰু অ-মুছলান আন ধৰ্মাৱলম্বী  বাংলাদেশী  লোকক অসমত সংস্থাপত কৰাৰ ষড়যন্ত্ৰই  অসমীয়া জাতিক ক'লৈ ঠেলি পঠিয়াব সেই কথাৰ উমান   পাবলৈ বেছি দূৰলৈ যাব  নালাগে।

অসমৰ  ৰাজপথ এতিয়া  সৰ্বাত্মক  আন্দোলনেৰে উত্তাল। ৰাজপথৰ  আন্দোলনৰ  লগতে  সম্পূৰ্ণ গেৰিলা  কায়দাৰে    সিদিনা প্ৰায় ১০০ঙ্ম লোকে  হঠাতে চাবুৱাত মূখ্যমন্ত্ৰীৰ  কনভয় আগুৰি ধৰে।  সংসদৰ  সন্মুখত  অসমীয়া যুুৱকে নগ্ন   প্ৰতিবাদ কৰা পৰ্যায়লৈকে  পৰিস্থিতি ঠেলি  দিয়া হৈছে।  কিন্তু   ইয়াৰ সমানে সমানে  জাতিয়ে  জাতিয়ে বিভেদৰ বীজ সিঁচিবলৈ কেন্দ্ৰীয় চৰকাৰে  ষড়যন্ত্ৰ ৰচনা কৰিবলৈ এৰা নাই।  অসমৰ টাই -আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী  আৰু চাহ  জনগোষ্ঠীকে  ধৰি  ছটাকৈ জনগোষ্ঠীয়ে  জনজাতিকৰণৰ দাবীত  সন্মিলিতভাৱে   আন্দোলন কৰি আহিছে  আৰু    এই দাবীক   জনসাধাৰণে সমৰ্থন কৰিছে তাত কোনো সন্দেহ নাই। কেন্দ্ৰীয়  চৰকাৰেও নিৰ্বাচনৰ সময়ত  ছয় জনগোষ্ঠীক  জনজাতিকৰণৰ  প্ৰতি শ্ৰুতি দিছিল,  যদিও যোৱা পাঁচ  বছৰে  কেন্দ্ৰীয় চৰকাৰে  বিষয়টো পেলাই থ'লে।  একেদৰেই  অসম চুক্তিৰ ৰূপায়নৰ  বিষয়টোও  গাপ দি  'লে।  কিন্তু  প্ৰধানমন্ত্ৰীয়ে যোৱা  ৪ জানুৱাৰী তাৰিখে শিলচৰৰ   ৰাজহুৱা সভাত    সংসদত নাগৰিকত্ব [সংশোধনী] আইন, ২০১৬ খন উত্থাপন কৰাৰ কথা সজোৰে ঘোষণা কৰা লগে লগে  অসমৰ  খিলঞ্জীয়া  জনসাধাৰণৰ  লোকৰ মনত হ'ব পৰা ক্ষোভ প্ৰশমিত কৰিবলৈ একেলগে অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰীকৰণৰ  বাবে এক কমিটি  গঠন কৰাৰ  লগে  লগে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কো ততাতৈয়াকৈ সদনত উত্থাপিত  কৰা  'ল। অসমৰ জনসাধাৰণৰ  বুজিবলৈ  বাকী নাই   যে, এয়া নিতান্তই  নিৰ্বাচনী টোপৰ বাহিৰে আন একো নহয়।  সদৌ    অসম ছাত্ৰ সংস্থাই  লগে লগেই এই কমিটিত  নথকাৰ কথা  জনাই দিয়ে।  সাহিতি্যক নগেন  শইকীয়া আৰু  ৰং বং টেৰাঙেও  কমিটিত নাথাকে বুলি কৈছে  আৰু    আৰু   বৰ্ষীয়া  সাংবাদিক  ধীৰেন্দ্ৰ    নাথ বেজবৰুৱাই তেখেতৰ অসন্তুষ্টি ব্যক্ত কৰিছে।    

আটাইতকৈ সুখৰ কথা যে,  এই সৰ্বনাশী বিধেয়কখনৰ বিৰুদ্ধে  অসমৰ জনসাধাৰণে   মুহূৰ্তৰ  ভিতৰতে  অভাৱনীয় প্ৰতিৰোধ  আন্দোলন গঢ়ি তুলি  প্ৰান্তীয় চেতনাই    মাৰ বান্ধি  উভতি ধৰিলে কেন্দ্ৰৰ  অৱস্থা কি হ',   অসমৰ মানুহে  তাক  সজোৰে  প্ৰতিপন্ন   কৰি তুলিছে ।  এইখিনিতে এটা কথাও কব লাগিব যে, এই আন্দোলনৰ সুৰুঙা  লৈ, আন্দোলনটাক  নৈতিকভাৱে দূৰ্বল কৰি তুলিবলৈ  বহুতেই  বঙালীবিদ্বেষী মন্তব্য প্ৰকাশ কৰিছে। এটা  কথা স্পষ্ট যে, নাগৰিকত্ব [সংশোধনী] আইন, ২০১৬ -ৰ বিৰোধিতা কৰা  মানেই বঙালীবিদ্বেষ  নহয়।  অসমক বাস কৰা  যিসকল  প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁলোকৰ  প্ৰতি  কোনো  বিদ্বেষ  থকাৰ  কাৰণ নাই।   এটা কথা মন কৰিব  লাগিব যে, বঙালী  সম্প্ৰদায়ৰ  বহুতেই   এই  বিধেয়কৰ বিৰোধিতা কৰি ৰাজপথত আন্দোলন কৰি আহিছে। শিল্পী কিৰণ শংকৰ ৰয়ৰ দৰে শিল্পীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি  লেখক- শিল্পী সমাজৰ আন্দোলনৰ লগতে  ৰাজপথৰ আন  সংগ্ৰামতো নিজকে নিযুক্ত  কৰি আহিছে।   এই স্পৰ্শকাতৰ দিশবোৰ  মনত ৰাখিব  লাগিব।   অসমৰ জনসাধাৰণৰ বাবে  এতিয়া   সৰ্বস্তৰৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে  গঢ়ি তোলা   গণতান্ত্ৰিক   প্ৰতিৰোধ সংগ্ৰামহে   ফলপ্ৰসূ ।  লগে   লগে   বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ  উত্তৰ-পূব ভাৰতলৈ  ত্বৰান্বিত হোৱা   সংগ্ৰাম খনো  সংঘবদ্ধ  কৰিব লাগিব। ইয়াৰ লগে লগে লগতে  আগন্তুক সংসদৰ  অধিবেশনত  এই বিধেয়কখন যাতে  কোনোপধ্যেই  ৰাজ্যসভাত   গৃহীত  নহয়, তাৰ বাবে সৰ্বভাৰতীয়  পৰ্যায়ত,  আৰু  ইয়াৰ সমান্তৰালভাৱে  ৰাজ্যসভাৰ  সাংসদসকলৰ মাজত  প্ৰবল জনমত গঠন কৰৰ  প্ৰয়োজনীয়তা আছে।

এই  বিধেয়কৰ বিৰোধিতাক লৈ স্বাধীন অসমৰ প্ৰসংগও  বাৰে বাৰে উত্থাপিত হৈছে।কিন্তু এই মুহূৰ্তত  আমাক দৰকাৰ  দক্ষ  মানৱসম্পদৰ।  অৰ্থনৈতিক স্বাধীনতা  অবিহনে  ৰাজনৈতিক   স্বাধীনতাৰো কোনো মূল্য নাই।  অৰ্থনৈতিক   স্বাধীনতাৰ বাবেই   দক্ষ মানৱ সম্পদ  সৃষ্টিৰ  লক্ষ্যৰে আগুৱাব লাগিব।  প্ৰচলিত বন্ধ, ধৰ্মঘট,  শ্ৰেণীবৰ্জন   আদিৰ বিপৰীতে উদ্ভাৱনীমূলক  আন্দোলনৰ   ৰণকৌশলেৰে  চৰকাৰক  ব্যতিব্যস্ত কৰি তোলাৰ  কৌশল লব লাগিব।  সমাজৰ   ঐক্য  থান-বান কৰি ধৰ্মআধাৰিত জাতীয়তাবাদী  চেতনা আমদানিকাৰী চক্ৰান্তকাৰীক এঘৰীয়া   কৰিবৰ   বাবে  প্ৰবল   প্ৰতিৰোধী গণ আন্দোলনেই আমাৰ  সন্মুখত একমাত্ৰ পথ । 

ৰত্না ভৰালী তালুকদাৰ
১২-০১-১৯


No comments:

Post a Comment