Thursday 24 January 2019

সকলো পৰ্যায়তে হিন্দুত্ববাদী শক্তিক নস্যাৎ কৰিব লাগিব





দৈনিক জনমভূমি - ২৫-০১ -২০১৯

যোৱা ৭ জনুৱাৰী তাৰিখে  লোকসভাত   নাগৰিকত্ব  [সংশোধনী] বিধেয়কৰ   গৃহীত  কৰোৱাৰ  পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ যি জোঁৱাৰ উঠিছে, সেয়া অসমৰ  ইতিহাসত   একপ্ৰকাৰে  অভূতপূৰ্ব ঘটনা  বুলি কব লাগিব।শেষ মুহূৰ্তলৈকে  অসমৰ জনসাধাৰণে  এই আশা  কৰিছিল যে,  বিজেপি নেতত্বাধীন চৰকাৰে  বিধেয়কখন  সংসদৰ  মজিয়াত উত্থাপন কৰাৰ পৰা বিৰত থাকিব,  কিয়নো  অসমৰ  মানুহক  জাতি- মাটি আৰু  ভেটিৰ  সুৰক্ষাৰ  নিৰ্বাচনী  প্ৰতিশ্ৰুতি  দিয়েই দলটোৱে নিজৰ মজবুত সাংগঠনিক ভেটি নথকা স্বত্বেও  ক্ষমতালৈ  আহিছিল। সৰলতা  অসমৰ মানুহৰ  এক সহজাত বৈশিষ্ট । পাহাৰে - ভৈয়ামে  আগুৰা  নিসৰ্গৰ মাজত   বাস   কৰি  অহাৰ বাবেই  অসমৰ মানুহে এই  সৰলতাক যুগে  যুগে ধাৰণ কৰি আহিছে।  মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জনসাধাৰণে বেয়া পোৱা কাম নকৰে বুলি  সময়ে সময়ে ভাষণ প্ৰসংগত   উল্লেখ কৰি আহিছে।  এয়া কোনো আচৰিত কথা নহয় যে, এই সৰলতাৰ বাবেই শেষ  মুহূৰ্তলৈকে  বিজেপি  নেতৃত্বাধীন  কেন্দ্ৰীয় চৰকাৰে  এই জাতিধ্বংসী  বিধেয়কখন  সংসদত  উত্থাপন নকৰে  বুলি  অসমৰ মানুহে  আশা কৰি আছিল । অৱশেষত  আশাভংগৰ মৰ্মন্তুদ  বেদনাই   তেওঁলোকক  স্বতঃস্ফুৰ্তভাৱেই  ৰাজপথলৈ  উলিয়াই আনিলে।  এই  প্ৰতিবাদ প্ৰথম অৱস্থাত সমগ্ৰ উত্তৰ-পূব ভাৰতত বিয়পি পৰিছিল আৰু  বৰ্তমানে অৰ্থনীতিৰ নবেল বঁটা বিজয়ী অমৰ্ত্য সেনকে ধৰি অনেকেই এই বিধেয়ক বিপক্ষে থিয় দিছে।

বালিত মূৰ গুজি লোৱা  উটপক্ষীৰ  এতিয়া  কেন্দ্ৰ  আৰু  ৰাজ্যত শাসন কৰি  থকা  বিজেপি  নেতৃত্বধীন  চৰকাৰখনে নিজৰ মানুহৰ    মনৰ  বেদনা  বুজিও  নবুজাৰ ভাও ধৰিছে।   বিধেয়কখনৰ সন্দৰ্ভত   বিভিন্ন অপব্যাখ্যাৰে জনসাধাৰণৰ  ভুল পথে পৰিচালিত  কৰিবলৈ  চৰকাৰৰ  উদ্যোগত   চলাই  থকা  নিৰলস  প্ৰচেষ্টাই  কেৱল হিন্দু বঙালী লোকৰ ভোটেৰে আগন্তুক লোকসভাৰ নিৰ্বাচনত  পশ্চিমবংগত  জয়ী  'বলগীয়া কেইখনমান  আসন লাভৰ বাবে  অসমৰ বুকুত  অনাদি কালৰেপৰা বসবাস কৰি অহা  খিলঞ্জীয়া মানুহৰ মুখৰ ভাষা   -সাহিত্য-সংস্কৃতি  আৰু ৰাজনৈতিক  অস্তিত্বক জলাঞ্জলি দিবলৈ চৰকাৰে যে  কোনো ক্ষেত্ৰতে   কুণ্ঠাবোধ   নকৰে সেই  কথাও   বুজাই দিছে।  অসমকে  ধৰি সমগ্ৰ  উত্তৰ- পূব  ভাৰতৰ  সৰু-ডাঙৰ  জনগোষ্ঠীসমূহে  এতিয়া বুজি পাবলৈ বাকী নাই যে, এই বিধেয়ক গৃহীত  'ব লাগিলে  সকলো  জাতি- জনগোষ্ঠীৰ  ভাষা-সাহিত্য- সংস্কৃতি  আৰু   ৰাজনৈতিক অস্তিত্ব  নাইকীয়া হৈ  পৰিব।   গতিকেই এই সময়ত  সকলোৱে  মাৰ  বান্ধি  ঠিয়  দিছে।  তথাপিও   কেন্দ্ৰীয় চৰকাৰে এতিয়া  আগন্তুক  ৩১ জানুৱাৰীৰৰপৰা    হবলগীয়া  সংসদৰ  অধিবেশনত যিকোনো  প্ৰকাৰে এই বিধেয়ক ৰাজ্যসভাতো  গৃহীত  কৰাবলৈ  বদ্ধপৰিকৰ  হৈ পৰিব  সেই  কথাও  খাটাং হৈ পৰিছে।   কেনেবাকৈ  ৰাজ্যসভাত  বিফল হলেও   যুটীয়া  অধিবেশন  অথবা  অধ্যাদেশ জাৰী কৰিও এই বিধেয়ক গৃহীত কৰিবৰ বাবে   ব্যৱস্থা  গ্ৰহণ  কৰিব সেই  কথাও স্পষ্ট।  ৰাজপথৰ সংগ্ৰামৰ  লগে লগে  কাৰ্যত  উচ্চতম  ন্যায়ালয়ত  আন এখন যুদ্ধৰ বাবেও  অসমৰ  জনসাধাৰণ  এতিয়া   সাজু।  কিয়নো  নাগৰিকত্ব  আইন, ১৯৫৬- ১  সংশোধনীৰে   ছুবুৰীয়া  আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ  হিন্দু লোকসকলক ভাৰতত সংস্থাপিত কৰাটো  সংঘ পৰিয়ালৰ অন্যতম কাৰ্যসূচী--  অসম চুক্তিৰ পৰিপন্থী। অসম  চুক্তি মৰ্মে ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অবধৈভাৱে  অসমত  হিন্দুৱেই হওক বা মুছলমানেই হওক -- সকলো অবৈধ প্ৰব্ৰজনকাৰীকেই চিনাক্ত  কৰি ভোটাৰ  তালিকাৰপৰা   নাম কৰ্তনৰ লগতে বহিস্কাৰ  কৰিব লাগিব। এইটো  কেন্দ্ৰীয়  চৰকাৰ  দায়িত্ব। 

এতিয়া  বিধেয়ক সন্দৰ্ভত  জনসাধাৰণ এই অসন্তুষ্টিৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে বিভেদৰ ৰাজনীতিৰে জনসাধাৰণক ভাগ ভাগ কৰি আগন্তুক লোকসভাৰ  নিৰ্বাচন  পাৰ   হবলৈ চেষ্টা চলাইছে। ইয়াতে  সমানে হাত উজান দিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ।  মূখ্যমন্ত্ৰীগৰাকীয়ে  প্ৰথম অৱস্থাত নীৰৱতা অৱলম্বন  কৰিছিল আৰু  সেই  সময়তো অনেকেই তেখেতে বিধেয়কৰ  বিৰুদ্ধে কিবা এষাৰ কব বুলি  আশা কৰি আছিল।  কিন্তু নীৰৱতা  ভংগ কৰি তেখেতে মাত মাতিলে  বিধেয়কৰ সপক্ষত অৱস্থান লৈ আৰু বিৰোধীক ক্ষুৰধাৰ সমালোচনাৰ মাজেৰে। চৰকাৰে  ছয় জনগোষ্ঠীৰ  জনজাতিকৰণৰ লগতে  অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবৰ বাবে কমিটি গঠন কৰি খিলঞ্জীয়াৰ স্বাৰ্থ অটুত ৰখা হ'ব বুলি পতিয়ন নিয়াবলৈ চেষ্টা  কৰিছিল। আৰু আশা কৰিছিল এই দুয়োটা পদক্ষেপৰ মাজেৰে বিধেয়ক উত্থাপন সন্দৰ্ভত হোৱা ক্ষোভৰ উপশম ঘটিব।কিন্তু  জনজাতিকৰণৰ  সমগ্ৰ বিষয়টো অস্পষ্টতাৰ ধুুৱলী-কুঁৱলীৰ আৱৰ্তত সোমাই পৰে।   ইতিমধ্যে ৰাজ্যচৰকাৰে   মন্ত্ৰীপৰিষদ গঠন কৰি  জনজাতিকৰণৰ  সন্দৰ্ভত  কেতবোৰ  সিদ্ধান্ত  লৈ  কেন্দ্ৰলৈ পঠিয়াব   বুলি ক'লেও, বাস্তৱতে    জনজাতিকৰণৰ  বিষয়টো  যে   ইমান সহজ নহয়,  সেই  কথা  সকলোৱেই  বুজি পাইছে।   তাৰ লগতে অসম চুক্তিৰ  ছয় নং দফাৰ কাৰ্যকৰীকৰণৰ  কমিটিখন  সদৌ অসম ছাত্ৰ সন্থাই তৎমুহূূৰ্ততে প্ৰত্যাখ্যান কৰাৰ  লগতে অধ্যক্ষৰ লগতে আন তিনিজন সদস্যই  কমিটিত নাথাকে বুলি জনোৱাত কমিটিখনেই কাৰ্যত  আকামিলা হৈ  পৰে।  সদৌ অসম ছাত্ৰ সন্থাই  অভিযোগ কৰে যে,  নাগৰিকত্ব [সংশোধনী]  বিধেয়কৰ  মাজেৰে  অসম চুক্তিৰ  পাঁচ নং   দফা  উলংঘা কৰাৰ পিছত ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে    কমিটি গঠন কৰাটো এক  প্ৰহসন মাথো। বিধেয়কৰ বিৰুদ্ধে ছুবুৰীয়া মেঘালয়, মিজোৰামৰ মূখ্যমন্ত্ৰীয়ে দৃঢ় অৱস্থান লৈছে  আৰু   মণিপুৰতো মন্ত্ৰীসভাই সিদ্ধান্ত  লৈছে যে,  মণিপুৰক  এই বিধেয়কৰ আওতাৰ  বাহিৰত   ৰখাৰ  বাবে তেওঁলোকে কেন্দ্ৰক জনাব।  জনজাতিকৰণৰ  বিষয়টো অসম চুক্তিৰ  ছয় নং অনুচ্ছেদৰ সাংবিধানিক মৰ্যদা প্ৰদান, আৰু ছয়টা  জনগোষ্ঠীৰ জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে অসমখনক খিলঞ্জীয়াৰ এক অভদ্যে  দূৰ্গলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰিবৰ্তন কৰিলে”-- বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ঘোষণা কৰে। কিন্তু  এয়া যে  নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই সকলোবোৰেই যে  সাৰশূন্য  বক্তব্য   মাথো  সেই  কথাও  অসমৰ  মানুহে  ঠিকেই  বুজি পাইছে। 

২০১৪  চনৰ  লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে  বিজেপি দলৰ ভিজন ডকুমেণ্টৰ মাজেৰে  দিয়া  উন্নয়নৰ আশাতেই  দলটোক ভোট দিছিল। কিন্তু   আগন্তুক  লোকসভাৰ নিৰ্বাচনৰ সন্মুখত উপনীত হৈ বিজেপি দলে এতিয়া বুজি উঠিছে যে,  দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে  যোৱা পাঁচবছৰত  কেৱল ফলহীন  বিদেশ  ভ্ৰমণৰ নামতে ৰাজকোষৰ কোটি  কোটি  টকা  ব্যয়, বিমুদ্ৰাকৰণৰ   নামত  দেশৰ সাধাৰণ মানুহক অপৰাধী সজাই অশেষ কষ্টৰে  উপাৰ্জন  কৰা  তেওঁলোকৰ  সাঁচতীয়া ধন  বেংকলৈ  নি আম্বানী, আদানীৰ দৰে  বহুজাতিক   প্ৰতিষ্ঠানৰ হাতত  তুলি দিয়া,  দেশৰ ভবিষ্যতৰ   মানৱ সম্পদ গঢ়াৰ  থলী  উচ্চশিক্ষাৰ  প্ৰতিষ্ঠানবোৰত  শিক্ষা  আৰু গৱেষণাৰ   বাবে  ধন  হ্ৰাস কৰাৰ দৰে  জনবিৰোধী কামবোৰ  কৰি অহাৰ বাহিৰে  জনসাধাৰণে  আশা কৰা  ধৰণে  দেশৰ  উন্নয়নমূলক কাম  কৰিবলৈ  সক্ষম নোহোৱা  দলটোৰ সন্মুখত  এতিয়া  শেষ  অস্ত্ৰ  হিচাপে  ধৰ্মৰ  নামত ৰাজনীতি  কৰাৰ  বাহিৰে আন  উপায় নাই ।  গতিকেই  শাসকীয় দলটোৰ  সন্মুখত এতিয়া  হিন্দু-মুছলমানৰ  ধৰ্মভিত্তিক  ৰাজনীতিয়েই  একমাত্ৰ  আৰু শেষ কথা।  শাসকীয় দলটোৱে  নানা বিভ্ৰান্তিকৰ তথ্যৰে  শংকৰদেৱৰ  গণতান্ত্ৰিক  উদাৰবাদী একশৰণ নামধৰ্মৰ  আদৰ্শক  লালিত - পালিত কৰি ৰখা  সত্ৰসমূহক  লক্ষ্য  কৰিও  ৰাজনীতি  আৰম্ভ  কৰিছে   এই সত্ৰবোৰৰ মাটি বাংলাদেশী মুছলমানে  বেদখল কৰা বুলি অভিযোগ কৰি ।  কেইবাখনো  সত্ৰ প্ৰতিষ্ঠানে  এই সন্দৰ্ভত তেওঁলোকৰ  মত  ব্যক্ত  কৰিছে।   কিন্তু   সত্ৰসমূহৰ  মাটি  যদি সঁচাকৈয়ে  বেদখল  হৈছে,  তেন্তে  তাক বেদখলমুক্ত  কৰা  দায়িত্ব  চৰকাৰৰেই।   তেওঁলোকেই  ক্ষমতাত থকাৰ পিছতো  বেদখলকাৰীক উচ্চেদ কৰাৰ বিপৰীতে  ভুৱা  তথ্যৰে  জনসাধাৰণক ভীতিগ্ৰস্ত কৰিবলৈ  চলোৱা চেষ্টাই  শসকীয়  দলটোৰ ব্যৰ্থতাকেই প্ৰমাণিত কৰিছে। চৰকাৰে সময়ে  সময়ে  বিভিন্ন ঠাইত  বেদখলমুক্ত   অভিযানো  চলাই  আহিছে।  তেনেক্ষেত্ৰত  সঁচাকৈয়ে  যদি  সত্ৰৰ  ভূমি বেদখল  হৈছে,  তাক মোকোলাবৰ  বাবে চেষ্টা   নকৰি  জনসাধাৰণক  বাংলাদেশী  মুছলমানৰ  ভয় দেখুৱাই  ভীতিগ্ৰস্ত  কৰাৰ  আঁৰৰ  স্বাৰ্থ  কি·    সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি  আঠখন সত্ৰৰ মাটিতহে বেদখল  আছে। অৱশ্যে শেহতীয়াকৈ  মূখ্যমন্ত্ৰীগৰাকীয়ে  ঘোষণা কৰিছে যে, এই বেদখল উে২৬দ কৰা ক্ষেত্ৰত তেওঁলোক সচেষ্ট হ'ব।

যিসময়ত জনসাধাৰণে চৰকাৰে ২০১৪ চনৰ  নিৰ্বাচনৰ   সময়ত  জনসাধাৰণক দিয়া ভিজন ডকুমেণ্টৰ'  খতিয়ান বিচাৰিছে, সেই  সময়ত নিজৰ  ব্যৰ্থতা ঢাকিবলৈ   ধৰ্মভিত্তিক  সংকীৰ্ণ ৰাজনীতিক ঢাল হিচাপে গ্ৰহণ  কৰাটোৱে চৰকাৰৰ ব্যৰ্থতাকেই প্ৰতিপন্ন কৰিছে।  বিত্ত বিভাগৰ দৰে  দায়িত্বপূৰ্ণ  মন্ত্ৰীগৰাকীয়ে   মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লৈ    চলাই যোৱা  নিৰ্বিচাৰ  বিদ্বেøৰপৰা  এই কথা  স্পষ্ট হৈ পৰিছে যে,   শাসকীয় দলটোৱে এতিয়া  নিৰ্বাচনী বৈতৰণী  পাৰ হবলৈকে   হয়তো  ৰাজ্যত হিন্দু  আৰু  মুছলমানৰ  মাজত  এক  সাম্প্ৰদায়িক   সংঘৰ্ষ  হোৱাটোকে  কামনা কৰিছে।  কিন্তু  অসমৰ  মানুহে স্বভাৱজাত  বৈশিষ্টৰে  সৰলতাক আকোঁৱালি  ললেও এই সময়ত  যে  আন  এক ধৰ্মীয় সংঘাতৰ  ৰাবে   মুঠেও  সাজু নহয় সেই প্ৰেৰণ কৰিছে।  মূখ্যমন্ত্ৰীগৰাকীয়ে  ইপিনে  বিধেয়কখনৰ  সপক্ষে  দৃঢ়  অৱস্থান লোৱা  বুলি ঘোষণা  কৰাৰ সমান্তৰালভাৱে  নিজেও  জনসাধাৰণৰ  বিশ্বাসঘাতকতা  নকৰে  বুলি বাৰে বাৰে দোহাৰি  আছে।  এই কথা কোনেও  বুজি  নোপোৱাকৈ থকা  নাই যে, নাগৰিকত্ব (সংশোধনী) অসমকে ধৰি  উত্তৰ-পূব ভাৰতৰ সকলোবোৰ   জাতি -জনোগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু ৰাজনৈতিক অস্তিত্ব বিপদাপন্ন হৈ পৰবি।মূখ্যমন্ত্ৰীগৰাকীয়ে যে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈকে   এনে স্ব-বিৰোধিতাৰ  আশ্ৰয় লৈছে  তাকো  অসমৰ মানুহে  এই  কাৰচাজি  নুবুজাকৈ  থকা  নাই।  আনকি  বিভিন্ন  সময়ত ইতিহাস বিকৃত কৰাৰ  লক্ষ্যৰে সময়ে সময়ে দাঙি ধৰা মন্তব্যও  পিচ মুহূৰ্ততে  মিছা  বুলিও  প্ৰমাণিত হৈছে।  এই   সকলোবোৰ  কাৰ্যই কেন্দ্ৰ  আৰু  ৰাজ্য দুয়োখন চৰকাৰ যে জনসাধাৰণৰ আশা-আকাংখ্যা  পূৰণ কৰাত  ব্যৰ্থ  হৈয়েই সংকীৰ্ণ আৰু নেতিবাচক  ৰাজনীতিৰে নিৰ্বাচনী  বৈতৰণী  পাৰ হ'  বিচাৰিছে  সেই  কথাকেই  প্ৰমাণ  কৰিছে।  শাসকীয়  দলৰ  এনে  সংকীৰ্ণ  ৰাজনীতিৰ বিপৰীতে  যোৱা সময়ত  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ  উভয়েই  উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা,  দেশৰ অৰ্থনীতিলৈ সংকট কঢ়িয়াই অনা আৰু জনসাধাৰণৰ ভাগ ভাগ কৰিবলৈ চেষ্টা কৰাৰ সন্দৰ্ভত  বিৰোধীয়ে প্ৰবল জনমত গঢ়ি বিষয়বোৰ  তৃণমূলৰ  মানুহৰ মাজলৈ কেনেদৰে নিব, সেই কৌশলৰ ওপৰতেই  আগন্তুক দিনৰ  নিৰ্বাচনীমুখৰ ৰাজনীতি নিৰ্ভৰ কৰিছে।

  ৰত্না ভৰালী তালুকদাৰ 


No comments:

Post a Comment