১। প্ৰথমে আপোনলৈ নতুন বছৰৰ শুভকামনা জনালোঁ. নতুন বছৰত আপোনাৰ কিবা নতুন
পৰিকল্পনা আৰু বছৰটোৰপৰা পৰিকল্পনা কি?
-- অশেষ ধন্যবাদ। নতুন
বছৰত কেইটামান গল্প লিখাৰ পৰিকল্পনা আছে। আৰু
এখন উপন্যাসৰ আৰম্ভণিৰ। কিছু অধ্যয়ন, প্ৰবন্ধ
আদিৰো পৰিকল্পনা আছে। বাকী কামবোৰতো আছেই!
২। সাম্প্ৰতিক আসমীয়া গল্প সাহিত্য সম্পৰ্কে আপোনাৰ
ধাৰণ?
--অসমীয়া সাহিত্যৰ বিভিন্ন
শাখাৰ ভিতৰত গল্পতেই সৰ্বাধিক
সম্পৰীক্ষা দেখিবলৈ পোৱা যায়। এটা ভাল
গল্প লিখাৰ মজাই সুকীয়া। কিন্তু
এই সম্পৰীক্ষাবোৰ সদায়ে সফল
হৈছে বুলিও কব পৰা নাযায়। গল্প
লিখাৰ কামটো অতি প্ৰত্যাহ্বানমূলক
-- প্ৰতিটো গল্পই এটা তত্বৰ দৰে । অকণমান ইফাল- সিফাল হলেই আঁত হেৰাই
যায়। আন এটা কথা হৈছে যে, ‘ পখীসৱে
উৰে যেন পাখা অনুসাৰে' । আৰু এটা কথা -- অৱশেষত লেখক অকলশৰীয়া প্ৰাণী। তেওঁ কণা- মুণাকৈ যায়
-- কিয়নো সন্মুখৰ বাট এন্ধাৰ। কেতিয়াবা মৰুৰ বুকুৰে অকলে গৈ থকা যেন
লাগে -- ওপৰত প্ৰখৰ ৰ'দ, তলত তপত বালি, কেনিও অকণো সঁহাৰি
নাই। তথাপি যাত্ৰাৰ শেষত পাবলগীয়া এচেৰেঙা পোহৰৰ আশাই তেওঁক থমকি ৰবলৈ নিদিয়ে।
এক অনন্ত পিপাসা। মই সমাজ
বাস্তৱতাৰ কথা লিখোঁ, মানুহৰ হাহাকাৰবোৰৰ কথা লিখোঁ -- এইবোৰ নিষ্ঠুৰ মানৱতাৰ ভয়ংকৰ দলিল। এই সমাজব্যৱস্থা
অতি জটিল -- লগতে থাকে মানৱতাৰ শতৰুবোৰৰ
অহৰহ ষড়যন্ত্ৰ, সমাজৰ ঐক্য ভাঙি থান- বান কৰাৰ।
অতি চতুৰ তেওঁলোক , মায়াপী--আপোনাৰ লগে
লগে ঘূৰি ফুৰিব। এনে সমাজ বাস্তৱতাৰ ওপৰত গল্প লিখা ধেমালি নহয় -- শত্ৰু -মিত্ৰ চিনি পাব লাগিব, সমাজৰ বিশ্লেষণ শুদ্ধ হ'ব লাগিব।
গল্পকাৰে বহুক্ষেত্ৰত প্ৰাণৰ
সংশয় লৈ শূন্যত ওলমি থকা দলঙেৰে পাৰ
হৈ যায়।
মানুহৰ হাহাকাৰৰ কথা লিখোঁ বাবে বহুতে মোৰ
গল্প শ্ল'গান বুলি কয়, বহুতে
প্ৰসংসা কৰে । গল্প এক কলা। আৰু বক্তব্য
যিয়েই নহওক, অৱশেষত সি গল্প হব লাগিবই -- এয়াই
প্ৰত্যাহ্বান। আকৌ গল্পৰ ফৰ্মূলাৰে
ভাল হলেও সমকালীন
বাস্তৱতাৰ উপস্থাপনা নথকা সাৰ-
মৰ্মহীন, স্ৰষ্টাৰ
গভীৰ অন্তৰ্গজগতৰ সন্ধান দিব নোৱাৰা গল্পৰ
কোনো আবেদন পাঠকৰ বাবে নাই। আজিৰ পাঠকো বহুত বেছি দীক্ষিত।
দীক্ষিত পাঠকৰ চেকনিৰে পাৰ হৈ অহা সহজ নহয় -- গল্প বেয়া হ'লে চ'ছিয়েল মিডিয়াযোগে
জনাই দিব স্ৰষ্টাক।
সমকালীন গল্পকাৰসকলে এনে পৰিবেশতে প্ৰস্তুত
হৈছে নিজৰ বাবে এটা বাট কাটি লবৰ বাবে। আমি সকলোৱেই
গল্প লিখিছোঁ আৰু সময়ে ইয়াৰ স্থায়িত্বৰ বিচাৰ নিজেই কৰিব। এটা কথা ভাল লাগে যে, সমকালীন
বিশ্বৰ বহুতো মানসম্পন্ন গল্পৰ সৈতে শ্ৰেষ্ঠ অসমীয়া গল্পবোৰে ফেৰ মাৰিব পাৰে।
৩।আপোনাৰ দৃষ্টিত এগৰাকী
লেখকৰ সৃষ্টিশীলতা আৰ্জিত সম্পদ নে জন্মগতভাৱে আহে?
-- এই কথাটো মই এতিয়াও ভালদৰে বিচাৰ কৰি চোৱা নাই। জন্মগতভাৱে, মানে আমি তেজত
অথবা চেতনাত এটা বহন কৰি আনোঁ
-- ইয়াৰ কিবা বিজ্ঞানসন্মত ব্যাখ্যা আছে জানো ? মই খুব সৰুতেই গভীৰ সাহিত্যৰ সোৱাদ পাইছিলোঁ। যেনে, চতুৰ্থ শ্ৰেণীৰ বৃত্তিপৰীক্ষা দি উঠিয়েই জ্ঞানপীঠ
বঁটা বিজয়ী ‘মৃত্যুঞ্জয়' উপন্যাস
পঢ়িছিলোঁ । আৰু মামনি ৰয়চম গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল' চতুৰ্থ শ্ৰেণীত থাকোঁতে পঢ়িছিলোঁ ।
তাৰ আগতে দেউতাই আমাক জোনাক নিশা চোতালত বহুৱাই ৰামায়ন আৰু মহাভাৰত
কৈ শেষ কৰিছিল আৰু বৰদেউতাই
পামৰপৰা আহি সময়ে সময়ে আমাক কৈছিল সাধুকথাবোৰ। গল্প বা
উপন্যাস লিখিম বুলি মই বহুদিনলৈকে ভবাই নাছিলোঁ, অৱশ্যে কবিতা লিখিছিলোঁ। তাৰ পিছত সাংবাদিকতাত মজি গ'লোঁ। যেতিয়া
লিখিবলৈ ল'লো, তেতিয়া বৰকৈ বিশ্বাস
হোৱা নাছিল কি লিখিছোঁ। মোৰ প্ৰথমতো গল্প চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাৰ ‘গৰীয়সী' আলোচনীত
ওলাইছিল আৰু বৰ্তমানৰ
দৈনিক অসম কাকতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, গল্পকাৰ
তথা খ্যাতনামা চলচিত্ৰ সমালোচক বিতোপন
বৰবৰাদেৱে গল্পটোৰ পাণ্ডুলিপি তেখেতৰ হাতত
জমা দিছিল। এই দুয়োটা
কথাই মোক এটা বিশ্বাস দিছিল। এতিয়া
মই গল্প লিখাৰ বাবে কিছু কষ্ট কৰি আছোঁ।
তৰুণ সমালোচক অৰিন্দন বৰকটকীয়ে মোক পিচফালৰপৰা ঠেলি থাকে
-- ‘আপুনি নিজৰ মতে লিখি যাওক, যি হয় দেখা যাব।' মই নিজকে
এজন কৃষক
অথবা শ্ৰমিকৰ সৈতে মিলাই চাবলৈ ভাল পাওঁ। আপুনি জানে যে, কৃষক অথবা
শ্ৰমিক এজনৰ বাবে জীৱনৰ সংগ্ৰামখনেই
সাৰকথা -- জীৱনৰ পোৱা বা নোপোৱাৰ হিচাপ
কৰিবলৈ তেওঁৰ সময় নাই -- এই কথাটোৱে
মোক বৰকৈ উৎসাহিত কৰে। মই নিজৰ
কামত মজি থাকিবলৈ ভালপাওঁ।
৪। গল্প আৰু উপন্যাস--সাহিত্যৰ
এই দুটা বৃহৎ শাখাৰ লগত আপুনি জড়িত। দুয়োধৰণৰ লেখাৰ নিৰ্মাণশৈলীৰ পৰ্বটোৰ কথা অলপ কওকচোন।
-- গল্প লিখি ভাল লাগে
-- ভাল গল্প লিখাটো এটা প্ৰত্যাহ্বান। গল্পত
লিখকৰ স্বাধীনতা কম । সীমিত স্বাধীনতাৰ মাজেৰেই
বাজীমাৎ কৰিব লাগে। আৰু উপন্যাসে দিয়ে অবাধ স্বাধীনতা। গল্পত
আপুনি কাহিনীটো এডাল সূতাত
গুঠি লৈ চেঁপি আনিব লাগিব, মাজত কোনো কথা সুমুৱাব
নোৱাৰি। আৰু উপন্যাসত
বহলাই নিব পাৰি , নান ৰঙী চিত্ৰ সুমুৱাই নিব
পাৰি। মোৰ গল্পৰ পটভূমিবোৰ গভীৰ সমাজিক প্ৰেক্ষাৰপৰা উঠি অহা -- চৰিত্ৰবোৰ তাৰ প্ৰতিনিধি।ভাল
হ'লে এটা যন্ত্ৰণা কিছু সময়ৰ বাবে শেষ হোৱা যেন লাগে । ভাল ন'হলে আকৌ যন্ত্ৰণা -- সকলো
সৃষ্টিশীল মানুহেই এই ব্যৰ্থতাৰ যন্ত্ৰণাক লালন কৰে।এনে ব্যৰ্থ
সময়ত বিনম্ৰতা নাথাকিলে, জীৱনৰ সৰলতাক ধৰি ৰাখিব নোৱাৰিলে জীৱন ধ্বংস
হৈ যাব । মই এখন উপন্যাস লিখিছোঁ বড়োসকলৰ
স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ পটভূমিত। বিষয়টো উপন্যাসলৈ
অহাটো জৰুৰী আছিল, কিন্তু ইয়াৰ শিল্পৰূপটোক
লৈ মই নিজে বৰ সন্তুষ্ট
নহওঁ। সদ্যহতে আন উপন্যাসৰ বাবে মই সমল গোটাই আছোঁ, যিখনৰ বাবে মোৰ এক প্ৰস্তুতি আছে।
৫।সংগ্ৰামী শ্ৰেণীৰ
জীৱন গাথাৰে আপোনাৰ গল্পসমূহে জীৱন পায়। এনেধৰণৰ
গল্প লিখিবলৈ কিহে প্ৰেৰণা দিয়ে?
-- মই নিজেও সংগ্ৰামী
হবলৈকে ভাল পাওঁ। অধ্যয়ন আৰু সংগ্ৰাম আমাৰ ছাত্ৰজীৱনৰ
আদৰ্শৰ শ্ল'গান । মোৰ দেউতা
প্ৰয়াত মুহিধৰ ভৰালী মাজুলী মহাবিদ্যালয়ৰ
শিক্ষক আছিল। মেট্ৰিক পৰীক্ষা
পাচ কৰালৈকে তেখেতে ম'হপালন কৰিব বুলিয়েই
ভাবি আছিল। তেখেতে নিজে উপাৰ্জন আৰু পঢ়া- শুনা একেলগে কৰিছিল। পিছত মাজুলীত এখন মহাবিদ্যালয় স্থাপন কৰাৰ কথাটোত গুৰুত্ব দিলে।
মা নিভা ভৰালী শ্বিলঙৰ লেডীকিন কলেজ
আৰু কটন কলেজত পঢ়িছিল আৰু বিয়াৰ পাছত মায়েও
এখন বিদ্যালয় স্থাপন কৰাৰ কামত নিজকে নিয়োগ
কৰিছিল। বিদ্যালয় চুটীৰ পিছত মায়ে গাঁৱে
গাঁৱে ঘূৰি সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ কবলৈ পিচপৰা অঞ্চলৰ
অভিভাৱকসকলৰ ঘৰে ঘৰে গৈছিল। বহুতো ছাত্ৰীয়ে
স্কুল চুটীৰ পিছত আমাৰ ঘৰত তাঁত বৈ পইচা উপাৰ্জন কৰি
পঢ়া- শুনা কৰিছিল। মায়ে সূতা কিনি
দিয়ে আৰু
কাপোৰ ভগাই লয়। বহুতো ছোৱালীক নিজৰ
ঘৰত তাঁত বৈ পইচা উপাৰ্জন কৰাতো মায়ে সহায় কৰিছিল। তেতিয়া
মা-দেউতাৰ দৰমহাৰ কোনো আশা নাছিল। তথাপি
অনেকক তেওঁলোকে ঘৰতে ৰাখি পঢ়ুৱালে, অনেকক পঢ়িবলৈ মাছুল দিলে আৰু নানা ধৰণে সহায় কৰিলে।
মোৰ শহুৰদেউতা প্ৰয়াত নন্দেশ্বৰ তালুকদাৰ বৰপেটাৰ
বজালী অঞ্চলৰ জমিদাৰৰ সন্তান আছিল আৰু সকলো আৰাম -বিলাস
ত্যাগ কৰি অসমৰ সাম্যবাদী আন্দোলনৰ গুৰি ধৰিছিল। শাহু প্ৰয়াত নিৰুপমা
তালুকদাৰ আছিল গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্য ৰোহিণী চৌধুৰীৰ ভতিজী আৰু অসমৰ প্ৰথমজন বন ব্যৱহাৰিক বিষয়া গিৰীশ চৌধুৰীৰ কন্যা। শাহুৱে স্কুলীয়া শিক্ষয়িত্ৰীৰ দৰমহাৰেই অতি হিচাপত সংসাৰ চলাই তিনিজন পুত্ৰক
মানুহ কৰিলে। বিয়াৰ পিছত
অসমৰ প্ৰায় সকলোবোৰ ঠাইৰ মানুহকে মই
চাহ একাপ খুওৱাৰ সুযোগ পালোঁ তেওঁলোকৰ
বাবেই -- এয়া মোৰ বাবে এটা আচৰিত সৌভাগ্যৰ
কথা। আলহী- অতিথি, কামৰ মেটমৰা সম্ভাৰ আৰু সংগ্ৰাম -- এই সকলোবোৰেই আমাৰ লগৰীয়া।
মই সমাজৰ ৰূপান্তৰৰ দ্বন্দমূলক আদৰ্শত বিশ্বাসী, গতিকে সংগ্ৰামী মানুহৰ
প্ৰতি অন্তৰত আকুলতা থাকিবই। আমাৰ জাতিটোৰ অৱস্থাই
চাওক-- অসমীয়া জাতিয়ে কিবা এটা
পাবৰ বাবে সংগ্ৰাম কৰিবই লাগিব -- এয়াই
যেন আমাৰ আমোঘ নিয়তি। বহুতেই আন্দোলনবোৰক তুচ্ছ- তাচ্ছিল্য কৰে আৰু
মই কৰোঁ শ্ৰদ্ধা।
বহুক্ষেত্ৰত ভুল হয় আৰু ভুলবোৰৰো
শিক্ষা থাকে। সাহিত্যই
জীৱনৰ সকলো সীমাবদ্ধতা পাৰ হৈ স্পৰ্শ কৰিব খোজে মহাজীৱনৰদুৱাৰ।এনে সময়ত লেখকে উপলব্ধি কৰে তেওঁৰ সীমাবদ্ধ
ক্ষমতাৰ কথা।আপুনি যদি মোক মোৰ দৰে
মানুহৰ বিষয়ে গল্প লিখিবলৈ কয় মই কেতিয়াও লিখিব নোৱাৰিম -- কাৰণ মই বিশ্বাস কৰোঁ যে,
তুলনামূলকভাৱে মোৰ এক
অগ্ৰাধিকাৰপ্ৰাপ্ত জীৱন আছে, শিক্ষা আছে, সাহস আছে -- যাৰ মাজেৰে নিজৰ জীৱনৰ
হা- হুমুনিয়াহ, ঘাত- প্ৰতিঘাত অতিক্ৰম কৰি গৈ থাকিব পাৰিম। কিন্তু যাৰ কথা মই লিখোঁ, তেওঁলোকে নিজৰ কথা
কব নোৱাৰে-- তেওঁলোকৰ শিক্ষা নাই,
সাহস নাই, আহৰি নাই, আজিৰ দিনটো উপাৰ্জন
কৰি আজিৰ বাবে পেট ভৰোৱাৰ সংগ্ৰামতেই ব্যস্ত
তেওঁলোক । তেওঁলোকৰ কথা কোনোবাই কবই
লাগিব। আৰু মোৰ আছে সেই সঁচাৰ কাঠি -- তত্ব আধাৰিত সমাজ বাস্তৱতাৰ বিশ্লেষণৰ শিক্ষা
। কেৱল তত্বত বিশ্বাস কৰিলেও ন'হব আৰু বাস্তৱতাৰ নামত তৰাং
কথা লিখিলেও নহ'ব। দীৰ্ঘ সময় ধৰি
মই সাহিত্যত তত্ব আৰু সমাজবাস্তৱতাৰ সমন্বয়ৰ বাবে চেষ্টা কৰি
আহিছোঁ । কাক প্ৰতিনিধিত্ব কৰিব লাগে সেই কথা মই
জানো। এই কাম শংকৰদেৱে
কৰি থৈ
গৈছে, বেজবৰুৱাদেৱে কৰিছে, জ্যোতিপ্ৰসাদ
আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাই কৰি
থৈ গৈছে। বহুতেই কৰিছে। আমি শংকৰদেৱৰ সময়ৰপৰাই
আধুনিক। অন্ততঃ ভাষাৰ ক্ষেত্ৰত।
অসমীয়া সাহিত্যৰ ঐতিহ্যচেতনাই
মোক সাহস দিছে।
৬। ‘সাংবাদিক আৰু সাহিতি্যক'--সমাজৰ দুটা প্ৰধান
অংগৰ লগত আপুনি জড়িত। সাংবাদিকতাই আপোনাৰ সৃষ্টিশীল জগত প্ৰভাৱিত কৰা বুলি ভাৱেনে· সাংবাদিকতা বৃত্তিৰ
লগত জড়িত হৈ সুখীনে·
-- সাংবাদিক বাবেই
মই এই কথা জানো যে, প্ৰতি মুহূৰ্ততে মই এজন শিকাৰু,
মাৰ্কসবাদত বিশ্বাস কৰোঁ বাবেই জানো প্ৰতি মুহূৰ্ততে মই এজন সংগ্ৰামী।
এজন সৃষ্টিশীল মানুহে নিজকে লৈ যাবৰ
বাবে আৰুনো কি লাগিছে। মই ভাগ্যবান যে, আন কাম নকৰি মই সাংবাদিক হ'লোঁ । ক্ষেত্ৰ অনুসন্ধানবোৰে মোক সাহসী কৰিলে, প্ৰতিকূল পৰিস্থিতিৰ
মুখামুখি হোৱাৰ বাবে উদ্দীপনা দিলে। কবলৈ গ'লে মোৰ সাহিত্যচৰ্চা সাংবাদিকতাৰেই সম্প্ৰসাৰণ।
৭। ভবিষ্যত পৰিকল্পনা?
-- ভবিষ্যতে কিছু গল্প, উপন্যাস আৰু আন কেইবাটাও
বিষয়ত লিখি যোৱাৰ পৰিকল্পনা আছে।
৮। আপোনাৰ দৃষ্টিত
সুখী জীৱন?
-- পোৱা-নোপোৱাৰ বিচাৰ নকৰি নিজৰ কাম কৰি যোৱাটোৱেই সুখী জীৱন । আমাৰতো এটাই জীৱন -- তাক নিজৰ মতে সজাই লোৱাৰ অধিকাৰ
আমাৰ আছে । এই জীৱন ধুনীয়া, এই পৃথিৱী বিনন্দীয়া--
পৃথিৱীৰ য'লৈকে নাযাওক কিয়,
আপোনাক বেলিয়ে পোহৰ দিব, জোনে স্নিগ্দ্ধতা
দিব আৰু বতাহে দিব
ৰিব ৰিব বা। আৰু নদীবোৰে কৈ দিব বৈ যোৱাৰ
কথা। মোৰ জন্ম লুইতৰ কোলাত
-- মাজুলীত। আৰু পৃথিৱীৰ সকলো
ঠাইতে আছে একোখন নদী। মাটিৰ তলেৰে বৈ যোৱা আমি নেদেখা নদীবোৰো আছে, যি আমি থিয়দঙা দিব খোজা মাটিবোৰ
তলৰপৰাই জীপাল কৰি ৰাখে । আমাৰ বিহুনামৰ সাতপুৰুষীয়া
নদীখনেই আমাৰ জীৱন, মাথোন জাজৰিবোৰে
চেঁপা মাৰি মাজপথত
যাতে আমাক স্তব্ধ কৰিব নোৱাৰে,
তাৰ বাবে সচেষ্ট হৈ থাকিলেই হ'ল।
৯। শেষত আপোনালৈ অশেষ
ধন্যবাদ জনালোঁ।
-- ধন্যবাদ।
No comments:
Post a Comment