Wednesday 26 December 2018

২০১৮ - উভতি চোৱা




ব্যস্ততাৰ মাজেৰে হুৰমূৰকৈ গুচি গৈছে ২০১৮ । সম্ভৱতঃ এইটো বৰ্ষতেই আটাইতকৈ বেছিকৈ নিজকে সুধি থাকিলোঁ - কাৰ বাবে লেখকৰ কলম, কাৰ বাবে শব্দ।  বছৰটোত এলানি প্ৰবন্ধ লিখিলোঁ, দৈনিক কাততৰ বাবে ৮০০-১০০ শব্দৰপৰা আৰম্ভ কৰি কোনো কোনো গ্ৰন্থৰ বাবে ৩৫০০ শব্দলৈকে । শংকৰদেৱৰ বিষয়ে নতুনকৈ কিছু অধ্যয়ন কৰিলোঁ পদ্ধতিগতভাৱে।

চাৰিটা গল্পও প্ৰকাশ হ’ল -  বিষয়বোৰ আছিল আমচাঙ বনাঞ্চলত জনজাতীয় পৰিয়ালৰ উচ্ছেদ, থলুৱাৰ ওপৰত সম্পদৰ অধিকাৰ, ধৰ্ষণৰ দৰে জঘণ্য কাণ্ডৰ ধৰ্মীয় ৰাজনীতিকৰণ আৰু জনজাতীয় স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ চকুপানী।

ৰাজপথতো এঘড়ী যুদ্ধ কৰিলোঁ নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬-ৰ বিৰোধিতা কৰি । অসমীয়া জাতি আৰু ভাষাক মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰকাৰীয়ে ৰচনা কৰা কূট-কৌশলৰ বিৰুদ্ধে লেখক-শিল্পীসমাজে কিবা এটা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ৯ মে’ত বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ সৈতে হোৱাৰ আলোচনাৰ পিছতে  মাত্ৰ ৫ দিনৰ ভিতৰত আমি  যোৱা ১৩ মে’ত প্ৰায়  ৪০০ লেখক-শিল্পীয়ে ৰাজপথত প্ৰতিবাদী শোভাযাত্ৰা কৰিছিলোঁ  — যিটো গোটেই জীৱনৰ বাবেই এক অনন্য অভিজ্ঞতা হৈ ৰ’ব।

‘নিজাইন’ আলোচনীৰ হৈ কেইবাখনো বিদ্যায়তানিক আলোচনাচক্ৰত অংশ লৈ সাংবাদিকৰ ক্ষেত্ৰ-অভিজ্ঞতাক বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তিসকলৰ দৃষ্টিলৈ আনিবলৈ চেষ্টা কৰিলোঁ যাতে তত্ব আৰু বাস্তৱৰ সমন্বয়ত সমাজৰ ৰূপান্তৰৰ প্ৰক্ৰিয়া আৰু বেছি সাৱলীল হয়। বছৰৰ শেষলৈ গুৱাহাটী বিশ্বিবদ্যালয়ৰ Centre for South East Asian Studies,- “Assam at the Crossroads of deepening India-Bhutan engagement: Realignment of Policy regimes for Cross-border trade and Border Area Development Programme”. শীৰ্ষক এটি প্ৰকল্প প্ৰদান কৰে। তদুপৰি Action-Aid-এটা বিশেষ assignment লৈ উত্তৰ অসমৰ চাহ বাগিছা এলেকাত কিছু কামো কৰিলোঁ।

নিজে কবি নহওঁ যদিও দুটামান কবিতাও লিখিলোঁ। ঋণৰ বোজাত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা কৃষকে ১০,০০০ কিলোমিটাৰ পদযাত্ৰা কৰি ৰাজপথত কৰা প্ৰতিবাদে কবিতাৰ দৰে শব্দবোৰ লিখিবলৈ প্ৰেৰণা দিলে। কবিতা হওক বা নহওক, অনেকৰ বাবে প্ৰেৰণাদায়ী শব্দ হৈ ৰ’ল কৃষকৰ চিতাৰ জুই  আৰু অঙঠাৰ ওপৰেৰে পাৰ হৈ অহা সেই শব্দবোৰ। ইয়াতকৈনো আৰু বেছি কি লাগিছে।

আটাইতকৈ মজাৰ কথাটো হ’ল ২০১৮ চনত লিখি উলিয়ালোঁ প্ৰথমখন শিশু উপন্যাস ‘অক্কণমানি বাগিছাৰ যাদু’, যাৰ অডিঅ’ ৰূপ এটা সফল সম্পৰীক্ষা আছিল। বন্ধু মনোজ ডেকাৰ কণ্ঠই উপন্যাসখনক এটা নতন মাত্ৰা দিলে। 

আমি ক্ষেত্ৰত কাম কৰিবলৈ ভালপোৱা মানুহ। সাংবাদিক হিচাপে  জীৱনৰ প্ৰথমটো বিস্তৃত  ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিলোঁ সংঘৰ্ষজৰ্জৰ কোকৰাঝাৰত নেচনেল ফাউণ্ডেচন ফৰ ইণ্ডিয়াৰ ফেল’শ্বিপ লাভ কৰি  অস্ত্ৰ-সংঘাতত উপান্ত হৈ দহ বছৰৰো অধিক কাল আশ্ৰয় শিৱিৰত থাকিবলৈ বাধ্য হোৱা মানুহবোৰৰ কাহিনীৰ প্ৰতিবেদন লিখিবলৈ। মৰণৰ বিভীষিকাৰ ফুটছাইত জীৱন কিদৰে গঢ়ি উঠে, সেয়া  প্ৰথমবাৰৰ বাবে দেখিছিলোঁ । সেই ক্ষেত্ৰ  আজীৱন পবিত্ৰ হৈ ৰ’ল, হৈ ৰ’ল সাধনাৰ উৎস – য’ত থাকে প্ৰিয় মানুহবোৰ তেওঁলোকৰ হাহাকাৰৰ স’তে। সৌ সিদিনাও এখন ক্ষেত্ৰলৈ গৈছিলোঁ, তেখেত এগৰাকী জনজাতীয় বিধবা। দিনৰ দিনটো আমি আমি পাহাৰে-ভৈয়ামে আগুৰি থকা গাওঁখন ঘূৰি-পকি ফুৰিলোঁ – ভাদলৈকে ভালকৈ ব’ৰষুণ নপৰা পাহাৰৰপৰা নামি আমন-জিমন নিজৰাবোৰ চালোঁ, খেতিৰ হাজিৰা কাম কৰিবলৈ যাওতে মাটিৰ গিৰিহঁতে যোগাৰ দিয়া জোঙাৰ কথা কৈ তেওঁৰ চকুযুৰি নাচি উঠিল, আৰু মই দেখিলোঁ এটুপি জোঙাৰ  বাবে শুকাই অহা তেওঁৰ ওঁঠযুৰি । শেষত আমি গাৱঁৰ মৰিশালিখন চালোঁ, মৰিশালিৰ শালগছবোৰ চালোঁ। নিশা ভাত খাই  কথা পাতি পাতি তেখেতৰ সৈতে একেলগে শুই পৰিলোঁ - এখন চাং। শিতানত এখন কটাৰী, ভৰি পথানত বাঢ়নীটাঁৰ, অপায় দেৱতাক খেদিবলৈ তেওঁ তেনেকৈ ৰাখি থয়। মাটিৰ বেৰতো ওলমি আছে এখন দা,  এখন নেপালী খুকুৰী। মাজনিশা এবাৰ সাৰ পাইছিলোঁ, বিধবা জনজাতীয় মহিলাৰ তেতিয়া গভীৰ টোপনি। উদং পাকঘৰটোৱে মোক শুবলৈ দিয়া নাছিল। তেওঁ শাখাতি ৰাভা (প্ৰকৃত নাম নহয়), মোৰ শেহতীয়া গল্পটিৰ নায়িকা, জনগোষ্ঠীৰ মানুহ মৰিলে তেওঁ মৃতকৰ শৰাধৰ চোতালত গীত গাই গাই মৃতকক আকৌ নিজৰ জনগোষ্ঠীত জনম লবলৈ আবাহন কৰে। পিচদিনা পুৱা ৫.৩০ বজাত সাৰ পাই চাহ একাপ খাই  ৬.০০ বজাৰ বাচত উঠিলোঁহি, ঘৰলৈ আহিবলৈ। আমি উপহাৰ বিনিময়ো কৰিলোঁ। মই তেওঁলৈ এখন তেঁওলোকে পিন্ধা মেখেলা লৈ গৈছিলোঁ, আৰু তেখেতেও মোক এখন নিজ হাতে বোৱা কাপোৰ উপহাৰ দিলে।

ওভতনি বাটৰ দুয়োপাৰে থকা শালগছবোৰৰ পাতে পাতে তেওঁৰ চকুযোৰ, জোঙা খাবলৈ হাবিয়াস কৰা মুখখন মোৰ সতে নাচি নাচি আহি আছিল। উদং পাকঘৰটো বতাহত ওলমি ওলমি আহি আছিল। হয়, উদং পাকঘৰটো। মোৰ ক্ষেত্ৰৰ অধ্যয়নৰ অন্যতম সূচক এই পাকঘৰবোৰ। ক্ষেত্ৰলৈ যেতিয়াই যাও প্ৰথমেই চাও পাকঘৰবোৰ। কেতিয়াবা কোনো জনজাতীয় পৰিয়ালৰ, কেতিয়াবা নদীয়ে ভঙা মানুহৰ, কেতিয়াবা চৰৰ মুছলমানৰ, বা কোনোবা চাহ বাগিছাৰ লাইন আৰু বস্তিৰ শ্ৰমিকৰ । সকলো মানুহৰ  তেজৰ যিদৰে বৰণ একেই, সকলো তিৰোতাৰ বুকুৰ গাথীৰৰ সোৱাদ যিদৰে একেই — সেইদৰেই মোৰ প্ৰিয় ক্ষেত্ৰবোৰৰ পাকঘৰবোৰৰো চৰিত্ৰ একেই, য’ত থাকে অন্তহীন নিৰ্জনতা,  উদং শোক। নাথাকে কাইলৈৰ বাবে এসাঁজৰ যোগাৰ। আজিৰ দিনটো খাই, আজিৰ দিনটোৰ বাবে জীয়াই থকা মানুহবোৰে তেওঁলোকৰ পাকঘৰৰপৰা উমাল চাহ একাপ যাচি মোলৈ আগবঢ়াই দিয়ে  একোটি গল্প, মই তাক তুলি লওঁ। তেওঁলোকে মানৱতাক জীয়াই ৰাখিব জানে বাবেই জাৱনৰ নিটোল গল্পবোৰে তুলি দিব পাৰে। জীৱনৰ পোৱা-নোপোৱাৰ হিচাপ কৰিব নজনা মানুহবোৰৰ মুখৰ হাঁহি আৰু কান্দোনবোৰ সামৰি ৰখা মানুহবোৰৰ পেটৰ জুই নুমুৱাই ৰখা এই পাকঘৰবোৰ মই শ্ৰদ্ধা কৰোঁ।

কাম সামৰি যেতিয়া মহানগৰীলৈ উভতি আহোঁ, তেতিয়া মনৰ জড়তা ভাঙিবলৈ চ’ছিয়েল মিডিয়া চাওঁ। তাত আলোচনা চলি থাকে আম্বানি-আদানিৰ সম্পত্তিৰ হিচাপৰ। এগৰাকী লেখক হিচাপে মই এই ভাৰসাম্যত নিজেও  জীয়াই থাকোঁ, জীৱনৰ ছন্দকো জীয়াই ৰাখোঁ। নিজকে শ্ৰদ্ধা কৰিবলৈ শিকোঁ। আৰু নিৰ্দ্ধাৰিত কৰি লওঁ লক্ষ্য। মই তেনেই সামান্য লেখক,  কিন্তু ময়ো এটা সপোন দেখোঁ। যিবোৰ মানুহৰ মাজলৈ গৈছোঁ, তেওঁলোকৰ প্ৰতিটো পৰিয়ালে দিনটোৰ তিনিসাজ খাবলৈ পোৱাটো, তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰে এখন মানসম্পন্ন বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ সুযোগ পোৱাৰ দিনটো দেখাৰ পিছতহে যাতে মৰিব পাৰোঁ – তাৰ আগতে যেন নমৰোঁ, এয়াই মোৰ আশা।  এই সপোনেই মোক জীয়াই ৰাখিব, সমৃদ্ধ কৰিব, লিখি যাবলৈও শকতি দিব।

No comments:

Post a Comment