Monday 3 December 2018

উন্নত কৃষি পদ্ধতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে কৃষকৰ পৰম্পৰাগত জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন







মানুহে যেতিয়া  নাঙল  ব্যৱহাৰ কৰি  খেতিবলৈ শিকিলে, তেতিয়াৰেপৰাই মানুহৰ সভ্যতাত এক নতুন দিগন্তৰ সুচনা হ'ল। মানুহৰ সভ্যতাৰ সুদীৰ্ঘ  সময় ধৰি নাঙল ব্যৱহাৰ কৰি  কৃষি  কাৰ্য কৰা পদ্ধতিয়ে কেইবাটাও ইতিহাসত প্ৰাধান্য বিস্তাৰ কৰি আহিছে। পশ্চিমীয়া  দেশসমূহত  বিংশ শতিকাত  অধিক উৎপাদনৰ বাবে যন্ত্ৰ ব্যৱহাৰ কৰি  কৃষি কাৰ্যৰ  উ×ন্নতি সাধন কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হয়।  ভাৰতবৰ্বষতো বিংশ শতিকাৰ  শেষৰফালে কেইবাখনো  ৰাজ্যত  কৃষিত   ট্ৰেক্টৰ লগাই হাল বোৱাৰ লগতে লগতে মৰণা মৰা, ধান কটা যন্ত্ৰ আদিৰ ব্যৱহাৰ লগতে হাইব্ৰীড বীজৰ যোগান ধৰি কষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হয়।

অসমতো একবিংশ শতিকাৰ প্ৰথম দশকটোৰপৰা চেগা-চোৰোকাকৈ  ট্ৰেক্টৰ লগাই হাল বাই মাটি চহ কৰি কৃষি কাৰ্য কৰিবলৈ আৰম্ভ  কৰা হয় আৰু বৰ্তমানলৈকে ৰাজ্যখনৰ  প্ৰায় সমুদায় মাটিয়েই   ট্ৰেক্টৰ   ব্যৱহাৰ  কৰি চহ কৰা হয়। অৱশ্যে কোনো  কোনোৱে  এচাহ ট্ৰেক্টৰ   ব্যৱহাৰ কৰাৰ পিছত  গৰুৰে হাল বাই   লয়। তথাপি  হালোৱা  ককাইজনে  গৰুহাল  লৈ   নাঙলেৰে  মাটি চহাই অথবা মৈয়াই থকা সাতামপুৰুষীয়া পৰম্পৰাগত ছবিখন খুব সোনকালেই আমাৰ  মনৰপৰা আঁতৰি যাবলৈ  ধৰিছে।  গৰু   লগাই হাল বোৱাই কৰা খেতিত  বেছিহে  খৰছ হয়  বুলি খেতিয়কে সততে অভিযোগ কৰে।  সেয়েহে গাওঁবোৰতো এতিয়া  আগৰ দৰে  হালোৱা গৰু  নাই ।  খেতি চপোৱাৰ পিছত  আগৰ দৰে  পথাৰত চৰি  থকা গৰু  সংখ্যাও  কমি আহিবলৈ ধৰিছে। নাঙল ব্যৱহাৰ কৰি, চৰকাৰ ঘৰৰ পৰা কিনি অনা  হাইব্ৰীড বীজৰ ধান খেতি  কৰি  পোক - পতংগৰপৰা  ৰক্ষা  পাবলৈ কীটনাশক  দ্ৰব্যৰ প্ৰয়োগৰ লগতে ৰসায়নিক  সাৰৰ ব্যৱহাৰেৰে  কিছু  পৰিমাণে  কৃষিৰ  উৎপাদন  বৃদ্ধি কৰিবলৈ অসমৰ  খেতিয়কো হয়তো কিছু পৰিমাণে  সক্ষম  হৈছে।

পৰম্পৰাগত কৃষি পদ্ধতিৰপৰা যন্ত্ৰৰ ব্যৱহাৰৰ মাজেৰে  উন্নত কৃষিপদ্ধতিলৈ  গমন   কৰাৰ এই   প্ৰক্ৰিয়াত আমাৰ   কবলগীয়া তেনেকৈ একো নাথাকিলহেঁতেন, যদিহে বিভিন্ন ঠাইত লগ পোৱা খেতিয়কসকলে নিজৰ অভিজ্ঞতা  বৰ্ণণা  কৰি  আমাক  কিছু দিশৰ সম্পৰ্কে  সজাগ  কৰি নিদিলেহেঁতেন।  এই খেতিয়কসকলৰ  প্ৰথমটি দলক লগ পাইছিলোঁ বোকাখাতৰ নিলগৰ বিহৰা বজাৰস্থলীত। বিহৰাত প্ৰতি দেওবাৰে এখন সাপ্তাহিক বজাৰ বহে । মূল বজাৰখনৰ  সমান্তৰালকৈ   বহে এখন  গৰুৰ বজাৰো।  তাতেই  হলোৱা গৰু  কিনিবলৈ   অহা  কেইজনমান কৃষকে পথাৰত ট্ৰেক্টৰ   লগাই মাটি চহ কৰাৰ বিষম পৰিণতিৰ  কথা জানিবলৈ দিছিল। তেওঁলোকৰ  কেউজনেই  সৰিয়হৰ খেতি কৰে।  তেওঁলোকে ইতিমধ্যে কেইবাবছৰো  ধৰি ট্ৰেক্তৰ  ব্যৱহাৰ কৰি খেতি  কৰাৰ বাবে হালোৱা গৰু   বিক্ৰী  কৰি  দিছিল। প্ৰথম অৱস্থাত সুফল পালেও   কিন্তু  লাহে লাহে তেওঁলোকে পৰ্যবেক্ষণ  কৰিছিল যেট্ৰেক্টৰ  লগাই চহ কৰা খেতিৰ মাটি ডৰাৰ উৎপাজন ক্ৰমান্বয়ে হ্ৰাস  পাবলৈ ধৰিছে। তেওঁলোকে  কোৱা মতে কেইবাবছৰো ধৰি মাটিডৰা ট্ৰেক্টৰ   লগাই চহ কৰাৰ পিছত সৰিয়হৰ উৎপাদন ত্ৰিশ শতাংশলৈকে কমিছে। ইয়াৰ কাৰণ হিচাপে তেওঁলোকে  কৈছিল যে, ট্ৰেক্তৰ লগালে মাটিডৰা  তললৈকে  চহ  নহয়।  তদুপৰি মাটিৰ  অনুজীৱবোৰো ট্ৰেক্তৰে  বহু পৰিমাণে  ধ্বংস  কৰি  পেলায়।  এনে মাটিত চৰাই-চিৰিকটিও  বৰকৈ নপৰে।   ইয়াৰ বিপৰীতে গৰুৰে হাল বাই মাটি চহালে  লাহে লাহে  কেইবাচাহো  হাল বোৱাৰ  ফলত মাটিডৰা  ভালকৈ  চহ হয়। পৰীক্ষামূলতভাৱে তেওঁলোকে  বিগত বছৰত  হাল বাই  মাটি চহাই  খেতি কৰা পিছত  সৰিয়হৰ  উৎপাদন  যথেষ্ট পৰিমাণে সন্তোষজনক হৈছে। ইয়াতে  উৎসাহিত হৈ তেওঁলোকে চলিত বৰ্ষত  নতুনকৈ হালোৱা গৰু কিনি  নিজাকৈ  হাল বোৱাৰ মানসেৰেই বজাৰৰপৰা গৰু কিনিবলৈ অহা বুলি মত পোষণ কৰিছিল।

তেওঁলোকৰ দৰেই যোৱা চেপ্তেম্বৰ মাহত  লখিমপুৰ জিলা ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়ত  কিছু  সংখ্যক কৃষকে জানিবলৈ দিছিল যে, তেওঁলোকেও অধিক  উৎপাদনৰ আশাত বিগত কেইবাবছৰো ধৰি ট্ৰেক্টৰ  লগাই  মাটি চহ কৰি  হাইব্ৰীড  ধানৰ খেতি  কৰি  আহিছে যদিও দুবছৰমানৰপৰা  উৎপাদন কমি অহাটো পৰ্যবেক্ষণ  কৰি  চলিত  বৰ্ষত  কেইবিঘামান মাটিত পৰীক্ষামূলকভাৱে হাল বাই ধানৰ খেতি কৰিছে। তেওঁলোকে জানিবলৈ দিয়া  মতে, হালোৱা গৰুৰে হাল  বাই  চহ  কৰি কৰা খেতিৰ  স্বাস্থ্য  ট্ৰেক্টৰ   লগাই কৰা  মাটিৰ  ধানৰ স্বাস্থ্যৰ তুলনাত বহুত বেছি ভাল।  মাটিৰ  স্বাস্থ্য ভাল, সেয়েহে ধানৰ স্বাস্থ্যও ভাল -- তেওঁলোকে এনেদৰে কৈছিল।   পথাৰত ধান কটাৰ পিছত পথাৰত গৰু চৰালে গৰুৰ গোবৰ আৰু মূতেও মাটিডৰা সাৰুৱা কৰি ৰখাত উল্লেখনীয় ভূমিকা গ্ৰহণ  কৰে বুলি এই কৃষকসকলে জানিবলৈ দিছিল।  গৰn -  'হ -ছাগলী আদি পোহনীয়া জন্তু পথাৰত চৰিবলৈ নিদিয়াটোও মাটিয়ে স্বভাৱিকভাৱে সাৰুৱা ক্ষমতা হেৰুৱাই পেলোৱাৰ কাৰক হ'ব পাৰে বুলি তেওঁলোক মত পোষণ কৰিছিল।

উন্নত কৃষি পদ্ধতিৰে খেতিয়কক সকাহ দিবলৈ  চৰকাৰৰ লগতে কৃষিবিভাগে কৰা সম্পৰীক্ষাৰ লগতে কৃষকেও পৰম্পৰাগত জ্ঞানৰ ওপৰত  কৰা এনে সম্পৰীক্ষাই আমাৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। কিয়নো এসময়ত  সেউজ বিপ্লৱৰ সুচনা কৰি  বুলি পঞ্জাৱৰ  বিষয়ে  নানা ধাৰণাৰ প্ৰচাৰ কৰা  হৈছিল  যদিও  এনে কৃষি পদ্ধতিয়ে ৰাজ্যখন  কৃষিভূমিৰ গুণগত মান  কিদৰে বিনষ্ট কৰি পেলালে  সেই কথা আজি কোনেও নজনাকৈ থকা নাই। অসমত যন্ত্ৰনিৰ্ভৰ কৃষিপদ্ধতি প্ৰয়োগ হ'বৰ  বেছি  দিন হোৱা নাই আৰু সেয়ে  সময়  থাকোঁতেই  কৃষকসকলে অনুভৱ কৰা  এই দিশবোৰ বিবেচনা কৰাৰ  প্ৰয়োজনীয়তাক আমি নুই কৰিব নোৱাৰোঁ। নামনি অসমৰ নলবাৰী, কামৰূপ জিলাৰ একাংশ খেতিয়কে জানিবলৈ দিয়া মাতে, এডৰা  মাটিত কিমান পৰিমাণৰ ৰসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে, অথবা  কীট -পতংগ নাশ  কৰিবলৈ   কিমান পৰিমাণক কীটনাশক দ্ৰব্য ব্যৱহাৰ  কৰিব লাগে সেই সম্পৰ্কে  কৃষক  ৰাইজক  অৱগত কৰাৰ দায়িত্ব কৃষি বিভাগৰ । কিন্তু বিভাগে    নিজৰ দায়িত্ব পালন নকৰাৰ বাবে কৃষকে সাধাৰণতে কাষতে পোৱা  দোকানীৰপৰা পৰামৰ্শ লৈয়েই সেইবোৰ প্ৰয়োগ কৰে। এই অভ্যাস  মাটিডৰাৰ বাবে  কিমান ক্ষতিকাৰক সেই কথা নকলেও হ'ব। কিন্তু বেছিভাগ ক্ষেত্ৰত এয়াই চলিছে।

বৰ্তমানৰ বহনশীল উন্নয়নৰ সময়ত  অসমৰ কৃষকৰ লগতে  কৃষিপদ্ধতিত  ওপৰৰপৰা  জাপি দিয়া সিদ্ধান্ত  কাৰ্যকৰী কৰাৰ  বিপৰীতে কৃষকৰ পৰম্পৰাগত  জ্ঞানৰ  ওপৰতো আলোকপাত  কৰাৰ  সময়  আহি  পৰিছে। কিয়নো এই সমগ্ৰ বিষয়টো ৰাজ্যখনৰ সগতে সমগ্ৰ উত্ত-পূৰ্বাঞ্চলৰ  জৈৱ  বৈচিত্ৰ্যৰ  ধাৰণাৰ   সৈতে সাঙোৰ খাই আছে।  আমি উন্নয়নৰ বিৰোধী নহওঁ.। কিন্তু   ক্ষন্তেকীয়া  লাভৰ পথেৰে গৈ আমি আমাৰ আপুৰুগীয়া ভূমি সম্পদ  কোনো কাৰণতে বিনষ্ট হবলৈ এৰি দিব নোৱাৰোঁ -- কিয়নো ইয়াত ভবিষ্যত প্ৰজন্মৰ কথা নিহিত হৈ আছে। খেতিয়কসকলৰ  এনে পৰ্যবেক্ষণ  অথবা সম্পৰীক্ষাৰ ওপৰতো কোনোধৰণৰ মন্তব্য দিবলৈ  বা পৰামৰ্শ   আগবঢ়াবলৈ আমি অপাৰগ।  কিয়নো সেই সম্পৰ্কীয় কোনো দক্ষতা আমাৰ নাই।  কিন্তু   কৃষকসকলৰ মনৰ অনুভৱ সংশ্লিষ্টমহলৰ   কাষলৈ নি বিষয়বোৰ তেওঁলোকক অৱগত কৰোৱাটো   আমাৰ  দায়িত্ব।  অন্ততঃ  শিশু বিজ্ঞান   সমাৰোহৰ  দৰে  অনুষ্ঠান এটাৰ সুবাদত ছাত্ৰ -ছাত্ৰীসকলক  এই  সম্পৰ্কে সজাগ কৰি তুলিব পাৰিলেও  অদূৰ ভবিষ্যত তেওঁলোকে  বহনশীল কৃষিকাৰ্য সম্পৰ্কে   বিশেষ ভূমিকা গ্ৰহণ  কৰিবলৈ  সক্ষম হ'ব বুলি  আশা  কৰিব  পাৰি। 

--ৰত্না ভৰালী তালুকদাৰ 

1 comment:

  1. বৰ্তমান পৰিস্থিতিৰ সৈতে খাপখোৱা এটি লেখনি

    ReplyDelete