Monday 5 March 2018

কবিতা

অলৌগুটি-তলৌগুটি

তোমাৰ আছে  চুঙা-বাদুলিৰ খোৰোং

আৰু মোৰ দুচকুৰ নিজৰা
স্বাস্থ্যৱতী মাতৃৰ সুডৌল স্তন পাৰ হৈ
যি বৈ আহে

জাৰণি মুখৰ কৰি
কত চিৰিকটি উৰি আহে
নিজৰাত পাখি কটালে

যি নদীত জোন গজে, জো মৰে
সেই নদী মোৰ
মোৰ নাভিৰে উঠি অহা জোনে পতা
প্ৰতিপদ আৰু আঁউসী আছে মোৰ

যি হাবিত মই গজোঁ, দুপতীয়া হঁও
সুমুৱাই দিওঁ আঙুলিৰ শিপা
সেই হাবিৰ মই সৰাপাত

য’ত মই গজোঁ, আৰু মৰোঁ
মই সেই সোঁতাল নদী
য’ত বেলি উঠে, আৰু মৰে


তোমাৰ আছে চুঙা-বাদুলীৰ খোৰোং
আৰু
বেলিৰ ডাৱৰ আৰু ৰামধেনুবোৰ মোৰ





হিমা

তুমি বাঢ়ি অহা গছৰ পাতৰ কবিতা
আমাৰ আশাৰ আগলিত বাস কৰা
উৰণীয়া এগছি চাকি

থোৰ মেলি অহা জীৱনৰ
ফাগুণী বতাহৰ আগ

এটি নতুন বিৱৰণী- গতি, ছন্দ
আৰু ৰঙা-নীলা ষ্টে’ডিয়ামত  
নাচি উঠা শৰীৰবোৰৰ  
   
আমি ৰ লাগি চোৱাৰ সন্মোহনত   
তুমি বিজুলিয়াই উঠা ৰাগী

বতাহত ওলমি থকা
আমি অঁকা সপোনৰ বাগিচাৰ ডালিম   

আমাৰ সন্তানবোৰৰ হেঁপাহত জাগি উঠা
দুৰ্নিবাৰ উশাহৰ নাম
মন যায়, মন যায় হিমা দাস

ডাৱৰ ভাঙি বৰষুণ নমোৱাৰ আবাহনী। 

31-08-2018







টো- পইডম্, টো- পইডম্


টো- পইডম্ আপোনাৰ আঙুলিৰ গান 

ৰ’দ আহে ৰ’দ যায়

ব’ৰষুণ আহে ব’ৰষুণ যায় 

আপোনাৰ কৃষ হাতৰ শালবনত 

আখৰাৰ বতাহ ৰৈ যায়





গেলেৰীৰ আমাৰ কথাবোৰ টো- পইডম্

লেৱা টনা সপোনবোৰ টো- পইডম্

সৰকি অহা ছাঁ আৰু পোহৰৰ,

বাদুংদুপ্পাৰ নীৰৱ উপাসক 
টো- পইডম্, টো- পইডম্!


আপুনি বায়খ’ৰ চথাৰৰ যাদু লগা কুকুহা
টো- পইডম্ আপোনাৰ বেত গছৰ কিৰিটী 
টো-পইডম্ ময়ুৰৰ নাচোনেৰে উজলি উঠা ৰাতি


ৰৈ যোৱা শইচৰ মেজিৰ অগণিৰে গুচি যায় 
ময়ুৰৰ নাচোনেৰে কুকুহা উৰুৱাই 
কলহৰ নলীৰে বায়খ’ৰ দেও মদ চাকি যায় 
বাইখ’ৰ নিশাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ ময়ুৰৰ পেখম 
মদৰ নিজৰা হৈ পথাৰলৈ বৈ যায়


শামুকৰ খোলা ডুব যোৱা পিঠালিৰ দৰে 
লপ্ থপ্ মাটিলৈ 
ৰ’দ আহে, ব’ৰষুণ আহে, গজি উঠে শইচ


কিনো লইলাচে তৰা ফুটে
কচুৱনিৰ জোনাকী উৰে
খাম-ব্ৰাংছিৰ টল-মল নিশা 

আপোনাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ 
যাদুৰ কুকুহা হৈ উৰে


টো-পইডম্! টো-পইডম্!

১৪-০৬-২০১৮

(টো-পইডম্- The Bird - শুক্ৰাচাৰ্য ৰাভাৰ একে নামৰ এখন নাটক)

(বাদুংদুপ্পা- ৰাভাসকলৰ বাদ্যযন্ত্ৰ, লেৱা টানা- ৰছী টনা, বায়খ’- শস্যৰ কামনাৰে ৰাভাসকলৰ পবিত্ৰ উচৱ -- এই উৎসৱৰ নিশা শুধ বগা সাজ পৰিধান কৰি আৰু শিৰত বেত গছৰ পাতৰ কিৰিটীৰে শোভিত কৰি চথাৰ ৰ গীত পৰিবেশনৰ মাজেৰে ময়ুৰৰ দৰে লয়লাসে নৃত্য কৰি, অগ্নিৰ জলি উঠা মেজিৰ অঙঠাৰে নৃত্যবিদসকল পাৰ হৈ যায়। নৃত্যৰ শেষত অংশ লোৱাসকলক কলহৰ নলীৰে পবিত্ৰ মদ বাকি ভৰি ধুৱাই দিয়াৰ লগতে মুখতো বাকী দিয়া হয়। লইলাচ- লয়লাস। পিঠালি -- মাটিমাহৰ জোল, পিঠাগুৰি আৰু শামুকৰ খোলাৰ সুমিষ্ট, বীজলুৱা ব্যঞ্জন। খাম- ঢোল। ব্ৰাংছি- বাঁহী)











ভৰিবোৰ 

(শ্ৰদ্ধাৰে, মহাৰাষ্ট্ৰৰ ৰাজপথত সমবেত কৃষকলৈ) 

অৰণ্য ফালি ওলাই আহিছে
নাঙলৰ ফাল হৈ ওলাই আহিছে
বসুমতীৰ গৰ্ভেৰে, শুকান পথাৰেৰে,
আলকাতাৰাৰ বাটেৰে 

ভাগৰা নাই, ভাগৰা নাই-
বৈ আনিছে ফাগুনৰ পতাকা, পলাশৰ জুই
আমাৰ দুচকুত ৰঙাই তুলিছে
আমাৰ সপোন 


শোতোৰা-শোতোৰ ছালবোৰ
ভৰিৰ পতাত লাগি আহিছে
বুকুৰ হাড়ত ওলমি আহিছে
দুচকুৰ সপোন 


ওলমি আহিছে জোলোঙাত
ঋণৰ বোজাত হেৰাই যোৱা পঁজাৰ মাৰলি 


মৰাপাটৰ ফানতিত উতলা হৈছে
পৃথিৱীৰ প্ৰেমত বাউল হোৱাৰ সপোন



হে’ নাঙলৰ ফাল ফালি শইচ গজোৱা
পৃথিৱীৰ প্ৰথম প্ৰেমিক ! 


পথৰ কূটৰ মজিয়াত আজি
তোমাৰ লংমাৰ্চৰ ভৰিবোৰেৰে
লিখি যোৱা
আমাৰ ভবিষ্যতৰ লিপি।


১২-০৩-২০১৮



(On March 12, 2018 the country witnessed the biggest  Farmer's Protest when over 1,00,000 farmer in Maharastra participated in a Long March to Maharastra Mantralaya under the banner of All India Kisan Sabha with determination and and confidence to raise their protest to waive loans. The Long  March started on MArch 6 with arounf 30,000 peasants and the number swelled gradually. Thousands of farmers in India  have  to commit suicide due to  unfavourable bank-loans. The protest shook the moral of the Nation and  force the government to assure waiving their loans and to address land-related  issues.)   






আহা, চলাই দিয়া বুলডজাৰ






চোৱা-কিমান সংহত হৈ

কলাসন্মতভাৱে আমি শিকিছোঁ

গ্ৰহণ কৰিবলৈ আঘাত


উত্তেজিত হোৱা নাই, নহওঁ

বুকুৰ মাজত মাথোঁ গভীৰলৈ গুচি যায়   

আদৰ্শৰ শিপা



ইমান প্ৰেৰণাময় এই সময়!



আহা, চলাই দিয়া বুলডজাৰ

ছুৰীৰে হানি নিয়া পিছফালেৰে

  

আমাৰ চিতাৰ জুয়ে দহি নিব তোমাক 


আৰু যেতিয়া চেঁচা পৰিব মৰিশালিৰ বতাহ

ইমান চেঁচা হৈ বলিব মৰিশালিৰ বতাহ-


যে তুমিও হৈ উঠিবা

চেঁচা বৰফৰ টুকুৰা 
মৃত।  






বগীঢলা





নিম্নজনক ভয় কৰিবা

এই দেশৰ মাটিত

তেঁওৰ প্ৰথমটি বীৰ্যৰ টোপাল

পৰাৰ বাবে

তেঁওক ভয় কৰিবা



তেঁও কৰ্কশ, ৰূঢ়, হুটা

তোমাৰ ভগবানৰ ভৰিৰপৰা
গজি অহা শূদ্ৰতকৈও
অধম তেঁও

বৰ কুৎসিত, চেপেটা নাক,
গাৰ বৰণ ক’লা

কাষলতিৰ তলৰ ঘাম
ইমান দুৰ্গন্ধময়  
যে,
চানি ধৰে তোমাৰ মগজু

সাজু কৰি ৰাখিবা বন্দুকৰ নলী
কাঢ়ি ল’বা
কাঢ়ি ল’বা তেঁওৰ ঈশ্বৰ

নিম্নজনৰ ঈশ্বৰ
তেঁওৰ গছ
তেঁওৰ মহুৱা ফুল

ওফৰাই দিবা তেঁওক মাটিৰপৰা
ছিঙি পেলাবা শিপা

তোমাৰ বাগিচাৰ চাহৰ পুলিৰ দৰে
কলম দিবা হাতৰ আঙুলি
ছিঙি আনিবা এটি কলি দুটি পাত
হৃদয়ত সজাল ধৰা

ঢালি দিবা, ঢালি দিবা  
বেটেৰীৰ পানী ঢলা মদ
তেঁওৰ ভাগৰুৱা জিভাত

তেঁও পাহৰি পেলাব শিপা
তেঁও পাহৰি পেলাব মাটি

কিন্তু ইমানৰ পিছতো
তেঁওক তুমি
ভয় কৰিবই লাগিব

কিয়নো এই দেশৰ মাটিত
তেঁওৰেই প্ৰথমটি বীৰ্যৰ টোপাল
পৰাৰ বাবে
নিম্নজনৰপৰাই আৰম্ভ হ’ব
ইতিহাসৰ প্ৰথম পাত। 


-----
(On December 14, 2017 10 tea-garden workers were shot at by owner of the Bogidhala Tea Estate 27 km off  Golaghat town in Upper Assam, Samir Ray and Sudhir Ray, while they gathered in front of the owners bunlglow seeking pending wages and launched a protest. the indiscriminate firing injured 10  agitator critically.) 


2 comments:

  1. আজি বৰ দুখ পালোঁ । এজনে সুধিলে, কিহৰ বাবে ? মই উত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিলো । দেখি থকাবোৰ কিহৰ ইংগিত আৰু ই কিমান অশুভ মই বুজিব পৰা নাই ।

    ReplyDelete
  2. !!!!!!!!!!!!!!!!!!.........

    ReplyDelete