Tuesday, 16 January 2024

 

‘ৰূপান্তৰৰ শিল্পী'ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত  কৰাৰ অন্যতম পোহৰ

  

ৰূপকোঁৱৰ  জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী স্বাভিমানী অসমীয়া, গৌৰৱী ভাৰতীয় আৰু  একেটি সময়তে বিশ্ব নাগৰিক। তেখেত ৰূপান্তৰৰ  শিল্পী। কবলৈ গ'লে এই ‘ৰূপান্তৰৰ শিল্পী'-- অভিধাটিতে  লুকাই আছে শিল্পীগৰাকীৰ  শিল্পদৰ্শন। শিল্পীৰ  শিল্পদৰ্শনৰ আটাইতকৈ প্ৰস্ফুটিত ৰূপ বোধহয়  এইষাৰি কবিতাতেই পৰিস্ফুট  হৈছে -“জনতা, তোৰ প্ৰাণৰো  প্ৰাণত,  মনৰো  মনত শিল্পী যে মই  লুকাই  লুকাই আছোঁ, তোৰ সপোনৰ কত ছবিত  কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ।”  নাতিদীৰ্ঘ  জীৱনত এক বিশাল কৰ্মযজ্ঞৰ পাতনি মেলা  শিল্পীয়ে  এই  কথা  কৈছিল ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত  হোৱা সদৌ  অসম শিল্পী সংঘৰ প্ৰথম অধিবেশনত  প্ৰদান কৰা এক দীঘলীয়া ভাষণ  ‘শিল্পীৰ পৃথিৱী'ত, য'ত জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন  আৰু ৰূপান্তৰৰ  ধাৰণা  অতি  শক্তিশালী ৰূপত  প্ৰতিষ্ঠা  কৰা  হৈছে। 

এই ভাষণটিত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় আৰু অসমীয়া সংস্কৃতিত  কৃষ্ণ সংস্কৃতিৰ  প্ৰভাৱ আৰু  কালিকা,  আৰু  ইয়াৰ লগতে  অসমীয়া ভাষা  আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা  শংকৰদেৱে এই কৃষ্ণ সংস্কৃতিক চিত্ৰিত কৰি সাহিত্যৰ  মেটভৰা সম্ভাৰেৰে ভাষা-সংস্কৃতিৰ  যি ভেটি বান্ধি  থৈ  গৈছে-এই সকলো দিশ সামৰি  কৃষ্ণ সংস্কৃতিৰ যি বিজ্ঞানসন্মত ব্যাখ্যা জ্যোতিপ্ৰসাদে আগবঢ়াইছে-সেই ব্যাখ্যাৰ মাজেৰেই  আজি ৰজাঘৰীয়া  পৃষ্ঠপোষকতাত  ধৰ্ম-ভাষা-সংস্কৃতি- জাতি-জনগোষ্ঠীৰ  পৰিচিতি আৰু বিকাশৰ নামত  ভেদ ভেদ  কৰি পোলোৱাৰ  জঘন্য  ৰাজনীতিক ভালদৰে উপলব্ধি কৰিব পাৰি।সেইবাবেই  ৰূপান্তৰৰ  শিল্পীগৰাকীৰ বাবে ‘সংস্কৃতি' দৰাচলতে কি আছিল, আৰু তেখেতৰ শিল্পদৰ্শন কি আছিল তাক উপলব্ধি কৰাৰ  সময়  আহি পৰিছে। কি এই জ্যোতিপ্ৰসাদৰ  শিল্পদৰ্শন,  যাক  আমি ‘জ্যোতিদৰ্শন'  বুলিও কব পাৰোঁ-যি  দৰ্শনে আজিৰ এই  ধৰ্মান্ধতা  আৰু  সাম্প্ৰদায়িকতাবাদত  অতীষ্ঠ  হৈ  উঠা সমাজক  এক সুস্থিৰ দিশৰ সন্ধান দিব পাৰে!যি দৰ্শনৰ সময়োপযোগী ব্যাখ্যা  আজি অতিকৈ প্ৰাসংগিক।

 

তেখেতে  কৈছে, ‘মানুহ  হৈছে  সপোন  দিঠকলৈ পৰিণত কৰাৰ শিল্পী। সেইহে  মই  মানুহ- শিল্পী।  আপোনালোক মানুহ-মানুহ আপোনালোকো প্ৰত্যেকজনেই শিল্পী, পৃথিৱীখন শিল্পীৰ ঘৰ,  শিল্পীৰ কাৰখানা-আৰু  শিল্পী সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক।” এই ব্যাখ্যাৰ মাজেৰে প্ৰতিজন মানুহৰ বুকুতেই শিল্পৰূপ আছে বুলি তেওঁ দোহাৰি  গৈছে।  ভাবিলে আচৰিত লাগে, অসমৰ সমাজ ব্যৱস্থাৰ ভাঙোণ আনিবলৈ  বৰ্তমানৰ হিন্দুত্ববাদী  সাম্প্ৰদায়িক শক্তিয়ে অসমৰ সংস্কৃতিৰ যি দুটি  মূল আধাৰ--কৃষ্ণ  সংস্কৃতি  আৰু   মহাপুৰুষ  শ্ৰীমন্ত  শংকৰদেৱৰ  দৰ্শনকেই   বিকৃত  কৰি পেলাইছে-এই দুয়োটি বাগধাৰাৰ, অৰ্থাৎ কৃষ্ণসংস্কৃতি  আৰু শংকৰদেৱৰ দৰ্শনৰ বিষয়ে  জ্যোতিপ্ৰসাদ  আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত  ৰূপান্তৰৰ তত্বৰে  ইমান  সুন্দৰ ব্যাখ্যা  দি থৈ  গৈছে যে,  সেই পোহৰে হতাশাৰ সূচীভেদ্য অন্ধকাৰৰ মাজত আমাৰ মন একুৰা জোৰৰ দৰেই আলোকিত কৰি তোলে।

জ্যোতিপ্ৰসাদ  আগৰৱালাই  কৃষ্ণসংস্কৃতিৰ বিষয়ে কবলৈ গৈ এনেদৰে ৰূপকীয়  ব্যাখ্যা কৰিছে--“এতিয়ালৈকে কৃষ্ণৰ জীৱনেই এই পৃথিৱীৰ মানৱ জীৱনৰ সনাতন সত্য হৈ আছে। এই সংস্কৃতিৰ প্ৰতীকৰ  জন্ম  হয় দুস্কৃতিৰ মাজতেই। একে মঙ্গহতেই, একে বঙ্গহতেই , দুস্কৃতিৰ মাজেদিয়ে সংস্কৃতিয়ে জন্ম লয়। দুস্কৃতিৰ তালৈ ভয়, তাক বধিবলৈ বিচাৰি ফুৰে।সি  আহিব  বুলি ভয়ত  আগৰপৰাই  সন্ত্ৰস্ত। তাক জন্ম দিয়া মাকক সাৱধানেৰে থয় বন্দীশালত। সংস্কৃতি বন্দীশাল পোহৰ কৰি জন্মগ্ৰহণ কৰে, কিন্তু চালুকীয়া অৱস্থাত সি অজ্ঞাতবাস  কৰিবলৈ লাগে গোৱালৰ ঘৰতহে-- তাক  এই  গোৱাল জনতাইহে  আতৌ-পুতৌকৈ তুলি তালি ডাঙ্গৰ-দীঘল কৰে। দুস্কৃতিয়ে  তাক মাৰিবলৈ সকলো  ষড়য়ন্ত্ৰ কৰি থাকে, পুতনাক  পঠিয়ায়। কিন্তু সকলো দুস্কৃতিৰ ষড়যন্ত্ৰ  ব্যৰ্থ কৰি সংস্কৃতি ৰূপী  কৃষ্ণই  নিজৰ শক্তিৰ শিশুকালতেই পৰিচয় দিয়ে-গাৱঁৰ ল'ৰাৰ লগত গৰু চৰায়, আৰু বজায় সুকুমাৰ কলাৰ বাঁহী। যি  বাঁহীয়ে মানুহক মুগ্ধ কৰে।” জ্যোতিপ্ৰসাদৰ মতে,  কৃষ্ণ এক সাধাৰণ  মানুহ  নহয়,  মানৱ সত্তা  নহয় । কৃষ্ণ   হৈছে সাধাৰণ  মানুহৰ বুকুত থকা  শিল্পৰূপী সংস্কৃতি, যাক  সকলো  বিপদৰপৰা আঁৰ  কৰি জনতাই  নিজৰ বুকুৰ আৱৰি-সামৰি ৰাখে।  সেই জনতাৰ বুকুৰ মাজতহে কৃষ্ণসংস্কৃতিৰ বাঁহী  বাজি উঠে,  অৰ্থাৎ  জীৱনৰ সুকুমাৰ কলাৰ  উৎকৰ্ষ সাধন হয়-কংসৰ  ৰাজপ্ৰসাদত  নহয়।   এই  ৰূপকীয় ব্যাখ্যাৰ মাজেৰে জ্যোতিপ্ৰসাদে আমাক অতিকৈ  সাধাৰণ ভাষাত বুজাই  থৈ  গৈছে  যে,  মানুহক ধৰ্ম  অথবা  জাতিৰ নামত ভাগ ভাগ  কৰিব বিচৰা ৰাষ্ট্ৰৰূপী  কংস নহয়, বৰঞ্চ গকুলৰ  গোৱালৰূপী  সাধাৰণ  মানুহেহে  সংস্কৃতিক লালন কৰে। ইয়াত কংসৰ ৰাষ্ট্ৰৰ প্ৰতীক বুলি ধৰিলে দেখিবলৈ পাওঁ যে,  আজিৰ পৰিবেশতো ৰাষ্ট্ৰৰূপী কংসই সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মীয়  উন্মাদনাৰূপী দুস্কৃতিৰ  দানৱেৰে জ্যোতিপ্ৰসাদৰ হিয়াৰ আমঠুস্বৰূপ জনতাৰ মাজৰপৰা ঐক্যৰূপী সনাতনী  সংস্কৃতিক নিধন কৰিবলৈ উঠি পৰি লাগিছে।  কৃষ্ণক মাৰিবলৈ  তাহানি কংসই   পুতনা  ৰাক্ষসী মেলি দিয়াৰ দৰেই  আধুনিককালত হাতৰ মুঠিত ৰখা অধিকাংশ  সংবাদমাধ্যম  আৰু   আন  অনুচৰবোৰ মেলি  দি  জনসাধাৰণৰ কল্যাণকামী কণ্ঠ ৰুদ্ধ কৰি নানা তৰহৰ উপৰুৱা আৰু বজৰুৱা  কথাৰে জনসাধাৰণক প্ৰলোভিত কৰি ৰাখিবলৈ নিৰন্তৰে চেষ্টা চলাইছে।   আৰু সেইবাবেই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন চৰ্চা কৰাটো আমাৰ বাবে হৈ উঠিছে এক সময়োপযোগী কাম। 

‘শিল্পীৰ পৃথিৱী'ত জ্যোতিপ্ৰসাদে  কৈছে--“শ্ৰীমন্ত শংকৰেও এই ‘কৃষ্ণ'কেই আমাক সংস্কৃতিৰ প্ৰতীক কৈ দি গৈছে আৰু  তেওঁ নিজৰ জীৱনতো কৃষ্ণৰ শিল্পীৰূপ মানৱ জীৱনক প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিবাৰে মনীষাৰে চেষ্টা কৰি গ'ল। প্ৰায়বোৰ ধৰ্মপ্ৰচাৰকেই সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ কৰি ফুৰে।  কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণৰ অৰ্থটো ভালকৈ বুজিছিল-সেইহে কৃষ্ণৰ আদৰ্শত সেই যুগৰ উপযোগী জীৱন গঢ়িছিল।”এই কৃষ্ণৰ আদৰেৰে অনুপ্ৰাণিত হৈয়েই শংকৰদেৱে যে,  ‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল, দাতাত চোৰত যেন দৃষ্টি সমতুল”-বুলি  মহাত্মা গান্ধীতকৈও বহু  শতিকাৰ আগতেই এই পবিত্ৰ অসমভূমিত এক সামাজিক বিপ্লৱৰ সুচনা কৰিছিল, তাক তেওঁ  উক্ত বক্তৃতাত  স্পষ্টভাৱে  উল্লেখ কৰিছে।

মন  কৰিবলগীয়া কথাটো হৈছে  জ্যোতিপ্ৰসাদে এই “শিল্পীৰ  পৃথিৱী” শীৰ্ষক  উক্ত  বক্তৃতাটি   প্ৰদান কৰিছিল দেশে  স্বাধীনতা লাভ কৰাৰ পিছে পিছে। সেই সময়ত নতুন ভাৰত গঢ়াৰ, নতুন অসম গঢ়াৰ সপোনত দেশৰ কাণ্ডাৰীসকল উদ্বাউল। এই সময়তে জ্যোতিপ্ৰসাদে ক'লে-“আজি আমি কৃষ্ণৰ নামো লৈছোঁ, গুণো গাইছোঁ--তাৰ কিন্তু অৰ্থ হেৰুৱাইছোঁ। আজিও  আমি  কৃষ্ণকেই লব লাগিব। কিন্তু কৃষ্ণত বৃন্দাবনৰ বংশীবাদকৰ মূৰ্তিৰেও নোৱাৰোঁ-আমকি  কৃষ্ণ নামটোৰেও নোৱৰোঁ। এই দুয়োটা হিন্দুধৰ্মৰ বাহি্যক ৰূপৰ সৈতে সোমাই আছে। আজি আমি যিখন ভাৰত গঢ়িম--যিখন অসম গঢ়িম-সেই ভাৰতত, অসমত হিন্দু, মুছলমান, জৈন, খৃষ্টিয়ান, ইহুদী, শিখ আদি নানা ধৰ্মৰ মানুহ। এওঁলোকৰো নিজা নিজা  সংস্কৃতিৰ প্ৰতীক আছে কৃষ্ণৰ দৰে। এতিয়া আমি কৃষ্ণৰ অৰ্থটোহে উলিয়াই আনিব লাগিব আজিৰ যুগলৈ তাৰ ভিতৰৰ সত্যটো-যি সাৰ্বজনীন সেই সত্যটো পৃথিৱীৰ আন ধৰ্মৰ বা সংস্কৃতিৰ প্ৰতীকৰ পিছত থকা সত্যৰ সতে এক হবলৈ বাধ্য। আমাৰ প্ৰতীকৰ  ৰূপ মিলাব নোৱাৰো। তাৰ অৰ্থৰ মিল অৱশ্যেই আছেই,  তাকেই আমি কৰিব লাগিব। সাংস্কৃতিক সমন্বয়ৰ এইটোৱেই অৰ্থ।সাংস্কৃতিক ঐক্যৰ এইটোৱেই ব্যৰ্থ নোহোৱা উপায়। এই  অৰ্থ উলিয়াই সকলোৰে লগত যেতিয়া সি মিলিব--তেতিয়া  তাক  সকলোৱে লব পৰা নাম দিব লাগিব। আজি সেইটোৱেই  হৈছে-আজি কৃষ্ণৰ আন সকলো ধৰ্মৰ অৰ্থৰ সৈতে মিলা অৰ্থৰ এই যুগৰ  অৰ্থৰ  নামাকৰণ হৈছে ‘সংস্কৃতি'।  আজি আমাৰ সকলো ভাৰসাৰ থল হৈছে এই সংস্কৃতিয়েই । শ্ৰীমন্ত শংকৰৰ সংস্কৃতিৰ ৰূপান্তৰৰ নীতি খটুৱালেই আমি ‘কৃষ্ণ' নামৰ ঠাইত ‘সংস্কৃতি' নামটো পাওঁ । আৰু সংস্কৃতি  কাক বোলে, তাক  আজি হিন্দু,  মুছলমান,  খ্ৰীষ্টান, ইহুদী সকলোৱেই জানে-সকলোৱেই বিচাৰে-যাক ন'ললে  মানুহ দুস্কৃতিৰ আক্ৰমণত ধ্বংস পাব।” অৰ্থাৎ যি ‘কৃষ্ণ'ক জ্যোতিপ্ৰসাদ আগৰৱালাই ‘সংস্কৃতি'  অভিধাৰে  আখ্যায়িত কৰিলে, তাৰ আধাৰ ‘সাংস্কৃতিক সমন্বয়'  বা প্ৰকাৰান্তৰে ‘উদাৰতা' বুলিও কৈ থৈ গৈছে।   থোৰতে কবলৈ গ'লে  ঐতিহ্যৰ চেতনাৰে অহা এই সমন্বয় বা উদাৰতাই ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদৰ  ‘শিল্প দৰ্শন' বা ‘জ্যোতি দৰ্শন'। 

এইবাবেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পদৰ্শনৰ মৰ্ম  উপলব্ধি কৰিবলৈ হ'লে আমি মাথোন এইগৰাকী  শিল্পীৰ ৰছনাৱলী বিজ্ঞানসন্মতভাৱে  চ্চৰ্চা কৰিলেই ন'হব, অসমীয়া সমাজ- ভাষা-সংস্কৃতিৰ ভেটি  বান্ধোতাসকল যেনে-শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মনীষিসকলৰ সাহিত্য কৰ্মৰাজিও সমানেই অধ্যয়ন কৰিব লাগিব। কিয়নো  আজি কুটিল  ৰাজনীতিকৰ, সাম্প্ৰদায়িক শক্তিৰ হাজাৰ ষড়যন্ত্ৰৰ  মুখতো অসমীয়া জাতি যদি টুকুৰা-টুকুৰ নোহোৱাকৈ থাকিব পাৰিছে-তাৰ গুৰিটো হৈছে এইসকল মনীষাই উদাৰতা আৰু সমন্বয়ৰ মাজেৰে গঢ়ি  থৈ যোৱা সমাজখনহে । আৰু  তেওঁলোকৰ  কলমেৰে নিগৰি অহা  কালিকালগা শব্দবোৰহে-যি আমাৰ চেতনাৰে প্ৰবাহিত  হৈ আছে,  হয়তোবা আমি নজনাকৈয়ে।  জাতিৰ সংকটকালত তেওঁলোকে শব্দৰ মাজেৰে দি থৈ যোৱা নিদানবোৰৰ দৃষ্টান্তৰেই আমি ভাঙোণমুখী সমাজ বাৰে বাৰে জোৰা লগাব পাৰোঁ। হাজাৰ সংকটৰ মাজতো আজি অসমীয়া জাতি সেই বাবেই সৌভাগ্যবান।

পৰিহাসৰ কথা এয়ে যে, যিজনা জ্যোতিপ্ৰসাদে প্ৰতিজন মানুহৰ বুকুতেই ‘শিল্পী' লুকাই থাকে বুলি কৈ গৈছে,   দেশৰ  সেই  জনসাধাৰণৰ অধিকাংশই   কিন্তু নিজৰ প্ৰাণত লুকাই থকা এই  শিল্পীসত্তাৰ ৰূপ দেখা নাপায়। কিয়নো  এতিয়াও  দুবেলা-দুসাঁজ যোগাৰ কৰাৰ চিন্তাতেই  জনসাধাৰণে নিজক  সংকুচিত  কৰি  ৰাখিবলগীয়া হয়। ইয়াৰে  লগতে  থাকে অজস্ৰ  ষড়যন্ত্ৰ। প্ৰচাৰ মাধ্যমৰ জৰিয়তে  নানানটা ফন্দি,  হাজাৰ হাজাৰ হিতাধিকাৰী আঁচনি,  কোটি কোটি টকাৰ ঋণ  লৈ  দেশৰ কৰ্মসংস্থাপনহীন জনতাক বিনামূলীয়া আঁচনিৰে চলাই-ভুলাই ৰাখি তেওঁলোকৰ মূৰতে সেই ঋণ  জাপি দিয়াৰ  কৌশল,  একাংশ  মোহগ্ৰস্ত  শিল্প সাহিত্যিকক  নিচাগ্ৰস্ত  কৰি  ৰাখিবলৈ অনেক প্ৰলোভনৰ জাল।  এনে পৰিবেশত শিল্পীদিৱসৰ  নামত  তেখেতৰ শিল্পদৰ্শনৰ স্বৰূপ উপলব্ধি  কৰাৰ বিপৰীতে উপৰুৱা গীত-মাত-বক্তৃতাৰে  মায়াজাল ৰচি সাধাৰণ মানুহৰ বুকুত জ্যোতিপ্ৰসাদে দেখা পোৱা  শিল্পৰূপ মোহাৰি  পেলাবলৈ  বিচৰাটোৱেই  সহজ কথা।  বহুক্ষেত্ৰত  তেওঁলোক  এই ক্ষেত্ৰত সফলো হৈছে। “ৰূপান্তৰৰ  শিল্পীগৰাকীক  ৰোমাণ্টিক অভিধাৰে ‘ৰূপকোঁৱৰ'তেই সীমামব্ধ কৰি  ৰাখিব বিচৰাটোও সুবিধাবাদীৰ এটা কৌশলহে। 

স্বভাৱিকতেই  অৱশেষত  জ্যোতি প্ৰসাদৰ শিল্প-দৰ্শনৰ সেই মৰ্ম-“ৰূপান্তৰৰ মাজেৰে  সংস্কৃতিৰ বাণীকেই মানুহৰ  মাজলৈ আমি কঢ়িয়াই   নিব লাগিব”-সেই কাম  কৰাৰ  দায়িত্ব  আমাৰ দৰে  নিঃকিন  সাহিত্য  আৰু  সাংস্কৃতিক কৰ্মীসকলৰ।   তেখেতে কৈছে-- “জনতাৰ ভিতৰত  শিল্পীটো যে নিশ্চয়কৈ আছে,  তাৰেই আমি জনতাক জ্ঞান দিব লাগিব।” প্ৰয়োজনত বিপ্লৱী হবও লাগিব।এইক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালা  নিজেই অগ্ৰগামী। জনতাক উদ্দেশি  তেখেতে কৈছে- “তোৰ সেই নিজানত, সেই  গহনত, তোৰেই, ময়েই, শিল্পীয়েই, তোৰ আন্ধাৰক নাশিবলৈ তোৰ বুকুতেই  বিপ্লৱী হৈ জাগিম।”  

প্ৰশ্ন হয়,এই ধৰ্মীয় গোড়ামি আৰু সংকীৰ্ণতাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা কিদৰে মুক্ত আছিল?  কিদৰে নিজকে তেনে এক পৰ্যায়লৈ তেখেতে উত্তৰণ ঘটাব পাৰিছিল? মানুহৰ প্ৰতি গভীৰ ভালপোৱা,  মানৱতাবাদেৰে সিক্ত  হৈ  অহা শিল্পীৰ দৰ্শনৰপৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই সংকীৰ্ণতাৰপৰা মুক্ত হৈ প্ৰতিজন মানুহৰ   বুকুত  লুকাই থকা  শিল্পীৰ ৰূপ উপলব্ধি কৰিব পাৰিছিল। এয়া কোনো তত্ব নহয়-সি এক  প্ৰায়োগিক  কথা  আৰু গভীৰ জীৱনোপলব্ধিৰ  বিষয়। সেইজনা শিল্পীৰ প্ৰকৃত দৰ্শন আজি বহুতেই  দেখা নাপায়।  শিল্পীদিৱসৰ  নামত এতিয়া  বহু ঠাইত  ৰূপান্তৰৰ শিল্পীগৰাকীৰ শিল্পদৰ্শনৰ বিষয়ে  চৰ্চা কৰাৰ বিপৰীতে গীত-মাত-আবৃত্তি প্ৰতিযোগিতা অথবা পৰিবেশনা, সুকোমল শব্দৰ  ইননি-বিননিৰ  মাজতেই  শিল্পীগৰাকীক সংকুচিত কৰি ৰখা হৈছে। এনে সংকুচিত মানসিকতাই  আমাক  জাতিৰ সংকটকালত  আত্মমগন  হবলৈ শিকাব  ঠিকেই, কিন্তু  উদাৰবাদী, গণতান্ত্ৰিক অসমীয়াৰ বুকুত সোমাই থকা হাজাৰ ছৰীয়া সমন্বয়ৰ  সংস্কৃতিৰ  দৰ্শন  যিদৰে বিকৃত কৰা  হৈছে,  গুৰুজনাৰ আদৰ্শক যিদৰে বিকৃত কৰা হৈছে, আৰু  তাৰ  মাজেৰে সাংস্কৃতিকভাৱে  অসমীয়াৰ কঁকাল ভাঙি পেলাবলৈ  যি ষড়যন্ত্ৰ   ৰছনা কৰা হৈছে-তাক  প্ৰতিহত কৰিবলৈ  আমি উপায় বিচাৰি উলিয়াব নোৱৰিম।  


-- ৰত্না ভৰালী তালুকদাৰ

Thursday, 11 January 2024


পাপৰি বৰ্মনৰ গল্প





পাঠকক সন্মোহিত কৰিব পৰা প্ৰকাশিকা শক্তিৰে ভিন্ন ভিন্ন সমাজৰপৰা বচা বচা কাহিনী তুলি নতুন কথনেৰে গল্প কবলৈ আগবাঢ়ি অহা গল্পকাৰগৰাকী হৈছে পাপৰি বৰ্মন। তীক্ষ্ণ সমাজচেতনা, জীৱনবীক্ষা, অধ্যয়ন--লগতে এটি দৰদী, অনুভৱী মন-এই দিশকেইটিয়ে তেওঁ গল্পযাত্ৰাৰ বাটত পোহৰ হৈ ধৰা দিছে। আনে দেখা নোপোৱা পোহৰো তেওঁ গল্পলৈ বুটলি আনিছে। 

গল্পকাৰ আত্মবিশ্বাসী,  সাহসী আৰু সম্পৰীক্ষাবাদী।

পাপৰি বৰ্মনৰ গল্পত আছে বিষয়বস্তুৰ বিচিত্ৰতা। এটা গল্পৰপৰা আন এটালৈ যাওতে তেওঁ plot অথবা কথনৰ পুনৰাবৃত্তি কৰা নাই। সেইদৰে চিত্ৰকল্পৰো (metaphor) পুনৰাবৃত্তি কৰা নাই।চিত্ৰকল্পবোৰ পৃষ্ঠৰপৰা তুলিবই সেইবোৰ গল্পৰ সৈতে সংপৃক্ত হৈ যায়, উপৰুৱা হৈ নাথাকে।তেওঁৰ গল্পৰ কিছুমান চিত্ৰকল্প ইমান অপৰূপ যে-তাতেই অলপ সময় ৰৈ দিবলৈ মন যায়।

ইয়াৰ কাৰণ হৈছে-মানুহ তেওঁৰ প্ৰিয় বিষয়। তেওঁ মানুহৰ কথাকাৰ। বোধহয় সেইবাবেই মানুহ বিষয়ক কথনত অপৰূপ চিত্ৰকল্প সজাৰ দক্ষতাই তেওঁৰ গল্পবোৰ বিশেষ কৰি তুলিছে।মানুহ যেতিয়া গল্পকাৰ প্ৰিয় বিষয় হয়, তেতিয়া গল্প কবলৈ plot-ৰ অভাৱ নহয়।

প্ৰতিটো গল্পকে তেওঁ নতুনৰ চকুৰে চাইছে। প্ৰতিটো গল্পৰ বাবেই এটা পৃথক যাত্ৰা কৰিছে। এই যাত্ৰা কেৱল ফিল্ডতেই নহয়। মননতো। যি কথাই আমাৰ দৰে পাঠকক আশ্বস্ত কৰি যায়। তাতোকৈও আচৰিত লাগে যে বিষয়বস্তুৰ বিচিত্ৰতাৰ বাবে তেওঁ সীমিত সুবিধাকেই গ্ৰহণ কৰি চৌপাশৰ পৃথিৱীখনৰ পৰা সমল বুটলি আনিছে। সীমিত সুবিধাৰ এই চকমপ্ৰদ  ব্যৱহাৰে কয় গল্পকাৰৰ গলপ কোৱাৰ হাবিয়াস আৰু বুদ্ধিমত্তাৰ কথা।

হয়তো সেইবাবেই তেওঁৰ গল্পত ভাষাৰ কথিত ৰূপ, গীত-মাতৰ দৰে উপাদানৰ পয়োভৰ বেছি। এইখিনিতে এটা কথা কব পাৰি যে, গীত-মাত আদিৰ ব্যৱহাৰ মূল গল্পৰ অলংকাৰ হিচাপেহে ব্যৱহাৰ কৰা হয়, সেয়ে তাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো গল্পকাৰ হিচাপী হোৱাটো প্ৰয়োজনীয় কথা। 

পাপৰি বৰ্মনৰ গল্পবোৰক কেতিয়াবা গল্পতকৈ কাহিনী বুলি কবলৈহে বেছি  ভাল লাগে, কিয়নো গল্পৰ বৈশিষ্টবোৰৰপৰা কথনে কেতিয়াবা কাহিনীৰ ফালে ঢাল খাই পৰে। সমাজ জীৱনৰ গভীৰলৈ চোৱাৰ অন্তদৃষ্টিৰ অনুপাতে কাহিনীকথনৰ সন্তুলনৰ প্ৰতিও গল্পই সমান মনোযোগ দাবী কৰে। পাপৰি বৰ্মনৰ দৰে কথাশিল্পীয়ে গল্প কবলৈ লোৱা প্ৰস্তুতিৰ বাটটো বৰণীয়া-মাথোন গল্প  একোটাৰ compactness  দিশটো অনুধাৱন কৰি আগবাঢ়িলেই পাঠক আশ্বস্ত হ’ব।

অৱশ্যে লেখকৰ বাবে প্ৰথমখন সংকলন সদায় বিশেষ, তাতেই যদি সেই সংকলনে গল্পকাৰৰ উ্ত্তৰণৰ বাট প্ৰশস্ত কৰি তোলাৰ  আশা ৰাখে, তাতকৈ আশাৰ কথা কি থাকিব পাৰে!  

তেওঁলৈ শুভকামনা।   

ৰত্না ভৰালী তালুকদাৰ 


Wednesday, 10 January 2024

 

 

সুপ্ৰকাশ ভূঞাৰ গল্প





সুপ্ৰকাশ ভূঞাৰ গল্পবোৰত কাহিনী এটাৰ হাতত ধৰি গল্পকাৰে নিজৰ এক অন্তৰ্লীণ জগতলৈ গুচি যায়। বৰ সহজে তেওঁ পাঠকলৈ কাহিনী এটা এৰি দিবলৈ ৰাজী নহয়। কাহিনীটোক নিজৰ মতে গল্পৰ ৰূপ দিব। গল্পৰ মজাটো নিজে লৈ ল’ব। পৰৱৰ্তী সময়তহে পাঠকলৈ এৰি দিব। সৰু ল’ৰা এটাই চকলেট এটা মুখত লৈ সলপি সলপি খোৱাৰ দৰে  কাহিনীটো লৈ তেওঁ নিজৰ মাজত মজি থাকে। এটা journey কৰে—নিৰিবিলিত। পঢ়ে, চাৰিওপিনৰপৰা চায়--তাৰ পিছতহে লিখে। অৱশেষত গল্পৰ ৰূপত সি পাঠকৰ কাষ পায়হি। যেতিয়া কাষ  পায়হি, তেতিয়া পাঠকে লেখকৰ সেই journeyৰ  আভাস পায়।

 সেইবাবেই  সু্প্ৰকাশ ভূঞাৰ গল্পবোৰ নিটোল। তেওঁৰ অধ্যয়ন আছে।  Compactness সু্প্ৰকাশ ভূঞাৰ গল্পৰ অন্যতম বৈশিষ্ট।

কিয়ে এক মায়াসনা বিষাদৰ বয়ন তেওঁৰ কথাশিল্প! ভাষাৰ কাৰুকাৰ্যটোৱেই বোধহয় আটাইতকৈ ইৰ্ষণীয়।এটা উজনীয়া, দিখৌমুখৰ মানুহে কোৱা ভাষাৰে লিখে তেওঁ। ইয়াৰ পিছতে চৰিত্ৰৰ নিৰ্বাচন। অদৃশ্যতাৰপৰা গল্প তুলিব জানে তেওঁ।আপাতত  invisible কিছুমান চৰিত্ৰ বুটলি আনে।  গল্পবোৰ পঢ়ি উঠিলেহে ভাৱ হয়—এৰা এই চৰিত্ৰবোৰচোন আমাৰ মাজতেই আছে।গল্পৰ মাজেৰে সমাজৰ অদৃশ্যমান জীৱ কিছুমানৰ অস্তিত্ব পাঠকৰ বোধত জাগ্ৰত কৰাই দিয়াৰ দায়িত্ব লয় তেওঁ। সেইবোৰৰ প্ৰতি পাঠকৰ মন অনুকম্পাৰে ভৰি পৰে। পাঠৰ মাজৰ পঠনৰ মজা আছে তেওঁৰ গল্পত। 

সুপ্ৰকাশ ভূঞা একাকীত্বৰ গল্পকাৰ হৈয়ো সামাজিক ।  তেওঁ সামাজিক বিষয়ৰ গভীৰ মনন, পৰ্যবেক্ষণ আৰু অনুসন্ধিৎসাৰ গল্পকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা বহন কৰিছে। তেওঁৰ কেইটামান গল্প আছে, য’ত আছে ঐতিহ্য চেতনাৰ মাজতে সমাজৰ ৰূপান্তৰৰ প্ৰশ্ন। 

এৰা।  সাহিত্যই যদি বিবেকক প্ৰশ্নই য’দি কৰিব নোৱাৰে, তেনেহ’লে সৃষ্টিশীলতাৰ অৰ্থই বা কি?

তেওঁলৈ শুভেচ্ছা ।

ৰত্না ভৰালী তালুকদাৰ 


Friday, 5 January 2024

 প্ৰিয় ছাৰ মেঘনাদ পায়েঙৰ সতে মোৰ এটি অসম্ভৱ সংযোগ


 ফটো -চন্দন দলে 

জীৱনৰ দুটা বছৰ আৰু কেইটামান মাহ মই কমলাবাৰীৰ মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। অষ্টম শ্ৰেণীৰ শেষৰ কেইটামান মাহ, নৱম আৰু দশম শ্ৰেণী। সেই বৰ্ষকেইটা সাধাৰণতে শিক্ষান্ত পৰীক্ষাৰো প্ৰস্তুতিৰ বছৰ, কিয়নো আমাৰ সময়ত শিক্ষান্ত পৰীক্ষাত অষ্টম শ্ৰেণীৰপৰাই প্ৰশ্ন আহিছিল। জীৱন গঢ়াৰ বাবে সেই বৰ্ষকেইটা অমূল্য আছিল। গতিকে বিদ্যালয়ৰ বিভিন্ন কাম-কাজত অংশ গ্ৰহণ কৰা তেনেকৈ হোৱা নাছিল। বাৰ্ষিক প্ৰতিযোগিতাতো কেৱল কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱাৰ কথাহে মনত পৰে। তথাপি এই বিদ্যালয়খন আছিল আমাৰ সকলোৰে প্ৰাণৰ আপোন। বিভিন্ন সময়ত মেল-মিটিং আদি শুনিবলৈ আৰু বিশেষকৈ হাইস্কুলৰ প্ৰাংগনত হোৱা বিহু সন্মিলনখন চাবলৈ আমি সৰুৰেপৰাই গৈছিলোঁ। আমাৰ মনত এই শিক্ষানুষ্ঠানৰ প্ৰতি এক মৰ্যদাপূৰ্ণ আসন আছিল।
এটা কথা ভাবিলেই ভাল লাগে যে, খুব কম সময়ৰ বাবে পঢ়িবলৈ পালেও সেইখিনি সময়তে শ্ৰদ্ধাৰ শিক্ষকসকলৰ মৰম-চেনেহ পাবলৈ সক্ষম হৈছিলোঁ। এইখন শিক্ষানুষ্ঠানৰ গৌৰৱময় জন্মশতবৰ্ষ অনুষ্ঠানৰ স্মৰণিকাত কিছু কথা লিখিবলৈ দিয়াৰ বাবে আয়োজন সমিতিক অন্তৰভৰা কৃতজ্ঞতা জনাইছোঁ। কিয়নো কিছু কথা কবলৈ সঁচাকৈয়ে মন যায়। মন যায় কিছু অভিজ্ঞতা ভগাই লবলৈ। এটা অভিজ্ঞতাৰ বিষয়ে কব বিচাৰিছোঁ।
সেই সময়ত মেঘনাদ পায়েং ছাৰক আমি হেড ছাৰ হিচাপে পাইছিলোঁ। ছাৰৰ ঘৰ আছিল কানীয়াজান গাৱঁত। কানীয়াজান গাওঁ সেই সময়ৰ মাজুলীৰ চহকী মিছিং গাওঁবোৰৰ এখন, যিখন গাৱঁৰ প্ৰায়বোৰ ঘৰেই আছিল পকীখুঁটাৰ চাংঘৰ। আমাৰ বাবে এক পাহৰিব নোৱাৰা ব্যক্তিত্ব আছিল মেঘনাদ পায়েং ছাৰ। তেখেতে বিদ্যালয়ত আমাক ইংৰাজী পঢুৱাইছিল। মাজুলীৰ আজিৰ প্ৰজন্মৰ বাবে কানীয়াজান অস্তিত্ব এক সোৱঁৰণিহে।
১৯৮৭ চনত বিদ্যালয় এৰি অহাৰ প্ৰায় ১৮ বছৰ পিছত ছাৰৰ সতে বৰ অদ্ভূতধৰণে এক সংযোগ হৈছিল—যি মোক জীৱন সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এতিয়াও যিকোনো সমস্যাত পৰিলে মই ছাৰৰ সেই বিশেষ ঘটনাটো মনত মনত এক আচৰিত শক্তি লাভ কৰোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চশিক্ষা লাভৰ বাবে গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰিলোঁ। তেতিয়াৰেপৰা মাজুলীৰ ঘৰখনলৈ বন্ধৰ সময়তহে অহা-যোৱা থাকিল। মানুহবোৰৰ খবৰ-বাতৰি আত্মীয়-স্বজনৰ মুখেৰেহে লবলগীয়া হৈছিল।ছাৰৰ খবৰো কেৱল আৰ-তাৰ মুখেৰেহে পাই থাকিলোঁ। পতিয়াগাৱঁত নদীৰ গতি ৰোধ কৰি শিহুৱে ভুটুঙাই থকা মৰমৰ টুনী নদীখনৰ মৃত্যুৰ খবৰো পাইছলোঁ। দূৰৈৰ ব্ৰহ্মপুত্ৰ কাষলৈ চাপ অহাৰ খবৰ পাইছিলোঁ । কিদৰে নৈ আহি আহি বেঙেনাআটি পালেহি চকুৰ সন্মুখতে দেখিছিলোঁ। একাংশ ৰাজনীতিক, ঠিকাদাৰ, চৰকাৰী অসৎ বিষয়াৰ ষড়যন্ত্ৰত বান-খহনীয়া ৰোধ কৰিবলৈ দিয়া টকাবোৰ কাৰ জেপত সোমাইছিল মানুহৰ মুখে মুখে সেই কাহিনীবোৰ বিয়পি আছিল। এই ঘটনাবোৰ যেন মাজুলীৰ আদি-অন্তহীন একোখন নাটক। তেতিয়াও। আৰু এতিয়াও। এই সকলোবোৰৰ মাজত অসহায় মানুহ।
ইতিমধ্যেই পোহাৰদিয়াৰ একাংশ, হুকোনামুখ, ওপৰ সোণোৱাল, কানীয়াজান, বতিয়ামাৰী আদি গাওঁবোৰ এখনৰ পিছত এখনকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰিছিল। মাজুলীৰ নৃ-গোষ্ঠীসমূহৰ অন্যতম বৰ্ণাঢ্য গোষ্ঠী মিছিংসকলে যুগ যুগ ধৰি বাস কৰি অহা এই গাওঁবোৰ আছিল নদীৰ মুখত। ধান, মাহ, সৰিয়হ, নহৰুৰ দৰে শস্যৰে উভৈনদী।তেওঁলোক নৈপৰীয়া জনগোষ্ঠী। গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পিছত এই গাওঁবোৰ ইখনৰ পিছত সিখনকৈ খহনীয়াত পৰাৰ খবৰবোৰ পাই চিনাকি মানুহবোৰৰ মুখবোৰ চেৰেং-চেৰেংকৈ মন পৰিছিল। একো কৰিব নোৱাৰাৰ বেদনাৰ দৰে দুৰ্বিসহ হয়তো একোৱেই নাই।
২০০৫ চনত ‘দ্য হিন্দু’ কাকত আৰু ‘ফ্ৰণ্টলাইন’ আলোচনীৰ বাবে মাজুলীৰ বান-গৰাখহনীয়াৰ ৰিপ’ৰ্টিং কৰিবলৈ মোৰ স্বামী সুশান্ত তালুকদাৰ মাজুলীলৈ গৈছিল। সাধাৰণতে মাজুলীলৈ গ’লে আমি একেলগেই যাও যদিও সেইবাৰ তেওঁ অকলেই গৈছিল। হঠাতে তেওঁ মথাউৰিৰ ওপৰত বাস কৰিবলৈ লোৱা অৱস্থাত শ্ৰদ্ধাৰ মেঘনাদ পায়েং ছাৰক লগ পালেগৈ। মথাউৰিত বিভিন্নজনক সাক্ষাৎ কৰোঁতে ছাৰে নিজেই আগবাঢ়ি আহি পৰিচয় সোধাত কথাই কথাই মোৰ বিষয়েও ওলাল। সুশান্তই ছাৰৰ সৈতে বহু পৰ কথা পাতিলে। চাৰৰ ওপজা গাওঁ তেতিয়ালৈকে নদীৰ গৰ্ভত। গাওঁ হৈ পৰিছে সোঁৱৰণি। আৰু মথাউৰিৰ ওপৰত একধৰণৰ মৰীচিকা হৈ পৰিছে ছাৰৰ জীৱন। মথাউৰিৰ ওপৰত ঘৰ সজা ছাৰে বোলে সুশান্তক কৈছিল, “ৰত্না মোৰ বৰ মৰমৰ ছাত্ৰী আছিল, কিন্তু তোমাক আজি মই চাহ একাপো খুৱাব নোৱাৰিম। আজি ঘৰত চাহ একাপৰো যোগাৰ নাই।”
সুশান্তই আহি পাই মোক এই কথা ক’লে।
সেই কথা শুনি তেতিয়া মোৰ বুকুৰ ভিতৰতো আন এক বান আৰু গৰাখহনীয়াৰ সৃষ্টি হ’ল। কিয়নো সেই সময়ত আমি গুৱাহাটীত আমাৰ ঘৰখন সাজি আছিলোঁ। আৰু ওপজা গাওঁখন খহনীয়াত পৰাৰ পিছত ছাৰ উঠি আহিছিল মথাউৰিলৈ। তেখেত আছিল আমাৰ প্ৰিয় ছাৰ মেঘনাদ পায়েং। ছাৰে গোটেই জীৱন পিচপৰা ঠাইৰ ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ তাগিদাত এখনি সুচল ঠাইত ঘৰ সাজিব নোৱাৰিলে। হয়। এখন সুচল ঠাইত এখন নিৰাপদ ঘৰ, এটা সুস্থিৰ জীৱনৰ কথা তেখেত নাভাবিলে। হয়তোবা ভাবিবলৈ আহৰি নাপালে। কিয়নো সেই সময়ত (আৰু এতিয়াও) অনেক ছাত্ৰ-ছাত্ৰী দৰিদ্ৰতাৰ কবলত থকাৰ বাবে কেৱল পাঠ্যদানৰ বাহিৰেও তেখেতসকলে আন বহুতোধৰণে শিক্ষাৰ্থীসকলক সহায় কৰিবলগাত পৰিছিল।
অনেক দিন ধৰি ছাৰক মই মনৰ ভিতৰতে ৰাখিছিলোঁ। অৱশেষত বহুদিনৰ নিস্তব্ধতাৰ পিছত লিখিছিলোঁ এটা গল্প-- “ঘৰ ঘৰ খেলিবা? আহা”। ইয়াত ‘স্পেচ’ ধাৰণাটোক লৈ এটা সম্পৰীক্ষা কৰা হৈছিল। নকলেও হ’ব যে, শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ তাগিদাত, তেওঁলোকক এটুকুৰা সুচল ‘স্পেচ’ত ঘৰ সজাৰ ব্যৱস্থা কৰি দিয়াৰ বাটটি পোহৰাই তোলাৰ তাগিদাত, নিজৰ বাবে এটুকুৰা নিৰাপদ ‘স্পেচ’ত ঘৰ সজাৰ কথা ভাবিবলৈ আহৰি নোপোৱা প্ৰিয় ছাৰ মেঘনাদ পায়েং আছিল এই গল্পটিৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ। এই গল্পটি বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা ছাৰৰ সম্পাদনাত ‘গৰীসয়ী’ সাহিত্য আলোচনীত প্ৰকাশ হৈছিল। তদুপৰি মোৰ দ্বিতীয়খন গল্প-সংকলনো এই গল্পটিৰ নামেৰেই কৰা হৈছে।
যেতিয়া মই মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ কথা ভাবোঁ, তেতিয়া মেঘনাদ পায়েং ছাৰৰ দৰে বিৰল মানৱিক গুণৰ অধিকাৰী শিক্ষকসকলৰ কথাই পোনতে মনলৈ আহে।সেই আদৰ্শ আমাৰ জীৱনৰ পোহৰ। জীৱনৰ অনেক এন্ধেৰুৱা বাটতো ভাগৰি নপৰাকৈ ধৰি ৰখা এক অসম্ভৱ জীৱনী শক্তি, এক সঞ্জীৱনী সুধা। আচলতে ছাৰ মাথো এটি উদাহৰণ। এনে অনেক শিক্ষকৰ সান্নিধ্য, তেওঁলোকৰ নীৰৱ সেৱা আৰু আশীৰ্বাদেই আমাৰ জীৱন ভৰাই ৰাখিছে। আজিৰ শতবৰ্ষ উদযাপনৰ সময়ত সকলোকে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
জয়তু মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
জয়তু জন্মভূমি।

Sunday, 31 December 2023

 

গায়ত্ৰী দলে আৰু মনোৰঞ্জন বড়িৰ গল্প




গায়ত্ৰী দলেৰ গল্প


গভীৰ সামাজিক চেতনাস্ৰোতেৰে গল্প কবলৈ আৰম্ভ কৰে গায়ত্ৰী দলেই। তেওঁ বাস কৰা সমাজখনৰ চাল-চলন, শোকৰ  কাৰকবোৰৰ ইমান গভীৰলৈ যাব পৰা গল্পকাৰ খুব কমেইহে আছে। সমাজবীক্ষণৰ বেলিকা তেওঁৰ নিৰীক্ষণৰত চকুযুৰি অতিকৈ ইৰ্ষণীয়। মানুহ তেওঁ চিনি পায় (পায়নে!)। আৰু চিনি পায় সমাজ।

তেওঁৰ সমাজবীক্ষা আৰু জীৱনবীক্ষাৰ অপূৰ্ব সংশ্লেষণ হৈছে তেওঁৰ অনবদ্য কথনশৈলী। ইয়াৰ কাৰণ হয়তো তেওঁৰ নিৰন্তৰ গণসংযোগ আৰু প্রচণ্ড জীবনমুখীতা। তেওঁ কাহিনী নকয়, বৰঞ্চ গল্পলৈ তুলি আনে জীয়া জীৱন। পাঠকক ধৰি ৰাখিবলৈ তেওঁৰ যেন কাহিনীৰ নিৰ্মাণৰ প্ৰয়োজনেই নহয়।

 আৰু এটা কাৰক আছে যি গায়ত্ৰী দলেৰ গল্পভাষাক নিৰৱধি বৈ থকা নিজৰাৰ দৰে সাৰ-পানীৰ অন্তঃস্ৰোত এটা দি থাকে। সি হৈছে গোষ্ঠীচেতনা, যাক ethnic consciousness বুলিও কব পাৰি। এই গোষ্ঠী চেতনাৰ তেওঁ এজন আচৰিতধৰণৰ insider। গোষ্ঠী চেতনাৰ এনে আচৰিত insider হৈ এখন multilayered সমাজৰ কথা কব পৰা শক্তিশালী গল্পকাৰ অসমত সুকীয়া এজন আছেনে নাই তাত সন্দেহ আছে। তেওঁ যোতিয়া গোষ্ঠীচেতনাৰ বাহিৰৰ সমাজ এখনৰ কথাও কয়, তেতিয়া কাহিনী linear হলেও, তাত  কিন্তু তাত এটা extra layer থাকিবই। যি গল্পকাৰৰ আন এক দৃষ্টি আৰু পৰিচিতিৰ বিষয়ে পাঠকক সোঁৱৰাই থাকিব। এয়াও যেন সাহিত্যৰ এক বিশেষ অলংকাৰ। কোনো সন্দেহ নাই যে-গল্পকাৰৰ অধ্যয়ন আছে, পৰ্যবেক্ষণ আছে আৰু আছে জীৱনক ভাল পাব পৰা শকতি।

 আচৰিত লাগে ইমান ইৰ্ষণীয় কথনশৈলী  আৰু  গল্পলৈ একোটা জীৱন তুলি আনিব পৰাৰ ক্ষমতা আহৰণ কৰিও বহুসময়ত গল্প এটাৰ শেষলৈকে লেখকৰ যি সংহতি (solidarity) থাকিব লাগে, কেতিয়াবা তাৰপৰা গল্পকাৰ আঁতৰি আহে। আপুনি ইমান গভীৰ প্ৰেক্ষাৰ গল্প এটা যেতিয়া পাঠকলৈ আগবঢ়াই দিব, তেতিয়া শেষলৈকে সি সংহতি বহন কৰি যোৱাটো আৱশ্যকীয়। বহুসময়ত এজন পাঠকক লেখকৰপৰা সুকীয়া সত্ত্বা বুলি গণ্য কৰিব নোৱাৰি। তেনেহ’লে একোটা গল্পত গল্পকাৰৰ মনঃসংযোগ ব্যাহক হ’লে সি পাঠকৰ সতে একধৰণৰ সংহতি স্থাপন কৰিবনে

একোজন গল্পকাৰে যেতিয়া  গভীৰ সামাজিক চেতনাস্ৰোত, অনবদ্য কথনশৈলী আৰু একোটা জীৱন গল্পৰ মজিয়ালৈ তুনি অনাৰ ক্ষমতা ৰাখে-তেতিয়া সেই প্ৰতিভাক লাহে লাহে বিনীল কৰি দিয়াৰ বাবেও আন এচাম ব্যস্ত হৈ থাকে, সুহৃদৰ বেশতেই আহি গল্পকাৰৰ স্পৰ্শকাতৰ জেগোবাৰ ভাঙি চুৰ্চুমৈ থৈ যায়। এনে সময়ত নিৰন্তৰে মনোযোগ ধৰি ৰখাটোৱেই গল্পকাৰৰ প্ৰধান কাম। তেওঁ গোটেই জীৱনৰ বাবেই নিজৰ মনোযোগ ধৰি ৰাখিব লাগিব, মাত্ৰ এটা গল্পত নহয়।  

গল্পকাৰলৈ শুভেচ্ছা।  

  

মনোৰঞ্জন বড়িৰ গল্প

 

মনোৰঞ্জন বড়ি একেসময়তে যাাদু আৰু বাস্তবৰ কথা কব পৰা গল্পকাৰ। বৃত্তিত সাংবাদিক হোৱাৰ সুবাদতেই তেওঁৰ ভাষা মেদহীন। যাদুৰ জগতখন তেওঁ অতীতত এৰি থৈ আহিছে। তেওঁ এতিয়া য’ত বাস কৰিছে, সি জীৱনক কৰ্কশ কৰি পেলোৱা এখন অহৰহ পোখা মেলি থকা নগৰ। ইয়াত আছে এৰি থৈ অহা জগতৰ সোঁৱৰণি।

কাহিনীৰ আৰম্ভণি হয় ঠিক ইয়াৰপৰাই। কাহিনী কবলৈ তেওঁৰ এটা গল্পভাষাৰ প্ৰয়োজন নহয় --কথনে নিজেই কাহিনীত ধৰা দিয়ে। 

তেওঁ এটা নিটোল কাহিনী কয়। পাতল কুঁৱলীৰ আচ্ছাদনৰ দৰে তেওঁৰ গল্পকথাত থাকে এৰি থৈ অহা সোৱঁৰণিৰ দিনবোৰৰ ৰিণি ৰিণি সুৰ। অলপ বিষাদ। এজন গল্পকাৰৰ অভিজ্ঞতাৰ পৃষ্ঠত যেতিয়া নিৰন্তৰভাৱে হেৰুৱাই থকাৰ সোঁৱৰণিৰ এখন সমাজ থাকে-তেতিয়া তাৰ বেদনা আৰু অভিজ্ঞতাই যি গল্পভাষাৰ সৃষ্টি কৰিব পাৰে মনোৰঞ্জন বড়িৰ গল্পবোৰে তাৰ স্বাক্ষৰ বহন কৰে।

আন বহুতো গল্পকাৰৰ দৰেই মনোৰঞ্জন বড়িয়ে নিৰ্মাণৰ সলনি গল্প  এটা  পৰম্পৰাগতভাৱে পাঠকক কৈ যাবলৈ ভালপায়। যি বিষয়বস্তু তেওঁ বাচি লয়, সেইবোৰে  কিন্তু একেসময়তে আশ্বৰ্যকৰ নিৰ্মাণৰ সম্ভাৱনীয়তাও বহন কৰে। আচলতে পূৰ্ণকালীণ সাংবাদিক এজনে যেতিয়া গল্প বা কবিতা লিখে, তেতিয়া সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পৰাকৈ সময়খিনি উলিওৱাটোৱেই হৈ পৰে এটা প্ৰত্যাহ্বান। সেইবাবেই বহুসময়ত বহুতৰপীয়া জীৱনৰ কথা কব পৰা গল্প এটাও কেতিয়াবা সম্ভাৱনাত ৰৈ যায়।

মনোৰঞ্জন বড়িও একৰাগী প্ৰতিনিধি, তেওঁৰ কথনে একেসময়তে  তেওঁ বাস  কৰা নৃগোষ্ঠীয় সমাজখনৰ প্ৰতিনিধিত্বও (representative)  কৰে। তদুপৰি আছে insider persperctive-ৰপৰা গল্প কোৱাৰ সক্ষমতা।  সেইবাবেই গল্পকাৰৰ থাকে একধৰণৰ দায়িত্ব ।  মধুৰ দায়িত্ব। 

 

কিছু অনুভৱঃ

গায়ত্ৰী দলে বা মনোৰঞ্জন বড়িৰ দৰে গল্পকাৰসকলে লিখা গল্পবোৰৰ পঠন এইবাবেই প্ৰয়োজনীয় যে, তেওঁলোকৰ লেখক পৰিচিতি আন গল্পকাৰসকলৰ পৰিচিতিতকৈ অতিৰিক্তভাৱে সমৃদ্ধ। তেওঁলোকে একেসময়তে একোটা গোষ্ঠীকো প্ৰতিনিধিত্ব কৰে বাবে তেওঁলোকৰ সৃষ্টি হৈ পৰে একেসময়তে প্ৰতিনিধিত্বমূলক(representative)। আচৰিত কথা এয়ে যে, যি  গোষ্ঠীক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে সেই গোষ্ঠীৰ আছে কেৱল নিৰন্তৰভাৱে হেৰুৱাই যোৱাৰ ইতিহাস—বান অথবা খহনীয়াৰ প্ৰকোপত নিজৰ ভূমিৰপৰা বাৰে বাৰে উফৰি পৰা ইতিহাস।আছে বঞ্চণাৰ ইতিহাস।

এটা সমৃদ্ধ গোষ্ঠীৰ হাতত যেতিয়া বসবাস কৰিবলৈ এডোখৰ ভূমি নাথাকে, তেতিয়া কিমান কৰুণ হ’ব পাৰে তাৰ গাথা! কৰবাত কৰবাত তেওঁলোকে হেৰুৱাই পেলাইছে আইৰ মুখৰ ভাষাও। এই কৰুণ ইতিহাসৰপৰা আহৰিত যি সংগ্ৰাম আৰু বেদনা, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ আকুলতা—এই সকলোবোৰেই সৃষ্টিশীল লোকসকলৰ শব্দবোৰত কিবা নহয় কিবাস্বৰূপে কালিকা হৈ ওলমি থাকে। যি সাহিত্যত একেসময়তে এক  সুন্দৰতা প্ৰদান কৰি যায়।  সুক্ষ্ম পঠনৰ মাজেৰেহে এই কালিকাবোৰে আমাৰ চকুত ধৰা দিয়ে।

তেওঁলোকে যি বিষয়বস্তুকেই নিৰ্বাচন নকৰক কিয়,  বেদনাৰ ধাৰবোৰে পাঠকক দহি নিবই। এনে কণ্ঠস্বৰ কাব্যসাহিত্যত সততে  শুনিবলৈ পোৱা  যায়  যদিও,  গল্পসাহিত্যত  কিন্তু অতি কম সংখ্যক গল্পকাৰহে আমি লাভ কৰিছোঁ। 

সেইবাবেই তেওঁলোকৰ কণ্ঠ   আমাৰ বাবে আপুৰুগীয়া।    

গল্পকাৰলৈ শুভেচ্ছা।  

--ৰত্না  ভৰালী তালুকদাৰ

Wednesday, 27 December 2023

 

মণিকংকনা বৰবৰা, স্ৰোতস্বিনী তামুলী, সৃঞ্জনা শৰ্মাৰ আৰু  আৰণ্যক শইকীয়াৰ গল্প




মণিকংকনা বৰবৰাৰ গল্প

 

মণিকংকনা বৰবৰা গভীৰ অনুৰাগেৰে মানুহৰ কথা কবলৈ ওলাই অহা এগৰাকীৰ গল্পকাৰ। তেওঁ লিখে গ্ৰাম্য পটভূমিৰ গল্প—য’ত গাওঁবোৰ আৰু গাওঁ হৈ নাথাকে। মণিকংকনাৰ গল্পত ভিতৰুৱা আৰু বাহিৰৰ অজস্ৰ ষড়যন্ত্ৰত গাওঁ হেৰাই যায়। এই ষড়যন্ত্ৰবোৰ তেওঁ দেখিছে। শৰীৰত অথবা মনত বহন কৰিছে তাৰ দাগ। তাৰ দ্বন্দ্ব-সংঘাতে তেওঁক জুৰুলা কৰিছে।গল্পত তাৰ নিকৰুণ প্ৰতিফলন ঘটে।  

মণিকংকনা বৰবৰা একেধাৰে এগৰাকী Activist। সৃষ্টিশীল সত্তা যেতিয়া Activist  হয়, তেতিয়া তেওঁ আনে নেদেখা, উমান নোপোৱা এখন আচৰিতধৰণৰ virgin জগতলৈ সোমাই যোৱাৰ সুবিধা পায়—য’ত ইতিমধ্যেই বিচৰণ কৰি থাকে  অলেখ জীৱন্ত সাধুকথাই। তেওঁ শিহৰিত হয়। তেওঁ সেইবোৰ তুলি আনিবও পাৰে বা নিৰ্মাণ কৰিবও পাৰে—তাত তেওঁৰ স্বাধীনতা থাকে। ইয়াত তেওঁ insider perspective-ৰপৰা কথা কব পাৰে।  তেওঁ খুব  কম গল্প লিখিছে, য’ত নিৰ্মাণতকৈ কাহিনীকথনত বেছি গুৰুত্ব দিছে।

সৃষ্টিশীল সত্তা যেতিয়া Activist হয়, তেতিয়া তাৰ কিছুমান শংকাও থাকে। নিজৰ আদৰ্শৰ জগতখনৰ বাহিৰৰ ৰূপ-ৰং-ৰসবোৰলৈ, আন্য জগতৰ নিৰ্যাসবোৰলৈ তেওঁ চকু দিবনে? সৃষ্টিশীলতাৰ জীৱন যে আদৰ্শৰ জীৱনতকৈও বহু বৈচিত্ৰময়। আদৰ্শ য’ত এচাকি পোহৰ।

প্ৰচুৰ অধ্যয়নশীলতা, সততা, ক্ষেত্ৰ অধ্যয়নক সাৰথি কৰি যি বাটেৰে তেওঁ আগবাঢ়ি আহিছে, তালৈ শুভকামনা।

 

স্ৰোতস্বিনী তামুলীৰ গল্প

 

নতুন প্ৰ্ৰজন্মৰ গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে গল্পকথাৰ মাজেৰে theme আৰু আংগিক—উভয়ক্ষেত্ৰতেই দিব বিচাৰে অভিনৱত্ব। পুনৰাবৃত্তি তেওঁ বেয়া পায়। সৰলৰৈখিক গল্প কবলৈ তেওঁ ৰাজী নহয়। তেওঁৰ গল্পৰ আছে দুৰন্ত গতি, যি সাৱলীল। তাত আছে একধৰণৰ সুন্দৰতা।

 তেওঁ কাহিনী নিৰ্মাণ কৰে-তলৰপৰা ওপৰলৈ নিৰ্মাণ কৰে। সম্পূৰ্ণ নিজস্ব দৰ্শনেৰে। তেওঁ স্বাধীনভাৱে কয়।

মানুহ তেওঁৰ প্ৰিয় বিষয়। হয়তো জীৱনক ভাল পায় মানুহতকৈও বেছি। গল্প কোৱাৰ হাবিয়াসে গল্প বিচাৰি তেওঁক দূৰ-দূৰণিলৈকে লৈ যায়গৈ। য’লৈ যায়গৈ, তাত হয়তোবা বিচাৰে শ্ৰেণীদ্বন্দ্বৰ মাজেৰে উঠি অহা এটা নিকৰুণ জীৱনৰ গল্প। কেতিয়াবা তেওঁ কয় সমান্তৰাল শৈলীৰ কাহিনী—যি কাহিনীত একেটা গল্পৰ মাজেৰে দুটা কাহিনীয়ে parallel journey কৰে। তেওঁ  ক্ষেত্ৰ অধ্যয়নো কৰে। 

 স্ৰোতস্বিনী তামুলীৰ গল্প আগবাঢ়ে নাটকীয়তাৰ মাজেৰে। এই নাটকীয়তা তেওঁ গল্পৰ শেষলৈকে বোৱাই লৈ যায়। তেওঁৰ গল্পৰ পাঠকসমাজ তেওঁ নিজৰ হাতেৰে সৃষ্টি কৰিব বিচাৰে।   

 তেওঁলৈ শুভকামনা।


 সৃঞ্জনা শৰ্মাৰ গল্প

 

সৃঞ্জনা শৰ্মাৰ গল্পবোৰে প্ৰজন্মৰ অস্থিৰতা, উদ্বিগ্নতাৰ এক আচৰিত জগতত বাস কৰে।এই গল্পবোৰে পাঠককো একধৰণৰ উদ্বিগ্নতাৰ মাজলৈ লৈ যায়, কিয়নো গল্পৰ যি protagonist তেওঁ সৃষ্টি কৰে, তাৰ কথন অতিকৈ অনিশ্চিত। অজস্ৰ মানুহৰ ভিৰৰ মাজেৰে protagonist যায়গৈ, উদ্বিগ্নতাবোৰে যাত্ৰাকাল অস্থিৰ কৰি তোলে—যেন মূৰৰ ওপৰত কিছুমান অদৃশ্য, আউলী-বাউলী কাঁটা তাৰ। একধৰণৰ fantacyৰ দৰে তেওঁৰ গল্পকথন। যেন এক তীব্ৰ উত্তেজনাপূৰ্ণ  video game চলি আছে, game-ৰ পৰিণতি কি হ’ব তাক আমি নাজানো।

অথচ উৎকণ্ঠাবোৰে আমাক আঁতৰি আহিবলৈ নিদিয়ে। শংকা হয়। কিবা অঘটন ঘটাব নেকি? প্ৰজন্মৰ স্ফলনৰ ইংগিত আহিব নেকি! তেনে নহয়। গল্পৰ লেকাম গল্পকাৰে নিজৰ হাতত ৰাখে।আচৰিত চিত্ৰকল্পবোৰে তাত নিজৰ নিজৰ ভূমিকা পালন কৰি যায়। এইবাবেই তেওঁৰ কথন অভিনৱ।  তেওঁ নিজেই সিদ্ধান্ত লব। আৰু সাহসেৰে পাঠকক জনাই দিব।   

সৃঞ্জনা শৰ্মাৰ গল্পই কয় প্ৰজন্মৰ কয় একাকীত্বৰ কথা। এই একাকীত্ব স্বাৰ্থপৰ অভিভাৱক অথবা স্বাৰ্থপৰ সমাজে প্ৰজন্মক জাপি দিছে। ই সঁচাকৈয়ে এক বুজাব নোৱাৰা কৰুণ অভিজ্ঞতা। এক উন্নত নাগৰিক চেতনা অথবা বাস্তৱতাৰ ৰূপত তেওঁ তাক গল্পত ধৰি ৰাখিছে। উদ্বিগ্নতা আৰু অস্থিৰতা তাৰ বাহ্যিক প্ৰকাশ। প্ৰজন্মই তাক অকলেই face কৰে।

ইয়াতেই ফুটি উঠে প্ৰজন্মৰ আত্মবিশ্বাস। 

তেওঁলৈ শুভকামনা।

 

আৰণ্যক শইকীয়াৰ গল্প

 

একধৰণৰ সমাহিত জীৱনবোধ আৰু নিজস্ব এক দৰ্শনেৰে সমাজৰ কিছু বাস্তৱতাক নিৰীক্ষণ কৰি গল্প কবলৈ ভালপোৱা নতুন প্ৰজন্মৰ গল্পকাৰজন আৰণ্যক শইকীয়া। তেওঁৰ গল্পত প্ৰজন্মৰ দ্ব্ন্দ্ব-সংঘাত-উদ্বিগ্নতা-অনিশ্চয়তাভৰা টলমল জীৱনৰ প্ৰকাশ নাই। সমাজ বাস্তৱতাক কিছু দূৰৈত ৰৈ চায় তেওঁ। তাৰপৰাই নিৰীক্ষণ কৰে। অৱশেষত ঘটনা এটা নিটোল গল্পৰ ৰূপত কৈ যায়। মানৱীয়তাই কথনক চালিত কৰে।

গল্পৰ নিৰ্মাণতকৈ বিৱৰণীক তেওঁ প্ৰাধান্য দিয়ে। গল্পভাষা মৃদু। নিৰ্মেদ। উত্তেজনা নাই।

কেতিয়াবা তেওঁ উদ্দাম জীৱন প্ৰৱাহৰ কথা কবলৈ comfort zone বাহিৰলৈ আহিবনে? নে বৰ্তমানৰ দৰেই কিছু নিলগত ৰৈ, তাৰেপৰাই পাঠকৰ চেতনাস্ৰোতক জোকাৰি দিয়াকৈ অভিনৱধৰণে গল্প কবলৈ বিচাৰিব? গল্পকাৰে এইক্ষেত্ৰত নিজৰ স্বাধীনতা লব, নিজৰ মতেই আগবাঢ়িব। পাঠকে মাথো অৱশেষত বিচাৰিব এটা মজাৰ গল্প।

গল্পকাৰলৈ শুভেচ্ছা।


ৰত্না ভৰালী তালুকদাৰ 

Tuesday, 26 December 2023

 

 

 মল্লিকা হাজৰিকাৰ গল্প




মল্লিকা হাজৰিকাই গল্প কবলৈ কাষৰ আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰাই সমল আহৰণ কৰে। তেওঁৰ কথনশৈলী সৰল আৰু উপস্থাপনা নাটকীয়। পাঠকৰ সৈতে তেওঁ পোনে পোনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁ মূলতঃ এটা কাহিনীৰ বিষয়ে কয়—যি কাহিনী হয়তোবা আমাৰ তেনেই পৰিচিত কিন্তু কথনৰ অভাৱত সি কোৱা হৈ উঠা নাই। পাঠকৰ চকুত পৰা নাই।

এগৰাকী নাৰী লেখকে যেতিয়া ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতিৰ আৱৰ্তটো ভাঙি আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সৃষ্টিশীল লোকৰ দায়বদ্ধতাৰ দিশে এখোজ আগবাঢ়ি অহা  বুলি কব লাগিব। অৱশ্যে নাৰী জীৱনৰ কথা যে তেওঁ নক’ব—সেয়া হবই নোৱাৰে।বৰঞ্চ সেই নাৰীজীৱনৰ বা লিংগ পৰিচিতিৰ কথাবোৰ নাৰী সাহসেৰে সাহিত্যলৈ আনাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা লবই লাগিব। কিন্তু লেখকৰ দৃষ্টি যেতিয়া আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰেক্ষালৈ ধাবিত হয়, তেতিয়া সৃষ্টিকৰ্তাই এক সম্প্ৰসাৰণ লাভ কৰে—সাহিত্যত এক নতুন মাত্ৰা প্ৰদানৰ  সম্ভাৱনাৰে সমুজ্জল হয়। এনে দৃষ্টিয়ে ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতি, যাক আমি gender বুলি কওঁ—সেই পৰিচিতিৰো বিস্তাৰ ঘটায়।

আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা পৰা গল্প কোৱাৰ সুবিধা এয়ে যে, এনে প্ৰেক্ষাবোৰে গল্পকাৰক বিভিন্নধৰণে পৰীক্ষা-নীৰিক্ষা কৰাৰ সুবিধা আনি দিয়ে। কবলৈ গ’লে এই প্ৰেক্ষাবোৰৰপৰা ইমান গল্প কোৱা হৈ গৈছে যে, এটা linear গল্পৰে উজ্জীৱিত পাঠকক ধৰি ৰখাটো আজিকালি প্ৰায় অসম্ভৱ কথাই হৈ পৰিছে। এই দিশটোৱেই বিশ্বৰ গল্পকাৰসকলৰ সন্মুখলৈ  আনি দিছে প্ৰত্যাহ্বান।এনে প্ৰেক্ষাৰপৰা গল্পত কথা কবলৈ অহা চৰিত্ৰবোৰে জীৱনত পাৰ কৰি যায় নানান দ্বন্দ্ব-সংঘাত—যাৰ উৎস সামাজিক চলনবোৰৰ উঠা-নমাত প্ৰোথিত হৈ থাকে।  

গল্পকাৰে যেতিয়া কাৰোবাক protagonist হিচাপে নিৰ্বাচিত কৰে, তেতিয়া পাঠকে protagonist- ৰ কাহিনীকথনৰ সমান্তৰালভাৱে মূল গল্পৰ আশে-পাশে সামাজিক চলনবোৰৰ উঠা-নমাবোৰো চাবলৈ বিচাৰে। সমাজ পৰিবৰ্তনৰ জটিল দিশবোৰ চাবলৈ বিচাৰে। মল্লিকা হাজৰিকাৰ দৰে কৰ্মাজীৱি নাৰীৰ সমস্যাটো হৈছে সামাজিক চলনবোৰৰ উঠা-নমাবোৰ চাবলৈ পোৱা আহৰিকণ। জীৱনে তেওঁলোকৰ হাতৰ মুঠিৰপৰা সময় কাঢ়ি লৈ যায়। কিন্তু সকলো প্ৰত্যাহ্বান পাৰ কৰিব পৰাটোৱেই সৃষ্টিশীল লোকৰ কাম।

এইক্ষেত্ৰত ছুবুৰীয়া বঙালী সাহিত্যৰ প্ৰায়  সমসাময়িক প্ৰেক্ষাৰ দুগৰাকী মহীয়সী নাৰী সাহিত্যিকৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোক হৈছে মহাশ্বেতা দেৱী আৰু আশাপূৰ্ণা দেৱী। প্ৰথমগৰাকীৰ সাহিত্যই গভীৰ সামাজিক প্ৰেক্ষাক স্পৰ্শ কৰে। তেওঁ আৰ্তজনৰ কণ্ঠক শক্তি দিয়াতেই সমগ্ৰ জীৱন উচৰ্গা কৰিছে। 

আনগৰাকীয়ে মূলতঃ গৃহিণীসকলৰ কথাকেই লিখিলে বুলিব পাৰি। কিন্তু এই গৃহিণীসকলৰ আনে নেদেখা শত-সহস্ৰ দিশৰ ওপৰত আশাপূৰ্ণা দেৱীয়ে ইমানেই পোহৰ পেলালে যে, সেই সাহিত্যই অনন্য মাত্ৰা লাভ কৰি জাতিস্কাৰ হৈ উঠিল। পাকঘৰত ভাৰ-পানী ৰান্ধি আনৰ পৰচৰ্চা আৰু ‘ঘৰেলু পলিচিকচ্’ত সময় অতিবাহিত কৰা নাৰীবোৰৰ মনৰ অনেক গোপন ৰহস্য, জটিল মনস্তত্বঃৰ ওপৰত গল্প লিখিও যে ‘জ্ঞানপীঠ’ৰ দৰে বঁটা লাভ কৰিব পাৰি, সেই কথা আশাপূৰ্ণা দেৱীয়েই জানো প্ৰমাণ কৰি থৈ যোৱা নাই!

গল্পকাৰলৈ শুভেচ্ছা । 

ৰত্না ভৰালী তালুকদাৰ