‘আলফাৰ অসমাপ্ত ইতিহাস
(প্ৰথম খণ্ড)
‘আলফাৰ অসমাপ্ত ইতিহাস (প্ৰথম খণ্ড)’ স্বাধীন অসমৰ দাবীত এদল যুৱকে কৰা
তিনি দশকজোৰা সশস্ত্ৰ সংগ্ৰামৰ আভ্যন্তৰীণ পথিক এজনৰ কথকতা। স্বভাৱিকতে গ্ৰন্থখনিত
আছে সশস্ত্ৰ সংগ্ৰামখনৰ এক আভ্যন্তৰীণ প্ৰেক্ষা(insider perspective)ৰ বিৱৰণী। আৱেগৰ
উৰ্ধত ঘটনাক্ৰমৰ দ্বান্দ্বিক (dialectical)বিৱৰণীয়ে ইয়াৰ ঘাই আকৰ্ষণ। গ্ৰন্থখনিৰ লেখক সংযুক্ত মুক্তি বাহিনী, অসম বা থোৰতে
আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া।
আলফাৰ তিনি দশকজোৰা এই সশস্ত্ৰ
সংগ্ৰামখনৰ গুপ্তহত্যা, মুক্ত হত্যা, চক্ৰান্ত
অথবা প্ৰতিশোধজনিত হত্যাৰ বিৱৰণীৰে ৰঙা-ৰাঙলী হৈ উঠা অসমৰ ভূ-ৰাজনীতিৰ এইচোৱা
ইতিহাসক লৈ অলেখ সৃষ্টিশীল সাহিত্য আৰু গদ্যশিল্প ৰছনা হৈছে। এয়া সশস্ত্ৰ সংগ্ৰামখনৰ
এটি তাৎপৰ্যপূৰ্ণ দিশ। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমনি ফুকনৰপৰা আৰম্ভ কৰি তৰুণ প্ৰজন্মলৈকে
অনেক লেখকৰ হাতেৰে এই কৰুণ সংগ্ৰামৰ গাথা নিঃসৰিত হৈছে। এই ধাৰা এতিয়াও অব্যাহত। কেইবাজনো
আভ্যন্তৰীণ কথকেও সশস্ত্ৰ সংগ্ৰামখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি গ্ৰন্থ ৰছনা কৰিছে।
আন এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামীয়ে সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্বৰ সতে আলোচনাৰ মধ্যস্থতাকাৰী হবলৈও আগবাঢ়ি
আহিছিল।
তথাপি কব লাগিব যে সংগঠনটোৰ জন্ম,
ইতিহাস আৰু দীঘলীয়াকালৰ যন্ত্ৰণা আৰু অভিজ্ঞতাৰ দ্বান্দ্বিক, বস্তুনিষ্ঠ বিশ্লেষণেৰে
আভ্যন্তৰীণ প্ৰেক্ষাৰ সফল ছবি এখনৰ এখন সুখপাঠ্য
গ্ৰন্থ পাবলৈ টান। সংগঠনৰ আভ্যন্তৰীণ কথকসকলৰ সৰহভাগৰ লেখাতেই পোৱা যায় সৰলৰৈখিক (linear) কাহিনী। অথবা একোগৰাকী ৰমন্যাসিক বিপ্লৱী। সংগঠনটোৰ
বাহিৰৰ লেখক এজনৰ বাবে গোপন আৰু ৰাষ্ট্ৰৰদ্বাৰা নিষিদ্ধ সংগঠন এটাৰ ভিতৰুৱা কথাবোৰ
লিখি উলিওৱা সহজ নহয়।
অনুপ চেতিয়াৰ গ্ৰন্থখনে এইক্ষেত্ৰত
এক বিশাল শূন্যতা পুৰণ কৰিছে বুলি একে আষাৰে কব পাৰি। ইয়াত আছে সশস্ত্ৰ সংগঠন এটা নিজৰ
হাতেৰে গঢ়ি তোলাৰ আনন্দ, বেদনা আৰু যন্ত্ৰণা। আৰু আছে বিৱৰণীৰ বহুমাত্ৰিকতা (layered
narration)। এজন সংগ্ৰামীৰ মানসিকতাৰে লিখা কথকতাত আৱেগ-বিহ্বলতাক স্থান দিয়া হোৱা
নাই। ভূ-ৰাজনীতিৰ আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ সেই সংগ্ৰামখনে ক’ত আৰম্ভ হৈ কি দিশলৈ
গতি কৰিছিল-তাৰ বিৱৰণী ইয়াত আছে। সত্তৰ-আশীৰ
দশকৰ সেই ল’ৰাবোৰে বাট-পথ নথকা পৰ্বতীয়া হাবিৰে খোজকাঢ়ি গৈ গৈ ভাৰত-ম্যানমাৰৰ সীমান্তৰ মুক্তাঞ্চল আৰু তাৰপৰা
কাচিন পাইছিলগৈ। মেলেৰীয়া, মখলং লাগি বাটত মৰিছিল। নগা বিদ্ৰোহীৰ ভাতৃঘাটী সংঘৰ্ষৰ
মাজত সোমাই পৰিছিল। শ্ৰীলংকাৰ এল টি টি ই, খালিস্তানী উগ্ৰপন্থীৰ সতে হাট-বাট কৰিছিল।
নগা,মণিপুৰী, বড়োকে ধৰি বিভিন্ন জাতি-গোষ্ঠীৰ সশস্ত্ৰ সংগ্ৰামৰ সতে সম্পৰ্ক গঢ়ি তুলিছিল।
কৰবাত অস্ত্ৰ-শস্ত্ৰ দি সশস্ত্ৰ সংগ্ৰামৰ ভেটি গঢ়িও দিছিল। বাংলাদেশ, ভূটানৰ দৰে ছুবুৰীয়া
ৰাষ্ট্ৰত ঘাটি পাতিছিল। পাকিস্তানী চোৰাংচোৱা
সংস্থাৰ সতে সম্পৰ্ক গঢ়ি তুলিছিল। তালিবান উগ্ৰপন্থীৰ তলত প্ৰশিক্ষণ লৈছিল। জেনেভা,
লণ্ডন, জাৰ্মানীলৈ গৈ মানৱ অধিকাৰৰ প্ৰশ্নত আন্তঃৰাষ্ট্ৰীয় মহলত নিজৰ দাবী সাব্যস্ত
কৰিছিল। অস্ত্ৰ কিনিবলৈ বেংকক, থাইলেণ্ড পৰ্যন্ত গৈছিল। পৰ্বতবোৰ বগোৱাৰ দৰে সাগৰো
ব্যৱহাৰ কৰিছিল। ব্যৰ্থ হৈছিল। আকৌ প্ৰস্তুতি কৰিছিল।
লেখ-জোখ নোহোৱা জাতি-গোষ্ঠী-ধৰ্মৰ-ভাষাৰ
বৈচিত্ৰতাক সামৰি লৈ বিশ্ব সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত ভাৰতবৰ্ষৰ অতি শক্তিশালী
চোৰাংচোৱা ব্যৱস্থাৰ চকুত ধূলি দিয়েই তেওঁলোকে
এইবোৰ কৰি ফুৰিছিল। দাগ লাগিছিল ‘ৰাষ্ট্ৰদ্ৰোহী’ৰ । সংগঠন নিষিদ্ধ কৰা হৈছিল। এই নিষিদ্ধ
সংগঠনৰ সদস্যবোৰে কেতিয়াবা ধুবুৰীয়েদি, কেতিয়াবা ত্ৰিপুৰা হৈ বাংলাদেশলৈ গুচি গৈছিল। সেইদৰেই ভূটানলৈ গৈছি্ল। ভুৱা পাচপ’ৰ্ট বনাই বিভিন্ন দেশ ঘূৰি ফুৰিছিল। প্ৰাণৰ সংশয় আছিল। অনেকে
প্ৰাণ দিছিল। তথাপি নতুন নতুন ল’ৰা সংগঠনত সোমাইছিল। সেই ল’ৰাবোৰৰ বহুতে সশস্ত্ৰ সংগ্ৰামৰ
বিষয়ে একো নাজানিছিলেই। সংগ্ৰামে গতি কৰিছিল অনেক বিভ্ৰান্তিৰ মাজেৰে। চক্ৰান্তবোৰত
দিশহাৰা হৈ পৰিছিল। ঠগ, প্ৰবঞ্চণাৰো সন্মুখীন
হৈছিল।
আটাইতকৈ ডাঙৰ কথাটো হৈছে যে, এই
সকলোবোৰৰ মাজেৰে জনসাধাৰণ হৈ পৰিছিল পণবন্দী। দশকৰ পিছত দশক। অতি নিষ্ঠুৰ বিৱৰণী। কিন্তু
এয়া বাস্তৱ। কেৱল বাস্তৱ নহয়। এয়া অসমৰ এচোৱা
ইতিহাস। আজিৰ প্ৰেক্ষাপটত সেই দৃষ্টিৰেই অসমৰ
সশস্ত্ৰ বিদ্ৰোহী সংগ্ৰামৰ সময়চোৱাক বিশ্লেষণ কৰিব লাগিব। নিৰ্মোহভাৱে।
লিখকে গ্ৰন্থখনত বহু কথা মুকলিকৈ লিখিছে। ৰছিয়াৰ অভিযন্তা চাৰ্গেই
গ্ৰীটচেংকোৰ হত্যা, মাজুলীত সঞ্জয় ঘোষৰ হত্যা, ধেমাজিৰ বোমা বিস্ফোৰণৰ দৰে ঘটনাবোৰৰো
স্পষ্টীকৰণ দিছে। সংগ্ৰামৰ বিভিন্ন দিশৰ অলেখ সমালোচনা–আত্মসমালোচনাৰে ভৰি থকা গ্ৰন্থখনিত
যিটো দিশ অতিকৈ আকৰ্ষণীয় হৈ উঠিছে, সেয়া হৈছে সশস্ত্ৰ সংগঠন এটা গঢ়ি তোলাৰ সাংগঠনিক
দক্ষতা আৰু কাৰু-কাৰ্যবোৰ। অলফা হৈছে অসমৰ
সেই সময়ৰ সশস্ত্ৰ সংগঠন যাৰ এটা পূৰ্ণ পৰ্যায়ৰ সেনাবাহিনী আছিল । এটা সমৰকক্ষ আছিল।
এইবোৰ গঢ়ি তুলিছিল ধন-বিত নথকা আৰু স্বাধীন অসমৰ সপোনে খেদি ফুৰা কেইটামান ল’ৰাই-
যি দুখ-ভাগৰ নোহোৱাকৈ ৰেলে-বাচে-চাইকেলেৰে-খোজেৰে অসমৰ প্ৰান্তে-প্ৰান্তে ঘূৰি ফুৰিছে।সদস্য
হবলৈ ল’ৰা গোটাইছে। অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে। প্ৰশিক্ষণ দিছে। ৰাজনৈতিক পাঠদান কৰিছে।
সংগঠনৰ ভিতৰুৱা ফৈদবোৰৰ আভ্যন্তৰীণ সংঘাত মোকাবিলা কৰিছে। মুকলিকৈ লিখা কথাবোৰৰ লগতে
অলেখ ইংগিত বা সংকেতো কিতাপখনত আছে। ঘটনাক্ৰমৰ ভূ-ৰখাসকলে এইবোৰৰ পম খেদিও কিছু সমল
পাব।
বহুতো নাৰীও এই সংগঠনৰ সতে যুক্ত
হৈছিল। তেওঁলোকে পুৰুষ সদস্যসকলৰ পত্নী হবলৈকে, ভাত-পানী ৰান্ধিবলৈকে, বা আঘাতপ্ৰাপ্তসকলৰ সেৱা-শুশ্ৰুষা
কৰিবলৈকে গৈছিলনে? সুখৰ কথা যে, এই নাৰীসকলৰ বিভিন্নগৰাকীয়ে সংগঠনৰ বিভিন্ন স্তৰত কেনে
কাৰ্য সমাপণ কৰিছিল, সৰুকৈ হলেও তাৰো বিৱৰণী গ্ৰন্থখনিত আছে।
আলফাৰ এই সশস্ত্ৰ সংগ্ৰামখনে সফলতাৰ
মুখ দেখাৰ সম্ভৱনা কিমান আছিল? এখন সশস্ত্ৰ সংগ্ৰামৰ বাবে জনসাধাৰণৰ সমৰ্থনৰ প্ৰয়োজনীয়তা
আছে নে নাই? সমাজবাস্তৱতা আছেনে নাই? বিদেশী ৰাষ্ট্ৰত খোপনি পুতিবলৈ গৈ নেতৃত্বই কি
হেৰুৱালে? যদিহে কিবা পালে, তেন্তে কি পালে? বিপ্লৱৰ বিদ্ৰোহী সেনানী শিৱিৰ পাতি থাকিব লাগেনে জনসাধাৰণৰ মাজতে থাকিব লাগে। সশস্ত্ৰ
সংগ্ৰাম এখনত জনসাধাৰণ আৰু গেৰিলাৰ সম্পৰ্ক সন্দৰ্ভত ‘মাছ আৰু পানী’ৰ বহু আলোচিত বিৱৰণীৰ
প্ৰাসংগিকতা কি? কাৰাবাসৰ সময়চোৱাক সাংগঠনিক কামত ব্যৱহাৰ কৰাৰ পৰিসৰ কিমান? এনে অলেখ প্ৰশ্নৰ উকমুকনি
গ্ৰন্থখনিৰ জৰিয়তে পাঠকলৈ এৰি দিয়া হৈছে। লিখকে নিজে কোনো সিদ্ধান্তলৈ অহা নাই ।দায়
সাৰিবলৈ চেষ্টা কৰা নাই। সংগ্ৰামৰ দোষ-ত্ৰুটিৰ বিচাৰ ৰাইজৰ আদালতলৈ এৰি দিছে। গ্ৰন্থখনিৰ
এয়াই সৌন্দৰ্য।
একোজন বিপ্লৱী-বিদ্ৰোহী একে সময়তে
মানৱীয় গুণেৰে একেজন মানুহো। যদিওবা ইয়াত আৱেগ-অনুভুতিক স্থান দিয়া হোৱা নাই, তথাপি
সংগ্ৰামৰ আদিকালৰ অনিশ্চিত জীৱনত হঠাতে গৈ ওলোৱাত কোনো সতীৰ্থই ডাকোৱা কুকুৰা মাৰি
এঁসাজ খুওৱাৰ কথা সোঁৱৰণ কৰা, ব’ৰ্ডিং স্কুলত দূৰ্ঘটনাগ্ৰস্ত হোৱা সন্তানৰ খবৰ লবলৈ
সময়মতে উপস্থিত হব নোৱাৰাৰ দোষত চকুপানী ওলোৱা, মাতৃ অথবা পত্নীৰ প্ৰতি প্ৰেমৰ অনুভুতি
প্ৰকাশৰ দৰে দুই-এটা বিৱৰণীৰ মাজেৰে বিদ্ৰোহী সত্তাৰ আঁৰৰ মানৱিক গুণৰাজিৰ সত্তাটিয়ে
গ্ৰন্থখনিত চকা-মকাকৈ ভুমুকি নমৰা নহয়।
গ্ৰন্থখনিত অলেখ পুনৰাবৃত্তি আছে।
কিছুমান ঘটনা কেইবাবাৰো উল্লেখ কৰা হৈছে। অধ্যায়বোৰ আগতীয়াকৈ পৰিকল্পনা কৰি ঘটনাক্ৰম
সজাই লোৱা হ’লে তেনে পুনৰাবৃত্তিৰপৰা মুক্ত হ’লহেঁতেন বুলি একেআষাৰে কব পাৰি। কিন্তু
এয়া দোষৰ কথা নহয়। অনুপ চেতিয়া এজন লেখক নহয়, এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সাধাৰণ সম্পাদক।
এচোৱা ৰক্তাক্ত সময়ৰ ইতিহাস লিপিবদ্ধ কৰাৰ স্বাৰ্থত তেখেতে লেখকৰ পৰিচিতি লৈছে। তদুপৰি
এই কিতাপখন আলফাৰ সমগ্ৰ ইতিহাসৰ এক দলিলো নহয়।
আৰু এটা কথা।সেই সময়ত এফালে উগ্ৰপন্থীৰ
কাৰ্যকলাপ আৰু আনফালে ৰাষ্ট্ৰ নিৰ্দেশিত সেনাবাহিনীৰ হাতত জনসাধাৰণ পণবন্দী হৈ পৰিছিল।
সশস্ত্ৰ বিদ্ৰোহ এক দুঃসাহসিক অভিযান নাছিল। সি এক ৰক্তাক্ত ইতিহাস। সংগ্ৰামত অলেখ
নীৰিহৰ মৃত্যু হৈছিল। অনেকেই চিৰদিনলৈ ঘূণীয়া হৈছিল। নেতৃত্বই এনে পৰিস্থিতি কেনেদৰে
বিশ্লেষণ কৰিছিল? সেই নিৰ্মম উপলব্ধি গ্ৰন্থখনিত পাবলৈ নাই। লগতে তাত্ত্বিক দিশবোৰ
যেনে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্নত অসমৰ জাতি-গোষ্ঠীবোৰৰ মাজৰ উমৈহতীয়া সম্পৰ্ক,
ৰাজনৈতিক দিশত জাতি-গোষ্ঠীসমূহৰ উমৈহতীয়া অভিজ্ঞতাৰ(shared experiences) অংশীদাৰীত্বৰ
দৰে মূল প্ৰশ্নৰ ক্ষেত্ৰতো গ্ৰন্থখনিত স্পষ্টতা নাই।
তথাপি কব লাগিব, অসমৰ ইতিহাসৰ এক
জটিল সশস্ত্ৰ বিদ্ৰোহৰ ধাৰাৰ অলেখ সত্যৰ মাজৰ এচমকা সত্যই ইয়াত নিৰ্ভেজাল ৰূপত ভুমুকি মাৰিছে। সকলো প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানৰ সন্মুখত এই সশস্ত্ৰ
বিদ্ৰোহে কেইবা দশক ধৰি দেশৰ ৰাজনীতি তোল-পাৰ
কৰি ৰাখিছিল। সংগঠনটোৰ সাংগঠনিক কথা-বতৰাবোৰ ফঁহিয়াই চাবলৈ এইখন নিশ্চয়েই এখন নিৰ্ভৰযোগ্য গ্ৰন্থ। এইখিনিতেই
গ্ৰন্থখনিৰ প্ৰাসংগিকতা থাকিব। যিয়েই নহওক, অসমৰ ৰাজনীতিৰ এইচোৱা ইতিহাসক কোনেও অস্বীকাৰ
কৰিব নোৱাৰে।
অনুপ চেতিয়াই দীৰ্ঘকালৰ বাবে কাৰাবাস
খাটিছিল। গ্ৰন্থখনিৰ গতিশীল বিৱৰণীৰপৰা উমান পাব পাৰি যে, সুদীৰ্ঘকালৰ কাৰাবাসৰ সময়তো তেখেতে নিজকে সাংগঠনিকভাৱে তৎপৰ কৰি
ৰাখিছিল আৰু সংগঠনৰপৰা বিচ্ছিন্ন বুলি অনুভৱ কৰা নাছিল।
লিখকলৈ শুভকামনা জ্ঞাপন কৰিছোঁ।
ৰত্না ভৰালী তালুকদাৰ

No comments:
Post a Comment