সপোনৰ হাঁহি – সপোনজ্যোতি ঠাকুৰৰ গল্প সংকলন
সপোনজ্যোতি ঠাকুৰ মানুহৰ কাহিনী কবলৈ ভালপোৱা গল্পকাৰ। তেখেতৰ
গল্পৰ মাজলৈ সচেতন পাঠকক কিহে টানি নিয়ে? এই প্ৰশ্নৰ উত্তৰ হিচাপে প্ৰথমে গল্পকাৰৰ
ভাষাৰ কথাই মনলৈ আহে। গল্পত তেখেত সদায় এক খেয়ালী সত্ত্বা। ভিন্ন মেজাজ। খেয়ালী গল্পকাৰ এজনে কৈ যায় সমকালীন গভীৰ সমাজবাস্তৱতাৰ কিছুমান কাহিনী- যিবোৰৰ
উপস্থাপনা হাস্য-মধুৰ। কেতিয়াবা পৰিহাস। শ্লেষ,
ব্যংগ আৰু উপহাসবোৰে নাটকীয় কথনভংগীৰ কাহিনীক পাঠকৰ বাবে আকৰ্ষণীয় কৰি তোলে। গল্পকাৰৰ এই ভাষা
ইৰ্ষণীয় আৰু নিজা। বহুপৰিমাণে এই ভাষা স্বতঃস্ফুৰ্ত আৰু সাৱলীল। তেখেতৰ এনে এক গল্পভাষা আয়ত্ত কৰিছে, যাক আনে নকল কৰিব নোৱাৰে।
আৰু আছে সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণ। চিনাকি পৃথিৱী এখনৰ
কোনেও নেদেখা জগত এখনৰ অতি সুক্ষ্ম কাৰুকাৰ্য কিছুমান তেওঁ পাঠকলৈ লৈ আহে। কিন্তু এইবোৰৰ
বিস্তৃত বিৱৰণী দিয়াতকৈ গল্প পাঠ কৰাহে শ্ৰেয়, কিয়নো তেতিয়াহে পোনে পোনে গল্পৰ ৰসাস্বাদন
কৰিব পাৰি।
সপোনজ্যোতি ঠাকুৰৰ শেহতীয়া গল্প সংকলন ‘সপোনৰ হাঁহি’ মুঠ
তেৰটা গল্পৰ সংকলন। একে আষাৰে কবলৈ গ’লে পূৰ্বৰ গল্পসংকলনকেইখনৰ দৰেই এইখনৰ গল্পবোৰো
সুখপাঠ্য। সংকলনখনৰ গল্পবোৰৰ এটা বৈশিষ্ট আছে। প্ৰতিটো গল্পৰ নায়কৰ নাম ‘সপোন।’ প্ৰতিটো
গল্পৰ সপোন ‘চৰিত্ৰ’টো ভিন্ন মেজাজী আৰু ভিন্ন
ধৰণে খেয়ালী। গতিকে আমনি নলগা। ভিন্ন প্ৰেক্ষাত এই চৰিত্ৰটিক উপস্থাপনা কৰাৰ কৌশলে
পাঠকক আগ্ৰহী কৰি তুলিছে।
পূৰ্বৰ গল্পসমূহৰ দৰেই এইখন সংকলনটো গল্পকাৰো বিষয়বস্তুৰ
ভিন্নতাক মধ্যবিত্তীয় আৰু নিম্ন-মধ্যবিত্তীয় সমাজখনৰ দৈনন্দিন জীৱন-প্ৰণালীৰ সমাজবাস্তৱতাৰ
আধাৰত বিশ্লেষণ কৰিছে।
সপোনজ্যেোতি ঠাকুৰে প্ৰতিটো চৰিত্ৰৰ গল্পৰ পাৰ্শ্বচৰিত্ৰবোৰো
আকৰ্ষণীয়কৈ গল্পত উপস্থাপন কৰে। বিশেষকৈ তেওঁ সৃষ্টি কৰা নাৰী চৰিত্ৰবোৰ, যিবোৰ কেতিয়াবা
সপোন নামৰ চৰিত্ৰটোৰ ভগ্নী, পত্মী, মাতৃ অথবা বন্ধু-সেইবোৰে সপোন নামৰ খেয়ালী চৰিত্ৰটোক
অহৰহ সমৰ্থন আৰু সহযোগিতা যোগাই গৈছে। সেই পাৰ্শ্ব-চৰিত্ৰবোৰে জানে- সপোনে কেতিয়া হাঁহে,
কেতিয়া কান্দে আৰু কেতিয়া আঘাত পায়। আচলতে এয়াও সংকলনটিৰ কৌতূহলৰ বিষয়।
তথাপি কব লাগিব যে, কৌতূহলোদ্দীপক হোৱা স্বত্বেও দীঘলীয়া
সময় ধৰি গল্প লিখা সপোনজ্যোতি ঠাকুৰৰ ‘সপোনৰ হাঁহি’ৰ গল্পবোৰ একঘেয়ামী আৰু পুনৰাবৃত্তিৰপৰা মুক্ত নহয়।
বিশেষকৈ গল্পবোৰৰ নায়কৰ নাম ‘সপোন’ আৰু গল্পকাৰৰ নামো ‘সপোন’ হোৱাৰ বাবে গল্পকাৰৰ জীৱন আৰু গল্পৰ নায়কৰ অভিজ্ঞতাবোৰ
বহুক্ষেত্ৰত অভিন্ন হৈ উঠিছে। ফলত স্ৰষ্টা অৰ্থাৎ, বাস্তৱৰ ‘সপোন’ আৰু গল্পৰ ‘সপোন’ৰ
মাজৰ
সীমাৰেখা টনা দৰ্শকৰ বাবে কঠিন কাম হৈ উঠিছে। বহু সময়ত গল্পবোৰ আত্মকথনৰ দৰেও হৈ উঠিছে।
ৰাস-ভাওনা আৰু বৈষ্ণৱ সংস্কৃতিৰ সাংস্কৃতিক উপাদানবোৰক সপোনজ্যোতি
ঠাকুৰে প্ৰায়েই চিত্ৰকল্প হিচাপে সঘনে ব্যৱহাৰ কৰে। এনে সম্পৰীক্ষা নিশ্চয় আদৰণীয়। কিন্তু
এনে চিত্ৰকল্পবোৰেই সঘনে ব্যৱহাৰ কৰাৰ বাবে বিষয়-বৈচিত্ৰতা থাকিলেও গল্পৰ কথনত নতুন
সোৱাদ পাবলৈ সময়ে সময়ে কঠিন হৈ উঠে।
গল্প আৰু নাটক-- উভয়তে পাৰদৰ্শিতা থকা সপোনজ্যোতি ঠাকুৰৰ
নাটক আৰু গল্পৰ মাজত যদি তুলনা কৰা হয়,তেনেহ’লে কব লাগিব যে, নাট্যজগতত তেখেত যেন অধিক
স্বাধীনতা লয়। চৰিত্ৰবোৰক সময় দিয়ে। তাত এজন গল্পকাৰৰ উপস্থিতি অনুভৱ কৰা নাযায়। কিন্তু
সময়ে সময়ে তেওঁৰ গল্পৰ মজিয়ালৈ সোমাই আহে এজন নাট্যকাৰ- তেওঁৰনাম সপোনজ্যোতি ঠাকুৰ।
হয়তোবা তেখেতে নাটক ৰছনাৰ কাৰ্য গল্পৰ নিৰ্মাণতকৈ অধিক গুৰুত্বসহকাৰে লয়। বা, স্বচ্ছন্দ্য
অনুভৱ কৰে। সেয়েহে নাটকৰ পূৰ্ণবিকশিত সত্তাটিক গল্পৰ মজিয়াত পাবলৈ যেন কিছু কঠিন।

No comments:
Post a Comment