নাৰীভাৱনা
তাতেই কমাই আছে দুৰাকাছজনীয়ে
সৌ গৰাটোত
নেদেখা নাওখনে তাইক এৰি থৈ কোবাই উজাই গৈছে
আকাশত এপাহ ঘন্টাকৰ্ণ
হালধি সানি জুই হৈ জ্বলিছে
পানীৰ তলত মাকৰ এটা সাধুকথা
বহুদিনৰ আগৰ কথা
তাৰপিছতে মাকে চাপৰিত উঠিছিল
এটা এটাকৈ বলিৰ তলত পাৰিছিল কণী
আৰু প্ৰকৃতিৰ নিয়ম মানি চলা সকলোবোৰ মূৰ্খ তিৰোতাৰ দৰে তাই পানীলৈ উভতি গৈছিল
কণী ফুটি পোহৰ দেখিয়ে দুৰাপোৱালীজনীয়ে নদীলৈ বুলি
মেলিলে যিটোহে ঢাপলি
দিন গ'ল মাহ গ'ল
পানীৰ তলৰ সকলো দুৰাকাছৰ দৰে
তাইৰো এটি সাধুকথা হ'ল
তাৰপিছতে চাপৰিৰ বালিলৈ তাই মেলিলে ঢাপলি
বালিৰ তলত এটা এটাকৈ কণীবোৰ পুতি থাকোঁতে উণা-মূণাকৈ মনত পৰিল
বালি ফুটি চকু ফুটা তাহানিৰ বিৱৰণী
সেমাকা চাপৰি তাইৰ ওপজা ঘৰ
সেই ভাৱনাটোকে লৈ কণীবোৰ চাপৰিত এৰি আহি তাই নৈৰ গৰাত কমাই আছেহি
নেদেখা নাওখনে তাইক অকলে এৰি থৈ গুচি গৈছে
পৃথিৱীৰ সকলো মূৰ্খ তিৰোতাৰ দৰে তাই এতিয়া সোঁৱৰণিকাতৰ হ'ব
কোনখন আপোন ঘৰ - চাপৰি, নে নৈ
জানেনে তাই, নাৰীৰ নিজা ঘৰ নাই
No comments:
Post a Comment