Thursday, 16 July 2026

 চাইক'ডেলিক গাৰ্ডেন আৰু টোপনি নহা ৰজা






+++
মহানগৰীৰ উৰণীয়া সেঁতুৰ খুটাত
আঠ হেজাৰ বৰ্গ মিটাৰৰ ভাৰ্টিকেল গাৰ্ডেন
অতূল্য, অভিনৱ, অনন্য
বাটৰুৱা গছবোৰ কটাৰ পিছৰ এই চাইক'ডেলিক গাৰ্ডেন
সেউজীয়া বগাই যায় লোহাৰ পিঞ্জৰাত
অভূতপূৰ্ব সেউজকৰণ
প্ৰশ্ন নকৰিবা সাংবাদিকগণ
লোহাৰ পিঞ্জৰাত
ৰজা সুৰক্ষিত ৰাজধৰ্ম সুৰক্ষিত
উৰণীয়া সেঁতুৰ খুটাত আজি কোনেও আঁকিব নোৱাৰে হাৰ্টথ্ৰবৰ ছবি

এইবুলি আশ্বস্ত হৈ মহানগৰ পৰিভ্ৰমণ কৰিবলৈ ওলাওঁতে
ৰজাই দেখিলে ওলমি থকা হাজাৰ হাজাৰ চকু

হাৰ্টথ্ৰবৰ জীৱন্ত চকুবোৰে
চাইক'ডেলিক গাৰ্ডেনৰ কৃত্ৰিম সেউজীয়াত
পিৰিকিয়াই আছে

দুৰ্ঘটনা আচলতে কেতিয়াবাই ঘটিছে
নিশা ৰজাৰ টোপনি নাহে

ক'ৰপৰা আনে ধৰি
টোপনিৰ এটা নিচুকণি






No comments:

Post a Comment