Thursday, 15 October 2026

প্ৰিয়ংকা দাসৰ ‘মাৰফৎ পাঠশালা’




তৰুণ প্ৰজন্মৰ গল্পৰ কথনত যেতিয়া পঠনৰ উপৰিও গল্পৰ পেন’ৰমিক(panoramic) অথবা কেলেইড’স্কপিক (kaleidoscopic) দৃশ্যৰ সংৰচনা চাই আপ্লুত হব পাৰি, তেতিয়া এক সুখানুভুতিয়ে মন ভৰাই তোলে। তৰুণ গল্পকাৰ প্ৰিয়ংকা দাসৰ ‘মাৰফৎ পাঠশালা’ শীৰ্ষক গল্পসংকলনটি পঢ়িবলৈ হাতত তুলি লৈ এই দুটা শব্দ প্ৰথমে মনলৈ আহিল। কেইটামান গল্পৰ পেন’ৰমিক (panoramic) আৰু কেইটামান গল্পৰ কেলেইড’স্কপিক (kaleidoscopic) দৃশ্যপটে  মন ভৰাই তোলে। প্ৰিয়ংকা দাস লিখকৰ স্বাধীনতা লৈ লিখিবলৈ ভালপোৱা এগৰাকী স্বাধীন গল্পকাৰ। সংকলনখনৰ  প্ৰতিটো গল্পই স্বাধীন একোটা গল্প।

গল্পকাৰৰ হিচাপে তৰুণ,  প্ৰিয়ংকা দাসৰ এইখন প্ৰথম সংকলন। গল্পবোৰ যথেষ্ট দীঘল। দীঘলকৈ লিখে তেওঁ। কিন্তু পঢ়ি আমনি নালাগে। গল্পৰ নিৰ্মিতিত ইমানবোৰ উপ-শীৰ্ষক(sub-head) বা পাঠ্য-বিৰতি থাকে যে, পঠন সদায় হৈ উঠে আকৰ্ষণীয়। গল্পবোৰে অলেখ সমকালীন  দৃশ্যপট আৰু সেইবোৰৰ ভগ্নাংশ পাঠকৰ মনলৈ কঢ়িয়াই আনে।

 

কবলৈ গ’লে, অসমীয়া সাহিত্যৰ  বেছিভাগ  সমালোচকেই যদিওবা একবিংশ শতিকাৰ দ্বিতীয় দশকলৈকে অসমীয়া সাহিত্যৰ ‘ৰামধেনু’ যুগৰ আৱেশত (hangover)মজি আছিল,  অসমীয়া গল্প-সাহিত্যত ‘ৰামধেনু’ যুগৰ আলস্য আৰু অৱসাদগ্ৰস্ততা কিন্তু ভাঙি দিছিল নব্বৈৰ দশকৰ গল্পকাৰসকলেই। নব্বৈৰ প্ৰাৰম্ভণিতে উদাৰবাদী অৰ্থনীতিৰ আগমণৰ ফলত সাহিত্যৰো নতুন নতুন বাগধাৰাবোৰৰ সতে অসমীয়া সাহিত্যৰ পোনপটীয়া সংযোগ ঘটিল। লিখকসকলে পোনে পোনে ইংৰাজী ভাষাত পঢ়িবলৈ ধৰিলে। বাংলা ভাষালৈ অনুবাদ হৈ অসমীয়ালৈ সাহিত্যৰ ৰস অহাৰ সুঁতিটো ক্ষীণকায় হৈ আহিল। নব্বৈৰ দশক আছিল অসমৰ ৰাজনৈতিক অস্থিৰতাৰো দশক। অসমীয়া গল্পও এঙামুৰি ভাঙি নতুন নতুন সম্পৰীক্ষাৰ মাজেৰে ওলাই আহিল। অৰূপা পটংগীয়া কলিতাৰ ‘দৈৱকীৰ দিন’, ‘মৰুভূমিত  মেনকা’ , হৰেকৃষ্ণ ডেকাৰ ‘বন্দীয়াৰ’ৰ, অপূৰ্ব শৰ্মাৰ ‘বাঘে টাপুৰ ৰাতি’ দৰে সফল গল্পবোৰ, যিবোৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে নতুন গল্পভাষাৰ প্ৰেক্ষা তৈয়াৰ কৰি দিছিল, সেইবোৰৰ বিষয়ে আজি অতি কমেইহে আলোচনা কৰা হয়।

নব্বৈৰ দশকৰ সমাজজীৱনৰ প্ৰচণ্ড বিশৃংখলতা আৰু কোলাহলৰ গৰ্ভেৰে অহা নতুনত্বৰ মাজত  যিকেইজন অসমীয়া গল্পকাৰে জন্ম লভিলে, প্ৰিয়ংকা দাস তাৰেই অন্যতম। নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁৰ জন্ম। আন এটা উল্লেখনীয় সংয়োগ হৈছে যে, তেওঁ যেতিয়া গল্পসমূহ যেতিয়া লিখিবলৈ আৰম্ভ কৰিছে, তেতিয়া তথ্য-প্ৰযুক্তি আৰু সামাজিক মাধ্যমে মানুহৰ জীৱনক  আন কিছু নতুন প্ৰেক্ষাত উপনীত কৰাই দিছেহি।

অৰ্থাৎ অসমীয়া গল্প সাহিত্যই আন এটি পৰ্বান্তৰলৈ গতি কৰিবলৈ লৈছে।

নতুন অৰ্থনীতি, তথ্য-প্ৰযুক্তিৰ অভাৱনীয় বিকাশ, তাৰ সুফল আৰু কুফল, বাৰিষাৰ মেঘৰ দৰে ছানি ধৰা ভোগবাদ, অস্থিৰতা, সামাজিক জীৱনৰ অৱক্ষয়, প্ৰজন্মৰ হতাশা- এই সকলোবোৰক লৈ সাহিত্যত সম্পৰীক্ষা কৰাৰ প্ৰয়াসৰ মাজেৰে প্ৰিয়ংকা দাসৰ  গল্পসমূহে  আমাক বিশ্বাস আৰু ভাৰসা দি গৈছে। নিসন্দেহে তেওঁ অসমীয়া গল্পৰ জগতৰ এক বলিষ্ঠ কণ্ঠ। সাংঘাটিকধৰণে গাল্পিক তেওঁৰ ভাষা। কিন্তু তেওঁ কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গল্প লিখা নাই। কাহিনীত গভীৰ পৰ্যবেক্ষণ আছে, পৰ্যবেক্ষণৰপৰা অহা সমাজসত্য আছে আৰু আছে সাহিত্যৰ প্ৰতি নিষ্ঠা।  গল্পবোৰ পঢ়িলেই উমান পোৱা যায় যে, অনাগত সময়ত  গল্পকাৰৰ কবলৈ আছে অনেক কথা।

এটা গল্পৰ মাজেৰে পাঠকে কি বিচাৰে? এটা নিটোল কাহিনী। কিন্তু আজিৰ পাঠকে কেৱল এটা নিটোল কাহিনীতে সন্তুষ্ট নহয়। সচেতন পঢ়ুৱৈয়ে গল্পত বিচাৰে সমাজসত্য। তাৰ প্ৰতিফলন। প্ৰিয়ংকা দাসেও নিটোল কাহিনী কবলৈ  চেষ্টা কৰিছে। ‘অপত্য’, ‘আলাগ্’ ‘হাইবাৰনেচন এনৰেক্সিয়া’ৰ দৰে গল্পবোৰত  একোটা সৰলৰৈখিক গল্প কোৱা নাই। এটা প্লটৰ ভিতৰলৈ সোমাই আহিছে অলেখ প্ৰাসংগিক ঘটনাৰ প্ৰবাহ, যিবোৰে কাহিনীটো আকৌ মেদবহুল কৰিও তোলা নাই - বৰঞ্চ সেইবোৰ কথনৰ প্ৰয়োজনীয় আংগিক হৈ পৰিছে।

সংকলনখনিৰ ‘অপত্য’ বা ‘আলাগ্’ৰ দৰে গল্পসমূহ কেৱল সুখপাঠ্যই নহয়, পাহৰিব নোৱাৰাকৈ মনত ৰৈ যোৱা । এইবোৰত  আছে একোখন বিশাল প্ৰেক্ষাৰ পেন’ৰমিক দৃশ্য। এই গল্প দুটিৰ কাৰু-কাৰ্যবোৰো চমঠকাৰ। ‘অপত্য’ গল্পটোত স্থানীয় ‘মহোহো’ উছৱৰ গাতে ভেজা দি থকা স্থানীয় এটি লোকাচাৰ অতি  সফলভাৱে ‘মেটাফ’ৰ’ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ সামৰণিও চমৎকাৰ। মৰ্মস্পৰ্শী। পাঠকৰ সিদ্ধান্তৰ বাবে সামৰণি এৰি দিয়া হৈছে।পিতৃয়ে এৰি থৈ যোৱাৰ পিছত মাতৃৰ ছায়াই আৱৰি ৰখা সেই কণমানি অভাগাৰ শেষ পৰিণতি কি হ’লগৈ- তাৰ মৰ্মন্তুদ কল্পনাই পাঠকক শুবলৈ নিদিব। ‘আলাগ্’ গল্পত আছে মাছমৰীয়া সমাজজীৱনৰ এচমকা সংবেদী গাথা। মৎস্যজীৱি সমাজক লৈ অসমীয়া সাহিত্যত অলেখ গল্প-ুউপন্যাস আছে। অসমীয়া সমাজজীৱনে যেতিয়ালৈকে তেওঁলোকক ভিতৰুৱাল কৰি নলব, ‘আলাগ্’ বুলি ভাবি থাকিব, তেতিয়ালৈকে গল্প-উপন্যাস লিখা হৈ থাকিব বুলি কব পাৰি। কেতিয়াবা হোমেন বৰগোহাঞিৰ ‘মৎস্যগন্ধা’ৰ দৰে, কেতিয়াবা ‘দৈৱকীৰ দিন’ৰ বা কেতিয়াবা প্ৰিয়ংকা দাসৰ ‘আলাগ্’ৰ দৰে – প্ৰজন্মৰ ব্যৱধানত। এই দুয়োটি গল্প  সমাজবাস্তৱতাৰ অতি গভীৰ সংবেদনাৰপৰা জন্ম হৈছে। বিৱৰণী  মৰ্মস্পৰ্শী। বহল প্ৰেক্ষাত গল্পৰ ভেটি বহুওৱা হৈছে। দুয়োটি গল্পৰ পৰিহাসে পাঠকক জুৰুলা কৰি পেলায়।  গল্পকাৰৰ অৱস্থান স্পষ্ট।

প্ৰিয়ংকা দাসে গল্পত ফেন্টাছিও ব্যৱহাৰ কৰিছে। সমকালীন বহু কেতিয়াবা গল্পকাৰে ৱেৱ’ চিৰিজৰ মছলাৰে ফেণ্টাছীৰ উপাদান গল্প-উপন্যাসলৈ লৈ আহে। গল্প পঢ়ি ‘চিনেমা’ বা ‘ৱেব চিৰিজ’ চোৱা যেনহে লাগে। তেনে বহু বিফল প্ৰচেষ্টাৰ বিপৰীতে প্ৰিয়ংকা দাসৰ গল্পত ফেণ্টাছী আহিছে সমাজজীৱনৰ গভীৰ প্ৰেক্ষাৰপৰা। ‘হাইবাৰনেচন এনৰেক্সিয়া’ৰ গল্পত বায়প’লাৰ ৰোগক ইমান সফলভাৱে সমাজজীৱনৰ গভীৰ প্ৰেক্ষাত সম্পৰীক্ষা কৰিছে যে, ভাবিলে আশ্বৰ্য যেনেই লাগে। কিয়নো কিয়নো মানুহৰ জটিল মানসিক অৱস্থাৰ তলা-নলা গমি-পিটি গল্পলৈ অনাটো সঁচাকৈয়ে দুৰূঢ় কাম। গল্পটোৰ এক আচৰিত কেলেইড’স্কপিক (kaleidoscopic) অভিব্যঞ্জনা আছে। অনেক দিশৰপৰা ইয়াত সমাজসত্যৰ ‘প্ৰিজম’বোৰ চাব পাৰি। আপোনাৰ যদি বায়’পলাৰ ৰোগ আছে, মানসিক অস্থিৰতা আছে, তেনেহলে আপোনাৰ প্ৰেমেও আপোনাক অস্বীকাৰ কৰিব পাৰে। এয়া গল্পৰ আপাত সত্য। গল্পৰ বায়প’লাৰ ৰোগীয়ে ‘পখিলা’ অৱস্থাত নহয়, ‘লেটা’ অৱস্থাত দেখিবলৈ পোৱা ভূতপোৱালিবোৰ কোন? সমাজৰ উচ্চিষ্ট বুটলি ফুৰা হাৰি যোৱা মানুহবোৰ নেকি? কোনে সিহঁতক মূল বসতিভূমিৰপৰা উচ্ছেদিত কৰিলে। নগৰৰ চুৱাপাতনিলৈ প্ৰক্ষেপিত কৰিলে? উন্নয়নে? মাটিখকুৱাবোৰৰ লালসাই? এই হাৰি যোৱা  মানুহবোৰ বাৰু  আমাৰ অৱচেতনতহে বাস  কৰে নেকি? স্বাভাৱিক, পখিলা হৈ উৰি ফুৰাৰ সময়ত সিহঁতৰ অস্তিত্ব আমি পাহৰি যাওঁ । প্ৰিয়ংকা দাসে পাঠকক ঘটনাৰ সৰলৰৈখিক বিৱৰণীৰ সুখপাঠ্য আমেজ  দিবলৈ কোনোমতেই ৰাজী নহয়। সেয়েহে প্ৰসংগক্ৰমে গল্পলৈ আহিছে নাৰী নিৰ্যাতন। গিৰীয়েকৰ পিটন স্বাভাৱিক বুলি ধৰি লোৱা তিৰোতাৰ বিৱৰণী। অত্যাচাৰৰপৰা হাত সাৰিবলৈ বিবাহৰ পিছত  ওপজা  ঘৰখনলৈ উভতি গৈ ককাই-ভাইৰ ওলোমা-বাদুলি হোৱাতকৈ স্বামীগৃহকেই নিৰাপদ বুলি কপাল ধিয়াই থকা তিৰোতাবোৰ।  বৈধব্যৰ মাজেৰে শাস্তিৰপৰা ৰেহাই পোৱা  সেই নাৰীয়ে সন্তানৰ মাজেৰে পোৱা সুখৰ কালত দেখোন নীৰৱতালৈ গুচি সোমাই গ’ল। তেওঁ পাঠকৰ বিবেকক এই তুমুল জোকাৰণিবোৰ দিবলৈ  বিচাৰে। গল্পৰ সামৰণিৰ দ্বান্দ্বিক চেতনাও চমৎকাৰ।

প্ৰিয়ংকা দাসৰ নামনি অসমৰ কথিত ভাষাবোৰ সাহিত্যত সম্পৰীক্ষা কৰাৰ প্ৰচেষ্টাও অতি আদৰণীয়। এই ভাষা তেওঁ সাহিত্যৰ আপুৰুগীয়া অলংকাৰৰ দৰেই ব্যৱহাৰ কৰিছে, যাতে পাঠকৰ মনোযোগ গল্পৰ মূল বিষয়ৰপৰা ক্ষণিক সময়ৰ বাবেও ফালৰি কাটি নাহে।

আমাৰ প্ৰজন্মৰ গল্পকাৰ-ঔপন্যাসিকসকলৰ বিৱৰণীলৈ সশস্ত্ৰ বিদ্ৰোহী গাথাকে ধৰি অসমৰ অস্থিৰ ৰাজনৈতিক ইতিহাস, ইতিহাসৰ সোঁৱৰণি আৰু তাৰ অৱশেষ যিদৰে সততে উঠি আহে- প্ৰিয়ংকা দাসৰ দৰে প্ৰজন্মৰ গল্পত সেই উপাদান বা অৱশেষবোৰ অনুপস্থিত।পূৰ্বৰ প্ৰজন্মৰ ৰক্তাক্ত ইতিহাসৰ উত্তৰাধিকাৰিত্বৰ বোজা ববলৈ এই প্ৰজন্ম যেন ৰাজী নহয়। কিন্তু সেই ৰক্তাক্ত, বিশ্বাসঘাতক সময়ে আমাৰ সমকালীন সমাজজীৱন ক’লৈ লৈ আহিল আৰু ক’ত পোৱালেহি-তাৰ সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণ গল্পত আছে। সুখৰ কথা প্ৰজন্মৰ অনেকেই সমাজসত্যক উপৰুৱাকৈ সাহিত্যৰ ভিতৰুৱা কৰিবলৈ প্ৰয়াস কৰাৰ বিপৰীতে প্ৰিয়ংকা দাসৰ দৰে গল্পকাৰে প্ৰত্যয়েৰে, গভীৰ আত্মবিশ্বাসেৰে কথাবোৰ কবলৈ চেষ্টা কৰিছে। একোটা গল্পৰ আঁত ধৰিয়েই সমাজবাস্তৱতাৰ অনেক প্ৰসংগ তেওঁ তুলি আনিছে। এইবোৰ একোজন সমাজবিজ্ঞানীৰো কাম। দায়িত্ব। এজন সাৰ্থক সৃষ্টিশীল লেখক যথাৰ্থতেই এজন সমাজবিজ্ঞানীও। গল্পকাৰ সাহসীও। এইটোও ভাল লগা কথা। এগৰাকী সাহসী গল্পকাৰেহে সমাজবাস্তৱতাৰ নিৰ্মোহভাৱে সম্পৰীক্ষা কৰিব পাৰে। স্থিতাৱস্থাবাদীয়ে নহয়।

এই চুটি সমালোচনাত্মক আলোচনাত তেখেতৰ তিনিটা গল্পৰ প্ৰসংগ উল্লেখ কৰাৰ অৰ্থ এনে নহয় যে, আনবোৰ গল্প শক্তিশালী হোৱা নাই। পাঠকক তেখেতৰ গল্পৰ সতে পৰিচিত কৰোৱাৰ তাগিদাতহে এই তিনিটা গল্পক উদাহৰণ হিচাপে লোৱা হৈছে। বিশেষকৈ একোটা গল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া, ভাঙি-পিটি ন-কৈ গঢ়াৰ কলা-কৌশল, পুৰণি পৃথিৱী নকৈ চোৱাৰ বাবে কৌতূহলী  চকুযুৰি- এই সকলোবোৰৰ বাবেই প্ৰতিটো গল্পই পঠনযোগ্যতা ধৰি ৰাখিছে।  এই গল্প সংকলনটিয়ে সমালোচকক আকৰ্ষণ কৰিছেনে নাই, তাৰ বিশেষ উম-ঘাম পোৱা নাযায়। কিন্তু সাহিত্যত নতুনক আদৰিবলৈ লোৱাৰ সময়ত যদি আমি প্ৰিয়ংকা দাসৰ দৰে গল্পকাৰৰ গল্পবোৰৰ প্ৰাসংগিকতাক অস্বীকাৰ কৰোঁ, তেনেহলে নতুন প্ৰজন্মলৈ অসমীয়া সাহিত্যৰ বাট সুগম নহয় বুলিহে কব লাগিব।

গল্পকাৰলৈ আমাৰ শুভেচ্ছা থাকিল ।

প্ৰকাশকঃ বৰ্ণ, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী

 

ৰত্না ভৰালী তালুকদাৰ


No comments:

Post a Comment