Tuesday, 13 October 2026

 কাফকাৰ পঁইতাচোৰা


Pic- Pixabay



তেওঁলোক  পঁইতাচোৰা‌ 


পঁইতাচোৰা ৰহস্যৰ জীৱ, বিৱৰ্তনত  

নিযুত নিযুত বছৰ  নিজকে সলনি কৰা নাই 

হোৱা নাই সলনি  চৰিত্ৰৰ 

চতুৰ। বুধিয়ক। বিচিত্ৰ 


মূৰ ছিঙি গলেও 

জী উঠে পঁইতাচোৰা জীৱন্ধৰী


আপোনাৰ হাঁহি উঠিছে, ঘৃণাৰ হাঁহি   

খয়েৰী ৰঙৰ এই কুন্ধচ জীৱবিধ  

জাক জাক

কিল বিল  


নৰ্দমাবোৰ পুতি পেলা 

ক'ত থৈছ হিট স্প্ৰে'


হিট স্প্ৰে' মাৰি বধা পঁইতাচোৰাৰ  ফটো তুলি 

গুলজাৰ সামাজিক মাধ্যম 


বজাৰপৰা আনি  উছৱ বিশেষ সংখ্যাৰ শব্দবোৰ 

চলাথ কৰি দিছোঁ, আছে নেকি 

মেটাফ'ৰ এটা অজেয় পঁইতাচোৰাৰ 

প্ৰজন্ম খয়েৰ ৰঙৰ পঁইতাচোৰা হৈ উঠাৰ  

আচৰিত পৰ্বান্তৰৰ


বজাৰৰ 'হিট স্প্ৰে' কিনি কিনি

সিহঁতে পঁইতাচোৰা বধিছে 

বন্দুক-বেয়নেট-লাঠি


দোকান খালি

অসহায় দোকানী 

হাত দাঙি দিছে

হিট স্প্ৰে' নাই


ব্লিংকিটত ষ্টক শেষ হৈ গৈছে 

পঁইতাচোৰা নিধনৰ কেমিকেল শেষ,  কোম্পাণী অসহায়


তথাপি পঁইতাচোৰা ওলাই আছে 

অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে  

আপোনাৰ কাণে-মূৰে বগাইছে

অচল কৰি  আই টি চেলৰ ঘৃণাৰ পাঠশালা


উছৱ বিশেষ‌ শব্দ  সাহিত্যৰ প্ৰেম-বিৰহ-নিসৰ্গৰ মেটাফৰত 

পঁইতাচোৰাৰ পৰ্বান্তৰৰ  মেটাফৰ এটা

বিচাৰি আছোঁ, চলাথ কৰি দিছোঁ 


কিন্তু  সময় হাৰি গৈছে, নে মেটাফ’ৰ    

 

সৃষ্টিত সময় খোদিত নহলে 

বৰ নি:কিন হৈ মৰে


কোন? কাফকা নহয়।

No comments:

Post a Comment