Tuesday, 20 October 2026

মাজুলীৰ বিশিষ্ট উদ্যোগী ‘ভীম ভিটা’ৰ স্ৰষ্টা ইন্দুকল্প ভৰালীৰ সোঁৱৰণত




 যোৱা ১৬ আক্টোবৰ, ২০২৬  নিশা প্ৰায় ১১.৩০ বজাত আঅমাৰ মৰমৰ ভাতৃ মাজুলীৰ বিশিষ্ট উদ্যোগী ইন্দুকল্প ভৰালীৰ (জিন্টু ) মৃত্যু হয়। এই মৃত্যু আকস্মিক নাছিল। ২০২৫ চনৰ ৯ জুন তাৰিখে ভাইটিৰ অতি বিৰল মগজুৰ Glioblastoma Grade 4 কৰ্কটৰোগৰ টিউমাৰৰ অপাৰেছনৰ কেইদিনমানৰ পিছতেই আমি সেই অমোঘ পৰিণতিৰ বিষয়ে সাজু হ’ব লগা হৈছিল। এই ৰোগ ইমান বিৰল যে, পৰ্যাপ্ত গৱেষণা পৰ্যন্ত পাবলৈ কঠিন।

+++

১৭ অক্টোবৰ পুৱা আমি গুৱাহাটীৰপৰা মাজুলীলৈ ৰাওণা হ’লো। সেই সময়তেই মাজুলীৰেই বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে মোলৈ ফোন কৰে। তেওঁকো তেওঁৰ ভাতৃ দীপু বৰাই পুৱাতেই খবৰটো জনাইছিল। এই বিষয়ে জুৰি বৰা বৰগোহাঞিয়ে সামাজিক মাধ্যমতো এটা লিখনি লিখে। ঠিক সেই সময়ৰেপৰাই লেখক-সাহিত্যিক-নাট্য শিল্পী-সাংবাদিক-শিক্ষাগুৰু-নাৰী সংগঠনৰ সদস্য  আৰু স্কুলীয়া বন্ধুবৰ্গকে ধৰি অসংখ্যজনে ফোন কৰি  আৰু ফোনত বাৰ্তা প্ৰেৰণ  কৰি সংবেদনা জ্ঞাপন কৰে। বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ অৰূপা পটংগীয়া  কলিতা বাইদেউ আৰু কলেজৰ শিক্ষাগুৰু আইনু বাইদেউৰ(ড০ উপলা বৰুৱা)-ৰপৰা আৰম্ভ কৰি তৰুণ প্ৰজন্মৰ কবি-গল্পকাৰলৈকে অলেখেই শোক-বাৰ্তাৰে সমবেদনা জ্ঞাপন কৰে। পৰিয়ালৰ এক মৰ্মন্তুদ আঘাত আৰু আৱেগৰ ধামখুমিয়াত অত্যন্ত যান্ত্ৰিকভাৱেই হয়তোবা সকলোকে সঁহাৰি দি গৈছিলোঁ। ইন্দুকল্প ভৰালী যে মোৰ ভাতৃ হয়, সেই বিষয়ে বহুতে নাজানিছিল। খুব কম সংখ্যকে ভাইটিৰ মগজুৰ  বিৰল কৰ্কটৰোগৰ বিষয়ে  গম পাইছিল যদিও, সেইজনেই যে মাজুলীৰ উদ্যোগী ইন্দুকল্প , সেই কথা গম পোৱা নাছিল। জুৰি বৰা বৰগোহাঞিয়ে তেওঁৰ লিখনিটোত আমাৰ সম্পৰ্কৰ বিষয়ে লিখা বাবেই সকলোৱে এই সংযোগটো ধৰিব পাৰিলে।



সন্ধিয়া ঘৰ পাই আৱেগ বিহ্বল পৰিবেশত একো কথাই মগজুত নোসোমাল। কিন্তু  পিচদিনা পুৱাই এটা কথা ভাবিবলৈ বাধ্য হৈ পৰিলোঁ যে, এজন উদ্যোগীৰ মৃত্যূৱে ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ লোকক শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ কিদৰে প্ৰেৰিত কৰিছে! এই উত্তৰ বিচাৰি পাবলৈ সৰহ সময় লগা লাছিল। ভাইটি জিন্তুৱে  মাজুলীৰ অতি প্ৰতিকূল পৰিবেশত উদ্যোগ আৰু গ্ৰাম্য-অৰ্থনীতিক এক অতূল্য সৃষ্টিশীল পৰ্যায়লৈ লৈ গৈছিল, বিনিময়ত একো নিবিচৰাকৈয়ে। এয়াই আছিল ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ মানুহ আৱেগিক হৈ পৰাৰ মূল কাৰক।

ব্যৱসায়ৰ ক্ষেত্ৰখনত অতি উদ্ভাৱনীৰ পৰিচয় দিব পাৰিছিল সি। কিন্তু বাৰীৰ চুকৰ এলাগী ভীমকলজোপাৰে সি  ‘ভীম ভিটা’ৰ সফলতাৰ সাধু (success story) টোৰ মাজেৰে  সি যিধৰণৰ উদ্ভাৱনীৰ পৰিচয় দিবলৈ সক্ষম হৈছিল, সি আছিল সকলোতকৈ  অনন্য।

+++

১৯৭৩ চনৰ ১০ মাৰ্চত ভাইটিৰ জন্ম হয়। সময়তকৈ আগতেই। মায়ে কোৱা মতে জন্মতে সি আছিল এটা সাতমহীয়া কেঁচুৱা, আঠিয়া কল এটাৰ সমান। উমাল কাপোৰত ভৰাই থৈ ডাঙৰ কৰিবলগীয়া হৈছিল। সৰুৰেপৰাই অতি স্বাধীন, নিজে সিন্ধান্ত লোৱা, সকলো কাম নিয়াৰিকৈ কৰা এটা উদ্যোগী মন আছিল। সৰুতেই দেউতাক কৈ দিছিল,  বেছি পঢ়া-শুনা নকৰে। ব্যৱসায় কৰিব। মনত পৰে, দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতে চাইকেলৰ হাফ পেডেল মাৰি কমলাবাৰী চাৰিআলিলৈ চুলি কাটিবলৈ গৈছিল। মায়ে চুলি কটাৰ বাবদ তিনি টকা দিছিল। দুটকাৰে চুলি কাটি বাকী এটা টকাৰে মাছৰ বজাৰৰপৰা বিৰিণা ঠাৰি এডালত চিলাই চৈধ্যটা কাৱৈ মাছ কিনি ঘৰলৈ লৈ উভতিছিল। পিছে, মাছৰ বজাৰত সোমোৱা বুলি জানিলে ঘৰত কোব খাব বুলি গম পাই গাৱঁৰে এগৰাকী মহিলাৰ হাতত মাছখিনি ঘৰলৈ দি বহু পিছত লাহেকৈ ঘৰ সোমাইছিলহি। তেতিয়ালৈ অৱশ্যে মাৰ খং মাৰ গৈছিল।

দেউতা মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল। মা নিজে পতা এম ই স্কুলৰ শিক্ষক।  দেউতাৰ  মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ তিনিদিনীয়া অনুষ্ঠানত  সি প্ৰথমবাৰৰ বাবে ভিজোৱা বুট-মগু-তামোল-পাণৰ দোকান দি ব্যৱসায়ৰ হাতেখড়ি শিকিছিল। সেয়াই আছিল ব্যৱসায়িক  লাভ আৰু লোকচানৰ সতে প্ৰথম পৰিচয়। সেই সময়ত সি অষ্টম শ্ৰেণীৰ ছাত্ৰ। ব্যৱসায় কিদৰে কৰে, তাৰে অভিজ্ঞতা লবলৈকে সি এই কামটো কৰিছিল আৰু দেউতাৰপৰা অনুমতিও আদায় কৰি লৈছিল।




পঢ়া-শুনাৰ লগে লগে এনে অলেখ trial and error-ৰ মাজেৰে তাৰ ব্যৱসায়িক জীৱনটোৱে কুৰুং-কাৰং কৰি থাকিছিল। যোৰহাটলৈ গৈ শাক-পাচলিৰ wholesale ব্যৱসায়, গুৱাহাটীলৈ আহি দাদাৰ সৈতে চাওমিনৰ ব্যৱসায়কে ধৰি বিভিন্ন দিশত হাত পকাবলৈ ধৰে। এটা উদাহৰণ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। এবাৰ মাজুলীত বিশটা  ল’ৰাৰ সৈতে জোঁট বান্ধি চাপৰিত ২২ বিঘা মাটিত আলুখেতি কৰিছিল। চাপৰিৰ সাৰুৱা মাটিত আলুবোৰ প্ৰকাণ্ড প্ৰকাণ্ড হ’ল।  একোটা আলুৰ ওজন বোলে আধাকেজি হৈছিলগৈ। তেতিয়া ‘সাৰ দিয়া আলু’ বুলি বেপাৰীয়ে সেই আলু কিনিবলৈ অমান্তি হ’ল। সেইফালে লোকচান ভৰিল। ডেইৰী ব্যৱসায় কৰিবলৈও মন মেলিছিল যদিও ‘গৰুৰ লগত থাকিলে নিজেও গৰু হৈ লব লাগিব’, অৰ্থাৎ দিনটো গৰুৰ লগতে ব্যস্ত হৈ থাকিব লাগিব বুলি তাৰপৰা আঁতৰিল।

বোধহয় যোৱা শতিকাৰ শেষৰ বৰ্ষতে (সঠিক সময় পাহৰিছোঁ)  ‘প্ৰান্তিকত আঠিয়াকলৰ পৰা পাউদাৰ কৰি শিশু খাদ্য প্ৰস্তুত কৰিব পৰা যায় বুলি এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। দুই এজনে পৰীক্ষা কৰিও চাইছিল। এই প্ৰবন্ধটো দেউতাই তাক দেখুৱালে। কথাটো তাৰ পছন্দ হ’ল। কিন্তু এখন আলোচনীত প্ৰকাশ হোৱা এটা বিদ্যায়তানিক প্ৰবন্ধপৰা তাৰ বাস্তৱিক অনুবাদ আছিল অতি কঠিন কাম। প্ৰথম অৱস্থাত ভাইটিয়ে কিছু আঠিয়াকল গুৰি কৰি, সেই গুৰি খাদ্য হিচাপে মাজুলী আৰু যোৰহাটৰ বিভিন্ন ঠাইৰ মানুহৰ ঘৰে ঘৰে গৈ সেই গুৰি শিশুক খুৱাবলৈ দি বহী এখনত সকলোৰে নাম-ঠিকনা লিখি ল’লে। নিৰ্দিষ্ট সময়ৰ মূৰত পুনৰ সেই লোকসকলৰ ঘৰলৈ গৈ feedback লিখি আনিলেগৈ। তেতিয়া প্ৰায় সকলোৱেই কৈছিল যে, সেই কলৰ গুৰি খোৱাৰ পিছত শিশুসকলৰ পায়খানা অলপ কঠিন হৈছে। তেতিয়া দেউতাৰ সৈতে আলোচনা কৰি সি বহীখন লৈ যোৰহাটৰ অসম কৃষি বিশ্বিবদ্যালয়ৰ অধ্যাপকসকলৰ কাষ চাপিল। বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে তাৰ সেই প্ৰচেষ্টাক অত্যন্ত গুৰুত্বসহকাৰে ল’লে। নিৰ্দিষ্ট সময় লৈ তেওঁলোকে এটা ফৰ্মূলা উলিয়াই, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণত কি কি পুষ্টি মিহলালে সি এক উপকাৰী শিশুখাদ্য হবগৈ তাৰ এক বিৱৰণী তাৰ হাতত তুলি দিলে।

এয়াই আৰম্ভণি। মহা উদ্যমেৰে সি কামত নামিল। ‘ভীম ভিটা’ নামটো তাৰেই উদ্ভাৱন আছিল।  কিন্তু ব্যৱসায়ৰ বাট সিমান সহজ নাছিল। ‘ভৰালী প্ৰফেচাৰৰ পুতেক কলৰ বেপাৰী হ’লগৈ’ বুলি বহুতেই ইতিকিঙো কৰিছিল। সমস্যা আনধৰণেও আছিল। প্ৰধানত পূঁজিৰ সমস্যা। তদুপৰি চেৰেলেক-ফেৰেক্স আদিৰে ভৰি থকা শিশুখাদ্যৰ বজাৰখনত সি  কিদৰে সোমাব? উপযুক্ত নিৰ্দেশনা দিবলৈও সঠিক ব্যক্তি কাষত নাই। মনত পৰে, এবাৰ খাদী আৰু  গ্ৰামোদ্যোগ কেন্দ্ৰৰপৰা এক লাখ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও সিনো কেনেকৈ ঋণ পৰিশোধ কৰিব, সেই চিন্তাতে দেউতাই নিজাববীয়াকৈ আগতীয়াকৈয়ে ঋণ পৰিশোধ কৰি দিয়ে। ফলত বেংকত তাৰ CIBIL বেয়া হৈ গ’ল আৰু পৰৱৰ্তী পৰ্যায়ৰ ঋণ পোৱাৰ ক্ষেত্ৰতো বহু অসুবিধা হ’ল। তাৰে মাজতে প্ৰথমটো মেচিন গুৱাহাটীৰ ফাঁচীবজাৰৰপৰা ক্ৰয় কৰি আমি আটায়ে নাইট চুপাৰত তুলি দিলোঁ।  ঘৰত মেচিন নমাই  মহা আড়ম্বৰেৰে ভাইটিৰ ‘ভীম ভিটা’ৰ প্ৰচেষ্টাত ঠেলা এটা মাৰি দিলোঁ।  বহু পৰীক্ষা-নীৰিক্ষাৰ মাজেৰে ‘ভীম ভিটা’ই  গতি লবলৈ ধৰিলে।কেতিয়াবা বৰষুণৰ বতৰত টেমাৰ ভিতৰত ‘ভীম-ভিটা’ সেমেকি যায়। আকৌ এটা গৱেষণা আৰম্ভ হয়।   

আটাইতকৈ ডাঙৰ সমস্যা আছিল বজাৰত প্ৰৱেশ কৰা। বিশেষকৈ ‘চেৰেলেক’ ব্ৰেণ্ডৰ সন্মুখত ‘ভীম ভিটা’ আছিল হাতীৰ আগত নিগনিৰ দৰে। শিশু খাদ্যৰ বজাৰ সম্পূৰ্ণৰূপে অনা অসমীয়া দখলত। ভাইটিয়ে তেতিয়াও ব্যৱসায়িক কথা-বতৰা কব জনা হোৱাই নাই। কোনেও পাত্তা  নিদিয়ে।

প্ৰথমৰেপৰাই ‘গৱেষণা’ আৰু ‘বজাৰ’ দুয়োটা দিশতে সি মনোনিবেশ কৰিবলগীয়া হ’ল।





আৰু এটা কথা কব লাগিব। মাজুলীৰ বাট-পথ তেতিয়া প্ৰায়  অগম্য।এতিয়াও সুগম বুলিব নোৱাৰি ।  ভীম-ভিটাৰ বাবে কেঁচামাল ভীমকল মাজুলীত উভৈনদী। কিন্তু আন সকলোবোৰ সামগ্ৰী বাহিৰৰপৰা যায়। গুৱাহাটীৰপৰা কনটেইনাৰ, আন  সামগ্ৰীৰ গাড়ী  গৈ নিমাতীঘাটত ৰৈ  যায়। তাৰপৰা মানুহ লগাই নাৱলৈ নমাব লাগে। সিপাৰে নাৱৰপৰা আকৌ গাড়ীত উঠাব লাগে। আকৌ যেতিয়া ‘ফাইনেল প্ৰডাক্ট’ হৈ বাহিৰলৈ ওলাই আহে, তেতিয়াও এটা পাৰে ঘাটত গাড়ীৰপৰা নাৱলৈ নমাব লাগে আৰু সিপাৰে নাৱৰপৰা গাড়ীলৈ উঠাব লাগে। এই সকলোবোৰ ব্যয় সামৰি লৈয়ে মূল্য নিৰূপণ। চাৰে চাৰিশ গ্ৰামৰ একোটা টেমাত পঞ্চল্লিছটা ভীমকল থাকে। এটা নিৰ্দিষ্ট জোখৰ আঠিয়াকলহে লব পাৰি। কেঁচা বা অধিক পকা কল ব্যৱহাৰৰ অযোগ্য।  সেই সময়ত বেছিভাগ মানুহৰে  মতামত আছিল এয়ে যে,  ‘লোকেল’ বস্তুত কিয় ইমান দাম?

অমানুষিক কষ্ট। কিন্তু মানুহে সহজে ‘ভীম ভিটা’ কিনিবলৈ ৰাজী হোৱা নাছিল।

ভূতৰ ওপৰতে দানৱৰ দৰে ‘ভীম ভিটা’ৰ গাতে  ভেঁজা দি একেই ধৰণৰ অন্য  শিশুখাদ্যও বজাৰত ওলাবলৈ ধৰিলে। দেখাক দেখি তেনে খাদ্য উলিয়াই বজাৰ দখল কৰিবলৈ ধৰিলে।  ‘ইন্দুকল্প ভৰালী মোৰেই বৰদেউতাৰ ল’ৰা। তেওঁ ভীম ভিটা উলিয়াইছে, মই এইটো উলিয়াইছোঁ’ বুলি কৈ বজাৰ দখল কৰা উদ্যোগীৰো সৃষ্টি হ’ল।  মানুহেও হৰেকৰকমৰ কথা কয়। কাৰো নিজা অভিজ্ঞতা নাই। শুভাকাংক্ষীৰ ভাৱেৰে কলেও কথাবোৰৰ বাস্তৱিকতা নাথাকে। এনে অৱস্থাত ভাইটিয়ে মাথোন প্ৰচণ্ড ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাক নিৰ্ভৰ কৰিয়েই ‘ভীম ভিটা’ৰ সম্পৰীক্ষা চলাই গ’ল। এটা সময়ত যিসকলে তাৰ product বজাৰত সোমোৱাত বাধা প্ৰদান কৰিছিল, সেইসকলেই ‘ভীম ভিটাৰ’ৰ CNF লবলৈ আগবাঢ়ি আহিল।

সেই প্ৰত্যাহ্বানৰ সময়বোৰত অসম কৃষি বিশ্বিবদ্যালয়ৰ কেইগৰাকীমান অধ্যাপক, কৃষি বিভাগৰ কেইজনমান বিষয়াৰ উৎসাহ  আৰু বিশেষকৈ মাজুলী আৰু যোৰহাটৰ সাংবাদিকসকলৰ সহযোগিতা কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব। প্ৰথম অৱস্থাত  স্থানীয় সাংবাদিকসকলৰ বাতৰিবোৰেই লাহে লাহে ‘ভীম ভিটা’ৰ বিজ্ঞাপনৰ দৰে হৈ উঠিছিল। বিভিন্ন বাতৰিকাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সংবাদকৰ্মীসকলেও উৎসাহেৰে সেই বাতৰিবোৰ প্ৰকাশ কৰিছিল।

আমাৰ দেউতা প্ৰয়াত মুহিধৰ ভৰালীৰ এগৰাকী বন্ধু নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নাৰায়ন চন্দ্ৰ গোস্বামীদেৱে এজন সত্ৰাধিকাৰৰ সকলো প্ৰটক’ল ভাঙি চাইকেল চলাই আমাৰ ঘৰত উপস্থিত হৈ ভাইটিক সফল হবলৈ আশীৰ্বাদ দি আহিছিল। ই এক বিৰল দৃষ্টান্ত।

তৰুণ গগৈৰ চৰকাৰৰ সময়ত, বোধহয় দ্বিতীয়টো কাৰ্যকালৰপৰা গুৱাহাটীত নিয়মীয়াকৈ ‘উদ্যান শস্য প্ৰদৰ্শনী’ হৈছিল। কেইবাবাৰো আন্তৰ্জাতিকভাৱেই এনে প্ৰদৰ্শনী হৈছিল। বাংলাদেশ, ভূটান আৰু আন দেশৰপৰা অহা ব্যৱসায়িকসকলৰ সতে হোৱা আলাপ-আলোচনাই তাৰ মনৰ দিগন্ত বহল কৰি তুলিছিল। আত্মবিশ্বাস বাঢ়িছিল।  জিলা উদ্যোগ কেন্দ্ৰবোৰৰ অধীনতো বিভিন্ন মেলা হৈছিল। বিভিন্ন মেলা, প্ৰদৰ্শনী আদিত  ‘ভীম ভিটা’ই প্ৰথম,  দ্বিতীয় স্থান দখল কৰিছিল। বাতৰিকাকতত এইবোৰ খবৰ হৈছিল।

এইদৰে মানুহৰ মুখে মুখেই ‘ভীম ভিটা’ই প্ৰসাৰতা লাভ কৰিলে। মুখৰ প্ৰচাৰেই বিজ্ঞাপন হৈ উঠিল।  যিসকলে পূৰ্বতে অৱজ্ঞাসূচকভাৱে কথা কৈছিল, তেওঁলোকেই  বজাৰৰ বাবে আগবাঢ়ি আহিল। আজিকালি দুটাকৈ ফ্লে’ভাৰত ‘ভীম ভিটা’ বজাৰত উপলব্ধ হৈছে।

লাহে লাহে আন এজন ভাইটি বেদব্ৰত ভৰালীৰ লগ হৈ ‘লুইত মাজুলী’ মিঠাতেল আৰম্ভ কৰে। এইবাৰ  তেলৰ মেচিন আনিবলৈ দুয়ো গুজৰাট পালেগৈ। গুজৰাটৰ বিভিন্ন মেচিন নিৰ্মান কৰা শাৰী শাৰী উদ্যোগবোৰ দেখি সিহঁতে যিদৰে বিচুৰ্তি খালে, সেইদৰেই গুজৰাটী ব্যৱসায়ীয়েও  কোনো উদ্যোগ নথকা ‘মাজুলী’ৰ কথা শুনি আচৰিত হ’ল। নিজৰ ঘৰলৈ নি এঁসাজ পৰম্পৰাগত গুজৰাটী খাদ্যৰে দুয়োকে আপ্যায়ন কৰি যিটো ‘তেলৰ মেচিন’ সিহঁতৰ হাতত তুলি দিলে, সেইটো আকাৰত এটা চুটকেচৰ দৰে আছিল। ফ’ল্ডিং আকাৰৰ সেই মেচিনটো ঘৰলৈ আনি কম্পিউটাৰত চি ডি ভৰাই চাই চাই সিহঁতে নিজেই install কৰি ল’লে। এই মিঠাতেলৰো প্ৰাৰম্ভিক প্ৰত্যাহ্বান আছিল। কিন্তু পূৰ্বৰ অভিজ্ঞতাৰে সমৃদ্ধ হোৱাৰ বাবে সেইবোৰৰৰ মোকাবিলা কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হব  লগা ন’হল।

ইয়াৰ পিছতে নিৰিবিলি হ’মষ্টে’ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই হ’মষ্টে’ক ‘গেষ্ট গাউচলৈ’ উন্নীত কৰা হয়। ইতিমধ্যে এটা বাহঁৰ ফেক্টৰীও আৰম্ভ কৰে। নিৰিবিলি গেষ্ট হাউচৰ সকলো আচবাব এই ফেক্টৰীতে তৈয়াৰ কৰা।

ভাইটিৰ ব্যৱসায়িক সফলতাৰ আঁৰৰ কাৰণ বিচাৰ কৰি চালে কৰ্মচাৰীসকলৰ সবলীকৰণৰ দিশটো অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে ওলাই আহে। বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ দিশটোক সদায় অগ্ৰাধিকাৰ দিয়া হয়। ‘ভীম ভিটা’ উদ্যোগত কেইবাখনো গাৱঁৰ মহিলাসকলে কাম কৰে। এই মহিলাসকলক গাড়ীৰে অনা -নিয়া কৰা হয়। যিসময়ত উদ্যোগৰ আৰ্থিক স্বাৱলম্বিতা নাছিল, তেতিয়াও গাড়ীৰেই মহিলাসকলক অনা-নিয়া কৰা হৈছিল। হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো কৰ্মচাৰীসকলক সঠিক সময়ত দৰমহা-বনাচ দিয়া, তেওঁলোকৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰা- এইবোৰ ভাইটিৰ কিছুমান গুণ আমি লক্ষ্য কৰিছিলোঁ।

দ্বিতীয় দিশ  হিচাপে সকলোকে সামৰি লোৱাৰ (inclusiveness) মানসিকতাই দৃষ্টি আকৰ্ষণ কৰে। ভাইটিয়ে সকলোকে স্বাৱলম্বী হবলৈ উৎসাহ দিয়ে, প্ৰয়োজনবোধে সহায়ো কৰি দিয়ে। শাক-পাচলিৰ বেপাৰী, মাছৰ ব্যৱসায়ীৰপৰা  আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে সকলোৰে সতে সমান ব্যৱহাৰ।

তৃতীয়তে, বিলাসবহুল জীৱন পৰিত্যাগ কৰাৰ দৃঢ়তা।  ভাইটীৰ এটাই  সপোন আছিল যে, মাজুলীৰ দৰে পিচপৰা ঠাইতো যে উদ্যোগ গঢ়ি তুলিব পাৰি, যুৱক-যুৱতীক সস্তীয়া কামৰ সন্ধানত ওলাই যাবলৈ নিদিয়াকৈ সংস্থাপিত কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুওৱা। কোনো ধৰণৰ মেল-মিটিঙৰ সম্বৰ্ধনা, বঁটা-বাহনলৈ আশা নকৰি নিজৰ জীৱনৰ মাজেৰেই সেই দৃষ্টান্ত দাঙি ধৰিব বিচাৰিছিল। বহুতকে সহায় কৰিছিল, কিন্তু নীৰৱে।  অনেকৰ বাবে ভইটি এক নিদৰ্শন।  ইয়াৰ পূৰ্বে মাজুলীত বান নিয়ন্ত্ৰণ বিভাগৰ ঠিকা, ৰাস্তা-ঘাট সজাৰ ঠিকা, বাচ বা নাও ক্ৰয় কৰা আদিৰ দৰে কিছু সীমিত দিশৰ জৰিয়তেহে মানুহে টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ সুযোগ আছি্ল। কিন্তু বাৰীৰ চুকৰ আঠিয়াকলৰ দৰে non-glamorous product  এটাক সাৰথি কৰি লৈ, সম্পূৰ্ণ একক প্ৰচেষ্টাৰে উদ্যোগ গঢ়ি তুলিও যে মানুহে স্বাৱলম্বী হোৱাৰ লগতে দোপতদোপে  উন্নতি কৰি যাব পাৰি তাৰ নিদৰ্শন ভাইটিয়ে ৰাখি থৈ গ’ল। কোনো ধৰণৰ মাদকদ্ৰব্য, ধূম-পাণ অথবা তামোল এখন খোৱাৰপৰাও বিৰত আছিল। বিলাসবহুল জীৱন নাছিল। সফল ব্যৱসায়ী হিচাপে চৰকাৰী মেল-মিটিঙলৈ আমন্ত্ৰণ পালে কেতিয়াবা ডাঙৰ ডাঙৰ বিষয়া, মন্ত্ৰী আহে। আমি ‘চ্যূট’ এযোৰ চিলাই পিন্ধি যাবলৈ কওঁ। নহলে সস্তীয়া এযোৰ কিনি লবলৈকে কওঁ।  কিন্তু নতুনকৈ পাঁচশটকীয়া চাৰ্ট কিনি লৈ তাকে এটা পিন্ধিয়েই মেল-মিটিঙত বহেগৈ। এযোৰ দামী বা কমদামী ‘চ্যুট’ তাৰ পিন্ধাই ন’হল।   শেষৰফালে আমাৰ সতে কথা পাতিবলৈও যেন সময় কমি আহিছিল। সম্পূৰ্ণৰূপে নিজৰ কামৰ মাজত মজি গৈছিল।



অলেখ বিশিষ্ট ব্যক্তিয়ে ভাইটিৰ ‘নিৰিবিলি গেষ্ট হাউচ’ত আতিথ্য গ্ৰহণ কৰিছে। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গো আছিল। ভাইটিৰ গেষ্ট হাইচৰ প্ৰতিটো কোঠাৰ একোটা নাম আছে। জুবিন গাৰ্গ থকা কোঠাটোৰ নাম ভাইটিয়ে তেওঁৰ নামেৰেই ৰাখিলে। জুবিন গাৰ্গৰ হতুৱায়েই  কোঠাৰ উদ্বোধন কৰি নামফলক আঁৰি দিয়াইছিল। অতি নিৰিবিলি পৰিবেশত জুবিন গাৰ্গে কিছু সময়ত তাত আছিলষ আহাৰ গ্ৰহণ কৰিছিল। ‘ৰৈ ৰৈ বিনালে’ৰ  কাম শেষ কৰি নিৰলে তাত কেইটিমান দিন অতিবাহিত  কৰাৰ  কথাও ভাইটিক কৈ আহিছিল। বিদায় লোৱাৰ সময়ত ভাইটিয়ে তেওঁক টোকোৰা চৰাইৰ বাহ এটি উপহাৰ দিছিল। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ ভইটিক  দিয়া হোৱা নাছিল, কিয়নো যিকোনো উদ্বিগ্নতাৰপৰা ভাইটিক আঁতৰত ৰাখিবলৈ চিকিৎসকে উপদেশ দিছিল।

অসম্ভৱঃ কৰ্মোদ্যম আছিল ভাইটিৰ। নিজৰ পৰিয়ালক লগত লৈ ব্যৱসায় কৰিছিল। এনেদৰেই কব নোৱাৰাকৈয়ে পৰিয়ালটোও empowered হৈ গ’ল। কোনোধৰণৰ চৰকাৰী স্বীকৃতি, বঁটা অথবা চৰকাৰী exposure tour  আশা নকৰা ভাইটিয়ে নিজৰ খৰছত পৰিয়ালসহ বিদেশলৈ গৈ বিদেশৰ  কিছু eco-tourism সম্পৰ্কীয় ধ্যান-ধাৰণা ব্যৱসায়ত খটুৱাই সম্পৰীক্ষা কৰাৰ উদ্দেশ্যেৰে পাচপৰ্ট আৰু আন যাৱতীয় যা-জোগাৰ কৰি আছিল। কেতিয়াবা সৰু-সুৰা মূৰৰ বিষৰ বাদে আন বেমাৰ-আজাৰো নাছিল। কিন্তু ২০২৫ চনৰ মে’ মাহৰ ২৮ তাৰিখে গা ধুই নামঘৰত প্ৰাৰ্থনা কৰিবলৈ লৈ সি প্ৰাৰ্থনাৰ শাৰীবোৰ পাহৰি গৈছিল। মনৰ খু-দুৱনি মাৰিবলৈ যোৰহাটলৈ আহি ডাক্তৰক দেখুৱাওতেই এক অমোঘ আশংকাই পৰিয়ালৰ সকলোকে বিতত কৰি তুলিছিল। ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়া হৈছিল। কাৰো ওচৰত  হাত নপতাকৈ অত্যন্ত ব্যয়বহুল চিকিৎসা গ্ৰহণ কৰিছিল। ভাই-বোৱাৰী কবিতাই সন্মুখত থাকি সমানে সমানে যি যুঁজ দিলে,  সেয়া অবিস্মৰণীয় বুলি কব লাগিব। মাজুলী মহাবিদ্যালয়ত পঢ়া মাজুলীৰে  কুহিয়াৰবাৰী গাৱঁৰ কবিতাই  দিল্লীত ডাক্তৰৰ সমানে সমানে কথা পাতি সকলো সিদ্ধান্ত সাহসেৰে লৈ গ’ল। সৰু ভাইটি বেদব্ৰতও অহৰহ কাষত আছিল।

জীৱনত কাৰো প্ৰতি আক্ষেপ নৰখা ভাইটিয়ে হঠাতে আহি পৰা দুৰ্যোগক সহজে গ্ৰহণ কৰিব নোৱাৰিলে।   নিজৰ সন্তান দুটিৰ পঢ়া-শুনা, ব্যৱসায়িক পৰিকল্পনাৰ অলেখ সপোনবোৰ আধৰুৱা হৈ ৰ’ল। তেজ কদমত চলি থকা এক স্বাধীন আৰু স্বাভিমানী জীৱনলৈ  হঠাতে যতি নামি আহিল। অসম্ভৱ স্বাভিমানী বাবেই ভাইটিয়ে নিজৰ শাৰীৰীক অৱস্থা  আনক দেখুৱাবলৈ ৰাজী হোৱা নাছিল। কিন্তু এটা কথা কব লাগিব। ভাইটিয়ে ব্যৱসায়িক কথা-বতৰাবোৰ ইমান নিয়াৰিকৈ ৰাখিছিল যে, অসুখত ভূগি থকাৰ সময়ত  বা বৰ্তমানেও তাক চলাই যাবলৈ বিশেষ অসুবিধা হোৱা নাই। এই সকলোবোৰৰ মাজেৰে  দুই সন্তান পাহি আৰু পৃথুও যেন হঠাতেই পৰিপক্ক হৈ উঠিল।  

ভাইটিৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম জোকাৰি দিছে। যিসকলে স্বাৱলম্বিতাৰ ডাঙৰ ডাঙৰ ভাষণ দিয়ে, থলুৱা অৰ্থনীতিৰ  কথা কয়- তেওঁলোকৰ চকুৰ সন্মুখতেই সকলোৰে অলক্ষিতে ভাইটিয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ  এক বৈপ্লৱিক কাম থৈ গৈছে। কাৰো ওচৰত হাত নপতাকৈ। কোনো উদ্যোগিক প্ৰশিক্ষণ নোহোৱাকৈ। কোনো  ডাঙৰ ডিগ্ৰী নোহোৱাকৈ। কোনো চৰকাৰী বঁটা অথবা exposure tour নোহোৱাকৈ। প্ৰবল অন্তৰ্দৃষ্টিৰে। অফুৰন্ত প্ৰাণশক্তিৰে। এক কথাত ভাইটি নিজেই নিজৰ উদাহৰণ।

ভাইটিৰ  সমগ্ৰ জীৱনেই এক সুমধুৰ সোঁৱৰণি। প্ৰেৰণাৰ  এখন খোলা কিতাপ।  

---

ৰত্না ভৰালী তালুকদাৰ 

No comments:

Post a Comment