Sunday, 31 December 2023

 

গায়ত্ৰী দলে আৰু মনোৰঞ্জন বড়িৰ গল্প




গায়ত্ৰী দলেৰ গল্প


গভীৰ সামাজিক চেতনাস্ৰোতেৰে গল্প কবলৈ আৰম্ভ কৰে গায়ত্ৰী দলেই। তেওঁ বাস কৰা সমাজখনৰ চাল-চলন, শোকৰ  কাৰকবোৰৰ ইমান গভীৰলৈ যাব পৰা গল্পকাৰ খুব কমেইহে আছে। সমাজবীক্ষণৰ বেলিকা তেওঁৰ নিৰীক্ষণৰত চকুযুৰি অতিকৈ ইৰ্ষণীয়। মানুহ তেওঁ চিনি পায় (পায়নে!)। আৰু চিনি পায় সমাজ।

তেওঁৰ সমাজবীক্ষা আৰু জীৱনবীক্ষাৰ অপূৰ্ব সংশ্লেষণ হৈছে তেওঁৰ অনবদ্য কথনশৈলী। ইয়াৰ কাৰণ হয়তো তেওঁৰ নিৰন্তৰ গণসংযোগ আৰু প্রচণ্ড জীবনমুখীতা। তেওঁ কাহিনী নকয়, বৰঞ্চ গল্পলৈ তুলি আনে জীয়া জীৱন। পাঠকক ধৰি ৰাখিবলৈ তেওঁৰ যেন কাহিনীৰ নিৰ্মাণৰ প্ৰয়োজনেই নহয়।

 আৰু এটা কাৰক আছে যি গায়ত্ৰী দলেৰ গল্পভাষাক নিৰৱধি বৈ থকা নিজৰাৰ দৰে সাৰ-পানীৰ অন্তঃস্ৰোত এটা দি থাকেসি হৈছে গোষ্ঠীচেতনা, যাক ethnic consciousness বুলিও কব পাৰি। এই গোষ্ঠী চেতনাৰ তেওঁ এজন আচৰিতধৰণৰ insiderগোষ্ঠী চেতনাৰ এনে আচৰিত insider হৈ এখন multilayered সমাজৰ কথা কব পৰা শক্তিশালী গল্পকাৰ অসমত সুকীয়া এজন আছেনে নাই তাত সন্দেহ আছে। তেওঁ যোতিয়া গোষ্ঠীচেতনাৰ বাহিৰৰ সমাজ খনৰ কথাও কয়, তেতিয়া কাহিনী linear হলেও, তাত  কিন্তু তাত এটা extra layer থাকিবইযি গল্পকাৰৰ আন এক দৃষ্টি আৰু পৰিচিতিৰ বিষয়ে পাঠকক সোঁৱৰাই থাকিব। এয়া যেন সাহিত্যৰ এক বিশেষ অলংকাৰ। কোনো সন্দেহ নাই যে-গল্পকাৰৰ অধ্যয়ন আছে, পৰ্যবেক্ষণ আছে আৰু আছে জীৱনক ভাল পাব পৰা শকতি।

 আচৰিত লাগে ইমান ইৰ্ষণীয় কথনশৈলী  আৰু  গল্পলৈ একোটা জীৱন তুলি আনিব পৰাৰ ক্ষমতা আহৰণ কৰিও বহুসময়ত গল্প এটাৰ শেষলৈকে লেখকৰ যি সংহতি (solidarity) থাকিব লাগে, কেতিয়াবা তাৰপৰা গল্পকাৰ আঁতৰি আহে। আপুনি ইমান গভীৰ প্ৰেক্ষাৰ গল্প এটা যেতিয়া পাঠকলৈ আগবঢ়াই দিব, তেতিয়া শেষলৈকে সি সংহতি বহন কৰি যোৱাটো আৱশ্যকীয়। বহুসময়ত এজন পাঠকক লেখকৰপৰা সুকীয়া সত্ত্বা বুলি গণ্য কৰিব নোৱাৰি। তেনেহ’লে একোটা গল্পত গল্পকাৰৰ মনঃসংযোগ ব্যাহক হ’লে সি পাঠকৰ সতে একধৰণৰ সংহতি স্থাপন কৰিবনে

একোজন গল্পকাৰে যেতিয়া  গভীৰ সামাজিক চেতনাস্ৰোত, অনবদ্য কথনশৈলী আৰু একোটা জীৱন গল্পৰ মজিয়ালৈ তুনি অনাৰ ক্ষমতা ৰাখে-তেতিয়া সেই প্ৰতিভাক লাহে লাহে বিনীল কৰি দিয়াৰ বাবেও আন এচাম ব্যস্ত হৈ থাকে, সুহৃদৰ বেশতেই আহি গল্পকাৰৰ স্পৰ্শকাতৰ জেগোবাৰ ভাঙি চুৰ্চুমৈ থৈ যায়। এনে সময়ত নিৰন্তৰে মনোযোগ ধৰি ৰখাটোৱেই গল্পকাৰৰ প্ৰধান কাম। তেওঁ গোটেই জীৱনৰ বাবেই নিজৰ মনোযোগ ধৰি ৰাখিব লাগিব, মাত্ৰ এটা গল্পত নহয়।  

গল্পকাৰলৈ শুভেচ্ছা।  

  

মনোৰঞ্জন বড়িৰ গল্প

 

মনোৰঞ্জন বড়ি একেসময়তে যাাদু আৰু বাস্তবৰ কথা কব পৰা গল্পকাৰ। বৃত্তিত সাংবাদিক হোৱাৰ সুবাদতেই তেওঁৰ ভাষা মেদহীন। যাদুৰ জগতখন তেওঁ অতীতত এৰি থৈ আহিছে। তেওঁ এতিয়া য’ত বাস কৰিছে, সি জীৱনক কৰ্কশ কৰি পেলোৱা এখন অহৰহ পোখা মেলি থকা নগৰ। ইয়াত আছে এৰি থৈ অহা জগতৰ সোঁৱৰণি।

কাহিনীৰ আৰম্ভণি হয় ঠিক ইয়াৰপৰাই। কাহিনী কবলৈ তেওঁৰ এটা গল্পভাষাৰ প্ৰয়োজন নহয় --কথনে নিজেই কাহিনীত ধৰা দিয়ে। 

তেওঁ এটা নিটোল কাহিনী কয়। পাতল কুঁৱলীৰ আচ্ছাদনৰ দৰে তেওঁৰ গল্পকথাত থাকে এৰি থৈ অহা সোৱঁৰণিৰ দিনবোৰৰ ৰিণি ৰিণি সুৰ। অলপ বিষাদ। এজন গল্পকাৰৰ অভিজ্ঞতাৰ পৃষ্ঠত যেতিয়া নিৰন্তৰভাৱে হেৰুৱাই থকাৰ সোঁৱৰণিৰ এখন সমাজ থাকে-তেতিয়া তাৰ বেদনা আৰু অভিজ্ঞতাই যি গল্পভাষাৰ সৃষ্টি কৰিব পাৰে মনোৰঞ্জন বড়িৰ গল্পবোৰে তাৰ স্বাক্ষৰ বহন কৰে।

আন বহুতো গল্পকাৰৰ দৰেই মনোৰঞ্জন বড়িয়ে নিৰ্মাণৰ সলনি গল্প  এটা  পৰম্পৰাগতভাৱে পাঠকক কৈ যাবলৈ ভালপায়। যি বিষয়বস্তু তেওঁ বাচি লয়, সেইবোৰে  কিন্তু একেসময়তে আশ্বৰ্যকৰ নিৰ্মাণৰ সম্ভাৱনীয়তাও বহন কৰে। আচলতে পূৰ্ণকালীণ সাংবাদিক এজনে যেতিয়া গল্প বা কবিতা লিখে, তেতিয়া সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পৰাকৈ সময়খিনি উলিওৱাটোৱেই হৈ পৰে এটা প্ৰত্যাহ্বান। সেইবাবেই বহুসময়ত বহুতৰপীয়া জীৱনৰ কথা কব পৰা গল্প এটাও কেতিয়াবা সম্ভাৱনাত ৰৈ যায়।

মনোৰঞ্জন বড়িও একৰাগী প্ৰতিনিধি, তেওঁৰ কথনে একেসময়তে  তেওঁ বাস  কৰা নৃগোষ্ঠীয় সমাজখনৰ প্ৰতিনিধিত্বও (representative)  কৰে। তদুপৰি আছে insider persperctive-ৰপৰা গল্প কোৱাৰ সক্ষমতা।  সেইবাবেই গল্পকাৰৰ থাকে একধৰণৰ দায়িত্ব ।  মধুৰ দায়িত্ব। 

 

কিছু অনুভৱঃ

গায়ত্ৰী দলে বা মনোৰঞ্জন বড়িৰ দৰে গল্পকাৰসকলে লিখা গল্পবোৰৰ পঠন এইবাবেই প্ৰয়োজনীয় যে, তেওঁলোকৰ লেখক পৰিচিতি আন গল্পকাৰসকলৰ পৰিচিতিতকৈ অতিৰিক্তভাৱে সমৃদ্ধ। তেওঁলোকে একেসময়তে একোটা গোষ্ঠীকো প্ৰতিনিধিত্ব কৰে বাবে তেওঁলোকৰ সৃষ্টি হৈ পৰে একেসময়তে প্ৰতিনিধিত্বমূলক(representative)আচৰিত কথা এয়ে যে, যি  গোষ্ঠীক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে সেই গোষ্ঠীৰ আছে কেৱল নিৰন্তৰভাৱে হেৰুৱাই যোৱাৰ ইতিহাস—বান অথবা খহনীয়াৰ প্ৰকোপত নিজৰ ভূমিৰপৰা বাৰে বাৰে উফৰি পৰা ইতিহাস।আছে বঞ্চণাৰ ইতিহাস।

এটা সমৃদ্ধ গোষ্ঠীৰ হাতত যেতিয়া বসবাস কৰিবলৈ এডোখৰ ভূমি নাথাকে, তেতিয়া কিমান কৰুণ হ’ব পাৰে তাৰ গাথা! কৰবাত কৰবাত তেওঁলোকে হেৰুৱাই পেলাইছে আইৰ মুখৰ ভাষাও। এই কৰুণ ইতিহাসৰপৰা আহৰিত যি সংগ্ৰাম আৰু বেদনা, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ আকুলতা—এই সকলোবোৰেই সৃষ্টিশীল লোকসকলৰ শব্দবোৰত কিবা নহয় কিবাস্বৰূপে কালিকা হৈ ওলমি থাকে। যি সাহিত্যত একেসময়তে এক  সুন্দৰতা প্ৰদান কৰি যায়।  সুক্ষ্ম পঠনৰ মাজেৰেহে এই কালিকাবোৰে আমাৰ চকুত ধৰা দিয়ে।

তেওঁলোকে যি বিষয়বস্তুকেই নিৰ্বাচন নকৰক কিয়,  বেদনাৰ ধাৰবোৰে পাঠকক দহি নিবই। এনে কণ্ঠস্বৰ কাব্যসাহিত্যত সততে  শুনিবলৈ পোৱা  যায়  যদিও,  গল্পসাহিত্যত  কিন্তু অতি কম সংখ্যক গল্পকাৰহে আমি লাভ কৰিছোঁ। 

সেইবাবেই তেওঁলোকৰ কণ্ঠ   আমাৰ বাবে আপুৰুগীয়া।    

গল্পকাৰলৈ শুভেচ্ছা।  

--ৰত্না  ভৰালী তালুকদাৰ

Wednesday, 27 December 2023

 

মণিকংকনা বৰবৰা, স্ৰোতস্বিনী তামুলী, সৃঞ্জনা শৰ্মাৰ আৰু  আৰণ্যক শইকীয়াৰ গল্প




মণিকংকনা বৰবৰাৰ গল্প

 

মণিকংকনা বৰবৰা গভীৰ অনুৰাগেৰে মানুহৰ কথা কবলৈ ওলাই অহা এগৰাকীৰ গল্পকাৰ। তেওঁ লিখে গ্ৰাম্য পটভূমিৰ গল্প—য’ত গাওঁবোৰ আৰু গাওঁ হৈ নাথাকে। মণিকংকনাৰ গল্পত ভিতৰুৱা আৰু বাহিৰৰ অজস্ৰ ষড়যন্ত্ৰত গাওঁ হেৰাই যায়। এই ষড়যন্ত্ৰবোৰ তেওঁ দেখিছে। শৰীৰত অথবা মনত বহন কৰিছে তাৰ দাগ। তাৰ দ্বন্দ্ব-সংঘাতে তেওঁক জুৰুলা কৰিছে।গল্পত তাৰ নিকৰুণ প্ৰতিফলন ঘটে।  

মণিকংকনা বৰবৰা একেধাৰে এগৰাকী Activist। সৃষ্টিশীল সত্তা যেতিয়া Activist  হয়, তেতিয়া তেওঁ আনে নেদেখা, উমান নোপোৱা এখন আচৰিতধৰণৰ virgin জগতলৈ সোমাই যোৱাৰ সুবিধা পায়—য’ত ইতিমধ্যেই বিচৰণ কৰি থাকে  অলেখ জীৱন্ত সাধুকথাই। তেওঁ শিহৰিত হয়। তেওঁ সেইবোৰ তুলি আনিবও পাৰে বা নিৰ্মাণ কৰিবও পাৰে—তাত তেওঁৰ স্বাধীনতা থাকে। ইয়াত তেওঁ insider perspective-ৰপৰা কথা কব পাৰে।  তেওঁ খুব  কম গল্প লিখিছে, য’ত নিৰ্মাণতকৈ কাহিনীকথনত বেছি গুৰুত্ব দিছে।

সৃষ্টিশীল সত্তা যেতিয়া Activist হয়, তেতিয়া তাৰ কিছুমান শংকাও থাকে। নিজৰ আদৰ্শৰ জগতখনৰ বাহিৰৰ ৰূপ-ৰং-ৰসবোৰলৈ, আন্য জগতৰ নিৰ্যাসবোৰলৈ তেওঁ চকু দিবনে? সৃষ্টিশীলতাৰ জীৱন যে আদৰ্শৰ জীৱনতকৈও বহু বৈচিত্ৰময়। আদৰ্শ য’ত এচাকি পোহৰ।

প্ৰচুৰ অধ্যয়নশীলতা, সততা, ক্ষেত্ৰ অধ্যয়নক সাৰথি কৰি যি বাটেৰে তেওঁ আগবাঢ়ি আহিছে, তালৈ শুভকামনা।

 

স্ৰোতস্বিনী তামুলীৰ গল্প

 

নতুন প্ৰ্ৰজন্মৰ গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে গল্পকথাৰ মাজেৰে theme আৰু আংগিক—উভয়ক্ষেত্ৰতেই দিব বিচাৰে অভিনৱত্ব। পুনৰাবৃত্তি তেওঁ বেয়া পায়। সৰলৰৈখিক গল্প কবলৈ তেওঁ ৰাজী নহয়। তেওঁৰ গল্পৰ আছে দুৰন্ত গতি, যি সাৱলীল। তাত আছে একধৰণৰ সুন্দৰতা।

 তেওঁ কাহিনী নিৰ্মাণ কৰে-তলৰপৰা ওপৰলৈ নিৰ্মাণ কৰে। সম্পূৰ্ণ নিজস্ব দৰ্শনেৰে। তেওঁ স্বাধীনভাৱে কয়।

মানুহ তেওঁৰ প্ৰিয় বিষয়। হয়তো জীৱনক ভাল পায় মানুহতকৈও বেছি। গল্প কোৱাৰ হাবিয়াসে গল্প বিচাৰি তেওঁক দূৰ-দূৰণিলৈকে লৈ যায়গৈ। য’লৈ যায়গৈ, তাত হয়তোবা বিচাৰে শ্ৰেণীদ্বন্দ্বৰ মাজেৰে উঠি অহা এটা নিকৰুণ জীৱনৰ গল্প। কেতিয়াবা তেওঁ কয় সমান্তৰাল শৈলীৰ কাহিনী—যি কাহিনীত একেটা গল্পৰ মাজেৰে দুটা কাহিনীয়ে parallel journey কৰে। তেওঁ  ক্ষেত্ৰ অধ্যয়নো কৰে। 

 স্ৰোতস্বিনী তামুলীৰ গল্প আগবাঢ়ে নাটকীয়তাৰ মাজেৰে। এই নাটকীয়তা তেওঁ গল্পৰ শেষলৈকে বোৱাই লৈ যায়। তেওঁৰ গল্পৰ পাঠকসমাজ তেওঁ নিজৰ হাতেৰে সৃষ্টি কৰিব বিচাৰে।   

 তেওঁলৈ শুভকামনা।


 সৃঞ্জনা শৰ্মাৰ গল্প

 

সৃঞ্জনা শৰ্মাৰ গল্পবোৰে প্ৰজন্মৰ অস্থিৰতা, উদ্বিগ্নতাৰ এক আচৰিত জগতত বাস কৰেএই গল্পবোৰে পাঠককো একধৰণৰ উদ্বিগ্নতাৰ মাজলৈ লৈ যায়, কিয়নো গল্পৰ যি protagonist তেওঁ সৃষ্টি কৰে, তাৰ কথন অতিকৈ অনিশ্চিত। অজস্ৰ মানুহৰ ভিৰৰ মাজেৰে protagonist যায়গৈ, উদ্বিগ্নতাবোৰে যাত্ৰাকাল অস্থিৰ কৰি তোলে—যেন মূৰৰ ওপৰত কিছুমান অদৃশ্য, আউলী-বাউলী কাঁটা তাৰ। একধৰণৰ fantacyৰ দৰে তেওঁৰ গল্পকথন। যেন এক তীব্ৰ উত্তেজনাপূৰ্ণ  video game চলি আছে, game-ৰ পৰিণতি কি হ’ব তাক আমি নাজানো।

অথচ উৎকণ্ঠাবোৰে আমাক আঁতৰি আহিবলৈ নিদিয়ে। শংকা হয়। কিবা অঘটন ঘটাব নেকি? প্ৰজন্মৰ স্ফলনৰ ইংগিত আহিব নেকি! তেনে নহয়। গল্পৰ লেকাম গল্পকাৰে নিজৰ হাতত ৰাখে।আচৰিত চিত্ৰকল্পবোৰে তাত নিজৰ নিজৰ ভূমিকা পালন কৰি যায়। এইবাবেই তেওঁৰ কথন অভিনৱ।  তেওঁ নিজেই সিদ্ধান্ত লব। আৰু সাহসেৰে পাঠকক জনাই দিব।   

সৃঞ্জনা শৰ্মাৰ গল্পই কয় প্ৰজন্মৰ কয় একাকীত্বৰ কথা। এই একাকীত্ব স্বাৰ্থপৰ অভিভাৱক অথবা স্বাৰ্থপৰ সমাজে প্ৰজন্মক জাপি দিছে। ই সঁচাকৈয়ে এক বুজাব নোৱাৰা কৰুণ অভিজ্ঞতা। এক উন্নত নাগৰিক চেতনা অথবা বাস্তৱতাৰ ৰূপত তেওঁ তাক গল্পত ধৰি ৰাখিছে। উদ্বিগ্নতা আৰু অস্থিৰতা তাৰ বাহ্যিক প্ৰকাশ। প্ৰজন্মই তাক অকলেই face কৰে।

ইয়াতেই ফুটি উঠে প্ৰজন্মৰ আত্মবিশ্বাস। 

তেওঁলৈ শুভকামনা।

 

আৰণ্যশইকীয়াৰ গল্প

 

একধৰণৰ সমাহিত জীৱনবোধ আৰু নিজস্ব এক দৰ্শনেৰে সমাজৰ কিছু বাস্তৱতাক নিৰীক্ষণ কৰি গল্প কবলৈ ভালপোৱা নতুন প্ৰজন্মৰ গল্পকাৰজন আৰণ্যশইকীয়া। তেওঁৰ গল্পত প্ৰজন্মৰ দ্ব্ন্দ্ব-সংঘাত-উদ্বিগ্নতা-অনিশ্চয়তাভৰা টলমল জীৱনৰ প্ৰকাশ নাই। সমাজ বাস্তৱতাক কিছু দূৰৈত ৰৈ চায় তেওঁ। তাৰপৰাই নিৰীক্ষণ কৰে। অৱশেষত ঘটনা এটা নিটোল গল্পৰ ৰূপত কৈ যায়। মানৱীয়তাই কথনক চালিত কৰে।

গল্পৰ নিৰ্মাণতকৈ বিৱৰণীক তেওঁ প্ৰাধান্য দিয়ে। গল্পভাষা মৃদু। নিৰ্মেদ। উত্তেজনা নাই।

কেতিয়াবা তেওঁ উদ্দাম জীৱন প্ৰৱাহৰ কথা কবলৈ comfort zone বাহিৰলৈ আহিবনে? নে বৰ্তমানৰ দৰেই কিছু নিলগত ৰৈ, তাৰেপৰাই পাঠকৰ চেতনাস্ৰোতক জোকাৰি দিয়াকৈ অভিনৱধৰণে গল্প কবলৈ বিচাৰিব? গল্পকাৰে এইক্ষেত্ৰত নিজৰ স্বাধীনতা লব, নিজৰ মতেই আগবাঢ়িব। পাঠকে মাথো অৱশেষত বিচাৰিব এটা মজাৰ গল্প।

গল্পকাৰলৈ শুভেচ্ছা।


ৰত্না ভৰালী তালুকদাৰ 

Tuesday, 26 December 2023

 

 

 মল্লিকা হাজৰিকাৰ গল্প




মল্লিকা হাজৰিকাই গল্প কবলৈ কাষৰ আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰাই সমল আহৰণ কৰে। তেওঁৰ কথনশৈলী সৰল আৰু উপস্থাপনা নাটকীয়। পাঠকৰ সৈতে তেওঁ পোনে পোনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁ মূলতঃ এটা কাহিনীৰ বিষয়ে কয়—যি কাহিনী হয়তোবা আমাৰ তেনেই পৰিচিত কিন্তু কথনৰ অভাৱত সি কোৱা হৈ উঠা নাই। পাঠকৰ চকুত পৰা নাই।

এগৰাকী নাৰী লেখকে যেতিয়া ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতিৰ আৱৰ্তটো ভাঙি আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সৃষ্টিশীল লোকৰ দায়বদ্ধতাৰ দিশে এখোজ আগবাঢ়ি অহা  বুলি কব লাগিব। অৱশ্যে নাৰী জীৱনৰ কথা যে তেওঁ নক’ব—সেয়া হবই নোৱাৰে।বৰঞ্চ সেই নাৰীজীৱনৰ বা লিংগ পৰিচিতিৰ কথাবোৰ নাৰী সাহসেৰে সাহিত্যলৈ আনাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা লবই লাগিব। কিন্তু লেখকৰ দৃষ্টি যেতিয়া আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰেক্ষালৈ ধাবিত হয়, তেতিয়া সৃষ্টিকৰ্তাই এক সম্প্ৰসাৰণ লাভ কৰে—সাহিত্যত এক নতুন মাত্ৰা প্ৰদানৰ  সম্ভাৱনাৰে সমুজ্জল হয়। এনে দৃষ্টিয়ে ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতি, যাক আমি gender বুলি কওঁ—সেই পৰিচিতিৰো বিস্তাৰ ঘটায়।

আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা পৰা গল্প কোৱাৰ সুবিধা এয়ে যে, এনে প্ৰেক্ষাবোৰে গল্পকাৰক বিভিন্নধৰণে পৰীক্ষা-নীৰিক্ষা কৰাৰ সুবিধা আনি দিয়ে। কবলৈ গ’লে এই প্ৰেক্ষাবোৰৰপৰা ইমান গল্প কোৱা হৈ গৈছে যে, এটা linear গল্পৰে উজ্জীৱিত পাঠকক ধৰি ৰখাটো আজিকালি প্ৰায় অসম্ভৱ কথাই হৈ পৰিছে। এই দিশটোৱেই বিশ্বৰ গল্পকাৰসকলৰ সন্মুখলৈ  আনি দিছে প্ৰত্যাহ্বান।এনে প্ৰেক্ষাৰপৰা গল্পত কথা কবলৈ অহা চৰিত্ৰবোৰে জীৱনত পাৰ কৰি যায় নানান দ্বন্দ্ব-সংঘাত—যাৰ উৎস সামাজিক চলনবোৰৰ উঠা-নমাত প্ৰোথিত হৈ থাকে।  

গল্পকাৰে যেতিয়া কাৰোবাক protagonist হিচাপে নিৰ্বাচিত কৰে, তেতিয়া পাঠকে protagonist- ৰ কাহিনীকথনৰ সমান্তৰালভাৱে মূল গল্পৰ আশে-পাশে সামাজিক চলনবোৰৰ উঠা-নমাবোৰো চাবলৈ বিচাৰে। সমাজ পৰিবৰ্তনৰ জটিল দিশবোৰ চাবলৈ বিচাৰে। মল্লিকা হাজৰিকাৰ দৰে কৰ্মাজীৱি নাৰীৰ সমস্যাটো হৈছে সামাজিক চলনবোৰৰ উঠা-নমাবোৰ চাবলৈ পোৱা আহৰিকণ। জীৱনে তেওঁলোকৰ হাতৰ মুঠিৰপৰা সময় কাঢ়ি লৈ যায়। কিন্তু সকলো প্ৰত্যাহ্বান পাৰ কৰিব পৰাটোৱেই সৃষ্টিশীল লোকৰ কাম।

এইক্ষেত্ৰত ছুবুৰীয়া বঙালী সাহিত্যৰ প্ৰায়  সমসাময়িক প্ৰেক্ষাৰ দুগৰাকী মহীয়সী নাৰী সাহিত্যিকৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোক হৈছে মহাশ্বেতা দেৱী আৰু আশাপূৰ্ণা দেৱী। প্ৰথমগৰাকীৰ সাহিত্যই গভীৰ সামাজিক প্ৰেক্ষাক স্পৰ্শ কৰে। তেওঁ আৰ্তজনৰ কণ্ঠক শক্তি দিয়াতেই সমগ্ৰ জীৱন উচৰ্গা কৰিছে। 

আনগৰাকীয়ে মূলতঃ গৃহিণীসকলৰ কথাকেই লিখিলে বুলিব পাৰি। কিন্তু এই গৃহিণীসকলৰ আনে নেদেখা শত-সহস্ৰ দিশৰ ওপৰত আশাপূৰ্ণা দেৱীয়ে ইমানেই পোহৰ পেলালে যে, সেই সাহিত্যই অনন্য মাত্ৰা লাভ কৰি জাতিস্কাৰ হৈ উঠিল। পাকঘৰত ভাৰ-পানী ৰান্ধি আনৰ পৰচৰ্চা আৰু ‘ঘৰেলু পলিচিকচ্’ত সময় অতিবাহিত কৰা নাৰীবোৰৰ মনৰ অনেক গোপন ৰহস্য, জটিল মনস্তত্বঃৰ ওপৰত গল্প লিখিও যে ‘জ্ঞানপীঠ’ৰ দৰে বঁটা লাভ কৰিব পাৰি, সেই কথা আশাপূৰ্ণা দেৱীয়েই জানো প্ৰমাণ কৰি থৈ যোৱা নাই!

গল্পকাৰলৈ শুভেচ্ছা । 

ৰত্না ভৰালী তালুকদাৰ 

 

 

অৰ্চনা বৰঠাকুৰৰ গল্প



এখন নাৰী হৃদয়েৰে একোটা জটিল  সামাজিক প্ৰেক্ষাকো সহজভাৱে  গল্পৰ মাজলৈ লৈ অহা গল্পকাৰগৰাকী হৈছে অৰ্চনা বৰঠাকুৰ।  সাহিত্যত তেওঁ অহৰহ সন্ধান কৰে মানৱীয় প্ৰমূল্যৰ । অৰ্চনা বৰঠাকুৰে নাৰীৰ হৃদয়েৰে  গল্প কয়,  যদিও তাত নাৰীবাদৰ প্ৰসংগ প্ৰায় অনুপস্থিত। আচলতে মানৱিক সম্পৰ্কবোৰৰ প্ৰতি থকা  অনুসন্ধিৎসাৰপৰাই  তেওঁৰ গল্পই যাত্ৰা আৰম্ভ কৰে।  সামাজিক প্ৰেক্ষা অথবা থবা একোটা ব্যক্তিগত অভিজ্ঞতাই  অৰ্চনা বৰঠাকুৰ  গল্পৰ সহজ কথন। 

সহজ, কিন্তু শক্তাশালী  কথন তেওঁৰ গল্পভাষাৰ আটাইতকৈ মূল্যবান অলংকাৰ।  মানৱীয় সম্পৰ্কবোৰৰ অৱলোকনে তাত ৰহণ চৰাই যায়। এটা uncompromising attitude থাকে তেওঁৰ--পাঠকক সন্মুখতে কোৱাৰ দৰে কৈ যায় গল্প। পাঠকৰ সতে স্থাপন কৰে একধৰণৰ face to face connection-কেতিয়াবা স্বগতোক্তিৰ দৰেও কয়। নিৱচ্ছিন্নভাৱে কয়-যেন কাহিনী শেষ নোহোৱালৈকে অনন্তকাললৈকে তেওঁ কৈ যাব। কথনৰ নাটকীয়তাতকৈ নিৰৱধি কৈ যোৱাত বেছি গুৰুত্ব দিয়ে। তেওঁ নিৰ্মাণ (construct) নকৰে, বৰঞ্চ কৈ যায়।    

অৰ্চনা বৰঠাকুৰে গল্পত বৰকৈ পৰীক্ষা-নীৰিক্ষা কৰাৰ পক্ষপাতী নহয়। আংগিকৰ ওপৰতো বিশেষ কাম তেওঁ নকৰে। তথাপিও অৰ্চনা বৰঠাকুৰৰ গল্পই আৰম্ভণিৰপৰা শেষলৈকে পাঠকৰ মনোযোগ ধৰি ৰখাৰ সক্ষমতা বহন কৰে। ইয়াৰ কাৰণ কি? তেওঁ এটা সঠিক plot নিৰ্বাচন কৰে। তাতোকৈও ডাঙৰ কথাটো হৈছে কাহিনীটো তেওঁ বিশ্বাসেৰে আৰু  সততাৰে কৈ যায়। সাহিত্যই যেতিয়া বোকোচাত সততাক বহন কৰি লৈ যায়, তেতিয়া সি একে সময়তে পাঠকৰ হৃদয়লৈও পোনে পোনে বাট লয়—এয়াই সাহিত্যৰ আটাইতকৈ সৰল সত্য। পঠনৰ শেষত পাঠকে গল্পত ঠিক এইখিনয়েই বিচাৰিবগৈ।

এনেকৈয়ে তেওঁ হৈ উঠে প্ৰচলিত সমাজব্যৱস্থাৰ তীক্ষ্ণ পৰ্যবেক্ষক। আৰু সমালোচক। অৱশ্যে,  কবলৈ গ’লে অৰ্চনা বৰঠাকুৰক গল্পসাহিত্যত মানুহ আৰু সমাজৰ এগৰাকী তীক্ষ্ণ পৰ্যবেক্ষকৰ ৰূপতহে বেছিকৈ সাক্ষাপোৱা যায়।

সমাজ বাস্তৱতাৰপৰা আহৰিত অনন্যসুন্দৰ plot নিৰ্বাচন কৰিও অৰ্চনা বৰঠাকুৰে গল্পত কিয় সম্পৰীক্ষা নকৰে, বা  আংগিকৰ বিশেষ পৰীক্ষা-নীৰিক্ষাবোৰ নকৰে—সেই কথা ভাবি কেতিয়াবা আচৰিত লাগে। সম্ভৱতঃ পৃথিৱীত আৰু আমাৰ অসমীয়া ভাষাটো গল্পৰ ক্ষেত্ৰখনতেই বোধহয় আটাইতকৈ বেছি পৰীক্ষা-নীৰিক্ষা হৈছে। চিৰিয়াছ গল্পকাৰে কেনেকৈনো গল্পবোৰ ক’ব, সেই দিশটোত আজিকালি যথেষ্ট সময় দিয়ে। চাবলৈ গ’লে আমাৰ সমাজখনত সাহিত্যত ধৰি ৰাখিবপৰাকৈ ইমানবোৰ উপাদান আছে যে, সেইবোৰ ব্যৱহাৰ কৰি গল্পবোৰ বিভিন্ন ধৰণে কৈ পাঠকক আচৰিত কৰি থাকিব পাৰি। আপুনি যেতিয়া সাহিত্য কৰে, তেতিয়া সেইবোৰ তাত ব্যৱহাৰ কৰাটো এটা দায়িত্বৰ দৰেই  হৈ উঠে। সমাজখনৰ লগতে কেতিয়াবা উপাদানবোৰো মানুহৰ চকুৰ সন্মুখলৈ উঠি আহে।  

আৰু, কবলৈ গ’লে গল্পকাৰৰ কামেই হৈছে সেইটো—সন্মুখৰ জনাৰ পৃথিৱীখনকে নতুন নতুনকৈ কৈ পাঠকক বাৰে বাৰে আশ্বৰ্যচকিত কৰি তোলা। অন্যথা তেওঁ অভিজ্ঞতাৰ ভঁৰালবোৰেৰে non-fiction লিখিবও পাৰিলেহেঁতেন। কিন্তু তেওঁ কবলৈ ভাল পালে একোটা গল্প। সাহিত্যত  নিৰ্মাণৰ (construct)দিশেৰে চাবলৈ হ’লে  গল্প লিখকৰ দায়িত্ব non-fiction লিখকতকৈ অনেক বেছি।

 তেওঁলৈ শুভেচ্ছা ।

ৰত্না ভৰালী তালুকদাৰ 

Friday, 22 December 2023

 

প্ৰদ্যুম্ন কুমাৰ  গগৈৰ গল্প



ল্পৰ  পূৰ্বৰ সকলো  কথন, চিৰাচৰিত প্ৰথা, সংজ্ঞা  ভাঙি দিবলৈ বিচৰা তৰুণ গল্পকাৰজন প্ৰদ্যুম্ন কুমাৰ গগৈ। তেওঁ অপ্ৰকৃতিস্থ সময়ৰ আৰু মানুহৰ অপ্ৰকৃতিস্থ  অৱস্থাৰ কথক। গল্পত তেওঁ অপ্ৰকৃতিস্থ সময়ৰ যিবোৰ চিত্ৰকল্প দিছে, যি ভাষাৰে গল্প কৈছে—সেই সময়ৰ আমি বাসিন্দা, সি মানুহৰ সমকালীন সভ্যতাৰ অংশ। গতিকে একধৰণে তেওঁ গল্পকেই কৈছে (বুলি ধৰি লব লাগিব)। তেওঁৰ গল্পত কোনো ঘটনাই স্বাভাৱিক ছন্দৰে ঘটা নাই। তেওঁ পাঠকক ভাবিবলৈ বাধ্য কৰায়—real কি? unreal কি? 

গল্প কি? 

কথন কি?

বহু সময়ত গল্প পঢ়িবলৈ লৈ এৰি দিবলগীয়া অৱস্থা হয়। একধৰণৰ Computerrecycle bin-ত অজস্ৰ বেমেজালিৰ মাজত সোমাই থকা fileবোৰৰ দৰে গল্পকথন। যিবোৰ আমাৰ প্ৰয়োজনত নালাগে বুলি আমি তালৈ পঠিয়াই দিলোঁ। কিন্তু কিছু দিনৰ বিৰতিত recycle bin-ৰ অজস্ৰ বেমেজালিৰ fileবোৰত অলপ হাত চাফাই কৰিলে দেখা যাব— ‘আৰে, এইটো দেখোন চমৎকাৰ file।’ ‘এই ফটোখন পেলাব নোৱাৰি দেই!’ ‘ধেত্তেৰি, এই document টো delete কৰিবলৈ ওলাইছিলোঁ কিয়?’ -- তাৰপিছত সেইবোৰে কথা কবলৈ ধৰে। চেতন আৰু অৰ্ধচেতন অৱস্থাৰ আচৰিত কিছুমান আজগুবি বিৱৰণী। সেইবোৰেই চিত্ৰকল্প।গল্পকাৰে ক’লে--সেইবাবেই গল্প হল,  হয়তো delete হৈ ন’গল। 

তেনেহ’লে গল্পকাৰো সমকালীন মানুহৰ কিছুমান সুস্থ আৰু বিকৃত সপোনৰ অধ্যয়নকাৰী নেকি-an oneirologist? সপোনৰ ব্যাখ্যাকাৰক নেকি?

তেওঁ কয় বেমেজালিবোৰ কথা। বেমেজালিবোৰেই গল্পৰ আংগিক।চিত্ৰকল্প। আৰু গতিও। বিজ্ঞানীসকলে কয়, আমাৰ মগজুৰ recycle bin-ত থকা অজস্ৰ অদৰকাৰী file বোলে টোপনিত দেখা সপোনৰ মাজেৰে মগজুৱে নিস্কাষণ কৰি দিয়ে।সেইবোৰ আন একো নহয়-আচলতে দিঠকৰেই প্ৰতিফলন। প্ৰদ্যুম্ন কুমাৰ গগৈৰ গল্পবোৰে নিদ্ৰাৰত অৱস্থাত  সপোনৰ মাজেৰে নিস্কাষণ হবলৈ ৰৈ থকা মগজুৰ ফাইলবোৰক ধৰি ৰাখে। কথনত দিঠকৰ প্ৰতিফলন ঘটায়। দিঠকৰ কথা নকয়।

বহুসময়ত সেই ধুঁৱলী-কুঁৱলী কথনৰ মাজেৰ গৈ থাকিলে ভাৱ হয়—আচলতে গল্পকাৰে এইবোৰ নিজৰ মনৰ জগতৰ প্ৰকৃতিস্থ অৱস্থাত লিখিছেনে? ধোঁৱাময় নিচাগ্ৰস্ততাত লিখিছে নেকি?

কিন্তু নহয়। তেওঁ এটা চিজিল মনেৰেই এই অ-চিজিল চিত্ৰকল্পৰে অ-চিজিল সময়ৰ গল্পবোৰ লিখিছে। তেওঁ সেইখন জগতৰ আশ্বৰ্যময় খনিকৰ। 

তেওঁলৈ শুভেচ্ছা

ৰত্না ভৰালী  তালুকদাৰ 

 

Monday, 18 December 2023

 

বিপাশা বৰাৰ গল্প




ৰোমাণ্টিক বিষণ্ণতা (romantic melancholy)আৰু লোকজ চেতনাৰ প্ৰতি থকা সচেতনতাৰে (folk consciousness)এক fusion-ধৰ্মী কথনশৈলী নিৰ্মাণ কৰি লৈ গল্প কবলৈ আৰম্ভ কৰিছিল বিপাশা বৰাই। একধৰণৰ সন্মোহণ (mesmerism)অথবা মায়াজালৰ(illusion)দৰে সেই কথকতা। এই কথন ইমান স্বতঃস্ফুৰ্ত আছিল যে, সি সকলোৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পঠনৰপৰা নিজকে এৰুৱাই আনিব নোৱাৰি।

বিপাশা বৰাই জীৱনক গভীৰভাৱে ভালপায়। শূন্যৰপৰাও জীৱনক নতুনকৈ আৰম্ভ কৰাৰ ক্ষমতা তেওঁ ৰাখে। এগৰাকী সৃষ্টিশীল লোকৰ বাবে এনে ক্ষমতা তেনেই সহজ কথা নহয়। সীমাবদ্ধতাৰ সকলো সীমা পাৰ হৈ তেওঁ জীৱনৰ সকলো সম্ভাৱনীয়তাক স্পৰ্শ কৰিবলৈ বিচাৰে। এই অদম্য, ইতিবাচক জীৱনৰ স্পৃহা তেওঁৰ কথনত অতি স্পষ্ট।

ৰোমাণ্টিক বিষণ্ণতাত আৱেশ সানি লোকজ চেতনাৰ উপাদানেৰে জীৱনৰ গভীৰলৈ যোৱাৰ হেঁপাহ গল্পকাৰৰ ইমান তীব্ৰ আছিল যে, আচৰিতধৰণে সেই জীৱনবোধেৰেই তেওঁ নৃ-গোষ্ঠীয় জীৱন আৰু গোষ্ঠী চেতনাৰ শ্ৰেণীদ্বন্দ্বক সফলভাৱে আৰু একেলগে গল্পলৈ তুলি আনি পাঠকক চমৎকাৰ সম্ভাৱনাৰে আচৰিত কৰি পেলাইছিল। ই আছিল অসমীয়া গল্পসাহিত্যৰ এক নতুন বাগধাৰা--যাৰ অৱলোকন গোষ্ঠীচেতনা অথবা শ্ৰেণীদ্বন্দ্ব বাদেই--নাৰীবাদী বাগধাৰাৰেও কৰিব পৰা যায়। অলেখ দ্ব্ন্দ্বৰ মাজেৰে যি গল্প আগবাঢ়ে। পাঠকক মুহুৰ্মুহু চেতনাৰে এনেদৰে জৰ্জৰিত কৰে যে, আগবাঢ়িব খুজিও আগবাঢ়িব নোৱাৰি। পুৰাকথা অথবা মীথ্ (myth) বোৰে তাত আচৰিত চিত্ৰকল্পৰ নিৰ্মাণ কৰি যায়।ভাৱ হয় এনে মীথ্ (myth) সাজিব পৰাৰ দক্ষতা কেৱল তেওঁৰেই আছে। প্ৰায়েই এই মীথ্ (myth)বোৰ উঠি আহে ন-তাত্বিক গোষ্ঠীচেতনাৰ 

তত্বৰ পৰিসীমাৰ বাহিৰত নিজস্ব এক গভীৰ জীৱনবোধৰপৰাই তেওঁ গল্পভাষালৈ সেই কাহিনী মাথোন নহয়, বৰঞ্চ সমগ্ৰ জীৱন তুলি আনিবলৈ সক্ষম হৈছিল। চিনাকি পৃথিৱী হৈ পৰিছিল অচিনাকি। অচিনাকিখন বিস্ময়ক।  

আচৰিত কথা যে, তেওঁৰ এই অনন্য শক্তিশালী বাগধাৰা আৰু গভীৰ জীৱনবোধৰ সেই গল্পভাষাক পৰৱৰ্তী সময়ত ৰোমাণ্টিক বিষণ্ণতা আৰু লোকজ চেতনাৰ উপাদানৰ প্ৰাধান্যৰে যেন ইচ্ছা কৰিয়েই তল পেলাই থোৱা হ’ল। কোনোবাই হয়তো তেওঁক তেনে সীমিত বাগধাৰাৰ গল্পকাৰ বুলিয়েই পতিয়ন নিয়ালে। গল্পকাৰেও হয়তো সেই কথা মানি ল’লে আৰু সাময়িকভাৱে গভীৰ জীৱনবোধ স্পৰ্শ কৰি তুলি আনিবপৰা সেই শক্তিশালী কথকতাক পাহৰি পেলালে। আশ্বৰ্যকৰ মীথ্(myth)বোৰৰ কালিকাও যেন বহু পৰিমাণে কমি আহিল। ফলত পৰৱৰ্তী সময়ৰ কেইবাটাও গল্প সুখপাঠ্য হলেও পূৰ্বৰ সেই অনন্যসুন্দৰ জীৱনবোধৰ শক্তিশালী গল্পভাষাৰ আৱেশৰ কাষলৈ যেন যাবলৈ পৰা নাছিল।

ৰোমাণ্টিক বিষণ্ণতা, লোকজ চেতনা, সোঁৱৰণি অথবা পাহৰণিৰ চিত্ৰকল্পৰে গল্পত অলেখ কথাই কৈ যাব পাৰি-কিন্তু তেওঁ যে গভীৰ জীৱনবোধৰো গল্পকাৰ! কেতিয়ানো পূৰ্বৰ দৰে কথাবোৰ কবলৈ আৰম্ভ কৰি বুলি বাট চাই থকাৰ সময়তে শেহতীয়াকৈ গল্পলৈ তেনে সংবেদী, গভীৰ জীবনৰ অভিজ্ঞতাৰ সোৱাদ গল্পৰ মাজেৰে দিবলৈ যত্ন কৰিছে-যি আমাৰ দৰে পাঠকক আশ্বস্ত কৰিছে। হয়। কেতিয়াবা এৰি থৈ যোৱা সমৃদ্ধ সুঁতিলৈ নৈ উভতি আহে। এয়া আদৰণীয়। আমি আমাৰ শব্দবোৰ ক’ত থৈ যাম! পাঠকৰ হৃদয়ত। কিন্তু সেই কথাষাৰ আমি নিজকে সুধি চা লাগিব। গল্পকথা কবলৈ আৰম্ভ কৰাৰেপৰা শেষলৈকে লেখকৰ এক দায়িত্ব থাকে—পৰিক্ৰমা সফলতাৰে সমাপ্ত কৰাৰ। নিজকে অতিক্রম কৰাটো সৃষ্টিশীল মানুহবাবে কঠিন কাম, কিন্তু সেই কাম কৰিব পাৰে বাবেই তেওঁ সৃষ্টিশীল।

 গল্পকাৰলৈ শুভেচ্ছা

 ৰত্না ভৰালী তালুকদাৰ

Sunday, 17 December 2023

 

 

ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পবোৰ 




ভাস্কৰ জ্যোতি বৰুৱা প্ৰকৃততে চহৰৰ কথা কোৱা গল্পকাৰ। চহৰৰ জটিল বাস্তৱতাৰ পৃষ্ঠত তেওঁ গল্প নির্মাণ কৰে।  কেতিয়াবা আনে এচমকা খণ্ডিত অভিজ্ঞতা। কেতিয়াবা চহৰৰ ইতিহাস নিৰ্মাণৰ প্ৰক্ৰিয়া। উদঙায় ষড়যন্ত্ৰ। তেতিয়া ভাব হয়—এই চহৰবোৰ দৰাচলতে কাৰ? চহৰ যেন মানুহনহয়।চহৰতযথা কৃত্রিমতাত হেৰাই যায় মানুহজীয়া থকাৰ হেঁপাহ। ভাস্কৰ জ্যোতি বৰুৱা গল্পই কয়—চহৰ আচলতে মানুহে গঢ়ে, ষড়যন্ত্ৰ এই নিৰ্মাণৰ অংশ। তাৰ মাজতেই বাস কৰা মানৱতাৰ অনুভুতিয়ে গল্পৰ পাঠকক চমৎকাৰৰ সোৱাদ দিয়ে।

তেওঁগল্পৰ যিবোৰ মানুহ এতিয়াচহত আছে, সেই মানুহবোৰে তাহানিতে গাওঁ এৰি আহিছিল। ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পত তাহানিৰ(গাওঁ এৰাৰ)বিৱৰণী নাই। আছে বৰ্তমানৰ মানুহবোৰৰ গাথা।তেওঁলোকে হয়তো কেইটামান প্ৰজন্ম চহৰত পাৰ কৰিলে। ইয়াতিক্ততাবোৰ হজম কৰি তেওঁলোক এতিয়া অভিজ্ঞ। অযথা যান জঁট, চিঞৰ-বাখৰেৰে চহৰৰ মানুহ তিতিক্ষু হৈ উঠাৰ অভিজ্ঞতা তেওঁৰ গল্পত নাই। বিপৰীতে চহৰত জাহ যোৱা মানুহৰ আনে নেদেখা কাহিনী কবলৈ তেওঁ ভাল পায়। এৰা। মানুহ চহৰত জাহ যায়। হেৰুৱাই পেলায় তাহানিৰ ইতিহাস। এনেধৰণৰ কাহিনী কবলৈ গল্পকাৰৰ নিজা দর্শনলগতে আচলতে একধ আত্মবিশ্বাসৰো প্ৰয়োজন হয়। গল্পত তাৰ স্বাক্ষৰ আছে। পঠনৰ ভলা লগা অভিজ্ঞতাখিনি হৈছে যে, চহৰতেওঁ অন্বেষণকাৰীৰ দৰে চাইছে। কাহিনীশৈলীটো নিজাইয়াত গাওঁ এৰা মানুহবোৰৰ বেদনা নাই। অযথা বিলাপো নাই। যি কথা কবলৈ বিচাৰে সেই প্রেক্ষা তেওঁ জানে বাবেই বিচৰণ ক্ষেত্ৰৰ বাহিৰত গল্প খেপিয়াই নুফুৰে

চহৰৰ মানুহৰ অভিজ্ঞতা ভয়ংকৰ। অজস্ৰ কুটিল ষড়ন্ত্ৰ, বিচ্ছিন্নতাবোধ, একাকীত্ব, লগ পোৱাহ হেঁপাহৰ দৰে কথনৰ মাজেৰে গল্পকাৰে এচোৱা ইতিহাস ধৰি ৰাখিব বিচাৰে। সময়ৰিবর্তনত তাহানিএলাগী চহৰৰ এডোখমাটি যেতিয়া  মূল্যবান হৈ উঠে, পাৰিবাৰিক কথা-কাণ্ড, ষড়ন্ত্র কাহিনীবোৰে তাত পোখা মেলে—তেতিয়া তেওঁ তালৈ এটা সফল গল্প বিচাৰিবলৈ গুচি যায়গৈ। বিলুপ্তপ্ৰায়, খোলাধাৰী কচ্ছপ হৈ উঠে আচৰিত মেটাফ’ৰ।

গল্পকাৰে নিজাকৈ এটা নিটোল কাহিনী কয়। কাহিনীৰপৰা মনঃসংযোগ বিচ্ছিন্ন হৈ কেতিয়াবা আঁত খেলি-মেলিও হয়। কেতিয়াবা কাহিনী জোৰে-জোখাৰে গোটাই নোলোৱাকৈও কাহিনী কৈছে। কবলৈ গলে তেওঁ চহৰৰ অনেক গল্প আমাৰ সফলভাৱে কবলৈ বাকী আছে। পাঠকে উমান নোপোবা অনেক নজনা-নুশুনা কাহিনীসোৱাদ দিবলৈ আছে।  আটাইতকৈ ভাল লগা গল্পটো কবলৈতো বাকী আছেই! এনে গল্পকাৰৰ প্ৰয়োজন আমাৰ আছে। চহৰ নিৰ্মাণৰ কাহিনী কোৱা গল্পকাৰ আমাৰ নাই বুলিলেও হয়। এই কাহিনীবোৰ কোৱাৰ বাবে গল্পই উপযুক্ত মাধ্যম। প্লেটফৰ্ম। নিৰ্মাণৰ প্ৰক্ৰিয়াৰ মাজেৰে ধৈৰ্যসহকাৰে গৈ থকা গল্পকাৰে নিজৰ উত্তৰণৰ বাট নিজেই দেখা পায়। আজিৰ পাঠকে গল্পকাৰৰপৰা দাবী কৰে এটা compact, বুদ্ধিদীপ্ত গল্প। কিয়নো আজিৰ পাঠকজনো অতিকৈ ব্যস্ত মানুহ। বিভিন্ন অভিজ্ঞতাৰে পুষ্ট। কামৰ মজতহে পঢ়িব, পঠনৰ বাবে সুকীয়াকৈ আজৰি সময় নাপায়। আজিৰ পাঠকে পঠনৰ সময়ত গল্পটোক দিব লগা সময়খিনিৰো হিচাপ ৰাখিবলগীয়া হয়।

গল্পকাৰে গল্পৰ মজেৰে সাহিত্যত আশ্বৰ্যৰ নিৰ্মাণৰ ইতিহাস ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। আচলতে সাহিত্য একধৰণে ইতিহাসেই, ই মাথোন কাহিনীকথন নহয়। সাহিত্যৰ মাজেৰে নাগৰিক চেতনাসমৃদ্ধ ইতিহাস কথনৰ বিশেষ ডেগাডোখৰত ৰৈ গল্প কোৱাৰ অপূৰ্ব দক্ষতা ভাস্কৰ জ্যোতি বৰুৱা আছে।

কেতিয়াবা অৱশ্যে কথন শিথিলো হৈছে। বৰ সোনকালেই চিনাকি চহৰ আমাৰ  অপৰিচিত হৈ যায়।মিনিটত হেৰাই যায় পুৰণা গছ। তাত বাস কৰা চৰইবোৰ ক’লৈ যায়গৈ! সিহঁতৰ adaptation লক্ষণবোৰ কি? চহৰত কেৱল মানুহেই জানো adaptation কৰে? গল্পকাৰে চহৰত বাস কৰা মানুহৰ বাহিৰে আন জীৱলৈয়ো এটা দৃষ্টি ৰখাৰ বাবেই কথাবোৰ মনলৈ আহে।  ক্ষণে ক্ষণে চহৰত সলনি হৈ পৰে দেৱালৰ ভাষা। চকুৰ পচাৰতে গঢ়ি উঠা ফ্লাই অ’ভাৰে বুহ কথন ঢাকি পেলায়। নতুন কথনৰ জন্ম দিয়ে। সাহিত্যত এই সকলোবোৰেই অপৰূপ চিত্ৰকল্প হৈ ধৰা দিয়ৰ ক্ষমতা ৰাখে। আৰু কত বিচিত্ৰ চিত্ৰকল্প থাকে! চহৰত মানুহৰ ইতিহাস নির্মাণআঁৰৰ নিৰ্মম কথকতা তেখেতৰ গল্পত ওলাই আহিছে, কিন্তু নিৰৱচ্ছিন্নভাৱে ওলাই আহিবলৈ এতিয়াও যেন বাকী। 

 গল্পকাৰলৈ শুভেচ্ছা

 ৰত্না ভৰালী তালুকদাৰ