Friday, 14 June 2024

 

 লোপামুদ্ৰা ভট্টাচাৰ্ৰ  ‘সুহৃদ’ৰ বিষয়ে



 

সাহিত্যৰ কিছুমান কাম কেতিয়াবা একধৰণৰ দায়িত্বৰ দৰে হৈ পৰে। লোপামুদ্ৰা ভট্টাচাৰ্য এগৰাকী লেখক আৰু শিক্ষক। মূলতঃ গল্পলেখক লোপামুদ্ৰা ভট্টাচাৰ্যই ক’ভিদ অতিমাৰীৰ সময়তে এটা self assigned কৰ্তব্য সমাপণ কৰিছিল শিক্ষক জীৱনৰ অভিজ্ঞতাৰে। যাৰ ফলশ্ৰুতি হৈছে  ‘সুহৃদ’ নামৰ কৈশোৰ মনঃস্তত্ব বিষয়ক তেওঁৰ শেহতীয়া উপন্যাসখন।

ক’ভিদ অতিমাৰীৰ সময়ত সমগ্ৰ বিশ্বৰ মানৱজাতি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছিল। এটা বীজাণুৰ সন্মুখত অসহায় মানৱজাতি, বিভিন্ন দেশৰ শসকবৰ্গই ৰছনা কৰা ঘৃণাৰ ৰাজনীতি, কোৱাৰেনটিনকালৰ থাউনি হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকে কৰা অন্তহীন যাত্ৰা, মাহৰ পিছত মাহ ধৰি ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা জীৱন—এই সকলোবোৰ অনাহুত অভিজ্ঞতা সৃষ্টিশীল লোকসকলে নিজৰ নিজৰ কামেৰে ধৰি ৰাখিবলৈ নানা প্ৰচেষ্টা হাতত লৈছিল। এই সময়তে লোপমুদ্ৰা ভট্টাচাৰ্যই নিৰলে কৈশোৰ মনঃস্তত্ব আৰু ক’ভিদকালীন অভিজ্ঞতাক লৈ লিখি উলিয়ালে এখন মৰ্মস্পৰ্শী উপন্যাস—যাৰ নাম ‘সুহৃদ’।

কবলৈ গ’লে, নামটোৱেই আচলতে উপন্যাসখনৰ বিষয়ে বহু কথা কৈ পেলাইছে। সেই অতিমাৰীৰ সময়ত হঠাতেই বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হ’ল। অনলাইন পাঠ্যক্ৰম নামৰ এবিধ তেনেই অচিনাকি পাঠ্যক্ৰমৰ মাজত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছ্ত্ৰীসকল সোমাই পৰিল। এটা স্মাৰ্ট ফোন, নেট পেক্  সকলোৰে বাবে আৱশ্যকীয় হৈ পৰিল। এখন চৰকাৰী বিদ্যালয়ত কৰ্মৰত  শিক্ষয়িত্ৰী হিচাপে এই নতুন ব্যৱস্থাই কৈশোৰৰ বয়ঃসন্ধিৰ সময়চোৱাত, বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ আৰ্থিকভাৱে পিচপৰা শিক্ষাৰ্থী আৰু অভিভাৱকক কেনেদৰে জীৱন-জীৱিকাৰ যুদ্ধৰ লগতে অতিৰিক্তভাৱে আন সমস্যাৰ মাজলৈ ঠেলি দিব পাৰে, সেই কথা লোপামুদ্ৰা ভট্টাচাৰ্যৰ দৰে আন কোনে ভালকৈ বুজিব?

কিন্তু কেৱল ক’ভিদৰ সমস্যাই মূল কথা নহয়। কিশোৰ প্ৰজন্মই এই সময়তে সন্মুখীন হয় শাৰীৰীক পৰিবৰ্তন আৰু মানসিক পৰিবৰ্তনৰ বুজিব নোৱাৰা সমস্যাবোৰৰ। আহে প্ৰেমৰ অনুভূতিও। বয়সে বান্ধোন নামানে। কিন্তু পৃথিৱী জোঁকাৰি যোৱা এক ভয়ংকৰ মানৱিক বিপৰ্যয়য়ে আনসকলৰ লগতে কিশোৰ প্ৰজন্মকো ঘৰ চাৰিবেৰত আৱদ্ধ কৰি পেলাইছে। সংকীৰ্ণ কৰি আনিছে তেওঁলোকৰ পৃথিৱী। এই বান্ধোনৰ ভয়াবহতা আচলতে উপলব্ধি কৰাও এক কঠিন কাম। সেয়েহে হয়তো উপন্যাসখন উচৰ্গা কৰা হৈছে ২০২০ চনৰ দশমমানৰ শিৰক্ষাৰ্থীসকলৰ হাতত-তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে আহি পৰা এই দুৰ্যোগে এই বিশেষ শিক্ষাৰ্থীসকলক যথাৰ্থতেই এক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছিল। যিসকল আৰ্থিকভাৱে পিচপৰা, তেওঁলোকৰ বাবে এই উদ্বিগ্নতা আছিল আৰু  বেছি। বহু সমত কৈশোৰকালৰ উদ্বিগ্নতাৰপৰা অহা আচৰণবোৰ পিতৃ-মাতৃয়েও সঠিকভাৱে উপলব্ধি কৰিবলৈ অপাৰগ হৈ পৰে। তেনে সময়ত সময়তে এগৰাকী শিক্ষকৰ এখন সহানুভুতিশীল হাতে কৈশোৰৰ জটিল জীৱনত কিদৰে যাদুৰ পৰশ দিব পাৰে, তাৰ হৃদয়স্পৰ্শী বিৱৰণী ‘সুহৃদ’ত আছে। অৱশ্যে এই যাদুৰ পৰশ শূন্যৰপৰা আহৰিত নহয়, ইয়াৰ বাবে প্ৰয়োজন হয় একোখন মৰমী, স্পৰ্শকাতৰ হৃদয়ৰ। কবলৈ গ’লে অনেক শিক্ষকেই শিক্ষাৰ্থীক পঢ়ায়—কিন্তু  কোনো কোনো শিক্ষকে শিক্ষাৰ্থীৰ অন্তৰখনো পঢ়ি পেলায়, নিজৰ সন্তানৰ দৰেই অনুভৱ কৰে তেওঁলোকৰ প্ৰতি দৰদ। তেওঁ হৈ উঠে মমতাময়ী মাতৃ।  

গল্পই হওক বা উপন্যাস—সংবেদী হৃদয়,স্পৰ্শকাতৰতা আৰু গভীৰ মানৱিক অনুভুতিয়েই আচলতে লোপামুদ্ৰা ভট্টাচাৰ্যৰ সাহিত্যৰ কালিকা শক্তি। চৌপাশৰ সমাজখন, তাত বাস কৰা মানুহবোৰৰ প্ৰতি তীক্ষ্ণ অনুসন্ধিৎসাৰে তেওঁ সাহিত্যৰ ভেটি নিৰ্মাণ কৰে। বহুসময়ত তেওঁৰ গল্পৰ পঠনে আমাৰ স্নেহ দেৱীৰ গল্পবোৰলৈ মনত পেলায়-য’ত মানুহৰ মনৰ বিচিত্ৰ অনুভুতিৰ আস্বাদে আমাৰ আচৰিত কৰি থৈ যায়।

পূৰ্বৰ অভিজ্ঞতাৰ বিপৰীতে ‘সুহৃদ’ত তেওঁ কিন্তু এক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। এই প্ৰত্যাহ্বান কিশোৰ মনঃস্তত্বক লৈ উপন্যাস সৃষ্টিৰ, তাকো ক’ভিড অতিমাৰীৰ দৰে ভয়ংকৰ মানৱিক অভিজ্ঞতাৰ সন্মুখত থাউনি হেৰুওৱা এজাক কিশোৰক লৈ—এয়া সহজ কথা নহয়। সকলোৰে বাবে সুখপাঠ্য যদিও, মূলতঃ যিসকলে এই অভিজ্ঞতা পাৰ কৰি গৈছে, তেওঁলোকেই হয়তো ‘সুহৃদ’ উপন্যাসৰ শব্দবোৰৰ মাহাত্ম্য আটাইতকৈ ভালকৈ বুজিবলৈ সক্ষম হ’ব। উপন্যাসখনৰ পঠনে কয়, লোপামুদ্ৰা ভট্টাচাৰ্য এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী হোৱাৰ বাবেই হয়তো এনে এখন হৃদয়স্পৰ্শী উপন্যাস দায়বদ্ধতাৰে লিখি পাঠকৰ সন্মুখলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছে।

এই সকলোবোৰৰ মাজতে অৱশ্যে এটা কথা কব লাগিব। লোপামুদ্ৰা ভট্টাচাৰ্যৰ সাহিত্য পঢ়িলে ভাৱ হয়—পাণ্ডুলিপি অৱস্থাত নিজাকৈ আৰু এবাৰ সম্পাদনা কৰিবলৈ তেওঁ যদি অলপ সময় উলিয়াব পাৰিলেহেঁতেন! ‘সুহৃদ’ৰ বেলিকাও কিছু পৰিমাণে এই কথা কব পাৰি। কৰ্মজীৱি নাৰী লেখকৰ এয়া এক সমস্যা যে চাকৰি, ঘৰ-সংসাৰ, সন্তানৰ লালন-পালনৰ লগে আন সামাজিক কামৰ ব্যস্ততাই সাহিত্যৰ বাবে দিবলগীয়া প্ৰয়োজনীয় সময়খিনিৰ অনেক অংশ কাঢ়ি লৈ যায়। কিন্তু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ উত্তৰণ তেওঁ ঘটাবই লাগিব, অন্যথা সৃষ্টি স্থবিৰ হৈ পৰিব। সেইবাবেই এগৰাকী নাৰী লেখকৰ বাবে হয়তো জীৱনৰ দ্বিতীয় ইনিংছটি অতি গুৰুত্বপূৰ্ণ হৈ পৰে-যি সময়ত তেওঁ সন্তানৰ লালন-পালন, নিজকে প্ৰতিষ্ঠা কৰা যুঁজ-বাগৰবোৰৰপৰা কিছুপৰিমাণে মুক্ত হৈ পৰে।

এই সকলোবোৰৰ প্ৰেক্ষাত এক নিৰ্দিষ্ট দৃষ্টিৰে ‘সুহৃদ’ক এক বিশেষ সময়ৰ দলিল হৈ ৰব বুলি নিসন্দেহে কব পাৰি। বিশ্বজোৰা এক জটিল সংকটৰ সন্মুখত কিশোৰ মনঃস্তত্ব বিষয়ক এনে এখন উপন্যাস আমাক উপহাৰ  দিয়াৰ বাবে তেওঁক ধন্যবাদ দিবই লাগিব। বিশেষকৈ অসমীয়া ভাষাক লিখা এই উপন্যাসখনে সময়ক ধৰি ৰখাৰ ইস্পিত লক্ষ্যত উপনীত হোৱাৰ প্ৰত্যাশা স্বভাৱিকতেই পূৰণ কৰিছে।  তেওঁলৈ শুভকামনা। চৰৈৱতী।

 ১৪-০৬-২০২৪

Thursday, 13 June 2024

 


বাসন্তী বজাৰৰ গল্পবোৰ 



সমকালীন অসমীয়া সাহিত্যৰ জগতখনলৈ চালে বহু সময়ত ভাৱ হয়, সাহিত্যই প্ৰকৃতাৰ্থত যেন appreciation হেৰুৱাইছে। সামাজিক মাধ্যমত এতিয়া গল্প বা কবিতা এটা পঢ়ি ভাল লাগিল বুলি কবলৈও বিপদ। ফে’ইক একাউণ্টৰপৰা অজান মৌলবাদীৰ ফটোৱা আহি পৰে। কবি, গল্পকাৰ অথবা উপন্যাসিকসকল-যিসকলৰ মুষ্টিমেয়েকইজনে গভীৰ সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ বাবেও যেন উপযুক্ত হাত এখনৰ অভাৱ। এষাৰ অন্তৰভৰা প্ৰেৰণাৰ অভাৱ।  যি কি নহওক, কমকৈ হ’লেও কিছু সংখ্যকে ব্যতিক্ৰমী উপস্থাপনাৰে সাহিত্যৰ আংগিক, কলা-কৌশলৰ বেলিকা নিৰৱচ্ছিন্নভাৱে একধৰণৰ গম্ভীৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ appreciate কৰাটো দোষৰ কথা নহয় বুলিয়েই ভাৱোঁ।

চৌপাশৰ সমাজৰ চলমান কাৰকবোৰৰ খুঁটি-নাটিলৈ তীক্ষ্ণতাৰে নজৰ দি গভীৰ পৰ্যবেক্ষণৰপৰা নিজা এক আকৰ্ষণীয় গল্পভাষা নিৰ্মাণ কৰিবলৈ বিচৰা এজন গল্পকাৰ হৈছে অজয় কুমাৰ ৰায়। তেখেতৰ দ্বিতীয়খন গল্পসংকলন ‘বাসন্তী বজাৰ’ৰ গল্পসমূহলৈ মন কৰিলেই চিৰিয়াছ গল্প কোৱাৰ  হাবিয়াস পুহি ৰখা গল্পকাৰজন অনায়াসে বিচাৰি পাব পাৰি।

কবলৈ গ’লে চৰিত্ৰবোৰ, কাহিনীটো আৰু বিশেষকৈ এক শৈল্পিক গল্পভাষা তেওঁৰ গল্পৰ অন্যতম আকৰ্ষণীয় দিশ। অতি কম গল্পতহে এনে  নিটোল, নিৰ্মেদ, ভাষাশিল্প দেখা পায়। আৰু এটা কথা- তেওঁৰ গল্পৰ প্ৰায়বোৰ চৰিত্ৰ voiceless, সেইবোৰে নিজৰ কথাবোৰ কবলৈ, বক্তব্য উপস্থাপন কৰিবলৈ একোটা কণ্ঠ বিচাৰে, এজন প্ৰতিনিধি বিচাৰে।  যিসকলে এই কামটো কৰিবলৈ যায়, তেওঁলোক কিমান পৰিমাণে দায়বদ্ধ হ’ব লাগে, সেই কথাও গল্পকাৰে নিজেই উপলব্ধি কৰে—কিয়নো তেওঁ মাথোন গল্পকাৰ নহয়, এজন representative-ও।  

বোধহয় সেইবাবেই অজয় কুমাৰ ৰায়ৰ বহু চৰিত্ৰ উঠি আহিছে অদৃশ্যতাৰপৰা। ‘হিতাধিকাৰী’ গল্পৰ মদনৰ দৰে চৰিত্ৰ সমাজত প্ৰায় অদৃশ্য। কিন্তু সেইবুলি এই মানুহবোৰ সংখ্যালঘূ নহয়, বৰঞ্চ সমাজত তেনে মানুহৰ সংখ্যাই বেছি। অথচ চকুৰ আগতে থাকিলেও এই মানুহবোৰে চেঁচুকত, বা এন্ধাৰত বিচৰণ কৰাৰ দৰে থাকে বাবে প্ৰায়েই এনে মানুহবোৰ দেখিবলৈ পোৱা নাযায়।  অজয় কুমাৰ ৰায়ে গল্পৰ মাজেৰে তেওঁ নিষ্ঠাৰে এই কামটো কৰিবলৈ প্ৰয়াস কৰিছে।

ইয়াৰ লগতে পাঠকৰ বাবে গল্পটোৰ বাবে প্ৰয়োজনীয় ভাষা আৰু আংগিক বিচাৰি পাবলৈও তেওঁ বিভিন্ন প্ৰয়াস কৰে। সেয়েহে ‘বাসন্তী বজাৰ’ গল্প সংকলনৰ গল্পবোৰত আমি কেইবাটাও গল্পভাষা বিচাৰি পাওঁ। ‘হিতাধিকাৰী’ৰ ভাষা ‘বাসন্তী বজাৰ’ৰ ভাষাতকৈ সুকীয়া। ‘হিতাধিকাৰী’ ‘বাসন্তী বজাৰ’ বা ‘যতীন দাসক আমি পাহৰি যোৱা উচিত’ৰ দৰে গল্পৰ ভাষা আৰু আংগিক চমৎকাৰ। বিশেষকৈ ‘হিতাধিকাৰী’ৰ  মাজেৰে তেওঁ পৰিহাস আৰু ব্যংগক গল্পলৈ আনিবলৈ যি ভাষা নিৰ্মাণ কৰি পেলাইছে—তাৰ পৰিপক্ব ৰূপটোৱে আমাৰ মন বহুপৰলৈ দোলাই থৈ যায়। এনে গল্প বৰ সহজে মন আৰু মগজুৰপৰা উলিয়াই দিব নোৱাৰি। প্ৰায়বোৰ গল্প তেওঁ সমাজ জীৱনলৈ ব্যৱস্থাই কঢ়িয়াই অনা বিভাজন, বিষণ্ণতা আৰু পৰিহাসৰ ভাষাৰে নিৰ্মাণ কৰিছে আৰু সফল হৈছে। এনে গল্পৰ পিচফালে থকা সুক্ষ্ম পৰ্যবেক্ষণ, দীঘলীয়া হ’মৱৰ্ক  আৰু  লেখকৰ দৰ্শনৰ ঐকান্তিকতাক পঠনৰ সময়ত উপলিব্ধ কৰিবলৈ কঠিন নহয়। এনে গল্পই কয় গল্প কবলৈ গল্পকাৰৰ দীঘলীয়া কালৰ বাবে থকা প্ৰস্তুতিৰ কথা।

অৱশ্যে, ‘বাসন্তী বজাৰ’ৰ সকলোবোৰ গল্পই সমানেই ৰসোত্তীৰ্ণ হৈছে বুলি কব নোৱাৰি। ‘পায় ভুতুনী পৰৰ খায়, নাপায় ভুতুনী নিজৰ খায়’, ‘গুৱাহাটীত গুৱেভৰা’, ‘দুটা ভূতৰ গল্প’ৰ দৰে গল্পবোৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু এটা কথা সঁচা যে কথন, আংগিক আৰু থীম্-ৰ গতানুগতিকতাক অতিক্ৰম কৰিবলৈ যিসকল গল্পকাৰে সম্পৰীক্ষা কৰিবলৈ ভাল পায়, তেওঁলোকৰ সকলো গল্প সমানেই পাগত উঠা নহবও পাৰে।কিন্তু তাৰ ভয়ত সম্পৰীক্ষা কৰিবলৈ ভয় কৰি গতানুগতিকতা বা একঘেয়ামিত ডুব যোৱাটোহে বেয়া কথা, তেতিয়া অৱসাদগ্ৰস্ততাই লেখকক আগুৰি ধৰিব আৰু লেখকজীৱনৰ আয়ুসকাল টুটি আহিব। সম্পৰীক্ষাবাদীসকলে নিজকে অতিক্ৰম কৰি নিৰলসভাৱে আগুৱাই  যায়। এইক্ষেত্ৰত আগুৱাই যোৱা বাটত গল্পকাৰৰ  গভীৰ অনুসন্ধিৎসা, চিৰিয়াছ পঠন আৰু বিচক্ষণতাই বিশেষভাৱে সহায় কৰিব বুলি বিশ্বাস হয়।

বহু সময়ত অজয় কুমাৰ ৰায়ৰ গল্পভাষা, সমাজ-বাস্তৱতাৰ নিৰীক্ষণৰ দক্ষতা আৰু প্ৰকাশভংগীৰ সাৱলীলতাই তেখেতৰ  মাজত এজন উপন্যাসিককো চকা-মকাকৈ আৱিস্কাৰ কৰাই থৈ যায়, যি আমাৰ দৰে পাঠকৰ  প্ৰত্যাশা বৃদ্ধি কৰে।  

অজয় কুমাৰ ৰায়ৰ দৰে চিৰিয়াছ গল্পকাৰৰপৰা আমি দীঘলীয়া সময়ৰ গল্পকথনৰ প্ৰস্তুতি আশা কৰিছোঁ, যিহেতু কল্পনাশ্ৰয়ী সাহিত্যতকৈ নিৰ্মম বাস্তৱৰ অভিজ্ঞতাৰে অহা সাহিত্যৰ আয়ুসকাল সদায় বেছি।  কিন্তু তাৰ বাবে  লাগিব নতুনত্ব আৰু নিজকে সময়োপযোগী কৰি আগুৱাই নিয়াৰ নিৰলস প্ৰচেষ্টাও।  

১৩-০৬-২০২৪

Wednesday, 5 June 2024

 

প্ৰসংগ গৌৰৱ গগৈঃ


Pic-Official Facebook page-Gourav Gogoi

গৌৰৱ গগৈক যেতিয়া যোৰহাট সমষ্টিৰপৰা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কোৱা হ’ল, তেতিয়া  কেৱল যোৰাহাট সমষ্টিৰ ৰাইজৰেই নহয়, সমগ্ৰ অসমবাসীৰ আশীৰ্বাদৰ বৰষুণ যেন তেওঁৰ শিৰলৈ নামি আহিল।যোৰহাট সমষ্টিৰ প্ৰাৰ্থীত্ব পাই তেওঁ কৈছিল যে, তেওঁৰ নিজকে অভিমন্যুৰ দৰেই লাগিছে। অৱশ্যে মহাভাৰতৰ অভিমন্যূৰ বিপৰীতে তেওঁ দূৰ্গ ভেদি ওলাই আহিব পাৰিব। লোকসভা সমষ্টিটোত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতিৰ বাবে খুৱ কম সময় পোৱা গৌৰৱ গগৈয়ে কিন্তু যিধৰণৰ মৌলিক (organic) চিন্তা আৰু উদ্ভাৱনী (Innovative)ৰণকৌশল ৰছনা কৰিলে, সি সকলোকে স্তম্ভিত কৰি তুলিলে।দল অথবা ৰাদজনীতিৰ উৰ্ধত সকলোৱেই গৌৰৱ গগৈলৈ এবাৰ হলেও চাবলৈ বাধ্য হ’ল।  প্ৰাৰ্থীত্ব লাভ কৰি আপোন মাটিত ভৰি দিয়েই গৌৰৱ গগৈয়ে যেতিয়া এপাক বিহু নাচি ৰংডংকা বজাই ল’লে, তেতিয়া আপাতত এনে লাগিল যেন তেওঁ সকলোধৰণৰ মানসিক চাপৰপৰা মুক্ত। অথচ তেওঁৰ বিৰুদ্ধে সমগ্ৰ প্ৰশাসন আৰু দলীয় শক্তিক যোৰহাটক এনেদৰে ব্যৱহাৰ কৰা হৈছিল যে, যুৱনেতাজন আচলতে সৰ্বাধিক চাপত আছিল বুলি বুজি পাবলৈ কাৰো অসুবিধা হোৱা নাছিল।

যি নহওক, তেওঁ দূৰ্গ ভেদি ওলাই আহিল।কেৱল মাজুলীৰ বাহিৰে আন কেউটা সমষ্টিত তেওঁ প্ৰথমস্থানত (lead) ৰ’ল।মাজুলীতহে বোধহয় এক সন্মানজনক ভোট লাভ কৰিও ছহেজাৰৰো অধিক ভোটত পিচ পৰিল। গতিকে নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হোৱাৰ পিচদিনাই যে তেওঁ মাজুলীলৈ গৈ গৰাখহনীয়াত সততে আক্ৰান্ত হৈ থকা জনগোষ্ঠীয় ভাই-ভনীসকলৰ সৈতে এপাক বিহু নাচি আহিলগৈ তাতো একধৰণৰ মৌলিক (organic) চিন্তা আৰু উদ্ভাৱনী (Innovative) ৰণকৌশলেই ফুটি উঠিছে বুলি অনুমান কৰিবলৈ কঠিন নহয়।

আজিকালি মাজুলীৰ বিষয়ে কিবা লিখিবলৈকে অসুবিধা—আইনী মেৰ-পেচত সোমাই অযথা হাৰাশাস্তি হোৱাৰ ভয়। কিন্তু হিন্দুত্ববাদৰ কেকোঁৰা চেঁপাত মাজুলীৰ অভ্যন্তৰত মাথোন শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিকৃত হোৱাই নহয়, বৰঞ্চ সমাজৰ মূলসুঁতিৰ সমাজখনৰ অন্যতম অংশীদাৰ নিম্নবৰ্ণ আৰু জনগোষ্ঠীয় লোকসকলৰ লগতে পিচ পৰি থকা আনসকলৰ  মনতো যে একধৰণৰ দহন আৰম্ভ হৈছে তাক উপলব্ধি কৰিবলৈ কঠিন নহয়।এই দহন নথকা হ’লে দীঘলীয়া কাল ধৰি  সাংগঠনিক অথা দলীয় ভিত্তিৰ দিশেৰে থৰক-বৰক হৈ থকাৰ পিছতো মাজুলীৰ দৰে সমষ্টিত তেওঁ এনে সন্মানজনক ভোট লাভ কৰিবলৈ সক্ষম ন’হলহেঁতেন।  তেওঁৰ উপস্থিতিয়ে্ মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিব নোৱাৰিলেহেঁতেন। সেইবাবেই গৌৰৱ গগৈয়ে নিৰ্বাচনী ফলাফলৰ পিচদিনাই গৈ মাজুলীৰ বৰ্ষাসিক্ত আলিবাটত ৰংচঙীয়া সাজপাৰ পিন্ধা বিহুৱা-বিহুৱতীসকলৰ সতে মাৰি অহা বিহুখন দেখি ৰং পালোঁ। কবলৈ গ’লে আমিও ব্যক্তিগতভাৱে বান-গৰাখহনীয়াত ককবকাই থকা সেইসকল মাজুলীবাসীৰ জীয়াই থকা সংগ্ৰাম, তেওঁলোকৰ চকুপানী, দুখ আৰু হাহাকাৰবোৰতহে বাস (belong) কৰোঁ, আমাৰ প্ৰতিটো শব্দৰ শক্তি তেওঁলোকৰ মান-মৰ্যদা প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বাবেই উৎসৰ্গা কৰোঁ। হকে-বিহকে সকলো সুবিধা ভোগ কৰি গজদন্ত মিনাৰত বহি থকাসকলৰ লগত নহয়।

ৰাজনীতিৰ সীমাবদ্ধতা বুজি পাওঁ। কিন্তু শ্ৰেণীবিভক্ত সমাজৰ পিচপৰাসকলৰ লগতে জনগোষ্ঠীয় আৰু নিম্নবৰ্গৰ লোকসকলৰ জীৱনৰ মৰ্যদা আৰু সমাজত তেওঁলোকৰ প্ৰয়োজনীয় স্থান (space) সুৰক্ষিত কৰাৰ বেলিকা ৰাজনীতিৰ প্ৰয়োজনীয়তাও সমানেই উপলব্ধি কৰোঁ।ভাৰতৰ ৰাজনীতিয়ে আজি চৰ্বিত-চৰ্বণৰ বিপৰীতে দাবী কৰে মৌলিক(organic)চিন্তা আৰু উদ্ভাৱনী (Innovative) ৰণকৌশল। পৰিৱৰ্তিত সময়ৰ এই আহ্বান আজিৰ ৰাজনীতিকে বুজি পাবনে?  

০৬-০৬-২০২৪

Thursday, 23 May 2024

 

অৰূপ ৰাজ কলিতাৰ গল্প 



তৰুণ গল্পকাৰসকলৰ গল্পবোৰৰ প্ৰতি অলপ বেছিকৈয়ে দৰদ আৰু আৱেগ থাকে। যেতিয়া একোজন তৰুণ গল্পকাৰে কথাশিল্পৰ মাজেৰে মানুহৰ ব্যক্তিগত সুখ-দুখ, দেনা-পাওনাৰ ইননি-বিননি পাৰ হৈ সমাজজীৱনৰ জটিলতাক গল্পৰ ভাষাৰে চাবলৈ বিচাৰে, তেতিয়াই গল্পকাৰৰ গল্পৰ বাবে বাট চোৱাৰ পৰ্ব এটা আৰম্ভ হয়। কিয়নো, গল্পকাৰে নিজকে চেৰাই যোৱাৰ ক্ষমতা সামাজিক জীৱনৰ পৃষ্ঠত লিখা গল্পবোৰৰপৰাই বেছিকৈ আহৰণ কৰে বুলি ভাৱ হয়।এইখিনিতে আন এটা মন কৰিবলগীয়া কথা হৈছে যে, তৃতীয় বিশ্বৰ দেশ হিচাপে আমাৰ সন্মুখত সামাজিক-ৰাজনৈতিক-প্ৰেক্ষাৰপৰা সাহিত্যলৈ উঠি আহিবৰ বাবে ইমানবোৰ বিষয় আছে যে, সাহিত্যিকসকলে প্লট(plot)বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিবেশ আমাৰ ইয়াত সাধাৰণতে  নহয়। লগতে সেই বিষয়বোৰ, বিষয়ৰ সতে জড়িত হৈ থকা মানুহবোৰৰ জীৱন আৰু অনুভৱবোৰ মৰ্যদাসহকাৰে সাহিত্যৰ মজিয়ালৈ তুলি অনাটো তেওঁলোকৰ এক কৰ্তব্যও হোৱা উচিত।

তৰুণ গল্পকাৰ অৰূপ ৰাজ কলিতাৰ গল্পবোৰ কেইবাবছৰো ধৰি পঢ়ি আহিছোঁ। একোটা গভীৰ সামজিক-ৰাজনৈতিক বিষয়ৰ পৃষ্ঠত  গল্পৰ পটভূমি  তৈয়াৰ কৰি লয় বাবেই তেওঁৰ গল্পলৈ সুকীয়াকৈ অন্তৰৰ টান এটা থাকে। তেওঁ এজন সামাজিক-ৰাজনৈতিক বিষয়ৰ গল্পৰ কথক। অতি সচেতনভাৱে তেওঁ বিষয়বস্তু নিৰ্বাচন কৰে, তাতোকৈও সচেতনভাৱে তৈয়াৰ কৰি লয় একোটি বিশেষ আংগিক। প্ৰতিটো গল্পৰ বাবে একোটা পৃথক আংগিক তৈয়াৰ কৰি লব বিচাৰে। কথনৰ ভাষাও অনন্য। এক কথাত কব পাৰি যে, অসমৰ নিষ্ঠাসহকাৰে গল্প লিখি থকা তৰুণ গল্পকাৰকেইজনৰ এজন তেওঁ। অৰূপ ৰাজ কলিতাৰ গল্পৰ দুটা ভাল লগা কথা হৈছে যে,  তেওঁৰ গল্পত পুনৰাবৃত্তি নাই আৰু তাৰুণ্যৰ আৱেগ পৰিহাৰ কৰি তেওঁ সংহতভাৱে গল্পৰ content তৈয়াৰ কৰে।

বোধহয় এই বৈশিষ্টসমূহৰ বাবেই অৰূপ ৰাজ কলিতাৰ গল্পৰ পঠনলৈ আমাৰ এক অপেক্ষাও থাকে। তেঁওৰ গল্পবোৰে অসমৰ আন এজন নিষ্ঠাবান আৰু সাৰ্থক কথাশিল্পী জেহিৰুল হুছেইনৰ গল্পৰ শৈলীলৈ মনত পেলাই দিয়ে। শেহতীয়াকৈ ‘সাদিন’ কাকতত প্ৰকাশিত তেওঁৰ ‘জয়মাল, জয়মাল’ গল্পটো পঢ়ি ভাৱ হ’ল যে, এই গল্পটোৰ মাজেৰে তেওঁ নিজৰ সীমাবদ্ধতাক  অতিক্ৰম কৰিব পৰা ঢাপ এটা পাৰ হৈ আহিল। পহুমৰা নদীৰ বানৰ পৃষ্ঠত এফালে ঘৰ হেৰুউৱা মানুহৰ দুখ-দুৰ্দশা আৰু আৰু আনফালে মানুহৰ লোভ আৰু লালসাৰ এক মনত দাগ কাঢ়ি যোৱা ছবিৰে তেওঁ গল্পটো আগবঢ়াই নিছে। গল্পৰ বৰ্ণণা জীৱন্ত,  মৰ্মস্পৰ্শী আবেদনৰ মাজেৰে গল্পত আছে লোককথাৰ ৰূপকীয় উপস্থাপনা-যি গল্পৰ আবেদন দুগুণে বঢ়াই তুলিছে। গল্পটো এবাৰ পঢ়ি উঠি কিছু সময় ৰৈ আকৌ এবাৰ পঢ়িলোঁ। ইয়াত গল্পকাৰে এক সম্পৰীক্ষা কৰিছে। বাংলা কবিয়ে ‘সবাৰ উপৰে মানুষ সত্য, তাহাৰ উপৰে নাই’ বুলি কলেও বাস্তৱত দেখা যায়   অতিশয় দুখ-দুৰ্গতিৰ সময়তো কোনো কোনো মানুহৰ মনে লালসাৰ দেৱালখন পাৰ হ’ব নোৱাৰে। গল্পত পানীত উটি অহা সোণ-ৰূপৰ অলংকাৰ পৰিহিতী সেই নাৰীগৰাকী কোন? যাক জয়মালে সপোনত দেখা পাইছিল? এই নাৰী সেইবোৰ মানুহৰ কল্যাণৰ পৰিপন্থী শক্তিৰ প্ৰতীক-যাৰ বাবে বানৰ দৰে দুৰ্যোগবোৰ, মানৱিক বিপৰ্যয়বোৰ লালসাৰ এক উৎসৱ। বানৰ সতে সহযোগিতা কৰাসকলে জানে-বান আহিলে, মথাউৰি ছিঙিলে ঠিকাদাৰ, এচাম চৰকাৰী বিষয়া, ৰাজনৈতিক নেতাৰ চকু কিয় লকলকাই উঠে। গল্পটিত ৰূপকীয় সম্পৰীক্ষাৰ মাজেৰে তেওঁ গল্পৰ মূল আবেদন ধৰি ৰখাৰ বেলিকা বহু পৰিমাণে সফলতা লাভ কৰিছে। গল্পত মানৱিক দুৰ্যোগে অনা কাৰুণ্যৰ প্ৰতীকি উপস্থাপনা আছে।

তথাপি কব লাগিব যে, অৰূপ ৰাজ কলিতাই আন বহুতো গল্পৰ দৰেই এই গল্পটিৰ detailing-ৰ ক্ষেত্ৰতো লৰালৰি কৰিলে। গল্পটোৰ বিস্তৃতিৰ অপাৰ সম্ভাৱনীয়তাক যেন ক্ষুদ্ৰ পৰিসৰত সীমিত কৰি ৰখা হ’ল। গল্পৰ প্লট একোটাই যি পৰিমাণৰ বিস্তৃতি দাবী কৰে, সেই বিস্তৃতিৰে গল্পটিক ন্যায় প্ৰদান কৰিবলৈ গ’লে প্ৰেক্ষাৰ ভিতৰলৈ সোমাই গৈ থাকিব লাগিব।বান-গৰাখহনীয়াৰ দৰে জটিল বিষয় এটাক লৈ গল্প লিখা সহজ নহয়—ইয়াৰ বাবে গল্পক যিমানেই প্ৰয়োজনীয় সময় দিয়া যায়, সিমানেই সি অলেখ নজহা-নপমা সোৱাদেৰে পাঠকৰ মন ভৰাই তুলিব। এই দিশৰপৰা চাবলৈ গ’লে জয়মাল, জয়মাল এটা সুখপাঠ্য গল্প হৈ উঠিছে ঠিকেই, কিন্তু আমাৰ দৰে পাঠকক দিব পৰা বহু সোৱাদৰ সম্ভাৱনীয়তাৰপৰা গল্পকাৰে যেন বঞ্চিত কৰি ৰাখিলে।

অৰূপ ৰাজ কলিতাৰ গল্পৰ বিষয়ে কবলৈ গৈ এই বিষয়টি অৱতাৰণা কৰাৰ কাৰণ এয়ে যে, তেওঁৰ গভীৰত থকা জটিল সামাজিক-ৰাজনৈতিক প্ৰেক্ষাৰ কথক হৈ উঠাৰ সম্ভাৱনাপূৰ্ণ গল্পকাৰজনৰ প্ৰতি তেওঁ যাতে অন্যায় নকৰে। লেখক-সাহিত্যিকৰ বাট জটিল আৰু অকলশৰীয়া। নিজকে প্ৰয়োজনীয় সময়খিনি  দিব পাৰিলেই গল্পই  পাগত উঠা তীখা হৈ উঠিব। 

তেওঁলৈ অফুৰন্ত শুভকামনা। 

--ৰত্না ভৰালী তালুকদাৰ  

Sunday, 28 April 2024

 

সামাজিক-ৰাজনৈতিক  সংবেদনা আৰু শ্ৰেণীদ্বন্দৰ পৃষ্ঠত  দিলীপ  ফুকনৰ  ইমে'ইজ (image) আৰু  মেটাফ'ৰবোৰে  (metaphor) অসমীয়া সাহিত্যক প্ৰদান কৰা ঋদ্ধি

 --ৰত্না ভৰালী তালুকদাৰ



গভীৰ সামাজিক-ৰাজনৈতিক সংবেদনাক  পৃষ্ঠত ৰাখি বোৱতী ধাৰাৰে লানি নিছিগাকৈ অহা  ইমে'ইজ (image)  আৰু মেটাফ'ৰবোৰে (metaphor) দিলীপ  ফুকনৰ  সাহিত্যক  গাঢ় কৰি তুলিছে।  অসমীয়া   কাব্যসাহিত্যৰ  এগৰাকী উল্লেখনীয় কবি  আৰু উপন্যাসিক দিলীপ ফুকনে তেওঁৰ সাহিত্যকৃতিৰ  মাজেৰে  আমাক কি দিলে বুলি প্ৰশ্ন কৰিলে, পোনচাটেই মনলৈ অহা উত্তৰটো  হৈছে  যে, একেবাৰে নতুন  ধৰণে  সৃষ্টি কৰা  ইমে'ইজ আৰু  মেটাফ'ৰবোৰৰ মাজেৰে কিছুমান হৃদয়বিদাৰক  কাহিনী নতুনকৈ লিখি  তেওঁ পাঠকক দিলে--যিবোৰ নিৰ্মম আৰু কৰুণ  হৈয়ো জীৱনদায়িনী আশাৰে বিধৌত।

সৃষ্টিশীল লোক এজনে, বিশেষকৈ কবিয়ে  মন পছন্দৰ একোটা  ইমে'ইজ  বা মেটাফ'ৰ বিচাৰি পাবলৈ দিন-ৰাতি একাকাৰ কৰি কালাতিপাত  কৰে--সততে নিৰ্জনতাত বাস  কৰে  আৰু  প্ৰায়েই  হতাশাত  বুৰ  যায়। এই নিৰ্জনতা  পলায়নবাদিতা নহয। এয়া  কোলাহলমুখৰ, নিৰ্মম  বাস্তৱতাৰপৰাই  নিজৰ  বাবে বিচাৰি  উলিওৱা  ক্ষণিকৰ সৃষ্টিশীল নিৰ্জনতাহে। এনে নিৰ্জনতাৰ কালত খূব  কম  সংখ্যক  সৌভাগ্যবান  কবি  অথবা সাহিত্যিকৰ হাততহে  কালৰ  সত্যক ধৰি ৰখা  সেই   ইমে'ইজ  আৰু  মেটাফ'ৰবোৰ বোৰে ধৰা দিয়ে--যিবোৰ সাহিত্যৰ গুণৰে সমাদৃত  আৰু একে আষাৰে পাঠকৰ মন জয় কৰিব পৰাকৈ অন্তৰস্পৰ্শীও। 

দিলীপ ফুকনৰ সাহিত্যৰ পঠনে আমাক সেইধৰণৰ পূৰ্ণতাৰ মাজলৈ লৈ যায়, যিখিনি ঠাইত উপনীত হ'লে ভাৱ হয় যে প্ৰকাশৰ মুখ দেখিবলৈ কবিৰ হাতলৈ কিছুমান ছবি অথবা প্ৰতীক  নিজে  নিজেই  আহি  উপস্থিত  হ'লহি--তেওঁ সেইবোৰ কষ্ট কৰি বিচাৰিবলগীয়া হোৱা নাই। এইবোৰ যেন উচ্ছল  বোৱতী সুঁতি।নিমজ। এটা কথা ঠিক যে, অসমৰ দৰে সুষমা-নিৰুপমা প্ৰকৃতিৰ মাজত থকা কবিৰ বাবে  কবিতাৰ পংক্তিলৈ  এইবোৰ তুলি  অনাটো  সিমান কঠিন কাম  নহয়--কিন্তু   কঠিন কাম হৈছে গভীৰ জীৱন সত্যৰ  মাজেৰে  একোখন ছবি, প্ৰতীক বা ৰূপকবোৰ পাৰ  কৰাই  অনাটোহে। দিলীপ ফুকনৰ  সাহিত্যত নিৰ্মাণ আছে। কিন্তু গভীৰ মানৱতাবোধ, নিম্নবৰ্গৰ  মানুহৰ প্ৰতি বিৰল মমত্ব,  গাওঁ পাতি বাস কৰা মানুহবোৰৰ সহজাত জীৱনবোধ আৰু সৰলতাৰ প্ৰতি থকা অকুলতা, প্ৰকৃতিৰ সতে দীঘলীয়া সময়ৰবাবে একাত্ম হৈ থাকিব পৰা গুণবোৰে তেওঁৰ  কবিতা আৰু উপন্যাসৰ শাৰীবোৰক  আচৰিতধৰণৰ জীৱনীশক্তি প্ৰদান কৰিছে বাবে  নিৰ্মাণ  প্ৰক্ৰিয়াই অতি  স্বচ্ছন্দ্যে পাঠকৰ  হৃদয় স্পৰ্শ কৰে।

এই কামটো তেওঁ কিদৰে সম্ভৱ কৰি তুলিছে? কোনখিনি জেগাত তেওঁ সমসাময়িকসকলতকৈ  পৃথক। আৰু  অনন্য। এইখিনিতেই যে,  লোকজীৱনৰ সমগ্ৰতা  আৰু  লোকজীৱনে ধৰি ৰখা  প্ৰৱাহমান সংস্কৃতিক  গভীৰ অন্তৰ্দৃষ্টি  আৰু  মমতাৰে চাবলৈ তেওঁ যি চকুযুৰি ব্যৱহাৰ কৰিছে, সেই চকুযুৰি দ্বান্দ্বিক। সামাজিক-ৰাজনৈতিক চেতনাৰে(social-political consciousness) পুষ্ট।আৰু এবিধ সঁজুলি তেওঁৰ আছে,  যি সঁজুলি ব্যৱহাৰ কৰিব নাজানিলে  সামাজিক-ৰাজনৈতিক চেতনায়ো অভীপ্স লক্ষ্যৰ দিশে সঠিকভাৱে খোজ দিবলৈ নোৱাৰে--সেয়া  হৈছে প্ৰখৰ  শ্ৰেণীচেতনা। কিন্তু যিটো  কথাই আমাৰ দৃষ্টি কাঢ়ি নিয়ে সেয়া হৈছে সামাজিক-ৰাজনৈতিক চেতনা  আৰু  শ্ৰেণীচেতনাক   প্ৰখৰ কৰি তুলিবলৈ অলংকাৰ হিচাপে তেখেতে সাহিত্যলৈ লৈ আনিছে লোকজীৱন আৰু লোক-সংস্কৃতিৰ  বিৰল  অনুসন্ধিৎসা--যিটো একক। যাৰ অবিহনে হয়তো  গভীৰ  সামাজিক আৰু ৰাজনৈতিক চেতনা শ্ল'গানলৈ পৰিণত হৈ  পৰিলেহেঁতেন।

 কেইটিমান কবিতাৰ শাৰীঃ

‘সোমবৰী' নামৰ কবিতাটি কথাই ধৰা যাওক। সোমবৰী আদিবাসী মাতৃ। ৰুক্ষ।শুকান। অসহায়। কবিতাটিত এখন   ইতিহাস শায়িত হৈ আছে ।ইতিহাসৰ নিৰ্মাণৰ নিৰ্মম প্ৰক্ৰিয়াত কোন-কাহানিবাতে সোমবৰী ভূমিৰপৰা উৎখাত(uprooted)হৈছে। কিন্তু  কবিতাত এই  ইতিহাস লিখা হোৱা নাই। চেতনাৰ গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত  এই   ইতিহাস  শুই আছে--যি অদৃশ্য হৈও দৃশ্যমান।  কবিতাত আছে সোমবৰীৰ কাহিনী।  আদবাসী মাতৃ সোমবৰীয়ে জন্ম দিছে সাতটাকৈ শিলৰ সন্তান।  দিলীপ ফুকনৰ কবিতাত শিল প্ৰায়েই  মৃত  অথবা পৰাজিত  মানুহৰ প্ৰতীক  হৈ উঠে।  কবিতাটোত ইমে'ইজ অৰ্থাৎ ছবি, আৰু মেটাফ'ৰ অৰ্থাৎ ৰূপকবোৰ এজাক ছিন্নমলূ মানুহৰ জীৱনৰ নিৰ্মম দুখ, ক্ষোভৰ মাজেৰে  ইমান  শৃংখলতিভাৱে ওপৰা-ওপৰি (overlapping) হৈ  গৈছে যে, এই ওপৰা-ওপৰিত  সোমবৰী বাস  কৰা সমাজখনৰ  প্ৰতিজন মানুহ  হৈ  পৰিছে অস্বাভাৱিক । অসংলগ্ন। সেই জীৱনক জীৱন বুলি কব পৰা যায়নে?  কবিতাটোৰ দৃশ্যগত(visual) উপস্থাপনা ইমান জীৱন্ত যে,  পাঠকে  অতি  ভয়ংকৰ পঠনৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। এনে কবিতা শৰীৰত বা মননত  হজম কৰি দিয়া সহজ কথা নহয়।

দিলীপ ফুকনৰ  কবিতাৰ এটা বৈশিষ্ট  হৈছে  যে,  প্ৰায়েই  তেওঁৰ কবিতাৰ কিয়দাংশ উদ্ধৃতি নোৱাৰি। কিয়নো এটা  শব্দৰ সতে তাৰ পিছৰটো, এটা শাৰীৰপৰা তাৰ পিছৰটো ইমান মিহিকৈ নেদেখা সূতাৰে গথা হৈ থাকে যে,  ৰসঘন ইমে'ইজ তথা মেটাফ'ৰৰ ওপৰা-ওপৰিৰ বাবে টুকুৰা এটা ছিঙি লৈ পৃথকভাৱে ব্যাখ্যা আগবঢ়াব পৰা নাযায়। এনেক্ষেত্ৰত  সমগ্ৰ কবিতাটোকেই উদ্ধৃতিৰ  আওতালৈ আনিবলগীয়া হয়। বহুসময়ত তেওঁ কবিতাক ব্যাখ্যাতীত পৰ্যায়লৈ  লৈ  গৈছে। ইমান নিৰ্মম বিৱৰণী  ব্যাখ্যাই যেন সৰু কৰিহে পেলাব!তাতকৈ বাৰে বাৰে  মূল কবিতা পঠন কৰি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱাই ভাল।  

 সোমবৰী

(নেপথ্যতঃ এঘাৰ মিলিয়িন চাহপাত উৎপাদনেৰে

কোম্পাণীৰ অভিলেখ স্থাপন/ বিশ্বৰ বজাৰত পালে সৰ্বোচ্চ দাম)

 

বাগিচাত বোনাছৰ বাতৰি বিয়পি পৰাৰ দিনটোতে

হয়, সেইদিনাই সোমবৰীয়ে প্ৰসৱ কৰিলে

সপ্তমটো শিলৰ শিশু।

শিলাপিণ্ডলৈ চাই তাই এসোপা থুই মাৰি দিলে।

 

যোচেফে  শুৱাই  থৈ আহিল সপ্তমটো শিলৰ সন্তান

মাটিৰ গৰ্ভত আৰু সাত গিলাছ ফটিকা পিলে/

সি আজিও মাদলৰ মাতহে শুনে,

তাৰ কম্পিত ক'লা উদং কলাফুল, তাৰ নষ্ট তনু ধৰি ৰখা

ছয়া-ময়া এজনীৰ সতে পাৰ নাচি নাচি হ'ল ওৰেটো বাট

কাল্পনকি কঁকালত ধৰি।

 

ধুনীয়া ধুনীয়া নাম দিলে সোমবৰীয়ে

ভূ- শায়িত সাতোটা সন্তানৰ,

কেঁচাপাত ছিঙি চটিয়ালে সঞ্জীৱনীজল

সাতোটাৰে  মূৰত।

 

তাইৰ হাতৰ আঙুলিবোৰ ঢৌ খেলি খেলি

ঢৌ খেলি খেলি যেন এখন হাৰমণিয়ামত আঙুলি বুলাইছে

বোবা কণ্ঠ ফাটি ওলাব খুজিছে এখন কজলা নৈ।

সোমবাৰে

সোমবৰীয়ে আকৌ এবাৰ থুৱাই দিলে।

অসমৰ চাহবাগিছা, ইয়ালৈ  লৈ অহা তাহানিৰ  প্ৰব্ৰজিত আৰু পৰাজিত মানুহবোৰৰ  তথ্য-পাতি, কবিতা,  গল্প-উপন্যাসেৰে সাহিত্যৰ  ভঁৰাল উপচি আছে। কিন্তু  গভীৰ সামাজিক-ৰাজনৈতিক চেতনাৰ পৃষ্ঠত শ্ৰেণীদ্বন্দৰ মাজেৰে উঠি অহা ‘সোমবৰী'ৰ  দৰে  নিৰ্মাণ, অনুসন্ধিৎসা আৰু দৰদ   প্ৰায় বিৰল বুলিবই পাৰি।

 ‘অলৌকিক  এসন্ধ্যা'ৰ কেইটামান শাৰী তুলি দিয়াৰ লোভো সামৰিব নোৱাৰি--

 ‘মাদল বাজিছে।

তিং লা তিতাংঃ ধিংলা ধিতাং

 

এই মাদল বাদক,গায়ক আৰু নাচনীহঁত মৰা।

কালি চুলাই সেৱন কৰি যিসকল মৰিল

তাৰ ভিতৰত ইঁহতো আছিল। ইঁহতৰ ডেডবডিবোৰ

এতিয়াও পৰি আছে। পুলিচ-প'ষ্টমৰ্টেম

মেডিকেল--এনেকুৱা কিছুমান ঝামেলা আছে,

সময় লাগিব। সুৰুঙা পাই ইঁহত অলপ ওলাই আহিছে

...

...

মাদল বাজিছে ।

সুহুৰি মাৰিছে। কামজুই  নুমাব নোৱাৰি কিছুমান দৰ্শক মঞ্চত উঠিছে।

হাত মেলি খেপিয়াই ফুৰিছে নাচনীৰ কঁকাল, বাৰে বাৰে শূন্যতাই এচাৰ মাৰি এৰুৱাইছে

হাত, বাৰে বাৰে খেপিয়াই ফুৰিছে কঁকাল।

ক'ত পাব কঁকাল? কঁকালবোৰ যে কালিয়েই হাৱা হৈ গ'ল?'

 

এনে তীক্ষ্ণ  দ্বান্দ্বিক  অন্তৰ্দৃষ্টি আছে লোকজ চেতনাৰে অহা ‘আয়তীসকল দৰে কবিতাত। ঐতিহ্যচেতনাত যেতিয়া দ্বান্দ্বিক অন্তৰ্দৃষ্টি সংশ্লেষিত হয়,  তেতিয়াই হয়তো কাব্যলৈ উঠি আহে নতুন ইমে'ইজ আৰু মেটাফ'ৰৰ এনে অনুপম শাৰী--

 ‘কোন কাহানিবাতে মৰি এঙাৰ হোৱা আয়তীসকল

আকৌ ওললাহি,

মুখত ঐৰাম,..আকৌ সেই বিয়ানাম

দুৰ্বাঘাটে পানী তোলে...

 

সেই একেই--

কোনোবাগৰাকীৰ ডিঙিত গঁৰল

কোনোবাগৰাকী কূঁজা হৈ পৰা

কাৰোবাৰ ভৰিত শামুকীয়া।

পৰিত্যক্ত প্ৰাচীন ভাস্কৰ্যৰ দৰে তেওঁলোকৰ মুখবোৰ

 

ছাই আৰু ধোঁৱাৰে ধূসৰিত মুখবোৰ

অন্ধকাৰ গুহাৰ দৰে মুখবোৰ

মৰণৰ পাছতো ওৰণিৰে ঢকা আছিল।

পঢ়ি  থকাৰ সময়ত  কেতিয়াবা কেতিয়াবা   এইবোৰ  সাহিত্যৰ  stream of consciousness বাগধাৰাৰ  অন্তৰ্মুখী চেতনাৰ   স্বগতোক্তি  বা স্ব-কথনৰ (monologue) দৰে  শোকৰ  অন্তহীন  গাথা যেন  লাগে। যদিও,  দৰাচলতে এইবোৰ আহৰিত হৈছে   গভীৰ  সামজিক-ৰাজনৈতিক  প্ৰেক্ষা  আৰু দ্বান্দ্বিক চেতনাৰপৰাহে।

 নাৰীৰ  প্ৰতি থকা সন্মান,   বিৰল  সংবেদনাৰ বাবেই  বহুতো সফল কবিতাই তেওঁৰ হাতত  আশ্বৰ্যকৰ নিৰ্মাণ লাভ কৰিছে। এইবোৰ মাথোন উপৰুৱা ইননি-বিননি নহয়। উপযুক্ত  আৰু প্ৰাসংগিক  প্ৰেক্ষাত এইবোৰ  প্ৰতিষ্ঠা কৰা হৈছে। দ্ৰৌপদী,   তৰমূজ কুঁৱৰীৰ সাধুৰ দৰে কবিতা পাহৰিব নোৱাৰা অভিজ্ঞতা। পাঠকে উমান পায়, মাথোন সাহিত্যিকৰ  নাৰীকেন্দ্ৰিক তৰাং gossip বা পৰচৰ্চাৰ মাজেৰে তেওঁ  নাৰীৰ বেদনা উপলব্ধি কৰিবলৈ বিচৰা নাই।  দিলীপ ফুকনৰ  নাৰীকেন্দ্ৰিক  কবিতাৰ  পঠনে আমাক   নাৰীৰ ‘ঐতিহাসিক পৰাজয়ৰ'ৰ দৰে নাৰীবাদী তত্বৰ মাজলৈ অজানিতে লৈ যায়।  ‘শিলাচ্ছবি' নামৰ বহুচৰ্চিত কবিতাচিত  ঐতিহ্য চেতনাৰ সমান্তৰালধাৰাৰে এনে  সংবেদনাহ  কিদৰে  জীৱনদায়িনী শব্দ লৈ আহিছে  তাক চাবলৈ কেইটিমান শাৰীয়েই যথেষ্ট

 

‘দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনীক লৈ

কেইদিনমান ভাল জমিলে।

দুজনী শিলৰ কন্যা

নাম গঙ্গা যমুনা

কাগজত এটা বিজ্ঞাপন ওলাল

গঙ্গাক দৰা লাগে কাষ্ট ৰিলিজিয়ন ন' বাৰ

যমুনাক  চাকৰি লাগে

শতাব্দী শতাব্দী জুৰি থিয় হৈ থকাৰ অভিজ্ঞতা আছে'

এইদৰেই  কবিয়ে পাঠকক এক বিস্ময়কৰ সংবেদনাৰ বাটেৰে লৈ  যায়। অৱশ্যে সকলো কবিতাই এনেকুৱা বিস্ময়কৰ কাহিনী আমাক কোৱা নাই। কিন্তু দিলীপ ফুকনে অসমীয়া সাহিত্যত সামাজিক-ৰাজনৈতিক-দ্বান্দ্বিক-নাৰীবাদ- প্ৰকৃতিপ্ৰেম-লোকজ আৰু  ঐতিহ্যচেতনা  আদি  বিভিন্ন  বাগধাৰাৰ আলোকেৰে পঢ়ি চাব পৰাকৈ এলানি সাৰ্থক কবিতা আমাৰ হাতত তুলি দিছে। তেওঁৰ প্ৰতিটো কবিতাই linear কথনশৈলীৰ  সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰাটোও এটা সুখৰ কথা। কিয়নো,  এনেধৰণৰ প্ৰেৰণাদায়ী কবিতা  মাথোন কবিতাই নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ কবিৰ  বাবে এই কবিতাবোৰ একোখন কৰ্মশালাৰ দৰেও । 

দৈৱাৎ এহালি দেওহাঁহ, দুনাই অগ্নিত আখৈ ফুটে, দৈকলা সাঁতোৰে য'ত, জলপদুমৰ পানচৈ  আদিৰ দৰে  গ্ৰন্থৰ নামাকৰণৰ বাবে যিসকলে দিলীপ ফুকনৰ সাহিত্যত মাথোন ঐতিহ্যবাহী, লোকজ চেতনাহে দেখা পায়--তেওঁলোকে  এনেধৰণৰ সাহিত্যৰ  বিচিত্ৰতাক সীমাবদ্ধ কৰি পেলোৱা যেনহে  লগে।

 জলপদুমৰ পানচৈঃ

 দিলীপ  ফুকনৰ ‘জলপদূমৰ পানচৈ' হৈছে এখন অনুপম লীৰিকেলধৰ্মী (Lyrical) উপন্যাস, য'ত জীৱন হেৰুওৱা এচাম মানুহৰ জীয়াই  থকাৰ সংগ্ৰামৰ সতে তেওঁলোকৰ  অধিকাৰৰ  প্ৰতিষ্ঠাৰ এখন বিৰতিবিহীন  সংগ্ৰাম  সমান্তৰাল  ধাৰাৰে  আগবাঢ়ি  আহিছে  আৰু  দুয়োখন  সংগ্ৰাম  কাবি্যক কথকতাৰ মাজত একাকাৰ  হৈ  গৈছে। ইয়াত আছে  কৃষকৰ বেদনা। গাওঁ পাতি  বাস কৰা এজাক  মানুহে  গাওঁ হেৰুওৱাৰ বেদনা। তেওঁলোক কৃষিজীৱি। কেতিয়াবা তেওঁলোকৰ গাওঁবোৰ নদীয়ে ভাঙিছে, কেতিয়াবা মানুহৰ নিষ্ঠুৰতাৰ বাবে তেওঁলোক  নিজৰ বসতিৰপৰা উৎখাত হৈছে।

মানুহৰ  থাকে  গাওঁ পাতি নিগাজিকৈ  বাস কৰাৰ চিৰকলীয়া হেঁপাহ আৰু  আকুলতা। শইচে -মৎসে অনুপম  গাওঁ একোখনে এতিয়াও ধৰি ৰাখে  মানুহৰ  প্ৰাচীন  সভ্যতা। কিন্তু গাওঁ  উচন যায়। কেতিয়াবা  বাহিৰা শক্তিৰ আক্ৰমণত, কেতিয়াবা মাৰি-মৰকত, কেতিয়াবা নদীয়ে গাওঁ  ভঙাৰ  বাবে আৰু কেতিয়াবা নিজৰ  মানুহৰেই  আক্ৰোশত।  তথাকথিত প্ৰভাৱশালী গোষ্ঠীয়ে subdued বুলি মোহৰ মাৰি দিয়া এই গাওঁ পাতি বাস কৰা নিৰন্ন মানুহৰ জীৱন কিমানধৰণে যে  সমৃদ্ধ  হ'ব পাৰে!এধনি এধানি জীৱনত  থাকিব পাৰে কত সাঁথৰ। লোকগাথা। আৱেগ আৰু  হেঁপাহ। এটি  প্ৰজন্মৰপৰা আন  এটি  প্ৰজন্মলৈ এইবোৰ বাগৰি আহে। নিৰ্মাণ হয় একোটা সংস্কৃতিৰ।  নিৰ্মাণ হয় গাওঁকেন্দ্ৰিক সভ্যতাৰ। নিৰ্মাণ হয় জীৱন। জীৱনে পাৰ ভাঙি যায়।

সেই গাওঁ যেতিয়া হেৰায়, মানুহে  হেৰুৱায়  আজন্মৰ  বসতিস্থল আৰু খেতিৰ পথাৰ-- আৰু সৰ্বোপৰি ন্যস্তস্বাৰ্থজড়িত  মানুহৰ ষড়যন্ত্ৰই যেতিয়া ভাঙি দিয়ে সকলো প্ৰতিবাদ আৰু প্ৰতিৰোধ--তেতিয়া গাওঁ  পাতি বাস কৰা  মানুহবোৰৰ কি হয়? মানৰ আক্ৰমণৰ কালৰপৰা  দেশে স্বাধীনতা লাভ  কৰাৰ পিছলৈকে এচোৱা বিস্তৃত সময়ক সামৰি লৈ ধনশিৰি-ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক ঠাইখণ্ডত বাস কৰা মানুহবোৰৰ জীৱনৰ সংগ্ৰাম আৰু প্ৰতিৰোধ  কেতিয়াবা  প্ৰকৃতিসৃষ্ট  আৰু কেতিয়াবা মানৱসৃষ্ট ষড়যন্ত্ৰ আৰু আক্ৰোশত বাৰে বাৰে পৰাজিত হৈ পৰাৰ অনুপম  কাহিনীয়েই হৈছে  ‘জলপদুমৰ পানচৈ'। প্ৰখৰ সামাজিক-ৰাজনৈতিক চেতনা, শ্ৰেণীচেতনা,  লোকসম্পদৰ অনুপম ব্যৱহাৰৰ মাজেৰে  জীৱন-মৰণ-প্ৰেম-প্ৰতিবাদ-প্ৰতিৰোধ-শঠতা-ষড়যন্ত্ৰৰ অনুপম  দলিল হৈ  উপন্যাসৰ কাহিনীয়ে গতি কৰিছে।

 উপন্যাসৰ পঠনে আমাক কয় যে মানুহৰ বাবে জীৱন-মৰণৰ সংগ্ৰামখন, প্ৰতিবাদ আৰু প্ৰতিৰোধবোৰেই জীৱনৰ  সাৰকথা। জয় অথবা পৰাজয় নহয়। জয়-পৰাজয়ৰ হিচাপ নথকা এনে সংগ্ৰামী কাহিনী কবলৈ আচলতে প্ৰয়োজন হয় লেখকৰ একধৰণৰ নিজস্ব  দৰ্শনৰ। হয়। ইয়াত তেওঁ মানুহৰ সংগ্ৰাম, প্ৰতিবাদ আৰু প্ৰতিৰোধ আনিছে। কিন্তু সেয়া তত্ব আধাৰিত নহয়। প্ৰতিকূল  প্ৰকৃতি- যি একেধাৰে সৰ্বশক্তিমান আৰু ক্ষয়ংকৰী,  অসহায় মানুহ,  বৰ্ণবাদী চেপেনা, মানুহৰ শঠতা আদিৰ পৃষ্ঠত এইবোৰ  দুখ-হতাশা-ক্ষোভৰ মাজেৰে লাভাৰ দৰে উদগীৰণ হৈছে। আৰু অসহাসয়তাৰ  অতল সাগৰত বাৰে বাৰে বুৰ গৈছে।কিমান যে কৰুণ! লগতে চৰকাৰী উন্নয়নৰ তত্ত্বকো উপন্যাসৰ কথকতাই  সমানেই  contest কৰিছে, প্ৰত্যাহ্বান জনাইছে। বান-গৰাখহনীয়াৰপৰা হাত সাৰিবলৈ মথাউৰি নিৰ্মাণ  উপযুক্ত ব্যৱস্থা হয়নে? এনে  প্ৰশ্নবোৰ ইয়াত আছে। আৰ্থিক সংকটৰ চেঁপাই সততাৰে  জীৱন কটাব বিচৰা বৰ্ণবাদী প্ৰতিভূসকলকো আজি  ক'লৈ লৈ গৈছে?এনেকুৱা বহুতো নিকৰুণ ছবিৰে উপন্যাসখনৰ পাত ভৰি আছে। লোকজ চেতনাৰপৰা আহৰিত আৰু  গৱষেণালব্ধ  অসংখ্য উপমা, আচাৰ-নীতি, গীত-মাত, সাঁথৰ, পুৰাকথাৰ  মাজেৰে এই কথনে অনন্য বিস্তাৰ লাভ কৰিছে বুলি কব পাৰি। অসমীয়া সাহিত্যৰ যিসমূহ সৃষ্টিৰ কথনত সমাজৰ অনুচ্ছাৰিত আৰু অনুচ্ছ কণ্ঠক গভীৰ মমতাৰে  সবলভাৱে  তুলি ধৰা হৈছে, সেইবোৰৰ ভিতৰত ‘জলপদুমৰ পানচৈ' অন্যতম  বুলি কব পাৰি।

তেনেহ'লে উপন্যাসখন কোনোবাখিনিত ব্যৰ্থ  হৈছে নেকি? ব্যৰ্থ হোৱা নাই। বিশেষকৈ  তলসুঁতীয়া সমাজখনৰ  ছন্দোময় জীৱনৰ উখল-মাখলবোৰৰ অলেখ অচিনাকি দিশ গভীৰ অন্তৰ্দৃষ্টিৰে  উপলব্ধি কৰি, সাহিত্যত  উপযুক্ত মান-মৰ্যদাৰে সেইবোৰ প্ৰতিষ্ঠা কৰি তেখেতে এক মহৎ কৰ্ম সম্পাদন কৰিছে। তথাপি,   কবলৈ গ'লে কবিতাত গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত   ইমে'ইজ  বা  মেটাফ'ৰ  সৃষ্টিত কবি দিলীপ ফুকনে  যিমান পৰিমাণে  একাগ্ৰ সাধনাৰ  প্ৰমাণ দিছে, উপন্যাসৰ ক্ষেত্ৰত সেয়া প্ৰতিফলিত হোৱা নাই।  বহুসময়ত এইবোৰ বাহুল্য  হৈছে আৰু ক'ৰবাত উপৰুৱাও হৈছে। ‘নিৰ্মাণ' (construct) হোৱাৰ বিপৰীতে ‘উল্লেখ' (documentation)হৈ পৰিছে।  আৰু মূল  বক্তব্যক  ঢাকি  ধৰিছে। ক্ষেত্ৰ-অধ্যয়নৰ মাজেৰে তুলি অনা  সাহিত্যত কেতিয়াবা এনে হয়। বহু  কষ্টে  তুলি  অনা  উপাদান  এৰিবলৈ সত  নাযায়, ফলত  কেতিয়াবা সি মূল বক্তব্যক ঢাকি ধৰে। আচলতে এইবোৰ সাহিত্যৰ  অলংকাৰহে । অলংকাৰ যিমানলৈকে সুন্দৰ, ঢিলা-সোলোকা  নোহোৱাকৈ  যিমান নিখুঁতভাৱে  প্ৰয়োগ কৰিব পাৰি--ঠিক  তালৈকেহে ভাল লাগে। অলংকাৰৰ বহুল পয়োভৰে সৌন্দৰ্য বৃদ্ধি নকৰে, বহুক্ষেত্ৰত হানিহে কৰে।

দিলীপ ফুকনৰপৰা ভবিষ্যতে শব্দৰ এনে আশ্বৰ্যকৰ নিৰ্মাণ অধিক সণ্ঢালনিকৈ পাম  বুলি  আশা  কৰিলোঁ।



-----