Thursday, 3 October 2024

 দিপৰ-দ্য ৱাটাৰস্কে'প

(সাতোখন বিলৰ পাতাল, পাতালৰ ৰূপকথাৰ নাৰী)

ৰত্না ভৰালী তালুকদাৰ 



Pic-Sushanta Talukdar 

 

(দিপৰ-দ্য ৱাটাৰস্কে'প

(সাতোখন বিলৰ পাতাল, পাতালৰ ৰূপকথাৰ নাৰী)

ৰত্না ভৰালী তালুকদাৰ

(তৰুণ  গল্পকাৰ  নৱজিৎ চেলেঙৰ হাতত)

 

 পখিলীবালা  অনন্য  ৰূপকথাৰ  নাৰী।

সাঁজবেলা যেতিয়া দিপৰৰ  পানী  চকৰ্দৌ পৰ্বতৰ ছায়াই আৱৰি ধৰে, পখিলীবালাই তেতিয়া ৰূপকথাৰ খোলাটিৰপৰা ওলাই আহে।দেখা আৰু  অদেখাৰ ধুৱলী-কুঁৱলীত বিলত পানীত  জান-নেজানকৈ ওপঙি  উঠে পখিলীবালাৰ  ডিঙা।  কোনো প্ৰাচীন চিত্ৰকৰে অঁকা পৌৰাণিক এখনি  পটৰ দৰে। 

উত্তৰৰ  লংকেশ্বৰ  পৰ্বতৰ  দাঁতিৰ ফ'ৰলেনৰ চলন্ত  বাহনৰ সমদল, ফাইভ ষ্টাৰ হোটেল,  বহুজাতিক  কোম্পাণীৰ  শ্বৰমৰ   লাইটৰ  আৱতৰীয়া দিপাৱলী।  দক্ষিণৰ  চকৰ্দৌ  পৰ্বতৰ নামনিত বিলৰ  দখলী মাটিত  সজা বহিৰাগতৰ   অবৈধ  গুদামৰপৰা ওলাই  যোৱা শাৰী শাৰী ট্ৰাকৰ হে'ডলাইটৰ  দীপাৱলী।  সময়ে  সময়ে দিপৰৰ  বুকুত পোতা ৰে'ললাইনেৰে  উকিয়াই  গুচি  যোৱা  ৰেলগাড়ীয়েও  জলজ  জীৱকূললৈ  ভীত-চকিত পোহৰৰ সাজ এৰি যায়।

চকু চাট মাৰি ধৰা পোহৰৰ সেই নিৰ্দয় পৃষ্ঠত অসহায় এটা এঙামুৰি হৈ ৰৈ থাকে দিপৰ।অলস। শ্ৰান্ত। সাঁজৰ  বিশ্ৰী  পোহৰ, অবাইচ কোৰ্হালত জঁয়  পৰি ৰয় জলাহৰ কজলা পানীৰ ভেঁট, নিকৰি, পদুম আৰু মেটেঙাফুলৰ  থোপা।   পানীপোক খোৱা জাকশাৰলিৰ কোৰ্হাল। বৰপুণি আৰু মেটেঙাৰ ওপঙা জোপোহানিত বাহ সাজি যোৰ পতা দলপুঙা। পানীৰ জলঙাত কাইম চৰাইৰ ধেমালি। মইছলৈ চান্দি থকা মাছলংকা আৰু পানীকাউৰীৰ গোট । থৰ  লগা  আকুহি  বগ।হালখেদা। মণিয়ৰী। হঁয়কলী।

জঁয় পৰি ৰয় পাখি নগজা জিঙাপোকাৰ পৰ্বান্তৰৰ ৰহস্যময়, স্বচ্ছ শৰীৰ। পোহৰৰ  নিৰ্দয় পৃষ্ঠত কঁপি  উঠে।  কঁপি উঠে নাৱৰ খুঁটিত পাখি গজা পুৰঠ  জিঙাপোকাৰ উৰণচালি।                     

এজাৰ কাঠৰ ডিঙাত উঠি, শাল কাঠৰ বৈঠা বাই পখিলীবালাই দিপৰৰ এঙামূৰি ভাঙি দিয়ে ।নিকৰিৰ  কাঁইঁটীয়া, সুস্বাদু গুটি  খাই পানীধেমালি  কৰিবলৈ চকৰ্দৌ পৰ্বতৰ দণ্ডিৰে জাক পাতি নামি  অহা  বুঢ়াগঁহেই   যোৱাৰ   লিকে লিকে পানীৰ একোটা চিকুণ  বাট। তেনে এটি চিকুণ বাটেৰেই ধীৰ গতিৰে আগুৱাই আহে  পখিলীবালাৰ  নাও।  উজানবিল, চন্দাবিল, বৰখলাবিল, খাৰবাৰীবিল, বকাবিল, পকাদ'লবিল আৰু ডুমৰীয়াবিলৰ জলজ  সন্মোহণৰ  অপাৰ  সামুদ্ৰিক দিপৰৰ বুকুৰ  সাধেই- মাধেইৰ   ভিঠা নামৰ কণমানি  এটি দ্বীপত  চপাই  দিয়ে  নাও।  সাঁজৰ পোহৰত  ৰহস্যঘন হৈ উঠা দিপৰৰ জলজ শইচ, মইছ আৰু চিত্চঞ্চল জীৱকূলৰ  পানীধেমালিৰ  আল-জালৰপৰা  ওলাই  আহে  তাই। মূৰৰ ওপৰত বৰপাচিটো লৈ সাৱধানে নাৱৰপৰা নামে।

পখিলীবালাৰ পাচিত জালত লগা দিপৰৰ মইছ।  পাচিৰ  তলত  চাৰিকান্দিৰ লাঙি জাল।পুঠি, টিংৰা লগা পুঠিলাঙি। বছৰৰ  প্ৰথমটো  দেওবাৰে মাছুৱৈসমাজৰ  তত্বাৱধানত   বিল বাইচ কৰাৰ দিনাৰপৰা ভাদৰ ভৰবাৰিষাত ফিছাৰিৰ পৰা কিনি ৰৌ, ভকুৱা আৰু মিৰিকাৰ অভগণ পোনা  বিলৰ বুকুত মেলি দিয়াৰ দিনটোলৈকে দিপৰৰ কেউখন বিলৰ  পাতালত  মাছুৱৈয়ে  চাৰিকান্দিৰ  পুঠিলাঙি,  কাৱৈলাঙিৰপৰা  আঠকান্দিলৈকে  বৰ  একোখন  জাল  মৰাৰ  সুযোগ  পায়। কেইবাদশকৰ আগেয়েই   বিলৰ  মইছসম্পদ   উভৈনদী  হৈ   থাকিবলৈকে  মাছুৱৈৰখীয়া  সমাজে  চৰকাৰৰ  মৎস্যপালন  বিভাগৰ  সহযোগত  পৰীক্ষা- নিৰীক্ষা কৰি   এই  তিনিবিধ  মইছৰ  পোনা এৰি  দিয়াৰ  সিদ্ধান্ত  লৈছিল।  বিলৰ  পাতালত অৱশ্যে   মইছসম্পদ উভৈনদী।  চৰকাৰে  দিপৰক  ৰামচাৰ  ক্ষেত্ৰ  আৰু   পক্ষী অভয়াৰণ্য  বুলি ঘোষণা  কৰাৰ  আগলৈকে  বেৰ  জাল, পৰঙী জাল,  খেৱালি জাল,  লাঙি জাল,   ঘাট জালেৰে  ভৰি  আছিল  দিপৰৰ  পাতাল। আজিকালি মাছুৱৈসমাজে ঘাইকৈ লাঙিজালেৰে নিয়ন্ত্ৰিতভাৱে মইছ  ধৰে। যতনাই  ৰাখিবলৈ চেষ্টা কৰে পাতালৰ  পুষ্টি ।মল। তথাপি গোধূলাবজাৰ, ভাঙাৰা গোঁসাইৰ থান, মইনা খোৰোং, পামহি,  ধাৰাপুৰ, পাণ্ডু কলনিৰ  বজাৰলৈ  বুলি নিতৌ  আঠ-দহ  কুইণ্টল মইছ দিপৰৰ বুকুৰপৰাই  উঠে। 

 

পখিলীবালাৰ নিতৌ সেই একেখনি পুঠিলাঙি। কেতিয়াবাহে কাৱৈলাঙি পাতে  তাই। তাতেই লগা পুঠি-টিংৰা-কাৱৈ  মইছেৰে উভৈনদী তাইৰ বৰপাচি। মালিগাৱঁৰ বজাৰৰ প্লাষ্টিকৰ সূতাৰ জাল।নিচেই  পাতল। বিলৰ  পাতালৰ  বামত  জেং-জাবৰ-মেটেঙাৰ  কাষত পতা  জাৰ্কি- চেপা-ডিঙৰাতো সোমায়হি একোখৰাহী মিঠাসোৱাদৰ মোৱা-নিচলা- চন্দা- দৰিকণা। বৰপাচিৰ তলত প্লাষ্টিকৰ ঠোঙা এটাত সযতনে থোৱা শুকুলা এখনি  চাদৰো আছে।

এটোপ-দুটোপকৈ সৰে দিপৰৰ পাতলীয়া ব'ৰষুণ। পখিলীবালাৰ গাত লাগে দিপৰৰ বুকুৰ  সাতোখন  বিলৰ  সাঁজবেলাৰ  চেঁচা, পানীৰ মইছৰ গৰম, বিলবোৰৰ পাতাল চুই অহা বতাহৰ জলজ  শিহৰণ। পাচিত সুমুৱাই অনা শুকুলা  চাদৰখন  তাই গাত চাটি মাৰি লয়। বতাহত চাদৰৰ আঁচল দুটি উৰিবলৈ ধৰে। বুকুত মেথনি  মাৰি লোৱা  শুকুলা মেখেলা।  মলিয়ন।

ঠিক এনে সময়তে পৰ্বান্তৰ ঘটে তাইৰ।লেটাৰপৰা পখিলালৈ।লেটাৰ  লেহুকা, লপথপীয়া, বীজল আৰু এঠালেটীয়া  আঁহৰ পৰ্ব আৰু পৰ্বান্তৰৰ যন্ত্ৰণাময়, ঘিণ লগা কথকতাৰপৰা চুঁচৰি ওলাই আহে।ইতিহাসৰ  সিপাৰেৰে  বাগৰি  অহা  ৰূপকথা অথবা সোঁৱৰণিৰ উপকথাৰ শোক, অপমান, অবাঞ্চিত চকুলোৰ ধাৰ আৰু বোবা বেদনাৰপৰা  চুঁচৰি   ওলাই  আহে। 

সাধেই-মাধেইৰ ভিঠাৰপৰা খাৰবাৰী বিলৰ পাতাল পাৰ হৈ ৰামচা হিল পঞ্চায়তৰ মিকিৰপাৰা লাটৰ ভিতৰুৱাল  গাওঁখনত থকা তাইৰ ঘৰলৈ দুই  কিলোমিটাৰ বাট। তাৰপৰা  গোধূলাবজাৰলৈ  আৰু কেইফাৰ্লংমান।খৰকৈ বাটকুৰি বায় তাই। মইছৰ উজানকালত খন্দাজানৰ বিলমুখেৰে লুইতৰ ধাৰেৰে যোৰ পাতিবলৈ সোমাই অহা আঁৰিমাছৰ দৰে   শৰীৰ পখিলীবালাৰ। টান।গোটোং। নিমজ। আঁৰিমাছৰ  ফিছাডোখৰৰ দৰে ঘিঁউবৰণীয়া কলাফুল। মেখেলাৰ  তলেৰে  উদং হৈ  থাকে।যৌৱনে গাৰপৰা মেলানি মাগিবলৈ পাহৰি যোৱা পখিলীবালাৰ  মায়া  সনা কলাফুল।  আন  মাছুৱৈৰ  দৰে  বিলৰ  পানীয়ে সেই  কলাফুলত  ঘাম  হৈ  জোলা  নাবান্ধে ।মইছৰ গোন্ধে আমোলমোলাই নাযায় শৰীৰ।  তিনিকুৰিৰ দেওনা পাৰ হোৱাৰ পিছতো উঠন গাভৰুৰ দৰে শ্ৰী। নিবোকা তাই। আপোনতে মগণ। এই  নজহা-নপমা  শৰীৰ, শৰীৰৰ দিব্যকান্তি প্ৰকাশ,ৰ'দ টল-মল জেউতি দিপৰৰ মাছুৱৈৰ বাবে বিস্ময় আৰু সমীহৰ বিষয়। 

জানে তায়ো, গোধুলাবজাৰত মইছৰ পাচিৰ মাজে মাজে বিচৰণ কৰা সেই কলাফুলত চকু পৰি দিপৰৰ মইছলৈ  লালায়িত  হোৱাৰ দৰেই  গ্ৰাহকৰ চিত্ত লালায়িত  হৈ  উঠে।

নৰমনিচ  হয়নে  বাৰু তাই!

নে ৰূপকথাৰ নাৰী! আৰিমত্ত ৰজাৰ কুঁৱৰী সাধেই  নেকি!মাধেই  নেকি!

 সৌজাক পুৰুষ মাছুৱৈ। একোটা গোমোঠা মন লৈ গুজ্ গুজ্ কৈ কথা পাতিছে।কিছু নিলগত হিন্দীভাষী বিল্ডাৰ  ধেনুকাৰ অনুচৰ দুটামানে  পিলিং-পালাং কৰিছে। সিহঁতক দেখিলেই মাছুৱৈকজাক গোমোঠা হৈ পৰে। মাছুৱৈজাকে  গোধূলাবজাৰলৈ  মইচ কঢ়িয়াই নিব চাইকেল, স্কুটী বা মটৰচাইকেলত। পখিলীবালাৰ  দৰে  সিহঁতে  ঢাহি-মুহি বজাৰলৈ বাটকুৰি   বাব নালাগে।

বাইছ  বছৰৰ  আগেয়ে  দিপৰক পোনতে ৰামচাৰ   চাইট  আৰু  তাৰপিছত পক্ষী- অভয়াৰণ্য   বুলি ঘোষণা কৰাৰ পিছতে চৰকাৰৰ চকুত মাছুৱৈসমাজৰ  আঠশৰো  অধিক পৰিয়াল  হৈ  পৰিছিল  আইনবিৰোধী।  চৰকাৰে  বিলত  মইছ ধৰা নিষেধ  কৰাৰ  সিদ্ধান্ত  লৈ বৈঠক দিছিল।বনবিভাগৰ সতে হোৱা বৈঠকলৈ  মাছুৱৈসমাজ গৈছিল হাতে হাতে শাল কাঠৰ বৈঠা  লৈ। দিপৰৰ পানীয়ে জোলা বন্ধা ঘাম আৰু মইছৰ গোন্ধে মলমলাই থকা শৰীৰ। শাল কাঠৰ বৈঠা  মাটিত  ঠুকুৰিয়াই  ঠুকুৰিয়াই ক্ষুব্ধ মাছুৱৈসমাজে বৈঠকত তুলি ধৰিব খুজিছিল আঁত হেৰাই যাব  খোজা সোৱঁৰণিৰ ৰূপকথা, যি ৰূপকথা জীয়াই  আছিল মাছুৱৈৰ ভিতৰুৱাল গাঁৱৰ জুহালৰ পোৰামাছৰ গোন্ধৰ  আলস্যত।  নিৰলে।

শাল কাঠৰ বৈঠা হাতত লৈ মাছুৱৈসমাজৰ একমাত্ৰ তিৰোতা মাছুৱৈ হিচাপে পখিলীবালায়ো বৈঠকত শাৰী পুৰাইছিলগৈ। অৱশ্যে তাই  আছিল নিবোকা হৈ। চুপ-চাপে। লাহে লাহে মাছুৱৈসমাজৰ  মাত-কথা ডাঙৰ হৈ আহিল। কোনেও  কাৰো কথা নুশুনা  হ'ল। অৱশেষত বনবিভাগৰ বিষয়াই চুপে-চাপে বহি থকা  পখিলীবালাক সকলোৰে হৈ কথাবোৰ  সজাই-পৰাই কবলৈ অনুৰোধ  কৰিলে।

সভাৰ মাজত ঠিয় হৈ কথা কবলৈ গৈ নিবোকা পখিলীবালা পোনতেই বিবুধিত পৰিল।ধীৰে ধীৰে দৃঢ় হ'ল তাই। সকলোৰে সন্মুখতে লেটাৰপৰা চুঁচৰি ওলাই আহিল। পৰ্বান্তৰৰ লাহি-পাহি পাখি গজিল। তাই পখিলাৰ ৰূপ ল'লে।মুখলৈ  এক লাৱণ্য আহিল। শৰীৰ অপৰূপ জেউতিয়ে আৱৰি ধৰিলে। চাটি মাৰি লোৱা চাদৰখন ওৰণিৰ দৰে মূৰলৈকে  তুলি  ল'লে।এটা সময়ত বৈঠাপাতক সাৱটি ধৰি তাইৰ আঁৰিমাছৰ দৰে নিমজ, গোটোং শৰীৰটোৱে সভাঘৰত ঠিয়দঙা  দিলে।এটি নিটোল ৰূপকথা মাছুৱৈসমাজৰ ভিতৰুৱাল গাৱঁৰ জুহালৰ পোৰামাছৰ গোন্ধৰ আলস্যৰপৰা ওলাই আহিল। 

-‘দিপৰ কেৱল জলাহ নহয়। দিপৰ ইয়াৰ পাৰত বাস কৰা মাছুৱৈৰ সভ্যতা। তাহানিৰ  আৰিমত্ত   ৰজাৰ  বিশাল  ৰাজ্যৰ পৰ্বতীয়া ৰাজধানী দিপৰ। মাছুৱৈসমাজ  বিলৰ পাতাল  আৰু  ভূঁইকপত পোত যোৱা আৰিমত্ত  ৰজাৰ  প্ৰাচীন ৰাজধানীৰ ৰখীয়া।উত্তৰাধিকাৰ।'

পখিলীবালাই কৈ গ’ল...  

আৰিমত্ত।আঁৰিমাছৰ দৰে মূৰ। লুইতৰ উত্তৰকূলৰ প্ৰাচীন কামৰূপৰ ধৰ্মপাল ৰজাৰ পুত্ৰ। ৰূপকথাৰ দ্বিগবিজয়ী  বীৰ। ধৰ্মপালৰ ৰাজধানী বাৰে বাৰে ব্ৰহ্মপুত্ৰৰ  বানে  সংহাৰ  কৰিছিল। উদ্ধাৰ  পাবলৈ  পাৰিষদবৰ্গৰ  পৰামৰ্শমতে  ৰজাৰ কুঁৱৰী চন্দ্ৰপ্ৰভাক কলগছৰ ভূৰত উঠাই ব্ৰহ্মপুত্ৰক দান  দিছিল।পাচে, ব্ৰহ্মপুত্ৰ দেৱতাই দিপলীপ কুঁৱৰীৰ  প্ৰাণ  নাশ নকৰি গৰ্ভত দিলে সন্তানৰ বীজ।ভূৰত উটি  অহা সেই কুঁৱৰীক উদ্ধাৰ কৰিলে এঘৰ ব্ৰাহ্মণে। ব্ৰাহ্মণৰ  ঘৰত  কুঁৱৰীয়ে জন্ম দিলে এটি সন্তান--আৰিমত্ত।পাচে, প্ৰাণাধিক প্ৰিয় কুঁৱৰীক উচৰ্গা কৰাৰ পিছতো ব্ৰহ্মপুত্ৰই  সংহাৰ কৰিবলৈ নেৰাত ধৰ্মপালে মনৰ দুখত সেই ৰাজ্য এৰি নাম সলাই বেলেগ ঠাইত ৰাজ্য পাতিলেগৈ। এদিন  ব্ৰাহ্মণসমাজে  আৰিমত্তক ধৰ্মপালৰ কুঁৱৰীৰ পুত্ৰ বুলি জানি ৰজাৰ এলাগী হৈ পৰা পুৰণি ৰাজ্যৰ ৰজা পাতিলে। সেই আৰিমত্তই   হৈ   উঠিল  প্ৰৱল  প্ৰতাপী। দ্বিগবিজয়ী।

কৈ যাওতে টল-মল আৱেগে পখিলীবালাক হেঁচা  মাৰি ধৰিলেহি। তাই ক্ষন্তেক দৰক লাগি ৰ'ল।কিন্তু আখ্যানে  যে   বনবিভাগৰ লোকক উৎসুক  কৰি তুলিছে।

--‘কৈ  যাওকচোন।কৈ যাওক।' 

 কৈ যায় তাই…

সুচল  ঠাই   বিচাৰি  তেওঁ  দক্ষিণকূলৰ  পৰ্বতত  দাবাইচাহান  ৰাজ্য  পাতিলেহি।  দ্বিগবিজয়ী বীৰ   ৰজাই এদিন  ব্ৰাহ্মণৰ  ৰূপ  ধৰি  অহা  বিষ্ণুদেৱতাক  যথাযোগ্য  সন্মান  জনাবলৈ  পাহৰি গ'ল। তেতিয়া  ক্ৰোধিত  দেৱতাৰ   শাপত  দিপৰবেলা  প্ৰবল  ভূঁইকপে  ৰজাৰ   ৰাজধানী পাতাললৈ   লৈ  গ'ল। ৰজাৰ   পৰ্বতীয়া  ৰাজধানী  নিমিষতে  হৈ   পৰিল  অপাৰ  সামুদ্ৰিক  বিল। দিপৰ বেলা   দাবাইচাহান  ৰাজ্যৰ ৰাজধানী  বহি  গৈ  বিলৰ  সৃষ্টি  হোৱাৰ   বাবেই  সেই  বিল  হ'লগৈ  দিপৰবিল।  ৰজাৰ  দুই  কুঁৱৰী  সাধেই  আৰু মাধেই আছিল  সাদৰী।  প্ৰজাবৎসল। সেই  দুই  কুঁৱৰীৰ  ভিঠা অৱশ্যেই   পাতালত  পোত ন'গল।  কেতিয়াও বুৰ নোযোৱা  সেই   সাধেই - মাধেই  ভিঠা  জাৰে- জহে   মাছুৱৈসমাজৰ  জিৰণিৰ  সুচল ঠাই  হৈ ৰ'ল।   পাচে,   প্ৰবল  প্ৰতাপী  ৰজাই   দ্বিগবিজয়   কৰি   ফুৰাৰ  কালত নজনাকৈ  সতীয়া  বাপেকক   হত্যা কৰিলে। পিছত   সেই  কথা জানিব পাৰি   মনৰ  গ্লানি সহিব  নোৱাৰি  আৰিমত্তই  নৈত  জঁপিয়াই  আত্নহনন কৰিলে।

-‘ইয়াৰ সতে মাছুৱৈৰ সম্পৰ্ক কি?'-- বনবিভাগৰ লোক  হতাশ হ'ল।

পখিলীবালাই কৈ গ’ল…

সেই আৰিমত্ত ৰজাই পৰ্বতীয়া ৰাজধানীৰ গাতে লাগি  থকা নামনিৰ  এখন জলাহৰ  কাষত  বহুওৱা কেইঘৰমান মাছুৱৈৰ উত্তৰাধিকাৰেই  আজিৰ দিপৰৰ মাছুৱৈসমাজ। ৰজাৰ  আদেশ  আছিল  মাছুৱৈয়ে আস্কা  ভাওত মইছৰ বেহা কৰিব। সেই পৰম্পৰা আজিও  অক্ষুণ্ণ আছে।আজিও দিপৰৰ মইচৰ বেহা হয় আস্কা ভাওত।ওজনত নহয়। মাছুৱৈসমাজৰ  বিশ্বাস--যিকোনো বিপদৰ  সময়ত আৰিমত্ত ৰজাৰ কুঁৱৰী  সাধেই-মাধেইয়ে  মানুহৰ  ৰূপ লৈ  তেওঁবিলাকক  উদ্ধাৰ কৰিব।

তাই আখ্যান সামৰিলে। কিয় জানো,  চকুৰে  সৰসৰকৈ পানী  নামি আহিল!সভাঘৰৰ  খিৰিকিৰ  জলঙাৰে  সোমাই অহা ৰ'দৰ পোহৰত  চকুলোৰ সেই ধাৰ জুইৰ দৰে ৰঙা যেন দেখা  গ'ল। মাছুৱৈৰ বিশ্বাস--ৰজাই মাছুৱৈমসাজৰ যিজন মুখিয়ালক জলাহৰ কাষত বহুৱাই আস্কা ভাওত মইচৰ বেহা কৰিবলৈ দিহা দিছিল, পখিলীবালা সেই মুখিয়ালৰ  উত্তৰপুৰুষৰ কোনোবা এটি ঠালৰ  বোৱাৰী।

আখ্যান শুনি সভাঘৰ কাঁহ পৰি জীণ যোৱা অৱস্থা।উপস্থিত মাছুৱৈসমাজৰ  মাজত নোহোৱা-নোপজা আৱেগৰ ঢল ববলৈ ধৰিলে।উত্তেজনাত ৰব নোৱাৰি মাটিত বৈঠা  ঠুকুৰিয়াই এটি মাছুৱৈয়ে  কৈ  উঠিল,

--‘মোগলৰ সতে যুঁজ-বাগৰৰ আখ্যানটো কউ।ইয়াতেই কউ। কউ।সাইধৰ দিপৰ মাছুৱৈৰ হাতৰপৰা যায়  যায়!'

 এইবাৰ আখ্যান যেন মাছুৱৈৰ জুহালৰ পোৰামাছৰ গোন্ধৰ আলস্য আৰু এলান্ধু জোকাৰি,  চিকুণ  হৈ  নিজেই  ওলাই  আহিল। চকু-মুখ মোহাৰি লৈ  তাই  কবলৈ ধৰিলে...

যেতিয়া মোগলৰ সেনাপতি মিৰ্জানাথনে দক্ষিণকূলৰ ৰংজুলিত কোঁঠ মাৰি উজাই আহি হালিগাঁৱত কোঁঠ  বহুৱালেহি,   তেতিয়া পৰ্বতীয়া ৰজাসকলে বাৰে বাৰে বাধা দি বিতত কৰি তুলিলে। চকৰ্দৌ পৰ্বতৰ সিপাৰৰ ৰাণীহাটত একুৰি  পৰ্বতীয়া ৰজা লগ হৈ মোগলৰ বিৰুদ্ধে যুঁজিবলৈ উজনিৰ আহোম ৰজালৈ সহায় বিচাৰিলে। পৰ্বতীয়া ৰজাই ফন্দি কৰি  হালিগাওঁ কোঁঠলৈ  মিৰ্জানাথনৰ  সেনাৰ  ৰচদ-পাতি যোগানৰ  পথ বন্ধ  কৰি  দিলে।   সিফালে  লুইতৰ  পাৰৰ  গড়লত মোগলৰ কোঁঠ  বাৰিষা  উটি গ'ল। তেতিয়া গড়লপৰা  দিপৰলৈকে  জান খান্দি  নাও সুমুৱাই  মোগলৰ ৰচদ-পাতি  অনাৰ  ব্যৱস্থা  হ'ল। এয়াই   খন্দাজান ।মানুহৰ  মুখত  পৰি   হ'লগৈ  খনাজান-- খনামুখ।

 --‘অহ! এয়াই তেনেহ'লে দিপৰৰ বিলমুখ খনাজানৰ গুৰি কথা।' নিস্পৃহ  বনবিভাগৰ  লোক  সঁচাকৈয়ে  অনুসন্ধিৎসু  হৈ উঠিল।

মোগলে জলাহভূমি  দিপৰলৈ সোমাই  অহা নাৱৰপৰা গৰুগাড়ীৰে  হালিগাঁও কোঁঠলৈ ৰচদ  নিয়াৰ  বাট  উলিয়ালে। বাৰিষাৰ পানীয়ে বাট বুৰাই পেলোৱাত হাতীৰে ৰচদ নিয়াৰ ব্যৱস্থা কৰিলে। শ শ হাতীয়ে  মোগল সেনালৈ ৰচদ কঢ়িয়াই নবলৈ ধৰিলে।  মাছুৱৈসমাজে এইখিনিতে অথালি-পথালি কৰি মোগলক নানাধৰণে বিভ্ৰান্ত  কৰিছিল। কেইবাজনীও আদহীয়া তিৰোতাই মইচৰ বেহা কৰা পোহাৰিৰ ভাও লৈ মোগলৰ চাউনিৰ খবৰ- বাতৰি  উলিয়াই ৰাণীহাটৰ পৰ্বতীয়া ৰজাৰ কাণত পোৱাইছিলগৈ।পোনেই যুঁজলৈ নগলেও মিতিৰৰ  ভাও ধৰি  মোগলৰ  কেইবাটিও লুভীয়া চন্তৰীক খাদ্যত ধতুৰাৰ বিহ মিহলাই গতি লগাইছিল। যেতিয়া শৰাইঘাটৰ যুঁজ হ'ল, তেতিয়া  মাছুৱৈসমাজে আহোম সেনাক নৌকাযুঁজত দিপৰৰ পাতালৰ সুচলত যুঁজৰ নৌকা  ৰখা, নৌকাচালনাৰে  অনেক  সহায়  কৰিলে।

সন্ধিয়া পাতি থোৱা জালৰ মইচ পুৱা তুলিবলৈ যাওতে মাছুৱৈয়ে বিয়লিলৈও জাল  পাতি আহে।  পুৱা-গধুলি  মাছুৱৈৰ আদহীয়া তিৰোতাই  আস্কা ভাওত  সেই মইচৰ বেহা কৰে।জাল পতা, জাল গোঁঠা,বুঢ়াগহেঁই সকলে বিললৈ  জলকেলি  কৰিবলৈ দণ্ডিৰে নামি আহি নষ্ট কৰা জালৰ মেৰামতি কৰা, পাচি-খৰাহী বনোৱা, তাঁত-সূত বোৱাকে ধৰি ঘৰ- ঘৰোৱাহৰ অলেখ কামৰ ব্যস্ততাত প্ৰায় মৌনতাৰে পাৰ হয় মাছুৱৈৰ নিঃকিন জীৱন। সন্ধিয়া মইছৰ বেহা  সামৰি  ভাত খাই পাটীত পৰাৰ আগে আগে জুহালৰ কাষত ভাগৰুৱা হৈ বহাৰ সময়ত সামান্য আলাপৰ যি সুযোগ ওলায়,  তাতেই  সিহঁতে চেগা-চোৰোকাকৈ পাগুলি  থাকে বোপাককাৰ মুখেৰে বাগৰি অহা  আখ্যান। আন  মাছুৱৈৰ দৰে  জালবাঁক, ম'হ-যখ, দ'তে মানুহৰ ৰূপ লৈ মইছৰ চিকাৰ কৰাৰ অলৌকিক বিৱৰণী দিপৰৰ মাছুৱৈসমাজত নাই। পাচে, বিলৰ জলসাই দেৱতাই থলবাঁকৰ ৰূপত চকৰ্দৌ পৰ্বতত বাস কৰে আৰু নিশা তাৰেপৰাই দীঘল দীঘল হাত মেলি মইছৰ চিকাৰ কৰে বুলি বিশ্বাস এটি আছে।

সভাঘৰত মাছুৱৈসমাজ শিহৰিত হ'ল।আজিকোপতি সিহঁতক কোনোৱেই মাছুৱৈয়ে বুকুৰ মাজত সাঁচি থোৱা আখ্যানৰ কথা সোধা নাই।মাছুৱৈৰ জীৱনকথা জানিবলৈ কাৰো জিজ্ঞাসা  হোৱা নাই।জুহালৰ আলস্যত বাস্তৱ  আৰু বিভ্ৰমৰ  ওলোম-জোলোমত ইতিহাস গৈ গৈ কেতিয়া ৰূপকথা হৈ পৰিল, তাৰো সাথন  নাথাকিল।তথাপি আখ্যান চিজিল হৈ নাহে। মাছুৱৈৰ মাত-কথাও হেনা-হুঁচা হৈ ৰয়।

পখিলীবালাই  আজি সেই আখ্যানকেই নিৰহ-নিপানিকৈ বখানি  বনবিভাগৰ লোকক স্তব্ধ কৰি  দিছে।

কোন তাই? ৰূপকথাৰ সাধেই  নেকি! মাধেই নেকি!

সেইদিনা চৰকাৰী মানুহ, মাছুৱৈসমাজৰ চকুত পখিলীবালা হৈ উঠিল বিস্ময়।সেয়া আছিল বাইছ বছৰৰ আগৰ কথা।পখিলীবালাই এই বিস্ময় আজিও  জীয়াই  ৰাখিছে।

মাছুৱৈৰ গোমোঠা মুখ, পূৰ্বতে নুশুনা ৰূপকথাৰ চমক আৰু বিল হেৰুওৱাৰ বেদনাৰ ভমক দেখি বনবিভাগ এখোজ  হলেও পিচুৱাবলৈ বাধ্য হ'ল। সেই ভমকৰ কোবতহে মাছুৱৈসমাজে অত বছৰ পাৰ হোৱাৰ  পিছতো  দিপৰক  নিজৰ  হাতত ৰাখিব পাৰিছে। অৱশ্যে  সেইদিনা সভাঘৰত পখিলীবালাৰ আখ্যানৰ শোভা  চাবলৈ  গিৰীয়েক  কণ্ঠি জীয়াই  থকা নাছিল।

তথাপি বিলৰ পাতাল,পাতালৰ পুষ্টি, মলৰ আধাৰ যতনাই ৰাখিব নোৱাৰাৰ বেদনাত মাছুৱৈসমাজে চট-ফট কৰে। খৰালি পানী নামি পাতাল ওলোৱাৰ লগে লগে ধেনুকাই খাৰবাৰী বিলৰ দুশ পঞ্চাশ বিঘাজোৰা পাতালত ব'ল্ডাৰ  বহুৱাই দখল দিবলৈ ধৰিছে। সৌ সিদিনালৈকে মাছুৱৈসমাজে পানী শুকোৱাৰ পিছত খাৰবাৰীৰ পাতালত গুটি সিঁচি বাওধানৰ খেতি কৰিছিল।গোট গোট ডাঙৰীৰে ভৰাই তুলিছিল নিঃকিন মাছুৱৈৰ ভঁৰাল।চৰকাৰী নীতি অনুসৰি   ‘পৰিবেশ স্পৰ্শকাতৰ এলেকা' বুলি স্বীকৃতি পোৱাৰ পিছত মাছুৱৈয়ে বিলৰ পাতালত ধানখেতি কৰা নিষেধ হ'ল। তেনেহ'লে কাৰ সাহত ধেনুকাই দিপৰৰ ‘পৰিবেশ স্পৰ্শকাতৰ এলেকা'ত ব'ল্ডাৰ বহুৱাই মাটি দখল কৰি সীমা মাৰিছে? বিলৰ পাৰৰ  মিয়াদী মাটি কিনি-কুটি শাৰী শাৰী এপাৰ্টমেণ্ট সজাৰ পিছত মাটিৰ আকাল হোৱাত তাৰ চকু এতিয়া খাৰবাৰী বিলৰ পাতালত।মাছুৱৈয়ে গাৱঁৰ ব্লক পৰা বাটচোৱাৰ মাজেৰে খাৰবাৰীৰ পাতাললৈ ব'ল্ডাৰ কঢ়িওৱা ডাম্পাৰ আগচি ধৰিলে । এতিয়া সি গাৱঁৰ কাষৰ বিকল্প বাটেৰে ডাম্পাৰ সুমুৱাই বিলৰ পাতাল দখল কৰি সীমা মৰাৰ পাং পাতিছে।

উত্তৰে বৰখলা বিল, দক্ষিণ-পূবে পামহী আৰু মইনাখোৰোঙৰ দিশে জনগোষ্ঠীয় লোকৰ দখলত থকা উজান বিলৰ  এচোৱাও বহিৰাগতৰ দখলত--তাত বণিয়াৰ শাৰী শাৰী গুদাম।গোষ্ঠীৰ সৰলতাৰ আঁৰত হেৰাই গ'ল পাৰৰ সোণোৱালী  গুটিধানৰ খেতি কৰা মাটি। সিদিনা পৰ্যন্ত সেইচোৱা পৃথিৱী কুঁৱলীৰ আঁৰ লৈ জাক জাক  ধৃতৰাজ পখীৰ আৰাওৱে  জঁয়াল কৰি তুলিছিল।কুঁৱলী ঠেলি বৈঠা মাৰিবলৈ গৈ মাছুৱৈ দৰক লাগিছিল।সাৰেং পখীয়ে দীঘল দীঘল ঠেঙৰ ছন্দত  পাখি মেলি মেলি, ঠোঁট জোঁকাৰি আকুল হৈ কৰিছিল যোৰ পতাৰ আধিভৌতক নাচোন।আৰু চৰিছিল ডাঙৰ- দীঘল ঠোঁটেৰে চবিয়াই চবিয়াই মাছ ধৰি ডিঙিৰ জোলোঙাত ভৰাই যোৱা শুধ বগা ভেলা পখীৰ জাক।  দিপৰ আছিল যেন  অশৰীৰী  জলচৰী জীৱৰ নন্দন- বন!

মহানগৰীৰ লেতেৰা কঢিয়াই নৰ্দমা হৈ  পৰা বাহিনী নদীখন পোনে পোনে চকৰ্দৌ পৰ্বতৰ নিৰ্মল  জান-জুৰি-নিজৰা   সাৱটি বৈ অহা চিকুণ নৈ পামহিলৈ বোৱাই দিপৰত পোলোৱাৰ পিছৰেপৰা ৰাইজে উজান  বিলৰ  সেইচোৱাৰ  মইছ খাব নোৱাৰা হ'ল দুৰ্গন্ধত।বাহিনী নৈৰ গেদ-পানীয়ে দ কৰি পেলোৱা উজান  বিলৰ  পাতালত  নগজে নল। নগজে  দল।দলনিত নেখেলে ৰৌ-ভকুৱা। নচৰে দল-কুকুৰা, কাইঠা। কনুৱা, কোঢ়া,বালিবগোৱা, লৰিয়লী, মূৰল'ৰি, দলম'ৰা, নল ঢেকৰৰ দৰে জলচৰী জীৱৰ দৃশ্য সেৰেঙা হৈ আহিল।ডুমৰীয়া বিলৰ পাতালত মহানগৰীৰ  পৌৰনিগমৰ  আৱৰ্জনাৰ  দ'ম।গোট গোট হাড়গিলাইহে তাত উচ্ছিষ্ট বোটলে। পশ্চিমৰ ধাৰাপুৰৰ চন্দা বিলৰ  বুকু ফালি  ফ'ৰলেনৰ  ডাইভাৰজন সজাৰ পিছত বিলৰ পাতাল হ'লগৈ পোতাপুখুৰী।

ভূতৰ ওপৰত দানহৰ দৰে যেতিয়া পৰ্যটন বিভাগে বিলৰ পাতালত নাওখেল পাতিবলৈ ঠিৰাং কৰি  খন্দাজানৰ  বিলমুখ মাটি পেলাই বন্ধ কৰি দিলে,তেতিয়া  কেইবামাহো ধৰি  লুইতলৈ  নামি যাব নোৱাৰা আৱদ্ধ পানীয়ে  বিলৰ  সমূহ পাতালৰ জলজ শৰীৰ নষ্ট কৰিলে। কিছুদিনৰ আগেয়ে ধেনুকাৰ দৰে বিল্ডাৰৰ শেন চকুৰপৰা দিপৰক  ৰক্ষা  কৰিবলৈকে মাছুৱৈসমাজে মন্ত্ৰী মহোদয়ক আথে-বেথে নিমন্ত্ৰণ কৰি আনি পাতালৰ নাড়ীলৈকে দেখুৱাই নৌকাবিহাৰ   কৰোৱাইছিল।পাচে, মন্ত্ৰী মহোদয়েচোন বিলৰ পাতাল ৰক্ষা কৰাৰ ৰাইজৰ  প্ৰচেষ্টাত সঁহাৰি দিয়াতকৈ  বিলৰ  কাষে  কাষে চাইকেল ট্ৰে'ক নিৰ্মাণ কৰাৰহে সিদ্ধান্ত ল'লে! নাওখেল পতাৰ কাজ-কৰ্মতো আগ-ভাগ পালে ধেনুকাই । ধেনুকাৰ মাটি দখলৰ সতে এই কুৰুং-কাৰাঙৰ গোপন যোগসূত্ৰৰ  সন্দেহত  মাছুৱৈসমাজে কেৱল চট-ফট কৰিবহে  পাৰে।

এই শাপগ্ৰস্ত প্ৰহৰত কেনেকৈ জীয়াই আছে দিপৰ! দিপৰৰ আকাশেদি পখীকূলৰ ঋতুকালীন প্ৰব্ৰজনৰ সংবেদী  উৰণ বাট! বাৰিষাৰ উদ্দামত কৈলাঙি, গো-বগ, পানীডুবি, নলচুপি, দেওহাঁহৰ যৌৱন উটুৱাই দিয়াৰ বাসনা! ডলা যেন নিকৰিৰ ওপঙা হৰিৎ পত্ৰত দীঘলঠেঙী দলপুঙাৰ নাচোন!

কেনেকৈ!

ৰাণী আৰু গড়ভাঙ্গা ৰিজাৰ্ভক সাৱটি  চকৰ্দৌ  পৰ্বতৰ নৈ-নিজৰাৰ খনিজ মৌলই দিপৰক দিয়া পুষ্টি! মল!পাতালৰ নাড়ীত গজি ওপঙি উঠা জলজ শইচ!

কেনেকৈ!

দিপৰৰ লখিমী মইছলৈ ৰাইজৰ হেঁপাহ! নিকৰিৰ নাড়ীত লগা পুৰঠ, কাঁইটীয়া, সুস্বাদু গুটি খাই বতাহত কঁপি থকা   বিলৰ দাপোনত জোন-তৰা-ডাৱৰৰ অঁকৰাধেমালি চাবলৈ চকৰ্দৌ পৰ্বতৰ দণ্ডিৰে নামি অহা বুঢ়াগঁহেঁইৰ  জাক!

কেনেকৈ!

পাতালৰ  পুষ্টি  আৰু  মল   যতনাই   ৰাখিবলৈ  মাছুৱৈসমাজে   কৰা প্ৰচেষ্টাতে ই   নহয়নে!  দিপৰ  মাছুৱৈৰ  সভ্যতা।

পখিলীবালা আগবাঢ়ে।  শূন্যতাত  হালধীয়াৰ  কণমান  ৰহণ  সানি  উৰি  গৈছে  সখীয়তী। ৰৈ  ৰৈ  শুনা যায় গছৰ ডালৰ কেতেকীপখীৰ  মাত--‘অ' কেতেকী!মই কেতেকী!' মাতটো দিপৰৰ বিলবোৰৰ দ-বাম পাতালত খূন্দা  খাই উভতি আহে। বিলৰ পাতালৰ পৰা উঠি আহি পখলীবালাৰ আঁৰিমাছৰ ফিছা যেন ভৰিৰ সৰুগাঁঠিত খুঁটিয়াই  কয়--‘অ' পখিলী!তই পখিলী!' তাই  উৰণীয়া হয়।মইছৰ গোন্ধ পাই ওলাই অহা সাধেই-মাধেইৰ ভিঠাৰ   গাঁতত   বাস কৰা চিনাকি ফেউৰা, মেচেকা আৰু জহামালৰ জাকবোৰ হুৰাই দিবলৈ বৈঠাপাত জোৰকৈ খামুচি ধৰে।

 বৈঠা মাছুৱৈৰ সাৰথি।বৈঠা হাথিয়াৰো।

এটা সময়ত পখিলীবালাই খাৰবাৰী বিলৰ পানী শুকাই উদং হৈ পৰা পাতালত ভৰি থয়। এটি অশৰীৰী অস্তিত্বৰ  দৰে সাঁজৰ আকাশখনৰ তলেদি শুকুলা চাদৰৰ আঁচল উৰুৱাই কণা-মুণাকৈ উৰি যোৱাদি যায়গৈ--আঢ়ৈ কিলোমিটাৰ নিলগৰ গধুলিবজাৰলৈ।পাতালৰ শুকান নৰাৰ দৰে তৃণভূমিৰ ওপৰেৰে চলা খোজৰ খচখচ শব্দ,বতাহৰ সোঁ-সোঁৱনিৰ মাজেৰে তাই গৈ থাকে। খোজৰ শব্দত শুকান পাতালত পোক-ফৰিং খুছৰি থকা চকে চৰাইৰ সৰু জাক এটা উচপ খাই  ঢাপলি মেলে।প্ৰবাদ আছে--গোধুলাবজাৰত বেহাবলৈ কেনেবাকৈ শইচ টুটিলেও, টুটি নাহে সাতোখন বিলৰ পাতাল সাৱটি  থকা লখিমী দিপৰৰ দেও লগা মইছ।বিল সুৰক্ষা সমিতিয়ে ভাদত ফিছাৰিৰপৰা কিনি এৰি দিয়া ৰৌ-ভকুৱা- মিৰিকাৰ পোনাবোৰ পাতালৰ মল আৰু পুষ্টিত যতনত পুহৰ বিল বাইচৰ দিনলৈ দুই-আঢ়ৈ কেজি পৰ্যন্ত ওজন  হয়গৈ। এনেহেন  লখিমী দিপৰৰ  শ্ৰী। তাৰ উপৰিও সিদিনা মাছুৱৈৰ জাল, পলত পৰে দহ-বাৰ কেজি ওজনৰ একোটা আঁৰি।  বৰালি। ছয়-সাত কেজি ওজনৰ শাল। মাছৰ পোনা এৰাৰপৰা বিল বাইচৰ দিনালৈকে  মাজ-পাতালত মইচ ধৰা  নিষেধ। পাৰৰপৰা পঞ্চাশ মিটাৰ এলেকাতহে মাছুৱৈয়ে জাল পাতি মইচ  ধৰে, জাৰ্কি-ডিঙৰা-চেঁপা পাতে। বিল বাইচৰ পিছত   সাতোখন বিলৰ মাজ-পাতাললৈ নামি যায় মাছুৱৈ।

খাৰবাৰী বিলৰ পাতালৰ গাতে লাগি থকা গাৱঁৰ ব্লক পৰা বাটচোৱা পাৰ হৈ আহি পখিলীবালাৰ ভৰি থমকি ৰয়। সন্মুখত তিৰ-বিৰ ফ'ৰলেনৰ চুকটোৰ তিনিআলিত ক্ৰমাৎ সংকীৰ্ণ হৈ অহা  গধূলিবজাৰ--য'ত মাছুৱৈয়ে দিপৰৰপৰা  তুলি অনা মইচ আস্কা দৰত বেচিবলৈ সিহঁতৰ আখলৰ আদহীয়া তিৰোতাবোৰে খদমদম লগায়।

 পখিলীবালা মাছুৱৈসমাজৰ এই সকলোবোৰ তিৰোতাৰপৰা  পৃথক।

অনন্য ৰূপকথাৰ  নাৰী।

তাই সাধেই নেকি! মাধেই নেকি!

 

নিমিষতে পখিলীবালাৰ বৰপাচিৰ মইছৰ বেহা শেষ হ'ল। গ্ৰাহকৰ উপৰিও কিছু বেপাৰীয়েও তাইৰপৰা মইছ কিনি  আন জোগত বেচেগৈ।ভাটিৰ ধুবুৰী-গোৱালপাৰাৰ দিশৰপৰা অহা গাড়ী আৰু মহানগৰীৰপৰা ভাটীৰফালে যোৱা  গাড়ীবোৰৰ কোৰ্হাল তল পেলাই গোধূলাবজাৰত এটা গুম-গুমণি উঠিছে। খাৰবাৰী বিলৰ শুকান পাতালত মাছুৱৈজাকে গুজ্ গুজ্ কৈ পতা কথাবোৰেই জাৰত গুম-গুমণি তুলিছে।পৰ্যটন বিভাগে নাওখেল পতাৰ পিছৰেপৰা  খাৰজান  বিলৰ  পাতল দখল কৰিবলৈ আক্ৰোহী হৈ উঠিছে ধেনুকা।মাছুৱৈসমাজ শংকিত।কিদৰে ইয়াৰ হেস্ত-নেস্ত কৰা যায়!

পখিলীবালাৰ আঁৰিমাছৰ দৰে গোটোং, নিমজ কলাফুল মাছুৱৈৰ উৎকণ্ঠা আৰু গুম-গুমণিৰ  মাজে  মাজে  বিচৰণ  কৰিবলৈ ধৰিলে। বিল সুৰক্ষা সমিতিৰ সভাপতিয়ে  ক'লে--‘জাগি শুবা।' ডাম্পাৰ চলে নিশাৰ এন্ধাৰত। 

পখিলীবালা কণল'ৰাৰ চাহৰ  দোকান পালেহি।ইয়াৰপৰাই কণল'ৰাই ম'বাইলত ভিডিঅ'কল কৰি পখিলীবালাক  ডেৰাডুনত  জলাশয়ৰ ওপৰত গৱেষণা  কৰি  থকা জীয়েক প্ৰতিভাৰ সতে  কথা পতাই  দিব। তাই ম'বাইলত  কথা পতাৰ তলা- নলাবোৰ নজনাৰ বাবেই জীয়েকে কণল'ৰাৰ সতে বন্দবস্ত কৰি এই যোগাযোগ কৰাই দিছে।

 এই সময়কণৰ বাবেই যেন পখিলীবালাই লেটাৰপৰা ওলাই আহিবলৈ দিনৰ সমস্ত আয়োজন কৰে।পৰ্বান্তৰৰ পখিলাৰ  ৰূপ লয়।দুৰণিত থকা নাতি আৰু জীয়েকৰ সতে এবাৰ কথা পতাৰ সুখ! ভিডিঅ'কলত সিহঁতৰ মুখখন দেখাৰ সুখ! জীয়েকৰ  বিয়া  হৈছে আন প্ৰদেশৰ   ল'ৰাৰ  সতে, সেয়ে  জোঁৱায়েকৰ সতে কথা পাতিবলৈ তাইৰ সংকোচ হয়।

 আজিকালি  আন মাছুৱৈৰ  দৰে পখিলীবালাই  দুয়োবেলা  জাল  নাপাতে। কেৱল  সন্ধিয়াহে  মইছ তোলে। মইছৰ  বেহা সামৰি তাই কণল'ৰাৰ দোকানত চাহ একাপ খাবলৈ সোমোৱাৰ আপাহতে  জীয়েক আৰু নাতিপোৱালিকণৰ   সতে ফোনত কথা হয। লোকে কয়,পখিলীবালাৰ জীয়েক নামে-কামে প্ৰতিভা।চৰকাৰী স্কুলৰ দিয়াৰপৰা ঢাপে  ঢাপে আগুৱাই   গৈ তাই বিশ্ববিদ্যালয়ত পঢ়ি কেনেকৈ জলাহভূমিৰ ওপৰত গৱেষণা কৰাৰ পৰ্যায় পালেগৈ, সেয়া বহুতৰ  বাবে  আজিও বিস্ময়। পাছে, তাইৰ গৱেষণাই মাছুৱৈসমাজক যিমান সাহ দিছে, সেয়াও  জানো কম  কথা! ড্ৰোণ কেমেৰা লৈ  আকাশৰপৰা ফটো তুলি দিপৰৰ বিষয়ে কৰা এখন ডকুমেণ্টেৰী তাই যিদিনা মাছুৱৈসমাজক দেখুৱালেহি,সেইদিনা  মাছুৱৈসমাজৰ মুখৰ মাত হৰিল।সদায় দেখি থকা দিপৰ আকাশৰপৰা লোৱা কেমেৰাৰ ফটোত হৈ  উঠিছিল  অনন্য।  এয়া যেন  সাতাম-পুৰুষৰ দিপৰ নহয়-এয়াই  সৰগ! মাছুৱৈৰ জীৱন-মৰণৰ ঠাই।পঢ়া- শুনা কৰি  প্ৰতিভাই  দিপৰৰ পাতালৰ সতে নাড়ী চিঙা নাই। নাড়ীৰ বান্ধোন টানহে  কৰিছে।মাছুৱৈয়ে  যদি  যুঁজিছে  পৰম্পৰাৰ  বলেৰে, তাই যুঁজিছে জ্ঞানৰ গৰিমাৰে।

পখিলীবালাই বুজি উঠিছে, দুয়োখন  যুঁজেই গুৰুত্বপূৰ্ণ। সেইবাবেই পখিলীবালাই ফোনত জীয়েকক  গোধূলাবজাৰৰ  গুম-গুমণিৰ কথা জনাবলৈ নাপাহৰিলে।মইছৰ বেহাৰ পইচাৰে নিজৰ সামান্য বজাৰ-সমাৰ দুটামান কৰি বাকীখিনি টকা  মাছুৱৈৰ কল্যাণৰ বাবে থকা পুঁজিৰ বাবে দি আহিলগৈ।জীয়েকৰ সুচল আৰ্থিক অৱস্থাৰ বাবে পখিলীবালাই জাল  পাতি  মইছৰ বেহা নকৰিলেও  চলে। কিন্তু বিলৰ বতাহ গাত নালাগিলে তাই থাকিব পাৰিবনে!মহানগৰখন  এইফাললৈকে বাঢ়ি  অহাৰ  পাছত বিলৰ  মইছৰ  চাহিদাও বাঢ়িল। মাছুৱৈৰ  উপাৰ্জনো ভাল হ'ল।  পখিলীবালাই  ধন সাঁচি  কিনো  কৰিব? অধিক  হোৱা টকাখিনি তাই সেয়ে মাছুৱৈৰ কল্যাণৰ পুঁজিতে দি থয়।

কিছুসময়ৰ আগলৈকে বৰষুণজাক পাতলীয়া আছিল।এতিয়া লুইতৰ দিশৰপৰা আকাশ গাজি-গুমৰি  আহিছে।এইজাক  বতাহে চকৰ্দৌ আৰু লংকেশ্বৰৰ মাজৰ দিপৰৰ পাতাল কোবাই যাবগৈ।বলিয়া বতাহৰ কোবত মাছুৱৈয়ে পাতি থোৱা   জালবোৰো থান-বান হ'ব। তাই ঘৰলৈ  খোজ  ল'লে।ঘৰ বুলিবলৈ গিৰীয়েক কণ্ঠিৰ চাৰিজন ককাই-ভাইৰ মাজত পিতৃ ভিঠা ভাগ হৈ যোৱাৰ পাচত পোৱা দুটা পনিয়লি কোঠা, এডোখৰ বাৰান্দা আৰু  সন্মুখত  অকণমানি  চোতাল  এখন।একমাত্ৰ কন্যাসন্তান তেনেই সৰু হৈ থাকোঁতেই  কণ্ঠিয়ে সিহঁতক এৰি গৈছিল।জীয়াই থাকোঁতেও সৰহভাগ সময় সি কটাইছিলগৈ বিলৰ পাৰত, নহলেবা সাধেই-মাধেইৰ ভিঠাত জুপৰি সাজি।এনেকৈ অনেক মাছুৱৈয়ে  চেগা-চোৰোকাকৈ  বিলৰ মাজত বা পাৰতে জুপুৰি ঘৰ সাজি থাকে।ৰং-ৰহইচ কৰি অন্য জীৱনৰ সোৱাদ লয়। বিলৰ অজান  ৰহস্যই  টানি নিয়ে মাছুৱৈক।

দিপৰে টানে।কণ্ঠিৰ পৰিয়ালৰ ঠালবোৰৰ কোনোবা এটিয়ে হলেও বিলতেই প্ৰায় নিগাজিকৈ  থকাৰ দস্তুৰ এটা  চলি   থাকে।হয়তোবা ৰূপকথাৰ আৰিমত্ত ৰজাই মাছুৱৈৰ মুখিয়ালক দিয়া নিৰ্দেশ মানি।এয়াও পৰম্পৰা।কণ্ঠিৰ বাপেক  ভোগীও  বিলতেই নিগাজী হৈছিল বুলিব পাৰি। ভোগী আছিল গুৱাহাটীৰ ভৰলুমুখৰপৰা মটৰগাড়ীৰে গৈ বিল  পাৰ হৈ   চকৰ্দৌত  বন্দুকৰ গুলীৰে বুঢ়াগঁহেই নিধন কৰিবলৈ যোৱা প্ৰসিদ্ধ চিকাৰী ফুকন দেউতাৰ সাৰথি ডাঠিভকতৰ ভতিজা। ফুকন দেউতাই চৰকাৰী কাগজ-পত্ৰ উলিয়াই লৈ  নিশা  মটৰগাড়ী  পাৰত থৈ  ডাঠিভকতৰ নাৱতে পাৰ হৈ  চকৰ্দৌত  চিকাৰলৈ গৈছিল।জোলোঙাত দন্তালৰ বৰ একোটা দাঁত, বাঘৰ একোখন ছাল লৈহে দেউতা উভতিছিল। ওভতনিৰ বাটত ফুকন দেউতাই চিকাৰত অনা বস্তু চাবলৈ বিলৰ পাৰত মানুহে ভিৰ কৰিছিলহি।এইচোৱা বুৰঞ্জী কিছু পৰিমাণে নিজেই  দেখিছিল ভোগীয়ে, কিছু ডাঠিভকতৰপৰা শুনিছিল ।

পখিলীবালাৰ শৈশৱতো দিপৰৰ পাৰ কুমলীয়া ঘাঁহ খাবলৈ চকৰ্দৌৰপৰা নামি অহা পহুৰ জাক, পহু ধৰিবলৈ চোপ লোৱা বাঘৰ হাওৰণিয়ে তমোময় কৰি ৰাখিছিল।জন্তু আৰু চৰাইৰ চিকাৰেৰে পাতালৰ একোটা ডোং ৰঙা-ৰাঙলী  হৈ  পৰিছিল।পাহাৰত আছিল ভালুক, কেটেলাপহুকে বিবিধ জীৱ। পাছে, দিপৰৰ মইছে বুকু জুৰাই ৰখা মাছুৱৈসমাজক  মঙহৰ লোভে তেতিয়াও বিতত কৰা নাছিল, এতিয়াও নকৰে।সেইবাবেই আজিও বুঢ়াগঁহেইসকলে কেতিয়াবা মাছুৱৈৰ  জালৰ অনিষ্ট কৰাৰ বাহিৰে মাছুৱৈৰ একো অপকাৰ কৰা নাই। প্ৰাণে হানি কৰা নাই।এয়া বিশ্বাস।    

ঘৰলৈ আহি পখিলীবালাই লেটাৰ জগতলৈকে উভতি যায়।ভাৱনাৰ জগতত বিভোৰ হৈ পৰে।ভাবিবলৈ বুলিও সেই  একেখিনি আখ্যান। তাকেই আপোনমনে পাগুলি থাকে। মাছুৱৈৰ তিৰোতাই বিলত নানামে।তিৰোতাৰ জীৱন পাৰ হয়  ঘৰুৱা বনত।আদহীয়া তিৰোতাই মইছৰ বেহাত আগ-ভাগ লয়।পাচে, ভোকৰ জালাত তেনেই সৰুতে বিললৈ  নামিবলগীয়া  হৈছিল পখিলীবালা।তলত তিনিটাকৈ ভাই-ভনী।দেউতাকৰ আছিল পেটচলা বেমাৰ।দেহা দুৰ্বল।বৈঠা মৰা, জাল পতাৰ কাম একেলগে কৰিব নোৱাৰে।পখিলীবালাই লগৰীয়াই চেং গুটি খেলি সময় পাৰ কৰাৰ বয়সতে বাপেকক বৈঠা  মাৰি  সহায় কৰিবলৈ গ'ল। সেয়াই আৰম্ভণি।তাই আৰু বৈঠা হাতৰপৰা এৰিব নোৱাৰা হ'ল। পেটৰ বিষত দেদাউৰিয়াই,  কঁপি কঁপি বাপেকে এদিন দেহা পেলালে।পাছৰফালে বিললৈ চালেই মানুহটোৱে দেও উঠাৰ দৰে আচৰণ কৰিবলৈ  ধৰিলে।  মানুহবোৰে কেনেবাকৈ চকৰ্দৌ পৰ্বতত বাস কৰা থলসাই দেৱতাৰ দোষে চুলে বুলি  কোৱা-কুই কৰিলে।বাপেক জীয়াই থাকোঁতে তাই বৈঠা মাৰি নাও লৈ বিলৰ মাজ-পাতাল  পাইছিলগৈ।বাপেক কাল হোৱাৰ  পাছত বিললৈ চাবলৈ তাইৰো ভয় লগা হ'ল।দুবছৰমান বিলৰ বামত চেঁপা-ডিঙৰা-জাৰ্কি পাতিয়েই পাৰ কৰিলে।কলমৌ, হেলচি, কচুলতি,কচুথোৰো তুলিছিল। মাকে গোধূলাবজাৰত তাকেই বেচিছিলগৈ। সেই  সময়ত তেনে মইছ, বনশাকৰ  গ্ৰাহক  নাছিল বুলিবই পাৰি।এঁসাজ খালে দুসাজ লঘোণ যোৱাৰ দৰে অৱস্থা।

শৰীৰ উঠন হৈ আহিছিল।এনে বয়সত ভোকৰ জ্বালা সহিবলৈ টান।সাহ কৰি এদিন তাই ভায়েকক নাৱত লৈ বৈঠা    মাৰি বিলৰ মাজ-পাতাল পালেগৈ।লাঙিজাল পাতি বৰপাচি ভৰাই উঠাই আনিলে মইছ।এনেকৈয়ে আৰম্ভ হ'ল বিলৰ  একমাত্ৰ তিৰোতা মাছুৱৈৰ জীৱনৰ সংগ্ৰাম।বিলৰ মইছ, জলজ শইচ, গা জুৰ লগা বতাহত তাই নিজকে উটুৱাই  দিলে।মইছে যেন তাইৰ জালত সোমাবলৈ জাকি মাৰি আহে!চকৰ্দৌ পৰ্বতৰপৰা খৰি লুৰি নাৱত উঠাই অনাৰ  কামতো তাইক চেৰ পেলাব নোৱাৰ হ'ল। কেতিয়াবা দণ্ডিৰে নামি অহা বুঢ়াগঁহেইৰ জাকে জলকেলি কৰি মইছৰ জাল  ফালি-চিৰি টহিলং কৰি থৈ যায়। তেনে দিনত মাছুৱৈয়ে পদুমৰ ফুল আৰু চকা বিক্ৰী কৰিও উপাৰ্জন কৰে। 

পদুম ফুল ছিঙিবলৈ যোৱাৰ এনে এটি দিনতেই তাই আচৰিতধৰণে লগ পালে কণ্ঠিক। ভৰ দুপৰ। এনে দুপৰত   বিলত মাছুৱৈ কি, কোনোবা নৰমনিচ থাকে বুলি ভাবিবই নোৱাৰি। নিমাওমাও পদুমনিত বৈঠা বাই থাকোঁতে তাই  শুনিবলৈ পালে মেটেঙাৰ বৰ এটা জোপাৰ আঁৰত কাৰোবাৰ কান্দোন। থাকি থাকি মৰণকাতৰ চিঞৰ।তাই নাও  লৈ   আগুৱাই গ'ল।ওচৰ পাই দেখিলে কণ্ঠি আৰু তাৰ বৈনায়েক।দুয়ো বাঢ়ি অহা মেটেঙাৰ বান্ধ দিবলৈ পুতি থোৱা  খুঁটি এটাত লাগি থকা জোপা এটাত ধৰি কোনোমতে ওপঙি ৰৈ,হুৰাওৰাৱে কান্দিবলৈ ধৰিছে।

ভৰ বাৰিষা।পুৱাতেই কণ্ঠি আৰু বৈনায়েক ওলাই গৈছিল চকৰ্দৌত খৰি লুৰিবলৈ।খৰি লুৰি, বোজা বৈ দুয়ো নাৱত  তুলিলেহি।বাৰিষাৰ ভৰা দিপৰ সাগৰৰ দৰেই হৈ উঠিছিল।নাও আহি বিলৰ দ-পাতাল পালেহি। তেনেতে পশ্চিমৰ দিশেৰে বলিল এছাটি বলিয়া বতাহ।মাজপানীত এজাৰ কাঠৰ নাও পাকঘূৰণি খাই  লুটি খাই  গ'ল। খৰিৰ বোজা তলি পালেগৈ।প্ৰাণ বচাবলৈ দুয়ো নাৱৰপৰা অথাই সাগৰ হেন পানীত জাঁপ দিলে। কণ্ঠি সাঁতোৰাত  পাৰ্গত। বৈনায়েক  তাৰ দৰে কাজী নহয়। কণ্ঠিয়ে এখন হাতত দা আৰু আনখনত বৈঠাপাত লৈয়েই  সাঁতুৰিবলৈ ধৰিলে। মাজে মাজে  বৈনায়েককো সাহ দি থাকিল।

কিমান প্ৰহৰ পাৰ হ'ল?সাঁতুৰি সাঁতৰি দুয়ো ভাগৰি পৰিল। এটা সময়ত  হাত দুখন যেন অৱশ হৈ আহিল। কণ্ঠিয়ে  হাতৰ দা আৰু বৈঠা পানীত পেলাই দিলে। দিপৰ যেন আজি পাৰাপাৰবিহীন।এটিয়ে আনটিক সাহ দি দি  উজান বিলৰ পাতাল পাৰ হ'ল, খাৰবাৰী বিলৰ পাতালত সোমাল। খাৰবাৰী বিলত মেটেঙা ভেটিবলৈ পুতি থোৱা খুঁটি  এটাত কেনেবাকৈ লাগি ধৰা মেটেঙাৰ বৰ এটা জোপাক সাৱটি ধৰি দুয়ো নিজকে এৰি দিলে। হাত-ভৰি নচলা  হৈ আহিল। কেনিও এটি নৰমনিচ নাই। এখনি নাৱৰ দেখা-দেখি নাই। চকুৰ সন্মুখত মৰণ আহি ওলাল। জেঠেৰি- বৈনায়েকে হুৰাওৰাৱে কান্দিবলৈ  ধৰিলে।

সেই কান্দোনৰেই আঁত ধৰি ওলালহি পখিলীবালাৰ নাও। দুয়ো উদ্ধাৰ পালে।পখিলীবালাৰ নাৱত উঠিলহি।কিছু সুস্থিৰ হৈ উজান বিলৰ নাও ডুবা ঠাই পালেগৈ। খৰিৰ বোজা পানীত ডুবি যোৱাৰ পিছত এজাৰ কাঠৰ নাও ওপঙি  উঠিছে। নাৱৰ এটা টিং দাং খাই আকাশৰ ফালে পানীৰ ওপৰত, আনটো পাতালত। নাও উদ্ধাৰ কৰা হ'ল। 

সকলো কাম সুকলমে হৈ যোৱাৰ পাছত ওভতনিৰ বাটত কণ্ঠিৰ চকু পখিলীবালাত পৰিল।আঁৰ চকুৰে দেখিলে খন্দাজানৰ  বিলমুখেদি লুইতৰ ধাৰেৰে যোৰ পাতিবলৈ সোমাই অহা আঁৰিমাছৰ দৰে তাইৰ লাহি  শৰীৰ। টান, গোটোং,  নিমজ।   আঁৰিমাছৰ ফিছাডোখৰৰ দৰে ঘিঁউবৰণীয়া কলাফুল।মেখেলাৰ তলেৰে উদং হৈ  আছে।বিধাতাৰ কি  ইচ্ছা যে  বিপদৰ সময়ত  তাই  আহি  ওলাল! মাজপানীত  জেঠেৰি- বৈনাইৰ প্ৰাণ ৰক্ষা পৰিল! 

কোন তাই? 

ৰূপকথাৰ সাধেই নেকি! মাধেই নেকি!

 সেই ঘটনাৰ পিছত বিলৰ নিজান পাতালত কণ্ঠি আৰু পখিলীবালাই নিবিড়ভাৱে লগ পাবলৈ ধৰিলে।এদিন ভাল দিন- বাৰ এটা চাই কইনাৰ সাজেৰে তাই কণ্ঠিৰ ঘৰলৈ আহিল।

বৰষুণ নামি অহাৰ যো-জা কৰিছে।পখিলীবালাই কাম সামৰিবলৈ ধৰিলে। ঘৰ সাৰি-মচি চিকুণ কৰিলে।গা-ধূই ধূপ-কাঠি জ্বলালে।গেচৰ ষ্ট'ভটো জ্বলাই ভাতৰ চৰু বহাই দিলে।বিলৰ পাৰৰপৰা তুলি অনা শাকত পেলাই দিলে মইছ। এনেকৈয়ে তাইৰ ৰাতিৰ সাজ যোগাৰ হৈ গ'ল।ভাত খাই উঠে মানে বৰষুণে কলহৰ কানে ঢলাৰ দৰে ঢালিবলৈ আৰম্ভ কৰিলে। তাই বিছনাত পৰিলগৈ। ধাৰাসাৰ বৰষুণৰ মাজে মাজে ভাহি আহিছে বিললৈ নামি অহা বুঢ়াগঁহেইৰ চিঞৰ। জলকেলি কৰি উদ্দাম হোৱা চিঞৰ!হয়তো জাকত পোৱালিও আছে।পখিলীবালাৰ গালৈ এটা পিৰপিৰণি উঠি আহিল।

কণ্ঠিৰ ঘৰলৈ অহাৰ প্ৰথম বাৰিষাৰ এনে এটি কলহৰ কানে পানী ঢলা নিশা কণ্ঠিয়ে বৰষণুৰ মাজেৰেই তাইক বিলৰ মাজত থকা তাৰ জুপুৰিটোলৈ লৈ গৈছিল।গোটেই পৃথিৱীজুৰি বৰষুণ, মেঘৰ  গাজনি। চৌদিশ এন্ধাৰ। মাজে মাজে  বিললৈ জাক পাতি নামি অহা বুঢ়াগঁহেইৰ চিঞৰ।এনে নিশা বিল তেওঁসৱৰ দখললৈ যায়।বাটৰ  বিপদৰপৰা  সাৰিবলৈ   হাতত বৈঠাপাত লৈ সিহঁতে সাধেই-মাধেইৰ ভিঠাৰ তাৰ জুপুৰিটো পালেগৈ। গোটেই জীৱন বিলত জাল  পাতিলেও  পখিলীবালাই এতিয়াহে মাছুৱৈয়ে বিলত অস্থায়ীকৈ সাজি লোৱা জুপুৰিৰ এটাৰ ভিতৰ সোমাল। বোকা-পানীৰ  মজিয়াত  প্ৰথমবাৰলৈ দেখিলে তাৰ সংসাৰখন--এখন খাটিয়া, লেপ-তুলি গাৰু-আঁঠুৱা, এচুকত ৰন্ধাৰ সঁজুলি।

সেই নিশা দুয়ো মাছুৱৈৰ  ৰূপকথাৰ আখ্যান বখানি সময় খেদোৱা নাছিল।বৰঞ্চ মইছৰ গোন্ধে মলমলাই থকা কথকতাৰ  সিপাৰত এটি  মনোৰম সাঁথৰ, অজানা এটি কৌতূহল হৈ দুয়ো ৰূপকথাটিক মেৰিয়াই মেৰিয়াই ক্ৰমশঃ ভিতৰলৈ সোমাই গৈছিল--ধীৰে ধীৰে, বিলৰ পাতাল ভেদি ওলাই অহা বতাহৰ  ছন্দে ছন্দে। বিজুলী-ঢেৰেকণি, বৰষুণৰ টোপালে সেই  কাহিনী অলৌকিক কৰি তুলিছিল। তৰোৱালৰ ধাৰ যেন এছাৰকণিয়ে বাসনাক কৰি তুলিছিল শাণিত।পাতালত  মইছৰ   উজান উঠিছিল। উজনিত খনিজ মৌলবোৰ বুকুত লৈ চকৰ্দৌৰ সৰু-বৰ নৈ-নিজৰাৰে নামি অহা  জলধাৰাৰ  সংগমত নাচি-বাগি উটুৱাই দিবলৈ জাক জাক কাৱৈ-গৰৈ-টিংৰা-চেনিপুঠি-এলেং-কৰতি চকৰ্দৌৰ দিশে উজাবলৈ  ধৰিছিল। নামনিত উঠিছিল খন্দাজানৰ মুখত লুইতৰ ধাৰেৰে সোমাই অহা বোঁৱতী ধাৰাৰ সংগমত উত্ৰাৱল হৈ উঠা কুঢ়ি-ৰৌ-বৰালি-আঁৰি-গাগল-ভকুৱা-শালৰ দৰে বৰ বৰ মইছৰ উজান। মেঘৰ গাজনি, বিজুলীৰ চমকণি, পানীৰ  নাচোনত পাতালৰ জাক জাক মইছ হৈ উঠিছিল উৰণীয়া।দিপৰে আধিভৌতিক ৰূপ ল'লে।এই বন্য, অলৌকিক দৃশ্যাৱলীক  সন্মুখত লৈ অপাৰ সামুদ্ৰিক বিলৰ মাজ-পাতালত কেতিয়াও বুৰ নোযোৱা ভিঠাত বোকা-পানী আৰু বিলৰ জলজ শইচৰ  গোন্ধ সাৱটি প্ৰকৃতিৰ বিশাল কোলাত দুটি প্ৰাণ এক হৈ পৰিল।

 

মাজনিশা টোপনিৰ আল-জালত পখিলীবালাই দেখিলে বৰষুণ, বিজুলী-ঢেৰেকণিৰ চকা-মকাত উৰি ফুৰা মইছৰ  লানিৰ মাজেৰে জলকেলি কৰি ভাগৰি পৰা বুঢ়াগঁহেইৰ জাক এটা ভিঠালৈ উঠি আহিছে।তেওঁসৱৰ ভিজা গাৰপৰা পানী আৰু বোকামাটিৰ উহুমা-উহুম গন্ধ ওলাইছে।কণ্ঠি গভীৰ টোপনিত।চাই থাকোঁতেই এটি প্ৰকাণ্ড দন্তালে জুপুৰিৰ সন্মুখত  ভুমুকি মাৰিলেহি। ভিতৰলৈ শূঁৰডাল সুমুৱাই দি কিছুসময় দৰক লাগি ৰ'ল।লাহে লাহে শূঁৰ ওপৰলৈ উঠিল।নামিল। এটা সময়ত দন্তাল নিজ মনে আঁতৰি গ'ল। আন বুঢ়াগঁহেইসকলো পিচে পিচে গ'লগৈ।বোধহয় দন্তাল  জাকটোৰ  দলপতি আছিল।মৰণত শৰণ দি, উশাহটো বুকুত লৈ ৰৈ  থাকিল পখিলীবালা। আজিও তাই বুজি নাপালে সেইনিশা  সাধেই-  মাধেইৰ ভিঠালৈ বুঢ়াগঁহেই ডাঙৰীয়া কিহলৈ আহিল? আশীৰ্বাদ দিবলৈ নেকি!

সময়ত পখিলীবালাৰ এটি কন্যা সন্তানৰ জন্ম হ'ল। কণ্ঠিয়ে নাম দিলে প্ৰতিভাবালা। ছোৱালীৰ  দুবছৰ হৈছিলহে   মাথোন--এদিন শুই থাকোঁতেই কণ্ঠিয়ে বিছনাতে চকু মুদিলে। মাছুৱৈসমাজত শৰীৰৰ আপদ, মৰণ,পানীত ডুবা  আদি স্বভাৱিক কথা যদিও গাৱঁৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ, পাৰ্গত সাতোঁৰবিদ কণ্ঠিৰ  মৰণ  মানি লোৱা  সহজ নাছিল। বীৰা মেলা, টেকেলিহৰা, বাণ মৰাকে ধৰি নানান আখ্যান ওলাল। যথাসময়ত সান্ত্বনাৰ বাণী হৈ  অহা এনে  আখ্যান পাহৰণিত  বুৰ গ'ল। বিয়াৰ পাছৰেপৰা পখিলীবালাই বিললৈ  জাল পাতিবলৈ যোৱা  নাছিল। কণ্ঠিৰ  অকালমৰণে  তাইক  আকৌ এবাৰ জীৱন-জীৱিকাৰ  সংগ্ৰামৰ  বাবে বিলৰ পাতাললৈ  ঠেলি  দিলে। বৈঠা হাতত লৈ  তাই পানীত  নামিল। কণমানি  ছোৱালীকণ কণ্ঠিৰ যৌথ পৰিয়ালটোৰ ছাঁতে ডাঙৰ হ'ল।

 স্কুলত নাম লগাবলৈ যাওতে শিক্ষকে বহীত জীয়েকৰ নামটো লিখিলে--প্ৰতিভা দাস।

ৰামচাৰ চাইট হোৱাৰ পিছতে দেশ-বিদেশৰ গুণী লোকে দিপৰলৈঅহা-যোৱা কৰিবলৈ ধৰিলে।মাছুৱৈসমাজে তেওঁলোকৰপৰা যিদৰে বিলৰ ওপৰেৰে পখীৰ সংবেদী উৰণ বাট, জলাশয়ৰ ব্যৱস্থাপনাৰ দৰে অজানা কথা জানিবলৈ পালে--সেইদৰেই  পাতালৰ সুৰক্ষাত মাছুৱৈৰ পৰম্পৰাগত  জ্ঞানে  তেওঁলোককো সমৃদ্ধ কৰিলে। এনে এটি দলেই এদিন  দিপৰৰ  মাজ-পাতালত জাল চপাই থকা একমাত্ৰ তিৰোতা মাছুৱৈগকাৰীক দেখি কৌতূহলী হৈ উঠিল। তেওঁলোকে লগত অনা কেমেৰাৰে পখিলীবালাৰ ফটো উঠালে। দুদিনমানৰ পিছত  সন্ধিয়া  মইছৰ বেহা সামৰি পখিলীবালা ঘৰ সোমোৱাত দলটোৱে  দুৱাৰত  টুকুৰিয়ালেহি।তেওঁলোকে তাইৰ কেইবাখনো ফটো বন্ধাই আনি উপহাৰ দিবলৈ আহিছে। সিহঁতক দেখি পখিলীবালা অপ্ৰস্তুত হৈ পৰিল। জীয়েক প্ৰতিভাই কিন্তু দলটোৰ সতে বেচ সপ্ৰতিভ হৈ কথা পাতিলে। তেতিয়া তাই হাইস্কুলৰ ছাত্ৰী।ছুবুৰীয়াৰপৰা কাপ-প্লেট আনি চাহ-বিস্কুটো যতনাই দিলে। মাছুৱৈৰ ঘৰত এনে এটি সপ্ৰতিভ কন্যা দেখি তেওঁলোকে তাইক উৎসাহ দিবলৈ ধৰিলে।বিলৰ বুকুত দলটিৰ দীঘলীয়া অধ্যয়ন  চলিল। তেওঁলোকৰ  উৎসাহতে প্ৰতিভায়ো পঢ়া-শুনা আগুৱাই নিলে। এটা সময়ত তাই দলটিৰ জলাশয়বিষয়ক গৱষেণাৰ প্ৰকল্পত জড়িত হৈ পৰিল।  এনেকৈয়ে উধাই গৈ গৈ তাই হৈ উঠিছেগৈ মাছুৱৈৰ গাৱঁৰ এটি ৰত্ন। পাছে, ডেৰাডুনৰ এগৰাকী জলাশয় বিশেষজ্ঞৰ  সতে বিবাহপাশত আবদ্ধ হৈ তাতেই নিগাজী হোৱা প্ৰতিভাই অনেক কাকুতি-মিনতি কৰিও মাকক তাইৰ ঘৰলৈ নিব পৰা নাই।ওৰে জীৱন দিপৰকেই ধিয়াই জীয়াই থকা পখিলীবালা বিলৰ পাতালৰ পৰা এপলক নিলগ হবলৈও নাৰাজ।  বিলৰ মাজৰ কণ্ঠিৰ জুপুৰিটোৱেই দিনটোৰ বাবে তাইৰ জিৰণিৰ ঠাই। 

বৰষুণ এৰিছে।কিন্তু আকাশৰ পানী সৰোঁ সাৰোঁকৈয়ে আছে।শেহ নিশা পখিলীবালা বিছনাৰপৰা নামি আহিল। এন্ধাৰতে   বন সামৰি জলপান বহালে।দুটামান জলপান মুখত দি বাকীখিনি বান্ধি ল'লে। এতিয়া পাচিটো  আৰু বৈঠাপাত হাতত লৈ তাই জাল পাতিবলৈ বুলি এন্ধাৰৰ মাজেৰেই বিললৈ বাট পোনালে। 

ব্লক পৰা বাটটোৰপৰা নামি তাই খাৰবাৰী বিলৰ পাতালত ভৰি থ'লে।হঠাতে তাই শুনিলে কোনোবাই কথাৰ কটা-কটি কৰিছে।মাতবোৰ গাৱঁৰ সীমাৰ ফালৰপৰা আহিছে।তাইৰ চকু সেইফালে গ'ল।এন্ধাৰৰ মাজতো পখিলীবালাই গম পালে কেইজনমান মাছুৱৈয়ে দুটা মানুহৰ সতে প্ৰচণ্ড কথাৰ কটা-কটি কৰিছে। মানুহ দুটাই তাইৰ ফালে পিচ মূৰ কৰি থকাৰ বাবে তাই সিহঁতক দেখা নাই।মাছুৱৈকেইজনৰ মুখহে দেখিছে। পিচফালে এখন ব'ল্ডাৰ ভৰ্তি ডাম্পাৰ। মানুহ  দুটা  হয়তো ধেনুকাৰ অনুচৰ।এটা চাগে ধেনুকাও হব পাৰে। তাই শৰীৰ দুটা ভালকৈ মণিবপৰা নাই। তাইৰ   গোধূলাবজাৰৰ গুম-গুমণিটোলৈ মনত  পৰিল।

 -‘জাগি শুবা।'

 বৈঠাপাত টানকৈ ধৰি তাই সেইফালে যাবলৈ ধৰিলে।বৰষুণ থামিলেও সোঁ-সোঁকৈ বলি থকা  বতাহৰ বাবে তাই তৰ্কা-তৰ্কিবোৰ ভালকৈ শুনা নাই। সিহঁতৰ ম'বাইলৰ পোহৰতহে চকা-মকাকৈ মানুহকেইটাৰ অৱয়ৱ দেখা পোৱা গৈছে। তাই  বেগ দি সিহঁতৰ কাষ পালেগৈ।   

অকস্মাতে দেখিলে--তাইলৈ পিছ দি থকা এটাই হাতত পিষ্টল লৈ মাছুৱৈ এটাৰ মূৰলৈকে টোঁৱাইছে । সি সঁচাকৈ গুলীটো এৰি দিব নেকি? এৰি দিব নেকি?

কি হ'ব? সময় ৰৈ যাব নেকি?

পখিলীবালাই বৈঠাপাত বজ্ৰমুঠিৰে খামুচি ধৰি মনুহটোৰ পিছমূৰত প্ৰচণ্ড জোৰেৰে কোব এটা  বহুৱাই  দিলে।  মাছুৱৈৰ   হাতৰ শাল কাঠৰ বৈঠা। পিষ্টল হাতত লৈয়ে মানুহটো গিৰিসাই মাটিত বাগৰি পৰিল। লগত অহা আনটোৱে  তৰ্কিবলৈ  নাপাওতেই তাই তাৰ পিচমূৰতো আন এটা বজ্ৰকোব বহুৱাই  দিলে ।

মাছুৱৈজাকে তম্ভিবই নোৱাৰিলে। বোকামাটিত দুয়োটা শৰীৰ কিছুসময় চট-ফটাই নিথৰ হৈ গ'ল।এতিয়াহে পখিলীবালাই  দেখিলে--এটা ধেনুকা। আনটো তাৰ অনুচৰ। সি চাগে ডাম্পাৰ চলাই আহিছিল। নিশাৰ আন্ধাৰত খাৰবাৰী বিলৰ পাতালত ব'ল্ডাৰ পেলাবলৈ আহিছিল। বাটত বাধা পালে মাছুৱৈক গুলী কৰি ভয় খুৱাই দিবলৈকে এনেদৰে চুপে-চাপে  আহিছিল চাগে। কেনেবাকৈ এটা-দুটা মাছুৱৈক গুলী কৰি খতম কৰি দিলে ভয়তে সিহঁতে পিচুৱাই যাব। বিলৰ দখল যাব ধেনুকাৰ হাতলৈ। ইয়াৰ ভাগ মন্ত্ৰী মহোদয়েও পাব। হয়তো এয়াই তাৰ হিচাপ আছিল।

সন্মুখত দুটাকৈ বাগৰি থকা লাচ লৈ মাছুৱৈৰ জাকটো কঁপিবলৈ ধৰিলে।আজিলৈ সিহঁতে  এনে  ঘটনাৰ  সন্মুখীন হোৱাৰ নজিৰ  নাই। কিন্তু সিহঁতে  দেখিলে পখিলীবালাই অকণো ভয় কৰা  নাই। সকলোৰে সন্মুখতে তাই   লেটাৰপৰা চুঁচৰি ওলাই আহিছে।শৰীৰত পৰ্বান্তৰৰ লাহি-পাহি পাখি গজিছে। ধীৰে ধীৰে তাই  পখিলাৰ  ৰূপ   লৈছে।  মুখলৈ  আহিছে এক লাৱণ্য। শৰীৰ অপৰূপ জেউতিয়ে আৱৰি ধৰিছে। তিনিকুৰিৰ দেওনা পাৰ হোৱাৰ পিছতো  উঠন গাভৰুৰ  দৰে তাইৰ  শ্ৰী।

 কোন  তাই?

সাধেই নেকি!মাধেই নেকি!

-“কিহলৈ ভয় খাইছ? অলপ পিছতে মুষলধাৰে বৰষুণ আহিব। বৰষুণ পানীয়ে মৰণৰ সাক্ষী-প্ৰমাণ উটুৱাই  নিব। সকলো কথা ফুচ-ফাচ হৈ যাব। দিপৰ আমাৰ সভ্যতা। আমি আৰিমত্ত ৰজাই বহুওৱা মাছুৱৈ।দিপৰক আমিয়েই   ৰাখিবই লাগিব।জান দি হলেও,জান লৈ হলেও।যাগৈ যা। ঘৰলৈ গৈ শুই থাক।কাকো উম-ঘাম নিদিবি। বেৰৰো কাণ আছে।”

বৰষুণ সৰোঁ সৰোঁকৈ  আছিলেই।  এইবাৰ  সঁচাকৈয়ে  মুষলধাৰে  বৰষুণ  নামি আহিল।  বৈঠাপাত  হাতত লৈ  পখিলাবালাই  যাবলৈ  ধৰিলে  সাধেই- মাধেইৰ  ভিঠাত থকা তাইৰ  জুপুৰিটোলৈ। বিলৰ  মইছৰ  দুদ্ধৰ্ষ  চিকাৰী সৌজাক দৈকলা পখী।  দীঘল ডিঙিবোৰ  লৰাই  লৰাই  ক'লা  ভূতপোৱালিৰ  এবাহৰ  দৰে  মইছৰ  চিকাৰ  কৰিবলৈ চোপ পাতি আছে। দৈকলাজাকৰ  মাজেৰে ব'ৰষণৰ ফাঁকে ফাঁকে গৈ থকা তাইৰ অৱয়ৱটোলৈ চাই   মাছুৱৈকেইটি  ভিতৰলৈকে জিকাৰ খাই  উঠিল।

পুৱা হয়গৈ মানে পুঠিলাঙি জালখন পাতি আজৰি হৈ পখিলীবালাই জুপৰিৰ নাল ভগা কেটলিটোত পানী উতলাই চাহ  একাপ খালে। বিলৰ জুৰ বতাহ গাত লগাই খাটিয়াখনত বাগৰ দিলে।সাঁজবেলা জাল চপোৱাৰ সময়লৈকে তাই এঘূমটি  শুই লব।

দিপৰৰ পাতালত ধেনুকাৰ দৰে প্ৰবল প্ৰতাপী বিল্ডাৰৰ সতে তাৰ অনুচৰৰ লাচ ওলোৱাৰ  ঘটনাক লৈ  দিনৰ দিনটো আৰক্ষীৰ তৎপৰতা, সাংবাদিকৰ অহা-যোৱা, কোৰ্হাল--এইবোৰৰএকো উম-ঘাম তাই নাপালে। পূৰ্বতে  কোনোধৰণৰ  দুষ্কৰ্মৰ নজিৰ নথকা বিলৰ পাৰৰ তেনেই  নিমাখিত মাছুৱৈসমাজক চোভা কৰাৰ কাৰণ আৰক্ষীয়ে বিচাৰি  নাপালে। তাতেই মুষলধাৰ বৰষুণে সকলো প্ৰমাণ উটুৱাই নিছে। ব্যৱসায়িক  কন্দলেই এনে ঘটনাৰ কাৰণ  হব পাৰে বুলিহে  আৰক্ষীয়ে সাময়িকভাৱে সিদ্ধান্ত  কৰিলে ।

 

 -----

সাঁজবেলা দিপৰৰ পানী চকৰ্দৌ পৰ্বতৰ ছায়াই আৱৰি ধৰিলেহি। পখিলীবালা ৰূপকথাৰ খোলাটিৰপৰা ওলাই আহিল। দেখা আৰু অদেখাৰ ধুৱলী-কুঁৱলীত বিলত পানীত জান-নেজানকৈ ওপঙি উঠিল পখিলীবালাৰ ডিঙা। কোনো প্ৰাচীন  চিত্ৰকৰে অঁকা পৌৰাণিক পট এখনিৰ দৰে। 

এজাৰ কাঠৰ ডিঙাত উঠি, শাল কাঠৰ বৈঠা বাই পখিলীবালাই দিপৰৰ এঙামূৰি ভাঙি দিলে।

 তাই সাধেই নেকি! মাধেই নেকি!

পখিলীবালা অনন্য  ৰূপকথাৰ  নাৰী।

---

 

 

বিশেষ  কৃতজ্ঞতাঃ  বিশিষ্ট শিক্ষাবিদ  ড০ বলেন্দ্ৰ  কুমাৰ দাস, বিশিষ্ট  পৰিবেশবিদ   ড০ আনোৱাৰউদ্দিন চৌধুৰী,  গুৱাহাটীৰ  সমীপৰ  আজাৰা  কেওটপাৰা  গাৱঁৰ   ক্ৰমে   নিৰঞ্জন দাস,  গেলোক দাস,  পুতুলবালা দাস,  গোলোক  দাস, পৰিবেশ কৰ্মী ঋতুৰাজ  দেৱান ।

---

 

বিশেষ  কৃতজ্ঞতাঃ  বিশিষ্ট শিক্ষাবিদ  ড০ বলেন্দ্ৰ  কুমাৰ দাস, বিশিষ্ট  পৰিবেশবিদ   ড০ আনোৱাৰউদ্দিন চৌধুৰী,  গুৱাহাটীৰ  সমীপৰ  আজাৰা  কেওটপাৰা  গাৱঁৰ   ক্ৰমে   নিৰঞ্জন দাস,  গেলোক দাস,  পুতুলবালা দাস,  গোলোক  দাস, পৰিবেশ কৰ্মী ঋতুৰাজ  দেৱান । 

 


Friday, 27 September 2024

 

দুটি গোষ্ঠীসত্তাৰ অভিজ্ঞতাৰ প্ৰকাশেৰে সমৃদ্ধ মনোৰঞ্জন বড়িৰ  গল্প



 কাব্য যদি বোধ আৰু উপলব্ধিৰ সাৰ, তেনেহ'লে চুটিগল্পৰ সাৰ কি? চুটিগল্পৰ সাৰ হৈছে শিল্পসন্মতভাৱে  জীৱনৰ সমগ্ৰতাৰপৰা এচমকা জীৱন তুলি ধৰাৰ  সাৰ্থকতা। এই কথাটো কবলৈ সহজ। কিন্তু একে সময়তে  সেই কামটো কৰি তোলা  বৰ সহজ কথা নহয়। নিটোল শিল্পৰূপ চুটিগল্পৰ প্ৰধান চৰ্ত।কিন্তু গভীৰ জীৱনবোধৰ অভাৱ আৰু  চৰ্বিত-চৰ্বণে  চুটিগল্পকেই নহয়, যিকোনো সাহিত্যক ৰসহীন কাহিনী কৰি তোলাৰ আশংকা থাকে। 

 সীমিত পৰিসৰ আৰু অৱয়ৱত পাঠকক ধৰি ৰাখিব পৰাকৈ বুদ্ধিদ্বীপ্ত প্ৰকাশভংগীৰে লেখকৰ দৰ্শনৰ প্ৰকাশ-এনেবোৰ  বৈশিষ্টৰ বাবে চুটিগল্পৰ শিল্পৰূপ  অতিকৈ প্ৰত্যাহ্বানমূলক । গল্পকাৰৰ জীৱনবোধে  চুটিগল্পক বিশিষ্টতা প্ৰদান কৰে। কিন্তু  নিৰ্মাণ (craft)  অবিহনে  জীৱনবোধৰ প্ৰকাশো  জঠৰ হৈ পৰে। বিগত শতিকাৰ নব্বৈৰ  তথ্য-প্ৰযুক্তিৰ  বিকাশ  ঘটিছিল। কিন্তু  একবিংশ  শতিকাত  তথ্য-প্ৰযুক্তিয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈও লৈ আহিল নানান সুবিধা। ঘৰতে বহিয়েই বিশ্ব সাহিত্যৰ সুধা আৰু অভিজ্ঞতা  আহৰণ  কৰিবলৈ ইণ্টাৰনেট  ব্যৱস্থাই  সুযোগৰ সৃষ্টি কৰি দিলে।এই সুবিধা গ্ৰহণ কৰি  জীৱনৰ প্ৰতি  ব্যক্তিসত্তাৰ  অথবা গোষ্ঠীজীৱনৰ নতুন নতুন দৃষ্টিভংগীৰ যি উন্মেষ ঘটিবলৈ ধৰিছে,    তাৰ বাবেই  সমকালীন  গল্পকলাত  নিৰ্মাণেও (craft) অতি   গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিবলৈ ধৰিছে।  জীৱনৰ অভিজ্ঞতা সুকীয়া হৈ  পৰিছে  আৰু  এটা সৰলৰৈখিক (linear) গল্পই  উজ্জীৱিত পাঠকক এতিয়া আৰু আগৰদৰে ভবাই  তুলিব নোৱাৰাৰ পৰিবেশৰ সৃষ্টি হ'বলৈ ধৰিছে। কিয়নো  গাৱঁতেই হওক বা চহৰতেই  হওক  মানুহৰ জীৱনো আগৰ দৰে  সৰলৰৈখিক হৈ থকা নাই।নতুন নতুন অভিজ্ঞতাৰ ফলত  মানুহৰ জীৱন হৈ পৰিছে জটিল আৰু কঠিন।

 কিন্তু আজিৰ সময়ৰ চুটিগল্পৰ গল্পকাৰৰ সন্মুখত  মাথোন এইবোৰ  প্ৰত্যাহ্বানেই  যথেষ্ট নহয়। বিশেষকৈ  মনোৰঞ্জন বড়িৰ দৰে এজন গল্পকাৰে যেতিয়া কথা কবলৈ বিচাৰে অদেখাৰ জগতৰ এনে এখন পৃষ্ঠৰপৰা-- যিখন পৃষ্ঠত গল্পকাৰে মুখৰ ভিতৰতে দুখন জিভাৰে কথা কৈ থাকে, অভিজ্ঞতাৰ প্ৰকাশ কৰি থাকে।  তেওঁৰ  উপজিয়েই  কোৱা আইৰ মুখৰ ভাষাৰ  কথিত  ৰূপৰ জিভাখনে যি সভ্যতা-সংস্কৃতি-জীৱনৰ অভিজ্ঞতা বহন কৰি আনিছে--তাক তেওঁ প্ৰকাশ কৰিবলৈ মাধ্যম হিচাপে লৈছে আন এখন জিভা--এই  আশাত যে, সেই আনখন  জিভাৰ  প্ৰকাশিকা শকতি  আৰু  লগতে  মানুহৰ কাষলৈ বক্তব্য  লৈ যোৱাৰ শকতি  কথিত ভাষাৰে কোৱা জিভাখনতকৈ  তুলনামূলকভাৱে বেছি। এয়াই লেখকৰ দ্বি-সত্তাৰ এটি ৰূপ। অসমৰ বহু লেখক এনে অভিজ্ঞতাৰে সমৃদ্ধ।  

এই  পৰিচিতিয়ে যিদৰে কেতিয়াবা সাহিত্য  সৃষ্টিলৈ বিপুল  সম্ভাৱনা  কঢ়িয়াই আনে,  কেতিয়াবা সি  আকৌ  প্ৰত্যাহ্বানমূলক হৈ  উঠিব পাৰে। গভীৰ জীৱনবোধৰ অভাৱত উভয় জীৱন স্পৰ্শ কৰাৰপৰা  নিজকে বঞ্চিত কৰে। গল্পকাৰ হিচাপে  মনোৰঞ্জন  বড়িক এটা আপাতত বৃহৎ গোষ্ঠীৰ আৱৰ্তত থকা আন  এটি  বৰ্ণাঢ্য  গোষ্ঠীৰ  পৰিচিতিয়ে  সমৃদ্ধ  কৰিছে। গতিকে তেওঁৰ গল্পত  দুটি  সত্তাৰ অভিজ্ঞতা আছে।  আছে  দুটাকৈ ভাষিক  আৰু  সাংস্কৃতিক পৰিচিতিৰ  সমৃদ্ধি। তেওঁ  মিচিং  জনগোষ্ঠীৰপৰা  অসমীয়া সাহিত্যলৈ অহা  গল্পকাৰ।  মিচিং জনগোষ্ঠী  বুলি ক'লে পোনতেই আমাৰ মনলৈ আহে এবুকু পানীত পৰি আহুধান দাই থকা দাৱনীৰ মুখেৰে  নিগৰি অহা জাত  জাত নিতম,  ক'লাচাণেকীয়া সূতাৰ  পৃষ্ঠত কাজী শিপীনিৰ  সৰিয়হফুলীয়া  সপোন,   চাপৰিৰ  বিৰিণা-তৰাণিৰ  মাজে  মাজে  চাংঘৰৰ  মাদকতাত  জুহালৰ আপঙৰ  সোৱাদ। যেন এক সপোনৰ জীৱন। কিন্তু আমি কিমানে উপলব্ধি কৰোঁ যে, সেই জীৱনৰ পৃষ্ঠত থাকে  অন্য এক  নিষ্ঠুৰ  জীৱন--য'ত  বান-গৰাখহনীয়াই  বাৰে  বাৰে  ভাঙি নিয়ে  সপোন। গোষ্ঠীয়ে বাৰে বাৰে হেৰুৱায় ঘৰ। হেৰুৱায় গাওঁ। মিচিং মানেই নৈপৰীয়া এটি  জনগোষ্ঠী। পৰম্পৰাৰ নৈ এখন নহ'লে তেওঁলোকৰ  সংস্কৃতি  জীয়াই নাথাকে। কিন্তু নৈ সদায় নিষ্ঠুৰ। নৈয়ে ভাঙে ঘৰ-বাৰী।ভাঙে মানুহৰ সপোন। এই অভিজ্ঞতাৰ ভিত্তিত মনোৰঞ্জন বড়িৰ গল্পবোৰে ভাৱ-অনুভুতিৰ  ৰোমাঞ্চকৰ  দেওনাৰ  গভীৰত  জীৱনৰ অনন্ত হাহাকাৰবোৰ তুলি  ধৰিবলৈ চেষ্টা কৰিছে।  সেইবাবেই  তেওঁৰ  গল্পৰ  এই  যাত্ৰালৈ আমাৰ দৰে পাঠকৰ  উৎসুকতা  থকা  স্বাভাৱিক।

 

দেৰগাৱঁৰ গেলাবিল নদীখন অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে আচিনাকি নহয়।  কবি নীলমনি ফুকনে যিদৰে শৈশৱৰ গেলাবিল নদীখনৰ সৌন্দৰ্যক কাব্য জগতৰ প্ৰেৰণা কৰি লৈছে, সেইদৰে গেলাবিল নদীৰ পাৰত জন্ম হোৱা গল্পকাৰ  মনোৰঞ্জন বড়িয়ে গল্পসাহিত্যলৈ তুলি আনিবলৈ চেষ্টা কৰিছে  গেলাবিল নৈ  আৰু  কাষতে থকা  ব্ৰহ্মপুত্ৰৰ পাৰ আৰু  চাপৰিবোৰত  বান-গৰাখহনীয়াই ক্ৰমে নিঃশেষ কৰি অনা জনগোষ্ঠীয়  জীৱনৰ কৰুণ  ৰূপ-য'ত বাৰে বাৰে হেৰাই যায় জীৱন। নৈ, নিজৰা,  চাপৰি, ম'হ, যাতায়তৰ নাওবোৰে তেওঁৰ গল্পৰ পটভূমি মায়াময় কৰি তুলিছে। কিন্তু যি গল্পত যি ছবি তেওঁ আঁকিছে, তাত জীৱন সদায়  নিষ্ঠুৰ।  তাত  জীৱনৰ সুন্দৰতা নাই। নৈৰ আঘাতত দেহা ক'লা পৰে, মন ঘূণীয়া হয়। নৈপৰীয়া মানুহে  তাতেই সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰে ঠুনুকা জীৱন,  জীৱনৰ  ভংগুৰ মাদকতা। এনে পৰিবেশতেই  এক  আচৰিত  কালিকা থকা কৃষ্টি-সংস্কৃতি গঢ় লৈ উঠে-- মৰিও নমৰা মানুহৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠা সংস্কৃতি।এই জীৱনৰ কাহিনী কোৱা সহজ কথা নহয়। ক্ৰমাগতভাৱে হেৰুৱাই অহাৰ জীৱনগাথাৰ বলুকাত  জীৱন গঢ়াৰ লক্ষ্য লৈ জীৱন জীয়াৰ অভিজ্ঞতা নথকাজনে এনে কাহিনীকথন সাহিত্যলৈ তুলি আনিব নোৱাৰে। মনোৰঞ্জন বড়ি ইৰ্ষণীয়ভাৱে  এই  জীৱনৰ এজন আভ্যন্তৰীণ কথক--an insider-- গোষ্ঠীৰ পৰম্পৰাৰ।সেই সভ্যতা  আৰু কালিকা তেওঁ বহন  কৰি আনিছে।  অন্য জীৱনৰ  গল্প কবলৈ  তেওঁ নতুনকৈ শিকি লব নালাগে।

 মনোৰঞ্জন বড়িৰ গল্পবোৰ সেইবাবেই  বিশেষ। তেওঁ এটা  নিটোল কাহিনী  কবলৈ প্ৰয়াস কৰে। মাটিৰ দৰে সৰলপ্ৰাণ কিছুমান মানুহ--নৈৰ ভাঙোণৰ সন্মুখত যিসকলে স্কুল পাতে, পুথিভঁৰাল সাজে, চপাই আনে গাওঁ আৰু গোষ্ঠীৰ ল'ৰা-ছোৱালীবিলাকৰ উত্তৰণৰ সপোন দেখে--তেওঁ কয় সেইবোৰ মানুহৰ কথা। গল্পই   প্ৰধানত আকৰ্ষণ কৰা দিশটো হৈছে গল্পকাৰে ব্যৱহাৰ  কৰা  নিটোল গল্পভাষাটো।  এটা বিশেষ  অঞ্চলৰ মানুহে কোৱা ভাষাৰ স্থানিক ৰূপটোক তেওঁ আটোম-টোকাৰিকৈ গল্পসাহিত্যলৈ তুলি আনিছে। বিৱৰণীত সি সোণত সুৱগা চৰাইছে। লগতে পেশাগতভাৱে  এগৰাকী সাংবাদিক হোৱাৰ বাবে  তেওঁৰ কথনশৈলী  যিকোনো ভাৱবিলাসিতা আৰু ওলোম-জোলোমবোৰৰপৰা মুক্ত। গল্পৰ যিধৰণৰ  ভাষা  আয়ত্ত কৰিবলৈ আনে বহু  কষ্ট কৰিব লগা হয়, সেয়া তেওঁক গল্পভাষাত নিৰৱধি আছে, এইখিনি  চাগৈ তেওঁৰো সৌভাগ্য।

 আন এটা কথা হৈছে, গল্পকাৰৰ দায়িত্ব। আৰু প্ৰতিনিধিত্ব(representation)। তৃতীয় বিশ্বৰ বাসিন্দা  হোৱাৰ লগতে অহৰহ ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ  অভিজ্ঞতাৰ মাজেৰে গৈ থকা গোষ্ঠীজীৱনৰ প্ৰতিনিধি  হোৱাৰ বাবেই নিজৰ দায়িত্বৰ প্ৰতি  গল্পকাৰ  সজাগ। মনোৰঞ্জন বড়িয়ে সাহিত্যত মাথোন এটা গল্পৰ কথাকেই  কবলৈ বিচৰা নাই--তেওঁ নিজৰ গোষ্ঠীৰ,  আৰু গোষ্ঠীৰ বাহিৰৰ জীৱন-জীৱিকাৰ সংগ্ৰামে নিৰন্তৰে  ব্যতিব্যস্ত কৰি ৰখা মানুহৰ জীৱনৰ কিছুমান  বিশেষ  অভিজ্ঞতাৰ কথা কবলৈ বিচাৰিছে--সাহিত্যত যিসকলৰ কথা কোৱাটো অতিকৈ প্ৰয়োজনীয়।এই লোকসকলে জীৱন জীয়াব  জানে,  কিন্তু তেওঁলোকৰ দুখ-দুৰ্দশা, অহৰহ  হেৰুওৱাৰ বেদনাক মূলধন হিচাপে লৈ ভয়ংকৰ ষড়যন্ত্ৰৰ  জাল ৰচনা কৰা মানুহবোৰৰ ষড়যন্ত্ৰবোৰৰ কথা,  নিজৰ দুৰ্বিসহ অভিজ্ঞতাৰ কথা কেনোবা এখন মঞ্চত সজাই-পৰাই  কবলৈ  নাজানে।  সেইবাবেই তেওঁলোকৰ অভিজ্ঞতাবোৰ ইতিহাসৰ পাতত মোহৰ মাৰি থবলৈ এগৰাকী প্ৰতিনিধি  লাগে।সেই প্ৰতিনিধিজন যদিহে এগৰাকী গল্পকাৰ হয়, তেনেহ'লেনো  আপচোচ কৰিবলৈ বাকী থাকিল কি! মনোৰঞ্জন বড়িয়ে  সেই গণজীৱনৰ  প্ৰতিনিধি হবলৈ চেষ্টা কৰিছে, যিজনে সাহিত্যৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ কাহিনীবোৰ সাহিত্যলৈ তুলি আনিব। এজন কথক হৈ উঠিব,  প্ৰতিনিধিত্ব কৰিব।এনে দায়িত্বৰ ভাৰ ববলৈ পোৱাটোও কিন্তু ডাঙৰ  কথা। বহু লেখকেই এনে দায়িত্ব অনুভৱ  নকৰাকৈয়ে জীৱন নাট সামৰি থয়।শব্দ আৰু সম্পৰীক্ষাৰ মাজতে  সাহিত্যক সামৰি থয়। কিন্তু  কেৱল প্ৰতিনিধিত্বৰ বেলিকাই নহয় -- ম'হ-যখ, ধনগুলৈ আদিৰ দৰে সাৰ্থক সৃষ্টিৰ মাজেৰে  গল্পকাৰে  নিজৰ সম্পৰীক্ষাত  উত্তীৰ্ণও  হৈছে । 

 

তথাপি কব পাৰি যে,  ‘ম'হ-যখ'  শীৰ্ষক গল্পসংকলনখনত গোষ্ঠীজীৱনৰ অভিজ্ঞতা আৰু চিত্ৰণে আকৰ্ষণীয় কৰি তুলিছে যদিও বহু ঠাইত সেই অভিজ্ঞতাৰ  পুনৰাবৃত্তি ঘটিছে। ফলত গল্পৰ ৰসাস্বাদনত ব্যাঘাত  আহি পৰিছে। চৰিত্ৰবোৰৰ নামৰো পুনৰাবৃত্তি ঘটিছে। পুনৰাবৃত্তিয়ে গল্পকাৰৰ উত্তৰণৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। সফল গল্পকাৰে আৰম্ভণিৰ গল্পৰ এনে প্ৰতবিন্ধকতা অতিক্ৰম  কৰি যায়। গোষ্ঠীজীৱনৰ অজানা, ৰহস্যময় জগতখনৰ গভীৰ সমুদ্ৰলৈ নামি  গৈ মেটাফ'ৰবোৰ (metaphor) তুলি অনাৰ প্ৰস্তুতিৰ মাজেৰে  এনে পুনৰাবৃত্তিক অতিক্ৰম  কৰিব পাৰি। এনে কঠিন প্ৰস্তুতিয়ে গোষ্ঠীৰ বাহিৰৰ অন্য  জীৱনৰ পটভূমিত  ৰচিত  গল্পসমূহকো অধিক আকৰ্ষণীয়  কৰি তোলে। অসমৰ জনগোষ্ঠীসমূহৰ জীৱনক লৈ বহুতো সাহিত্যৰ সৃষ্টি হৈছে, নেহোৱাকৈ থকা  নাই। তথাপি কব লাগিব যে, গোষ্ঠী জীৱনৰ অনেক অকথিত কাহিনী আৰু  সমকালীন জীৱনৰ মেটমৰা বহুতো অভিজ্ঞতা সাহিত্যৰ বিস্ময়কৰ পৃষ্ঠাবোৰলৈ উঠি আহিবলৈ বাকী।  

এজন গল্পকাৰ কিহত জীয়াই থাকে?  পাঠকৰ আশাত--অপেক্ষাত। নিজৰ উত্তৰণত।মনোৰঞ্জন বড়িৰ গল্পবোৰে বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্পবোৰৰ দৰে অনন্যজীৱনৰ কথক হৈ উঠাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।  তেওঁৰ গল্পৰ বাবে পাঠকৰ অপেক্ষা আছে।তেওঁ বাস কৰা সমাজখনে তেওঁৰপৰা বহুতো আশা কৰে। এই আশা আৰু অপেক্ষাত জীয়াই থকা কিন্তু সহজ কথা নহয়। তাৰবাবে যি যাত্ৰা, প্ৰস্তুতি, তিল তিলকৈ অভিজ্ঞতাৰ সঞ্চয়, পঠন আৰু মনন--সেয়া   গল্পকাৰৰ নিজা। নিজকে ভঙা আৰু গঢ়াৰ বেদনাখিনিও নিজা।  আনে সেইখন জগত নেদেখে, তেওঁলোকে গল্পটোহে দেখিব। কিন্তু সাৰ্থক একোটা গল্পৰ বাবে জীৱন পাত কৰে গল্পকাৰে।

গল্পকাৰ মনোৰঞ্জন বড়িলৈ অলেখ শুভকামনা থাকিল। 

---

দৈনিক জনমভূমি , ২৮-০৯-২০২৪

ৰত্না ভৰালী তালুকদাৰ

Friday, 30 August 2024

 

‘মই পৰ্যটক’

 ৰবীন্দ্ৰ বৰাৰ শেহতীয়া কাব্য সংকলনেৰে কবিলৈ  এঁকাজলি শ্ৰদ্ধাঞ্জলি




 

অনেক সৃষ্টিশীল লোক আছে, যিসকলে নিজৰ সৃষ্টিশীল জীৱনৰ যাত্ৰাকাল সম্পূৰ্ণ নকৰে। আদবাটতে যাত্ৰা সামৰি থয়। কেতিাবা মনে বিচাৰিলেও হয়তোবা তেওঁলোকৰ সৃষ্টিৰ উৎস আৰু নিজৰাটি কৰবাত শুকাই মৰহি যায়। ফলত তেওঁলোক সৃষ্টিশীলতাৰ  জগতখনৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈ পৰে। বহুতৰ ক্ষেত্ৰত আকৌ এনে হয় যে, কৰ্ষণৰ অভাৱত বা পৰিবৰ্তিত প্ৰেক্ষাত নিজকে খাপ খুৱাই চলিব নোৱাৰাৰ বাবেও অনেকৰ সৃষ্টিকৰ্মই হেৰুৱাই পেলায় চোক। লিখনি হৈ পৰে চৰ্বিত-চৰ্বণ। পঠনৰ আমেজ পোৱা নাযায়।

 বিশেষকৈ অসমীয়া সাহিত্যৰ জগতখনত জীৱনৰ শেষৰ সময়লৈকে এক নিৰ্দিষ্ট মান ৰক্ষা কৰি নিৰৱচ্ছিন্নভাৱে সাহিত্যচৰ্চা কৰি যোৱা সৃষ্টিশীল সাহিত্যিক বিৰল বুলিবই পাৰি। এইক্ষেত্ৰত কবি ৰবীন্দ্ৰ বৰাই নিৰলসভাৱে কৰি যোৱা কাব্যচৰ্চা একধৰণৰ ব্যতিক্ৰমী প্ৰয়াস। তেওঁ আছিল আজীৱন এক দুৰন্ত তৰুণ। ৰ’দে-বৰষুণে পোন হৈ থিয় দি থকা অসমীয়া সাহিত্যৰ এজন ওখ খাপৰ কবি-এক দীৰ্ঘদেহী ব্যক্তিসত্তা। ষাঠিৰ দশকৰপৰা সৌ সিদিনা ১১ আগষ্ট, ২০২৪ চনত ৮৪ বছৰ বয়সত অকস্মাতে মৃত্যুবৰণ কৰাৰ সময়লৈকে কেইবাটাও দশক ধৰি তেখেতৰ কলমেৰে  অসমীয়া সাহিত্যৰ অলেখ মানসম্পণ্ণ কবিতাৰ সৃষ্টি হৈছিল আৰু তেখেতে নিয়মিতভাৱে কাব্যপুথি প্ৰকাশ কৰি আহিছিল।

 

নতুন আৰু পুৰণি কবিসকলৰ মাজত  বিৰল সমমৰ্মিতাৰে তেখেত আছিল এগৰাকী প্ৰজন্মৰ সমন্বয়কো। যেতিয়াই লগ পাইছিলোঁ, তেতিয়াই আমি কবিতাৰ কথা পাতিছিলোঁ। সৃষ্টিশীল মানুহৰ প্ৰতি অন্তৰত থকা গভীৰ শ্ৰদ্ধাৰ বাবেই কথা-বতৰাৰ সময়ত তেখেতে কেতিয়াও সংকীৰ্ণতাক প্ৰশ্ৰয় দিয়া নাছিল। দেশ-বিদেশৰ কবিসকলৰ বিষয়ে, তেওঁলোকৰ কবিতাৰ বিষয়ে তেখেতৰ অধ্যয়ন আছিল প্ৰচুৰ। তেখেতৰ কিতাপৰ সংগ্ৰহত এই কবিসকলৰ কিতাপবোৰ সযতনে ৰাখিছিল, পঢ়িছিল আৰু অনুবাদো কৰিছিল।তেখেতে আমাৰ প্ৰকাশিত গল্পৰ কথাও কৈছিল।  কেতিয়াবা খেদ হৈছিল যে তেখেতৰ কবিতাৰ বিষয়ে যিমান খবৰ ৰাখোঁ, আমাৰ গল্পৰ বিষয়ে তেখেতে তাতকৈ বেছি খবৰ ৰাখে।

   

তিৰাশী বছৰ পাৰ হৈ যোৱাৰ পিছত তেখেত প্ৰকাশ কৰিবলৈ যো জা কৰিছিল ‘মই পৰ্যটক’ শীৰ্ষক তেখেতৰ শেহতীয়া কাব্য সংকলন। এই কাব্য সংকলনখনি তেখেতে প্ৰকাশ কৰিবলৈ মনস্থ কৰিছিল ২৩ আগষ্টত। সহধৰ্মিণী অঞ্জুলা ভূঞা বৰাৰ ‘কথা আৰু গীতৰ লহৰ’ শীর্ষক প্ৰবন্ধ সংকলনখনৰ সতে একেলগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ আয়োজন কৰিছিল। পিচে কাব্য সংকলনখনিয়ে প্ৰকাশৰ মুখ দেখাৰ আগতেই ১১ আগষ্ট তাৰিখে তেখেত আমাৰ মাজৰপৰা আঁতৰি যায়। চৈধ্যখন কাব্য সংকলন, চাৰিখন গল্প সংকলন, এখন উপন্যাস আৰু এখন প্ৰবন্ধ সংকলনেৰেৰ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা ৰবীন্দ্ৰ বৰাদেৱৰ এইলানি শেহতীয়া কবিতা।

 

মানুহৰ প্ৰতি গভীৰ ভালপোৱা, প্ৰকৃতিৰ সতে একাত্মতা, হেৰাই যোৱা গাওঁ আৰু পথাৰবোৰৰ বাবে অন্তৰত লৈ ফুৰা দৰদ আৰু অন্তৰ্দাহী হাহাকাৰৰ নিয়ৰকণাৰে্ তেখেতৰ কবিতাৰ শৰীৰ সিক্ত হৈ থাকে। কবিয়ে মানুহ ভালপায় আৰু কবিতাত মানুহ আৰু নিসৰ্গৰ প্ৰতি ভালপোৱা এক হৈ পৰে।তেখেতৰ কবিতাৰ ধাৰা নিৰৱধি নামি অহা ফল্গুৰ দৰে, নিকপকপীয়া শব্দৰে গথা। কবিতাৰ ক্ষেত্ৰত তেখেতে যিদৰে বৰ বেছি সম্পৰীক্ষা কৰা নাই, সেইদৰে কবিতাৰ মানো নামি যাবলৈ দিয়া নাই।ভৰি দুখনেৰে মানুহৰ মাজে মাজে বিচৰণ কৰি কবিতা লিখে বাবেই ‘মেটাফৰ’বোৰ  পাঠকৰ বাবে অতিকৈ আপোন।  

 

‘মই পৰ্যটক’ সংকলনখনিৰ সনন্নিবিষ্ট হৈ থকা কবিতাসমূহ যোৱা চাৰিটামান বছৰত লিখা বুলি কবিয়ে পাতনিত উল্লেখ কৰিছে। সংকলনখনিৰ শীৰ্ষক কবিতাটি উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ, কিয়নো ইয়াত আছে পৃথিৱীক গভীৰভাৱে ভালপোৱাৰ বাসনা, যিখন পৃথিৱী সোনকালেই এৰি থৈ যাবগৈ লাগিব বুলি তেখেতে হয়তোবা উপলব্ধি কৰিছিল। কিন্তু এই উপলদ্ধি সস্তীয়া আৱেগৰ ইননি-বিননি নহয়। জীৱনক কিমান ভাল পালে আশীৰ উৰ্ধতো শব্দৰ মাজেৰে এনে সঞ্জীৱনী সূধা কবিয়ে গাথিব পাৰে! পোৱা-নোপোৱাৰ বেদনা, মহানগৰীৰ জীৱনৰ ক্ৰুৰ-নিষ্ঠুৰ লালসা, বাৰ্ধক্যৰ যন্ত্ৰণা আৰু যন্ত্ৰৰ দৰে ইয়াৰ জীৱনক তেওঁ অনায়াসে উপেক্ষা কৰি গৈছে আৰু এক সৰল আকুলতাৰে জীৱনৰ কাষত নিজকে সমৰ্পণ কৰিছে। এয়াই যেন জীৱনৰ দুৱাৰ পাৰ হৈ মহাজীৱনলৈ নিজকে পাৰি দিয়াৰ সেই অনন্তপিয়াসী বাট!

 

মই পৰ্যটক

বাটৰ সাঁথৰ ভাঙি

মই ভ্ৰমি ফুৰোঁ

বিস্তীৰ্ণ পথাৰ

জাকৰুৱা বৰষুণ

অৰণ্যৰ সেউজীয়া ঘ্ৰাণ

নৈৰ পলসুৱা প্ৰাণ

অব্যক্ত চেনেহত পমি যাওঁ

 

ঋতুৱে ঋতুৱে বিবিধ চৰাই

উৰণীয়া সপোন

বুকুত টলমল

প্ৰসাৰিত দৃষ্টিৰ ৰাগি

 

আকাশলৈ চাওঁ

জীৱনৰ প্ৰতিবিম্ব

বিশালতাত

প্ৰতিটো অশান্ত মুহূৰ্ত

 

পৃথিৱীক ভাল পাবলৈ

শিকালে

 

নিমাত স্বৰ

উন্মুক্ত প্ৰেম

অশ্ৰুত ভাষাত উচ্চাৰিত

 

মই পৰ্যটক

চিৰকাল পৃথিৱীৰ

 

ৰবীন্দ্ৰ বৰা সকলো সময়তে মানুহৰ মাজত আছিল। মহানগৰীৰ আন বহুতো বৃদ্ধৰ দৰে তেওঁ অকলশৰীয়া জীৱন নকটালে, এৰি অহা জীৱনৰ প্ৰতি স্মৃতিকাতৰতা থাকিলেও স্মৃতি-বিভ্ৰমত ভূগিবলগীয়া ন’হল। একাকীত্বৰ বিষাদ তেওঁ নাপালে, কিয়নো চউপাশে থাকিল মানুহ। মানুহ বিচাৰি মহানগৰীৰ এপাৰ্টমেণ্টটোৰপৰা তেখেত নিজেই বাটলৈ ওলাই আহে—কাষৰ দোকানী, আন মানুহৰ সতে সৰলভাৱে আলাপ কৰে। বাৰ্ধক্যজনিত কাৰণত শ্ৰৱণশক্তি কমি অহাৰ বাবে মেল-মিটিং, সাহিত্যৰ অনুষ্ঠানত যোগদান কমি আহিলেও এনেকৈয়ে মানুহৰ সতে থকাৰ অচিলা উলিয়াই লয়। ‘মই ওলাই আহোঁ’ শীৰ্ষক কবিতাটিত তেখেতে কৈছে,

 

“বন্ধ কোঠাৰ ভিতৰত

মই থাকিব নোৱাৰোঁ

দুৱাৰ খুলি

মই ওলাই আহোঁ

ভ্ৰমি ফুৰোঁ

নিসংগতাৰ হাত ধৰি

...

 

ধূমুহা বৰষুণে মোক

ধৰি ৰাখিব নোৱাৰে।”

মনত ৰাখিবলগীয়া কথাটো হ’ল কবিয়ে এই কবিতা লিখিছে জীৱনৰ ভাটী বয়সত, যোতিয়া অনেকেই নিজকে বন্ধ কোঠাত আৱদ্ধ কৰি পেলায়। এয়াই আছিল কবিৰ জীৱনচৰ্য্যা। ঘৰলৈ অহা প্ৰতিজন অতিথিক নিজেই চাহ-জলপান কৰি খুৱাব। দোকানৰপৰা মিঠাই কিনি আনিব। তেওঁ সংকীৰ্ণতাত বাস নকৰে। কিন্তু মহানগৰীৰ সংকীৰ্ণতাক তেওঁ দেখিছে, নিচেই কাষৰপৰা দেখিছে। দেখিছে বন্ধ কোঠাত তিলতিলকৈ শেষ হৈ অহা একাকীত্বৰ নিঃস্ব জীৱন। ‘ৰক্তবৰ্ণ নগৰখনৰ ময়ো এজন নাগৰিক’ শীৰ্ষক কবিতাত তেওঁ লিখিলে,

 “অনবৰতে নগৰখনৰ প্ৰায়বোৰ অট্টালিকা

কঁপি থাকে অজান আশংকাত

কিছুমান অসুখীয়া মানুহ বাস কৰে

যিসকলে কান্দিব খুজিও কান্দিব পৰা নাই

ক’ৰবালে গুচি যাব খুজিও যাব পৰা নাই

এমুখ কৃত্ৰিম হাঁহিৰে মাত-বোল কৰে

নাচ-গান কথাৰ মাজত ঢাকি থয় আত্ম-প্ৰবঞ্চিত মনটোক

ৰাতি দুপৰলৈকে উজাগৰে থাকে

 সময়ে অসময়ে মই মোক লৈ গৈছোঁ

তাহানিতে এৰি থৈ অহা পদূলিটোৰ কাষত

বতাহজাক মেৰিয়াই কথা পাতিছোঁ”

দীঘলীয়া সময় ধৰি অসমৰ কাব্যজগতক সমৃদ্ধ কৰা ৰবীন্দ্ৰ বৰাৰ কবিতাই উপযুক্ত মৰ্যদা লাভ নকৰিলে বুলি অনেকেই আক্ষেপ কৰে। বঁটা-বাহন, প্ৰতিষ্ঠাৰ পিছত দৌৰিবলৈ অস্বীকাৰ কৰা কবিৰ বাবে এনে আক্ষেপৰ হয়তো  কোনো গুৰুত্ব নাছিল। কিন্তু তেখেতৰ আক্ষেপ আছিল, কিয়নো আজিকালি তেখেতৰ কবিতা প্ৰকাশ কৰিবলৈ বিচাৰি আলোচনীসমূহৰ সম্পাদনাৰ মেজৰপৰা কৰা ফোনবোৰ লাহে লাহে কমি আহিছিল। অথচ তেওঁতো নিম্নমানৰ কবিতা লিখা নাছিল! তেখেতৰ কবিতাবোৰ পাঠ কৰিলে নিজকেই সুধিবলৈ মন যায়—পাঠক হিচাপে আমি আচলতে বাৰু সঁচাকৈয়ে আমাৰ কবিতা অথবা সাহিত্যৰ উদযাপন কৰিব পৰাৰ স্তৰ এটালৈ নিজৰ উত্তৰণ ঘটাব পাৰিছোঁনে! নিৰ্জন দ্বীপত সাহিত্য জীয়াই নাথাকে, মানুহৰ প্ৰাণৰ স্পৰ্শতহে শব্দ জীয়াই থাকে, কবিতা জীয়াই থাকে। আমাৰ শব্দক, আমাৰ কবিতাক আমিয়েই প্ৰতিপালন কৰিব লাগিব, সমাদৰ কৰিব লাগিব। সমাদৰৰ অৱহেলাত শব্দ মৰহি যায়, আমাৰ জীৱনো মৰহি যায়। এই প্ৰশ্নটো আমি সকলোৱেই নিজকে কৰি চোৱা উচিত। অন্ততঃ আজিৰ সময়ত—যেতিয়া তোষামোদ আৰু ৰজাঘৰীয়াৰ প্ৰশস্তি অবিহনে সাহিত্যৰ বাটেৰে খোজ দিয়াৰ সময় প্ৰায় স্তব্ধ হৈ পৰিছে।







-ৰত্না ভৰালী তালুকদাৰ 


Thursday, 8 August 2024

 

ভিনেশ ফ’গটৰ বাবে দুটামান শাৰী


Source-internet

তেওঁলোকে এতিয়াও বুজি পোৱা নাই
এশ গ্ৰাম ওজন কিয় ইমান গধূৰ
কেনেকৈ ইমান গধূৰ
এশ চৌব্বিছ কোটি মানুহে
বব নোৱাৰা ভাৰ
কেনেকৈ? কেনেকৈ?
এশ গ্ৰাম ওজন ব্যৱস্থাৰ প্ৰতি
উ্ত্তৰবিহীন প্ৰশ্ন-কেনেকৈ?
অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম-কেনেকৈ?
বুজিয়েই পোৱা নাই, কিহে
তোমাক পলকতে পৰিণত কৰিছে
সাধুকথালৈ
মেঘৰ দৰে সাধুকথা বৰষুণৰ দৰে
বতাহৰ সুগন্ধিৰ দৰে
টল-মল ৰ’দৰ দৰে
সেউজীয়া উশাহৰ
সাধুকথাৰ জন্মকথা নজনা মানুহবোৰে
বুজি পোৱা নাই, কিদৰে
এশ গ্ৰাম ওজন বিয়পি যায়
মানুহক কৰি তোলে সাধুকথা
জীৱনক কিংবদন্তি
তেওঁলোকে কিয় বুজি পোৱা নাই?
তেওঁলোকে কেতিয়াও প্ৰেমত নাছিল
সেইবাবেই তেওঁলোক প্ৰতিবাদতো নাছিল
নাছিল সমদলত
তেওঁলোক নাথাকিল
আকুল জীৱনত, জীৱনৰ ব্যাকুলতাত
প্ৰেমত নাথাকিলে প্ৰতিবাদতো
থাকিব নোৱাৰিব
এটি আক্ষেপৰ সতে
হেৰাই যাব ছায়াৰ সতে
আপোনাৰ অস্তিত্বৰ কায়া
ছন্দ হেৰুওৱা মানুহবোৰে যিদৰে
বিচাৰি আছগৈ ত্ৰুটি
এশ গ্ৰাম ওজন থকাৰ
বা নথকাৰ
আৰু আমি তোমাক উদযাপন কৰিছোঁ
ভিনেশ ফ’গট
তুমি যে এটি সাধুকথা
জীৱনৰ কিংবদন্তি


08-08-2024

(2)

ভিনেশ ফ'গট


অভিনন্দন, শত অভিনন্দন
দ্ৰৌপদীৰ দৰেই
যি নাৰীৰ সন্মান একবিংশ শতিকাৰ দেশৰ উন্মাদ ৰাজপথত ভূলুণ্ঠিত হ'ল
যি নাৰীৰ সন্মান ৰাখিব নোৱাৰিলে
ক্ষমতাৰ মচনদৰ মদমত্ত অসুৰে
সেই নাৰী
উজলি উঠিছে আজি
পেৰিচৰ ৰাজপথত
অলিম্পিকৰ মহান ভূগোলত
ফিনিক্স পখীৰ দৰে
আহা
গাওঁ সেই ফিনিক্স পখীৰ গান
প্ৰপ্যৰ হকে, অধিকাৰৰ হকে, সন্মানৰ হকে
উজ্জীৱিত কৰি
আমাৰ ৰাজপথৰ সংগ্ৰাম

06-08-2024

Wednesday, 24 July 2024

 

আমাৰ  review আৰু rating বোৰ!





কৰ্প’ৰেট বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দযুগলেই বোধহয় review আৰু rating।জনাই-নজনাই  আপুনি দিনটোত হাজাৰবাৰ review আৰু rating দিবলৈ বাধ্য। অনলাইনত চোলা এটা কিনিলে-আহি গ’ল review কাৰ্ড। দিয়ক আপোনাৰ খুচি মতে পাঁচৰ ভিতৰত কিমান নম্বৰৰ rating দিব। ৰেষ্টুৰেণ্টত খানা খালে, অ’লা-উবেৰ-ৰেপিড’ত উঠিলে, জ’মাট’ ডেলিভাৰী কৰিলে, এয়াৰৱেজৰ টিকেট কিনি ফুৰি আহিলে, ট্ৰেভেল এজেণ্টৰ গাড়ী ল’লে—সৰ্বশেষত review আৰু rating মে’ইন। যেন আপোনাৰ review আৰু rating-ৰ ওপৰতে বহুজাতিক কোম্পাণীৰ কোটি কোটি ডলাৰৰ ব্যৱসায় তিষ্ঠি আছে!আপোনাৰ সন্তুষ্টিয়েই কোম্পাণীৰ সন্তুষ্টি!

সন্দেহ নাই যে, কৰ্প’ৰেট বিশ্বৰ হাত ধৰি কলা-সাহিত্য-সংস্কৃতি—সকলোতেই এতিয়া review আৰু rating অৱধাৰিত। ধৰি লওক, আপোনাৰ review আৰু rating-তে ঘূৰি আছে ভূমণ্ডল। তেওঁলোকে আপোনাক ইমানেই empowered কৰি তুলিছে।

পিচে এটা কথা। বহু সময়ত review পঢ়ি পঢ়ি বা rating চাই চাই এনে লাগে যেন এইবোৰ অৱশেষত হৈ পৰিছেগৈ হালোৱাতলীৰপৰা উঠি অহা এষাৰ আপ্তবাক্য-‘আগৰ গৰু যেনি যায়, পিচৰ গৰুও তেনি যায়’। 

এই যে আমি বৌদ্ধিক চখৰ বাবেই হওক বা জাগতিক চখৰ বাবেই হওক, যিকোনো সামগ্ৰী ক্ৰয় কৰি review দি দিছোঁ, সাহিত্য-সংস্কৃতি বিষয়ক review এটা লিখি পেলাইছোঁ—আমাৰ কিমানে এই কামটো নিজৰ organic চিন্তাৰে কিছু দায়বদ্ধভাৱে কৰিছোঁ?  

কিছুদিনৰ আগতে ‘লাপতা লেডিজ’ নামৰ চিনেমাখন চাই উঠি এই কথা মনলৈ আহিছিল। চিনেমাখন চোৱাৰ আগতেই বহুত review পঢ়ি শেষ কৰি দিলোঁ—নাৰীবাদী চেতনা, ঘূংগট বনাম বোৰ্খাৰ নেৰেটিভ, বাল্য-বিবাহ--হাবি-জাবি অনেক review। নকলেও হ’ব, ‘লাপতা লেডিজ’ নিসন্দেহে এখন দুৰ্দান্ত চিনেমা, যাৰ review আমাৰ দৰে  ক্ষুদ্ৰ নৰমনিচ নহয়, স্বয়ং শচীন টেণ্ডুলকাৰৰ দৰে লোকেও কৰি পেলাইছে। কোনো সৃষ্টিয়ে যদি মানুহৰ মনত অনেক প্ৰশ্নৰ উক-মুকণিৰ জন্ম দিব পাৰে, তাতেইতো সৃষ্টিৰ সাৰ্থকতা। এই দিশৰপৰা ‘লাপতা লেডিজ’ সাৰ্থক চিনেমা।

যেতিয়া ‘লাপতা লেডিজ’ চালোঁ—তেতিয়া দেখিলোঁ ইতিমধ্যে পঢ়ি সাং কৰি পেলোৱা অসংখ্য review-ত যিটো দিশ কবলৈ ৰৈ গ’ল-সেইটো হৈছে বিশ্বায়নৰ যুগৰ হাজাৰ সংকট, প্ৰত্যাহ্বানৰ মুখতো ভাৰতবৰ্ষ নামৰ এই বিচিত্ৰ ভূখণ্ডৰ গাঁওবোৰৰ মানুহে এতিয়াও ধৰি ৰখা একধৰণৰ বিৰল গ্ৰাম্য সৰলতা। ই এক সাধাৰণ পৰিঘটনা মাথোন নহয়।  মানুহৰ ওপৰত মানুহে সহজাতভাৱে পুহি ৰখা বিশ্বাস আৰু  উদাৰতা—যি চিনেমাখনক একধৰণৰ মহাকাব্যিক আবেদন দিছে,  আৰু যাৰ অবিহনে কাহিনীটোৱে পিতৃতান্ত্ৰিকতাৰ সৌধটোক কৰা আঘাত হয়তো আধৰুৱা যেন লাগিলেহেঁতেন। কলা-কুশলীসকলে এই গ্ৰাম্য সৰলতাক ইমান সাৱলীলভাৱে ফুটাই তোলাটো নিচেই সহজ কথা নহয়। চিনেমাখনৰ review দিয়া লোকসকলৰ অসংখ্য তত্ত্ব আৰু উচ্ছাসৰ হেঁচাত এই গ্ৰাম্য সৰলতাখিনি তল পৰি ৰোৱাটো বা review কৰাসকলৰ চকুত এইটো দিশ অনন্য হৈ ধৰা নিদিয়াটো অলপ  খেদ কৰিবলগীয়া  কথা নহয়নে বাৰু! সৃষ্টিত তত্ত্ব অথবা প্ৰতিনিধিত্ব বিচাৰোঁতে বিচাৰোঁতে আমি যেন কৰবাত নিজেও জীৱনৰ সৰলতা হেৰুৱাই পেলাইছোঁ।

চিনেমাখনৰ দ্বিতীয় দিশটো critical, সমালোচনামূলক। দিশটো হৈছে কাহিনীটো আগুৱাই নিয়াৰ ট্ৰিটমেণ্ট। বিশেষকৈ যিসকলে ইতিমধ্যে ‘লাপতা লেডিজ’ চোৱাৰ আগতেই ৱেৱচিৰিজ ‘পঞ্চায়ত’ চাই অঁটালে, তেওঁলোকৰ মনলৈ—‘লাপতা লেডিজ’ চাই থাকোঁতে আহি থাকিব পাৰে এটা কথা—‘লাপতা লেডিজ’ৰ ট্ৰিটমেণ্ট আৰু ‘পঞ্চায়ত’ৰ সামগ্ৰীক ট্ৰিটমেণ্ট ক’ৰবাত, কেনেবাকৈ সমান্তৰাল হৈ গৈছে! হয়তোবা ট্ৰিটমেণ্টৰ বেলিকা চিনেমাখনে ক’ৰবাত চিনেমেটিক ভাষা হেৰুৱাইছে আৰু ৱেব চিৰিজৰ ভাষা গ্ৰহণ কৰি পেলাইছে। এই পোকটোৱে মূৰত নাকামোৰা হ’লে ‘লাপতা লেডিজ’ গ্ৰাম্য সৰলতাৰ ক্ষেত্ৰত ভোজপুৰী ভাষাত নিৰ্মিত তাহানিৰ শচীন পালগাওকাৰ আৰু সাধনা সিং অভিনীত ধ্ৰুপদী cult চিনেমা ‘নদীয়া কে পাৰ’ অথবা পুৰুষতন্ত্ৰক প্ৰশ্ন কৰি থান-বান কৰি পেলোৱা চালমা আঘা, ৰাজবাব্বৰ আৰু দীপক পৰাশৰ অভিনীত ‘নিকাহ’ৰ দৰেই এটা organic concept যেন লাগিলেহেঁতেন।

ঘৰুৱা (অসমৰ) চিনেমা চালেও কেতিয়াবা এই ভাৱ আহে। যে, এখন চিনেমাৰ ট্ৰিটমেণ্ট আৰু কলা-কুশলীৰ অভিনয় চিৰিয়েল, থিয়েটাৰ, ভিচিডি বা বেৱ চিৰিজৰ পৰা পৃথক। সি এক প্ৰাথমিক কথাও। কেতিয়াবা জোৰদাৰ, মজাৰ গল্প এটা পঢ়ি গৈ থাকিলেও হঠাতে মনত খটককৈ ধাক্কা এটা লাগি যায়-গল্পটোত কেনেবাকৈ আমি চোৱা বা নোচোৱা কেইবাখনো চিনেমাৰ কাহিনী কেইটামান চেগা-চোৰোকাকৈ হয়তো একেলগ হৈ গৈছে। হয়তো অন্য ভাষাত পঢ়া কেইটামান গল্পৰ চৰিত্ৰই তাত দবৰা-দবৰি কৰি আছে ।

কব বিচৰা কথাটো আছিল যে, সৃষ্টিশীল কাম এটা কৰিবলৈ যিদৰে এটা organic চিন্তাৰ প্ৰয়োজন, সেইদৰে review দিয়াৰ বেলিকাও একোটা organic মননৰ প্ৰয়োজন হয়। কেতিয়াবা আমি review আৰু rating দিবলৈ ইমানেই ব্যগ্ৰ হৈ উঠোঁ যে, কাহিনীৰ সন্দৰ্ভত নিজাকৈ অকণমান মনন কৰি লবলৈ পাহৰি যাওঁ! ফলত অনেক প্ৰাসংগিক প্ৰশ্ন তল পৰি ৰয়, একপক্ষীয় হয়। কেতিয়াবা পিচে কিয় যে আমি আন কিছুমান প্ৰাসংগিক সৃষ্টিশীল কৰ্মৰ review আৰু rating দিবলৈও উদাসীন হৈ পৰোঁ, সেয়াও কিন্তু আন এক বিচাৰ্য বিষয়। 

-ৰত্না ভৰালী তালুকদাৰ