Sunday 29 March 2020

কোৱাৰেনটিন্








কোৱাৰেনটিন্-ত  আমি এক সোঁচৰা  অপদেৱীৰ বাবে  ৰৈ  আছোঁ
মূধচৰ পানীটেংকিত এজনী মাছৰোকাৰ বিননিয়ে
বতাহ ডোখৰ ডোখৰ কৰিছে, নিমফুলত
এজনী নীলকণ্ঠী হেঁটুলুকাই দুপৰীয়াটো
ডিঙিতে  আঁৰি ধৰফৰাই ফুৰিছে  

যোৰ পাতিবলৈ বিয়াকূল এই হেঁটুলুকাজনীৰ মাতটোতে
নিমৰ ডালত কপৌফুলবোৰে পাহি মেলিছে

এই কোৱাৰেনটিন্-ৰ বহুদিনৰ আগতে যেতিয়া
মোৰ শব্দবোৰ নিষিদ্ধ কৰাৰ বাবে
প্ৰিয় লেখকসকলৰ সতে মই একেলগে গল্প লিখা
নাছিলোঁ, অথবা শুভকামনাৰ বিনিময়

কোৱাৰেনটিন্-ৰ সেই মৰি অহা জোন আৰু
ডুখৰি এন্ধাৰৰ সুৰংগমুখত চৰাই আৰু গছৰ সতেহে
কথা পাতিছিলোঁ, আৰু জানিছিলোঁ--কোৱাৰেনটিন্
অনেক মৰিশালিৰ বিষাদ, যি হৰি নিয়ে হাবিয়াস
আয়োজন আৰু হেঁপাহ

তাৰপিছত এদিন পৃথিৱীৰ অসুখ হ এতিয়া সোঁচৰা  অপদেৱীৰ
সন্মুখত পৃথিৱীজুৰি নত হৈ ছানি ধৰিছে কোৱাৰেনটিন্

কোৱাৰেনটিনড্ এই পৃথিৱীত মাছৰোকাজনীয়ে
ডোখৰ ডোখৰ হোৱা বতাহৰ সোঁতেৰে বিনাই গৈছে

নীলকণ্ঠী হেঁটুলুকা্জনীয়ে নিথৰ দুপৰীয়াটো ডিঙিত  আঁৰি
সৰুসজাইত ষ্টে়ডিয়াম  জুৰি পতা কোৱাৰেনটিন্ শিৱিৰৰ
ওপৰেৰে উৰি আহিছে

এপাত কাঁড়ৰ দৰে পৃথিৱীৰ গৰ্ভলৈ এম্বুলেন্সৰ চাইৰেণৰ
মাত নিথৰ হৈছে, কবৰত ঠাইৰ আকাল হোৱাৰ বাবে
মৰ্গলৈ পৰিণত কৰা মাদ্ৰিদৰ শ্বপিংমলত শাৰী পতা
কফিনৰ উশাহবোৰ ঢুকাই আহিছে,

অনাগত সন্তানৰ প্ৰাণৰ শংকাৰে কৰ্তব্যৰত
টেক্সাচৰ এগৰাকী গৰ্ভৱতী শিশুৰোগ বিশেষজ্ঞই
চটফটাই উঠিছে  

এই থৈয়ানথৈয়া ৰণত কোৱাৰেনটিন্-এ আমাক
কাবু কৰি পেলাইছে-- ইতিহাস ছানি মানুহে অপদেৱীসকল
মহামাৰী আৰু আকালৰ বাগধাৰা লুটিয়াই
যুকিয়াই জীৱনৰ সন্ধান কৰিছে
  
আৰু, মোৰ দেশৰ কোৱাৰেনটিন্ বুজি নোপোৱা
অবুজ মানুহবোৰে ইপাৰ-সিপাৰ জুৰি
ৰেলৰ উকিটোকে থপিয়াই ঢপলিয়াই
উভতি আহিছে, উকি্টো থপিয়াব নোৱাৰাবোৰে
টুপলি বান্ধি হেজাৰ মাইলৰ বুলিছে বাট ঘৰলৈ বুলি

হাতত একোটা ষ্টাম্প লগোৱাৰ পিছত মানুহবোৰ
এই অদ্ভুত কোৱাৰেনটিন্-ৰ মাজেৰে সৰকি
লক্ ডাউন হবলৈ আপোনজনৰ কাষলৈ
নীৰৱে গুচি গৈছে

কেইখন মৰিশালিৰ বিষাদ হব এই কোৱাৰেনটিন্
যি হৰি নিব হাবিয়াস, পৃথিৱীৰ আয়োজন 
আৰু হেঁপাহ

এই কথা কবলৈকে মই হেৰাই গলোঁ
ডোখৰ ডোখৰ হোৱা বতাহৰ সোঁতত বিনাই ফুৰা
মাছৰোকাজনীৰ মাতটোত, দুপৰীয়া্টো ডিঙিত আঁৰি লৈ
ধৰফৰাই উঠা নীলকণ্ঠী হেঁটুলুকাজনীৰ মাতটোত

কোৱাৰেনটিনড্ এই পৃথিৱীত

--ৰত্না ভৰালী তালুকদাৰ
৩০-০৩-২০২০




No comments:

Post a Comment