Saturday 21 March 2020

Coronavirus -staysafe-keep sociald istancing



কৰ’না মহামাৰীৰ সন্দৰ্ভত ভাৰতীয় মানুহৰ স্বাস্থ্য সজাগতা বিষয়ক নানাধৰণৰ নেতিবাচক কথা চ’ছিয়েল মিডিয়াত শুনিবলৈ পোৱা গৈছে। কৰ’না ভাইৰাছৰ বিষয়ে ইয়াৰ উৎপত্তি চীন দেশতকৈ বৃটেইন, ইউৰোপ ইউনিয়ন, আমিৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশবোৰৰ তথ্যয়েই ইণ্টাৰনেটত বেছিকৈ উপলব্ধ হৈছে। ইটালীৰ জ্যেষ্ঠ নাগৰিকসকলে নিজৰ আত্মীয়-স্বজনৰপৰা নিলগত থাকি প্ৰিয়জনৰ বাবে ভিডিঅ’ ৰেকৰ্ডিঙত বাৰ্তা প্ৰেৰণ কৰি এই পৃথিৱীৰপৰা বিদায় লোৱাৰ দৃশ্যই হিয়া কঁপাই তুলিছে। ছয় কোটি জনসংখ্যাৰ দেশখনত এতিয়ালৈকে ৪,০০০ ওপৰৰ মৃত্যু হৈছে। যোৱা বছৰ তিনিকোটি মানুহৰ ৰাজ্য অসমত চুলাই মদ খাই ২০০ লোক মৃত্যুমুখত পৰা ঘটনাই আমাক কেনেদৰে জোকাৰি গৈছিল, সেয়া আমি পাহৰা নাই। ইটালীবাসীয়ে তেওঁলোকক জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰিব নোৱাৰাৰ এই বেদনাই আহিবলগীয়া সময়ত দেশবাসীক কিদৰে দহিব, তাক ইয়াৰপৰাই অনুমান কৰিব পাৰি।
প্ৰথম বিশ্বৰ দৰে স্বাস্থ্যৰ প্ৰাথমিক পৰ্য়ায় পাৰ হৈ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ উন্নত পৰিকাঠামো থকা দেশবোৰতেই যেতিয়া এনে নাজন-নাথল অৱস্থা, তেতিয়া ভাৰতৰ দৰে প্ৰাথমিক স্বাস্থ্যখণ্ডৰ বাবেও হাহাকাৰ কৰা দেশত এনে মহামাৰী হ’লে কি হ’ব – সেই কথা ভাবিবলৈকে ভয় লগা। তথাপিও ক’ৰবাত এচেৰেঙা আশাৰ ৰেঙণি দেখা যায়। ভাৰতৰ দৰে দেশত ক’ৰনাৰ মৃত্যুদশা আৰম্ভ নৌ হওতেই বিদ্যালয়, পাব, ডিস্ক’, বিউটি পাৰ্লাৰ, চেলুন, সমাবেশ আদি বন্ধ কৰি দিয়া হৈছে। বিপৰীতে, বৃটেইনত কালিৰে পৰাহে (বোধহয় আজিৰেপৰা) পাৱ, ডিস্ক’, বিউটি পাৰ্লাৰ, চেলুন, নাইটক্লাব আদি বন্ধ কৰি দিয়া হৈছে। তেতিয়ালৈকে মৃত্যুৰ সংখ্যা ১০০ৰ ওপৰলৈ গৈছে। অৱশ্যে এই উদাহৰণে আমাৰ বাবে কিবা আশাৰ কথা কৈছেনে নাই, তাক এতিয়াই ন দি কব নোৱাৰি। ভাৰতত টেষ্ট কৰা নমুনাৰ সংখ্যা যথেষ্ট কম হৈছে বুলি কোৱাৰ দৰেই বৃটেইনৰ সাংবাদিকেও টেষ্ট কৰা নমুনাৰ সংখ্যা যথেষ্ট কম বুলি ৰিপৰ্টিং কৰিছে। ইপিনে, শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ হাৰ অতি বেছিকৈ বাঢ়িছে। ভাৰতত ডাক্তৰসকলে কৈছে যে, এয়া সমুদ্ৰৰ ওপৰেৰে উটি অহা আইচবাৰ্গৰ চকুৰে দেখা পোৱা সামান্য অংশটোহে, মূল বিভীষিকা কি হ’ব, আৰম্ভ হ’লে ক’ত শেষ হবগৈ তাক কোনেও ধাৰণা কৰিব পৰা নাই। হয়তো সংগোপনে আমি কব নোৱাৰাকৈয়ে তৃতীয় পৰ্যায়ত সোমাই পৰিছোঁহি।
এনে অৱস্থাত প্ৰধানমন্ত্ৰী জাঙৰীয়াই আহ্বান জনোৱা এদিনীয়া জনতাৰ কাৰ্ফিউ কাৰ্যসূচীলৈ ইতিবাচক সঁহাৰি জনাৱাটো আমাৰ প্ৰাথমিক কৰ্তব্য। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতাৰ কাৰ্ফিউ আহ্বান দিছে, কিন্তু জনসাধাৰণ আশ্বস্ত হ’বপৰাকৈ বিশেষ একো কথা কব পৰা নাই। আমাৰ দেশৰ স্বাস্থ্যখণ্ডৰ মান উন্নত নহয়। কিন্তু আমাৰ গাওঁবোৰত আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু গাওঁবুঢ়াসকলৰে গঠিত এটা সফল নেটৱৰ্কিঙৰ ব্যৱস্থা আছে। এই নেটৱৰ্কিং ব্যৱস্থাটো কাৰ্যকৰী কৰিলে বাহিৰত কৰ্মৰত যিসকলৰ ল’ৰা-ছোৱালী গাওঁবোৰলৈ উভতি আহিছে, তেওঁলোকৰ স্বাস্থ্যৰ দিশটোৰ ওপৰত নজৰ ৰাখি, কিবা সংকেত দেখা পালে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চয় অসুবিধা নহ’ব। হয়তো স্বাস্থ্য বিভাগে প্ৰশাসনৰ সহযোগত ইতিমধ্যেই তেনে ব্যৱস্থা লৈছে, টাস্ক ফ’ৰ্চ গঠন কৰিছে। দেশৰ ৰাইজে যে ‘লক ডাউন’ৰ বাবেও সাজু, সেই বাৰ্তা চ’ছিয়েল মিডিয়া যোগে চৰকাৰক জনাই আছে, মাথোন দৈনিক উপাৰ্জন নকৰিলে চলিব নোৱাৰাসকলৰ বাবে এই সময়চোৱাত চৰকাৰে ব্যৱস্থা লব লাগে। জনসাধাৰণে ইয়াতকৈনো বেছিকৈ কি কৰিব?

চৰকাৰে আজি নিশাৰপৰা সমগ্ৰ দেশত ২২ ঘণ্টাৰ বাবে ৰে’লসেৱা বাতিল কৰি দিয়াৰ কাৰ্যকো ইতিবাচক হিচাপেই লব লাগিব। চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ লগতে আন নানাধৰণৰ বৃত্তিত কাম কৰা যেনে সাংবাদিক, চাফাই কৰ্মীৰ দৰে লোকসকলেও এই সময়ত নিজৰ জীৱন বিপন্ন কৰি নিজৰ কৰ্তব্য সম্পাদন কৰিছে। কৰ’না মহামাৰীৰ দৰে সোঁচৰা ৰোগৰ সন্মুখত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ লগতে এই সকলো লোকৰেই সুস্বাস্থ্যও আমাৰ কাম্য, আৰু সেই কামনাও আমি নিশ্চয়েই কৰিম।

21-03-2020

No comments:

Post a Comment