Thursday, 5 March 2020

আন্তৰ্জাতিক নাৰী দিৱস - ঐতহিাসিক পটভূমি আৰু প্ৰাসংগিকতা




-মাৰ্চ  আন্তৰ্জাতিক নাৰী দিৱস পৃথিৱীৰ সকলো কৰ্মজীৱি নাৰীৰ বাবে এটি হেঁপাহৰ  দিন। কিয়নো এই দিৱসৰ গৰ্ভতেই প্ৰোথিত হৈ আছে বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলো অংশৰ কৰ্মজীৱি নাৰীৰ  পুৰুষৰ সমানে  সমানে  মৰ্যদা আৰু অধিকাৰ লাভ কৰাৰ হেঁপাহ, আকুলতা। নাৰীত্বৰ উদযাপনৰ বাবে  সুকীয়া দিৱস  এটিৰ কিয় প্ৰয়োজন -- সেই প্ৰশ্নটোক লৈ বহুতেই বিপাঙত পৰে। পৃথিৱীৰ সকলো মানুহেই সমান আৰু নাৰী বাবে পৃথক এটি দিৱসৰ প্ৰাসংগিকতা কিমান? এই প্ৰশ্নৰ উত্তৰ পাবৰ বাবেই  আন্তৰ্জাতিক নাৰী দিৱসৰ  ইতিহাস  জনাটো আমাৰ বাবে প্ৰয়োজনীয় কথা হৈ পৰে।  
ঐতিহাসিক পটভূমিঃ 
এই দিৱসৰ অংকুৰ প্ৰোথিত হৈ আছে প্ৰথ বিশ্বৰ দেশসমূহৰ শিল্পবিপ্লৱৰ বুকুত।  নবিংশ আৰু বিংশ শতিকাৰ শিল্পবিপ্লৱে মানৱ সভ্যতাৰ ইতিহাসৰ গতিপথ বহুদূৰ সলনি কৰি পেলাইছিল। শিল্পবিপ্লৱৰ এটা উল্লেখনীয় দিশ  আছিল যে এই বিপ্লৱৰ ফলত নাৰীয়ে পাকঘৰ আৰু কৃষিক্ষেত্ৰৰপৰা ওলাই আহি পুৰুষৰ সমানে সমানে  উদ্যোগখণ্ডত  কাম  কৰাৰ মাজেৰে অৰ্থনৈতিক কাম-কাজত যুক্ত হোৱাৰ সুযোগ লাভ কৰে। ফলত প্ৰথমবাৰৰ বাবে  পাকঘৰ আৰু খেতিপথাৰৰপৰা  বাহিৰ পৃথিৱীখনলৈ, মূৰৰ ওপৰৰ আকাশখনলৈ মূৰ তুলি চাবলৈ তেওঁলোকে আহৰি পালে। কিন্তু  বিভিন্ন উদ্যোগখণ্ডত কাম কৰা এই নাৰীসকলৰ সেই সময়ৰ  কামৰ পৰিবেশ আছিল অতি  ভয়ংকৰ।  কামৰ কোনো ধৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নথকাকৈ অতি অমানৱিক পৰিবেশত দিনে ১৬  ঘণ্টা পৰ্যন্ত তেওঁলোকে কাম কৰিব লাগিছিল। তেওঁলোকৰ অসুবিধাবোৰ কথা জনাবলৈ কোনোধৰণৰ ইউনিয়ন আদিও নাছিল,  যাৰ জৰিয়তে তেওঁলোকে নিজৰ দাবীসমূহ কতৃপক্ষৰ সন্মুখত দাখিল কৰিব পাৰে। ইয়াৰ লগতে নাৰীৰ ওপৰত আছিল ঘৰুৱা কামৰ বোজা। অৱশ্যে, এই বোজাৰপৰা নাৰীয়েআজিও মুক্তি লাভ কৰা নাই। অৰ্থাৎ,  অৰ্থনৈতিক কাম-কাজত যুক্ত হোৱাৰ সুযোগ পালেও সেই সময়ত  তেওঁলোকে  লাভ কৰা নাছিল সমতা। এই কথাও আমি মনত ৰাখিব লাগিব যে,  ৰাজনৈতিক ক্ষেত্ৰতো  পুৰুষৰ সমানে ভোটাধিকাৰ পাবৰ বাবেও বিশ্বৰ দেশে দেশে নাৰীসকলে বহুদিনৰ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল।
সমাজবাদীসকলেই নাৰী আৰু পুৰুষৰ সমতা আৰু  সমমৰ্যদাৰ দিশটোত পোনতে আলোকপাত  কৰে।  ১৮৫৭  চনৰ ৮ মাৰ্চৰ দিনা নিউয়ৰ্কৰ বস্ত্ৰউদ্যোগত কাম কৰা নাৰীসকলে কামৰ সময় ১০ ঘণ্টা  কৰাৰ লগতে পুৰুষৰ সমানে অধিকাৰ লাভ কৰাৰ  দাবীত ৰাজপথত এক সমদল উলিয়ায়। এই সমদল আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰে।  কিন্তু এই বৰ্বৰ আক্ৰমণৰ পিছতো তেওঁলোকে  বিশ্বৰ  প্ৰথমটো  নাৰীৰ শ্ৰমিক সংস্থা গঠন  কৰিবলৈ সক্ষম হয়।  এই  প্ৰতিবাদৰ ৫০ বছৰ উকলি যোৱাৰ পিছত ১৯০৮ চনৰ ৮ মাৰ্চৰ দিনা এই বস্ত্ৰউদ্যোগৰ নাৰী শ্ৰমিকসকলে ৰাজপথত আন এটি সমদল উলিয়ায়। এই নাৰীসকলে শিশু শ্ৰমৰ অৱসান ঘটোৱাৰ লগতে ভোটাধিকাৰৰ দাবীও উত্থাপন কৰে। আপাতত ৫০ বছৰৰ ব্যৱধান হলেও এই সময়চোৱাত কৰ্মক্ষেত্ৰত নাৰীৰ অধিকাৰ, আৰু ভোটাধিকাৰৰ দাবীত বিশ্বৰ  বিভিন্ন দেশৰ  নাৰীসকলে সংগঠিত হবলৈ প্ৰয়াস কৰে। ১৯০৭ চনত ষ্টুটগাৰ্টত প্ৰথমখন বিশ্ব  নাৰী  সন্মিলন অনুষ্ঠিত হয়। এই সন্মলিনত ৫২ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ সমাজবাদী নাৰীসকলে ৰাজনৈতিক অধিকাৰৰ লগতে বিভিন্ন দাবীত সমগ্ৰ দেশত প্ৰতিবাদী সভা আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত  কৰে । কবলৈ গ'লে সংগঠিত নাৰীৰ এয়াই প্ৰথম ৰাষ্ট্ৰীয় নাৰী দিৱস।' ১৯১০ চনত জাৰ্মানীৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী সন্মিলন অনুষ্ঠিত হয়, 'ত ১৭ খন দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনৰ গুৰি ধৰোঁতা আছিল জাৰ্মানীৰ অগ্ৰণী সমাজবাদী আৰু   নাৰীবাদী নেত্ৰী ক্লাৰা জেটকিন। ক্লাৰা জেটকিনেই কৰ্মজীৱি নাৰীসকলৰ বাবে সমগ্ৰ বিশ্বত এটা আন্তৰ্জাতিক কৰ্মজীৱি নাৰী দিৱস'  পালন কৰাৰ  বাবে প্ৰস্তাৱ আগবঢ়ায়। কবলৈ গ'লে য়োই আন্তৰ্জাতিক নাৰী দিৱসৰ  আৰম্ভণি বিন্দু। বিশ্বৰ যুদ্ধ আৰু শান্তিৰ পৰিৱেশ,  কামৰ সময় আঠঘণ্টা কৰাৰ দাবী,   নিশাৰ ভাগৰ নাৰীয়ে কৰা কামৰ ওপৰত বিতৰ্ক আদি বিভিন্ন বিষয়ত এই সন্মিলনে আলোকপাত কৰে। ইয়াৰ পিছতে অষ্ট্ৰিয়া, ডেনমাৰ্ক আৰু চুইজাৰলেণ্ডত এক নিযুত মহিলা সমবেত হৈ ১৯মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে। ১৯১৩-১৪ চনৰ আন্তৰ্জাতিক নাৰকী দিৱস বিশ্বযুদ্ধৰ প্ৰতিবাদ দিৱস হিচাপে পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে আৰু ইউৰোপৰ আন ঠাইত বস্ত্ৰউদ্যোগৰ মহিলা শ্ৰমিকসকলৰ প্ৰতি সন্মান জনাই ৮-মাৰ্চত এই দিৱস পালন কৰা হয়। অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰপৰা ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এইদৰেই আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমি বিচাৰ কৰি চালে  বৰ্তমানে কৰ্মজীৱি মহিলাসকলে কৰ্মক্ষেত্ৰত লাভ কৰা সুযোগ-সুবিধাবোৰৰ বাবে অতীততে বিভিন্ন কৰ্মক্ষেত্ৰত কাম কৰা কৰ্মজীৱি নাৰীসকলে  কিদৰে দীঘলীয়া সংগ্ৰাম  আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া  হৈছিল, আৰু  আনহে নালাগে  বহু প্ৰত্যাশিত  ভোটাধিকাৰ  লাভ কৰিবৰ  বাবেও কেনেদৰে  সংগ্ৰাম  কৰিবলগীয়া  হৈছিল,  তাৰ  এটা  আভাস পাব পাৰি।


বাস্তৱৰ ছবিখনঃ
এই কথা  সঁচা যে, আজিৰ  কৰ্মজীৱি নাৰীয়ে কৰ্মক্ষেত্ৰত পুৰুষৰ সমানে সমানেই  বিভিন্ন  সা-সুবিধা  লাভ  কৰিবলৈ সক্ষম হৈছে।  পৃথিৱীৰ সকলোবোৰ দেশৰ সংবিধানেও নাৰী আৰু  আৰু পুৰুষৰ সমান মৰ্যদাক স্বীকৃতি দিছে। কিন্তু  কৰ্মজীৱি নাৰীৰ লগতে সমাজৰ  সকলো অংশৰ  নাৰীৰ বাবেই  সমানাধিকাৰ আৰু সমতাৰ এই  যুদ্ধখনৰ আজিও ওৰ পৰা নাই। পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত নাৰী-পুৰুষৰ সমমৰ্যদাৰ দৰে কথাবোৰত আজিও ৰৈ  গৈছে  বহুত প্ৰশ্ন । নাৰীয়ে পুৰুষৰ সমানে সমানে দৰমহা-মজুৰি আদি লাভ কৰিবলৈ সক্ষম হলেও সম-মৰ্যদাৰ ক্ষেত্ৰত বহুবোৰ নিৰ্মম সত্য আমাৰ অগোচৰে ৰৈ গৈছে। বিশেষকৈ সেইবোৰ ক্ষেত্ৰত য'ত নাৰীসকল অতি নিম্ন মজুৰিত কাম কৰিবলৈ বাধ্য হৈছে। উদাহৰণস্বৰূপে, সমগ্ৰ দেশৰ ভিতৰতে ক প্ৰধান সংগঠিত উদ্যোগখণ্ড অসমৰ চাহ উদ্যোগত এতিয়াও ১০ লাখ শ্ৰমকি নিযুক্ত হৈ আছে, যিসকলৰ ৭০ শতাংশই নাৰী। এই নাৰীসকলে মুকলি আকাশৰ তলত দিনে ৮ ঘণ্টাকৈ  বাগিছাৰ কাম কৰে।  এওঁলোকৰ বহুতেই বাগিছাৰ লাইনবোৰত থকা কোৱাৰ্টাৰত থাকে যদিও বহুতেই  বাগিছা বাহিৰতো থাকে। দৈনিক কেইবাকিলোমিটাৰ খোজকাঢ়ি গৈ বাদিছাত উপস্থিত হয় আৰু পুৱা আঠবজাৰপৰা ৮ ঘণ্টা  লেঠাৰি নিচিগাকৈ  দৈনিক ১৬৭ টকাৰ হাজিৰাত  অতি কম মজুৰিত কাম কৰে । আচৰিত কথা এয়ে যে বাগিচাত এওঁলোকৰ বাবে  আজিও  প্ৰস্ৰাৱগাৰ  আৰু পানীৰ  ব্যৱস্থা নাই  বাবে  প্ৰস্ৰাৱ কৰিবলৈ   বাগিছাৰ নলাকেই ব্যৱহাৰ কৰিবলৈ তেওঁলোক বাধ্য।  কামৰ সময়ত তেওঁলোকক যিহেতু বাব আৰু মহৰীসকলে পহৰা দি থাকে, সেয়ে এই  নাৰীশ্ৰমিকসকলে তেওঁলোক সন্মুখতেই নলাকেই প্ৰস্ৰাৱগাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।   ঋতুস্ৰাৱৰ  সময়ত এই  মহিলাসকলৰ এই দিশটো   কথাটো কিমান পৰিমাণে  মৰ্যদাহানিকৰ অৱস্থালৈ যায়, সেই কথা সহজেই অনুমেয়। চাহ বাগিছাৰ নাৰীসকলে এই দিশটো তেওঁলোকৰ কেৱল অধিকাৰৰ নহয়, বৰং নাৰীৰ  মৰ্যদাৰ বিষয় হিচাপে বিবেচনা কৰি দীৰ্ঘসময় ধৰি কৰ্মক্ষেত্ৰত প্ৰস্ৰাৱগাৰ আৰু পানীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিলেও আজিলৈকে কেনো সুফল পোৱা নাই। কেৱল এইসকল নাৰীয়েই  নহয়,  জীৱন -জীৱিকাৰ তাড়ণাত  গুৱাহাটী  মহানগৰীৰ লগতে  বিভিন্ন  চহৰত পদপথত ব্যৱসায়  শাক-পাচলিৰ লগতে  সৰু সৰু ব্যৱসায় কৰা নাৰী ব্যৱসায়ীসকল,  ঘৰুৱা সহায়ক হিচাপে  কাম  কৰা নাৰীসকল,   ৰাজপথত কৰ্তব্য কৰা  মহিলা আৰক্ষীসকল এই সকলো অংশৰ নাৰীৰ  বাবে  এই প্ৰশ্নটো তেওঁলোকৰ স্বাস্থ্য আৰু মৰ্যদাৰ  দিশৰপৰা অতি  স্পৰ্শকাতৰ, কিন্তু  এই কথাবোৰ আমাৰ  দৃষ্টিত সহজতে নপৰে।
কিন্তু সমস্যাবোৰ কেৱল কাৰ্যালয়ৰ বাহিৰত কাম কৰা মহলিাৰ ক্ষেত্ৰতেই সীমাবদ্ধ হৈ থকা নাই।  বিভিন্ন  বেচৰকাৰী খণ্ডত কাম কৰা নাৰীসকলে আজিও  বিবাহ, গৰ্ভধাৰণ, পদোন্নতিৰ দৰে স্পৰ্শকাতৰ দিশবোৰত  বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে, যিবোৰ সমস্যাৰ কথা সহজতে আওকাণ কৰি থকা হয়। উদাহৰণস্বৰূপে, অসমৰ সংবাদজগতখনৰ কতাকেই কব পাৰি। সংবাদজগতত য়ুৱপ্ৰজন্মৰ মাজত বহুতো মহিলা সাংবাদিক দেখিবলৈ পোৱা যায়। কিন্তু  পৰৱৰ্তী  সমযত দেখা যায় যে অভিজ্ঞ হোৱাৰ লগে লগে বিভিন্ন ঘটনাৰ পাকচক্ৰত তেওঁলোকে নিজৰ যৌৱনৰ অতি মূল্যবান সময়চোৱা কম দৰমহাত এই ক্ষেত্ৰখনত দান কৰাৰ পিছত লাহে লাহে  কৰ্মক্ষেত্ৰৰপৰা আঁতৰি আন পেশা বাচি লবলৈ বাধ্য হয়। গৰ্ভধাৰণৰ সময়ৰ চুটী, পদোন্নতিৰ দৰে বিষয়বোৰত কৰ্মক্ষেত্ৰত তেওঁলোক বিভিন্ন ধৰণে বৈষম্যৰ সন্মুখীন হয়।  সেয়েহে সংবাদজগতৰ বাৰ্তা সম্পাদক,  সহযোগী সম্পাদক,  কাৰ্যবাহী সম্পাদক, সম্পাদক, মূখ্য সম্পাদকৰ দৰে সিদ্ধান্ত নিৰ্ণয়কাৰী পদবীবোৰত মহিলা সাংবাদিক প্ৰায় নাই বুলিবই পাৰি।   সংবাদ প্ৰতিষ্ঠানৰ বাহিৰেও এনে বহুতো কৰ্মক্ষেত্ৰ আছে 'ত গৰ্ভধাৰণ, পদোন্নতিৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰত  মহিলাসকলক অৱহেলা কৰাৰ ফলত তেওঁলোকে হয়  কৰ্মক্ষেত্ৰ এৰি থৈ  নীৰৱে প্ৰস্থান কৰে,  নহয় অন্য পেশা বাচি লবলৈ বাধ্য হয়। 
নাৰীৰ বিৰুদ্ধে অপৰাধঃ
বাস্তৱৰ এই ছবিবোৰ ৰাজ্যৰ যদিও বিশ্বৰ সকলোবোৰ দেশতেই  সকলো অংশৰ নাৰীয়ে  সন্মুখীন হৈ আহিছে ।  নাৰীৰ বিৰুদ্ধে অপৰাধ আন এক চিন্তনীয় বিষয়। বিশ্ব বেংকৰ ২০১৯ চনৰ ৯ চেপ্তেম্বৰ কে প্ৰতিবেদনত প্ৰকাশ পাইছে যে,  বিবৰ কেতবোৰ দিশৰ নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হোৱা  ধনৰ পৰিমাণ সেই দেশবোৰৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩. শতাংশলৈকে বৃদ্ধি পাইছে, যি পৰিমাণ সেই দেশবোৰে শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ৰ দুগুণতকৈও বেছি। এই প্ৰতিবেদন অনুসৰি বিশ্বৰ ৩৫ শতাংশ নাৰীয়েই   নিজৰ প্ৰিয়জনৰপৰা বা আনৰপৰা যৌন হিংসাৰ সন্মুখীন  হয়। ৭ শতাংশ নাৰীয়ে স্বামী ব্যতিৰেকে আন পুৰুষৰ  যৌননিগ্ৰহৰ সন্মুখীন হয়। ৩৮ শতাংশ নাৰী হত্যাৰ ঘটনা নিজৰ প্ৰিয়জনৰদ্বাৰাই সংঘটিত হয়। প্ৰতিবেদনত কোৱা হৈছে যে, এই ঘটনাবোৰেকেৱল নিৰ্যাতিতৰ পৰিয়াল বা পীড়িতজনকেই আক্ৰান্ত নকৰে, কিয়নো এইবোৰৰ সতে জড়িত হৈ থাকে গভীৰ আৰ্থ-সামাজিক কথাবোৰ। এন চি আৰ বি, অৰ্থাৎ ৰাষ্ট্ৰীয় অপৰাধ তথ্য ব্যুৰোৰ মতে, ২০১৫ চনত দেশৰ নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ সংখ্যা আছিল ,২৯০০, ২০১৬ চনত ই ,৩৮০০ আৰু ২০১৭ চনত ,৫৯,৮৪৯ লৈ বৃদ্ধি পাইছে। উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে অসমত  নাৰীৰ বিৰুদ্ধে হোৱা হিংসা। ২০১৮ চনত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৰ্বভাৰতীয় হাৰ আছিল ৫৮., যিটো অসমৰ ক্ষেত্ৰত ১৫৫, অৰ্থাৎ তিনিগুণ বেছি।  প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে হোৱা অপৰাধৰ সূচকৰ ভিত্তিত এই তথ্য লোৱা হয়। ২০১৮ চনত ধৰ্ষণ কৰি হত্যা কৰা নাৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত আছিল আৰু এই সংখ্যা আছিল ৬৬। উক্ত বৰ্ষত ৰাজ্যখনত ২৯৫ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল।  এই তথ্যবোৰৰ আঁৰত থকা ছবখিনৰ কিন্তু গভীৰ আৰ্থ-সামাজিক প্ৰেক্ষা আছে,  যি কথা আমি প্ৰতিগৰাকীকে উপলব্ধি কৰিবলৈ চেষ্টা কৰা উচিত।
আমাৰ কৰণীয়ঃ
এনে বহুত তথ্য আৰু বিশ্লেষণৰ মাজেৰে  নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ, শোষণ আৰু  বঞ্চণাৰ দলিলখন দীঘলীয়া কৰি যাব পাৰি। কিন্তু  সততে দেখিবলৈ পোৱা সমস্যাটো হৈছে যে, এই প্ৰশ্নবোৰৰ  বিষয়ে  নাৰীসকল নিজেই  সজাগ নহয়। লগতে, কৰ্মক্ষেত্ৰত সহযোগী নাৰীসকলৰ সমস্যাবোৰৰ ক্ষেত্ৰতো কৰ্মৰত নাৰীসকল বহু পৰিমাণে  উদাসীন। পিতৃতন্ত্ৰ অৰ্থাৎ যি ব্যৱস্থাই নাৰী-পুৰুষৰ সমমৰ্যদাৰ দিশটো উলাই কৰি পুৰুষপ্ৰদান সমাজৰ পোষকতা  কৰে - সিয়েই ইয়াৰ বাবে প্ৰধানত  দায়ী। কিন্তু এটা কথা আমি বহুতেই উপলব্ধি কৰিবলৈ চেষ্টা নকৰোঁ যে, পিতৃতন্ত্ৰ লিংগ-নিৰপেক্ষ। অৰ্থাৎ এগৰাকী পুৰুষেও বহুক্ষেত্ৰত নাৰী-পুৰুষৰ সমান মৰ্যাদাৰ কথাটো উপলব্ধি কৰাৰ লগতে নিজেও সেইক্ষেত্ৰত আগবাঢ়ি অহাৰ বিপৰীতে, বহুক্ষেত্ৰত এগৰাকী নাৰীও নাৰীৰ শত্ৰু হৈ উঠে।  ৰাজনৈতিক  ক্ষেত্ৰত  নাৰীৰ স্থান সুৰক্ষিত কৰাৰ মাজেৰে বহুপৰিমাণে এই বিষয়বোৰৰ মীমাংসা কৰাটো সম্ভৱ, কিয়নো বিধানসভা বা সংসদৰ দৰে মজিয়াতেই  সকলোবোৰ নীতি-নিৰ্ধাৰণ হয়।  দেশৰ উল্লেখনীয় সিদ্ধান্তবোৰ নিৰ্ণয় হয়।  আৰু এনে অৱস্থানত নাৰীৰ  সবল কণ্ঠৰ  অতিকৈ প্ৰয়োজন।  এইবাবেই  আন্তৰ্জাতিক নাৰী দিৱসৰ  প্ৰাথমকিতা হৈছে  বিধানসভা বা সংসদত  নাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ সংগ্ৰামখনো তীব্ৰতৰ কৰা। ইয়াৰ অবিহনে আমি তথ্যৰ আধাৰত নাৰীৰ বিৰুদ্ধে হোৱা অৰপাধৰ  বিষয়ত চৰ্বিত-চৰ্বণ কথাবোৰেই পাতি থাকিব লাগিব।  আজি  অসম বিধানসভাৰ  নাৰীৰ  প্ৰতিনিধিত্ব ১২৫ গৰাকী বিধায়কৰ  মাত্ৰ -গৰাকী, অৰ্থাৎ ৬.৩৫ শতাংশ যিটো ইয়াৰ আগৰ বিধানসভাত আছিল ১১.ৰ শতাংশ। ২০১৪ চনৰ  লোকসভাত  মহিলা সাংসদ মাত্ৰ ৬১, গৰাকী অৰ্থাৎ ১১.২৩ শতাংশ। ২০১৯ চনৰ লোকসভাত এই  সংখ্যা ৭৮ লৈ ১৪ শতাংশ হৈছে। পঞ্চায়তত ৫০ শতাংশ মহিলাৰ প্ৰতিনিধিত্ব আছে  আৰু এই মহিলাসকলৰ সাফল্যই  প্ৰমাণ কৰিছে যে, উপযুক্ত মঞ্চ লাভ কৰিলে তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন  কৰিবলৈ সক্ষম। সেয়েহে নাৰীৰ বিৰুদ্ধে হোৱা সকলো অপমান, অৱমাননাৰ বিৰুদ্ধে মাত মতাৰ সময়ত আমি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ সমান অধিকাৰ বিষয়টোৰ কথা মনত ৰাখিব লাগিব। অন্ততঃ সংসদ আৰু বিধানসভাৰ মজিয়াত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ কথাটোত সৰৱ হ'ব লাগিব, কিয়নো আমাৰ দাবী আৰু সংগ্ৰাম অবিহনে পিতৃতান্ত্ৰিকতাৰ শৌধটোৱে আমাক ইপ্সিত স্থানত উপনীত হোৱাত সদায়েই বাধা আৰোপ কৰি যাব।
------          


ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment