Wednesday 4 March 2020




১)আপোনাৰ দৃষ্টিত নাৰী স্বাধীনতাৰ অৰ্থ কি?

--  মোৰ দৃষ্টিত নাৰী স্বাধীনতাৰ অৰ্থ নাৰী আৰু পুৰুষৰ সমানাধিকাৰ। আমি যেতিয়া নাৰীবাদ বা নাৰী স্বাধীনতা বুলি কওঁ, তেতিয়া বহুতৰ বাবেই কথাটোৰ অৰ্থ অনুধাৱন কৰিবলৈ অসুবিধা হয়। বহুতেই ভাৱে যে নাৰী স্বাধীনতা  মানে পুৰুষক চেৰাই যোৱা। এইটো এটা ভুল ধাৰণা। এগৰাকী  নাৰীৰ স্বাধীনতা বুলি কোৱাৰ সময়ত আমি এইটো কথাই বুজি   পাওঁ   যে, তেওঁ পুৰুষৰ সমানে সমানে বিকাশ  লাভ কৰা সুযোগ পোৱাৰ পৰিবেশ এটা সৃষ্টি কৰা।   নাৰী স্বাধীনতা আৰু  নাৰী-পুৰুষৰ সমানাধিকাৰ -- এই দুয়োটা কথাৰ বীজ আছে পিতৃতান্ত্ৰিকতাৰ গৰ্ভত। আদিম  সাম্যবাদী ব্যৱস্থাত মানৱসমাজ যেতিয়া চিকাৰজীৱি আছিল,  দলবদ্ধভাৱে  বাস কৰিছিল আৰু  সমাজত   বিয়া- বাৰুৰ ধাৰণা উদ্ভৱ হোৱা  নাছিল -- তেতিয়া সন্তানৰ পিতৃ কোন চিনি পাবৰ উপায় নাছিল। সেই সময়ত সন্তানৰ চিনাক্তকৰণ কৰা হৈছিল মাতৃৰ জৰিয়তে। সেয়েহে মানুহে ক্ষুদ্ৰ  ক্ষুদ্ৰ দলত বাস কৰাৰ সময়ৰ আদিম  সেই  মানৱ  সমাজত  নাৰীয়েই  আছিল দলৰ নেত্ৰী। সমাজব্যৱস্থা আছিল মাতৃতান্ত্ৰিক । সেই  সমাজব্যৱস্থাত  নাৰীৰ স্থান আছিল অতি  উচ্চ। লাহে  লাহে  সন্তানৰ লালন-পালনৰ তাগিদাত নাৰীয়ে ঘৰৰ ভিতৰত থাকিবলৈ  'লে আৰু পুৰুষে জন্তু চিকাৰ কৰা, খাদ্যৰ সন্ধান কৰাৰ দৰে কামবোৰ কৰিবলৈ ল'লে।এনেকৈয়ে লাহে লাহে নাৰীৰ স্থান ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল। সমাজবিজ্ঞানী মাৰ্ক্স-এ ইয়াক নাৰীসমাজৰ ঐতিহাসিক  পৰাজয় বুলি কৈছে, কিয়নো এই ব্যৱস্থাই নাৰীৰ স্থান ঘৰৰ ভিতৰত আবদ্ধ কৰিলে। মানুহৰ সভ্যতাৰ দীঘলীয়া সময়ত  কালক্ৰমত যেতিয়া মানুহে  খাদ্য-সম্ভাৰ সাঁচিব পৰা অৱস্থালৈ আহিল, অঘৰী অৱস্থাৰ অৱসান ঘটাই কোনো ঠাইত  গাওঁ পাতি  থাকিবলৈ শিকিলে,   সম্পত্তিৰ ধাৰণাৰ উদ্ভৱ হ',  ধৰ্মৰ বান্ধোন দৃঢ় হ',  আৰু ৰাষ্ট্ৰৰ ধাৰণা আহিল-- এই  সকলোবোৰ পৰ্যায়ত নাৰীৰ স্থান ক্ৰমে অৱনমিত  হৈ আহিবলৈ ধৰিলে। সম্পত্তিৰ অধিকাৰৰপৰা নাৰীক বঞ্চিত   কৰা হ'ল। শাসন, অৱসৰ বিনোদন, সিদ্ধান্ত নিৰ্ণয়ৰ বেলিকা পুৰুষৰ প্ৰাধান্যই ঠাই ল'লে আৰু  নাৰীৰ স্থান তললৈ নামি  গৈ  থাকিল। সমাজব্যৱস্থা   পিতৃতান্ত্ৰিক  হৈ পৰিল।  

আমি মনত ৰাখিব লাগিব যে, পুৰুষ নহয় "পিতৃতন্ত্ৰ"  নামৰ ব্যৱস্থাটোৱেই নাৰীৰ  স্বাধীনতাৰ প্ৰধান শত্ৰু। আধুনিক শিক্ষাই কথাবোৰ কিছু পৰবিৰ্তন সাধন কৰিবলৈ সক্ষম হলেও  প্ৰচলতি  সমাজব্যৱস্থাত নাৰী এগৰাকীয়ে পূৰ্ণ স্বাধীনতা লাভ কৰা ক্ষেত্ৰত অন্তৰায় বহুত। আনকি বহু ক্ষেত্ৰত নাৰীও "পিতৃতন্ত্ৰ"  নাম সৌধটোৰ  ধাৰক  আৰু  বাহক। সেয়েহে  শাহুৰদ্বাৰা বোৱাৰীক যৌতুক বিচাৰি অত্যাচাৰ কৰা,  'ৰা সন্তানক  দামী বেচৰকাৰী স্কুলত শিক্ষা দি কন্যা সন্তানক  চৰকাৰী স্কুললৈ পঠিওৱা আদিৰ দৰে মানসিকতা নাৰীৰ ক্ষেত্ৰতো দেখা যায়। ইয়াৰ বিপৰীতে বহুতো পুৰুষে পিতৃতান্ত্ৰিক মানসিকতাৰপৰা উৰ্ধলৈ গৈ নাৰী এগৰাকীক বিকাশৰ বাটত পদে পদে সহায় কৰে।  গতিকে  নাৰী  স্বাধীনতাই পুৰুষক ঘৃণা কৰা বা পুৰুষতকৈ ওপৰলৈ যোৱাৰ কথা নকয়, কিন্তু নাৰী পুৰুষৰ সমান অধিকাৰৰ কথা কয়। নাৰীৰ এই অধিকাৰ উপলব্ধ হ'ব যেতিয়া ৰাজনৈতিক সিদ্ধান্ত লবৰ বেলিকা নাৰীয়ে পুৰুষৰ সমানে সমানে সুযোগ পাব। সেয়েহে বিধানসভা আৰু সংসদৰ দৰে অনুষ্ঠানবোৰত, 'ত জাতিৰ গুৰুত্বপূৰ্ণ  প্ৰশ্নবোৰৰ সন্দৰ্ভত সিদ্ধান্ত  গ্ৰহণ কৰা হয়, তাত নাৰীৰ সংখ্যা বৃদ্ধি পাব লাগিব। আমি বিধানসভা আৰু সংসদত নাৰীৰ বাবে অন্ততঃ ৩৩ শতাংশ আসন সংৰক্ষণৰ কথা কৈছোঁ। আমি দেখা পাইছোঁ যে,   যিকোনো জাতিৰ জাতীয় জীৱনৰ ৰাজনৈতিক আন্দোলন বা সংগ্ৰামৰ দৰে গুৰুত্বপূৰ্ণ সময়বোৰত নাৰীয়ে বিশেষ ভূমিকা লয় যদিও ৰাজনৈতিক  দলবোৰে  নিৰ্বাচনৰ প্ৰাৰ্থী দিবৰ বেলিকা নাৰীৰ এই  ভূমিকা নস্যাৎ কৰে  আৰু নাৰীক  দলীয়  প্ৰাৰ্থীত্ব প্ৰায়েই   নিদিয়ে। কিন্তু  ৰাজনৈতিক ক্ষেত্ৰত  দেশ আৰু জাতিৰ  সিদ্ধান্ত  নিৰ্ণয় কৰিবপৰা অনুষ্ঠানবোৰত নাৰীযে নিজৰ স্থান লব পাৰিবই  লাগিব। গতিকে নাৰী স্বাধীনতাৰ আন এক অৰ্থ এয়াও যে নিজকে বিকশিত বা প্ৰতিষ্ঠা কৰাৰ সময়ত নাৰী এগৰাকীয়ে সমান্তৰালভাৱে পিতৃতান্ত্ৰিক সমাজব্যৱস্থাৰ  বিৰুদ্ধেও এখন সংগ্ৰাম  চলাই  যাবলগীয়া  হয়, যিখন  সংগ্ৰামত  তেওঁক পদে পদে অপমানিত কৰা হ'ব বুলি তেওঁ জানে, আৰু  জানি-বুজিও আগবাঢ়ি যায়   নিজৰ বাবে আৰু আন দহগৰাকী নাৰীৰ মৰ্যদাৰ বাবে ।

২) কেৱল অৰ্থনৈতিক স্বাৱলম্বীতাই নাৰীক স্বাধীন কৰিব পাৰে নে?
--- নাৰীয়ে  নিজকে বিকশিত  কৰাৰ বাবে অৰ্থনৈতিক স্বাধীনতা অতি  প্ৰয়োজনীয় কথা।  অৰ্থনÍতিক স্বাধীনতাই নাৰী এগৰাকীক স্ব-নিৰ্ভৰ  আৰু আত্মবিশ্বাসী  কৰি তোলাই নহয়, পৰিয়াল আৰু  সমাজত  মান- মৰ্যদা  আহৰণ, পৰিয়ালৰ  লগতে সমাজৰ  কল্যাণৰ মাজেৰে সামগ্ৰীকভাৱে  নাৰী স্বাধীনতাৰ দিশটো  এঢাপ আগুৱাই লৈ যায়।   কিন্তু  তাতো বহুবোৰ দিশ থাকে। বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰা নাৰীয়ে  কৰ্মক্ষেত্ৰত  প্ৰসৱকালীন চুটি,  পদোন্নতিৰ  সময়ত  নানা  সমস্যাৰ  সন্মুখীন  হয়। উদাহৰণস্বৰূপে সাংবাদিকতাৰ ক্ষেত্ৰখনতেই  বহুতো যুৱ মহিলা সাংবাদিকৰ ভিৰ দেখা যায়,   কিন্তু সংবাদ প্ৰতিষ্ঠানবোৰৰ  সিদ্ধান্ত  নিৰ্ণয়  স্থানবোৰত কেইগৰাকী  মহিলা সাংবাদিক আছে?  উচিত সময়ত পদোন্নতিৰপৰা বঞ্চিত কৰি তেওঁতকৈ তলৰ পুৰুষ  সাংবাদিক এজনেই  আগবাঢ়ি  যায়। এনেবোৰ বৃত্তিত  বহুক্ষেত্ৰত সন্তানৰ লালন-পালন,  ঘৰুৱা কামৰ  বোজাত অফিচৰ কামৰ  'তে আপোচ কৰিবলৈ  নাৰী এগৰাকী বাধ্য  হয়। 
কিছুমান খণ্ডত কাম কৰা নাৰীৰ বাবে অৰ্থনৈতিক স্বাধীনতাৰো  কিবা  মূল্য আছে বুলি মন নধৰে। উদাহৰণস্বৰূপে, অসমৰ  লগতে  ভাৰতৰো  অন্যতম  শক্তিশালী সংগঠিত খণ্ডৰ  এটা প্ৰধান উদ্যোগ হিচাপে  চাহ উদ্যোগৰ  কথাকেই ধৰা যাওক। চাহ উদ্যোগত ১০ লাখ  নাৰীয়ে কাম কৰে, দিনে ১৪৭ টকাৰ মজুৰিত।  'দে-বৰষুণে মুকলি আকাশৰ তলত কাম  কৰা এই  নাৰী শ্ৰমিকসকলৰ কিছুমান সমস্যা আছে, যিবোৰ এগৰাকী নাৰাৰ বাবে  অতিকৈ মৰ্যদা হানিকৰ। যেনেকৈ, তেওঁলোকৰ বাবে কৰ্মক্ষেত্ৰত শৌচালয় আৰু পানীৰ  ব্যৱস্থা নাই  বাবে  কামৰ সময়ত   বাগিছাৰ  নলাতেই প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হয়, বাবু বা চৰ্দাৰবোৰৰ সন্মুখতে।  ঋতুস্ৰাৱৰ  সময়ত তেওঁলোকৰ সমস্যাটো উপলব্ধি কৰিলে এগৰাকী নাৰী হোৱাৰ সকলো মৰ্যদা অৰ্থহীন যেন লাগে। এনেকুৱা বহুতো কৰ্মক্ষেত্ৰ আছে,  'ত নাৰীসকলে  অতি  মৰ্যদাহানিকৰ পৰিবেশত কাম কৰিবলৈ বাধ্য হয়।  গুৱাহাটী  মহানগৰীৰ পদপথত শাক-পাচলি বিক্ৰী কৰা নাৰীসকলে, মানুহৰ  ঘৰে  ঘৰে কাম কৰা অংশকালীন নাৰীগৰাকীয়ে  সন্মুখীন হৈ অহা  এনে সমস্যাবোৰৰ বিষয়ে আমি  নাৰীসকেলা বহুক্ষেত্ৰত উদাসীন। গতিকে অৰ্থনৈতিক স্বাধীনতাই  নাৰী এগৰাকীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুদূৰ সহায়ক  হলেও তাৰপিছতো নাৰী এগৰাকীয়ে নিজৰ বাবে, আৰু  তেওঁৰ দৰে  আন নাৰীৰ  বাবে   জয় কৰিবলৈ এখন সংগ্ৰাম  থাকে।  

৩)নাৰী-পুৰুষৰ বৈষম্যহীন এটা প্ৰজন্ম গঢ়ি তোলাত এগৰাকী নাৰীৰ ভূমিকা কি হোৱা উচিত?
নাৰী আৰু পুৰুষৰ মাজত বৈষম্যহীন এটা প্ৰজন্ম গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰী এগৰাকীয়েই সৰ্বাধিক ভূমিকা পালন কৰিব লাগে। অন্ততঃ এগৰাকী নাৰীয়ে নিজৰ ঘৰখনৰপৰাই  এই প্ৰচেষ্টা আৰম্ভ কৰিব পাৰে।  এইক্ষেত্ৰত  নাৰী এগৰাকী নিজে সচেতন হোৱাৰ ওপৰত  বহুত কথাই নৰ্ভিৰ কৰে।  বহুক্ষেত্ৰত দেখা যায় যে  আনুষ্ঠানিক শিক্ষাৰ পোহৰ নপৰা নাৰী এগৰাকীয়েও বাস্তৱ অভিজ্ঞতাৰে শিক্ষিত হৈ বা নিজে বাস কৰি থকা সমাজখনৰ সদ গুণবোৰ আয়ত্ত কৰি নাৰী-পুৰুষৰ  বৈষম্যৰ বিৰুদ্ধে   উদ্যোগ লবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে পিতৃতান্ত্ৰিক চেতনাৰে  সমৃদ্ধ  হৈ  উচ্চশিক্ষিত, আধুনিক  সমাজৰ  নাৰী এগৰাকীয়েও  আন  এগৰাকী নাৰী আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হেঙাৰ  হৈ  উঠে।  আমাৰ  সমাজব্যৱস্থাত পিতৃতন্ত্ৰক শক্তিশালী কৰাৰ উপাদানবোৰকেই  মাহাত্ম্য  দিয়া হয়।  আমাৰ পাঠ্যক্ৰমত মুলাগাভৰু, সতী জয়মতীৰ দৰে বিৰল ব্যক্তিত্বৰ  নাৰীসকলৰ  গুণ-গান কৰা হলেও  খাটি খোৱা আৰু  মধ্যবিত্ত  সমাজখনৰ নাৰী এগৰাকীয়ে পদে পদে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে আলোকপাত কৰা বিষয়   পাঠ্যক্ৰমত  নাই। গতিকে নাৰী এগৰাকী নিজে এইবোৰ বিষয়ত সচেতন হোৱাৰ লগে  লগে  তেওঁৰ লগৰ নাৰীগৰাকীকো নিজৰ অধিকাৰ  আৰু কৰ্তব্য সম্পৰ্কে  সচেতন কৰা,  অন্ততঃ  নিজৰ  ঘৰখনত নাৰী-পুৰুষৰ  ব্যৱধান নোহোৱা কৰাৰ মানসিকতা এটা গঢ় দি তোলা,  সন্তানক সমাজৰ  সকলো অংশৰ নাৰীক শ্ৰদ্ধা   কৰিবলৈ শিকোৱা আৰু তেওঁলোকৰ সমস্যাবোৰৰ প্ৰতি সংবেদনশীল কৰি তোলা--এনেবোৰ প্ৰচেষ্টাৰ মাজেৰেহ ভূমিকা পালন কৰিব পাৰে, যাৰ ফল সুদূৰপ্ৰসাৰী আৰু ইতিবাচক। 

No comments:

Post a Comment