Tuesday 24 March 2020

COVID-19 আমাৰ ভুলৰ বাবে অভিমান কৰি আমাৰপৰা বিদায় লোৱা প্ৰজন্মৰ বাবে এষাৰ –





যশোদা সুন্দৰী দেখন্ত পাচে।
সমস্ত জগত গৰ্ভতে আছে।।

পৃথিৱী কঁপাই যোৱা কৰ’নাভাইৰাছ আৰু ক’ভিড-১৯ ৰোগে প্ৰাথমিক পৰ্যায়ত চীনত সংহাৰ কৰোঁতে মোক উদ্বিগ্ন কৰিলেও বিশেষ বিচলিত কৰিব পৰা নাছিল-- কিয়নো মোৰ ভাৰসা আছিল যিকোনো বিষয়ত চীনৰ সেই যুদ্ধসদৃশ প্ৰস্তুতিৰ ওপৰত-- যাৰ বাবেই চীন আজিও বিশ্বৰ ইৰ্ষা আৰু বিস্ময়। এই বিশ্বাসক প্ৰতীয়মান কৰি চীনে অতি কঠোৰ প্ৰতিৰোধ আৰু প্ৰস্তুতিৰে এই ভয়ংকৰ মহামাৰী নিজৰ দেশৰ উৎপত্তিস্থল ৱ’হান প্ৰদেশৰ ভিতৰতে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হ’ল।

কিন্তু বিশ্বায়নৰ এই যুগত এই ভাইৰাছ মানুহৰ যোগেদিয়েই তৎকালেই বিয়পি পৰিল বাণিজ্যিক চহৰ ৱ’হান ভ্ৰমণ কৰিবলৈ আৰু বিভিন্ন কামত তালৈ যোৱা পৰ্যটকৰ মাজেৰে। জানুৱাৰীৰ শেহৰপৰা মাৰ্চৰ ২৪ তাৰিখৰ ভিতৰত এই অদৃশ্য শতৰু বিশ্বৰ ১৯৫-খন দেশলৈ বিয়পি পৰিল। ৩,৭৯,০৮০ লোকৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু এই পৰ্যন্ত ১৬,৫২৪ জন লোকৰ প্ৰাণ কাঢ়ি ললে যিসকলৰ ৯৫ শতাংশই আমাৰ পিতৃ-মাতৃৰ বয়সৰ লাহে লাহে পোহৰলৈ আহিল এই ৰোগে প্ৰধানকৈ বিচাৰি লয় ৬০ বছৰৰ উৰ্ধৰ বৃদ্ধ আৰু ১০ বছৰৰ তলৰ শিশুসকলক। কেইদিনমানৰ আগতে ইটালীৰ এক দৃশ্যই বিবেকক জোকাৰি গৈছিল। যিসকল প্ৰবীণে দুহাতেৰে আল-ফুলে লালন-পালন কৰি নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিছিল— হস্পিতালৰ আছুতীয়া ৰোগীৰ বিচনাত মৰণৰ ক্ষণ গণা সেইসকলেই চিকিৎসকসকলৰ ম’বাইলত নিজৰ সন্তান, নাতি-নাতিনীৰ বাবে ভিডিঅ’ বাৰ্তা এৰি থৈ নীৰৱে, এৰাপলৰীয়াকৈ পৃথিৱীৰপৰা মেলানি মাগিছে। মৰিবৰ সময়তো আপোনজনে কাষত মাত এষাৰ দিয়াৰ উপায় নাই। কিমান কৰুণ হ’ব পাৰে সেই দৃশ্য! সেই দৃশ্যই চকুৰ টোপনি হৰি নিছিল। কি দোষ আছিল তেওঁলোকৰ! যিসকল তেওঁলোকৰ সন্তানৰ বয়সৰ, মূলত তেওঁলোকৰ পৰাইতো এই প্ৰবীণসকল আক্ৰান্ত হ’ল! চৰকাৰে দিয়া ‘লক ডাউন’ক সহজভাৱে লৈ, তেওঁলোকে ঘৰৰপৰা ওলাই অ’ত-ত’ত ফুৰিবলৈ গুচি গৈছিল— এই অসাৱধানতাই কাল হ’ল। ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হ’ল। আজিৰ তাৰিখত ইটালী বা স্পেইনৰ দৰে দেশৰ কৰ’না মহামাৰী চৰকাৰৰ নিয়ন্ত্ৰণত নাই। সকলো নিয়তিৰ হাতত গতাই দেশৰ মূৰব্বীয়ে আকাশলৈ চাইছে।৬ কোটি মানুহৰ দেশ ইটালীত মৃতকৰ সংখ্যা ৭,০০০ পাৰ হৈছে – যিসকলৰ ৯৫ শতাংশই হয়তো কাৰোবাৰ মা-দেউতাক-ককা অথবা আইতা।

সুখে-দুখে আমাৰ ভাৰতীয়সকলৰ অন্ততঃ ৯৫ শতাংশ পিতৃ-মাতৃ বৃদ্ধ অৱস্থাত নিজৰ সন্তানৰ সতেই থাকে। আধুনিক জীৱনৰ জটিলতাৰ সতে খাপ খাব নোৱাৰা আমাৰ বৃদ্ধ পিতৃ-মাতৃৰ আচৰণক লৈ আমি যে কিমান বিতুষ্ট! প্ৰথম বিশ্বৰ দেশত তেওঁলোক থাকে অৱসৰকালীন বৃদ্ধ আবাসত, বৃদ্ধাৱস্থাৰ একাকীত্বৰ জীৱনত নিজৰ সমবয়সীসকলৰ মাজতে সমমৰ্মিতা বিচাৰি।বুঢ়া বয়সতো পিতৃ-মাতৃযে নিজে উপাৰ্জন কৰিব, কিন্তু সন্তানৰপৰা আশা নকৰে—এয়াই স্বাভিমানী দেশৰ স্বাভিমানী পিতৃ-মাতৃৰ কদৰ। সন্তানে মাথো পিতৃদিৱস অথবা মাতৃদিসৱৰ দিনা  গৈ ফুলৰ থোপা উপহাৰ দি চুমা এটা  যাচি আহে—এয়াই  সম্পৰ্কৰ প্ৰতি উদাসীন আজিৰ প্ৰথম বিশ্বৰ আধুনিক সমাজৰ পৰম্পৰা। কত বৃদ্ধ অথবা বৃদ্ধাই এই দিৱসৰ বাবে আকূলভাৱে  ৰৈ থাকে নিজৰ সন্তান, নাতি-নাতিনীক এবাৰ চাবলৈ! অথচ পৰহি মাৰ্চৰ ২২ তাৰিখে মাতৃদিসৱৰ দিনা বৃটেইনৰ প্ৰশাসনে নাগৰিকসকলক বৃদ্ধনিবাসত থকা পিতৃ-মাতৃক দেখা কৰিবলৈ নাযাবলৈ কঠোৰভাৱে জাননী দিবলৈ বাধ্য হৈছে, যাতে নবীনক পৃথিৱীলৈ আদৰি আনি দুহাতেৰে তুলি-তালি ডাঙৰ-দীঘল কৰা এই প্ৰবীণসকল অধিক বিপদাপন্ন হৈ নপৰে।

কিন্তু আমাৰ বাবে ৰৈ আছে তাতোকৈও মৰ্মন্তুদ খবৰ। চীনৰ ৱ’হান আৰু ইটালীৰ পিছতে তৃতীয় সৰ্বাধিক মৃত্যুৰ সন্মুখীন হোৱা স্পেইনত (সোমবাৰ,২৩মাৰ্চ পৰ্যন্ত ২,১৮২ মৃত্যু) আবাসিক গৃহসমূহ পৰিস্কাৰ কৰা সেনাৰ দল এটাই কোনো এক বৃদ্ধ অবাসৰ বৃদ্ধসকলক কোনো পৰিচৰ্যাকাৰী নোহোৱাকৈ এৰাপৰলীয়া হৈ য’তে-ত’তে, আনকি বিচনাতে মৰি থকাৰ অৱস্থাত উদ্ধাৰ কৰা বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰবলছ-এ বিশ্ববাসীক জানিবলৈ দিছে। আবাসিক এলেকা পৰিস্কাৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ যাওতে সেনাৰ দলে এইদৰে বিচনাত মৰি  থকা বৃদ্ধসকলক দেখা পাই হতচকিত হৈ পৰে। কৰ’না মহামাৰীৰ এই মানৱতাৰ বিভীষিকাৰ মাজত আমাৰ পিতৃ-মাতৃস্বৰূপ এই প্ৰবীণসকলৰ এনে অপমূত্যুৱে বিশ্ববাসীৰ চেতনা জোকাৰি গৈছে। সমগ্ৰ বিশ্ব স্তম্ভিত হৈ লজ্জানত হৈ পৰিছে। জীৱনৰ অন্তিম মুহূৰ্তত জ্যেষ্ঠজনৰ প্ৰতি কৰা আমাৰ এই অপৰাধৰ  যেন কোনো ক্ষমা নাই! ক্ষমা নাই!   কিমান মৰ্মন্তুদ হ’ব পাৰে এই মৃত্যু! খবৰ অনুসৰি আধুনিক বিশ্বৰ সপোনৰ চহৰ মাদ্ৰিদৰ এটা শ্বপিং মল মৰ্গলৈ পৰিণত কৰা হৈছে, কেৱল মৃতকৰ কফিনবোৰ ৰাখিবৰ বাবেই! এই বিনন্দীয়া ধৰণীত মানুহৰ জয়যাত্ৰা অব্যাহত ৰখাত বৰঙণি যোগাই আক্ৰান্ত দেশৰ বয়সীয়া লোকসকল এনেদৰেই অভিমান কৰি আমাৰ মাজৰপৰা এজন এজনকৈ বিদায় মাগিছে--কেৱল আমাৰ অৱহেলাৰ বাবেই নহয়জানো! আমাৰ অসাৱধানতাৰ বাবেই নহয়জানো!
  
কিন্তু বিপদ অকলে নাহে। এই মাৰাত্মক সোঁচৰা মহামাৰী ৰোধ কৰাৰ কামত নিজৰ জীৱন বিপন্ন কৰিও চিকিৎসাৰ কামত ব্ৰতী লোকসকলৰ বাবে এতিয়া সমগ্ৰ বিশ্বজুৰি নাটনি হৈছে মাস্ক, ভেণ্টিলেটৰ ব্যৱস্থা, অপাৰেচন কৰাৰ সময়ত প্ৰয়োজন হোৱা গ্লাভছকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ। আনহে নালাগে নিউয়ৰ্ক চিটিৰ স্বয়ং মেয়’ৰেই কৈছে যে ১০ দিনৰ ভিতৰতে এনে সামগ্ৰীৰ নাটনি হ’ব। সমগ্ৰ নিউয়ৰ্কৰ ৮০ শতাংশ, অৰ্থাৎ ২০ নিযুত লোক কৰ’নাভাইৰাছৰ কৱলত পৰা আশংকা আছে বুলি তাৰ গৱৰ্ণৰে জানিবলৈ দিছে। উৎপত্তিস্থল চীনৰপৰা সুদূৰ ইটালী, স্পেইন, জাৰ্মানী, আমেৰিকাৰ দৰে দেশত মহামাৰী হৈ পৰা বিপৰীতে চীনৰ কাষতেই থকা হংকং, চিংগাপুৰ, দক্ষিণ কোৰিয়াৰ দৰে দেশবোৰ মহামাৰীৰপৰা বাচি যোৱাৰ একমাত্ৰ কাৰণ হৈছে সেই দেশবোৰলৈ বাহিৰৰপৰা যোৱা লোকৰ ওপৰত কঠোৰ নীৰিক্ষণৰ ব্যৱস্থা গ্ৰহণ।

প্ৰথম বিশ্বৰ অতি ধনী, উন্নত স্বাস্থ্যসেৱাৰে জাকত-জিলিকি থকা দেশবোৰতেই যেতিয়া এনে অৱস্থা, তেনেক্ষেত্ৰত আমাৰ দেশত কৰ’না মহামাৰী বিয়পিব লাগিলে কি হ’ব-– এই চিন্তাই সমগ্ৰ চেতনা আৱৰি থকাৰ সময়তেই কালি স্বাস্থ্যমন্ত্ৰীয়ে ‘লক ডাউন’ কৰাৰ লগতে কৰ’না মহামাৰীৰ সতে মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে, তাক বিস্তৃতভাৱে সদৰি কৰিছে। তিনিকোটি মানুহৰ ৰাজ্য অসমত এতিয়ালৈকে ১২০ খন আই চি ইউ বিচনা, ভেন্টিলেটৰৰ ব্যৱস্থা থকা কোঠা ৬০টা—এয়া স্বাস্থ্যমন্ত্ৰীয়ে নিজ মুখে কোৱা কথা। কিন্তু আজিৰেপৰা ৩১ মাৰ্চলৈকে ‘লক ডাউন’ কৰাৰ পিছতো ইয়াৰ বঢ়াব লাগিলে পিছৰ অৱস্থা কি হবগৈ, বা যিকোনো সংকট হ’লে ৰাজ্যখনে কেনদৰে মোকাবিলা কৰিব--সেই কথা কবলৈ গৈ আজি বিধানসভাত স্বাস্থ্য তথা বিত্তমন্ত্ৰীগৰাকী নিজেই অসহায় হৈ পৰা দেখা গ’ল। এনে পয়া লগা স্বাস্থ্যসেৱাৰ মাজেৰেই আমি বিশ্ব কঁপাই যোৱা কৰ’না মহামাৰীৰ সন্মুখীন হবলৈ ওলাইছোঁ—আজিৰ তাৰিখত এয়াই সত্য, এয়াই বাস্তৱতা। এনে বিপন্ন সময়ত এতিয়া সকলোৰে মাথোন এটাই কামনা যে, ৰাজ্যত যেন কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত নহওক। ভাৰতবৰ্ষত এই বিপদ সীমিত পৰ্যায়তে শেষ হৈ যাওক। লগতে সমগ্ৰ বিশ্ববাসী এই মহামাৰীৰপৰা মুক্তি পাওক।

আমি সৰু থকাৰ কালতো বান আৰু বানৰ পিছত অহা কলেৰা, হাইজাৰ দৰে ৰোগৰ লগতে আকালবোৰেই আছিল আমাৰ বাবে মহামাৰী। সেই সময়ত চিকিৎসা ব্যৱস্থাৰ লগতে চৰকাৰ হস্তক্ষেপো বৰ সীমিত আছিল। আজি আমি এক অজান ভাইৰাছৰ সন্মুখত যিদৰে অসহায় হৈ পৰিছোঁ, সেই অসহায়তাৰ মাজতেই আছিল জীৱনবোৰ। কৰ’নাভাইৰাছৰ মৃত্যৰ হাৰ মাত্ৰ ২-ৰপৰা ৩-শতাংশ। কিন্তু সি বৰ নিষ্ঠুৰ--কিয়নো ৬০-ৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ অতি স্পৰ্শকাতৰ বয়সৰ লোককেই ই ঘাতকৰূপে চিকাৰ কৰি লয়। ছিঙি নিয়ে প্ৰজন্মৰ বান্ধোন। আমাৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ইমান দুৰ্বল আন্তঃগাথনিৰে আমি এই মহামাৰীৰ সন্মুখীন হ’বলৈ সাজু হৈছোঁ যে, অজান  বিপদৰ আশংকাত প্ৰতি পলে শিয়ৰি উঠো। হয়তো এদিন মানৱজাতিয়ে কৰ’নাভাইৰাছ জয় কৰিব। হয়তো অচিৰেই কৰিব। কিন্তু এই অতি স্পৰ্শকাতৰ সময়ত আমাৰ প্ৰাথমিক কৰ্তব্য হৈছে নিজকে ঘৰৰ কোঠাত আৱদ্ধ কৰি ৰখা। যাতে ইটালী বা স্পে’ইনৰ দৰে আমাৰ ভুলৰ বাবে আমাৰ  পিতৃ-মাতৃক হেৰুওৱাৰ বেদনাৰে আমি ভাৰাক্ৰান্ত হবলগীয়া নহয়।নিজকে সুৰক্ষিত কৰাৰ লগতে নিজৰ নিজৰ এলেকাবোৰ কঠোৰভাৱে পৰ্যবেক্ষণ কৰাও আমাৰ কৰ্তব্য হোৱা উচিত। বিশেষকৈ যিবোৰ এলেকাত বাহিৰৰপৰা অহা আমাৰ মানুহবোৰ প্ৰৱেশ কৰিছেহি, সেইবোৰ এলেকাত আমি প্ৰতিজনেই সতৰ্ক দৃষ্টি ৰাখিব লাগিব। আমাৰ হয়তো হংকং, চিংগাপুৰ, দক্ষিণ কোৰিয়াৰ  দৰে উন্নত প্ৰযুক্তিনিৰ্ভৰ নীৰিক্ষণৰ ব্যৱস্থা নাই, কিন্তু চাবলৈ গ’লে তাতোকৈও উন্নত নীৰিক্ষণ ব্যৱস্থা আমাৰ আছে--যাক আমাৰ মানৱ সম্পদেৰে আমি গঢ়ি তুলিব পাৰোঁ – ই হৈছে মানৱ নীৰিক্ষণ। মানুহৰ প্ৰজ্ঞাতকৈ উন্নত প্ৰযুক্তি বিশ্বত আছে জানো!  আহক, বিশ্বাবাসীয়ে সন্মুখীন হোৱা ইতিহাসৰ সংকতকালৰ এই কৰুণ পৃষ্ঠাটিত আমাৰ ৰাজ্যৰ আৰু আমাৰ দেশৰ অভিজ্ঞতাবোৰ সোণালী আখৰেৰে লিখিবলৈ আমি নিজেই ‘লক ডাউন’ মানি চলোঁ, আৰু আমাৰ নিজৰ গাওঁখনৰ, নিজৰ ঠাইডোখৰৰ সতৰ্ক প্ৰহৰী হওঁ।

শেষত, আমাৰ প্ৰজন্মৰ সামান্য অসাৱধানতাৰ বাবেই যিসকলে আজি অভিমান কৰি এই পৃথিৱী আমাক চিৰদিনৰ বাবে আমালৈ এৰি থৈ গুচি গৈছে, তেওঁলোকৰ বাবে কীৰ্তনঘোষাৰ কেইটিমান শব্দৰেই শ্ৰদ্ধাঞ্জলি যাচিলোঁ। শংকৰদেৱৰ অনুপম সৃষ্টি এই শব্দৰাজিৰ মাজেৰেই প্ৰতিভাত হৈছে কৰ’না মাহামাৰীয়ে আমাক শিকাই যোৱা প্ৰজন্মৰ অনুপম সম্পৰ্কৰ গাথা । এই মহামাৰীয়ে আমাক শিকোৱা জীৱনৰ পাঠো দৰাচলতে মানুহৰ সম্পৰ্কৰ বান্ধোনৰেই পাঠ।

এহিমতে ব্ৰজে আনন্দে হৰি ।
কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি।।
যত গোপ শিশু বলাই আদি।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।
যশোদাৰ আগে দিলেক খল।
খাইলেক কৃষ্ণ মাটি এক দল।।
শুনিয়া যশোদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি।।
কেন মাটি খাইলি অ’ৰে গোপাল।
কোবাই আজি তোৰ ফাড়িবো ছাল।।
শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত।।
ভয়তে যেন কম্পে হাত-ভৰি।
যশোদা দেখে পুত্ৰ গৈল ডৰি।।
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সোধন্ত কথা।।
লগৰ শিশু বোলে সমুদায়।
বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই।।
মাতন্ত কৃষ্ণে যশোদাক চাই।
মিছা মাতে সৱে শুনিয়ো আই।।
কদাচিতো মঞি নাখাঞো মাটি।
দাদা বলভদ্ৰে বোলন্ত ঘাটি।।
পতিয়ন নাই চৱা বিচাৰি।
হেন শুনি মাতে যশোদা নাৰী।।
বয়ো বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশু-ৰূপী বনমালী।।
চৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্ৰকাশিয়া আটি।।
যশোদা সুন্দৰী দেখন্ত পাচে।
সমস্ত জগত গৰ্ভতে আছে।।
সাতোখন দ্বীপ সাতো সাগৰ।
গিৰি বন নদী গ্ৰাম নগৰ।।
বায়ু-সূৰ্য শশী দিশ আকাশ।
তাৰাগণো তৈতে কৰে প্ৰকাশ।।
সমস্ত জীৱ জ্যোতিস্তেজ জল।
সত্ব-ৰজ-স্তম ইন্দ্ৰিয় বল।।
মন বুদ্ধি কৰ্ম কাল যতেক।
সবাকো গৰ্ভতে দেখে প্ৰত্যেক।।
যতেক ধেনু গোপ-গোপীজাক ।
যশোদা দেখে তৈতে আপুনাক।।

শিশুলীলা, কাীৰ্তনঘোষা

ৰত্না ভৰালী তালুকদাৰ 
২৪—৩-২০২০

No comments:

Post a Comment