Sunday 15 March 2020

‘গুৱাহাটী প্ৰেছ ক্লাব’- কিছু ৰোমন্থণ, আৰু নতুন কাৰ্যনিৰ্বাহকলৈ শুভেচ্ছাৰে




আমাৰ প্ৰজন্মৰ, অৰ্থাৎ নব্বৈৰ দশকত কাম আৰম্ভ কৰা গুৱাহাটীৰ সাংবাদিকসকলৰ বাবে আটাইতকৈ মৰমৰ অনুষ্ঠানটো হৈছে ‘গুৱাহাটী প্ৰেছ ক্লাব’। কবলৈ গ’লে আমাৰ বাবে সাংবাদিকতাৰ অ আ ক খ শিকাৰ কমাৰশালো। সেই সময়ত সকলোবোৰ সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছিল। জ্যেষ্ঠ সাংবাদিকসকলে কিদৰে বুদ্ধিমত্তা আৰু প্ৰত্যুৎপন্নমতিতাৰে বিভিন প্ৰশ্ন উত্থাপন কৰে-- সেইটো নতুনসকলৰ বাবে শিকিবলগীয়া কলা আছিল। সমুদ্ৰ গুপ্ত কাশ্যপ, প্ৰশান্ত ৰাজগুৰু, ৱাছৱীৰ হুছেইনৰ দৰে সাংবাদিকে অতি বিচক্ষণ আৰু কৌশলপূৰ্ণভাৱে প্ৰশ্নবোৰ সুধিছিল। সেই সময়ত দৈনিক জনমভূমি কাকতত কৰ্মৰত প্ৰশান্ত ৰাজগুৰুৱে সলসলীয়াকৈ, কৌতুকপূৰ্ণ ভাষাৰে আৰু নিৰ্ভীকভাৱে ইংৰাজীত যিদৰে প্ৰশ্ন কৰিছিল, তাক তৰুণসকলে পিছত বহি চাই ৰৈছিল। যিহেতু কোনোৱেই সংবাদিকতাৰ বিদ্যায়তানিক পাঠ লোৱা নাছিল, সেয়ে বিভিন্ন কিতাপ-পত্ৰ গোটাই পঢ়া-শুনা কৰাৰ লগে লগে এনেকুৱা সংবাদমেলবোৰতেই ন শিকাৰুসকলে শিকিবলগীয়া কথাবোৰ জানিবলৈ চেষ্টা কৰিছিল।


তেতিয়া ‘গুৱাহাটী প্ৰেছ ক্লাব’-এ সাংবাদিকৰ বাবে বৰ আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈছিল।মহিলা সাংবাদিকৰ বাবেও তেনে কাৰ্যসূচী আছিল। ২০০০ চনত ‘গুৱাহাটী প্ৰেছ ক্লাব’-এ অসমৰপৰা ছয়জনীয়া মহিলা সাংবাদিকৰ দল এটি চিক্কিমলৈ প্ৰেৰণ কৰিছিল, য’ত জ্যেষ্ঠ মহিলা সাংবাদিক জাহ্ণবী বৰুৱা, সবিতা লহকৰ, বৰ্তমানৰ অগ্ৰদূত কাকতৰ ছেমিম ছুলতানা আহমেদ, লুচী নেওগ আৰু দ্য নৰ্থ ইষ্ট কাকতৰ ৰশ্মি(উপাধিটো পাহৰিলোঁ) আৰু মই আছিলোঁ। সেই সময়ত চিক্কিম চৰকাৰে ৰাজ্যখনত পৰ্যটনৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি লৈছিল আৰু তেওঁলোকে অসমৰপৰা মহিলা সাংবাদিকৰ দল এটা আমন্ত্ৰণ কৰিছিল--এই উদ্দেশ্যেৰে যাতে, উভতি আহি অসমৰ কাকতে-পত্ৰই আমি ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনাবোৰৰ কথা লিখোঁ, যাৰ মাজেৰে অসমৰ মানুহ চিক্কিম ভ্ৰমণ বাবে আগ্ৰহী হৈ উঠে। এই কৌশলটো বিভিন্ন কাকতত বিজ্ঞাপন প্ৰদান কৰি খৰছ কৰা টকাতকৈ তেওঁলোকৰ বাবে বেছি উদ্ভাৱনী আছিল। সাতটাকৈ দিন ৰাজ্যখনৰ অপৰূপ সৌন্দৰ্যৰ মাজত কটাই আহি আমি হেঁপাহ পলুৱাই ৰাজ্যখনৰ বিষয়ে নিজৰ নিজৰ কাকত-আলোচনীত লিখিছিলোঁ। এই কথাবোৰ আমাৰ দৰে শিকাৰুৰ বাবে বৰ উৎসাহজনক আছিল।


২০০৩-০৪ চনত মই ফ্ৰিলেন্স সাংবাদিকতা কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। দৈনিক ৰিপৰ্টিঙতকৈ ক্ষেত্ৰলৈ গৈ বিস্তৃত অধ্যয়নৰ মাজেৰে সমান্তৰালভাৱে সৃষ্টিশীল কামবোৰ কৰি যোৱাৰ বাবে থকা হেঁপাহৰ বাবেই এই সিদ্ধান্ত লৈছিলোঁ। এনেকৈ সিদ্ধান্ত লোৱাৰ বেলিকা সেই সময়ৰ ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ সম্পাদক নৱ ঠাকুৰীয়াৰ কাম-কাজেও প্ৰেৰণা দিছিল। ফ্ৰিলেন্স সাংবাদিক হিচাপে তেখেতেও মিডিয়া ফেল’শ্বিপ লাভ কৰি লোভনীয় আৰু বিস্তৃত প্ৰতিবেদনবোৰ প্ৰকাশ কৰি আামাৰ সন্মুখত ফ্ৰিলেন্স সাংবাদিকতাৰ এখন নতুন সম্ভাৱনীয়তাৰ দুৱাৰ মেলি ধৰিছিল। তেতিয়াৰেপৰা এতিয়ালৈকে ন-টাকৈ মিডিয়া ফেল’শ্বিপ লাভ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় এছাইনমেণ্টত কাম কৰা সুযোগ পোৱাৰ লগতে অসমৰ অস্ত্ৰ-সংঘাত, পৰিবেশ সম্পৰ্কীয় আৰু অস্ত্ৰ সংঘাতৰ সময়ত নাৰীসকলৰ অৱস্থা সম্পৰ্কীয় প্ৰতিবেদনবোৰে তিনিবাৰকৈ ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিছে। এজন সাংবাদিক হিচাপে এই কামবোৰ কৰি মই গৌৰৱাম্বিত। সমান্তৰালভাৱে, এই ক্ষেত্ৰ অধ্যয়নবোৰেই সৃষ্টিশীল সাহিত্যৰো উৰ্বৰ ভূমি হৈ উঠিছে। মোৰ ‘জেৰেই হাগ্ৰামায়া গাব’ নামৰ উপন্যাসখন দৰাচলতে বড়োসকলৰ বসতিভূমিৰ নব্বৈৰ দশকৰ অস্ত্ৰ সংঘাতৰ এক ক্ৰিয়েটিভ ডকুমেণ্টেশ্যনহে। সাহিত্য অকাডেমীৰ সন্মানীয় আলোচনীটো অস্ত্ৰ-সংঘাতৰ গল্পই স্থান পাইছে। ক্ষেত্ৰবোৰত ফেল’শ্বিপৰ কাম কৰাৰ সমান্তৰালভাৱে সৃষ্টিশীল কামৰ বাবেও সমল গোটাওঁ।

২০১৩ চনত চি-নে’চ (C-NES) আৰু আই ইউ চি এন (IUCN)–এ যুটীয়াভাৱে ভাৰত আৰু বাংলাদেশৰ ছয়জনকৈ  সাংবাদিকক নিজৰ নিজৰ দেশৰ  চৰ অঞ্চললৈ গৈ জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় এলানি প্ৰতিবেদন প্ৰস্তুত কৰাৰ সুযোগ দিছিল। সময়মতে কাম জমা দিয়াৰ পিছত তেওঁলোকে বেংকক অনুষ্ঠিত কৰা ‘ইণ্ডিয়া-বাংলাদেশ ৱাটাৰ ডয়লগ’ সম্পৰ্কীয় এখন আলোচনাচক্ৰত এখন পেপাৰ দিয়াৰ সুযোগ দিয়ে। নিশাৰ বিমানত বেংককলৈ গৈ পঞ্চতাৰকাযুক্ত হোটেলত উঠাৰ পিছত পুৱা ন-বজাত দুদিনীয়া চেমিনাৰৰ প্ৰথমখন চেমিনাৰ পেপাৰেই দিবলগীয়া হ’ল। অলপ নাৰ্ভাছ হলেও সাংবাদিক হিচাপে এইটো মোৰ বাবে বৰ গৌৰৱৰ কথা আছিল। অসমৰ চৰ এলেকাবোৰৰ লগতে তাত বাস কৰা লোকসকলৰ ওপৰত ৪৫ মিনিট সময়ৰ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিছিলোঁ। এই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটোৰ তথ্যবোৰ পৰৱৰ্তী সময়ৰ বিশেষজ্ঞ বক্তাসকলে ৰেফাৰেন্সত ব্যৱহাৰ কৰিছিল। এই কথাটোৱে মোক সেই সময়ত একধৰণে সাহস দিছিল, আজিও দিয়ে। এয়া এক অনন্য অভিজ্ঞতা।

‘গুৱাহাটী প্ৰেছ ক্লাব’ আছিল আমাৰ এই কামবোৰ শিকাৰ কঠিয়াতলী। সাংবাদিকৰ প্ৰধান কামটোৱেই হৈছে প্ৰশ্ন সোধা, সংশ্লিষ্ট পক্ষৰপৰা শ্ৰুতলিপি লোৱা নহয়। কিন্তু কেৱল প্ৰশ্ন সুধিলেই নহ’ব- লুকাই থকা (বা ৰাখিব খোজা) সত্যৰ স্বৰূপ উদঘাটনো কৰিব পাৰিব লাগিব। প্ৰশ্নবোৰ কিদৰে পৰিকল্পনা কৰা হ’ব, আৰু পৰৱৰ্তী সময়ত কিদৰে সোধা হ’ব—তাক অনুশীলন কৰাটো এজন সাংবাদিকৰ বাবে প্ৰয়োজনীয় কথা। এজন সাংবাদিকে প্ৰায় সকলোবোৰ বিষয়তে নুন্যতম জ্ঞান আহৰণ কৰাটো বাঞ্চণীয় কথা হৈ পৰে। ফলত বিভিন্ন দিশত অধ্যয়ন কৰিবলৈ তেওঁ বাধ্য। এটা সময়ত ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ মজিয়াত ইয়াৰ অনুশীলণ আছিল। জ্যেষ্ঠৰপৰা কনিষ্ঠলৈ সেই অনুশীলণ প্ৰৱাহিত হৈছিল।

২০১১ চনত চিক্কিমত এক প্ৰসংয়কৰী ভূমিকম্প হয়। এই ভূমিকম্পৰ পৰৱৰ্তী সময়ত  হোৱা বিভিন্ন প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ এটা মিডিয়া ফেল’শ্বিপ পাওঁ। হ’মষ্টে’ ব্যৱস্থাৰে ১৫ টা দিন তাত থকাটো বাধ্যতামূলক আছিল। নৰ্থ চিক্কিমৰ লাচেন, লাচুন, জংগুৰ দৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত আৰু ৰাজ্যখনৰ ভাৰত-চীন সীমান্তৰ স্পৰ্শকাতৰ এলেকাবোৰত থাকিবলৈ গৃহবিভাগৰ বিশেষ অনুমতিৰ প্ৰয়োজন হৈছিল। এই অনুমতিৰ বাবে আবেদন কৰি ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ আইডেনটিটি কাৰ্ডখন লৈ কামত নামি গ’লোঁ। গৃহবিভাগৰ অনুমতিৰ কাগজ-পত্ৰ নাথাকিলেও কামত বিশেষ একো অসুবিধা ন’হল। সকলোৱেই সহযোগিতা কৰিলে। অৱশেষত ফেল’শ্বিপ সম্পূৰ্ণ কৰি সকলো প্ৰতিবেদন লিখাৰ লগতে কাম-কাজৰ চুড়ান্ত প্ৰতিবেদনো দাখিল কৰাৰ অন্ততঃ গৃহবিভাগৰ অনুমতি পত্ৰ (আবেদন কৰাৰপৰা দুমাহৰ পিছত) আহি হাতত পৰিলহি। অথচ, তেতিয়ালৈকে তাৰ প্ৰয়োজন শেষ হৈ গৈছিল। ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ সদস্য এজনক ৰাজ্যৰ বাহিৰৰ মানুহে কিদৰে সন্মানৰ চকুৰে চায়, সমীহ আৰু বিশ্বাসো কৰে – এয়াই তাৰ উদাহৰণ।  

এইদৰেই আমি সকলোৱেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই গ’লোঁ যদিও ‘গুৱাহাটী প্ৰেছ ক্লাব’ ক’ৰবাত গেঠেলা মাৰিলে। সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰি নতুন প্ৰজন্মৰ হাতত দায়িত্ব গতাই দিব নোৱাৰাটোৱেই আছিল মূল বেমাৰ। মূল বেমাৰৰ লগত আনুষংগিক বহুত বেমাৰে বাটত লগ ধৰিলে। আমি অসহায় হৈ চাই থাকিবলগীয়া হোৱাৰ বাহিৰে উপায় নাছিল। এটা সময়ত এনেকুৱা হ’লগৈ যে, ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ চৌহদলৈ সোমাবলৈকে অনীহা হ’ল। আমাৰ সকলোৰে মৰমৰ এই অনুষ্ঠানটোৰ এই জঠৰতা আমাৰ সকলোৰে বাবে এক বেদনাৰ দৰে আছিল। অৱশেষত এদল তৰুণ সাংবাদিকেই আগুৱাই আহিল। সকলো জঠৰতা আঁতৰাই, এখন আইনী যুদ্ধত জয় লাভ কৰি, ১৭ বছৰৰ অন্ততঃ নিৰ্বাচনৰ মাজেৰে আজি এদল তৰুণ সাংবাদিকে কাৰ্যভাৰ হাতত লৈছে। তেওঁলোকলৈ শুভেচ্ছা জনোৱাৰ লগতে অনুষ্ঠানটোত এতিয়াও থকা আসোঁৱাহবোৰ আঁতৰাই, স্বচ্ছ কাম-কাজৰ মাজেৰে  নতুন আৰু গতিশীল ৰূপত ইয়াক গঢ় দিব বুলি আশা ৰাখিছোঁ। ‘গুৱাহাটী প্ৰেছ ক্লাব’ সদায়েই নীতিনিষ্ঠ সাংবাদিক গঢ়াৰ কমাৰশাল হৈ ৰওক, তাকেই আশা কৰিছোঁ।

(ফটোসমূহ বিভিন্ন সাংবাদিক বন্ধুৰ সংগ্ৰহ) 

15/03/2020

No comments:

Post a Comment