Saturday 28 March 2020

কৰ’নাভাইৰাছ মহামাৰীত সেৱা আগবঢ়োৱা আৰু আগবঢ়াবলৈ সাজু হৈ থকা চিকিৎসক, চিকিৎসা কৰ্মী আৰু গৱেষসকললৈ




কৰ’নাভাইৰাছৰ সংক্ৰমণৰপৰা অসম এতিয়ালৈকে বাচি আছে বুলি কোৱা হৈছে কিন্তু কিমান পৰ! গোটেই দেশৰ লগতে অসমৰ স্বাস্থ্যবিভাগ আৰু প্ৰশাসন এতিয়া যিকোনো পৰিস্থিতিৰ বাবে তৎপৰ হৈ উঠিছে। আমি নাজানো ইটালী বা নিউয়ৰ্কৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হলে আমাৰ এই  প্ৰস্তুতিবোৰ কিমান পৰলৈকে কামত আহিব থাপিও আমাৰ বাবে এটা ইতিবাচক দিশ হৈছে যে, এটা মহামাৰীৰ সন্মুখত অসহায় হৈ পৰা পিছতো লবলগীয়া প্ৰয়োজনীয় প্ৰস্তুতিৰ বাবে আমি যথেষ্ট সময় পাইছোঁ, পৰিকল্পনা কৰিব পাৰিছোঁ, আৰু ক’ভিড-১৯ ভাইৰাছটো কিছু পৰিমাণে হলেও বুজি উঠিব পাৰিছোঁ। প্ৰযুক্তি আৰু স্বাস্থ্যৰ আন্তঃগাথনিৰ দিশেৰে পিচপৰা আমাৰ দেশত অভাৱ নাই মানুহৰ সময়ত এই মানৱ সম্পদেই  হয়তো আমাৰ ভাৰসা হৈ উঠিব। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতে অৱলম্বন কৰা তৎপৰতাক প্ৰশংসা কৰিও কৈছে যে, দেশখনে এতিয়া বিস্ফোৰণ হবলৈ ধৰা এক উদ্গীৰণৰ সন্মুখত আছে  অতীৱ সাৱধানতাৰেহে এই পৰিস্থিতিৰ মাজেৰে আমি গতি কৰিব পাৰিম। আৰু, যিকোনো মূহূৰ্ততে আশংকা কৰি থকা এই বিস্ফোৰণটো ঘটিব পাৰে।

পৃথিৱী বিয়পা এই কৰুণ বিৱৰণীত আক্ৰান্ত ৰোগীসকলৰ দুৰ্দশাৰ পিছতে এতিয়া মানুহৰ চকু নিবদ্ধ হৈছে চিকিৎসক আৰু চিকিৎসা কৰ্মীকসকলৰ ওপৰত আৰ্তজনৰ কাষত ঠিয় দিবলৈ কেনেদৰে এই অদম্য শক্তি লাভ কৰিছে তেওঁলোকে—এয়াই বহুতৰ বাবে বিস্ময়! কৰ’নাভাইৰাছত আক্ৰান্ত প্ৰথম বিশ্বৰ দেশৰ ৰাজপথত জোৰা এম্বুলেন্সৰ চাইৰেণৰ ধ্বনিৰ আৰু বিভিষিকাৰ মাজেৰেই আমাৰ মনত সোমাই পৰিছেহি আকাশী নীলা আৰু শুভ্ৰ সাজেৰে আপদমস্তক ঢাকি থোৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ  ছবি-- ভয়ানক এই মানৱ বিপৰ্যয়ৰ সন্মুখত তেওঁলোকে লাভ কৰা অভিজ্ঞতাৰ লিখি শেষ কৰিব নোৱাৰা কাহিনীবোৰ। এই পৰ্যন্ত ইমান তেজাল হৈ পৰিছে   এই ক’ভিড-১৯ ভাইৰাছ,  যে মাত্ৰ তিনিটা মাহৰ ভিতৰত সি বিশ্বৰ ১৯৯ দেশলৈ সংক্ৰমিত হৈছে, আক্ৰান্ত কৰিছে চাৰি লাখতকৈও অধিক লোক। কাঢ়ি নিছে ২৭,০০০ লোকৰ জীৱন।

কিন্তু মানুহৰ এই দুৰ্যোগ আৰু মহামাৰীৰ আতংক আজি মাথোন এটা ভাইৰাছৰ জয়যাত্ৰাৰ কাহিনীয়েই হৈ থকা নাই—এই কাহিনীয়ে সৃষ্টি কৰিছে ক’ভিড-১৯ ৰোগ জিনি মানুহৰ প্ৰগতি আৰু ইতিহাসৰ পথ সুগম কৰিবলৈ দেশে দেশে চিকিৎসক, চিকিৎসা বিজ্ঞানী আৰু চিকিৎসা কৰ্মীসকলে কৰা আপ্ৰাণ প্ৰচেষ্টাৰ এক অনুপম বাগধাৰাওকেতিয়াবা সংহাৰী কৰ’নাভাইৰাছৰ কণ্টকাকীৰ্ণ পথৰ মাজৰে খুপি খুপি পাৰ হৈ গৈছে গৰ্ভৱতী মাতৃজন্ম দিছে স্বাস্থ্যবান সন্তান। চিকিৎসকে সেই সন্তান দুহাতত তুলি লৈছে। কেৱল চি্কিৎসাই নহয়, সমান্তৰালভাৱে আগবাঢ়িছে গৱেষণাও, আৰু ক’ভিড-১৯ ভাইৰাছৰ গৱেষণাবোৰেই আমাক অনাগত ভবিষ্যতৰ নতুন দিগন্তৰ সম্ভাৱনীয়তাৰ দুৱাৰো মেলিু দিছে। চিকিৎসা বিজ্ঞানৰ এই নতুন নতুন গবেষণাবোৰৰ জটিল কথাবোৰ বুজি পাবলৈ আমাৰ দৰে মানুহ হয়তো অক্ষম, কিন্তু বিশ্ব ত্ৰাসী এই দৈত্যক সন্মুখত লৈও সি নজনাক জনাৰ বাবে আমাৰ বাবে কৌতূহল ৰোধ কৰিব পৰা নাই, ধ্বংস আৰু সৃষ্টিৰ আঁউসী আৰু টলমল জোনাকবোৰলৈ আমাৰ দৃষ্টি কাঢ়ি নিবলৈ এৰা নাই।

অসমত ক’ৰনাভাইৰাছৰ প্ৰাদুৰ্ভাৱ হোৱাৰ লগে লগেচিকিৎসা কৰিবলৈ সাজু হৈ থকা বহুতো চিকিৎসক বন্ধু মোৰ ফে’চবুকৰ তালিকাত আছে। তেওঁলোকৰ বহুতকেই হয়তো ব্যক্তিগতভাৱে চিনি নাপাওঁ। ৰাজ্যখনৰ কোনোবা প্ৰান্তৰপৰা কেনেবাকৈ মহামাৰীৰ খবৰ আহিলে তেওঁলোকৰ হাতত আৰু এই  সময় নাথাকিবগৈ বিশ্বজোৰা অভিজ্ঞতাই কৈছে কেৱল আনক চিকিৎসা কৰিয়েই নহয়, আন বহুধৰণেও ভাৰাক্ৰান্ত হৈ পৰিব এই চিকিৎসকসকল। ইতিমধ্যেই বিশ্বজুৰি কৰ’না মহামাৰীয়ে চলোৱা  সংহাৰত আক্ৰান্ত হৈছে বহুতো চিকিৎসক আৰু চিকিৎসা কৰ্মী। আনৰ চিকিৎসা কৰোঁতে নিজৰ গালৈ কেতিয়া সোঁচৰিছে, তাৰ খবৰ লবলৈ উশাহ নথকা বহুতেই প্ৰাণ ত্যাগ কৰিছেসময়ৰ চেদ-ভেদ নোহোৱাকৈ কাম কৰি মাটিয়ে-বালিয়ে য’তেই পাৰিছে, তাতেই বহি অথবা আধা-শোৱা অৱস্থাত ক্ষন্তেক টোপনি মাৰিছে।অনবৰতে মাস্ক পিন্ধি থকাৰ ফলত মুখমণ্ডলত ঘাঁ হৈছে।কোনোবা চিকিৎসকে এই ফটো বিচ্ছিন্ন হৈ থকা পত্নীলৈ পঠিয়াই দিছে, এই আশাত যে পত্নীয়ে সন্তানত সেই ফটোখন দেখুৱাব আৰু ভবিষ্যত প্ৰজন্মৰ বাবে সেই ফটো হৈ ৰব মানুহৰ দুৰ্যোগৰ এই গাথাৰ সামূহিক সোঁৱৰণিৰ অম উৎস।  চকুৰ সন্মুখতে হাজাৰ হাজাৰ ৰোগীৰ মৃত্যু হোৱাৰপৰা হস্পিতালৰ প্ৰসূতিগৃহত ক’ৰনাভাইৰাছত আক্ৰান্ত নৱজাতকে জন্ম পোৱালৈকে কিমান যে ঘটনাৰ সাক্ষী হৈ ৰৈছে তেওঁলোক! প্ৰাচুৰ্যৰ শীৰ্ষত থকা প্ৰথম বিশ্বৰ দেশৰ মানসম্পন্ন চিকিৎসা ব্যৱস্থালৈ বৃদ্ধাংগুস্থ দেখুৱাই কৰ’নাভাইৰাছে সংহাৰ চলাইছে। অৱসৰ লোৱা চিকিৎসক আৰু নাৰ্চসকলকো সেৱা আগবঢ়াবলৈ মাতি পঠোৱা হৈছে, যদিওবা বয়সীয়াসকল এই ভাইৰাছৰ সন্মুখত অতিকৈ স্পৰ্শকাতৰ। অৱসৰ পোৱা বহুতো চিকিৎসকে নিজেই অৱসৰকালীন সুখ এৰি থৈ চিকিৎসা আগবঢ়াইছেহি। অসমতো নিৰ্দেশনা আৰু পৰামৰ্শ দিবৰ বাবে অৱসৰ গ্ৰহণ কৰা চিকিৎসকসকলৰে গঠিত এটা দল সাজু হৈ আছে বুলি স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। মানৱ প্ৰজাতিৰ এই গভীৰ সংকটৰ সন্মুখত এটা ভাইৰাছক জয়ী হৈ যাবলৈ নিদিবলৈ এই চিকিৎসকসকল যেন দৃঢ়প্ৰতিজ্ঞ--আৰু এয়াই মানৱ জাতিৰ বাবে গভীৰ আশাৰ কথাদিন যোৱাৰ লগে লগে পৰিস্থিতি যেতিয়া শাম কাটিব, তেতিয়া এই অতীৱ দুৰ্যোগৰ সন্মুখত মানৱীয়তাক তুলি ধৰাৰ এই দুৰ্মদ কাহিনীবোৰক ভিত্তি কৰি সংৰচনা হ’ব আমাৰ সামূহিক সোঁৱৰণিৰ, আৰু এই আতংকৰ সন্মুখত তিষ্ঠি থাকিবলৈ সক্ষম হওঁ নে নহওঁ, সেই কথা কবলৈ সক্ষম নহলেও এইটো স্পষ্ট যে, আমি সকলোৱেই সেই সামূহিক সোঁৱৰণিৰ অংশ হৈ ৰ’ম।

বহুতো চিকিৎসক অথবা চিকৎসা কৰ্মীয়ে হয়তো পোটপটীয়াকৈ ক’ৰনাভাইৰাছ আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলগীয়া হোৱা নাই, কিন্তু তেওঁলোকৰ মাজতো আছে উদ্বিগ্নতা। আমেৰিকাৰ টেক্সাচৰ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ এই সময়চোৱাত অতিকৈ উদ্বিগ্ন। নাম প্ৰকাশ নকৰা আমেৰিকাৰ টেক্সাছৰ চেণ্ট এন্টনিঅ’ত কাম কৰা এই শিশুৰোগ বিশেষজ্ঞগৰাকী গৰ্ভৱতী। আমেৰিকাত কৰ’নাভাইৰছৰ মহামাৰীৰৰ সময়ত মাস্ক, চাৰ্জিকেল গ্লাভছকে ধৰি চিকিৎসকৰ সুৰক্ষাৰ বাবে থকা সামগ্ৰীৰ অভাৱনীয় নাটনিয়ে দেখা দিছে। সেয়েহে তেওঁলোকে মাস্কৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিছে। কৰ্তব্যৰত নাৰ্চে তেখেতক অধিক মানুহ হস্পিতালৰ কক্ষলৈ সুমুৱাই নানিবলৈ পৰামৰ্শ দিয়েপৰস্পৰে পৰস্পৰৰ অনুভুতিৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল। হস্পিতালৰ কণ কণ শিশু থকা কোঠাটি ভৰি উঠে, আৰু খালি হয়। ভৰি উঠে, আৰু খালি হয়,সেইসকল কণ কণ শিশুৰে--যিসকলে উশাহ লোৱাত কষ্ট পায় বিভিন্ন ভাইৰাছ- যেনে মেটানিউম’ভাইৰাছ, এডিন’ভাইৰাছ, ৰাইন’ভাইৰাছ বা ক’ৰনাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈতেওঁ চিকিৎসা প্ৰদান কৰা কোঠাটিত এতিয়ালৈকে এটিও ক’ভিড-১৯ নামৰ সংহাৰী ভাইৰাছত আক্ৰান্ত হোৱা শিশু ভৰ্তি হোৱা নাই বাবে তেওঁ যথেষ্ট সকাহ অনুভৱ কৰে। শিশুসকলৰ  এধানি এধানি মুখেৰে তেওঁ অক্সিজেনৰ পাইপবোৰ সুমুৱাই দিয়ে, বীজলবোৰ উলিয়াই আনে, আৰু দৰৱ দিয়ে। সময়তকৈ আগতেই জন্ম পোৱা, কম ওজনৰ অকণিবোৰক আই চি ইউলৈ পঠিয়াই দিয়ে, আৰু সুস্থ হ’লে তেওঁৰ কোঠালৈ ওভতাই আনে। 

দিনৰ দিনটো তেওঁ এটি আক্ৰান্ত শিশুৰ কাষৰপৰা আন এটি আক্ৰান্ত শিশুৰ কাষে কাষে ঘূৰি ফুৰে, প্ৰতিটি শিশুৰ উশাহবোৰ গণণা কৰে। নিশা নীৰৱে বিচনাত শোৱে আৰু পেটত হাত থৈ নিজৰ সন্তানটিক কয়— ‘চোৱা, তুমি সফল হ’বা।’ সন্তানটিয়ে পেটৰ ভিতৰত লৰ-চৰ কৰাৰ শব্দবোৰ এতিয়াও তেওঁ শুনিবলৈ বাকী। হয়তো জীয়াই থকাৰ বাবে উশাহ লবলৈ সংগ্ৰাম কৰি থকা সেই কণমানিবোৰক দেখা আন কোনো মাতৃয়ে এই শিশুসকলক অদম্য সংগ্ৰামী বুলি নাভাবি ‘পীড়িত’ বুলিও ভাবিব  হয়তো তেনে এগৰাকী মাতৃগৰাকী নিজৰ বিবেচনাৰে শুদ্ধওকিন্তু তেওঁ যে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ, তাকো আমেৰিকাৰ এক অত্যাধুনিক হস্পিতালৰ--আৰু তেওঁ জানে এই শিশুবোৰক কেনেকৈ উশাহ লব পৰা কৰি তুলিব লাগে।  

তেওঁ শিশু ৰোগৰ আলোচনী এখনৰপৰা চীনত কৰ’নাভাইৰাছত আক্ৰান্ত ২,১৪৩ টা ১৮ বছৰৰ তলৰ শিশুৰ ওপৰত কৰা অধ্যয়নৰ বিষয়ে গম পাইছে। তেওঁলোকৰ মাত্ৰ ১৪ বছৰীয়া এটিয়েহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ছয় শতাংশতকৈও কম শিশুক হস্পিতাললৈ অনাৰ প্ৰয়োজন হৈছিল। আমেৰিকাত এনে ৰোগত আক্ৰান্ত দুই শতাংশ শিশুকহে হস্পিতাললৈ অনাৰ প্ৰয়োজন হৈছে। তথাপিও তেওঁ উদ্বিগ্ন, কিয়নো আমেৰিকাত হস্পিতালত ভৰ্তিকৰিবলগীয়া ইনফ্লুয়েঞ্জাত আক্ৰান্ত শিশুৰ হস্পিতালত ভৰ্তি কৰিবলগীয়া হোৱাৰ হাৰ এক শতাংশতকৈও কম। গৰ্ভৱতী শিশু চিকিৎসক এগৰাকীয়ে ন’ভেল কৰনাভাইৰাছৰ মহামাৰীৰ সময়তো কাম কৰি থকাটো কিমান বিপদজনক— এই সম্পৰ্কে তেখেতে তেনে কোনোধৰণৰ অধ্যয়ন কৰিবলৈ পোৱা নাই নাই। অৱশ্যে ইনফ্লুয়েঞ্জাত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যুৱে আনতকৈ গৰ্ভৱতী মহিলা এগৰাকীক সোনকালেই মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, সেই কথা তেওঁ জানে কৰ’নাভাইৰাছ মহামাৰীৰ অজানা দিশবোৰক লৈ তেওঁ উদ্বগ্ন। হস্পিতালত তেওঁৰ সহকৰ্মীসকলে অতিৰিক্ত কামৰ বোজাৰপৰা তেওঁক ৰেহাই দিছেপৰা হ’লে, আৰু প্ৰয়োজনসাপেক্ষে তেওঁৰ ওপৰৱালায়ো তেওঁক  ঘৰতেই থাকিবলৈ দিলেহেঁতেন। কিন্তু এই পৰিস্থিতিত তেওঁ মাথো নিজেই যিমান পাৰে সাৱধানতা অৱলম্বন কৰিছে অতি বিপদজনক কামবোৰৰপৰা আঁতৰি থকাৰ বাহিৰে সকলোবোৰেই কৰি গৈছে।

নিজৰ গৰ্ভাৱস্থাৰ বিষয়ে তেখেত অনিশ্চিত। তেওঁ কামলৈ যায়, হাত ধোৱে। তেওঁ জানে গৰ্ভৰ ভিতৰত তেওঁৰ সন্তানটিয়ে লৰ-চৰ কৰিছে। আলট্ৰাচাউণ্ড টেষ্টৰ সময়তেই তেওঁ সেয়া দেখিছিল। কিন্তু সেয়াই পেটৰ ভিতৰত তাৰ অন্তিমটো গতিবিধি আছিল নেকি! তেওঁ নাজানে। তেওঁ জানে মাৰাত্মক ভাইৰাছটো বাহিৰত ঘূৰি ফুৰিছে, তেওঁৰ নিজৰ মানুহবোৰৰ মাজত, আৰু হয়তো তেওঁ কাম কৰা হস্পিতালখনতো। সি তেওঁৰ শৰীৰৰ ভিতৰতো আছে নেকি, তেওঁ শংকিত হয়? তেওঁৰ উশাহৰ নলীৰে সি সোমাই গৈছে নেকি, তেজৰ কণিকাবোৰেৰে পেটৰ ভিতৰত থকা কণমানিটোৰ গাতো প্ৰৱেশ কৰিছে নেকি—এইবোৰ কথাই তেওঁক উদ্বিগ্ন কৰি তোলেতেওঁ মেডিকেল শাস্ত্ৰত পঢ়িছিল যে, মহামাৰীৰ সময়ত সেৱা আগবঢ়োৱাটো নৈতিক কৰ্তব্য। তেওঁলোক হয়তো পৰিয়ালৰপৰা আতঁৰত থাকিবলগা হ’ব পাৰে, কিন্তু আৰ্তজনৰ কাষত থকাটো তেওঁলোকৰ কৰ্তব্য। এই কৰ্তব্যৰ প্ৰতি শ্ৰদ্ধা জনায়েই তেওঁৰ ইটালী আৰু চীনত থকা কলিগসকলে আনৰ জীৱন বচাবলৈ নিজৰ জীৱন ত্যাগ কৰিছে। এই কথা জানে বাবেই তেওঁ কাম কৰি গৈছে।

এলবাৰ্ট ক্যেমুৰ ‘দ্য প্লেগ’ৰ চৰিত্ৰ ডঃ ৰিয়াক্স গোটেই কিতাপখনত তেওঁৰ পত্নীৰপৰা আঁতৰি থাকে। এক আন বেমাৰত পত্নী অৰান চহৰৰপৰা বাহিৰত হস্পিতেলাইজড হৈ আছে, আতু চহৰৰ গেটখন বন্ধ হৈ যোৱাৰ পিছত ৰিয়াক্স-এ প্লে’গৰ গোটেই সময়চোৱাত পত্নীক আৰু দেখা নাপায়। পত্নীৰ তাতেই ম়ত্যু হৈছিল, আৰু তেওঁ টেলিগ্ৰামৰ মাধ্যমেৰে খবৰটো গম পাইছিল। ৰিয়াক্স জীয়াই থাকে।

এই মহামাৰীৰ সন্মুখত নিদৰ কৰ্তব্য সম্পাদন কৰি থকা টেক্সাচৰ গৰ্ভৱতী শিশুৰোগ বিশেষজ্ঞগৰাকীৰ সংশয়ৰ যুক্তি আছে, কিয়নো কৰ’নাভাইৰাছত আক্ৰান্ত দেশবোৰত চিকিৎসালয়বোৰেই হৈ উঠিছে সংক্ৰমণৰ থলী, মৃত্যুৰ দূত। এঅ দুৰ্যোগৰ সময়তো পৃথিৱী জুৰি হাজাৰ হাজাৰ নাৰীয়ে কৰ’নাভাইৰাছ মহামাৰীৰ সন্মুখত গৰ্ভাধাৰণৰ সময়ৰ মাজেৰে গতি কৰিছে। তেওঁলোকে কেতিয়াবা সুস্থ সন্তানৰ জন্ম দিছে, আৰু কোনো কোনো ক্ষেত্ৰত নৱজাতক আক্ৰান্ত হলেও, সুখৰ কথা যে, অধ্যয়নৰপৰা দেখা গৈছে যে, সেয়া গুৰুতৰ নহয়। এয়াই হয়তো আশাৰ কথা-- মাথোন কৰ’নাভাইৰাছ মহামাৰীৰ সময়তো কৰ্তব্য কৰি যোৱা টেক্সাচৰ সেই গৰ্ভৱতী শিশুৰোগ বিশেষজ্ঞগৰাকীৰ বাবেই নহয়, মানৱ জাতিৰ ভবিষ্যতৰ বাবেও।  

 ৰত্না ভৰালী তালুকদাৰ 
২৮-০৩-২০২০

No comments:

Post a Comment