Friday, 8 November 2019

এটি গল্পৰ অন্তৰালঃ কিলিং চংক্ৰেৎ


২০০৫ চনত গুৱাহাটীত বোধহয় অমিয় কুমাৰ দাস সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ  এখন আলোচনাচক্ৰত ভাগ লৈছিলোঁ। তেতিয়া উগ্ৰপন্থীৰ সমস্যাৰে জৰ্জৰিত অসম। নামনি অসমৰ কোকৰাঝাৰৰপৰা গোষ্ঠী-সংঘাত কাৰ্বি-পাহাৰ, বৰাই পাহাৰলৈকে বিয়পি পৰিছে । কাৰ্বি আংলঙৰ উগ্ৰপন্থীৰ যুদ্ধ এখন পৃখক ৰাজ্য ‘কাৰ্বি হেমপ্ৰেক’ৰ বাবে, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ উগ্ৰপন্থীৰ(বৰ্তমানৰ ডিমা হাচাও) যুদ্ধ এখন পৃথক ৰাজ্য ‘ডিমাৰাজি’ৰ বাবে। কাৰ্বি আংলঙৰপৰা কাৰ্বি নিংছ’  চিংথুৰ আছঙৰ এটা সঁজাতি দল আহিছিল। তেঁওলোকে কাৰ্বিপাহাৰত  সেনাই ধৰ্ষণ কৰা মহিলাসকলৰ তালিকা এখন লৈ উপস্থিত হৈছিলহি। বাৰ বছৰীয়া ছোৱালীৰপৰা ৫৫ বছৰীয়া আইতালৈকে এখন দীঘলীয়া তালিকা।  তাৰ ভিতৰত ২০০৩ চনৰ ঘটনা এটাত ধৰ্ষণ কৰা বাৰবছৰীয়া শিশুকন্যা এটিৰ নামো আছিল।গাৱঁৰ মানুহ ঝুমৰ পথাৰলৈ যাওতে সৰু সৰু ল’ৰা-ছোৱালীবোৰ বুঢ়া মানুহৰোবৰৰ হাতত দি  ঘৰতে থৈ যায়। তেতিয়াই উগ্ৰপন্থী বিচাৰি যোৱা সেনাৰ দলে কামটো কৰিলে বোলে। কথাবোৰ সঁচাকৈয়ে বিশ্বাস কৰিবলৈ ভয় লাগিছিল। বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাতে আছিলোঁ।

ইতিমধ্যে কাৰ্বি আংলং জিলাত কাৰ্বি-ডিমাচাৰ সংঘাত, ডিমা হাচাওৰ মাৰ-ডিমাচাৰ সংঘাত। উগ্ৰপন্থীৰ অত্যাচাৰত গাওঁবোৰ জ্বলিছে, মানুহ আহি আশ্ৰয় শিৱিৰত বাস কৰিছেহি। সেই সময়তে পেন’চ-চাউথ এছিয়াই সাংবাদিকৰ বাবে প্ৰদান  ফেল’শ্বিপ এটি লৈ অধ্যয়ন কৰিছিলোঁ-- বিষয় আছিল অসমৰ অস্ত্ৰ-সংঘাত আৰু শিশুৰ মনস্তত্বঃৰ ওপৰত ইয়াৰ প্ৰভাৱ। অধ্যয়ন কৰা এলেকা ধেমাজি, কোকৰাঝাৰ, কাৰ্বি আংলং, বৰ্তমানৰ ডিমা হাচাও জিলা। সৰু গাড়ী এখনত  বিধস্ত বাটেৰে কাৰ্বিপাহাৰলৈ গ’লোঁ। গোটেই বাট নিজান, ক’তো গাড়ী এখনৰ সতে ভেটা-ভেটি হোৱা নাই। মাজতে মাহেন্দ্ৰিজৱাত, মাঞ্জা খেৰণিত দেখিলোঁ  পুৰি ছাই হৈ যোৱা আৰু আধা-পোৰা ঘৰবোৰ—মানুহবোৰ ডিমাচা। ডিফু চহৰ গৈ শুনিলোঁ বাটতে আমাৰ পিছে পিছে আহি থকা বাচ এখনৰপৰা মানুহবোৰ নমাই উগ্ৰপন্থীয়ে গাডী়ত জুই লগাই দিছে। কাৰ্বি আংলং এগ্ৰিকালচাৰ কলনিৰ আশ্ৰয় শিৱিৰ কাৰ্বি মানুহেৰে ভৰ্তি। গুৱাহাটীৰ চেমিনাৰ ভাগ লবলৈ অহা বাইদেউসকলক বিচাৰি বাৰ বছৰীয়া ধৰ্ষিতা ছোৱালীজনীৰ কথা সুধিলোঁ। তেওঁলোকে ক’লে —ছোৱালীজনীক গাৱঁলৈ নিবলৈ ভয় কৰি চহৰতে এজন পাদুৰীৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখি থৈছে। মাক-দেউতাকক লগ পালোঁ আশ্ৰয় শিৱিৰত। গাঁওখন উগ্ৰপন্থীয়ে জ্বলাই দিছে।

তেওঁলোকে মোক ছোৱালীজনীৰ সৈতে কথা-পতাই দিব বুলি কথা দিলে। ইতিমধ্যে আইডেন্টিফিকেচন পেৰেড হৈ গৈছে। অভিযুক্ত  জোৱানক ছোৱালীজনীয়ে চিনাক্তও কৰিছে।

পিচদিনা দুপৰীয়া আমি পাদুৰীজনৰ ঘৰ পালোঁগৈ। ছোৱালীজনী ওলাই আহিল। জীৱনত প্ৰথমবাৰৰ বাবে এজনী কিশোৰীৰ সন্মুখীন হ’লোঁ – যাক মাক-দেউতাক ঝুমৰ তলীলৈ যোৱাৰ অজুহাতত উগ্ৰপন্থীৰ বিৰুদ্ধে তালাচী অভিযান চলাবলৈ যোৱা সেনাই বাৰ বছৰ বয়সত ধৰ্ষণ কৰিছে, যাক প্ৰয়োজনীয় চিকিৎসা দিয়াৰ পিছত সামাজিক বৈষম্যৰ ভয়তে সাতামপুৰুষীয়া গাৱঁলৈ নিবলৈ ভয় কৰি মাক-দেউাতাকে লোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে থৈছে, যাৰ গাওঁখন ছুবুৰীয়াৰ দৰে শতিকাজুৰি বাস কৰি অহা আন এক জনগোষ্ঠীৰ উগ্ৰপন্থীয়ে জ্বলাই দিছে আৰু  মাক-দেউতাকে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিৱিৰত বাস কৰিছে। এবাৰ চোৱাহে হ’ল, কাৰো  মুখৰপৰা এটা শব্দও নোলাল।  

কিন্তু ছবিখন  বুকুত মচ নোখোৱাকৈ লাগি ধৰিল। ফেল’শ্বিপৰ নিবন্ধ লিখা, প্ৰতিবেদন দাখিল কৰাৰ আনুষ্ঠানিকতা শেষ হ’ল।  ছবিখনহে বুকুৰপৰা এৰ খাই ন’গল। জনশতাব্দী ৰেলখনত উঠি যোৰহাটলৈ যাওতে যেতিয়াই ডিফু ষ্টেচনটো পাওঁ, বুকুতে ধক-কৈ এটা শব্দ শুনিবলৈ পাওঁ। নিংছ’ আছঙৰ মহিলাসকলে এখন সাফল্যৰ যুদ্ধ দিবলৈ যো জা কৰিছিল। সেই সময়ত ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ আবাসিক সম্পাদক হিচাপে অৱসৰ লৈ ‘উইমেনচ ফিচাৰ্চ চাৰ্ভিচ’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ ভাৰতৰ সম্পাদকৰ পদত যোগদান কৰা পামেলা ফিলিপচৰ সম্পাদনাত প্ৰতিষ্ঠানটোৰ বাবে ৰিপৰ্টিং কৰিছিলোঁ।  বিশ্বৰ ৪০খন দেশত  নেটৱৰ্ক থকা এই সংবাদ প্ৰতিষ্ঠানটোৰ  সকলোবোৰ সাংবাদিক মহিলা, তেওঁলোকো যিকোনো খবৰৰ মহিলা বিষয়ক ৰিপৰ্টিং কৰিছিল। প্ৰতিবছৰেই একোটা থীম  বাচি লৈ আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা  ৰিপৰ্টিং কৰিছিলোঁ – যেনে ‘অস্ত্ৰ সংঘাত আৰু নাৰী’, ‘গোলকীয় উষ্ণতা আৰু কৃষিখণ্ডৰ নাৰী’—এনেকুৱা। প্ৰতিটো থীমৰ বাবে ৰিপৰ্টিং কৰিবলৈ কাৰ্বি আংলংখন বাচি লৈছিলোঁৱেই, যাতে ছোৱালীজনীৰ খবৰ পাই থাকোঁ। অস্ত্ৰ সংঘাত আৰু নাৰী- এইটো থীমত ৰিপৰ্টিং কৰিবলৈ প্ৰয়োজনীয় ব্যয় ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছে বহন কৰিছিল। অৱশেষত তেওঁলোকে নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ পাতিছিল, আৰু উত্তৰ-পূব গোষ্ঠী-সংঘৰ্ষত আক্ৰান্ত এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰা  এগৰাকী নাৰীক লৈ যাবলৈ কৈছিল।নিংছ’ আছঙৰ এগৰাকী কৰ্ম-কৰ্তা প্ৰতিমা ইংহিপিক লৈ গৈছিলোঁ। তেখেতে ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ সেই আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অমাৰ লগতেকাৰ্বিভুমিৰ  নাৰীয়ে শান্তি-প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ খতিয়ান উচ্চস্বৰত দাঙি ধৰিছিল। ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছৰ  কৰ্ম-কৰ্তা আৰু আন প্ৰতিনিধিৰ চকু থৰ হৈ গৈছিল।

কিন্তু ছোৱালীজনীৰ ছবিখন মোৰ বুকুৰপৰা নামি যোৱা নাছিল।

তাইৰ হৈ ন্যায়িক যুদ্ধ দিয়া বাইদেউকেইগৰাকীক গুৱাহাটীৰপৰা মই কৈ থাকিছিলোঁ যে, ছোৱালীজনী যেনে-তেনে বিদ্যালয়ৰ মজিয়ালৈ আনক। তাই যেনে-তেনে হলেও বনকৰা অৱস্থাৰপৰা মুক্তি  পাব লাগে, বিদ্যালয়ৰ মজিয়ালৈ যাব লাগে। তেওঁলোকক এই কথা কৈ থাকিছিলোঁ। অৱশেষত বোধহয় ৰংকিমি, নে ৰংমিলি গাৱঁৰ গাওঁবুঢ়াই এই মানুহবোৰক বহিবলৈ অলপ অলপ মাটি দিলে। এদিন সংগ্ৰামী মহিলাকেইগৰাকীয়ে ক’লে, ছোৱালীজনী ঘৰলৈ আহিল। আজি-কালি স্কুললৈ যায়। এদিন ডিফুলৈ যাওতে নতুন জেগাত ঘৰখন চাই আহিলোঁ, মাক-দেউতাকক লগ পালোঁ, ছোৱালীজনী স্কুলত।সেই মুহূৰ্ততে ঠিক কৰিলোঁ, এইবাৰ এটা গল্প লিখিম।

ছোৱালীজনীক দুনাই আৰু এবাৰ চোৱাৰ বা খবৰ লোৱাৰ প্ৰয়োজন কোনোদিনেই অনুভৱ নকৰিলোঁ। য’তেই থাকক, ভালে-কুশলে থাকক—এইবুলি নিজকে ক’লো। তাইৰ ঘৰৰপৰা উভতি অহাৰ বাটত এক অনন্য সুখানুভুতি, মানুহ হোৱাৰ গৌৰৱে মোক আহ্লাদিত কৰিলে। নিজৰ পেশাগত দায়বদ্ধতাৰপৰা এখোজ আগুৱাই এটা ভাগি-ছিগি থান-বান হৈ যোৱা জীৱন এটা গঢ় দিয়াত ইমানখিনি যুদ্ধ কৰিলোঁ।যুঁজি যুঁজি সফলো হ’লোঁ।আজিও অনুভৱ কৰোঁ এই গৌৰৱৰ বাবেহে মই এজন কথাশিল্পী,  মৰিশালি আৰু জুইৰ মাজৰপৰা উঠি অহা এই ভাষাই মোৰ গল্প-ভাষা। মই এই ভাষাৰেই লিখি যাম, এই বাটত বিচলিত হবলৈ, পাবলৈ বা হেৰুৱাবলৈ একোৱেই নাই। লিখাটোহে সাৰকথা। ‘সাংবাদিকতা আৰু সৃষ্টিশীলতা’ এই বিষয়ত যেতিয়াই কথা কোৱাৰ সুযোগ পাইছোঁ, সিমানবাৰেই এই গল্পটো নতুন নতুন ৰূপক হৈ মোৰ সন্মুখত উদ্ভাসিত হয়, মোক আলোড়িত কৰে ।

বিঃদ্ৰঃ- কিলিং চংক্ৰেৎ কাৰ্বি জনশ্ৰুতিৰ এটা বাঘ। কিলং লংৰিৰ জীয়া জীয়া শিলবোৰত গা ঘঁহিলে মানুহ বাঘ হৈ পৰে। বাঘৰ  ৰূপ ধৰি গাৱঁলৈ আহি হাঁহ-পাৰ-কুকুৰা-গাহৰি ধৰি নি খায়। আকৌ উভতি গৈ শিলত গা ঘঁহি মানুহলৈ পৰিণত হয়। পিছে পৰম্পৰাৰ সেই ভয়ানক  বাঘেও গাৱঁৰ জীয়ৰী-বোৱাৰীলৈ কু-দৃষ্টি নিদিয়ে।

০৮-১১০২০১৯

Friday, 1 November 2019

সাহিত্যৰ পাঠকক ‘দীক্ষিত পাঠক’লৈ পৰিণত কৰাৰ প্ৰত্যাহ্বান লেখকেই লব লাগিব


প্ৰকাশ- নিয়মীয়া বাৰ্তা,  নবেম্বৰ ২, ২০১৯



এতিয়া গ্ৰন্থৰ বতৰ। ১ নবেম্বৰৰৰপৰা গুৱাহাটীত উত্তৰ-পূব গ্ৰন্থমেলাখন অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যখনৰ কেইবাখনো জিলাত গ্ৰন্থমেলা আৰু গ্ৰন্থ উৎসৱবোৰ অনুষ্ঠিত হ’ব। অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ লগতে সাহিত্য উৎসৱো অনুষ্ঠিত হ’ব। লেখক পাঠক একেলগে সমবেত হোৱাৰ অপূৰ্ব সুযোগ এই গ্ৰন্থমেলাবোৰেই। কব পাৰি যে সমগ্ৰ ৰাজ্য এতিয়া গ্ৰন্থৰ আৰু আখৰৰ সুবাসেৰে সুবাসিত হৈ পৰিব।নবেম্বৰ মাহৰপৰা এপ্ৰিলমাহমানলৈকে গ্ৰন্থ সম্পৰ্কীয় এই ভাল লগা কাৰবাৰটো চলি থাকিব।

প্ৰায় ছমাহজোৰা এই কাৰবাৰটো চলি থকাৰ পিছতো আমি সদায় আলোচনা কৰি ভালপোৱা কথাটো হ’ল গ্ৰন্থৰ আদৰ নাই, অথবা পঢ়ুৱৈৰ অভাৱ। গ্ৰন্থমেলা বাঢ়িছে, কিন্তু গ্ৰন্থৰ আদৰ কমিছে, ছিৰিয়াছ সাহিত্যৰ দীক্ষিত পঢ়ুৱৈৰ সংখ্যা কমি আহিছে, সাহিত্যৰ পঢ়ুৱৈ নাই – এনেকুৱা আলোচনাই সুলভ, বিশেষকৈ ছ’ছিয়েল মিডিয়াত। তাৰ মাজতে নতুন নতুন গ্ৰন্থ ওলাই আছে, গ্ৰন্থ প্ৰকাশো হৈছে, নতুন লেখকো ওলাই আছে, শব্দৰ আদৰ কমা নাই – এইটো ইতিবাচক কথা । শব্দ নোহোৱাকৈ আমি জানো জীয়াই থাকিব পাৰিম!

এগৰাকী লেখক হিচাপে মই লেখকৰ প্ৰত্যাহ্বানটোৰ কথাকেই কবলৈ ভাল পাম। লেখকৰ প্ৰত্যাহ্বানটো হৈছে পাঠকৰ মনৰ সলনি হোৱা কাঠামোটোৰ প্ৰতি খেয়াল ৰখা। আমি যিয়েই কব নিবিছাৰোঁ কিয়, প্ৰথমে আমি এটা কাহিনী কবই লাগিব। মানুহে আমাৰ পৰা মূলতঃ বিচাৰে এটা কাহিনী (কবিতাত এই কথা নহবও পাৰে)। আকৌ আজিৰ জটিল পৰিস্থিতিত নতুন পাঠকে লেখকৰপৰা আপাতত সৰল, ঋজু কাহিনী এটা নিবিচাৰিবও পাৰে, এটা সৰলৰৈখিক কাহিনীৰ মাজত তেওঁ নিজকে বিচাৰি নাপায়, কিয়নো জীৱন হৈ পৰিছে জটিল- লেখকে এই জটিলতাক বাস্তৱৰ সৈতে খাপ খুৱাই উপস্থাপন কৰিব পাৰিব লাগিব। তেওঁ সমাজবাস্তৱতাৰ কথা কব পাৰিব লাগিব। এই জটিলতাৰ কথা কবলৈ যাওতে আমি মনত ৰখা দৰকাৰ যে, আমি জীৱনৰ জটিলতাৰ কথাহে কৈছোঁ — সাহিত্যক জটিলকৈ (পাঠকক বিমোৰাত পেলোৱাকৈ) উপস্থাপনা কৰাৰ কথা কোৱা নাই। পাঠকে লেখকৰপৰা সস্তীয়া আৱেগো নিবিছাৰে, পৰীক্ষা-নীৰিক্ষাৰ নামত কিছুমান নুবুজা সাঁথৰো নিবিচাৰে -- তেওঁলোকে লেখকৰ পৰা বিচাৰে জীয়াই থকাৰ সঞ্জীৱনী সুধা, জীৱনৰ প্ৰেৰণা। লেখকে কোঠাৰ ভিতৰৰ আৰাম-বিলাস এৰি মানুহৰ মাজৰপৰা তেওঁলোকৰ বাবে প্ৰেৰণাদায়ী সাহিত্যৰ শাহ বুটলি আনিব লাগিব। সাহিত্য সৃষ্টিৰ আমাৰ নিজা এক সমৃদ্ধ পৰম্পৰা আছে – আমাৰ কীৰ্তন পুথি আৰু নামঘোষা কিমান উচ্চপৰ্যায়ৰ সাহিত্য তাক আমি বুজি পাবলৈ এই চমু আলোচনাত এটা উদাহৰণহে দিব পাৰিম-- কীৰ্তনঘোষাত শংকৰদেৱে সৰগৰ নন্দন-কাননখন আঁকিছিল আমাৰ আগচোতাল-পাছচোতাল শুৱনি কৰা শিৰীষ, তমাল, শেৱালি, চম্পক, আদি ফুল-গছবোৰেৰে। গোটেই কীৰ্তন পুথিখনত আচলতে তাহানিৰ অসমীয়া সমাজজীৱনটো শব্দৰ মাজেৰে বৈ থোৱা আছে, য’ত যশোদাৰ দৰে ৰাণীয়ে সাধাৰণ গাৱঁলীয়া তিৰোতা এজনীৰ দৰে জগতৰ পতি কৃষ্ণক গালি দিছে। সাহিত্যৰ সম্পৰীক্ষাৰ নামত আমি যেতিয়া মাথো উত্তৰ-ঔপনিবেশিক আৰু উত্তৰ-আধুনিক তত্বৰ কথা ক’ম, আৰু পাঁচশ বছৰ আগতেই আমাৰ সাহিত্যত কৰা এই সম্পৰীক্ষাবোৰ অৱহেলা কৰিম, তেতিয়াহে লেখক হিচাপে আমাৰ মনলৈ হতাশা আহিব- অন্যথা নাহে।

আজিৰ দীক্ষিত পাঠক তুলনাত কম হলেও তেওঁলোক বহু বেছি পৰিমাণে বিশ্বসাহিত্যৰ গতি-প্ৰকৃতিৰ সৈতে সহজেই পৰিচিত হোৱাৰ বাবে তেওঁলোকৰ মনলৈ এটা তুলনা স্বাভাৱিকতে আহি যায়। পাঠক হিচাপে মোৰো এইটো হয়- যিহেতু হয়, সেয়েহে লেখক হিচাপে প্ৰত্যাহ্বানটো কিমান বেছি সেই কথা অনুভৱ কৰিব পাৰোঁ।

বহতে কয় যে, পাঠক সৃষ্টি কৰাত লেখক ব্যৰ্থ হৈছে। এই কথাটোও বুজি পোৱাটো এক সমস্যা। এজন লেখকৰ পাঠকক কবলগীয়া কিছু কথা থাকে। আমাৰ ধাৰণাত পাঠক আছে। এই পাঠকক ‘দীক্ষিত পাঠক’লৈ পৰিণত কৰাত আমাৰ এটা ভূমিকা আছে, লেখকৰ দায়িত্ব তাতেই। পাঠক এতিয়া কেৱল ছপা মাধ্যমতে নাই, ডিজিটেল মাধ্যমতো আছে। ফে’চবুকত এটা গোট আছে, নামটো ‘অৰ্দ্ধ-আকাশ--এক অন্তহীন যাত্ৰা’, গোটতো কেৱল নাৰীৰ বাবে। বিভিন্ন বৃত্তিত জড়িত হৈ থকা নাৰীসকলে তাত লেখা-মেলা কৰে। তেওঁলোক আত্মবিশ্বাসী নাৰী। নিজৰ ভিতৰতে লিখা-মেলা কৰে, নিজৰ সদস্যসকলৰ লেখাৰ প্ৰশংসা কৰে। একেসময়তে কেইবাখনো উপন্যাস তাত ধাৰাবাহিকভাৱে চলি আছে। শেহতীয়াকৈ মই এই গোটটোৰ সদস্য হৈছোঁ, সাহিত্যৰ নানা সম্পৰীক্ষাৰ মাজেৰে জীৱনৰ গভীৰ সত্য উপলব্ধি কৰা কৰা সাহিত্য হয়তো তেওঁলোকে সৃষ্টি কৰা নাই, কিন্তু কেইগৰাকীমান লেখকৰ নিজৰ কবলগীয়া কথাবোৰৰৰ প্ৰকাশিকা শক্তিটোৱে মোক মোহিত কৰিছে। ভাবিলে আচৰিত লাগে যে, গোটটো সদস্যৰ সংখ্যা ১,২৬,০০০-তকৈও বেছি।তেওঁলোকে ইজনে সিজনৰ লেখা-মেলাক যিদৰে প্ৰেৰণা দিয়ে, সেইটোও বৰ অনুপ্ৰেৰণামূলক। আমি ‘ডিজিটেল স্পেছ’টোৰ এই নতুন ধাৰাবোৰ নেতিবাচকভাৱে লব নোৱাৰোঁ। কিয়নো এয়া এক বাস্তৱতা। বৰং, তেওঁলোকৰ মাজৰপৰাই জীৱনৰ গভীৰতাক সম্পৰীক্ষাৰ কষটি শিলত পৰীক্ষা কৰিবপৰা এগৰাকী লেখক ওলাই আহক, আমি তাকেই আশা কৰিম ।

প্ৰযুক্তিয়ে এতিয়া পঠনৰ বহু অভ্যাস সলনি কৰি পেলাইছে। আনকি শিশুসকলৰো। আজিৰ শিশু আমাৰ দিনৰ শিশুসকলৰ তুলনাত বহু বেছি বহুভাষিক - যি মাধ্যমতেই নপঢ়ক লাগিলে, ইউ টিউৱ চেনেলৰ ৰং-বিৰঙী হিন্দী বা ইংৰাজীৰ সাধুকথাবোৰ ভালকৈয়ে বুজি পায়। আমাৰ শৈশৱকালত আমি ৰামায়ন, মহাভাৰতৰপৰা আৰম্ভ কৰি আৰব্য উপন্যাসলৈকে সকলো কিতাপৰ পাততে পঢ়িছিলোঁ। আজিৰ শিশুৱে বহুবোৰ কথা প্ৰযুক্তি ব্যৱহাৰ কৰিহে শিকে – দৃ্শ্য-শ্ৰব্যৰ মাধ্যমত, আমাৰ তুলনাত এখন ৰঙীণ পৃথিৱীৰ মাজেৰে। প্ৰযুক্তিৰ এই দিনত আমি আমাৰ বুঢ়ীআইৰ সাধুৰ তেজীমলাৰ সাধু, এবেগেতীয়াৰ সাধুবোৰো প্ৰযুক্তিৰ মাজেৰে নতুনকৈ উপস্থাপনা কৰিবৰ সময় সমাগত বুলিয়েই ভাবোঁ। সম্পৰীক্ষামূলকভাৱে যোৱা বছৰ পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি শিশু-উপন্যাস এখন লিখিছিলোঁ আৰু তাৰ অডিঅ’ ৰূপ এটা দিছিলোঁ, বহুপৰিমাণে সফল হৈছিলোঁ। নিজৰ ব্লগৰ মাজেৰে বিভিন্ন আলোচনীক প্ৰকাশিত গল্পবোৰ ডিজিটেল মাধ্যমত থকা পাঠকৰ মাজলৈ নিবলৈ চেষ্টা কৰিও উপকৃত হৈছোঁ।

অসমৰ লেখকসমাজখনৰ আকাৰ বিশাল।গ্ৰন্থৰ বতৰত প্ৰতিবছৰেই কেইবাখনো উল্লেখনীয় গ্ৰন্থ বজাৰলৈ আহে। লেখক-কবি-সাহিত্যিকসকলে নিজৰ সৃষ্টিশীল সম্প্ৰদায়টোৰ গ্ৰন্থ নিজে কিনিলেও এখন ধুনীয়া বজাৰ নিজৰ ভিতৰতে ওলাব। সকলো সৃষ্টিশীল লোকক আমি ব্যক্তিগতভাৱে লগ পোৱাটো সম্ভৱ নহয়। কিন্তু নিজৰ ব্যক্তিগত সংগ্ৰহটোত থকা সৃষ্টিশীল লোকসকলৰ কৰ্ম-ৰাজিৰ পঠনে তেওঁলোকৰ লগতে থকাৰ এক আনন্দময় অনুভুতি দিয়ে।প্ৰকাশকসকলেও নিজৰ নিজৰ প্ৰকাশিত কিতাপৰ তালিকা অন্ততঃ সামাজিক মাধ্যমত প্ৰচাৰ কৰিব পাৰে। ধীৰাজ কুমাৰ লহকৰ, শান্তুনু কৌশিক বৰুৱাৰ দৰে কম সংখ্যক প্ৰকাশকে এই কামটো সৃষ্টিশীলভাৱে কৰি আহিছে। গ্ৰন্থৰ বতৰত আয়োজকসকলে আমাৰ ভাষা–সাহিত্য-কলা ওপৰলৈ তুলি নিয়াৰ বাবে আজীৱন সাধনা কৰা ননী বৰপূজাৰী, নীলমনি ফুকন, হীৰেন গোঁহাই, নীলপৱন বৰুৱাৰ দৰে বিশিষ্ট সকলক মঞ্চৰ বক্তা আৰু তলৰ শ্ৰোতাৰ ব্যৱধান আঁতৰাই তৰুণ প্ৰজন্মৰ সৈতে অন্তৰংগভাৱে কথা-বতৰা হোৱাৰ পৰিবেশ ৰচনা কৰিব পাৰে, যিসকলে আমাৰ মাজৰপৰা প্ৰস্থান কৰিলে তেওঁলোকৰো কাম-কাজৰ মূল্যায়ন কৰাৰ পৰিবেশ এটাৰ সুচনা কৰিব পাৰে। নতুন আৰু পুৰণিৰ সমন্বয়ৰেই সাহিত্যৰ বোঁৱতী সুতি প্ৰাণৱন্ত হয়, দীক্ষিত পাঠকৰ সৃষ্টি হয়।।
(
অশেষ ধন্যবাদ মণিকংকনা দাসলৈ)

Thursday, 3 October 2019

নদীৰ বুকুত বাটি ৰোৱা আঙুলি






ৰত্না ভৰালী তালুকদাৰ
(প্ৰকাশ - গণশক্তি, শাৰদীয় বিশেষ সংখ্যা, ২০১৯) 

নদীৰ  বুকুত   বাটি  ৰোৱা  আঙুলিবোৰ দেওলগা।

সন্ধিয়াৰ  জলঙাৰে  মৰিয়ম  বাঘুৱাই  এলুমিনিয়ামৰ   বাটিটো  সোৱণশিৰিৰ   বুকুত  ৰুই  দিয়ে।   হাৰিয়াৰ  পবিত্ৰ   মেৰা ঢালি আঙুলিটোমান   ফুটা  এটা   কৰি   কাপোৰ  এখনেৰে   তাই  মেলাহি   বাটিটোৰ মুখ  বন্ধ কৰে।আৰু শ'লমাছৰ  দৰে দুটি কলাফুল নদীৰ  চেঁচালৈ  নমাই   দিয়ে। সোৱণশিৰিৰ    বুকুৰ  পৰা কেইটিমান শিল  বোটলে,  পানীৰ  তলত   বাটিটো  ৰুই শিলৰ এটা  ঘেৰ  দিয়ে।  দেওলগা আঙুলিৰে ফুটাটোত  থপথপাই মেৰাৰ গোন্ধটো পানীৰ  বুকুলৈ  এৰি  দিয়ে। উটি  যায়,  উটি যায়  সোৱণশিৰিৰ  বুকুৰে নিচা লগা  পানীয়ৰ  ৰাঁই -জাই  সুবাস।

সেই সুবাসৰ   মতলীয়া  ৰাগিৰে পানীৰ  ঢৌত খেলি  থকা  সৰু  জীয়া  পাচলিবোৰ বাটিলৈ সোমাই   আহিবলৈ দুচকু মুদি তাই আৱাহন  কৰে। নিশালৈ এঁসাজ  সুখৰ  ভাতৰ  আশাৰে  জীয়া  পাচলিবোৰ  বাটিলৈ  সোমাই আহিবলৈ  কামনা  কৰি   এটি  আবাহনী  গীত    গায়।

আৰু  খৰকৈ  বৈ যোৱা সোৱণশিৰিৰ  পানীলৈ  নিজৰ  চৈধ্য  বছৰীয়া  গা-টো  দলিয়াই  দিয়ে।

******

পাহাৰৰ  নামনিৰ  দুলুং ৰিজাৰ্ভৰ প্ৰাচীন গছবোৰৰ বতাহ সোৱণশিৰিয়ে কঢ়িয়াই আনে। এই বতাহ  যেন শতিকাৰ   শোক  শৰীৰত ৰুই  থোৱা  এজনী  আদিবাসী  নাৰী – আদিম আৰু  চেঁচা ।এচটা শিলৰ দৰে,  নিবোকা। তাহানি  বাগিছা খুলিবলৈ মাটি মোকলোৱাৰ বাবে অটব্য হাবি  ভাঙোতে কুলাৰ  দৰে  ফণা মেলি  অহা   বিয়াগোম  এডাল  সাপৰ  সোঁৱৰণি  মৰিয়ম  বাঘুৱাৰ   গালৈ বগাই  আহে।  বাগিছাৰ  বগা  চাহাবে  কুলাৰ  দৰে মেলি অহা ফণাখনত  গুলীয়াই  মৰা  সেই  সাপ। তাইৰ  সোঁৱৰণিত সাৰ পাই  উঠে। চাহাবে  দুনলীয়া  বন্দুকেৰে   গুলীয়াই  মৰা সোঁৱৰণিৰ  সাপৰ  ছালেৰে  সোৱণশিৰিয়ে বৈ  অনা  দুলুং  ৰিজাৰ্ভৰ  চেঁচা  বতাহ   চুচৰি যায়। 

চুঁচৰি যোৱা সেই বতাহলৈ মৰিয়ম  বাঘুৱাই  ৰ'দে  পুৰি  কাঠ যেন  কৰা  শৰীৰটো এৰি  দিয়ে।এই  যেন  ওঁঠত   আহি   ধৰা  দিব   হেৰাই  যোৱা   বাঁহ  ফুলাৰ  গীত!  তাহানিৰ   জাতিৰ  মানুহ  থকা  ঠাইৰ  বাঁহ  ফুলাৰ  গীত । বাঁহ  ফুলে  আনে দুৰ্ভিক্ষ।   ফুল  ফুলাৰ  পিছত   বাঁহ  গুটি   খাই   বাঢ়ি  যায়   এন্দুৰৰ উপদ্ৰৱ। প্ৰজননৰ  হাৰ বাঢ়ি  এটাৰপৰা এশটা হয় । টহিলং কৰে শইচৰ  পথাৰ। নামি  আহে  দুৰ্ভিক্ষ।

দুৰ্ভিক্ষত হাড়ে- ছালে লাগি মৰিছিল  জাতিৰ  মানুহ । জীয়াই  থকাবোৰে  ওঁঠত  বাঁহ   ফুলাৰ   গীতটো  লৈ দিহিঙে-দিপাঙে গুচি গ'ল। ওঁঠে ওঁঠে বোৱাই দিলে  প্ৰজন্মৰপৰা প্ৰজন্মলৈ সেই গীত -- য'ত  আছিল  জাতিৰ,  এৰি অহা গাওঁবোৰৰ, আদিম নদী আৰু নিবোকা শিলবোৰৰ ইতিকথা।পৰিয়ালৰ  প্ৰাচীন শিপাবোৰৰ  বিৱৰণী।  

বাগানত পাত তুলি,  ওজন  কৰাই  উভতি  অহা  এদল  তিৰোতাৰ  সতে  বাগিছাৰ ফাল্টু শ্ৰমিক মৰিয়ম  বাঘুৱাই দল  বান্ধি  উভতি  আহে। এশ সাতচল্লিচ টকাৰ  হাজিৰাত  ৰ'দ  আৰু   বৰষুণৰ  মুকলিত  আঠ ঘণ্টা  পাত  তুলি ক্লান্ত হৈ পৰা  দেহ সন্ধিয়ালৈ  সিহঁতে চাহগছৰ  বান্জী পাতবোৰৰ  দৰেই সেউজীয়াৰ  মাজৰপৰা  টানি  উলিয়াই আনে।

পাত তোলাৰ কাম নথকাৰ সময়ত আজি-কালি তাই  ফাল্টু শ্ৰমিকবোৰৰ দৰেই দুশ টকাৰ   হাজিৰাত শিলৰ  কুৱেৰীত  শিল তোলাৰ  হাড়- ভঙা কাম  কৰে। অতি  ভয়ংকৰ   সময়ৰ   বুকুৰে  গতি  কৰে  তাই। যেন কোঁটকোৰাৰ  কাঁইটে   খাপ  পিতি   থকা  দ'  খাৱৈৰ  ওপৰৰ তেলৰ দৰে   পিছল  সাঁকোৰেহে   বগাই   আহে।  এক লাখ  টকাত তাইৰ  শৰীৰটো   বিক্ৰী   হৈ যোৱাৰ  পিছত  সৌ   সিদিনাহে  সীমান্তৰ  সিপাৰৰ  পাহাৰৰ   চাংঘৰৰ  ষড়যন্ত্ৰৰ গোপন   উমনিশালৰ   পৰা  তাই   সংগোপনে   ওলাই  আহিছে। আদিবাসী ছাত্ৰসংঘৰ তৎপৰতাতে  ষড়যন্ত্ৰৰ উমনিশালৰপৰা ওলাই    আহিব  পাৰিছে  তাই।

বানজী   পাতবোৰৰ  মাজৰপৰা  বিয়লি  ওলাই   অহা   আদিবাসী   তিৰোতাবোৰৰ   নাকেৰে   সৰি পৰা   নিশাহে  সোৱণশিৰিৰ  গধুলিৰ  বতাহত  অলেখ  চিদ্ৰৰ  সৃষ্টি   কৰে।  সিহঁতৰ   কাষলতি  আৰু  কৰঙণৰ   ঘামৰ  গোন্ধ বতাহৰ  চিদ্ৰবোৰলৈ   বিয়পি,  গধুৰ  কৰি  তোলে।

দিনৰ   শ্ৰমৰ  শেষৰ   ভাগৰুৱা  মন  আৰু  শৰীৰৰ   এই   সমদল।   শূন্যত  দুলি   অহা  হেলনীয়া   শৰীৰ ।  নীৰৱ   গধুলিটো পিঠিৰ   বিষণ্ণ, উদং  টুকুৰীবোৰত উবুৰি   খাই  পৰিব  খোজে।  গৰখীয়াই   পাহাৰত  চৰোৱাই   খেদি   অনা  গৰুৰ  জাক  এটাৰ  হেম্বেলনিয়েহে   খোজবোৰ  মাজে  মাজে   চঞ্চল  কৰি তোলে ।  ধূলিয়ৰি   মাটিত   ভৰিৰ   হাৱাই  চেণ্ডেলবোৰৰ  চটপ  চটপ    শব্দত  কেতিয়াবা  তিৰোতাজাক  নিজেই  চক খাই  উঠে। 

চটপ  চটপ  চটপ।

সৰৌপ  সৰৌপ  সৰৌপ!  বতাহত   ভাহি   উঠে  নেকি  চাবুকৰ  শব্দ।

সোঁৱৰণিৰ  চাবুক। বগা চাহাবৰ চাবুক।

জিকাৰ  খাই   উঠে  তিৰোতাজাক । সাৰ  পাই  উঠে  শৰীৰত  ৰুই  থোৱা   তাহানিৰ  বগা   চাহাবৰ   চাবুকৰ  কোবত মৰি  যোৱা আদিবাসী  তিৰোতাৰ সোৱঁৰণী । লৰ -চৰ  কৰে। বাগিছাৰ শ্ৰমিকৰ   লাইনৰপৰা  চাহাবৰ   নিশাৰ বিচনালৈ যাবলৈ  মান্তি  হোৱা   নাছিল  তাই।  সেয়ে বগা  চাহাবৰ  হুকুমত   কাম  ফাঁকি  দিয়া  বুলি অ'ভাৰচিয়াৰে  কাপোৰ খুলি অচেতন হোৱালৈকে চাবুকেৰে কোবালে ।

সৰৌপ  সৰৌপ  সৰৌপ!

লাইনৰ  তলৰ  পৰা ওলাই  অহা  শ্ৰমিকৰ  দলটোৱে    চকুৰ  পতা  বিস্ফাৰিত   কৰি   চালে  সেই   দৃশ্য।   চাহ বাগিছাৰ    কলম দিয়া  শাৰী  শাৰী জোপোহাৰ   বানজী   পাতবোৰৰ  মাজেৰে  সৰকি   সিহঁতৰ   জুই   আৰু    পানীয়ে  একেলগে খেলি   থকা  চকুলৈ  সোমাই  গ'ল   নগ্ন  তিৰোতাৰ  মৰণকাতৰ  চিঞৰ ।  তাইৰ   চকুৰ  পৰা  সৰি  পৰা  পানী    বাগিছাৰ পানী যোৱা  নলাত  পাত তোলা  তিৰোতাজাকে কৰা প্ৰস্ৰাৱৰ  সতে  মাটিৰ  তললৈ   সোমাই   গ'ল।  সিহঁতৰ মাহেকীয়াৰ   সময়ত   তলপেটৰপৰা  যোনিৰ  পথেৰে  নামি  অহা  তেজৰ  সুঁতিবোৰৰ   সতে  একাকাৰ   হৈ  গ'ল ।আৰু  চাহগছৰ  জোপোহাবোৰকে  সাৰ  দিলে,  জীপাল  কৰিলে।  

তাৰপিছত  তাইৰ দেহা  নিথৰ  হ'ল।  

পাত তোলা  তিৰোতাবোৰে  চকুৰ  পতালৈ  সোমাই   অহা  সেই  মৰণকাতৰ  চিঞৰ  শৰীৰৰ   ছালৰ তলৰ   হাড়ত ৰুই  থ'লে । ওঁঠেৰে   নমাই  দিলে গাৰ নোম শিয়ৰি উঠা সেই কাহিনী সন্তানবোৰলৈ।  ওঁঠৰপৰা   বাগৰি কাহিনী নামি   আহিল  মৰিয়ম  বাঘুৱাৰ ওঁঠলৈ।

তাৰপিছত  হেনো  বগা   চাহাবৰ   বিচনালৈ   নাযাও   বুলি    কবলৈ   কাৰো   সাহস  হোৱা  নাছিল।   চাহাবে  নিশাৰ   বিচনালৈ  টানি  নিয়া  লাইনৰ   ক'লাছালৰ  কিশোৰীবোৰে   জন্ম দিয়া  মৰাপাটৰ  বৰণৰ  সন্তানবোৰৰ  সাধুকথা  সিহঁতে  ওঁঠত  ৰুই  থ'লে।   আজিকালি   দালালৰ  হাতত  লাইন  আৰু   বস্তিৰ  বেচা - কিনা  হোৱা  কিশোৰীৰ  দলত  এনে  মৰাপাটৰ  বৰণৰ   সন্তানবোৰো  কেতিয়াবা  উদ্ধাৰ   হয়।    বাগানৰ    ক'লাছালৰ   শ্ৰমিকৰ   সতে  একাকাৰ  হৈ   থাকে  মৰাপাটৰ    বৰণৰ    চাহাবৰ   সন্তান।    দালালৰ  গাড়ীত  উঠি    বাগানৰপৰা  কাম    বিচাৰি  ওলাই  যোৱা   যিবোৰ ছোৱালীয়ে  সময়ে সময়ে   হিল জোতা,   জিনচ  পেণ্ট  পিন্ধি,   ওঁঠত  লিপষ্টিক   লগাই    লাইন  আৰু  বস্তিৰ   কিশোৰীক পাহাৰৰ  সিপাৰলৈ আৰু  ৰেলত  উঠাই দিল্লী চহৰত কাম  কৰিবলৈ লৈ যাবলৈ  প্ৰৰোচিত  কৰে -- সিঁহতৰ  মাজতো  থাকে  ।  

দুবছৰৰ  আগতে এনে এটি দলৰ সতেই গুচি গৈছিল মৰিয়ম বাঘুৱা। বস্তিৰ মদাহী দেউতাক আৰু বাগানৰ   ফাল্টু   শ্ৰমিক   মাহীমাকৰ   কঠুৱা মাত    আৰু   চৰ - থাপৰবোৰৰপৰা,   মাহীমাকৰ  তিনিটা সন্তানৰ  চোৱা-  চিতা,   দুই   বেলাৰ  ভাত  ৰন্ধাৰ  কামৰপৰা হাত সাৰিবলৈকে  তাই  দলটোৰ  লগ   লাগিলগৈ ।   তাইক  জন্ম   দিয়া মাকৰ  নিজৰ     ভায়েকেই   আনি দিলে    খবৰ  -- পাহাৰৰ  চাংঘৰত  পাঁচজন মানুহৰ   পৰিয়াল  এটাত  ভাত   ৰন্ধাৰ  বিনিময়ত    মাহে   তিনিহাজাৰ   টকা পাব তাই।  

মোমায়েকে   তাইৰ  চকুত  আচৰিত সপোন এটা ৰুই  দিলে।দুই বছৰ  কাম  কৰি তাই বহুত টকা  লৈ  উভতি আহিব  আৰু  চিলাই মেচিনৰ  কাম   শিকি  নিজাকৈ  এখন  দোকান  দিব । মাহীমাকৰ  দৰে  বাগানৰ  ফাল্টু   শ্ৰমিক   হৈ   ৰ'দে- বৰষুণে  পাত  তুলিব  নালাগে  তাই।  নিজৰ এখন চিলাই দোকানৰ মালিকনী  হ'ব। 

কত  আদিবাসী  কিশোৰীক   মোমায়েকে    সীমান্তৰ  সৌ  পাহাৰৰ   সিপাৰলৈ  পঠিয়াই   দিয়াৰ  কথাৰ   চিঙা-  কটা  কৰিছে। সপোন দেখিবলৈ   হেঁপাহ   কৰা  আদিবাসী  কিশোৰীৰ ওঁঠত   সি  সদাগৰৰ   দৰে  নতুন   সপোন   ৰুই দিছে। এটা  ষ্টিলৰ   আলমিৰা,  বস্তিৰ ঘৰত আলহী  বহা  কোঠাৰ  বাবে  এযোৰ   চোফা- চেট,  নিজৰ   বিয়াত   খুচি মতে  খৰছ কৰিবলৈ   কিছু   টকা -- এই   অলীক  সপোনবোৰ  সি  কিশোৰীবোৰৰ  ওঁঠত   ৰুই   সীমান্তৰ  চকীৰ  পুলিচৰ আগেৰেই পাহাৰলৈ পাৰ  কৰি  দিছে।

মৰিয়াম   বাঘুৱা  উদ্ধাৰ হোৱাৰ  পিছত  তাই পুলিচক দিয়া জবানবন্দীৰ ওপৰত  ভিত্তি কৰি  তাক ধৰাই   নিওতে  প্ৰতিজনী  কিশোৰীৰ  বাবদ দুই   হাজাৰ  টকাৰ  কমিচন   পোৱা বুলি  সি  স্বীকাৰো   কৰিছে।  অথচ   আজিলৈকে  সি  এবাৰো  জেল   খটা   নাই।   হাৰমতী,    বান্দৰদেৱা,    লীলাবাৰী,  গোগামুখ   আৰক্ষী  চকীৰ  কিশোৰী  সৰবৰাহৰ কে'চৰ   ভয়ংকৰ   তথ্য   স্থানীয়   দালালবোৰে  পুলিচৰ  আগত   স্বীকাৰ  কৰিলেও  আজিলৈকে এটা   দালালেও   জেল   খাটি  পোৱা  নাই।  

পাহাৰৰ চংঘৰৰ মালিকৰ দুজনী  ঘৈণীয়েক  আৰু পাঁচটা  ল'ৰা- ছোৱালীৰ  বাবে   ভাত  ৰন্ধা, স্কুললৈ যাবৰ বাবে সাজু কৰি দিয়া,  দোকানৰপৰা বস্তু  অনা,  পাহাৰত খাপ  কাটি  কৰা বন্ধাকবিৰ  খেতিত  কাম কৰা -- এই সকলোবোৰ কাম  নিয়াৰিকৈ কৰি মৰিয়ম বাঘুৱাই চাংঘৰত এমাহৰ দিনা দৰমহাৰ  টকা খোজোতেহে গম   পালে যে,  এক লাখ টকাৰে চাংঘৰৰ গিৰিহঁতে তাইক কিনি আনিছে।পাহাৰীয়া  হিন্দীৰে  ডাঙৰজনী  মালিকনীয়ে  পাহাৰৰ জিৰ্ জিৰকৈ নামি অহা  নদীখনৰ দৰেই ফট-ফটীয়াকৈ বুজাই   দিলে তাইক -- তলৰপৰা  পাহাৰলৈ   কিনি অনা  মাইকী পাহাৰৰ সম্পত্তি।সিহঁতে মালিকৰ কথা মতে চলিব,  ভালকৈ খাবলৈ পাব,  বাহিৰলৈ ওলাই গ'লে হিল জোতা,   জিনছৰ  পেণ্ট   পিন্ধিবলৈ   পাব। ঘৰত কৰিবলৈ দিয়া কাম কৰিব । আৰু,  খুচি  মতে থাকিব।

মালিকনীয়ে ভাতৰ  লগত  খাবলৈ  নিমখৰ  পানীত   সিজোৱা  মেথোনৰ   মঙহ   তাইৰ   মুখত  কতিয়াই   দিলে।

নিমখৰ পানীত সিজোৱা মেথোনৰ মঙহৰ টুকুৰা চোবাই ফোঁপাই উঠে মৰিয়ম বাঘুৱা। তাহানিৰ তিৰোতাবোৰৰ  দৰে  চকুত  জুই  আৰু পানীয়ে একেলগে খেলি  উঠে । কুলাৰ  দৰে  ফণা মেলি  আহে সোঁৱৰণিৰ  সাপ। ভাহি আহে বাঁহ ফুলাৰ গীত । চাহাবৰ চাবুক।

বাৰ  বছৰীয়া মৰিয়ম বাঘুৱাই নিজকে   চম্ভালি ল'লে। ভাত  ৰন্ধা,   গৰু  বিচাৰি   অনা,  দোকানৰ  বস্তু কিনা,   পাহাৰত খাপ কাটি বন্ধাকবিৰ খেতিত কাম কৰা --  এই সকলোবোৰ  কামৰ  ফাঁকে  ফাঁকে   পলোৱাৰ বাটো বিচাৰি  থাকিল । মালিকে  দোকানৰপৰা  বস্তু   কিনি  আনিবলৈ  দিওঁতে  এটকা - দুটকাকৈ  সৰকাই কিছু টকাও  গোটালে তাই ।  

কত  আদিবাসী  কিশোৰীৰ শৰীৰ  পাহাৰৰ উঠা-নমাত  লৰ-চৰ কৰে। গাখীৰৰ দৰে বগাছালৰ   পাহাৰীয়া  মানুহৰ মাজত জিলিকি থাকে সিহঁতৰ শ'লমাছৰ দৰে শৰীৰ।ক'লা  আৰু   আটিল । যেন  এচটা   প্ৰাচীন   শিল।  নিবোকা।   সংকোচত  বাগানৰ   লাইন আৰু  বস্তিৰ  সুৰুকীয়া  আলিতকৈও  কূঁজা  হৈ   খোজকাঢ়া  কিশোৰীবোৰৰ অনেক সাধু  মৰিয়ম বাঘুৱাই  নিজৰ  ওঁঠত ৰুই  থ'লে।   

সকলোৱে  শুনাকৈ    পাহাৰীয়া  হিন্দীত   কথা   কোৱাটোৱেই  পাহাৰৰ   নিয়ম।  নিজৰ   ভাষাৰে   কথা পাতিলেই আহে  বিপদ, সৰি  পৰে   মালিকৰ  কিল।  সেয়েহে   সিহঁতে  পাহাৰলৈ   আহিয়েই    ততাতৈয়াকৈ  পাহাৰীয়া হিন্দীটো  ওঁঠত ৰুই   লয়।  কোনেও নেদেখাৰ  সময়ত চল  চাই  সৰু সৰুকৈ    নিজৰ  ভাষাত  ইজনীয়ে  সিজনীৰ  ওঁঠত  ৰুই   দিয়ে  একোটা   কাহিনী।   কাহিনী  বিয়পি  যায়  চঞ্চল   পাহাৰী  নিজৰাৰ   দৰে।    সোৱঁৰণিৰ   সাপ   হৈ   মেৰিয়াই  ধৰে  ক'লাছালৰ   আদিবাসী   কিশোৰীৰ  শৰীৰ,  লৰ-চৰ কৰে।

কিছুমানে বস্তি আৰু লাইনবোৰৰপৰা বিক্ৰী  হৈ তিনি- চাৰিবছৰীয়া হওতেই পাহাৰ পায়গৈ । নিজৰ মাত-  কথা,  মাক- দেউতাক ,   বাগানৰ   নাম   পৰ্যন্ত  মনৰপৰা মচ খাই   যায়। পাহাৰত বিক্ৰী  কৰিবলৈ নিয়া   ছোৱালীৰ  বয়স  যিমান কম,   সিমানেই বেছি   টকা ।   দালালে  দুই - তিনি লাখ   টকা  পৰ্যন্ত   গোটায়  । সিহঁতে    মাক - দেউতাকৰ   হাতত কেইহাজাৰমান   তুলি দিয়ে।     তাইৰ  দৰেই  ঘৰৰ    কোনেও  নজনাকৈয়ো    গুচি   যায়।    পাহাৰত  কাম    কৰি   একেলগে  উপাৰ্জন  কৰি খাম  বুলি  কোনোবা  ডেকাই   বিয়াৰ  প্ৰতিশ্ৰুতি দি  মটৰ   চাইকেলত  উঠাই   আনিও কেতিয়াবা  টকাৰ বিনিময়ত এৰি থৈ  যায়। 

উচৱৰ সময়ত ধা- ঘৰছীয়া মেথোন  বেচা- কিনাৰ দৰেই আদিবাসী কিশোৰীৰ বেচা-কিনাৰ  এই  বজাৰ -- মুকলি আৰু  পাহাৰৰ  বৈ যোৱা  চঞ্চল  নিজৰাৰ  দৰে  ফট-ফটীয়া । সামান্য  ভুলতেই   সলনি  হয়  মালিক। 

পাহাৰৰ  উঠা- নমাত  চলা-ফিৰা  কৰা   আদিবাসী  কিশোৰীবোৰৰ   কাহিনী   নিজৰ ওঁঠত  ৰুই    ৰুই মৰিয়ম বাঘুৱা   ভাগৰি  গ'ল। পাহাৰলৈ  পৰ্যটকক  ফুৰাবলৈ  নিয়া  আদিবাসী ড্ৰাইভাৰবোৰ,   আশী টকাৰ হাজিৰাত     বন্ধাকবিৰ  খেতিত    কাম   কৰি  থকা  আদিবাসী  ল'ৰাবোৰৰ কাহিনীও  তাই  নিজৰ  ওঁঠত  ৰুই  থ'লে।  তিনিশ  টকাৰ  হাজিৰাত  কাম  ৰিবলৈ  প্ৰৰোচিত হৈ  অহা   ল'ৰাবোৰে   দিনে   আশী  টকা  পায়। পলাব  খুজি  ধৰা  পৰিলেই  বিপদ ।  অত্যাচাৰত  মৃত্যু পৰ্যন্ত  হয়। কফিনত  মৃতদেহ  সুমুৱাই নিশাৰ  এন্ধাৰত  ভৈয়ামলৈ  নি সীমাত আহে ।ভৈয়ামৰ পুলিচে দেখিলেহে  কেতিয়াবা   ঘৰৰ  মানুহে  গম  পায়।    

পলাই   আহোঁতে  ধৰা  পৰা কিশোৰীৰ গাত  মালিকে   বহুৱাই   দিয়া গৰম লোহাৰ  শলাৰ  চিনবোৰো দেখিলে তাই।  জুহালৰ  অঙঠাত মেথোনৰ  মঙহ  সেকা  গৰম  লোহাৰ  শলা। ক'লা  শৰীৰত সেৰ  পাতি  বেঙুণীয়া  দাগ বহি  যায়।   তথাপি  পলায়   সিহঁত,   ধৰা  পৰে,  আকৌ  এবাৰ  বিক্ৰী  হৈ    নতুন  মালিকৰ  ঘৰলৈ যায়।   শৰীৰত  বাঢ়ি  যায়  গৰম  লোহাৰ শলাৰ বেঙুনীয়া  চিন  ।
 

তাৰপিছত  এদিন পলাই আহিবলৈ  খোজোতে  বাটতেই   ধৰা  পৰিল  তাই। তাইৰ  গাতো  বহিল  মালিকৰ জুহালৰ  মেথোন সেকা  মঙহৰ  গৰম   লোহৰ  শলাৰ  চিন।   ভবিষ্যতে  পলাই  যোৱাৰ   উপায়  বন্ধ  কৰিবলৈ আদহীয়া  মালিকে বিয়া কৰাই থব  বুলি  জনাই  দিলে।  

 
গৰম  লোহাৰ  শলাই   পুৰি   নিয়া   চিনবোৰ  চাই  মৰিয়ম   বাঘুৱা   আকৌ  এবাৰ  ফোঁপাই   উঠে  ।সাৰ  পাই  উঠে    ওঁঠত   ৰুই   থোৱা  তাহানিৰ    ডিপো চাদীৰ     ইতিকথা  -- সোৱঁৰণিৰ  সাপ  হৈ   কুলাৰ   দৰে  ফণা  মেলি  আহে , লৰ- চৰ  কৰে।    ফণা  মেলি   আহে   দুৰ্ভিক্ষত  সকলো হেৰুৱাই   বাঁহফুলাৰ   গীতটো   ওঁঠে  ওঁঠে    লৈ   বাগিচাত  কাম  কৰিবলৈ   চৰ্দাৰৰ   লগত  আহোতেঁ    দীঘলীয়া  নৌকাযাত্ৰাত   কলেৰা   মহামাৰীৰ পৰা   বাচি থকা   শ্ৰমিকৰ     পঞ্জীয়ন  কৰাবলৈ    ব্ৰহ্মপুত্ৰৰ   পাৰে  পাৰে  সজা    শ্ৰমিক  নমোৱা  ডিপোবোৰৰ    ইতিকথা । 

ফণা মেলি  আহে   ডিপো   বাগৰি  বাগৰি  আহি থকোঁতে    পঞ্জীয়ন  কৰাৰ  নামত   চৰ্দাৰে  ‘যায়ে দেখো  আসাম দেশে  চাহেৰ গাছে  টাকা'   বুলি   ফুচুলাই  অনা  বনুৱাক  নমাই  জোৰকৈ   বিয়া  কৰিবলৈ   বাধ্য  কৰোৱাৰ  নিৰ্মম   সোৱঁৰণী । জোৰকৈ  বিয়া  কৰাই  দিয়া দৰা  আৰু  কইনাবোৰে নাজানিছিল  ইজনে- সিজনৰ মুখৰ ভাষা,  নাজানিছিল ওঁঠেৰে নামি  অহা গীতৰ  সুৰ।  চিনি পোৱা নাছিল  ইজনে সিজনৰ  জাতিৰ  পৰিচিতি থকা নিবোকা শিলবোৰৰ,  চেঁচা আৰু আদিম  বতাহ  কঢ়িয়াই  অনা  নদীবোৰৰ  ইতিকথা।

নতুনকৈ খোলা শ শ চাহৰ বাগিছাত কাম কৰিবলৈ,  অটব্য অৰণ্য ভাঙি নতুনকৈ বাগান খুলিবলৈ বেলেগ বেলেগ ৰাজ্যৰপৰা  ভুলাই আনি  ডিপোত  নমাই  দিয়া শ্ৰমিকৰ  সেই   দলবোৰৰ  ইটোৱে সিটোৰ মাত-কথা জনাৰ  উপায় নাছিল। পানীত  দলিয়াই   দিয়াৰ  ভয়   দেখুৱাই ,  চাবুকৰ  ভয়  দেখুৱাই   সিহঁতক    বিয়া পাতি  পতি-পত্নী  হিচাপে  পঞ্জীয়ন  কৰাই   দিয়া   হ'ল।

এনেকৈ যাত্ৰাপথতেই সিহঁত হৈ  পৰিল স্বামী- স্ত্ৰী ।আধা- হাজিৰাত পাত তোলাৰ কাম কৰিব পৰাকৈ বাহিৰৰ পৃথিৱীয়ে ঢুকি নোপোৱা  ষড়যন্ত্ৰৰ গোপন  উমনিশালৰ  দৰে   বাগানৰ  লাইনত   জন্ম  দি গ'ল  চোকৰা - চুকৰীৰ  দল।  প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বৈ  অহা  শতিকাৰ শোক  আৰ  সোৱঁৰণিৰ   চাবুকে চেতনাক  তচ-নচ কৰি পেলোৱা ষড়যন্ত্ৰৰ  গোপন  উমনিশাল -- বাগানৰ  সুৰুকীয়া  লাইন -- আজিও  য'ত  চট-ফটাই  মৰে শ্ৰমিকৰ  নিশাহ । 

মৰিয়ম বাঘুৱাই জানে,   বাগিছাৰ প্ৰতিজনী আদিবাসী কিশোৰী সেই ভয়ংকৰ সোৱঁৰণিৰ একোখন নদী । কুলাৰ  দৰে  ফণা মেলি  অহা সোৱঁৰণিৰ সাপ । জাতিৰ মানুহৰ  হেৰাই  যোৱা গাঁৱৰ এচটা প্ৰাচীন শিল। নিবোকা ।

পাহাৰৰ বাট-পথ বনোৱাৰ ঠিকা পাই নতুনকৈ  ধনী হোৱা  আদহীয়া  মালিকৰ  থুলন্তৰ  দেহাটোৰ  তলত এজনী শ'লমাছৰ দৰে  চেঁপা খালে  তাই। জুহালৰ অঙঠাৰ শলাত  সেকা মেথোনৰ  মঙহৰ  দৰে  কেঁাচ  খাই আহিল । ৰাতিৰ বুকুত উদং হৈ ৰ'ল তাইৰ ক'লা ছালৰ  আটিল শৰীৰ । পাহাৰীয়া হিন্দীত কথা পাতি ভাগৰি পৰা  মৰিয়ম   বাঘুৱাই    নিজান পৰত   নিজৰ  সতে  নিজৰ   ভাষাত   কথা    পাতি পাতি    ওঁঠত  ৰুই    থোৱা   সোৱঁৰণীৰ  নদীবোৰ   জীয়াই   ৰাখিলে।

কত সোঁৱৰণিৰ নদী  ওঁঠত ৰুই  থয়  সিহঁতে!  ৰুই থয় নদীৰ মুখ,  গৰ্ভ আৰু গেলি যোৱা গৰ্ভ।শৰীৰত ৰুই   থয় শতিকাৰ  শোক। অতীতৰ চাবুকৰ কোবত  বখলা-বখলে এৰাই  যোৱা শ্ৰমিকৰ  মঙহৰ  সোঁৱৰণি চাহ বাগিছাৰ  জোপোহাত   লমা- লমে  ওলমি  থাকে   ।

সুযোগ  পালেই   ওঁঠবোৰত   লৰ - চৰ কৰি  উঠে  ।

ভাহি  উঠে  শতিকাৰ  চাবুক। 

কত সোৱঁৰণি সৰি  পৰে  ওঁঠৰপৰা।   কবৰত  পোত  যায়।  ডিপো বাগৰি  বাগৰি আহি  লাইনত  সোমাই পৰা   পূৰ্বপুৰুষে    এৰি অহা   ঠাইখন চাবলৈ   যাব  নোৱাৰিলেও  বাঁহ  ফুলাৰ   গীতৰ  সুৰত   গাঁথি  গৈছিল   শিপাৰ  বিৱৰণী।  আশা হেৰুৱাই  পিচলৈ   গীতটো  গাবলৈ  প্ৰায়    এৰি  দিছিল।  এবাৰ   বগা  চাহাবে  হাবিত    চিকাৰ  খেলিবলৈ  যাওতে   আগে  আগে   বাট  মোকলাই  যোৱা  তাইৰ   পূৰ্বপুৰুষে   নাহৰফুটুকীৰ  কামোৰত  হেনো  প্ৰাণ   দিলে।  সেই    চাহাবৰ  আছিল  হাবিত  চিকাৰ  খেলাৰ   চখ।  চাহাবে ঘোঁৰাত উঠি  বন্দুক লৈ  যাব  আৰু তাৰ  আগে আগে   বাগানৰ  লাইনৰ  এদল শ্ৰমিকে হাতে হাতে  দা লৈ বাট মোকলাই  যাব ।

চাহাবে  বন্দুকেৰে  গুলীয়াই  বাঘটো   মাৰিলেও  বাঁহ  ফুলাৰ গীতটো ওঁঠত ৰুই  থোৱা তাইৰ পূৰ্বপুৰুষৰ  প্ৰাণ    নাবাচিল।   গীতটো  তেওঁৰ   সতে  কবৰত  পোত গ'ল।   আৰ -তাৰ  মুখত  এটা  দুটা   কলিহে  বাচি থাকিল।

সৌ  সিদিনাহে  গীতটোৰ   জীয়াই  থকা   এটি  দুটি    কলিক  সাৰথি কৰি প্ৰাচীন   শিলবোৰ   পূজা  কৰা  সেই   গাওঁবোৰ   বিচাৰি  যাবলৈ  সিহঁতে  শকতি গোটাব  পাৰিছিল ।  আদিবাসী মহাসংৰ  সহায়  লৈ  লাইনৰ কেইজনমান শ্ৰমিকে   চাৰিদিনৰ ৰেলত  গৈ  বিচাৰিছিলগৈ   সেই  গাওঁ,  সেই   মাটি,  মাটিত  পোত  গৈ  থকা  পৰিয়ালৰ শিপা।  মৰিয়মৰ  মদাহী   দেউতাক   জোচেফ বাঘুৱাও  আছিল   দলত ।

এটা   মাহৰ  মূৰত দলটো   উভতি  আহিছিল।জাতিৰ  মানুহৰ  বসতি  এসময়ৰ সেই   গাওঁ  এতিয়া  ডাঙৰ  চহৰ।  সিহঁতে তাত  প্ৰাচীন  বাঁহ  গছ এজোপা  বিচাৰি  নাপালে।   বিচাৰি   নাপালে  এচটা  নিবোকা   শিল ।    নাৰীৰ  দৰে   আদিম  আৰু চেঁচা  বতাহ  কঢ়িয়াই   অনা  নদী।   জাতিৰ  মানুহৰ   পৰিয়াল।

মৰিয়ম  বাঘুৱা  পাহাৰলৈ অহাৰ  কিছুদিনৰ আগৰ  কথা আছিল  এয়া। 

মালিকৰ  তিনি   নম্বৰ  পত্নী হোৱাৰ  পিছত   মৰিয়ম   বাঘুৱাই    পলোৱাৰ   আশা  এৰি  দিলে।  বহুবিবাহৰ নিয়ম থকা পাহাৰৰ  মালিকবোৰে   বিয়া পাতি লোৱা আন  আদিবাসী  কিশোৰীবোৰৰ  দৰেই  তয়ো    মালিকৰ    খেতিৰ  পথাৰত  কাম  কৰিব  পৰাকৈ  কেইটামান  সন্তান   জন্ম  দিবলৈ  নিজকে  সাজু  কৰিলে --  পাহাৰৰ নিয়ম অনুসৰি  যিবোৰ সন্তানে  নাপাব  পিতৃৰ   উত্তৰাধিকাৰ।  মালিকৰ  অত্যাচাৰত  তাইৰ বেল গছৰ  ফলৰ দৰে  বাঢ়ি অহা  স্তনৰ  আগলি তচ - নচ  হ'ল।  থেতেলা   খোৱা   জৰায়ুৰ   নদীখনে  হেৰুৱালে   নিজৰ    বাট। 

ৰাতিৰ  বুকুত  তাই  উদং  হৈ  পৰি ৰ'ল । দিনৰ পিছত দিন। মাহৰ  পিছত  মাহ।

তাৰপিছত  ঘটিল এক  আচৰিত ঘটনা। 

হঠাতেই   তাই   পাই   গ'ল   সেই নদী।  মৰিয়ম  বাঘুৱাৰ   নদী --   আজন্মৰ    সোৱণশিৰি ।  যি নদীৰ  পানীত    প্ৰতিটো  সন্ধিয়া   তাই   শ'লমাছৰ   দৰে    দুটি  কলাফুল   নমাই   বাটি  ৰোৱে।   পানীৰ  ঢৌলৈ  এৰি  দিয়ে   হাৰিয়াৰ    পবিত্ৰ   মেৰাৰ সুবাস।     নদীৰ  বুকুত খেলি থকা  জীয়া  পাচলি  বাটিলৈ  সোমাই আহিবলৈ  আবাহনী  গীত  গায় ।   আৰু  নিজৰ গা-টো খৰকৈ বৈ যোৱা  নদীৰ  বুকুলৈ   দলিয়াই   দিয়ে।

পাহাৰত  সিদিনা  সন্ধিয়া  ধৰ-ধৰ মাৰ - মাৰ কৰি  হুলস্থুল  লগাই মালিক সোমাই  আহিল ।   হুলস্থুল   লগাই   তাইক  কাপোৰ- কানি   পিন্ধি  সাজু  হবলৈ   ক'লে।   তাইক  বোলে  সিহঁতে  এৰি   দিব।   ঘটনাৰ  আকস্মিকতাত   আচৰিত হলেও   ঘপকৈ   হিল  জোতা,  জিনচৰ  পেণ্ট  পিন্ধি তাই   সাজু  হ'ল।   মালিকে  তাইক  কেইটামান  মানুহ   দি   গাড়ীত  তুলি  দিলে।

বাৰ  ঘণ্টামানৰ   বাট    অহাৰ  পিছত  পুৱতিৰ  সময়ত  তাই দেখা  পালে  সন্মুখৰ   সোৱণশিৰি।
মৰিয়ম  বাঘুৱাই    বাটি ৰোৱা  নদী।   

মানুহকেইটাই  সোৱণশিৰিৰি পাৰতে তাইক নমাই  দি  এন্ধাৰে এন্ধাৰে  আঁতৰি  গ'ল।  দুলং ৰিজাৰ্ভৰ চেঁচা  বতাহ বোৱাই  অনা  সোৱণশিৰিয়ে  তাইক  সমাহিত  কৰিলে।  সোৱণশিৰিৰ  পাৰতে   গাটো  নমাই   তাই  চকু  মুদি  দিলে।

পুৱা  তাইক  তাতে দেখি  চাৰিওফালে   হুলস্থুল  লাগিল।  পুলিছ  আহিল,  আদিবাসী  ছাত্ৰসংঘৰ  সদস্যসকলো  আহি  ওলাল।  পুলিছৰ  জবানবন্দী,    ডাক্তৰৰ  চেক  আপৰ   সহস্ৰ  দেওনা পাৰ  হ'ল   তাই।   তেজ   আৰু   প্ৰস্ৰাৱৰ  পৰীক্ষাত  তিনিমহীয়া  গৰ্ভধাৰণৰ কথা  ধৰা পৰিল।  দীঘলীয়া   যাত্ৰাপথৰ  ভোক,  অনিদ্ৰা,  উৱাদিহ  নোপোৱাকৈ ঘটি   যোৱা ঘটনাবোৰৰ    ধাক্কা  চম্ভালিব  নোৱাৰি  মৰিয়ম  বাঘুৱা ডাক্তৰৰ  কোঠাত  ঢলি পৰিল ।

তাইৰ  গৰ্ভ   নষ্ট   হ'ল।  

ডাক্তৰৰ  কোঠাত  সাৰ পোৱাৰ পিছতহে   তাই এনেদৰে  আহি পোৱাৰ  আঁৰত  আদিবাসী ছাত্ৰ সংঘৰ  সদস্যসকলৰ   তৎপৰতাৰ  বিষয়ে   জানিবলৈ  পালে। ছাত্ৰসংঘৰ  সদস্যসকলে  বাগিছাৰ  কিশোৰীবোৰ  কিনা- বেচা হৈ  চালান  হৈ যোৱাৰ বিষয়ে   সজাগতা  আৰম্ভ  কৰাৰ পিছত  এতিয়া বহুতেই  বিষয়টো  লৈ  সজাগ  হৈছে।  পাহাৰত   কাম  কৰিবলৈ  নতুনকৈ  কিশোৰীবোৰো  এতিয়া আগতকৈ   চালাক।  আত্মীয়ৰ  ভিতৰতে  ছদ্মবেশত থকা  দালালবোৰক  সিহঁতে চোকা  নজৰত ৰাখে।

এতিয়া  পাহাৰলৈ  কাম   কৰিবলৈ যোৱা  কিশোৰীবোৰে    ওঁঠত  ৰুই  নিয়ে পৰিয়ালৰ   সদস্যৰ ফোনৰ  নম্বৰ । সুযোগ পালেই   ফোন  কৰে । খা - খবৰ জনায়। আদিবাসী ছাত্ৰ সংঘৰ তৎপৰতাৰ  বাবেই   আৰক্ষীও  যথেষ্ট সজাগ।   

অলপতে  পাহাৰত   কাম  কৰিবলৈ  যোৱা   এজনী  কিশোৰীয়ে  তাইক বিক্ৰী  কৰি দিয়া  বুলি   বুলি গম  পাই   সুযোগ বুজি  মালিকে দোকনৰপৰা  বস্তু  আনিবলৈ পঠাওতে দোকানীৰপৰা  ফোনটো  লৈ  ওঁঠত  ৰুই  থোৱা নম্বৰত ঘৰলৈ  সবিশেষ   জনাই  দিলে।  সেই   ফোনত হোৱা  বাৰ্তালাপৰ   আধাৰতে   ছাত্ৰসংঘৰ  সদস্যসকলে   সীমান্তৰ   আৰক্ষীৰ  সতে  যোগাযোগ   কৰিলে। সীমান্তৰ  আৰক্ষীয়ে  গাতে  লাগি থকা    ৰাজ্যৰ  আৰক্ষীৰে  ততাতৈয়কৈ  যোগাযোগ  কৰাত  আৰক্ষীৰ  প্ৰচেষ্টাৰেই    সেই  কিশোৰী  উদ্ধাৰ হ'ল।  এই  কথা   প্ৰচাৰ  হোৱাত   ওচৰে - পাজৰে থকা  অনেকেই   অনেকেই    ভয়  খাই   ৰাতিৰ   আন্ধাৰতে  সিহঁতে   আগতে  বেচা- কিনা  কৰা   কিশোৰীবোৰ   পাৰ  কৰাই  দিলে।  মৰিয়ম   বাঘুৱাও   এনেকৈয়ে  পাৰ  হ'ল।

ভাতৃসম  এই  সদস্যসকলৰ  উপদেশতেই   মৰিয়ম  বাঘুৱাই   ছাত্ৰসংঘৰ  সদস্য হৈ   আদিবাসী  পঢ়ায়া  মানক ডেৰা'লৈ আহি ৰাতিৰ  স্কুলত   নাম  লিখাই   লৈ   সন্ধিয়াৰ  জলঙাৰে   সোৱণশিৰিত  দলিয়াই  দিয়া   শৰীৰটো   পানীৰপৰা উঠাই ,   জীয়া  পাচলিৰে   ভৰি  উঠা   বাটিটো   ঘৰত  থৈ  পঢ়া- শুনা  আৰম্ভ  কৰিছে।   ছাত্ৰসংঘৰ সদস্যসকলে মাক - বাপেকক  ল'ৰা- ছোৱালীবোৰে   পঢ়াৰ  গুৰুত্ব  ভালকৈ  কৰি   বুজাই  দিয়াৰ  পিছত  তেওঁলোকে  তাইৰ পঢ়াৰ     কথাটোত  বাধা দিব পৰা নাই।

বাগানৰ  ফাল্টু   শ্ৰমিক   হিচাপে  আঠ ঘণ্টাৰ  ডিউটি   কৰি   প্ৰতি  সন্ধিয়া  তাই  আদিবাসী  পঢ়ায়া  মানক  ডেৰা'লৈ যায়। পঢ়া- শুনাৰ লগতে  তাইলৈ   তাত   হাত মেলি ৰৈ   থাকে     আন  এখন    জগত  ।  ইণ্টাৰনেটৰপৰা    নমাই    অনা  তথ্যৰ  সেই   জগতত  আছে    জাতিৰ  অনেক   বিৱৰণী,  অৰঙে- দৰঙে   মানুহবোৰ  গুচি যোৱাৰ  ইতিকথা।   আছে   তাত  বাঁহ   ফুলাৰ  গীতটো  ওঁঠত   ৰুই   গুচি যোৱা   পৰিয়ালৰ  সতি - সন্ততিৰ  বিৱৰণী । 

নাৱত  উঠি আহোঁতে কলেৰা আৰু মেলেৰীয়াত মৰা মানুহৰবোৰৰ দেহা নদীৰ পানীত দলিয়াই  দিয়াৰ,   ডিপো চাদীৰ  নিৰ্মম কথকতাৰ বিৱৰণীও আছে  ইণ্টাৰনেটৰপৰা নমাই  অনা সেই তথ্যবোৰত।  ইংৰাজী  ভাষাত  থকা  তথ্যবোৰ  পঢ়া- শুনা ভালকৈ  জনা  ছাত্ৰসংঘৰ সদস্যসকলে  ভাঙণি কৰি সিহঁতক বুজাই দিয়ে।

সন্ধিয়াৰ এই স্কুলত আদিবাসী  মহাসংঘই  প্ৰকাশ   কৰা  জাতিৰ মানুহৰ  ইতিহাসৰ  কিতাপো   পাঠ  কৰিছে  মৰিয়ম বাঘুৱাই । জাতিৰ  মানুহৰ  বিষয়ে,  বাগানৰ  মানুহক   নিজৰ   কাম  আৰু   অধিকাৰৰ বিষয়ে সজাগ কৰিবলৈ,  জীৱনৰ মান  উন্নত  কৰাৰ বাবে   উঠি-পৰি লগা   সদস্যসকলে   এনে  প্ৰচেষ্টা  হাতত  লৈছে। 

বাগিছাৰ  সুৰুকীয়া  লাইনত  আৰু   বস্তিত মৰিয়ম   বাঘুৱাহঁতে   প্ৰজন্মৰপৰা  প্ৰজন্মলৈ  ওঁঠত   ৰুই    থোৱা  কাহিনীৰ  সৈতে  সদস্যসকলে ভাঙণি  কৰি  বুজাই  দিয়া  কথাবোৰ  হুবহু  মিলি  যায়।  সাৰ  পাই  উঠে  জাতিৰ  মানুহৰ,  ইতিকথাৰ  অনেক  কথকতা। এই  কথকতা যেন   প্ৰাচীন  গছবোৰৰ  বতাহ  বোৱাই   অনা  আশাৰ  সোৱণশিৰি --  আদিবাসী  মানুহৰ বাটি  ৰোৱা  নদী।  ইউটিউৱ  চেনেলৰ  সৰু  সৰু  ডকুমেণ্টেৰীবোৰত   তাইৰ দৰেই    বিক্ৰী  হৈ   যোৱা,  আৱদ্ধ  হৈ  থকা,  উদ্ধাৰ হোৱা,   আৰু   নতুনকৈ  জীৱন  গঢ়ি  তালা  অনেক  কিশোৰীৰ  কাহিনীও দেখে তাই।

মনত  অদম্য  শকতি পায় মৰিয়ম  বাঘুৱাই । সিহঁতে ভবাৰ  দৰে সকলো কথা কুলাৰ দৰে ফণা  মেলি  অহা  সেঁাৱৰণিৰ  সাপ  হোৱা  নাই। বাঁহ ফুলাৰ গীতটো মুখত লৈ অৰঙে-দৰঙে  গুচি যোৱা  মানুহবোৰৰ  সতি - সন্ততিবোৰ আজিও আছে এই ধৰাত । শতিকাৰ শোক আৰু ওপঙি থকা ইতিহাসৰ   বোজা বহন কৰি সেই সতি  -- সন্ততি   জীয়াই  আছে। 

আশাৰে ভৰি  উঠে  মৰিয়ম  বাঘুৱাৰ   মন। এনেকৈয়ে এদিন মানুহবোৰে বিচাৰি পাব বাঁহ ফুলাৰ গীত  -- প্ৰজন্মক বান্ধি ৰখা নিবোকা শিলবোৰৰ  নাড়ী --চেতনাত  বৈ  থকা চেঁচা  আৰু  আদিম  নদী।



এই আশা বুকুত বান্ধি মৰিয়ম বাঘুৱাই এশ সাতচল্লিছ টকাৰ হাজিৰাত ফাল্টু শ্ৰমিকৰ  কাম কৰিবলৈ পিঠিত  টুকুৰী  লৈ   বাগানলৈ  নামি  আহে। “বাগিছা   আমাৰ  মাই- বাপ” বুলি আকোঁৰগোজকৈ বাগিছাৰ  মালিকৰ দাসত্ব  মানি সামান্য আবুৰ আৰু মৰ্যদাৰ বাবে মেনেজাৰৰ সৈতে ফেপেৰি পাতে । উদ্ধাৰ হৈ অহাৰ  পিছত    কত  দিন  মৰিয়ম   বাঘুৱাই   পাত তোলা   তিৰোতাজাকৰ  সৈতে   সমদল কৰি  গৈ   বাগিচাত  প্ৰস্ৰাৱ  কৰাৰ  ঘৰ  সাজি দিবলৈ মেনেজাৰক আৰ্জি দিছে--কোব খোৱা কুকুৰৰ দৰে কেং কেং কৰি মেনেজাৰৰ  বাংলোৰপৰা ওলাই আহিছে -- আৰু  শেষত বাগিছাৰ  মুকলি  নলাতেই প্ৰস্ৰাৱ  কৰিবলৈ   বহি  কাম  ফাঁকি দিয়া বুলি বাবু আৰু চৰ্দাৰৰ গালি খাইছে।

প্ৰস্ৰাৱ  কৰিবলৈ বাগিছাৰ  নলাত  বহোঁতে বাবু আৰু চৰ্দাৰৰ অশ্লীল চকু কতদিন তাইৰ গাৰে বাগৰি  গৈছে।  সিহঁতে  দেখা নোপোৱা  অসংখ্য  নদী  তাইৰ চকুৰ পতাত  জীয়াই  উঠিছে,  অনেক  জাজৰিত   চেঁপা খাই   সেই   নদী   চকুতে  মৰিছে।  কতদিন  তাই   আদিবাসী  নাৰী  শ্ৰমিকৰ   সৈতে  সমদল  কৰি গৈ ডাঙৰ  ডাঙৰ  মাতেৰে   বিষাক্ত  এমনিয়া মিহলাই বনোৱা চুলাই  মদৰ ভাটী  উৎখাত  কৰাত আগ - ভাগ লৈছে।

ছাঁ দিয়া শিৰীষৰ ডালত  বহা বনৰীয়া চৰাইৰ ঠেঁাটৰ কাকলিৰে কত কিশোৰীৰ সতে মৰিয়ম  বাঘুৱাৰ  ওঁঠতো  সাৰ পাই  উঠিছে  শাণ  দিয়া   আখৰৰ  গীত। আদিবাসী  পঢ়ায়া  মানক  ডেৰালৈ  গৈ পঢ়া-শুনা  কাৰাৰ  পিছতহে  তাই নতুনকৈ   বুজিছে  গীতৰ   আখৰবোৰ --  আখৰৰ  আঁৰত  থকা  জীৱনৰ  ৰূপবোৰ ।

গীত হৈ উঠিছে জীৱনৰ ৰূপক। চাহ  গছৰ কাঁচিদৰীয়া পাতৰ ফাঁকেৰে সৰকি গীতৰ সুৰে   তাইৰ   বুকু  - পিঠি   শালি  ধৰিছে।



বছৰে বছৰে মাটি কিনি
 ৰপলি  হামৰা  ৰোৱল পুলি
 ৰোৱল পুলি  হইল  চায়  বাগান
 ঐ  বাগানে বিটিল' পৰাণ



মাই  বাপ জনম দেলাই
লেখা- পঢ়া নাহি দেলাই
লাগাই  দেলাই  বাগানেৰ' কাম
টপকি  টপকি পৰে ঘাম
 
বাগানে পাতা তুলি
কলঘৰে তৈয়াৰ কৰি
গাড়ী গাড়ী ভেজালি  মই  গ'হাটি  চালান
তবে  হামৰা   বিটিল' পৰাণ
মৰিয়ম  বাঘুৱাৰ   পিঠিৰ  বেতৰ   টুকুৰী  ঘামেৰে  ভিজি  যায়।  টকৌ  পাতৰ   জাপিৰ  তলেৰে  নামি অহা   ঘামৰ  জোল   চুলিৰে বৈ আহে।  বেল  গছৰ   ফলৰ দৰে  বুকুৰ   পুৰঠ   স্তনৰ  ওপৰেৰে  পাৰ হৈ  যায়  ঘামৰ   নিমখীয়া  নদী।

ঘিণ  লাগে ।  ঘিণ  লাগে  মৰিয়ম   বাঘুৱাৰ   গাৰ  দুৰ্গন্ধেৰে  গধূৰ  হৈ  পৰা এই বতাহ । অলপ পিছতে  তাই  খৰকৈ বৈ যোৱা  সোৱণশিৰিৰি  চিল  চিল  জলধিৰ বুকুলৈ নিজকে দলিয়াই  দিব। উটি যাব  শৰীৰৰ   ঘামৰ   নদী , কাষলতি  আৰু  কৰঙণৰ তলৰ দুৰ্গন্ধ।তলপেটৰপৰা যোনিৰ পথেৰে  নামি  আহি  কৰঙণৰ  চূকলৈকে   বগাই  ফুৰা  তেজৰ মাহেকীয়া সুঁতিটোও তাই  সোৱণশিৰিৰ  বুকুত  এৰি  দিব।   শৰীৰৰ  ঘাম  আৰু  তেজৰ  কেচেমা- কেচেম গোন্ধ  সোৱণশিৰিৰ  পানীয়ে  উটুৱাই  নিব।
চকু দুটি  মুদি  অলপ পৰলৈ  তাই  হাল্কা হ'ব। হাল্কা হ'ব।

গাৰ  সমস্ত   শকতি  গোটাই   তাই   বতাহজাক  ঠেলি  দিব  খোজে।  দুলুং  ৰিজাৰ্ভৰ  সিপাৰে  থকা  পাহাৰৰ  বুকুত বিক্ৰী  হৈ   যোৱা শ'লমাছৰ দৰে  আটিল  এই শৰীৰটোৰে প্ৰচণ্ড বেগত তাই দুৰ্গন্ধৰ  বতাহজাক  ঠেলি  দিব খোজে।  ঠেলি দিব খোজে তাই বতাহত বৈ থকা শতিকাৰ শোক।ওঁঠত ৰুই থোৱা  সোঁৱৰণিৰ  চাবুক।

আঠাৰ  দৰে   জিভাত   লাগি   থকা   নিমখ  পানীত   সিজোৱা   মেথোনৰ   মঙহৰ   টুকুৰাবোৰৰ  বিস্বাদ  তাই  পাহৰি পেলাব খোজে  । শৰীৰৰ   গৰম  লোহাৰ   শলাৰ   চিনবোৰ  তাই  মচি   দিব  খোজে ।   মচি  দিব খোজে  বেল  গছৰ   ফলৰ দৰে  বাঢ়ি  অহা  পুৰঠ  স্তনৰ  আগলিত    মালিকৰ  দাঁতৰ   কামোৰৰ   চিন ।  মচি  দিব  খোজে  যোনিৰ  পথৰ বিষ,   অনিয়মীয়া  মাহেকীয়াত   থলৰকৈ  সৰি পৰা গোট  মৰা তেজৰ চেঁকুৰা।

পাহাৰৰ   চাংঘৰত   বেচা  যোৱাৰ  কাহিনীটো  তাই সোৱণশিৰিৰ পাৰৰ  আদিবাসী মানুহবোৰৰ  ওঁঠত  তাই   নতুনকৈ   ৰুই  থব  খোজে । ৰুই  থব  খোজে বাগিছাত  কাম  কৰা  আদিবাসী  কিশোৰীবোৰ  বেচা- কিনা হৈ  থকাৰ    নিৰ্মম কথকতা । ৰুই থব  খোজে  ওঁঠত,    কিতাপৰ  পাতত,    আদিবাসী  ছাত্ৰসংঘ ই   ইউ টিউৱ চেনেলযোগে   ইণ্টাৰনেটত এৰি দিয়া  ম'বাইল  ফোনেৰে   বনোৱা  ডকুমেণ্টেৰীবোৰতো  ৰুই   থব  খোজে  তাই  এই  কাহিনী।

মিটিং ,  কৰ্মশালা,  আলোচনা চক্ৰ -- সকলোতে  ৰুই  থব  খোজে  তাই।  কব  খোজে -- মৰিয়ম  বাঘুৱা  মানুহৰ  ইতিহাসৰ  ক্ৰীতদাস  প্ৰথাৰ  এটি  জীৱন্ত  কে'ইচ  ষ্টাডি ।   বিক্ৰী হোৱা   নাৰীদেহৰ   নিৰ্মম  কথকতা ।  মৰিয়ম   বাঘুৱা    মৰি  অহা  নদী --আদিম  আৰু  চেঁচা।   এই  কথা  কব খোজে  তাই।

সমস্ত   আশা  বুকুত  বান্ধি  তাই   সন্ধিয়াৰ  জলঙাৰে  সোৱণশিৰিৰ   বুকুত  ৰুই  দিয়ে  বাটি  ।  আৰু   খৰকৈ  বৈ যোৱা সোৱণশিৰিৰ  বুকুলৈ  নিজকে  দলিয়াই  দিয়ে।মায়াপী  মছন্দৰীৰ  দৰে  পানী  ফালি  তাই   অগুৱাই   যায়।  অত্যাচাৰত   জৰ্জৰিত  জৰায়ুখনেৰে   নামি অহা অনিয়মীয়া  মাহেকীয়াৰ তেজৰ  সুঁতিটো   সোৱণশিৰিত  এৰি  দিয়ে।  এৰি দিয়ে  বেল  গছৰ   ফলৰ দৰে  বাঢ়ি অহা   পুৰঠ   স্তনৰ   আগলিৰ  ক্ষত-বিক্ষত  চিনবোৰৰ বেদনা।

পানীৰ  মাজত  চকু   মুদি  তাই   দীঘলকৈ   উশাহ  এটা  লয়। চকুৰ  পতাৰে,   তচ - নচ  জৰায়ুৰে,  পাহৰৰ   টিঙৰ দৰে  স্তনযুগলৰ    বুকুৰে ঢৌ  খেলি   বৈ  যায়   অনেক নেদেখা  সোৱণশিৰি।  চেতনাৰ  প্ৰাচীন  অৰণ্যত  ওপজা  অলেখ   সঞ্জীৱনী  বিৰিখৰ   ফাঁকেৰে  সেই   নদীয়ে   বৈ  অনা  বতাহৰ   সুধাই  তাইক   সমাহিত  কৰে ।   আদিম   আৰু  চেঁচা   এই    বতাহ।  শতিকাৰ  শোক  শৰীৰত  ৰুই  থোৱা   শিলবোৰৰ  দৰে।    নিবোকা।    হেৰাই  যোৱা  সোৱঁৰণিৰ   বাঁহ  ফুলৰ  গীতটোৱে  সাৰ  পাব   খোজে   তাত।

কলেৰা  আৰু  মেলেৰীয়াত  মৰি যোৱা পূৰ্বপুৰুষৰ  দেহবোৰ  নদীৰ  বুকুত  দলিয়াই  দিয়াৰ  বিৱৰণী,  ডিপো চাদীৰ বিৱৰণী   ইণ্টাৰনেটৰপৰা   নমাই   অনাৰ  দৰে  এদিন  সিহঁতে   বাঁহ   ফুলাৰ   গীতটোও   নমাই   আনিব ।  তাহানিতে   গীতটো ওঁঠত   লৈ অৰঙে - দৰঙে   গুচি যোৱা  মানুহবোৰৰ  সতি- সন্ততিবোৰ   অনেক  প্ৰজন্মৰ   পিছত  আকৌ  এবাৰ   লগ   হ'ব।  সিহঁতে   বিচাৰি  পাব  পৰিয়ালৰ   শিপা-- চেঁচা আৰু আদিম নদীবোৰৰ  বতাহ-- নিবোকা  শিলবোৰৰ  ইতিকথা।

পাহাৰত,  দিল্লী চহৰত   আবদ্ধ   হৈ  ৰোৱা   আৰু উদ্ধাৰ   হোৱা   অনেক   খৃষ্টিনা,  এঞ্জেলা, মেৰীৰ  চকুৰ  পতাৰ  নেদেখা  নদী  বৈ  আহি   মৰিয়ম  বাঘুৱাই   সন্ধিয়াৰ  জলঙাৰে   নিজকে  দলিয়াই  সোৱণশিৰিখনত  একাকাৰ হৈ   পৰে।  সেই     জলস্ৰোতৰ   থৌকি - বাথৌত   সাঁতুৰি - নাদুৰি   তাই   ভিতৰে -  বাহিৰে  চপচপীয়া হয় ।

সকলো  নদী  একাকাৰ   কৰি   তাই   সাঁতোৰ মেলে,  এজনী  মছন্দৰীৰ   দৰে।   নদীৰ  গতিধাৰাৰ  শত - সহস্ৰ   জাজৰি    বাটি  ৰোৱা  আঙুলিৰে  তাই    চপাই    আনে।  আৰু    বাগানত   পাত তোলা  অনেক   আদিবাসী   কিশোৰীৰ   আশাৰ  জীৱন্ধৰীৰ  দৰে   মুকুতাবোৰৰ  এক  নতুন  বিৱৰণী  ৰুই   থৈ  যাবলৈ   নিজকে  সাজু  কৰে ।

নদীৰ   বুকুত  বাটি  ৰোৱা  আঙুলি ।  মৰিয়ম  বাঘুৱাৰ আঙুলি।
ক'লা  আৰু  মোটোহা।
নদীৰ  বুকুত  বাটি  ৰোৱা আঙুলিবোৰ দেওলগা।


------
(টোকা - হাৰিয়া-আদিবাসীসকলৰ পবিত্ৰ ৰাগী লগা পানীয়,  মেৰা-হাৰিয়াৰ সঁচ,   বানজী-চাহপাতৰ  বাবে  চাহগছৰ এটি কলি দুটি পাতহে  ছিঙা হয়  আৰু  গছৰ আন পাতবোৰ অদৰকাৰী অৰ্থাৎ বানজী বুলি  কোৱা হয়,  ফাল্টু  শ্ৰমিক- চাহবাগিছাত  অস্থায়ীৰূপে  কাম  কৰা  শ্ৰমিক।  চোকৰা-চুকৰী - বাগিছাৰ  শ্ৰমিকৰ  সন্তানে  যাতে বাগিছাতে কাম কৰে  তাৰ বাবে  বাগানৰ লাইনত জন্ম পোৱা ল'ৰা- ছোৱালীবোৰকআধা হাজিৰাৰ লোভ দেখুৱাই কামত খটুওৱা হয় -- এই আধা  দৰমহাক চোৰা-  হাজিৰা বুলি  কয়। বহুত দাবী-আন্দোলনৰ পিছত  বৰ্তমানে  এইদৰে  শিশু  শ্ৰমিক খটোৱা প্ৰথা  আনুষ্ঠানিকভাৱে বন্ধ কৰা  হৈছে,  এতিয়াও  বহুত কিশোৰ -কিশোৰীয়ে  বাগানত কাম কৰে  যদিও আধা  হাজিৰাত নহয়, দৈনিক ১৪৭  টকাৰ পূৰ্ণ  হাজিৰাত।  আদিবাসী  পঢ়ায়া মানক ডেৰা-আদিবাসীসকলৰ সভ্যতা - সংস্কৃতিৰ বিষয়ে জ্ঞান দিবলৈ,  ভাষা শিকাবলৈ আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত বুজি নোপোৱা পাঠ্যক্ৰম  সন্দৰ্ভত ভালদৰে  বুজাই  দিবলৈ গঢ় দিয়া সংঘ )