Wednesday, 11 September 2019

২০১৭-১৮ চনৰ সৰ্বভাৰতীয় উচ্চশিক্ষাৰ জৰীপৰ আলোকত ভাৰতৰ উচ্চশিক্ষা



ভাৰতবৰ্ষক  এতিয়া  যুৱ  প্ৰজন্মৰ দেশ বুলি  কোৱা  হৈছে   দেশৰ বিপুল  সংখ্যক   যুৱপ্ৰজন্মৰ সামগ্ৰীক  বিকাশৰ প্ৰাথমিক চৰ্ত  হৈছে  উচ্চশিক্ষাৰ সুযোগ লাভ কৰা  দেশ এখনৰ  সাৰ্বিক  বিকাশৰ পথ  মুকলি   হয়  যুৱপ্ৰজন্মই  উচ্চশিক্ষা লাভ  কৰাৰ সুযোগ লাভ  কৰিবলৈ সক্ষম 'লে   ১৮-২৩ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ  উচ্চশিক্ষাৰ ক্ষেত্ৰত   অংশগ্ৰহণ  কৰাৰ সুযোগেই   মানৱ  সম্পদ বিকাশৰ   প্ৰাথমিক চৰ্ত কিন্তু   দেখা  গৈছে যে ২০১৭-১৮ শিক্ষাবৰ্ষতো  এই বয়যসসীমাৰ  মাত্ৰ  এক চতুৰ্থাংশ ছাত্ৰ- ছাত্ৰীয়েহে  উচ্চশিক্ষা লাভ  কৰিবলৈ  সক্ষম হৈছে তদুপৰি, তাৰ মাজতো আছে  লিংগ ভিত্তিক বৈষম্য, জাতিগত বৈষম্য
 
২০১৭-১৮ চনৰ সৰ্বভাৰতীয় উচ্চশিক্ষা জৰীপ অনুসৰি  এই চনত ১৮-২৩ বছৰ বয়সসীমাৰ মাত্ৰ ২৫.জ্জ্ব শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে উচ্চশিক্ষাত নাম ভৰ্তি কৰিছে এই বৰ্ষত মুঠতে ৩৬.৬ নিযুত ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষাত নামভৰ্তি  কৰে  তাৰ ভিতৰত  ছাত্ৰৰ সংখ্যা ১৯.২ নিযুত  আৰু ছাত্ৰীৰ সংখ্যা  ১৭.৬ নিযুত  ছাত্ৰীৰ  নামভৰ্তিকৰণৰ হাৰ ৪৭.৬ শতাংশ ছাত্ৰৰ ক্ষেত্ৰত  ২৬.৩ শতাংশই  নামভৰ্তি কৰাৰ বিপৰীতে  ছাত্ৰীৰ ক্ষেত্ৰত ২৫.৪ শতাংশই  নামভৰ্তি কৰিছে এই বৰ্ষৰ ১৮-১৩ বছৰ বয়সসীমাৰ  সৰ্বমুঠ নামভৰ্তিকৰণৰ   অনুসূচীত জাতিৰ  শিক্ষাৰ্থীৰ  উচ্চশিক্ষাত নামভৰ্তি  কৰিছে মাত্ৰ ২১.৮ শতাংশই   অনুসূচীত  জনজাতিৰ ক্ষেত্ৰত এই  শতাংশ মাত্ৰ ১৫.৯ 

এই শিক্ষাবৰ্ষত ১৮ -২৩ বছৰ বয়সসীমাৰ ৭৯.২ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই স্নাতক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ বাবে নামভৰ্তিকৰণ  কৰিছে পিএইচ ডি পৰ্যায়লৈ শিক্ষাগ্ৰহণ কৰাৰ সুযোগ মাত্ৰ  . শতাংশ  ছাত্ৰ- ছাত্ৰীয়েহে লাভ  কৰিছে স্নাতক  পৰ্যায়তো কলা  শাখাতেই সৰ্বাধিক ৩৬. শতাংশ  ছাত্ৰ- ছাত্ৰীয়ে নামভৰ্তি কৰিছে বিজ্ঞান শাখাত ১৭.১ শতাংশ, আভিযান্ত্ৰিক শাখাত  ১৪.১ শতাংশ আৰু বাণিজ্য শাখাত ১৪.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে  নামভৰ্তি  কৰিছে

সামগ্ৰীকভাৱে, ২০১৭-১৮ বৰ্ষত উচ্চশিক্ষা গ্ৰহণ  কৰি থকাসকলৰ  মাজত  অনুসূচীত  জাতিৰ মুঠ  ১৪.৪ শতাংশ আৰু অনুসুচীত  জনজাতিৰ মাত্ৰ .২ শতাংশ ছাত্ৰ-ছাত্ৰী  আছে  অন্যান্য পিচপৰা শ্ৰেণীৰ  ক্ষেত্ৰত এই  শতাংশ ৩৫ মুছলিম ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষাৰ  মুঠ ছাত্ৰ-ছাত্ৰীৰ  শতাংশ আৰু আন সংখ্যালঘূসকলে .২  শতাংশ অধিকাৰ কৰিছে

এই বৰ্ষত দেশত শিক্ষা  গ্ৰহণ কৰি থকা বিদেশী ছাত্ৰ- ছাত্ৰীৰ  সংখ্যা ৪৬,১৪৪  চৰকাৰী সাহায্যপ্ৰাপ্ত, অথবা সাহায্য নোপোৱা মহাবিদ্যালয়কে ধৰি ৭৮  শতাংশ মহাবিদ্যালয়েই  বেচৰকাৰী', কিন্তু ইয়াত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ  শতকৰা হাৰ মাত্ৰ ৬৭.৩ শতাংশ  এই বৰ্ষত উচ্চশিক্ষাৰ ক্ষেত্ৰত ১২,৮৪,৭৫৫ জন শিক্ষক নিয়োজিত হৈ আছে, যাৰ ভিতৰত পুৰুষৰ শতকৰা হাৰ ৫৮ আৰু মহিলাৰ ৪২ সৰ্বভাৰতীয়  পৰ্যায়ত  প্ৰতি ১০০ জন পুৰুষ শিক্ষকৰ বিপৰীতে ৭২ গৰাকী    মহিলা শিক্ষক আছে  ছাত্ৰ আৰু শিক্ষ কৰ অনুপাতৰ ক্ষেত্ৰত দেখা গৈছে যে,  প্ৰতি ৩০ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক  আছে

২০১৭ চনত মুঠতে ৩৪,৪০০ জনক পি এইচ ডি ডিগ্ৰী  প্ৰদান কৰা হৈছে, যাৰ ভিতৰত পুৰুষৰ সংখ্যা ২০,১৭৯ আৰু মহিলাৰ সংখ্যা ১৪,২২১  চৰকাৰী উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহতে সৰ্বাধিক  ৩১.৬  শতাংশ শিক্ষাৰ্থী আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত আছে ২০.৬ শতাংশ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ১৫.৮  শতাংশ, আৰু ডিমড্  তথা বেচৰকাৰী বিশ্ববিদ্যালয়ত আছে ১৩.৪ শতাংশ

উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত চালে দেখা যায় যে, সৰ্বমুঠ নামভৰ্তিকৰণৰ ক্ষেত্ৰত  সামগ্ৰীকভাৱে উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনে সৰ্বভাৰতীয় পৰ্যায়ৰ সৈতে প্ৰায় একে পৰ্যায়ত আছে যদিও অসম আৰু  নগালেণ্ড  ৰাজ্য  যথেষ্ট  পিচপৰি আছে  ২০১৭-১৮ চনত   সামগ্ৰীকভাৱে  উত্তৰ-পূব ভাৰতৰ ১৮ -১৩ বছক বয়সসীমাৰ   ২৫. শতাংশ শিক্ষাৰ্থীয়ে  উচ্চশিক্ষাত নামভৰ্তি কৰে  চিক্কিমত সৰ্বাধিক ৩৭.৪, মণপিুৰত ৩১.৮, অৰুণাচল প্ৰদেশত ২৯.৮ মিজোৰামত ২২.৭ ত্ৰিপুৰাত ২১.২ , অসমত মাত্ৰ ১৮.২আৰু নগালেণ্ডৰ ১৭.৮ জনে উচ্চশিক্ষাত নামভৰ্তি  কৰিছে।  এই বৰ্ষত চিক্কিম, মেঘালয,নাগালেণ্ড, আৰু  মণিপুৰত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ নামভৰ্তিকৰণৰ হাৰ  বেছি। চিক্কিমত ৩৩,৯ শতাংশ ছাত্ৰৰ বিপৰীতে ৪১.১ শতাংশ ছাত্ৰী, মেঘালয়ত ২৪.২ শতাংশ ছাত্ৰৰ বিপৰীতে ২৫.১ শতাংশ ছাত্ৰী, মণিপুৰত ৩১.৩শতাংশ ছাত্ৰৰ বিপৰীতে ৩২.২শতাংশ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অৰুণাচল প্ৰদেশত ৩১.৫ শতাংশ ছাত্ৰৰ বিপৰীতে ২৭.৮ শতাংশ ছাত্ৰী, অসমত ১৮.৬ শতাংশ ছাত্ৰৰ বিপৰীতে ১৭.৮ শতাংশ ছাত্ৰী, নাগালেণ্ডত ১৭.৮ শতাংশ ছাত্ৰৰ বিপৰীতে ১৭.৯  শতাংশ ছাত্ৰী আৰু ত্ৰিপুৰাত ২৩.৭ শতাংশ ছাত্ৰৰ বিপৰীতে ১৮.৮ শতাংশ ছাত্ৰীয়ে উচ্চশিক্ষাত নামভৰ্তি কৰিছে। 

২০১৭-১৮  বৰ্ষত ছাত্ৰ- শিক্ষকৰ অনুপাত মহাবিদ্যালয় আৰু বিশববিদ্যালয় পৰ্যায়ত সৰ্বভাৰতীয় পৰ্যায়ত ৩০১ বিপৰীতে অৰুণাচল প্ৰদেশত ৬০, অসমত ৩৫, মণিপুৰত ৩৮, মেঘালয়ত ৪১, মিজোৰামত ১৯, নাগালেণ্ডত ৯, চিক্কিমত ২১ আৰু ত্ৰিপুৰাত ৩৬। সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰতিখন মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰে গড়ে ৬১৮ জনে । এই তথ্য  অৰুণাচল প্ৰদেশত ৮১০, অসমত ৯৮৩,  মণিপুৰত  ১১৫৬,  মেঘালয়ত ১০১৭, মিজোৰামত ৬১২, নাগালেণ্ডত ৪৮৪, চিক্কিমত ৭৩৭, ত্ৰিপুৰাত ১,১৫৬।

-ৰত্না ভৰালী তালুকদাৰ





Sunday, 8 September 2019

সহমতৰ ভিত্তিতেই আঁতৰাব লাগিব এন আৰ চিত ৰৈ যোৱা আসোঁৱাহ




 প্ৰকাশ- দৈনিক ম, ০৯-০৯-২০১৯ 
 ৰত্না ভৰালী তালুকদাৰ –



ম চুক্তিৰ স্বাক্ষৰিত হোৱাৰ ৩৪ বছৰৰ পিছত অমে এখন ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জী লাভ কৰিলে।উন্নীত নাগৰিকপঞ্জীৰ  বাবে আবেদন কৰা ৩.৩০ কোটি আবেদনকাৰীৰ মাজৰপৰা  চুড়ান্ত  তালিকাত  বাদ পৰা  ১৯.০৬  লাখ লোকৰ সংখ্যাটোৰ ন্দৰ্ভত বিভিন্নজনে নানা মন্তব্য দিছে। অমলৈ অবাধ হাৰত অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ স্ৰোত চলি থকা বুলি বিভিন্ন মহলে আৰু আনকি সংদ-বিধানভাৰ মজিয়াতো কেইবালাখো এনে অবৈধ প্রব্রজনকাৰীৰ তথ্য দিয়া হৈছিল কিন্তু সেই তথ্যবোৰৰ প্ৰামাণিক ভিত্তি নাছিল এই তথ্যবোৰৰ ওপৰত  ভিত্তি কৰি বিভিন্ন দল-সংগঠনে চলোৱা প্ৰচাৰে ধাৰণ মানুহৰ মনত বিদেশীৰ ংখ্যা ন্দৰ্ভত এক ধাৰণাৰ জন্ম দিছিল।

এটা কথা মনত ৰাখিব লাগিব যে, ‘অবৈধ বাংলাদেশী প্ৰব্ৰজন’ সন্দৰ্ভত এন আৰ চি য়ে  শেষ কথা কৈ দিয়া নাই  গাঁথনিগত দুৰ্বলতাৰ বাবে  প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে, আৰু  বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে তদুপৰি দেখা গৈছে যে, বহুত পৰিয়ালত কেইজনমান সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন কেইজনমানৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এইসকল লোকৰ বাবে জাননী পোৱাৰ ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আবেদন কৰিবলৈ ১২০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছেবিদেশী ন্যায়াধীকৰণেও নাগৰিকত্বৰ ওপৰত শেষ কথা নকয়, যিহেতু বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰলগতে উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰাৰ সুযোগ থাকিব

কলো কথা চালি-জাৰি চোৱাৰ অন্ততঃ যিকল লোক প্ৰকৃততে বাদ পৰিবগৈ তেওঁলোকক  এতিয়া ‘ৰাষ্ট্ৰহীন’ নাগৰিক হিচাপে ঘোষণা কৰা নহয় বুলি ইতিমধ্যে বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰিছে । যিকলে ন্যায়িক প্ৰক্ৰিয়াৰ ন্মুখীন হ’ব তেওঁলোকেও ন্যায়ালয়ৰ ৰায়দান নোপোৱা পৰ্যন্ত কলোবোৰ অধিকাৰ লাভ কৰিব বুলিও বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। যিয়েই নহওক,  হয়তো  এন আৰ চি প্ৰক্ৰিয়াটোৰ কিছু  গাঁথনিগত দুৰ্বলতা থাকিব পাৰে। কিন্তু তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোক নস্যাৎ  কৰি দিব পৰা নাযায়

এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত যিসকল প্ৰকৃততে আবৈধ বিদেশী বুলি চিনাক্ত হবগৈ, তেওঁলোকৰ প্ৰকৃত অৱস্থান কি হব? চৰকাৰে শীঘ্ৰেই এই বিষয়ে স্পষ্ট কৰা উচিত, যাতে ইয়াকে  লৈ অসমৰ মাজখন বিভাজিত কৰিবলৈ বিভেদকামী ক্তিবোৰে প্ৰশ্ৰয় নাপায়। এইেক্ষত্ৰত এক মানৱীয়  দৃষ্টিভংগীৰ প্ৰয়োজন।  বিভিন্নজনে বিভিন্ন মত ব্যক্ত কৰিলেও এই কথা সত্য  যে, এন আৰ চি প্ৰক্ৰিয়াটো আছিল অসমৰ জনসাধাৰণে দীৰ্ঘদিনধৰি লাভ কৰা এক অভিজ্ঞতাৰ সন্দৰ্ভত উপনীত হোৱা এক সহমত, যাৰ ভিত্তিবৰ্ষ  আছিল অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ ইয়াৰ বিপৰীতে  ভাৰতবৰ্ষৰ আন ৰাজ্যত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন  

অসম চুক্তিৰ ৰূপায়নৰ দ্বাৰাই বিদেশী স্যা  মাধান কৰা ম্ভৱ বুলি ৰাজ্যখনৰ জনসাধাৰণে এক সহমতত উপনীত হৈছিল। এই হমতৰ ফলশ্ৰুতি হিচাপে লাভ কৰা হ’ল উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। এতিয়া প্ৰয়োজন ৰৈ যোৱা আসোঁৱাহবোৰ আঁতৰাই তাক শুদ্ধ ৰূপত প্ৰস্তুত  কৰাৰ বাবে আন এক হমতৰ, ইয়াক স্যাৎ কৰি নহয় ।   


Wednesday, 28 August 2019

মুকুল শৰ্মা - আমাৰ সময়ৰ এজন প্ৰগলভ কটনিয়ান



pic source -  facebook timeline 

কংগ্ৰেছ  দলৰ  সাধৰণ  সম্পাদক  মুকুল  শৰ্মাৰ সৈতে  আমাৰ  পৰিচয়  এজন   কটনিয়ানৰ।  তেখেত  আমাৰ  প্ৰজন্মৰ এজন  চিনিয়ৰ কটনিয়ান। ১৯৮৭  চনত তেওঁ   কটন  কলেজৰ  সাধাৰণ সম্পাদক  পদত  জয়ী হৈছিল।  কলজেত  নাম  লগোৱাৰ পিছতে   সেইটো   আমাৰ প্ৰথমটো   নিৰ্বাচন আছিল। সেই  সময়ত  কটন  কলেজৰ নিৰ্বাচনত   কোনো  প্ৰাৰ্থী  জয়ী হোৱাৰ  ক্ষেত্ৰত  সাতটাকৈ  ল'ৰাৰ  আবাস  আৰু  দুটাকৈ  ছাত্ৰীনিবাসৰ  আবাসীসকলেই  বিশেষ ভূমিকা লৈছিল। বিশেষকৈ   ছাত্ৰীনিবাসকেইটাৰ ভোটে নিৰ্ণায়ক ভূমিকা  লৈছিল, কিয়নো  দুয়োটা  ছাত্ৰীনিবাস লগ গৈ  প্ৰায়  চাৰে  তিনিশমান  ভোট। নিৰ্বাচনী  প্ৰচাৰ  চলোৱাৰ   সময়ত   মুকুল  শৰ্মাৰ  ব্যক্তিত্বই   আমাৰ  সকলোকে  মোহিত  কৰিছিল। তেওঁৰ আছিল  নিজৰ   মোহনীয়  ব্যক্তিত্বৰে  সকলোকে  সন্মোহিত কৰি পেলাব  পৰা এক বিৰল গুণ যি আনৰপৰা পৃথক'ত অলপো কৃত্ৰিমতা নাছিল।  নিৰ্বাচনৰ  প্ৰচাৰৰ  সময়ত   ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন  কৰা  বিষয়বোৰৰ  সন্দৰ্ভত দিয়া উত্তৰত তেখেতৰ  লেঠাৰি-নিচিগাকৈ  ওলাই  অহা  নিভাঁজ  অসমীয়া   শব্দবোৰে  আমাক  মুগ্দ্ধ  কৰিছিল। এজন  তাৰ্কিক  হিচাপেই সেই  সময়ত আমি  তেখেতক  বিশেষভাৱে জানিছিলোঁ।    

সেই    সময়বোৰ আছিল   আছিল  পৃথিৱীক জনাৰ   বাবে   সাংবাদিক  প্ৰণয় ৰয়ৰ   দূৰদৰ্শনৰ পৰ্দাত  দ্য ৱৰ্লড  দিচ  উইক'ৰ দৰে অনুষ্ঠান চাই নিজকে আপডেট'  কৰাৰ যুগ  -- যিটো  অনুষ্ঠানক   আমি  চমুকৈ টি  ডব্লিউ  টি ডব্লিউ বুলি কৈছিলোঁ।  কটন কলেজৰ  ইউনিয়ন হলত  এখনৰ পিছত  এখনকৈ  শুনি  গৈছিলোঁ  তেওঁ  অংশগ্ৰহণ  কৰা  তৰ্ক  প্ৰতিযোগিতাবোৰ।  শুনিবলৈ  আমি  ৰৈ   থাকিছিলোঁ।  সেই সময়ৰ কটন কলেজৰ  জ্যোতিষ্কৰ  দৰে উজ্জল  তাৰ্কিকসকলৰ  অন্যতম  আছিল   মুকুল  শৰ্মা,  ননী গোপাল মহন্ত,   ৰিণ্টু গোসবামী,   হিমন্ত বিশ্ব  শৰ্মা,   অপৰ্ণা দেৱী   আদি।  প্ৰত্যেকৰে  নিজৰ  নিজৰ  একোটা  শৈলী  আছিল।  মুকুল  শৰ্মাৰ  তৰ্ক  কৰাৰ  আকৰ্ষণীয় দিশটো  আছিল  অনাড়ম্বৰ  আয়োজন   আৰু  বচা  বচা   অসমীয়া শব্দৰ  নিখূঁত  প্ৰয়োগৰ  মাজেৰে  দাঙি  ধৰা  ধাৰাল  যুক্তিবোৰ। অসমীয়া  ভাষাৰ   বচা বচা  বুটাৰে  গঢ়ি  তোলা    শব্দৰ   মেটমৰা  ভঁৰালটো বৰ   ঈৰ্ষণীয় আছিল,  প্ৰয়োগো  আছিল  চমৎকাৰ ।    অসাধাৰণ  বাগ্মীতাৰে    তেওঁ  সেই শব্দৰ  সময়ৰ  তৰ্ক  প্ৰতিযাগিতাবোৰত   বাজীমাৎ  কৰিছিল। 

অমায়িক  ব্যৱহাৰেৰে  এজন   জাতীয়তাবাদী  চেতনাৰ  এই ব্যক্তিজন   প্ৰকৃত   অৰ্থতেই  সেই   সময়ৰ   এজন  ছাত্ৰনেতা  আছিল।  জাতীয়তাবাদী  চেতনাৰ হলেও  বিপৰীত   মতাদৰশৰ  ছাত্ৰ - ছাত্ৰীৰ    সৈতে  আলাপ -আলোচনা  কৰাৰ  সময়তো   তেখেতৰ মনত  অলপো  সংকীৰ্ণতা  দেখা  পোৱা  নাছিলোঁ  -- যিটো সেই  সময়ৰ এজন ছাত্ৰ  নেতাৰ ক্ষেত্ৰত   এক বিৰল  ধৰণৰ  কথা  আছিল।    সেই  সময়ত  ভাৱ  হৈছিল,  অসমৰ  সমাজ  জীৱনক  সন্মুখৰপৰা  নেতৃত্ব  দিবলৈ  মুকুল  শৰ্মাৰ   এক   আয়োজন  আছিল।  সেই সময়ত   আমি  তেখেতক ভবিষ্যতৰ   অসমৰ  ৰাজনৈতিক  জীৱনৰ  এজন নেতা হিচাপেই  গ্ৰহণ  কৰিছিলোঁ।  তেখেত এজন সাংসদ অথবা  বিধায়ক হিচাপে  নিৰ্বাচিত হোৱাৰ সুযোগ   পালে  বিধানসভা   বা সংসদৰ  মজিয়াত  কেনেদৰে  ভাষণ  দিব,  সেই  কথাবোৰ  আমি  পাতিছিলোঁ। 

নব্বৈৰ  দশকটো অসমৰ  ৰাজনৈতিক  আৰু  সমাজ জীৱনৰ  দুয়োটা  দিশৰপৰাই   ঘটনাবহুল    আৰু   গুৰুত্বপূৰ্ণ   আছিল। এটা সময়ত  জাতীয়তাবাদী  শিৱিৰৰ  মুকুল  শৰ্মাই  কংগ্ৰেছ  দলত  যোগ  দিলে বুলি খবৰ পাইছিলোঁ। অলপ আচৰিতো হৈছিলোঁ। কিন্তু পৰৱৰ্তী  সময়ত আমি সকলোৱেই   দেখিছিলোঁ  সমাজ  আৰু  ৰাজনৈতিক  জীৱনৰ ধামখুমিয়াত মুকুল  শৰ্মাৰ দৰে নীতি আৰু  আদৰ্শৰ ৰাজনীতি কৰিবলৈ আগবাঢ়ি অহাসকল  কিদৰে  'ৰবাত  অপাংক্তেয়  হৈ  পৰি  'ল। তোষামোদ,  চল- চাতুৰী,  ধনবলৰ প্ৰয়োগ   আৰু  আনক ঠেলি - হেঁচি আগুৱাই যোৱাৰ ৰাজনীতিত  মুকুল শৰ্মাৰ  দৰে  সৎ  আৰু  বিবেকৰ  তাগিদাৰে  চলা   লোকসকলে  হয়তো  দলৰ  নিষ্ঠাবান  দলীয় কৰ্মী হোৱাৰ  সুযোগ  লাভ কৰিলে,  কিন্তু যোগ্যতাৰ হিচাপত  দলে তেওঁলোকক  কি  দিলে  --  তাক   মানুহে দেখা  নাপালে। কেতিয়াবা  টেলিভিছনৰ পৰ্দাত  বিভিন্ন বিষয়ত  দলক   প্ৰতিনিধিত্ব কৰিবলৈ আহি  বিতৰ্কত   ভাগ  লওতেও  আমি  কোনো উত্তেজনা  প্ৰকাশ  নকৰাকৈ  দিয়া যুক্তিৰ  মাজেৰে    তেওঁৰ   বাগ্মীতাভৰা  কথাবোৰ  মন দি  শুনিছিলোঁ।    আমাৰ  মনত তেতিয়াও  এক  আফচোচ  আছিল --  যোগ্যতাৰ  মাপকাঠী   ক্ষমতা  আৰু  ভোগৰ   প্ৰাচুৰ্যৰে  নিৰ্ধাৰণ  কৰা  সমকালীন  ৰাজনীতিত  পাবলগীয়া   আসনখন  তেওঁক  দিয়া  'হল  বুলি।    যিজন  মানুহৰ   বিতৰ্ক   বিধানসভা বা সংসদৰ মজিয়াত  শুনিবলৈ  পাম   বুলি আশা  কৰিছিলোঁ,  তেওঁৰ প্ৰতিভাক  টেলিভিছনৰ   মজিয়াত  দলক  প্ৰতিনিধিত্ব  কৰাতেই    সীমাবদ্ধ   কৰি ৰখা  'ল।   কবলৈ গ'লে   ভোগ  আৰু  ক্ষমতাৰ  ৰাজনীতিত   আনৰ  দৰে   প্ৰাপ্য  আসনখন  তেওঁ  আঁজুৰি  আনিবলৈ  নাজানিলে।   কিন্তু  তাৰ বাবেই    তেওঁ  আমাৰ   চকুত   নিকা ভাৱমূৰ্তিৰে  উজলি  উঠিবলৈ  সক্ষম হৈছিল।  দীৰ্ঘদিনধৰি ক্ষমতাত থকা দল এটাৰ  আগশাৰীৰ   সদস্য  হোৱাৰ পিছতো    মানুহজনৰ  পত্নী  এখন   ব্যক্তিগত  বিদ্যালয়ৰ   শিক্ষয়িত্ৰী,    আবেলি  টিউশ্যনো  কৰে। আচৰিত  কথা  নহয় যে,    সমকালীন ৰাজনীতিৰ  নেতিবাচক  দিশবোৰে তেওঁক  ক্ষোভ আৰু  হতাশাৰ  গৰ্ভলৈ তিল তিলকৈ  ঠেলি   দিছিল । আনকি  এজন  আইনবিদ  হিচাপেও  সফল   জীৱনৰ শিখৰলৈ  আৰোহণ  কৰাৰ  সম্ভাৱনীয়তা  তেওঁৰ  মাজত  আছিল।

যি  কি  নহওক,   আমাৰ  ছাত্ৰজীৱনত  লগ  পোৱা  ছাত্ৰনেতাজন  শেষ পৰ্যন্ত   এজন মানুহ'  হৈ   মানুহৰ  মাজতে  থাকি  'ল।  জীৱনৰ কোনো  মুহূৰ্ততে   তেওঁ   সংকীৰ্ণতাক  প্ৰশৰয়  দিয়া  আমি নেদেখিলোঁ।   বাটে - ঘাটে   কেতিয়াবা  লগ পালে  চিনিয়ৰ  কটনিয়ান এজনে জুনিয়ৰ  এজনক লগ পালে আত্মীয়তাৰে কথা  পতাৰ দৰেই  সদায়  খবৰ -  বাতৰি লৈছিল, নিজৰো খা-খবৰ জনাইছিল। সকলোৰে ক্ষেত্ৰত  আছিল একেই  ব্যৱহাৰ।  একেবাৰে  অসময়ত  আমাৰ   প্ৰিয়  চিনিয়ৰ  কটনিয়ান এজন  আমাৰ  মাজৰপৰা গুচি  গৈছে।  এই  সময়ে তেখেতৰ  দৰে  মানুহৰ  যোগ্যতাৰ    মৰ্যদা  দিয়া   নাই।  হয়তো  এই  সময় মুকুল  শৰ্মাৰ  দৰে  ৰাজনীতিবিদৰ   হাতত  নাই।  কব  পাৰি  যে,   এই  সময়  এতিয়া মূল্যবোধৰ  ৰাজনীতিৰ    সতে  নাই।    আৰু,  এই   কথাও  সমানেই  সঁচা  যে, আমি   সকলোৱেই   এই  সময়ক  প্ৰতিনিধিত্ব  কৰিছোঁ।  তেখেতক  বিদায়   দিবলৈ সেইদিনা  নৱগ্ৰহ  শমশানলৈ  বিভিন্ন  ৰাজনৈতিক  দলৰ  প্ৰতিনিধিসকল  আহিছিল,  বন্ধু - বান্ধৱসকল আহিছিল  আৰু  আহিছিল  আমাৰ  সময়ৰ  কটনিয়ানসকল।  আমাৰ  সকলোৰে  চকুত আছিল  সেই   আফচোচ্।   আমি   ভগাই  লৈছিলোঁ  আমাৰ  সময়ৰ এক   তীক্ষ্নধী  আৰু   বাগ্মীতাভৰা  কণ্ঠই   আমাৰ  মাজৰপৰা   অসময়ত   এনেদৰে   মেলানি মগাৰ বেদনা। সিদিনা  আমাৰ সময়ৰ ৰাজনৈতিক  প্ৰেক্ষাপটত মূল্যবোধৰ  ৰাজনীতিক  উৰ্ধত  তুলি ধৰা এজন ৰাজনীতিকৰ  চিতাৰ জুইকুৰা  এই  কঠিন  বাসতৱৰ  মেটাফৰ' হৈ  উঠিছিল,  আৰু তৰ্কৰ  সভাত বাজীমাৎ  কৰাৰ  দৰেই  সিদিনাও তেওঁ  তেনেকৈয়ে  বাজীমাৎ  কৰি  গুচি  গৈছিল।

ৰত্না ভৰালী তালুকদাৰ

Sunday, 25 August 2019

ড০ অমৰজ্যোতি চৌধুৰী চাৰৰ কিতাপ পঢাৰ আন্দোলন আৰু কিছু অনুভৱ




এই বছৰৰ আগষ্ট মাহৰ এটা ভাল লগা দিশ হৈছে ড০ অমৰজ্যোতি চৌধুৰী চাৰে কিতাপ পঢ়াৰ আন্দোলনৰ পৰিবেশ এটা গঢ় দিয়াৰ বাবে লোৱা প্ৰচেষ্টা। তেখেতৰ প্ৰচেষ্টাই কিতাপ ভালপোৱাসকলৰ মনত এটা আশা জগাই তুলিছে। প্ৰতি শনিবাৰে গুৱাহাটীৰ জিলা পুথিঁভৰালৰ বাকৰিত গ্ৰন্থ বিষয়ক আড্ডাই কিতাপ সম্পৰ্কীয় এটা পৰিবেশ গঢ়ি তুলিছে।
এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটীৰ বাহিৰতো এনে প্ৰচেষ্টাৰ আৰ্হিত কিতাপ পঢ়াৰ আনন্দ সম্পৰ্কীয় আড্ডা অনুষ্ঠিত হোৱাৰ খবৰ আহিছে। গ্ৰন্থ ভালপোৱাসকলৰ বাবে ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে। চতুৰ্থটো শনিবাৰে পুথিভঁৰালৰ বাকৰিলৈ গৈছিলোঁ । কিছু কথা কবলৈ মন গলেও সময়ৰ অভাৱৰ বাবে গোটেই সময়খিনি তাত থকাটো সম্ভৱ ন’হল। মনৰ কথাখিনি ফোনযোগে ধীৰাজ গোস্বামী ডাঙৰীয়াক কৈছিলোঁ । তেখেতে লিখিতভাৱে জনাবলৈ ক’লে। সেয়েহে ফে’চবুকৰ বন্ধুসকলৰ সৈতেও কথখিনি ভগাই ল’লোঁ।
১। আন্দোলনটো মাথো গ্ৰন্থ সম্পৰ্কীয় আড্ডাতেই সীমাবদ্ধ কৰি নাৰাখি ‘অলপ আড্ডা, অলপ অধ্যয়ন’ – এই ধাৰণালৈ নিব পাৰি।
২। লক্ষ্য অগ্ৰাধিকাৰ সম্পৰ্কীয় কথা এটাও থাকিব। গ্ৰন্থ পঢ়িবলৈ আগ্ৰহী কৰি তুলিবলৈ হ’লে আমি প্ৰথমে কাক লক্ষ্য হিচাপে নিৰ্বাচিত কৰিম? আমাৰ দৃষ্টিত নিশ্চয়েই শিশুসকলেই অগ্ৰাধিকাৰ পাব, কিয়নো কুমলীয়া বাঁহ ভাঁজ লগাবলৈ সহজ। তেওঁলোকেই আমাৰ ভবিষ্যত। একেলগে কিতাপ পঢ়াটো এটা আনন্দদায়ক কাম আৰু এই আনন্দলাভৰ প্ৰতি শিশুকলৰ ধাউতি বঢ়াবলৈ উদ্যোক্তাসকলে জিলা পুঁথিভৰালৰ বাকৰিত আড্ডাৰ লগে লগে অন্ততঃ একোটা ঘণ্টা সেই অঞ্চলটোৰ শিশুসকলৰ সৈতে একেলগে পুথিভঁৰালৰ পঢ়াকোঠাত (reading room) কিতাপ পঢ়াৰ কৰাৰ কথা চিন্তা কৰিব পাৰে।
৩। শিশুসকলৰ আকৰ্ষণ বঢ়াবলৈ আৰু একেসময়তে অনুপ্ৰাণিত কৰিবলৈ উদ্যোক্তাসকলে এই দিনটোত অঞ্চলটোৰ একোজন গণ্য-মান্য আৰু অধ্যয়নশীল ব্যক্তিক আমন্ত্ৰণ কৰি আনি তেখেতৰ সৈতে একেলগে পঢ়াৰ আনন্দ ভগাই দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। নিৰ্দিষ্ট বিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰি শিশুসকলক একগোট কৰি একোজন বিশিষ্ট ব্যক্তিৰ সৈতে একেলগে কিছুসময় কিতাপ পঢ়াৰ মাজেৰে সময় কটোৱাৰ আনন্দ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰিলে তেনে গুণী লোকৰ সান্নিধ্যই শিশুৰ মানসিক জগতখন স্বভাৱিকতেই সমৃদ্ধ কৰিব, তেওঁলোকৰ কিতাপ পঢ়াৰ আনন্দ দুগুণে বাঢ়িব আৰু প্ৰজন্মৰ ব্যৱধানো কমিব বুলি আাশা কৰিব পাৰি।
৪। প্ৰতি মাহত শিশুসকলৰ মাজৰ একোজনক ‘এই মাহৰ শ্ৰেষ্ঠ পঢ়ুৱৈ’ নিৰ্বাচিত কৰি কিতাপ একোখন উপহাৰ দিব পাৰি। এনে প্ৰচেষ্টাত আমাৰ দৰে ব্যক্তিয়েও সহায় কৰিবলৈ ভাল পাম।
৫। উদ্যোক্তাসকলে বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলকো আহ্বান জনাব পাৰে যাতে নিজৰ নিজৰ ঠাইৰ পুঁথিভৰালৰ মাজেৰেই হওক, বা ক্লাব আৰু আন সংস্থাৰ মাজেৰেই হওক, প্ৰতি শনিবাৰে এঘণ্টাৰ বাবে সকলোৱে কিতাপ পঢ়াৰ আনন্দ ভগাই লয়। স্থানীয় বিদ্যালয়ৰ মাতৃগোটসমূহৰ সৈতে যোগাযোগ কৰিও শিশুসকলক এনেদৰে একগোট কৰিব পাৰি। নলবাৰীৰ প্ৰেৰণা পুথিভঁৰাল আৰু সমন্বয় পুথিভঁৰালে সেই অঞ্চলত এক দীঘলীয়া সময় ধৰি নীৰৱ অথচ ফলদায়ক গ্ৰন্থ আন্দোলন গঢ়ি তুলিছে। ধুবৰীত ‘ধুবৰী বুক ক্লাৱ’ৰ উদ্যোগত গ্ৰন্থ অধ্যয়নৰ তেনে প্ৰচেষ্টা দেখা যায়। গাৰোপাহাৰত আছে ‘দ্য হানড্ৰেড ষ্ট’ৰী হাউচ’ । সুদূৰ নগালেণ্ডৰ ভাৰত-ম্যানমাৰৰ সীমান্তত আছে ডান চেপ্তাৰৰ ‘ব’ৰ্ডাৰ লাইব্ৰেৰী প্ৰজেক্ট’।এনেদৰে অনেকেই নীৰৱে কাম কৰি আহিছে। এই উদ্ভাৱনী ধাৰণাবোৰ আঁৰত থকা ব্যক্তিসকলৰ বহুমূলীয়া আৰু কষ্টসাধ্য অভিজ্ঞতাবোৰ এই আন্দোলনত যুক্ত কৰাটো অতি দৰকাৰী কথা বুলি ভাবোঁ।
৬। চতুৰ্থ শনিবাৰৰ আড্ডাৰ আমি উপস্থিত থকা সময়খিনিত চ’ছিয়েল মিডিয়া, ডিটিজেল মিডিয়াৰ প্ৰভাৱ সম্পৰ্কে কেইবাজনেও নেতিবাচক মনোভাৱ ব্যক্ত কৰিলে। কিন্তু সকলো কথা ইমান নেতিবাচকো নহয়। বহুত সময়ত দেখা যায় যে, তৰুণ প্ৰজন্মৰ তুলনাত প্ৰবীণসকলৰ একাংশৰহে এনে মিডিয়াৰ প্ৰতি আসক্তি বেছি। প্ৰতি শনিবাৰৰ আড্ডা, অধ্যয়ন আদিৰ কাৰ্যসূচীবোৰ চ’ছিয়েল মিডিয়া বা আন ডিটিজেল মিডিয়াৰ মাজেদিয়েই প্ৰচাৰ কৰিলে তেনে প্ৰচাৰে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনাহে বেছি।



ফটো -- মনোৰম গগৈ