Wednesday, 4 November 2026

 ‘এঘৰীয়া’ , জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ ‘গৰম হাৱা-নৰম হাৱা’ আৰু কিছু কথা 




জয়ন্ত কুমাৰ চক্ৰৱৰ্তী অসমীয়া গল্পলেখকসকলৰ বাবে এটা অতিকৈ পৰিচিত নাম। পূজা সংখ্যা ‘গৰীয়সী’ আলোচনীত তেখেতৰ ‘গৰম হাৱা নমৰ হাৱা’ শীৰ্ষক গল্প এটা পঢ়িছিলোঁ। গল্পটোৰ প্লটটোৱে মন মুহিছিল। গল্পটি নিৰ্মাণ কৰা হৈছে ‘এঘৰীয়া’ কৰাৰ প্ৰথা আৰু তাৰ আঁৰৰ ৰাজনীতিৰপৰা।

এই গল্পটিৰ আঁত ধৰিয়েই কিছু কথা মনলৈ আহিছে। নিলিখি থাকিবও নোৱাৰি। কিছু কথা আগতেও লিখা হৈছে অৱশ্যে। 

‘এঘৰীয়া’ কৰা কথাটো প্ৰথমে শুনিছিলোঁ অসম আন্দোলনৰ সময়ত। মাজুলীত।  ‘কংগ্ৰেছ’ দলৰ লোকসকলক ‘এঘৰীয়া’ কৰা হৈছিল। ‘দেশদ্ৰোহী বদন’ আৰু ‘চিপিএম’ বুলি গালি পৰা হৈছিল। এই শব্দকেইটা আমাৰ বাবে তেনেই  নতুন আছিল।বুজিছিলোঁ, কংগ্ৰেছ মানেই ‘দেশদ্ৰোহী বদন’ আৰু ‘চিপিএম’। মাজুলীত কৰবাত কংগ্ৰেছী নেতাৰ সম্পত্তিও হানি কৰাৰ ঘটনা ঘটিছিল।গণতান্ত্ৰিক আন্দোলনৰ নামত যিবোৰে এই কাণ্ডবোৰ কৰি ফুৰিছিল, পৰৱৰ্তী কেইবাটাও দশকৰ পিছত দেখিবলৈ পালোঁ মদ-ভাং খাই, মানসিকভাৱে হতাশগ্ৰস্ত হৈ তেৰাসমস্তই আদবাটতে জীৱনৰ ভাও সা্মৰিলে। অথবা, লাৰেলাপ্পা হৈ এতিয়াও কৰবাত জীয়াই আছে। ক’ত সেই মাতাল যৌৱনৰ আক্ৰোশৰ তেজ!

মাজুলীত কমিউনিষ্ট নাছিল। কংগ্ৰেছীহে আছিল। কটন কলেজলৈ আহিহে শুনিছিলোঁ, আন্দোলনৰ গইনা লৈ কংগ্ৰেছী আৰু কমিউনিষ্টসকলক কিদৰে ‘টাৰ্গেট’ কৰি কৰি ‘এঘৰীয়া’ অথবা হত্যা কৰা হৈছিল। ‘কমিউনিষ্ট নিধন যজ্ঞ’ বুলি এটা নেৰেটিভৰেই সৃষ্টি হৈ গ’ল। তেওঁলোকে বাচি বাচি হত্যা কৰা কমিউনিষ্টসকলৰ নাম-তালিকা আৰু জীৱনী কিতাপত সংগ্ৰহ কৰি ৰাখিছে। অসম আন্দোলনতেই হওক বা উগ্ৰপন্থী কাৰ্য-কলাপতেই যিসকল কংগ্ৰেছী নেতাৰ অপঘাত মৃত্যূ হ’ল, দলে তেওঁলোকৰ জীৱনীবিষয়ক গ্ৰন্থ ৰচনা কৰিছেনে নাই, জনা নাযায়। কিন্তু কৰা নাই যদি, এতিয়াও কৰা উচিত। তেনে এক গ্ৰন্থ পঢ়িবলৈ মন আছে।

শহুৰদেউতা প্ৰতিষ্ঠাপক কমিউনিষ্টসকলৰ অন্যতম আছিল। তেওঁলোককো ‘এঘৰীয়া’ কৰা হৈছিল। যেতিয়া সুশান্তৰ সতে মোৰ প্ৰেম হ’ল, তেতিয়া আপোনজনেই কৈছিল, ‘লাজ নাই, সমাজে এঘৰীয়া কৰা ঘৰৰ ল’ৰাৰ লগতে বিয়া সোমাবলৈ গৈছ!’ পৰিস্থিতি এনেকুৱা হৈছিলগৈ যে, স্নাতক পাচ কৰি দিল্লীত পঢ়িবলৈ যোৱাৰ সপোন ভাঙি-চিঙি সুশান্তৰ জীৱনলৈ গুচি আহিবলগীয়া হৈছিল। অৱশ্যে তাৰ বাবে আক্ষেপ নাই। দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ মাতৃৰ সপোন পূৰ কৰিব নোৱাৰিলেও সাংবাদিক বা লেখক হিচাপে  মানুহৰ মাজলৈ সোমাই যাবলৈ যিখন বিশ্ববিদ্যালয়ত জীৱনৰ বাবে ভৰ্তি হ’লোঁহি, সেইখনত কিন্তু ডিগ্ৰীবোৰ পাৰাপাৰহীন। ইমান বৈচিত্ৰময় যে নিজেই উচপ খাই যাও।

‘এঘৰীয়া’ কৰিলে কি হয়?নিজৰ অভিজ্ঞতা নাছিল। সুশান্তই কৈছিল, দোকানীয়ে ৰেচনৰ বস্তু পৰ্যন্ত দিবলৈ ভয় কৰে। আত্মীয়াই বিয়া-বাৰুত মাতিলেও সমাজৰ ‘ফটোৱা’ৰ সন্মুখত তিষ্ঠিব নোৱাৰি নিমন্ত্ৰণ উঠাই লবলগীয়া হয়। স্কুলত অকলে এখন বেঞ্চত বহিছিল। কোনো সমনীয়াই  মাত-বোল কৰা নাছিল। শিক্ষয়িত্ৰী শাহুকো কমন ৰূমক কোনেও মাত-বোল কৰা নাছিল। নিলগাই বহিছিল। দোষ-তেওঁক কমিউনিষ্ট নেতালৈ বিয়া দিছিল। সেইগৰাকী শাহু কিন্তু স্বাধীনতা যুঁজাৰু অসমৰ প্ৰথমখন মন্ত্ৰীসভাৰ সদস্য ৰোহনী চৌধুৰীৰেই ভতিজা আছিল। দেউতাক আছিল অসমৰ প্ৰথমজন ‘ফৰেষ্ট ইউটিলাইজেশ্যন অফিচাৰ’ গিৰিশ চৌধুৰী।সুশান্তহঁতৰ ঘৰখন বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা আছিল। কোনোমতে ৰক্ষা পৰিছিল।

সিদিনা দৰঙৰ এগৰাকী কলেজ শিক্ষকে কৈছিল, ‘এঘৰীয়া’ মানে কেৱল সামাজিক বৰ্জন নহয়, একেবাৰে জুই-পানী আলাগ্। কথাটো কিমান নিৰ্মম! যেতিয়া জুইবাহৰ(জুইশলাৰ) ব্যৱহাৰ নাছিল, তেতিয়া মানুহে ঘৰৰ জুইকুৰাতে তুঁহ জাপি নিশা জ্বলাই সঁচ হিচাপে নিশাটো ৰাখি থৈছিল, যাতে তাতে পুৱা জুইকুৰা জ্বলাব পাৰে। কেতিয়াবা সেই জুই কেনেবাকৈ নুমাই গলেও সমাজে আপোনাক জুইৰ সঁচ দিব নোৱাৰিব। আগৰ দিনত মানুহে খোৱাপানীৰ বাবে পুখুৰীৰৰ পানী ব্যৱহাৰ কৰিছিল। নিজৰ ঘৰত পুখুৰী নাথাকিলে ৰাজহুৱা পুখুৰীৰ পানী খাইছিল। ‘এঘৰীয়া’ মানুহে ৰাজহুৱা পুখুৰীৰ পানী খাব নোৱাৰিব। পিয়াহত মৰি গলেও কোনোবাই মুখত পানী এচলু দিব নোৱাৰিব।আজিৰ দিনতো গাওঁ এখনত ‘এঘৰীয়া’ হৈ থকাটো এক ভয়ংকৰ মানসিক বিপৰ্যয়ৰ কথা। নগৰত অৱশ্যে বহুতেই স্ব-ঘোষিত ‘এঘৰীয়া’ৰ দৰেই অকলশৰীয়াকৈ  বাস কৰে। পাৰে তেওঁলোকে একাকীত্বৰ জীৱন যাপন কৰিবলৈ।  নগৰত সিমান অসুবিধা নাই। কিন্তু গাঁৱত?

আমাৰ ঘৰখন জাতীয়তাবাদী আদৰ্শত বিশ্বাসী। দেউতা আছিল  শ্ৰীমন্ত শংকৰ সংঘৰ সদস্য। তেখেতে সংঘৰ মূলৰ সদস্য, শৰণ আচাৰ্যৰ দৰে পদতো কাম কৰিছিল। আমি সৰু থাকোঁতে, কৈশোৰত, আনকি সৌ-সিদিনালৈকে সংঘই কাৰোবাক ‘এঘৰীয়া’ কৰা শুনা নাছিলোঁ। কোনোবাই কিবা জগৰ লগালে নাম এষাৰতে দায় শেষ। ‘অপৰাধ বিনাশন, তযু নামে নাৰায়ন, জানি নামে পশিলোঁ শৰণে’, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিয়ো চৰণে’  বুলি পদফাঁকি গাই ভকতৰ সন্মুখত আঁঠু ল’লেই হ’ল। মাহ-প্ৰসাদ খাই উঠাৰ পিছতে তেওঁক সামৰি লোৱা হয়।  কেতিয়াৰপৰা ‘এঘৰীয়া’  নামৰ এই দস্তুৰ সংঘলৈ সোমাল বুজিয়েই নাপালোঁ। কৰ্মসংস্থাপনৰ যুদ্ধখনত ভাগৰি পৰা উচ্চশিক্ষিত নতুন প্ৰজন্মৰ আৱেগৰ সতে জাতীয় অনুষ্ঠান সময়োপযোগী কৰি পৰিৱৰ্তিত পৰিস্থিতিৰ সতে নিজকে খাপ খৱুৱাই লব নোৱাৰিলে সকলো কালৰ গৰ্ভত হেৰাই যাব। এই সম্পৰ্কে সংঘৰ বয়োজ্যেষ্ঠ এগৰাকীৰ সতে এদিন তুমুল তৰ্ক কৰিলোঁ। কিয় আপোনালোকে মানুহক ‘এঘৰীয়া’ কৰিব?  তেখেতৰ ঘৰতে থাকি গল্প লিখিবলৈ গৈছিলোঁ।   তেখেতে ক’লে- এয়া সংবাদমাধ্যমৰহে প্ৰচাৰ। সংবাদমাধ্যমেহে অতিৰঞ্জিত কৰে।  

‘এঘৰীয়া’ প্ৰথা কিমান ভয়ংকৰ মৰ্মবেদনা, সেয়া ‘এঘৰীয়া’ হোৱাজনেহে বুজি পায়। আজিকালিতো য’তে-ত’তে ফটোৱা। কোনে কি ফটোৱা দিয়ে ধৰাই কঠিন।

জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ গল্পটিত ‘এঘৰীয়া’ কৰাৰ ফটোৱা জাৰী কৰাৰ পৰিকল্পনা বৰ্বাদ কৰিবলৈ protagonist-এ এটা tricky পন্থা অৱলম্বন কৰিছে। গল্পত বাৰু এই পন্থাই দৰৱ হৈ কাম দিছে।গল্পটো সৰল। ভাষাও প্ৰাঞ্জল। কিন্তু বাস্তৱ?

বাস্তৱ অতি নিষ্ঠুৰ।  

ৰত্না ভৰালী তালুকদাৰ 

No comments:

Post a Comment