Saturday, 24 June 2017

কথা গুৱাহাটী, বিষন্নতা





ৰত্না ভৰালী তালুকদাৰ

 
এদিন এটা বগলীয়ে মিছা কথা ক'লে
ঠেং এটা চুটি হ'ল , মিছা মাছে খালে।
(এটি প্ৰাচীন মীথ্ অথবা বুঢ়ীআইৰ নিচুকণি)

-----

আজি  বসন্তৰ উজ্জল দুপৰীয়া। সূৰ্যৰ পীতবৰ্ণ, তমোময় আলোকসজ্জাৰে সমুজ্জল আকাশ। শীতৰ আলস্যত  বহুদিন ডুবি থকাৰ অন্তত প্ৰাচীন মিচৰীয়  সূৰ্যোপাসিকা নেফাৰটিটিৰ সৌৰৰশ্মিৰ প্ৰতি থকা হুতাহৰ  দৰেই যেন প্ৰোজ্জল, নীলবৰ্ণী  আকাশৰ  তলেৰে নামি অহা  অতি – হালধীয়া ৰশ্মিৰ প্ৰতি মেনিয়াক হৈ উঠিছে  পৃথিৱী -  আমাৰ এই গুৱাহাটী।

শৰীৰৰ তেজৰ সঞ্চালনাৰ কিছু বংশানুক্ৰমিক বিসংগতিৰ বাবে সি আছিল শেঁতা। পিংগল আৰু দুৰ্বলদেহী।  সেয়ে তাৰ  পুষ্টিহীন দেহটোৱে সেৱন কৰিবলৈ ভাল পাইছিল ৰ'দ। চেঁচুকৰ শেলুৱৈয়ে ৰকদলৈ গালিচা মেলাৰ দৰেই সি ৰ'দৰ বগিচালৈ পিঠিখনি  উদঙাই দিছিল। শুহি লৈছিল ৰৌদ্ৰোতাপ প্ৰখৰতা। এনেকৈয়ে এদিন  সি হৈ   উঠিছিল অতি  পীতবৰ্ণী সৌৰৰশ্মিৰ প্ৰতি    মেনিয়াক ।

সেইখন আকাশৰ তলতে কেইবাটাও ঋতু জুৰি এজাক বৰষুণক ধিয়াই আমাৰ  গুৱাহাটীৰ মানুহজাকে আটাহ পাৰিছিল। হয়    হয় মানুহজাকে আটাহ  পাৰি   উঠিছিল। চ'তৰ  বৰ খৰত  দেই পুৰি সিদিনা গুৱাটাহাটীয়ে গাত সানিছিল ছল্লিশ ডিগ্ৰী ছেলছিয়াৰ উত্তাপ -  বিয়াগোম অগ্নিৰ পিণ্ড এটা হৈ  বেলিটো  বাটলৈ  নামি  আহিছিল আৰু  কৰ্মোন্মুখ  মানুহজাক সোমাই  গৈছিল  পিণ্ডটোৰ গৰ্ভলৈ।  বতাহত ওপঙি আছিল  বসন্তৰোগ, চিটচিটীয়া খজুৱতি  আৰু  এলাৰ্জিৰ  বীজাণু ।

খৰাঙত ডুব যোৱা গুৱাহাটীবাসীৰ বাবে এয়া মাতাল হোৱাৰ দৰে কথা। ৰুক্ষ, কৰ্কশ আৰু মৰুময়তাত  গুৱাহাটীৰ বাসিন্দা হৈ  পৰিছিল  খিংখিঙীয়া। বহু ঋতু জুৰি এজাক ব'ৰষুণ নোহোৱাৰ বাবেই গুৱাহাটীৰ বাসিন্দা ৰুক্ষ হৈ, স্বাৰ্থপৰ হৈ, খিংখিঙীয়া হৈ গল  নেকি!এঁওলোকৰ আচৰণ অনুসৰণ কৰাটো আকৌ আন বহুতৰ চৌখিন অভ্যাস। সেয়েহে  সি কাম কৰা নিউজ প্ৰতিপল নামৰ চেটেলাইট নিউজ  চেনেলটোৰ মূখ্য- সম্পাদকে মাডামৰ কথা মতে ৰুক্ষ  বতৰৰ সৈতে তেঁওলোকৰ  আচৰণৰ বিসংগতিৰ সংযোগটো প্ৰাইম টাইম  নিউজৰ হেডলাইন কৰি দিলে। ইচ্ছ্যুটো  বহুদিনলৈ প্ৰাইম  টাইম নিউজৰ হে’ডলাইন হৈ   থাকিল।

----

এদিন সি উলাহতে জাঁপ মাৰি দিলে। শিশুৰ দৰে হাত- ভৰি জোকাৰি চিঞৰি উঠিল। চোৱা চোৱা,  সুৰুযৰ মেজাজী কিৰণ, গাৰ ছাল কাটি নিয়া ব্ৰহ্মপুত্ৰৰ ধূলিৰ ধুমুহা আৰু বতাহত ওপঙি থকা বসন্তৰোগৰ বীজাণুত জোবোৰা মাৰিয়েই    সৌৱা  জুই  হৈ  ফুলিছে   আমাৰ গুৱাহাটীত  বসন্তৰ  মিনা কৰা গহনা —  গহৰা গজা কেইজুপিমান পলাশ, মদাৰ, শিমলু।  ফ'ৰলেন হাইৱে', গুৱাহাটী- শ্বিলং পথ, উৰণীয়া সেঁতুৰ আজল- মথালি আৰু ৰাজধানী কমপ্লেক্সৰ ৰাজকীয় এনক্ৰছমেণ্টত শেষ হোৱা নাই যি।  এছাইনমেণ্টৰ  বোজা বাইকৰ পিঠিৰে বৈ, বাট - পথ  টহিলং কৰি ফুৰোঁতে চকুত  পৰাই  নাছিল  দেখোন। 

সি খুকখুককৈ হাঁহি দিলে। শৰীৰৰ তেজৰ বিসংগতিৰ  চিকিৎসা নোহোৱাত ক্ৰমে  প্ৰাক – ঐতিহাসিক   মহাৰাণী  নেফাৰটিটিৰ  দৰে সুৰুযৰ মেজাজী হালধীয়া কিৰণৰ প্ৰতি মেনিয়াক হৈ উঠা ৰুগ্ন শৰীৰ আৰু নিজৰ অৱস্থানটোক লৈ অকণো সুখ  নাছিল  তাৰ। আজিৰ এই মুহূৰ্তত কিন্তু তাৰ চিয়ঁৰ মাৰি  দিবলৈ  মন গ'ল। এই   কুণ্ঠা,  এই   হীনমান্যতাৰ  কোনো  কাৰণ  নাই - তাৰ  যি  অস্তিত্ব, সেয়াই  সি।   বহুদিন  ব'ৰষুণ  নপৰা  গুৱাহাটীখনৰ দৰেই — গে',  ইম্প'টেণ্ট   অথবা  যিয়েই  নহওক!

তাৰ  হাতৰ  মুঠিত এতিয়া বসন্তৰ মিনা কৰা গহনাৰ   খবৰ  আছে। মহানগৰীৰ  ঋদ্ধিৰ  অনমনীয় প্ৰসাৰতা  আৰু কনক্ৰিট এনক্ৰছমেণ্টৰ  অতিচাৰতো জীয়াই   থকা বসন্তঋতুৰ গহৰা গজা ফুলাম গহনাৰ খবৰ।.......তাৰ  বাবে এটা উন্মাদনাৰ সৃষ্টি কৰিবলৈ এই খবৰটো যথেষ্ট নহয়নে!

আজি  অফ  ডে। বন্ধু এজনে টিভিত সম্প্ৰচাৰ হৈ থকা গীতৰ ৰিয়েলিটি শ্ব' এটাৰ শ্বুটিঙৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ  কৰি থৈ গৈছে।  অফ  ডেৰ দিনা সি দৰ্শক হিচাপে শ্ব'টোৰ  শ্বুটিঙত উপস্থিত  থাকে। শ্ব'টোৰ দৰ্শকবৃন্দ ভাৰাতীয়া। তেঁওলোকৰ  উপস্থিতিয়ে  যিহেতু অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়ায়, সেয়ে ভাৰাতীয়া দৰ্শকক আয়োজকে কিছু   টকাও দিয়ে,  মাননি হিচাপে।তাৰ বন্ধু  শ্ব'টোৰ বিচাৰকসকলৰ এজন। অফ ডেৰ দিনটোত সি দুপইচা উপাৰ্জন কৰাৰ সুযোগৰ সন্ধানত  থকাৰ খবৰ পাই  বন্ধুৱে তাক ইয়াতে দৰ্শক হিচাপে বহি থাকিবলৈ অনুৰোধ কৰিলে। অফ ডে — এনেয়েও  বিশ্ৰামৰ দিন। ইয়ালৈকে আহ।  এয়াৰ কণ্ডিচনড  ষ্টুডিঅ'ত  বহি   থাকিবি, কেইটামান  ভাল গান  শুনিবি, যাবৰ  পৰত মাননিটো লৈ গুচি যাবি। বচ । এটা সুন্দৰ, উপভোগ্য সপ্তাহান্তিক অৱসৰ ।

সি চেটেলাইট নিউজ চেনেল ‘নিউজ প্ৰতিপল'ৰ দৈনিক দুশটকীয়া সংবাদদাতা।  নিযুক্তিৰ ব্যৱস্থাটো ঠিকাভিত্তিক  আৰু যিদিনা   তাৰ অফ  ডে, সিদিনাখনৰ টকা সি নাপায়।  অফ  ডেৰ  দিনা ৰিয়েলিটি  শ্ব'টোৰ  উপাৰ্জন  সেয়ে   এক সাময়িক সকাহ। 

সি মৰিয়া হৈ উঠে। তাৰ দৰমহা  আৰু ৰিয়েলিটি শ্ব'ৰ উপাৰ্জন তাৰ   মন  অথবা দেহত  উত্তেজনা এটিৰ যোগান ধৰিবলৈ কোনোমতেই  দেখোন যথেষ্ট নহয়। অথচ সি অত্যন্ত আনুগত্যৰে ‘নিউজ প্ৰতিপল'  চেনেলৰ সাংবাদিকতাৰ কাম কৰিছে। কিন্তু দেখা যায় তাৰ নিষ্ঠা প্ৰমাণৰ গেবাৰি খাটনিয়ে  প্ৰায়েই  মাডামক  বিৰক্ত কৰি দিছে। উত্তেজনাৰ তুংগত তিতিকি- বিতিকি হৈ আনকি মাডামে কৈয়েই   পেলাইছে, তাৰ উন্নতিৰ  কোনো লক্ষণ তেঁও দেখা নাই — তাৰ যি অস্তিত্ব, সেয়াই  সি।

আৰু মাডামৰ ক্ৰুৰ  ভৎসৰ্নাই বাৰে বাৰে তাক নিজত্ব সম্পৰ্কে  অতি- সচেতন কৰি তোলে। আহহা...। তাৰ এই   বৃত্তিটো-  দিচ ইজ ন' ম'ৰ এ চাৰ্ভিচ,  বাট হেজ বিকাম এন ইণ্ডাষ্ট্ৰি - আগ্ৰাসী শ্বাপদৰ দৰে হিংসুক, অতিকায়  মাৰ্কেনটাইল জ্যায়েণ্ট । আৰু  জি এছ ৰ'ডৰ  এই  ষ্টেট অৱ দ্য আৰ্ট ‘নিউজ প্ৰতিপল'  কমপ্লেকচটি - যাক সিহঁতে  নিউজ  চেনেল   বুলি বৰাই কৰি  লেহন কৰে সন্তুষ্টি — আচলতে সি এক  ইনফ'টেইনমেণ্ট গিমিক - তথ্য আৰু আমোদৰ এক অদ্ভূত   সংযুতি - এই সংযুতিত ভিউৱাৰশ্বিপ বঢ়োৱাৰ তাগিদাত তথ্য হৈ পৰে  চ্ছনচনি — ৰাই- জাই উত্তেজনা বিয়পি পৰে, ছানি ধৰে গধূলিৰ চোতাল।  আৰু সিহঁত চ্ছনচনি খবৰৰ এজাক সৃষ্টিশীল কাৰিকৰ — সামগ্ৰী।  অথচ সি নিজকে  মাডামৰ লাভ উপাৰ্জনকাৰী সামগ্ৰীলৈ নিজকে পৰিণত কৰিব  পৰা  নাই।

বিপৰীতে, ‘নিউজ প্ৰতিপল'ৰ সকলো কৰ্মীয়েই তাৰ দৰে অতিশয় কম দৰমহাৰ ঠিকা শ্ৰমিক  যদিও অনেকৰেই কোনো  অসন্তুষ্টি নাই। তেঁওলোক অত্যন্ত স্মাৰ্ট। তেঁওলোকৰ কৰ্মস্পৃহা,  ব'ডিলেংগুৱে'ইজ আৰু বিজিনেচ ফ্ৰেইণ্ডলি এটিট্যুডত মাডাম খুচ। তেঁওলোক তথ্য আৰু আমোদৰ  জটিল সংযুতিৰ সফল চাৰভাইভ'ৰ আৰু ‘নিউজ প্ৰতিপল' তেঁওলোকৰ বাবে এক আৰামদায়ক স্পে'ইচ - য'ত তেঁওলোকে বিচাৰি পায়  এয়াৰ কণ্ডিচনড  বে'ডৰুম,  এয়াৰ কণ্ডিচনড   গাড়ীৰপৰা  এয়াৰ কণ্ডিচনড  নিউজৰুমলৈ এক কম্প্ৰমাইজড, সুলভ  বিচৰণক্ষেত্ৰ। সেয়েহে তেঁওলোকে দৰমহা  বঢ়োৱাৰ দৰে গুৰুত্বহীন কথা কৈ মাডামক  বিৰক্ত কৰা নাই।

সি? আহ্ যদিও সি অনুভৱ কৰে চেটেলাইট নিউজ চেনেল ‘নিউজ প্ৰতিপল'ৰ পাৰ্কিং স্পে'চটোত তাৰ ঘেৰ্ঘৰীয়া, শতাব্দী প্ৰাচীন ফপৰা বাইকখন বেখাপ্পা দেখায়— তথাপিও সি আস্তত্ব হব খোজে। কিয়নো, ভিতৰৰ এক অবুজ তাগিদাত সি এতিয়াও তাৰ  পৰিচয়টো ভালপায় আৰু উপভোগ কৰে।

মাডামৰ চেম্বাৰৰ  উইণ্ড'পেনখনেৰে  সি  নিউজৰুমলৈ চায়। সি দেখিবলৈ পায় মাডাম উত্তেজিত  হোৱাৰ লগে লগে তাৰ  ক'লিগসকলৰো উদ্বিগ্নতা বাঢ়ি যায়। তেঁওলোকে কোনোমতেই তাৰ টকাৰ গৰজ আৰু পাৰিশ্ৰমিক  বঢ়াই দিবলৈ মাডামক পেৰি থকাৰ দৰ্শন  বুজি পোৱা নাই। তেঁওলোকৰ বাবে সাংবাদিকতা মানে এখন প্ৰেছ কাৰ্ড, যাৰ জৰিয়তে তেঁওলোকে  অনায়াসে গাৰ কৰে   মুম্বাইৰ  মে'ৰাইন ড্ৰাইভলৈ হলিডে'ই  ট্ৰীপ এটাৰ ষ্টে,  চাইট চীইং,  টু এণ্ড ফ্ৰ'ৰ যাৱতীয় খৰছ। 

নামনি অসমৰ ব্যুৰ' চীফ অমুক। শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ চীফৰ পৰা যুদ্ধবিৰত উগ্ৰপন্থীৰ গোটলৈকে  সকলো পাৰ্টিৰ খাচ মানুহ। স্বায়ত্ব শাসিত এলেকাটোৰ ইমান বছৰ পূৰ্তি উপলক্ষ্যে ইমান কোটি টকা বিজ্ঞাপন মাডামক সিয়েইতো মেনেইজ কৰি দিলে! ....পাহাৰীয়া  জিলাখনৰ সংবাদদাতা তমুক। গুৱাহাটীত দুহেজাৰ  স্কোৱাৰফু টৰ ফ্লেট কিনাৰ ফুৰ্তিত সিদিনা তিনিশ সত্তৰ কিলোমিটাৰ ৰাস্তা নিজৰ ব'লেৰ গাড়ী চলাই আহি পাৰ্টি  খুৱাই গৈছে । পাহাৰীয়া জিলাখনত হাজাৰ কোটি টকাৰ অনিয়মীয়া লেন- দেন সম্পকীয় বাতৰিটো ইহাত- সিহাত কৰি সি মাডামক তেঁওৰ  নতুনকৈ সজা প্ৰসাদোপম  ঘৰটোৰ  বে পুৰঠ চেগুণৰ কাঠখিনি জোগাৰ কৰি দিছে। কিন্তু সিহঁতৰ  নামত  মাত্ৰ প্ৰেছ কাৰ্ড আছে। মাডামেটো তাৰ নামটো  এক্ৰিডিটেশ্যনৰ বাবে এপ্ৰুভ কৰিছে। হি  ইজ এন এক্ৰিডিটেড জাণালিষ্ট। তাক সচিবালয়ৰ ক'ভাৰেজৰ দায়িত্ব দিয়া  হৈছে । তেনে! সোণৰ খনিটো মাডামে কাক দিছে! কিন্তু তই কৰিছ কি! সিদিনা অমুক মিনিষ্টাৰে হাইব্ৰীড বীজৰ ধানখেতি পৰিদৰ্শন কৰিবলৈ লৈ  যোৱা সাংবাদিকৰ দলটোত সিও আছিল। এটা পজিটিভ  কভাৰেজ ৰিকুৱেষ্ট কৰি মিনিষ্টাৰে খামত ভৰাই  সাংবাদিকক ইমান হাজাৰকৈ  টকাও দিছিল। সৱেই খামটো ল'লে, সি কিন্তু ওভতাই দিলে।

কোনো সুযোগেই সি লব পৰা নাই। আৰে, সেই বাবেইতো ভনীয়েৰে ........

আহ্ । নেন'- চেকেণ্ড এটিত  সি  যেন প্ৰস্তৰ যুগৰ মৃত শিলাখণ্ডলৈ পৰিণত  হৈ পৰে। এই  কথাটো মাডামে  কেনেকৈ  জানিলে!

সি অৱশ্যে মাডামৰ সমুখত নিজকে হালি পৰিবলৈ নিদিয়াকৈ পোন হৈ থাকিল। তাৰ মাডামক কবলৈ মন গ'ল যে, তাৰ  ভনীয়েক  —  গাৱঁত থকালৈকে যি কলেজৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছিল - তাই নিশা এটিত  বাৰ- ডান্সাৰ হিচাপে উদ্ধাৰ হোৱাৰ পিছতে আত্মহননৰ পথ লৈ ভুল কৰিলে। কিয়নো সিদিনা লোকসেৱা আয়োগৰ তালিকাত যিবোৰ  কৃতকাৰ্য প্ৰাৰ্থীৰ  নাম ওলাইছে( খবৰটো ‘নিউজ প্ৰতিপল'ৰ  হৈ  সিয়েই  ক'ভাৰ কৰিছিল) সেইখন তালিকাত তাৰ ভনীয়েকৰ সৈতে    থানাত  দেখা পোৱা তাইৰ  বন্ধুকেইজনীমানৰ নামো সি দেখি আহিছে । ভনীয়েকৰ আত্মহননৰ কাণ্ডটিৰ পিছত  সি  থানাত দেখা পোৱা আটাইকেইজনী  বাৰ- ডান্সাৰৰ ট্ৰে'ইক ৰাখিছিল। দেখা যাওক - ইহঁত কিমান দূৰলৈ যায়।......সি দেখিলে সিহঁতে  লোকসেৱা আয়োগৰ উত্তীৰ্ণ হোৱাপ্ৰাৰ্থীসকলৰ তালিকাখনৰ সমুখৰ ফালেই নিজৰ নাম ৰাখিছে। বুৰ্বকৰ দৰে তাৰ  ভনীয়েকেহে আত্মহননৰ পথ বাচি লৈছে  আৰু সি তাৰ বৃত্তিয়ে দাবী কৰা বোদ্ধাৰ বিনিময়ত এক সন্মানজনক পাৰিশ্ৰমিক বাবে  মাডামৰ তিতিকি- বিতিকি   হজম কৰিছে।

 এই  কথা  মাডামক ক বলৈ তাৰ  মন গ'ল।

কিন্তু সি স্পষ্টকৈ শুনা পালে মাডামে  তিক্ত- বিৰক্ত হৈ ক'লিগসকলৰ সমুখতে  কবলৈ ধৰিছে — তাৰ উন্নতিৰ  কোনো লক্ষণ  তেঁও দেখা পোৱা নাই - তাৰ যি অস্তিত্ব, সেয়াই সি। বহুদিন ব'ৰষুণ নপৰা গুৱাহাটীখনৰ দৰেই - গে' অথবা ইম্প'টেণ্ট, অথবা হোৱাট এইভাৰ ।

দুপ্ দুপাই  মাডাম  কাৰ্যালয়ৰপৰা ওলাই গ'ল।

সিও অফিচৰপৰা ওলাই আহিল আৰু নিজম হৈ পৰা ৰাস্তাত ভৰি দিলে। সি অনুভৱ কৰিলে তাৰ অকণো খং  উঠা নাই। মাডামক পুতৌ কৰিবলৈ মন যোৱা নাই। সহজাত, বুৰ্বকৰ দৰে ভংগীটোৰে সি নিজকে ক'লে — অল আৰ জাষ্ট  পাৰ্ট অৱ দ্য   চিষ্টেম।

মায়াসনা গুৱাহাটীৰ ৰাতি। তেতিয়াও সেৰেঙাকৈ যান- বাহন চলি আছে। আকাশৰ  সাক্ষাত  পূৰ্ণচন্দ্ৰ আৰু তিৰ্ বিৰ্ তৰাৱলীয়ে তাক জোকাবলৈ এৰা নাই। তাৰ শৰীৰটো গধূৰ হৈ আহিল। আনকি  বাইকখন টানিবলৈও তাৰ   ভাগৰ লাগিল । সদায়  ঘুৰি ফুৰা চিনাকি ৰাস্তাটোত তাৰ এঘুমটি  দিবলৈ মন গ'ল । ভাৱটো  মনলৈ অহাৰ লগে লগে সি বাইকখনত শিকলিডাল লগাই  নগ্ন  ফুটপাথটোত বিচনা পাতি ল'লে। তাৰ গা- টোৱে ৰাস্তাৰ ধূলিয়ৰি  মাটি স্পৰ্শ কৰিলে। সি শুনিবলৈ   পালে  কৰুণ গীত  এটিৰ দৰে ফুটপাথটোৰ পৰা গুণগুণণি  এটি  ভাহি আহিছে,

অনলি ফৰ  মাণি, জাষ্ট  ফৰ  মাণি।
মাথো  টকাৰ  বাবেই, কেৱল ট কাৰ  বাবেই। 

তাৰ দুচকু  কেইটোপালমান লোতকে তিয়াই দিলে। তাৰ চকুপানী চ'তৰ খৰত কৰাল মৰা ফুটপাথটোলৈ   বিয়পি, শুকাই  গ'ল। 

——


যেতিয়া তাৰ  টোপনি ভাগিল,  তেতিয়া সি উলাহতে জাঁপ মাৰি দিলে। হাত - ভৰি জোকাৰি চিঞৰি উঠিল।  চোৱা, চোৱা,   সুৰুযৰ মেজাজী কিৰণ, গাৰ ছাল কাটি নিয়া ব্ৰহ্মপুত্ৰৰ ধূলিৰ ধুমুহা আৰু বতাহত ওপঙি থকা  বসন্তৰোগৰ বীজাণুত জোবোৰা মাৰিয়েই সৌৱা জুই   হৈ ফুলিছে  আমাৰ গুৱাহাটীত  বসন্তৰ মিনা কৰা গহনা। গহৰা গজা কেইজুপিমান পলাশ,  মদাৰ, শিমলু। এণ্ড দিচ  ইজ  স্কুপ !  সি নিশ্চিত - অন্ততঃ খৰাঙত ডুবি   খিংখিঙীয়া  হৈ  থকা আমাৰ গুৱাহাটীৰ বাসিন্দাসকলে  বসন্ত  ঋতুৰ এই  জুইফুল  দেখা নাই,  দেখা নাই।


স্কুপ নিউজটোৱে তাৰ শৰীৰত ভিটামিনৰ দৰে কাম কৰিলে।  বতাহত  উৰি ফুৰা বসন্তৰোগৰ বীজাণু গাৰপৰা জোকাৰি   পেলোৱাৰ দৰে নিশাৰ হতাশা সি মনৰপৰা জোকাৰি পেলালে । বাইকত উঠি ভাৰাঘৰটোলৈ গ'ল।  গা-পা ধুই ফ্ৰে'শ্ব হ'ল।   সিজোৱা আলু  আৰু কণী এটাৰ পিটিকাৰে তপত ভাত কেইটামান খালে। এতিয়াহে তাৰ  মনত পৰিল যে, আজি তাৰ   অফ  ডে। স্কুপ নিউজটো! আহ.....থাকক।

হাতত যথেষ্ট সময় লৈ সি ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙৰ ষ্টুডিঅ'লৈ যাত্ৰা কৰিলে। প্ৰায় বিছ কিলোমিটাৰ বাটতো যাবলৈ সি ৰিক্সা এখন ভাৰা কৰিলে। বিয়াগোম ভোজন এটিৰ শেষত নদী তটত ৰ'দ লগোৱা জল- মগৰ  এটিৰ  আমেজেৰে  ৰিক্সাৰ হুডটো খুলি প্ৰখৰ ৰ'দলৈ পিঠিখন উদঙাই দিলে। যাত্ৰাৰ প্ৰতিটো ক্ষণ সি উপভোগ  কৰিলে — নিজৰ ভিতৰতে মিচিকিয়ালে, উচুপিলে, নিজকে দবিয়ালে। কিন্তু তাৰ চকুহালে গোটেই বাটটোত বসন্তৰ মিনা কৰা গহনা হৈ, জুইফুল হৈ অ'ত - ত'ত   গহৰা গজি ফুলা পলাশ, মদাৰ আৰু শিমলুৰ ফুলবোৰত  নজৰ দিবলৈ পাহৰি নগ'ল।

সি ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙৰ  স্থলী পালেগৈ। সি দেখিলে গীত গাবলৈ অহা শিল্পী- প্ৰতিযোগীসকলক আন্তঃৰাষ্ট্ৰীয় খিয়াতি  থকা গুৱাহাটীৰেই  ফেশ্বন ডিজাইনাৰ এগৰাকীয়ে প্ৰস্তুত কৰা পোচাক পিন্ধিবলৈ দিয়া হৈছে।  সদায়েই দেখাৰ দৰে  এনে  পোচাকত  সি  প্ৰতিযোগীসকলক  আজিও আপচু দেখিলে।  তাৰ ভাৱ হ'ল এনেকুৱা পোচাক পিন্ধি আৰু মেকআপ কৰি  গীত  পৰিবেশন কৰিবলৈ  ধৰিলে  সৰু  সৰু ঠাইবোৰৰ পৰা ওলাই অহা প্ৰতিযোগীবোৰৰ কণ্ঠৰ আত্মা ক'ৰবাত  হেৰাই যায়। ভাৱটো  তাৰ নিজৰেই  আউটফেশ্বনড্  যেন  লাগিল। কিন্তু  মনলৈ  অহা  ভাৱনাটিক  সি  অনাদৰ  নকৰিলে।

শ্ব'টোৰ  কাৰ্যক্ৰমণিকা মৰ্মে আজি সি এজন শিল্পী- প্ৰতিযোগীক এটা প্ৰশ্ন কৰিব। প্ৰশ্নটো স্পনছৰৰ নিৰ্দেশনাত  ভব্য, মাৰ্জিত  আৰু  শ্ব'টো টেলিকাষ্ট হোৱাৰ সময়ত  দৰ্শকক ভাৱাচ্ছন্ন কৰি তুলিব পৰাকৈ এক প্ৰফেশ্যনেল ভাষাত লিখি উলিওৱা হৈছে ।  কিছু অভিনয়  সংযোগ কৰি সি মাথো প্ৰশ্নটো সুধি  দিব। যিজন প্ৰতিযোগীয়ে ইয়াৰ উত্তৰ দিব, তেঁওকো উত্তৰটো লিখি  দিয়া হৈছে। যিদিনা শ্ব'টোৰ টেলিকাষ্ট হ'ব, সিদিনা শিল্পী- প্ৰতিযোগীসকলৰ  পৰিবেশন শৈলী, বিচাৰকৰ মন্তব্য, আৰু প্ৰশ্নোত্তৰ পৰ্ব- এই   গোটেইকেইটা কম্প'নেণ্ট এটা সামগ্ৰীক প্যাকেইজ হিচাপে উপস্থাপন কৰা হ'ব।  সেই সময়ত  টেলিভিছনৰ সমুখতবহি  থকা  দৰ্শকে অৱশ্যে প্ৰশ্নোত্তৰ  কাণ্ডটো এক্সটেমপ'ৰ বুলিয়েই  ভাবিব।

তাৰ বেয়া লগা নাই। হাতৰ মুঠিত থকা বসন্ত  ঋতুৰ মিনা কৰা গহনাৰ খবৰটো তাৰ কাৰোবাৰ সৈতে ভগাই লবলৈ মন গ'ল। কথাটো স্কুপ কৰি ৰখাৰ ইচ্ছাটো  মনৰপৰা নোহোৱা হৈ গৈছে। সি শ্বুটিঙৰ ষ্টুডিঅ'ত শান্ত হৈ বহি এটা সুযোগৰ  অপেক্ষাত থাকিল।

....সি দেখিলে শিল্পী- প্ৰতিযোগীসকলে মঞ্চলৈ আহি এটা  এটাকৈ গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰিছে। সি ভীষণ আশাবাদী হৈ উঠিল। এঁওলোকৰ মাজৰ কোনো বা এজনে আজি নিশ্চয়  বসন্ত  ঋতুৰ গীত এটা পৰিবেশন কৰিব। প্ৰতিযোগীবোৰ মঞ্চলৈ উঠি আহিল আৰু গীত পৰিবেশন কৰিলে। সি ধৈৰ্যৰে শেষৰজন শিল্পীলৈকে বাট চাই থাকিল। একেবাৰে শেষত   খুপি খুপি উঠি আহিল এজন অন্ধ প্ৰতিযোগী।

আহ। তাৰ মনত পৰিল  কালি নিশা সি ফুটপাথটোতে লগপোৱা অন্ধ গায়কজনৰ সৈতে এই শিল্পীৰ মুখমণ্ডলৰ  অদ্ভূত    সাদৃশ্য আছে। সাদৃশ্য! আহ  তেৱেঁই ! সি পদপথত   বাগৰি দিয়াৰ জেগাডোখৰত  অন্ধই  কেইটামান  পদপথবাসীৰ সৈতে বহি ভাঙৰ  খোলাত মজি আছিল।  কিছু   ইতস্ততঃ কৰি এসময়ত সিও সিহঁতৰ লগতে ভাঙৰ  নিচাত ডুব যাবলৈ ধৰিছিল। এসময়ত ভাঙৰ জালত দুলি দুলি ডুলি অন্ধই অসম্ভৱ দৰদ ঢালি গীত গাবলৈ ধৰিছিল।    সি দেখিছিল গীতৰ কথাংশ আগবাঢ়ে   মানে অন্ধৰ কণ্ঠলৈ ঈশ্বৰ নামি আহিছে। আৰু নিজম হৈ পৰা গুৱাহাটীৰ বাটলৈ স্বৰ্গীয় সুৰৰ আল- জাল  এটি বিয়পি পৰিছে। এটা সময়ত তাৰ চকুলৈ টোপনি নামি আহিছিল।

ৰিয়েলিটি   শ্ব'টোৰ মজিয়াত অন্ধক দেখা পাই আচৰিত হলেও সি নিশ্চিত হৈ থাকিল - এই শিল্পীয়ে অন্ততঃ বসন্ত  ঋতুৰ গীত এটি পৰিবেশন কৰিবই।  কিন্তু তাক হতাশ কৰি অন্ধই  সূৰ্যৰ পীতবৰ্ণী ৰশ্মিৰ প্ৰতি অতি মেনিয়াক হৈ উঠা, বহু ঋতু জুৰিখৰাঙত ডুব যোৱা গুৱাহাটী মহানগৰীৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙৰ ষ্টুডিঅ'ত ঠিয় দি গাবলৈ ধৰিলে  ব'ৰষুণ এজাকৰ গীত।  বচ। ইয়াৰ লগে লগেই ষ্টুডিঅ'ত গীতৰ মে'জিক প্ৰভাৱৰ সৃষ্টি হ'ল। অন্ধ শিল্পী- প্ৰতিযোগীয়ে যিটো গীত গালে  ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙৰ মজিয়াত  তাৰ তাৎক্ষণিক মে'জিক প্ৰভাৱ পৰিবলৈ ধৰিলে। চাই থাকোতেই   ধূলিৰ ওৰণি  ঠেলি ষ্টুডিঅ'লৈ  সোমাই   আহিল সপোন যেন এজাক ব'ৰষুণ। গোনা ম'হৰদৰে ফেপেৰি পাতি অহা  মেঘৰ টুকুৰাবোৰ প্ৰচণ্ড বেগত ঘঁহনি খাবলৈ ধৰিলে আৰু তাৰপৰা ব'ৰষুণৰ টোপালবোৰ সৰি পৰিল। ভিজি ভিজি মানুহবোৰ চ পচপীয়া হৈ  উঠিল। তেঁওলোকে ব'ৰষুণৰ  টোপালবোৰ  আজলি পাতি  ল'লে আৰু  উকুলি- মুকুলি  খেলিবলৈ  আৰম্ভ কৰি  দিলে।গীতৰ কথাংশ আগবাঢ়ে মানে  পৰিঘটনাটোৱে ৰিয়েলিটি শ্ব'ৰ পৰিধি ভাঙি দিলে। মে'জিকটো মহানগৰবাসীৰ মাজলৈ বিয়পি পৰিল। মুষলধাৰে ব'ৰষুণ নামি আহিল।হাড়লৈকে ভিজি উঠিল মানুহবোৰ। তেঁওলোকে  আজলি পাতি  ব'ৰষুণৰ টোপালবোৰ তুলি ল'লে আৰু উকুলি- মুকুলি খেলিবলৈ আৰম্ভ কৰি দিলে। মায়াসনা হুৱাহাটীৰ চিক-মিক পোহৰত ব'ৰষুণৰ বৰ্ণময় টোপাল হীৰাৰ টুকুৰাৰ দৰে জলমলাই উঠিল। বহুসময় ধৰি ব'ৰষুণত  ভিজি থকাৰ বাবে মানুহবোৰৰ গাৰ পৰা  ব'ৰষুণ  ব'ৰষুণ গোন্ধ এটা ওলাবলৈ ধৰিলে।

এয়াই সঠিক সময়। সি হাতৰ  মুঠিতো খুলি দিলে আৰু বসন্তৰ মিনা কৰা গহনাৰ স্কুপ নিউজটো মে'জিকটোৰ অভিচক্ৰটোত  এৰি দিলে। এতিয়া সি স্পষ্টকৈ শুনিবলৈ পালে ‘নিউজ  প্ৰতিপল'ৰ  মাডামে মূখ্য সম্পাদক অৰিন্দম বৰদলৈক চিঞৰি  উঠিছে,

-আমাৰ গুৱাহাটীৰ প্ৰথমজাক ব'ৰষুণ!  আমাৰ গুৱাহাটীৰ প্ৰথমজাক ব'ৰষুণ!  এইটোৱেই আজিৰ প্ৰাইম টাইম নিউজ হে'ডলাইন। হেৰা অৰিন্দম - ন' পলিটিকেল নিউজ এজ হে'ডলাইন টুডে। দিচ ইজ দ্য হে'ডলাইন। ই ক'ত গ'ল—  আমাৰ সূৰ্যৰ উপাসক —  ইম্প' মহাশয়—   মাতা তাক—  আমি  এইজাক ব'ৰষুণৰ  লাইভ টেলিকাষ্ট  কৰিম।

-মাডাম, আজি তাৰ অফ ডে।
- এহ। বাদ  দিয়া তাৰ  অফ ডে। ফোনত কল কৰা। সি  এতিয়াই  আহি  যাওক।

সি দেখিবলৈ পালে মূখ্য সম্পাদক অৰিন্দম বৰদলৈয়ে থেৰো-গেৰো কৰিছে। কিন্তু মাডামে তাল-  উফাল লগাই চিয়ঁৰিছে, 

-মাতা, তাক মাতি আনা। আমাক ব'ৰষুণৰ ক'ভাৰেজ লাগে। মানুহবোৰে খেলা ব'ৰষুণৰ খেলটোৰ লাইভ  টেলিকাষ্ট লাগে। এই জেন্যুইন শ্বট লবলৈ তাতকৈ উপযুক্ত ৰিপ'ৰ্টাৰ কোন আছে! কিন্তু   সি ক'ত·.......... কালি  গালি খাই ক'ৰবাত গুম হৈ আছে চাগে। বুজিছা অৰিন্দম, কালি অলপ বেচি হৈ গ'ল। অন্ততঃ ভনীয়েকৰ  কথাটো কব নালাগিছিল নেকি! মাতা তাক। ম'বাইল  লগোৱা। মই   বাৰু  তাক   বুজাই  ক'ম।


ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙৰ মজিয়াৰপৰাই সি মাডামৰ এই চিৎকাৰ আৰু টিটকাৰী শুনা পালে আৰু ল'ৰালৰিকৈ তাৰ  ম'বাইলৰ ছিমকাৰ্ডখনি টানি  উলিয়াই   পেলালে।

এসময়ত তাৰ প্ৰশ্নটো সোধাৰ পাল পৰিল। সি বিগলিত হৈয়েই  আছিল। কালি নিশা সি অন্ধৰ কণ্ঠলৈ ঈশ্বৰ নামি অহা নিজেই দেখিছিল। সি তাক সুধিবলৈ দিয়া প্ৰশ্নটোৰ কথা পাহ ৰি গ'ল আৰু অকণো অভিনয়  নকৰাকৈ, হৃদয়ৰ তন্ত্ৰী জোকাৰি  তোলপাৰ কৰি  থকা প্ৰশ্নটো খপজপকৈ সুধি দিলে,

- তুমি সপোন দেখানে· তোমাৰ সপোনত  ৰঙে  কি যাদু  দেখুৱায়।
- মই!  মইতো সপোন  নেদেখো।  মোৰ সমুখত যি থাকে, সেয়া এন্ধাৰ। কোৱা শুনো এই এন্ধাৰৰ নামেই  ক'লা।  —  প্ৰতিযোগীজনে  উত্তৰ দিলে।

তাৰ অনুভৱ হ'ল এজাক  ব'ৰষুণ তাৰ চকুলৈ  নামি আহিছে। সি গম পালে সিহঁত দুয়োৰে মাজত ক'ৰবাত, কিবা এটা মিল আছে। সি অন্ধৰ  হাতখন খামুচি ধৰিলে।

- ব'লা তোমাৰ ঘৰলৈকে এপাক যাও। — সি ফিচফিচাই ক'লে।

.........তাৰ মনত এই অনুভুতিৰ সঞ্চাৰ হোৱাৰ লগে লগেই  ষ্টুুডিঅ'ত কাৰিকৰী বিজুটি ঘটিল। লাইটবোৰ নুমাই গ'ল। সুযোগৰ সদব্যৱহাৰ কৰি দুয়ো বাহিৰলৈ ওলাই আহিল। বাট পোৱাৰ লগে লগে অন্ধ শিল্পীও সাৱলীল  হৈ পৰিল। দুয়ো   শ্বুটিং  ষ্টুডিঅ'টোৰপৰা ওলাই লাচিতনগৰ বাচ ষ্টপেজলৈ ৰিক্সাত উঠি দিলে। তাৰ পিছত বশিষ্ঠ অভিমুখী চিটিবাচ এখনত  সোমাই পৰিল।

বাচ আহি বেলতলা বজাৰ ষ্টপেজ পাওতে দুয়ো নামি পৰিল। বেলতলা বজাৰ মানে উদুলি - মুদুলি বেলতলা  বজাৰেই।   গুৱাহাটী মহানগৰীৰ “জালুকবাৰী টু খানাপাৰা” ফ'ৰলেইন  হাইৱে'ৰ আটাইতকৈ লোভনীয় ট্ৰেফিক  চিগনেল পইণ্ট  বেলতলা বজাৰ। বেলতলা বজাৰ  ক্ৰেতা আৰু বিক্ৰেতা- সকলোৰেই  উপভোগ্য ।  বেলতলা বজাৰ  টাটকা, নিভাঁজ   আৰু  সাৱলীল।

তাৰ মনত পৰিল কামত সোমায়েই  সি মাডামৰ  ওচৰত নিজৰ ইমে'ইজ গঢ়িবলৈ নিয়মীয়াকৈ নিভাঁজ, সাৱলীল  আৰু  সুলভ বেলতলা বজাৰৰ স্কুপ  ক'ভাৰেজেই  বুটলি  আনিছিল।

বাচৰপৰা নামি অন্ধ শিল্পী- প্ৰতিযোগীয়ে লালমাটিৰ ফালে খোজ পেলালে আৰু সি তেঁওক অনুসৰণ কৰিলে। সি  দেখিলে বেলতলাৰ মাটি তেতিয়াও ঠটা, শুকান আৰু কৰ্কশ। অলপ আগতে যে মুষলধাৰে বৰষুণ দিছিল, মানুহবোৰে আজলিয়ে আজলিয়ে হাত পাতি ব'ৰষুণৰ টোপালেৰে উকুলি - মুকুলি খেলিছিল -  সেই কাণ্ডটো  বেলতলা বজাৰত নঘটিল নেকি।
·
অন্ধ - শিল্পী ক'নডম ভেনডিং মেচিন এটাৰ সমুখত ৰৈ দিলে। তেঁও পেণ্টৰ জেপৰপৰা কেইটামান পাঁচটকীয়া   মুদ্ৰা উলিয়ালে । ‘অকণমান সহায় কৰি  দিবা নেকি' - তেঁও সুধিলে। এইবাৰ সি নিজকে  গে'ই   বা   ইম্প'টেণ্ট  বুলি কোৱাৰ সুযোগ এটা দিব  নুখুজিলে  আৰু   অন্ধ- শিল্পীক সহায় কৰিবলৈ উদ্যত হ'ল। এইডচ নিৰাময় সংক্ৰান্তত কাম কৰা বেচৰকাৰী সংস্থা দুটামানে হাইৱে'ৰ  মহিলা যৌনকম¹সকলৰ  সুবিধা হোৱাকৈ  ফ'ৰলেইন   হাইৱে'ৰ কাষে কাষে এই মেছিনবোৰৰ   ইনষ্টল কৰি দিছিল। মেছিনটোত সুমুৱাই দিয়া পাঁচটকীয়া মুদ্ৰা একোটাৰ বিনিময়ত ইপ্সিত সামগ্ৰীপদ ওলাই আহিল। সি  অকণমান আমোদ পালে । সামগ্ৰীপদ হাতৰ মুঠিত ধৰিও দেখোন কোনো উত্তেজনাৰ সৃষ্টি হোৱা নাই।

বেলি লহিয়াবলৈ আৰম্ভ কৰিছে। কইনাধৰা পাহাৰখনৰ বঙিয়াৰে নামি  অহা বেলিটোৱে ইষৎ হেঙুলীয়া আকাশখনৰ তলত বহলকৈ পৰি থকা ধূলিয়ৰি  হাইৱে'টোক সাৱটি ধৰিছেহি। বেলিৰ এই হেঙুলীয়া যাদুৱে হাইৱে'ৰ আবেলিটো ৰোমাঞ্চ-উদ্দীপক কৰি তুলিছে। ৰাজ্যিক  বাচ  টাৰ্মিনাৰ্চটোৰ  পৰা বিভিন্ন  জেগালৈ যাবলগীয়া ৰং- বিৰঙৰ  নাইট চুপাৰবোৰ হাইেৱ'ত উঠিল  আৰু বেলতলা বজাৰ ট্ৰেফিক  চিগনেল পইণ্টৰ ফালে আগবাঢ়িল। বাচবোৰ গৈ শেষ হ'লে চাবৱে'ৰ পৰা ওলাই যাবলগীয়া ট্ৰাকবোৰ হাইৱে'ত উঠিব। বেচিভাগ ট্ৰাকেই অৱশ্যে ৰৈ দিব। বেলতলা বজাৰৰ ট্ৰেফিক চিগনেলক সাৱটি  হাইৱে'ৰ  ‘জালুকবাৰী টু খানাপাৰা' পইণ্টৰ মোহময়তাত। ল'ডিং- আনল'ডিঙৰ কাৰবাৰ শেষ হোৱাৰ পিছতো ট্ৰাক- ড্ৰাইভাৰবোৰ  এদিন- দুদিন বেচিকৈ ৰৈ যাব। দাঁতিৰ কম্পেক্ট  ফ্ল'ৰ'চেণ্ট  লাইটবোৰ জলি  উঠিল আৰু ‘জালুকবাৰী টু খানাপাৰা' এলেকাটোৰ  ফ'ৰলেইন হাইৱে'লৈ  দীপাৱলী নামি আহিল। এই জিল-মিল তিৰবিৰণিত  ট্ৰাক  ড্ৰাইভাৰ, হেণ্ডিমেন  আৰু যৌনকৰ্মীসকলে  নতুন যৌৱন   লাভ কৰিলে। লালমাটি এই উখল- মাখলৰ  জবৰদস্ত অভিমুখ   হৈ উঠিল। চাবৱে'ৰ কাষৰ লাইন হোটেলবোৰৰপৰা মছলাৰ   ফুৰ্ফুৰীয়া গোন্ধ  ভাহি আহিল।

............সি বাউল হৈ উঠিল। আহ । ........সি বিৰবিৰকৈ ক'লে, ফ'ৰলেইন  হাই ৱেৰ ‘জালুকবাৰী টু  খানাপাৰা' পইণ্ট তাৰ কেৰিয়াৰৰ  মে'জিক  নাম্বাৰ  । বেলতলা বজাৰ ট্ৰেফিক চিগনেল পইণ্ট  তাৰ  কেৰিয়াৰৰ মে'জিক  নাম্বাৰ ।

তেতিয়া প্ৰবেশ্যন পিৰিয়ড'ত থকা ‘নিউজ প্ৰতিপল'ৰ এজাক ৰিপ'টাৰ মাডামক স্কুপ  দিবলৈ পাগলৰ দৰে   হৈ উ ঠিছিল।ঠিক সেই   সময়তে সি আৱিস্কাৰ কৰিছিলহি  বেলতলা  বজাৰৰ চিগনেল পইণ্টটোৰ কাষৰ এটা ভগ্ন-স্তুপ চিনেমা হল। মনে  মনে,  কমজেলেকুৱা বগাই থকা পিছল এটা ষ্টেয়াৰকে'চে ৰে সি হলটোৰ চাদলৈ  উঠি গৈছিল আৰু সমুখলৈ চকু মেলি উত্তেজনাত থৰথৰকৈ কঁপি উঠিছিল।  সমুখত এয়া এক ভাৰজিন ৱৰ্ল্ড —  ষ্টীল ট্যু বি এ'প্ল'ৰড বাই এ ৰিপ'টাৰ  - লেঠাৰি - নিচিগা সুলভ  আৰু সাৱলীল  কাহিনীৰ বিচিত্ৰ জগত।

কাহিনীবোৰ আছিল মাডামক খুচ কৰি দিব পৰাকৈ ৰহস্যময়, সতেজ   আৰু  সাৱলীল। পূজাৰীয়ে  বেদীৰপৰা   দলিয়াই দিয়া বাহী ফুলৰ এধাৰি মালাৰ দৰে। প্ৰতিপাহ ফুলেই একক, বিষণ্ণ - অথচ   পৰিদৃশ্যমান অৱস্থা এটাই  গাঁথি মাৰি থোৱা।  সি  আৰু কেমেৰামেন  বাংকুৱে  ফ'ৰলেইন  হাইৱেৰ অসংখ্য কাহিনীৰ ফুটেজ লাভ কৰিলে।হাইৱে'ৰে ‘জালুকবাৰী টু খানাপাৰা' পইণ্টত সোমোৱা হাজাৰ হাজাৰ ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ কাষে কাষে সামান্য  কেম'ফ্লেইজ কৰিয়েই সপ্ৰতিভ মহিলা যৌনকৰ্মীবোৰে কেনেকৈ দিনতে নিশাটোৰ বাবে নিজৰ বিক্ৰী মূল্য নিৰূপণ কৰে — সেই সম্পৰ্কে সি দিয়া স্কুপ ক'ভাৰেজবোৰ ‘নিউজ প্ৰতিপল'ৰ প্ৰাইমটাইম  নিউজ বুলেটিনত ধাৰাবাহিকভাৱে প্ৰকাশ পাবলৈ ধৰিলে । আচৰিতধৰণে সিহঁতে সহযোগ লাভ কৰিছিল মহিলা যৌনকৰ্মীবোৰৰ । সিহঁতে ইমান সপ্ৰতিভ হৈ  কেমেৰাৰ আগত কথা কৈছিল (বাইটচ্  দিছিল) যে,  সি নিজেই   বুৰ্বক  হৈ  গৈছিল। শ্ৰমিকৰ মৰ্যদা লাভ কৰা মহিলা যৌনকমৰ্মীবোৰক বিভাষিকাময় বিধস্ত  অতীতে লেটিয়াই ৰাখিলেও  অন্তৰত পাপ- বোধ,  আৰু আবুৰৰ লেশমানো চিন নাছিল। পিছত ‘নিউজ প্ৰতিপল' ৰ প্ৰাইম টাইম নিউজৰ স্পেচিয়েল বুলেটিন হিচাপে কাহিনীবোৰ সম্প্ৰচাৰ হওতে তুমুল জোকাৰণিৰ সৃষ্টি  হৈছিল ।

তেতিয়াই মাডাম খুচ হৈ তাৰ নামটো এক্ৰিডিটেশ্যন কমিটিলৈ পঠিয়াই দিলে। তাৰ নামত এখনি এক্ৰিটিচেট  কাৰ্ড ইচ্ছ্যু কৰা হ'ল । সি নিয়মিতভাৱে সচিবালয়লৈ অহা- যোৱা কৰি অসংখ্য স্কুপ ক'ভাৰেজ উলিয়াই  মাডামৰ হাতত দিলে। তাৰ এই স্কুপ ক'ভাৰেজৰ কোনো স্পেচিয়েল বুলেটিনৰ এতিয়ালৈকে  সম্প্ৰচাৰ হোৱা   নাই। মাডামে নিউজবোৰ লয় আৰু আন এখন খেল আৰম্ভ কৰে ।

তাৰ মনত পৰিল  - সচিবালয়লৈ অহা- যোৱা কৰিবলৈ লোৱাৰেপৰা সিও  ফ'ৰলেইন  হাই ৱে'ত  ভুমুকিয়াব  পৰা  নাই।

এইখিনিতে অন্ধ- শিল্পীৰ মাকেও এখন লাইন হোটেল খুলি বহিছিল। সেইখিনি পাই অন্ধ- শিল্পীয়ে তাক ক'লে,

 - শুনা বন্ধু । ঘৰত মোৰ মা আৰু ভনী থাকে। মাৰ দৰ এতিয়া বেলতলা বজাৰৰ  এপোৱা গাহৰি মাংসতকৈও  কম। মায়ে    এক   কিলো গহৰিৰ মাংসৰ দাম পালে তোমাক নিশ্চয়েই গৰম গাখীৰৰ চাহ একাপ খাবলৈ দিব।  কিন্তু শুনা, ভনীজনীক কোনো কথা সোধাৰ সাহস মোৰ নাই।

আহ । সি দেখিলে এইটো পইণ্টত অন্ধ আৰু তাৰ স্থিতি মিলি গৈছে। অন্ধৰ দৰে সিও ভনীয়েকক কৈফিয়ৎ খোজাৰ সাহস  গোটাব পৰা নাছিল। সি উজনিৰ এক বিখ্যাত  লোক- সংস্কৃতিৰ কৰ্মীৰ  পুত্ৰ। দেউতাকৰ অকাল  মৃত্যুৰ পিছত গুৱাহাটীলৈ গুচি আহিছিল। পঢ়িব, চাকৰিও কৰিব - এইধৰণৰ  অনিশ্চিত বন্দবস্তিত।....কিছুদিনৰ পিছত গাৱঁৰ কলেজত ভাল ৰিজাল্ট  কৰি ভনীয়েকো পঢ়িবলৈ গুচি আহিল। সি মেচ কৰি সাংবাদিকতাৰ ডিপ্লমা  ক'ৰ্চ এটা কৰি থকাৰ লগতে বিভিন্ন চাকৰিৰ সন্ধানত আছিল আৰু ভনীয়েকে কলেজৰ হোষ্টেলত থাকি ডিগ্ৰী ক'ৰ্চ   পঢ়িবলৈ আৰম্ভ কৰিছিল।আহ.....দায়িত্বসম্পন্ন  ককায়েক এজনৰ  দৰেই সি  গুৱাহাটীত ভনীয়েকৰ  দায়িত্ব লবলৈ সাজু  হৈছিল।

কিন্তু ভনীয়েকে তাক আমনি নিদিলে। একাডেমিক ৰেকৰ্ডটো ঠিকেই ৰাখি চৌখিন হৈ উঠিল তাই। তাই  এই  চখবোৰ কেনেকৈ পুৰণ কৰিছে সেই কথা সি ভনীয়েকক সুধিব নোৱাৰিলে। প্ৰসিদ্ধ লোক- সংস্কৃতিৰ  কৰ্মীৰ জীয়ৰী, গাৱঁত গীতে - মাতে উজলি থকা ভনীয়েকে কলেজতো পঢ়া-শুনা, গান- বাজনাৰ তাল সমানেই মিলাই জিলিকি থাকিল। ভনীয়েকৰ এই প্ৰচণ্ড আত্মবিশ্বাসৰ সমুখত চেঁচা পৰি গৈছিল সি। সি ভনীয়েকক একো কথাই সুধিব নোৱাৰিলে।....আৰু এদিন সি খবৰ পালে  নিশা হোষ্টেলৰ পৰা গোপনে ওলাই য়োৱা গুৱাহাটীৰ অভিজাত  হোটেল এখনৰ  বাৰত পুলিছে উদ্ধাৰ কৰা কলেজীয়া ছোৱালীৰ দল এটাত তায়ো আছে।

হয় হয় থানাত সি দেখিবলৈ পাইছিল সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মীসকলে ছোৱালীৰ দলটোক প্ৰশ্ন সুধি হায়ৰাণ কৰি তুলিছে। অসমৰ আটাইতকৈ নামজলা উচ্চশিক্ষাৰ  প্ৰতিষ্ঠানৰ ছাত্ৰী সিহঁত । সিহঁত কিয় বাৰ- ডান্সাৰ  হ'বলৈ গ'ল· কিহৰ তাড়ণাত!

সি দেখিলে ভূণভূণকৈ কেৱল তাৰ ভনীয়েকেহে  সংবাদকৰ্মীক উত্তৰ দিছে  -

-অনলি ফৰ মাণি, জাষ্ট ফৰ মাণি ।......... মাথো টকাৰ বাবেই, কেৱল টকাৰ বাবেই ।

-কিমান টকা পোৱা।
- টু থাউজেণ্ড পাৰ নাইট । প্ৰতিটো  নিশাৰ বাবে দুহেজাৰ।

তাই সংবাদকৰ্মীক প্ৰতিটো প্ৰশ্নৰেই উত্তৰ দিছিল। আচৰিতধৰণে তাই উন্মোচিত  কৰিছিল গুৱাহাটী মহানগৰীৰ  অভিজাত শিক্ষা- প্ৰতিষ্ঠানৰ ছাত্ৰীনিবাসবোৰৰ অভ্যন্তৰৰ কিছুমান অতি কলংকিত অধ্যায় । নাইট চকীদাৰৰ সৈতে গোপন বুজাবুজি কৰি সিহঁতে আনকি নিশা নিশা শ্বিলং পৰ্যন্ত পাইছিলগৈ  আৰু  পুৱা আহি   হ'ষ্টেলত  প্ৰৱেশ কৰিছিল।

ভনীয়েকৰ এই বেপেৰোৱা স্বীকাৰোক্তি  কৰাৰ   সাহস দেখি সি হিম হৈ গৈছিল।
কিন্তু এই উত্তেজনাটো মাৰ নৌ যাওতেই তাই আত্মহননৰ পথ লৈ গুৱাহাটীৰপৰা সিহঁতৰ গাঁওখনলৈ আৰু   এটা  উত্তেজনা বিয়পাই দিছিল। খবৰটো পাই  গাৱঁত মাক মাটিত ঢ লি পৰিল। তেখেতৰ মেজৰ ষ্ট্ৰ'ক এটা হ'ল। .........সি মাকক বচাব নোৱাৰিলে। আহ...... দেউতাকৰ মৃত্যুৰ পিচত এনেকৈয়ে  তাৰ বোকোচাত   শ্মশানতলিৰ  গধূৰ  বোজা জাপি দি মাক   আৰু ভনীয়েক  গুচি গৈছে।  ঠিক তেতিয়াৰেপৰাই সি  হেৰুৱাই  পেলাইছে  উত্তেজনা।


সি  দেখিলে অন্ধ- শিল্পীৰ ঘৰত তেতিয়া মাতৃ- ভগ্নী উভয়েই আছিল। সিহঁতে প্ৰত্যেকেই একোকাপ গৰম  গাখীৰৰ চাহ  খালে। অন্ধই  গৰম চব্জিৰ সৈতে দুখন শুকান ৰুটি খাই তাক ক'লে,

- এতিয়া বিদায় বন্ধু । — সি আচৰিত হ'ল।
- তুমি কলৈ যোৱা·'ৰপৰা তোমাক  আনিছিলো, তালৈকে। এয়াইতো মোৰ কাম।

সি নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলে। .........সি দেখিলে তাৰ এই একাকীত্ব দূৰ কৰিবলৈ অন্ধ- শিল্পীৰ  ভগ্নী আহি  উপস্থিত  হৈছেহি। তাই আন্তৰিকতাৰেই  তাৰ সৈতে কথা পাতিবলৈ ধৰিলে। আচলতে তাইৰ বাবে সি অচিনাকি  নাছিল। এইচোৱাতে সি আৰু  বাংকুৱে বেলতলা বজাৰৰ সাৱলীল কাহিনীবোৰৰ ফুটে'জ লৈ  থাকোঁতেই  তাই তাক চিনি  থৈছিল। .....তাই যথেষ্ট উৎসাহী হৈ  উঠিল।

সি মন কৰিলে  লাইন হোটেলখনৰ ভিতৰৰ কোঠাতো মুখৰ হৈ পৰিছে। ইতিমধ্যে সোমাই অহা অহা ট্ৰাক-  ড্ৰাইভাৰবোৰে  ৰুটি-চব্জি খাই লাইন  হোটেলৰ ভিতৰৰ বিচনাকেইখনৰ  ফালে বাট লৈছে। সি অন্ধৰ চঞ্চল কিশোৰী ভনীয়েকৰ ব্যৱহাৰত অলপো  কৃত্ৰিমতা দেখা নাপালে। তাই আছিল ‘নিউজ প্ৰতিপল'ৰ  প্ৰাইম  টাইম   বুলেটিনত ওলোৱা কাহিনীবোৰৰ দৰেই সুলভ আৰু মুখৰ। কথাৰ মহলা মাৰি থাকোতেই  গেছৰ বাৰ্ণাৰত গাখীৰ উতলি উতলি পৰিবলৈ আৰম্ভ কৰিছিল।

- ঐ কাঞ্চী কাঞ্চী — গাখীৰ পৰি গ'ল বে'। কথা চোবাই থাকোতেই  তোৰ গাখীৰ উতলি পৰি গ'ল। --- কেইটামান হেণ্ডিমেনে সিঁয়াৰি উঠিল। তাই কিন্তু সিফালে মন নিদিলে। বৰং তাৰ প্ৰতি তাইৰ আকুলতা দেখুওৱাৰ কৌশল  নিখুঁতভাৱে প্ৰকাশ কৰিবলৈ ধৰিলে। অন্ধ শিল্পীৰ চঞ্চল,  কিশোৰী ভনীয়েক সুদক্ষ পাৰফেকশ্যনিষ্ট  হৈ  পৰিল।

-কাম অন। ....লেটচ প্লে দ্য গে'ইম....।
সি বুৰ্বক হৈ গ'ল। ...............কিছুসময়লৈ সি নিজকে তাইৰ দ্বাৰা পৰিচালিত হ'বলৈ এৰি দিলে।  ক্ৰমাম্বয়ে সি  শুনিবলৈ পালে তাইৰ  ব্যৱহাৰ কৰা বিদেশী ভাষাটোৰ প্ৰায় নিখুঁত, নিভাঁজ  আৰু পৰিচ্ছন্ন  শেব্দাচ্চাৰণ এটি  কৰুণ গীতলৈ পৰিণত  হৈছে   আৰু  এটি গুণগুণণি  হৈ  ফ'ৰলেইন  হাই ৱেত   বিয়পি পৰিছে।

- অনলি ফৰ মানি, জাষ্ট ফৰ মানি। কেৱল টকাৰ বাবেই , মাথো টকাৰ বাবেই ......।

মাথোঁ এটি নেন' - চেকেণ্ড। সি অনুভৱ কৰিলে সি প্ৰস্তৰ যুগৰ এটি  শিলা   পৰিছে। আহ.....সি   নিজকে ক'লে—  সকলো কথা জোকাৰি পেলাব খুজিলেও  বোকোচাৰপৰা  অতীত নামি  নাযায় ,  নামি  নাযায়। দ্য ট্ৰুথ ইজ দ্যেট -- সি একেবাৰে  শূণ্য-- সি   ঘামি  উঠিল । সি দেখিলে  আহত অন্ধ- শিল্পীৰ ভনীয়েকৰ ক্ৰুৰ চকুযোৰে  তাৰ ৰুগ্ন শৰীৰটো আঁজুৰি   পেলাইছে    আৰু  তালৈ আঙুলি টোঁৱাই  তাই   ভ্ৰূকুটিৰে     ক বলৈ ধৰিছে  — তাৰ যি অস্তিত্ব,  সেয়াই  সি —  বহুদিন  ব'ৰষুণ  নপৰা গুৱাহাটীখনৰ দৰেই।

————

তাৰ নিচা ফাটি গ'ল। সি গম পালে কাঞ্চীৰ এইহাল চকু সি ক'ৰবাত দেখিছে।  হয় হয়  এইখিনিতে কাঞ্চী আৰু  মাডামৰ   চকু এটা বিন্দুত মিলি একাকাৰ হৈ পৰিছে। তাইৰ চাৱনিত প্ৰতিফলিত ঘৃণা আৰু  হতাশাই তাক  চৈতন্যৰ জগতলৈ ওভতাই আনিলে। আহ। তাৰ মনত পৰিল মাডামে ভনীয়েকৰ প্ৰসংগটো উলিওৱাৰ পিছৰেপৰা সি মনোজগতৰ এক ভয়ংকৰ বাটেৰে গতি কৰিছে। বিভ্ৰম  আৰু বিভ্ৰান্তিৰে ভৰা  এক মিথ্যাৰ জগতৰ অনন্ত  অন্ধকাৰলৈ গুচি আহিছে সি । এই বিভ্ৰমৰ জগতত  বসন্তৰ মিনা কৰা গহনা, ৰিয়েলিটি শ্ব', ব'ৰষুণ  ব'ৰষুণ   খেল —  সকলো বিশৃংখল হৈ, লেটি- পেটি   হৈ, একাকাৰ  হৈ  গৈছে ।


আহ্।  প্ৰচুৰ পৰিমাণে ভাং আৰু ভাঙত মিহলাই থোৱা ড্ৰাগচ সেৱনৰ ফল এয়া । অন্ধই তাৰে সুযোগ লৈ তাৰ  সমুখত  একোজনী মাক আৰু ভনীয়েকৰ সৃষ্টি কৰিছে  আৰু তাক  বেলতলা বজাৰ পোৱাইছেহি।

ফুটপাথৰ অন্ধ শিল্পী — সুৰৰ ৰাগীত যাৰ কণ্ঠলৈ ঈশ্বৰ নামি আহিছিল—  হি ইজ এ্য  পিম্প—  বেশ্যাৰ দালাল!

গুৱাহাটীৰ মাজনিশা। লালমাটি এলেকাৰ হাইৱে'ৰপৰা ফাটি অহা চাৱৱে'টোৰে সি ধহমহাই দৌৰিবলৈ ধৰিলে। বেলতলা বজাৰ ট্ৰেফিক চিগনেল পইণ্টলৈ। তাতেই   সি গাড়ী- চাড়ী কিবা এখন যোগাৰ কৰিব আৰু   উভতি যাবগৈ। আহ... বাইকখন,  তাৰ অতি   মৰমৰ  শতাব্দী প্ৰাচীন  বাইকখন - মাক  মৰাৰ পিচত ঘৰ - মাটি বিক্ৰী কৰি পোৱা টকাৰ কিছু বেংকত থৈ   বাকীখিনিৰে কোনোমতেহে   কিনিব পাৰিছিল - যাৰ বোকোচাত  উঠি সি  আৰু  কেমেৰামেন বাংকুৱে   গুৱাহাটীখন  টহিলং  কৰি ফুৰে  স্কুপৰ সন্ধানত — সেই  বাইকখন ঠিক জেগাত আছেনে বাৰু! নে........। সি আৰু ভাবিব নোৱাৰিলে। প্ৰবল  বেগেৰে সি দৌৰি  থাকিল। 

এনেকৈ দৌৰি থাকোতেই সি হঠাতে শুনিবলৈ পালে মেঘৰ গৰ্জন। হয় হয় মেঘে গাজিছে। গুৱাহাটীৰ আকাশত  মেঘে  গাজিছে। চ'তৰ শেষ এয়া। খৰত  ডুবি থকা গুৱাহাটীৰ  বুকুলৈ   দলদোপ- হেন্দোলদোপ   কৰি  বৰদৈচিলা  নামি  আহিছে। অলপ পিছতেই ধুমুহা- গাজনিৰে ব'ৰষুণ নামি আহিল। মুষলধাৰ ব'ৰষুণে গুৱাহাটীৰ বুকু ওপচাই পেলালে। এটুকুৰা নিৰাপদ ঠাই বিচাৰি চাবৱে'ত খাৰা কৰি থোৱা ট্ৰাকৰ বিশৃংখল লানিটোৰ মাজেৰে সি দৌৰি  থাকিল। তীব্ৰ বেগত আহি  থাকোঁতে সি বেলতলা পুলিচ থানাৰ সমুখত পুলিচে জব্দ কৰি থোৱা ট্ৰাক এখনত  প্ৰচণ্ড বেগত খুন্দা মাৰিলে আৰু হামখুৰি  খাই,  তেজেৰে ৰাঙলী হৈ  ৰাস্তাৰ  ওপৰত পৰি  গ'ল।


সি গভীৰ  টোপনিত ঢলি পৰিল।

ঠিক সেই খিনিতে গহৰা গজা মদাৰ গছ   এজোপা  ৰঙা  হৈ   ফুলি উঠিছিল। মহিলা যৌনকৰ্মীবোৰৰ   আঙুলিৰ  লেতেৰা নখৰ  দৰে জোঙাল, দ্য আদাৰ ফে'ইচ  অৱ দ্য গুৱাহাটীৰ দৰে উত্তেজক আৰু তেজৰ দৰেই ৰঙা মদাৰ ফুলৰ  পাপৰিবোৰে গছজোপা ভৰুণ কৰি তুলিছিল। এতিয়া বৰদৈচিলাৰ প্ৰচণ্ড জোকাৰণিত মোচৰ খাই ফুলৰ পাহিবোৰ সৰিবলৈ ধৰিলে আৰু তেজেৰে   ৰাঙলী হৈ   ৰাস্তাৰ ওপৰত পৰি থকা তাৰ  দেহটোক  সাৱটি  ধৰিলে।

এয়া বিভ্ৰম নাছিল। সেইনিশা সঁচাকৈয়ে গুৱাহাটীৰ বুকুলৈ  বৰদৈচিলা  নামি আহিছিল  আৰু মুষলধাৰ ব'ৰষুণে খৰাঙত  ডুবি  থকা আমাৰ মৰমৰ মহাগৰীখন  ওপচাই  পেলাইছিল।

———
মে', ২০১০ চন
পূৰ্ব প্ৰকাশ – কথা গুৱাহাটী


                           

No comments:

Post a Comment