Monday 5 June 2017

শংকৰদেৱ আৰু অসমীয়া আঞ্চলিকতাবাদ - ‘কুক্কুৰ শৃগাল গৰ্দভৰো আত্মাৰাম’ৰ বিপৰীতে এতিয়া বৰ্ণবাদৰ প্ৰৱণতা

http://asomiyapratidin.in/index.php?date=06-06-2017&page=4


ৰত্না ভৰালী তালুকদাৰ 

অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰিলে প্ৰথমতে এটা সৰ্বভাৰতীয় সত্তা আৰু দ্বিতীয়তে, সেই সত্তাক সাৰ-পানী যোগাবৰ বাবে এটা উজ্জীৱিত আঞ্চলিকতাবাদী অসমীয়া সত্তা দেখিবলৈ পাঁও অৱশ্যে, আঞ্চলিকতাবাদ এটা ৰাজনৈতিক ধাৰণা। তদুপৰি, শংকৰদেৱৰ জীৱনকালত ‘আঞ্চলিকতাবাদ’ৰ বাগধাৰা এটিয়ে  গঢ় লৈ উঠাতো  নাছিলেই, বৰং সেই সময়ৰ অসমখন আছিল বিভিন্ন ৰাজন্য তথা সামন্তবৰ্গৰ তলত বিভিন্ন শ্ৰেণীৰে শাসিত। 

তেনেক্ষেত্ৰত শংকৰদেৱৰ সাহিত্য দৰ্শনত আঞ্চলিকতাবাদৰ সুৰ বিচাৰিবলৈ যোৱাটো বাতূলতা নেকি? আমাৰ ধাৰণাত  নহয়। বৰং, বৰ্তমানৰ ধৰ্ম সংপৃক্ত ৰাজনৈতিক বাগধাৰাই আমাৰ দেশৰ গণতন্ত্ৰ তথা ধৰ্মনিৰপেক্ষতালৈ ভাবুকি  কঢ়িয়াই অনাৰ সময়ত শংকৰদেৱৰ দৰ্শনৰ বিভিন্ন দিশৰ ওপৰত পোহৰ পেলাবলৈ চেষ্টা কৰাটো উচিত বুলিহে আমাৰ অনুভৱ  হয়।  শংকৰদেৱৰ দৰ্শনৰ সৰ্বভাৰতীয় সত্তাৰ সমানেই শক্তিশালী আঞ্চলিকতাবাদী ধাৰাটিক বুজিবলৈ হ’লে আমি তেখেতৰ সাহিত্য আৰু সাংস্কৃতিক উপজীব্যৰ মাজত নিহিত হৈ থকা অন্তঃস্ৰোতটিৰ নজহা-নপমা ৰত্নবোৰৰ সন্ধান কৰিবলগীয়া হয়।

মূলতঃ শংকৰদেৱে এনে এটা কালিকা লগা ভাষাৰে অসমীয়া সাহিত্য সৃষ্টি কৰি থৈ গৈছে, যি ভাষা কেইবা  শতিকা ধৰি পুৰণি হোৱা স্বত্বেও প্ৰাচীন হোৱা নাই উদাহৰণস্বৰূপে, শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ অন্যতম কীৰ্তি কীৰ্তনঘোষাৰ কথা প্ৰথমটি কূট - ‘প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন’ – এই বাক্যাংশৰে আজিও এটা আধুনিক প্ৰবন্ধৰ আৰম্ভণি কৰিব পাৰি আনকি, অলপ সৃষ্টিশীলতাৰ পৰিচয় দি এটা চুটিগল্পৰ আৰম্ভণি পৰ্যন্ত কৰিব পাৰি। তেখেতৰ  সাহিত্যভাষাৰ এই সৰ্বগ্ৰাসী, সৰ্বব্যাপ্ত চেতনাৰ বাহক হৈছে পূতঃসলিলা হৈ থকা অন্তঃস্ৰোতটিৰ এক দায়বব্ধ, নিঁভাজ, আঞ্চলিকতাবাদী সত্তা- যি সৰ্বভাৰতীয় চেতনাৰ আৱৰ্তত থাকিও নিজস্ব পৰিচয়েৰে সমুজ্জল  

ব্ৰাহ্মণ্যবাদৰ কবলত আৰু বৰ্ণবাদ চেপাত হাৰাশাস্তি হোৱা সেই সময়ৰ অসমীয়া মানুহক ধৰ্মৰ কেঁকোৰা-চেপাৰ পৰা মুক্তি দিবলৈ  শংকৰদেৱে আপাত সৰল একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল “এক দেউ,  এক সেউ, এক বিনে নাহি কেউ” বাৰ্তাৰে কিন্তু ধৰ্মৰ উদাৰবাণীৰ পৰিধি পাৰ হৈ অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব বিচাৰি পালে শংকৰদেৱৰ দৰ্শন আৰু তাৰ মাজত নিহিত হৈ থকা অসমীয়া জাতিসত্তাৰ সন্ধানত। শংকৰদেৱৰ দৰ্শনত নিহিত হৈ থকা এই সত্তাই জাতিটোৰ সংকটকালত নতুন নতুন বাগধাৰাৰে উদাৰ অসমীয়া আঞ্চলিকতাবাদৰ সন্ধানত পোহৰ পেলাই থাকিব বুলি আশা কৰিব পাৰি । 

দুবাৰকৈ ভাৰত ভ্ৰমণ কৰা শংকৰদেৱে ভ্ৰমণ কৰাৰ কালত ইয়াৰ বহুবৰ্ণী-বৈচিত্ৰময় সংস্কৃতিক  উপলব্ধি কৰিছিল দেখিবলৈ পাইছিল দেশৰ প্ৰান্তে প্ৰান্তে বসবাস কৰা সৰু-বৰ  জাতিসত্তা - তেঁওলোকৰ মুখৰ ভাষা, সাজ-পাৰ, জীৱন ধাৰণৰ বৈচিত্ৰতা এইবোৰৰ সন্মিলিত শকতিয়েই যে মহান ভাৰতবৰ্ষ, সেই কথাও তেখেতে উপলব্ধি কৰিছিল সেয়েহে তেখেতে কবলৈ দ্বিধাবোধ নকৰিলে ‘ধন্য ধন্য ভাৰত বৰিষে’ বুলি কিন্তু নিজে সংস্কৃতত অগাধ পাণ্ডিত্য লাভ কৰাৰ লগতে দেশৰ প্ৰখ্যাত পণ্ডিতসকলৰ সান্নিধ্য পোৱাৰ পিছতো কিহে তেঁওক এই উপলব্ধি দিলে যে,  “ধন্য ধন্য ভাৰত বৰিষে’ৰ অস্তিত্বক স্বীকাৰ কৰি লৈও ভাষা-সাহিত্যৰ বেদিত পুষ্প-অৰ্ঘ্য দিবৰ বেলিকা উৰ্ধত তুলি ধৰিব লাগিব আইৰ মুখৰ ভাষাক, চিৰি লুইতৰ দুয়োপাৰে যুগ যুগ ধৰি বাস কৰি অহা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক  জীৱনক। সাহিত্যৰ ক্ষেত্ৰত শংকৰদেৱ ইমানেই সম্পৰীক্ষাবাদী যে, য’তেই সুবিধা পাইছে — তাতেই তেঁও সৰ্বভাৰতীয় সনাতন হিন্দু ধৰ্মৰ উপাখ্যানবোৰৰ চৰিত্ৰসমূহৰ চিত্ৰণ, অথবা পৰিবেশ বৰ্ণণৰ বেলিকা নিৰন্তৰে ব্যৱহাৰ কৰি গৈছে থলুৱা উপমা-দৃশ্য-পট-পটন্তৰ  কীৰ্তন ঘোষাৰ  ‘হৰমোহন’ত তেখেতে স্বৰ্গৰ নন্দন –কাননখন বৰ্ণণা কৰিছে অসমৰ গছ-গছনিৰে।সাহিত্যৰ চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত শংকৰদেৱে সচেতনভাৱেই  গ্ৰাম্য  অসমীয়া মানুহৰ মনস্তত্বঃৰ গভীৰলৈ প্ৰৱেশ কৰিছে কৃষ্ণৰ শিশুলীলাৰ বৰ্ণণাৰ যি যশোদা, সেই যশোদা আঞ্চলিক সত্তা - যি বাস কৰে অসমৰ এখন গাৱঁত, আৰু গৃহস্থীৰ নানা জঞ্জালৰ মাজত সন্তানৰ ওভট নাচোন দেখি টিকিচি-বিকিচি হৈ উঠা মাক এজনীৰ দৰেই কৃষ্ণক গালি পাৰে  -  “খাইবো আজি কৃষ্ণ তোৰ মাথা”(শিশুলীলা, চতুৰ্থ কীৰ্তন) ‘হৰমোহন’ত শিৱৰ ছবিখন অঁকাৰ সময়ত শংকৰদেৱে ব্যৱহাৰ কৰা ভাষাৰ কৌতুকময়তাই আমাক যিমান মোহিত কৰে, সিমানেই বিস্ময়াভিভূত কৰে শিৱৰ চৰিত্ৰৰ আঞ্চলিক চিত্ৰায়নে। এই আঞ্চলিকতাবাদী চৰিত্ৰৰ বাবেই নামঘৰৰ মজিয়াত কীৰ্তন পাঠ শুনাৰ অভিজ্ঞতা থকাসকলৰ বাবে পাঠেকীৰ ‘পাঠ’ আৰু ‘ব্যাখ্যা’ৰ সময়ত ভকতৰ চকুৰপৰা সৰি পৰা ভকতিৰ অমিয়া ৰসৰ পানী দুটোপাল যিমান চিনাকি - তেনেকৈ সময় বিশেষে সোলা দাঁতৰ ফাঁকেৰে ফুচুককৈ সৰি পৰা হাঁহি এটিও সমানেই চিনাকি । সাংস্কৃতিক কৰ্ম-কাণ্ডৰ বেলিকাও তেঁও থলুৱা জনগোষ্ঠীয় সমলক প্ৰাধান্য দিয়াৰ মাজেৰে আঞ্চলিক চেতনাকেই ওপৰলৈ তুলি আনিছে । সত্ৰীয়া নৃত্যৰ গৱেষক ড০ মল্লিকা কন্দলিয়ে তেখেতৰ “নৃত্যকলা প্ৰসংগ আৰু সত্ৰীয়া নৃত্য” গ্ৰন্থত বড়োসকলৰ বাগৰুম্বা, খেৰাই, বাৰদৈচিখলা, ৰাভাসকলৰ হামজাৰ, মিচিং আৰু সোণোৱাল কছাৰীৰ বিহু, কাৰ্বি, হাজংসকলৰ নৃত্যৰ উপাদানৰ বিষয়ে বিতংকৈ আলোচনা কৰিছে – যি আজিৰ তাৰিখত হৈ উঠিছে সুস্থ আঞ্চলিকতাবাদী চেতনাৰ ধাৰক আৰু বাহক। 

এই নিবন্ধত শংকৰদেৱৰ দৰ্শনৰ মাজত নিহিত হৈ থকা আঞ্চলিকতাবাদী সত্তাৰ ওপৰত আলোকপাত কৰাৰ  কাৰণটি হৈছে শেহতীয়াকৈ কিছু শক্তিয়ে পৰিকল্পিকভাৱেই অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন স্বৰূপ শংকৰদেৱক নস্যাৎ কৰিব খোজাৰ প্ৰৱণতাৰ সম্পৰ্কত আমাৰ মনত উদ্ভৱ হোৱা সংশয় অসমৰ মাটি-পানীত সিচৰিত হৈ থকা সমলবোৰ বুটলি আনি সাহিত্যকৰ্ম তথা সৃষ্টিশীল সাংস্কৃতিক উপজীৱ্যক যথাযথ স্বীকৃতি প্ৰদান কৰাৰ বাবেহে শংকৰদেৱৰ সাহিত্যৰ আঞ্চলিকতাবাদী চৰিত্ৰত ‘ধন্য ধন্য ভাৰত বৰিষে’ৰ ধাৰণাটি অনায়াসে জাহ গৈছে। কিন্তু বৰ্তমানে অসংখ্য জাতি- জনগোষ্ঠী জাহ যোৱা আমাৰ মৰমৰ চিৰিলুইতখন যেতিয়া হৈ উঠিছেহি ‘কৰ্প’ৰেট পৰ্যটন মানচিত্ৰ’ৰ অংশ - আৰু ইয়াক শক্তিশালী কৰিবৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ আশীষবাণীৰে ‘নমামী ব্ৰহ্মপুত্ৰ’ নামৰ এটা ‘ৰাজনৈতিক-সাংস্কৃতিক’ বাগধাৰাৰ অৱতাৰণা কৰিব খোজা হৈছে - তেতিয়া আমি উপলব্ধি কৰিছোঁ যে, এই বাগধাৰাৰে পৰিচিতি লাভ কৰিবলৈ সাজু হোৱা ‘ব্ৰহ্মপুত্ৰ’খন আমাৰ ঐতিহ্যময় ‘চিৰিলুইত’ৰ সত্তাত জাহ যোৱা নাই  

আমাৰ শংকা হয় যে, চিৰি লুইতৰ দৰেই চিৰপ্ৰৱাহমান আমাৰ আঞ্চলিক সত্তাক নস্যাৎ কৰাৰ অংশ হিচাপেই এতিয়া আৰম্ভ হৈছে অসমীয়াৰ মানসপটৰপৰা শংকৰদেৱৰ যাউতিযুগীয়া আৰু সৰ্বগ্ৰাসী চেতনাক উৎখাত কৰাৰ ষড়যন্ত্ৰ তাৰেই অংশ হিচাপে সত্ৰীয়া সংস্কৃতিৰ নাভিকেন্দ্ৰ হিচাপে ইমান দিনে পৰিচিত হৈ থকা মাজুলীৰ সত্ৰৰ বৰঘৰৰ মজিয়াৰপৰা  হাতে শংকৰদেৱ আৰু আনহাতে শকৰদেৱ প্ৰদত্ত কৃষ্ণচেতনাক উৎখাত কৰি ‘ৰাম’ক প্ৰতিষ্ঠা কৰা দুৰ্বাসনা চলিছে বুলি সন্দেহ আৰু সংশয়ে বাহ সাজিছে অলেখ বান, নৈৰ খহনীয়া, আৰ্থিক দৈন্যদশাৰ মাজতো অনাহাৰে থাকি পেটত গামোচা বান্ধি চৈধ্য প্ৰসংগ, সত্ৰীয়া সংস্কৃতিৰ অমূল্য বৰঘৰ অচিনা শতৰুৱে হাতচানি কৰিব নোৱাৰাকৈ ধৰি ৰখা আতৈসকলৰ ভোকাতুৰ, নিমাখিত মুখমণ্ডলৰ ওপৰেৰে সত্ৰৰ নাভিমূলত সজীৱ হৈ উঠিছে ধৰ্মীয় ৰাজনীতিৰ দ্বিতীয় এক বিধানসভা  আৰু শংকৰদেৱৰ চেতনাক বিলোপ কৰি ক্ৰমশঃ আমাৰ চেতনালৈ উঠাই আনিব খোজা হৈছে ‘ৰাম’ৰ চেতনা শংকৰদেৱৰ কৃষ্ণচেতনাৰ নাভিকেন্দ্ৰ মাজুলীত বাটৰ দাঁতিৰ গছ শালি  ‘ৰাম’ৰ  চাইনব’ৰ্ড জিলিকি উঠিছে
 
আমি জানো, এইদৰে প্ৰতিষ্ঠা কৰিব খোজা ‘ৰাম’ আমাৰ পৰম্পৰাৰ বাল্মিকীৰ ৰামায়নৰ সেই প্ৰজাবৎসল ‘ৰাম’ নহয় শংকৰদেৱৰ ‘ৰাম বিজয়’ অংকীয়া ভাওনাৰ ৰামৰ চেতনাও ইয়াত নাই। বৰং,  এই ‘ৰাম’ আমাৰ বাবে অচিনাকি এক আগ্ৰাসনমুখী সাংস্কৃতিক হস্ত -- ইয়াৰ জন্ম হিন্দুত্ববাদৰ গণ্ডীত। এই ‘ৰাম’ৰ  চেতনাই শংকৰদেৱে দি থৈ যোৱা “কুকুৰ-শৃগাল গদৰ্ভৰো আত্মাৰাম”ৰ চেতনাৰ বিপৰীতে পোষকতা কৰিব বৰ্ণবাদৰ - য’ত অন্ত্যজসকল, জনজাতীয় লোকসকল আৰু সংখ্যালঘূসকল আৰু বেছি সংকুচিত হৈ পৰিব এই ‘ৰাম’ আৰোপিত সৰ্বভাৰতীয় চেতনাত কক-বকাই উঠিব শংকৰদেৱে দি থৈ যোৱা ‘ধন্য ধন্য ভাৰত বৰিষে’ৰ বিনন্দীয়া আৰু ভাষা-সাহিত্য- সাংস্কৃতিক চেতনাৰ আঞ্চলিকতাবাদী সত্তাৰ সন্মিলিত ৰূপ
 
আকৌ এবাৰ সত্তা হেৰুওৱাৰ ভয়ত আমি বিতত হঁও। আৰু আমাৰ চেতনত সাৰ পাই উঠে এজন শংকৰদেৱ- চিৰি লুইতৰ দৰে প্ৰৱাহমান এক নিৰৱধি চেতনা। এইজনা শংকৰ গুৰুক চিনি পোৱাত পলম হ’লে অনাগত সময়ত অসমীয়া জাতিয়ে বহুতেই হেৰুৱাব লাগিব
 
অসমীয়া প্ৰতিদিন 
০৬-০৬-১৭



No comments:

Post a Comment