Tuesday 20 June 2017

বিষ্ণুৰাভা - তুমি সাৰে আছা, সাৰে আছোঁ আমি




ৰত্না ভৰালী তালুকদাৰ

যিজনা ক্ষণজন্মা মনিষীয়ে এখন হাতত  বন্দুক   তুলি লৈ  আৰু আনখন হাতেৰে  গীত - কবিতা লিখি  জনসাধাৰণৰ বাবে  মুক্তিৰ  দেউল সাজিছিল আৰু  ৰজাঘৰৰ ৰোষত পৰি  ৰঙাঘৰৰ ভাত খাইছিলবিৰল প্ৰতিভাধৰ হোৱা  স্বত্বেও  ৰঙা   দলিচাৰে  বাট   নুবুলি সাধাৰণ জনতাৰ প্ৰকৃত মু্ক্তিৰ হকে কাম কৰিবলৈ গৈ অকাল   দৰিদ্ৰতাক  সাৱটি  লৈ সাধাৰণ  মানুহক  বুকুৰ আপোন কৰি লৈছিল যি আছিল জনতাৰ শিল্পী, সৈনিক শিল্পী, আৰু বিপ্লৱী শিল্পী সেইজন আধুনিক  অসমীয়া  সংস্কৃতিৰ  বৰভেটি নিৰ্মান কৰোঁতাসকলৰ  অন্যতম বিষ্ণু প্ৰসাদ ৰাভাৰ  জন্ম  ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত ১৯৬৯ চনৰ  ২০ জুনত তেখেতৰ  মৃত্যু  একেধাৰে কবি, সাহিত্যিক,  নাট্যকাৰ, চিত্ৰকৰ, অভিনেতা, নৃত্য- কুশলী আৰু এজন নৃতত্ববিদ  এইজনা  মনিষী আছিল  অতিশয় মেধাৱী সেই  সময়তে  প্ৰথম বি বভাগত  প্ৰৱেশিকা পৰীক্ষাত  উত্তীণ  হোৱা  বিষ্ণুৰাভাৰ  বাবে  নিশ্চয়েই   স্বাচ্ছন্দ্যৰ জীৱন  এটাই  বাট চাই আছিল কিন্তু  সেই বাটেৰে  নগৈ তেখেত নামি আহিল  জনতাৰ প্ৰাণৰ  উন্মেষেৰে  কোলাহল  বোকা- পানীৰে  ভৰা   কণ্টকাকীৰ্ণ  পথলৈ
 
পৰাধীন  ভাৰতৰ  স্বাধীনতাকামী  আন্দোলনৰ  ধামখুমিয়াত সেই আন্দোলনৰ এগৰাকী  অক্লান্ত যোদ্ধা হৈ  তেখেতে  সপোন দেখিলে  শ্ৰেণীহীনজাতি - দল  বিভেদবিহীন  অভিনৱ  এক  নতুন  সমাজতন্ত্ৰৰ   পৰাধীন  ভাৰতৰ  সম্ৰাজ্যবাদী শতৰুক  চিনাক্ত কৰিবলৈ যাওতে  তেখেতে  চিনি উলিওৱাত ভুল কৰা নাছিল  দেশপ্ৰেমৰ নামাৱলী  ধাৰণ কৰা  স্বদেশী শতৰুকো। তেখেতে জানিছিল যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া একাংশ আপোচকাৰী  নেতাক হাতত সাধাৰণ কৃষক, বনুৱা, আৰ্তজনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক মুক্তি সম্ভৱ নহয়।  আৰু  সেয়েহে এঙাৰৰ টুকুৰাৰে এদিন  দেৱালত  এই  বুলি লিখিবলৈ কুণ্ঠাবোধ কৰা নকৰিলে  --

ৰাজ্যে  আছে  দুইটি  পাঠা 

একটি কালো, একটি  চাদা

ৰাজ্যেৰ  যদি মংগল চাও

দুইটি পাঠাই বলি দাও

আনহাতে, বিষ্ণুৰাভাৰ  জীৱনাদৰ্শনৰ বৈশিষ্ট্য  এইখিনিতে যে, হাতত বন্দুক  লৈ  এই শ্ৰেণীহীন,  ‘অভিনৱ এক সমাজতন্ত্ৰ' সপোন দেখাৰ  সময়ত তেখেত  অসমৰ  বৰলুইতৰ বুকুৰে  নিগৰি  অহা চিৰ জ্যোতিস্মান  সাংস্কৃতিক  ঐতিহ্যৰ  প্ৰতি  হৈ   উঠিছে  অতিশয়  শ্ৰদ্ধালু --  তেঁও  বুলিছে সেই    বাটেৰেই  বাট -- যি বাটেৰে   শংকৰদেৱ  আৰু  জ্যোতিপ্ৰসাদে নিৰ্মাণ    কৰি  গৈছে  অসমীয়া  সংস্কৃতিৰ বৰপেৰা জ্যোতিপ্ৰসাদৰ দৰেই তেখেতে পুনৰ আৱিস্কাৰ কৰিছে অসমীয়া জাতিৰ বৰ ভেটি স্থাপন কৰোঁতা শংকৰদৰেৱক। জগত  গুৰু   শ্ৰীমন্ত  শংকৰদেৱৰ বিষয়ে কবলৈ গৈ তেখেতে লিখিছে -- “আজি  শংকৰদেৱৰ  যিকোনো সাহিত্য বা  কৃষ্টি  বাদ দিলে অসমীয়াৰ  মৃত্যু ' শংকৰ নাথাকিলে  অসমীয়াৰ একোৱেই নাই ..আজিৰ অসমীয়া গীত, বাদ্য, নৃত্য, সাহিত্য, ভাৱনা, নাম, কীৰ্তন, বৰগীতনামঘৰ, খোল, মৃদং, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটীধনপুঁজি [bank] সমাজ, ধৰ্ম, বিচাৰ, নীতি, আইননৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগবৈৰাগ্য, সমাধি, সকলো শংকৰদেৱে   অসমীয়াক দি  গৈছিল ”  [অসমীয়া কৃষ্টি]   এই সাংস্কৃতিকঐতিহ্য তথা কৃষ্টিৰ বিষয়ে  গভীৰভাৱে  কৰা  অন্বেষণে তেখেতক   এই  উপলব্ধি  প্ৰদান কৰিছিল যেকৃষ্টি  স্থিতিশীল  হব নোৱাৰে  আৰু   তেখেতে  এই  কথা উপলব্ধি  কৰিছিল যে অসমীয়া  কৃষ্টি   সাধাৰণ  অসমীয়া   খাটি  খোৱা লোকৰ  প্ৰাণত লুকাই  থকা  বতৰাৰ  মাজতে আছে   সেই কৃষ্টিৰ  ধাৰক আৰু  বাহক খেতিয়কজনকেই   পৃথিৱীৰ  প্ৰথম বিপ্লৱী বীৰ বুলি অভিহিত কৰি   তেঁও  লিখিছিল   -- 
হেৰউ কৃষক   

প্ৰথম  বিপ্লৱী  বীৰ প্ৰকৃতিৰ  বক্ষ  বিদাৰক

ধৰণীৰ   বুকু ফালি

নাঙলৰ  ফাল  তুলি 

পোনে পোনে  তয়ে  লখিমিক লভিছিলি
 আৰু  এইজনা  কৃষ্টিৰ  সাধক   কৃষকক  পৃথিৱীৰ প্ৰথম বিপ্লৱী বীৰ বুলি স্বীকৃতি  প্ৰদান কৰিও   কৃষ্টি   প্ৰগতিশীল হোৱাৰ  প্ৰয়োজনীয়তাৰ কথাহে  তেখেতে স্পষ্টকৈ   কৈছে -- “বাস্তৱৰ  প্ৰয়োজনত  যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত  যি শকতি, জীৱন যাত্ৰাৰ  বাস্তৱ   উদ্দেশ্য সিদ্ধিত যি মকুতিসেয়াহে  আচল কৃষ্টিপ্ৰকৃত সংস্কৃতি (Real Culture)  জীৱন  যাত্ৰাৰ ঘাত- প্ৰতিঘাততে জীৱন যাত্ৰাৰ ৰূপান্তৰ হয় -- সেই ৰূপান্তৰিতা  সংস্কৃতিৰ অলম  লৈ জীৱন যাত্ৰা প্ৰগতিৰ বাটত   আগুৱাই যায় গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টিসংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত যি জাতিৰ কৃষ্টি - সংস্কৃতি প্ৰগতিশীল নহয় স্থিতিশীল, সেই  জাতিৰ জীৱন যাত্ৰাও ধীৰ - স্থিৰ হয়  [ বক্তৃতা- ৰংপুৰীয়া ৰাইজলৈ
আনহাতে,   ৰ্ষণেই  কৃষ্টি  বুলি  কৈও   তেখেতে এইবুলি আমাক সাৱধানবাণী  শুনাই থৈ  গৈছে যে -- “সেই কৃষ্টিৰ  যেতিয়া সংস্কাৰ হয়, তেতিয়া সেই সংস্কৃত  কৃষ্টিয়েই হয় সংস্কৃতি আৰু সেই সংস্কৃতিৰ যেতিয়া বৈদেশীয় মিনাৰ চাপ পৰে, সেই মীনাকৃতা সংস্কৃতিয়েই হয় কালচাৰ সেই কালচাৰে আদিম কৃষ্টিৰ  ডিঙি চেপি  ধৰি  মাৰিব খোজে তেতিয়া কৃষ্টিৰ    যদি  যুগোপযোগী  ৰূপান্তৰ নহয়, তেতিয়া  সেই  প্ৰাচীন কৃষ্টিৰ মৃত্যু হয়[ বক্তৃতা- ৰংপুৰীয়া ৰাইজলৈআজিৰ আমাৰ সংস্কৃতিক ওপৰত   অচিনা বৈদেশীয় মিনাৰে চেপি অনাৰ সময়ত এই সাৱধানবাণীৰ প্ৰতি আমি সচেতন হব লাগিব। সংস্কৃতিৰ  গতিশীলতাত  বিশ্বাসী হৈ   উঠাৰ সময়ত   ‘অগ্নিযুগৰ  ফিৰিঙতি  মই  নতুন  অসম গঢ়িমসৰ্বহাৰাৰ  সৰ্বস্ব পুনৰ  ফিৰাই  আনিম  বুলিকোৱাৰ  মাজেৰে   ঐতিহ্যৰ  প্ৰতি  শ্ৰদ্ধাশীল  হোৱাৰ  সমান্তৰালভাৱেই ঐতিহ্যৰ  ভেটিটোক  নতুন চিন্তাৰ  উন্মেষেৰে  বিজ্ঞানসন্মত ৰূপ   দিয়াৰ প্ৰাসংগিকতাও  আপোচহীনভাৱে প্ৰকাশ  কৰিছে   
সৰ্বহাৰাৰ  মুকুতিৰ  সপোন দেখাৰ সময়তো  সমান্তৰালভাৱেই  তেখতে  এক  প্ৰকৃত  আঞ্চলকিতাবাদী  সত্তাবহুক্ষেত্ৰত এই আঞ্চলিকতাবাদী সত্তাই আনেটা সত্তাক প্ৰায় ঢাকি ধৰিছে। তেখেতে  বলিষ্ঠভাৱে  কৈছে  --
যাউতী - যুগীয়া,

 বৰগীত  অমিয়া,

 বনগীত সুৰীয়া 

গোৱা অসমীয়া  প্ৰাণ  মন ভৰি
এই  আঞ্চলিক  সত্তাৰ স্বৰূপ  উপলব্ধি  কৰিবলৈ  যাওতে  সমগ্ৰ  উত্তৰ - পূব ভাৰতৰ  নৃগোষ্ঠীয়  দলিচাখনে  তেখেতক  হাত- বাউল দি  মাতিছিলহাতত বন্দুক তুলি লৈ জনসাধাৰণৰ মুক্তিৰ সপোন দেখাৰ সময়ত যেতিয়া তেঁওৰ মুৰৰ ওপৰত স্বাধীন দেশৰ চৰককাৰে পুৰস্কাৰ ঘোষণা কৰিছে, তেতিয়া আত্মগোপনৰ কালচোৱাত তেঁও লুকাই লুকাই হাবিত থকা নাছিল—জনসাধাৰণ মাজতেই মাছে পানীত থকাৰ দৰে মিলি থাকি গভীৰভাৱে এই জনজাতি অধ্যয়নৰ কাম হাতত লৈছিল। বিজ্ঞানসন্মতভাৱে  তেখেতে উত্তৰ-পূব  ভাৰতৰ  জনগোষ্ঠীসমূহৰ এক ক্ষেত্ৰভিত্তিক    নৃতাত্বিক  অধ্যয়ন কৰিছিল-- '  বহুতো সমল  থূপ খাই  আছে  এই  অধ্যয়ন  অসম্পূৰ্ণ হৈ  ৰলেও  সি যে তেখেতৰ জীৱন দৰ্শনৰ এক অবিচ্ছেদ্য অংগ আছিল  সেই  কথা উক্ত অধ্যয়নৰ মাজেৰে গম পোৱা যায় বিষ্ণুৰাভাৰ সপোনৰ সাম্যবাদী সমাজজখনত এই জাতি-জনগোষ্টীবোৰৰ বুকুৰ উশাহ-নিশাহ,  সংস্কৃতি আৰু অৰ্থনীতিক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ  সপোন দেখিয়েই তেখেতে এই কাম নিষ্ঠাৰে কৰি গৈছিল।

মানৱ  প্ৰজাতিৰ সামগ্ৰীক বিৱৰ্তনৰ  প্ৰক্ৰিয়াৰ  সৈতে সংযোগ কৰি   তেখেতে  এই   অধ্যয়ন  কৰিছিল   ‘মানৱ জাতিনামৰ সুদীৰ্ঘ  প্ৰৱন্ধটিত তেখেতে  মানুহৰ  বিৱৰ্তনৰ  বিৱৰণী  দিওতে   আদিম  সাম্যবাদী  সমাজৰ কথা উত্থাপন  কৰাৰ বেলিকা   প্ৰসংগক্ৰমে  মাতৃতান্ত্ৰিক ব্যৱস্থাৰ  কথা উল্লেখ  কৰাৰ  সময়ত তেখেতে  খাচিসকলৰ উদাহৰণ  দিছে  অসমৰ  কাৰ্বিসকলৰ (তেখেতৰ বৰ্ণণাত  ‘মিকিৰ')  শিলৰ  উপাসনাৰ দৰে প্ৰথাৰ নৃতাত্বিক  ব্যাখ্যা,   ভূমিপূত্ৰ   বড়োসকল,   মিচিংসকলছুবুৰীয়া অৰুণাচল  প্ৰদেশৰ জনগোষ্ঠীসকলৰ বিষয়ে  কৰা অধ্যয়নসমূহ তেঁওৰ ভিতৰৰ নৃতত্ববিদজনকেই  সমুজ্জল কৰি তোলা  নাই --  এই  অধ্যয়ন যে তেখেতৰ  সাম্যবাদী দৰ্শনৰ  চেতনাস্ৰোতৰ যে অবিচ্ছেদ্য অংগ আছিল  সেয়াও  পৰিস্ফুট হৈছে    শংকৰদেৱে  যিদৰে    ভাগৱতৰ সাৰকথা  হাতী মাৰি  ভুৰুকাত  ভৰোৱাৰ দৰে  ‘গুণমালা' পুথিত লিখি থৈ গৈছে -- সেইদৰে  বিষ্ণুৰাভাই  অসমীয়া জাতিৰ  ইতিহাসঅসমীয়া  কৃষ্টি  নামৰ  সুদীৰ্ঘ  নিবন্ধটিত  লিখি  থৈ  গৈছে – যি এক মূল্যবান দলিল। 
সাম্যবাদৰ  সপোন   দেখি  হাতত বন্দুক  তুলি লোৱা  সৈনিক শিল্পীজনে  উত্তৰ-পূব ভাৰতৰ  পাহাৰেকন্দৰে  বাস কৰা এই  বিচিত্ৰ জাতি - জনগোষ্ঠীসমূহৰ অধ্যয়ন  আৰু   ইয়াৰ  সমান্তৰালভাৱে বৰলুইতৰ  দুয়োপাৰে বসবাস   কৰা মূলসুঁতিৰ  অসমীয়া  সমাজখনৰ স্পন্দিত জনজীৱনৰ  বিস্তৃত অধ্যয়ন কৰাৰ  প্ৰাসংগিকতা  আজিৰ  পৰিস্থিতিত আমি  অনুধাৱন  কৰিব লাগিব  ৰজাঘৰীয়া  চক্ৰান্তকাৰীৰ  সন্দেহত  পাহাৰেকন্দৰে  আত্মগোপন  কৰিবলগীয়া  হোৱাৰ কালতো কি ভাৱনাই   তেঁওক অহৰহ  এইদৰে  পৰিচালিত  কৰিছিল যে --   এখন শ্ৰেণীহীনসাম্যবাদী  সমাজৰ সপোন দেখাৰ বেলিকাও  কিন্তু  এই  জাতি- জনগোষ্ঠীসমূহৰ  কৃষ্টি - সংস্কৃতি  আৰু  প্ৰাণৰ স্পন্দনক  সেই   সমাজত প্ৰতিষ্ঠা  কৰিব পাৰিব  লাগিব যে, এই  আঞ্চলকিতাবাদী  সত্তাৰ  সজোৰ উপস্থিতিৰ  মাজেৰেহে  প্ৰস্ফুটিত ' সেইসমাজ ' থাকিব ৰাভাৰ সপোনৰ সেই সোণামুৱা গাঁও-
 ধুনীয়াকৈ শুৱনীকৈ চেনেহী শুৱনি

হিয়াৰে আমঠু জিউ  সৰু গাঁও খনি  

দুখীয়াৰ মনত দুখীয়াৰে সৰগ যেনহে  পাঁও,

আমি সোণামুৱা গাঁও  
 [গেঙণি  -ৰেঙণি]  
অৰ্থাৎ, সমাজতান্ত্ৰিক  আদৰ্শক স্থাপন কৰা বেলিকা ৰাভা  এই আঞ্চলিক  কৃষ্টি --- যাক তেখেতে নিজেই  ‘বাস্তৱৰ  প্ৰয়োজনত  যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত  যি শকতিজীৱন যাত্ৰাৰ  বাস্তৱ   উদ্দেশ্য সিদ্ধিত যি মকুতিতাকেই  উৰ্ধত তুলি ধৰিছে    
বৰ্তমানৰ গোলকীয়  সংস্কৃতিভোগবাদ  আৰু    বজাৰ  সংস্কৃতিয়ে বিষ্ণুৰাভাৰ  দৰে সৈনিক শিল্পীয়ে  তুলি আনিবলৈ অহৰহ চেষ্টা  কৰা  এই থলুৱা  কৃষ্টিৰ –সংস্কৃতি – অৰ্থনীতিৰ প্ৰতি প্ৰতি   এহাতে   যিদৰে  প্ৰত্যাহ্বান আহিছে । আমাৰ কৃষকে নিজৰ স্বাধীনতাৰে খেতি কৰিবলৈ পোৱা নাই? বহুজাতিক কোম্পাণীৰ হেঁচাত প্ৰতি কিলোগ্ৰামত ৫০০-৬০০ টকা দৰত তেঁওলোকে হাইব্ৰীড বীজ কিনিবলগীয়া হৈছে। তেঁওলোকক কোৱা হৈছে থলুৱা ধানৰ সঁচ বেয়া।আমাৰ মাটিৰ নিজস্ব গুণেৰে মৃদ্ধ আমাৰ থলুৱা ধানৰ  বীজ বেয়া বুলি খেতিয়কৰ মাজক মহামাৰীৰ দৰে প্ৰচাৰ চলোৱা হৈছে। হাইব্ৰীড ধানৰ  খেতি কৰিবলৈ গৈ তিনিগুণ ৰসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া হৈছে। ইয়াৰ  পিছত হয়তোবা উৎপাদিত শস্যৰ বাবে তেঁওৱলোকে বজাৰ পোৱা নাই। অথবা খেতিত ধানৰ পৰিৱৰ্তে পতান ওলাইছে। আমাৰ মন্দিয়া. জিনজিয়াৰ আলু খেতিয়কে বটাৰ দাঁতিত আলু পেলাই দিছে আৰু আমাক  খাবলৈ মুখত তুলি দিয়া হৈছে বহুজাতিক কোম্পাণীৰ চিপচ্। আমাৰ চৰকাৰ খেতিয়কৰ দুখ বুজা চৰকাৰ নহয়। বহুজাতিক কোম্পাণীৰ শ্ৰুতলিপিত চলা চৰকাৰ। আমি কি খাম, কি পিন্ধিম—সকলো তেঁওলোকে তৈয়াৰ কৰি দিছে – আমাৰ পছন্দৰ অধিকাৰ নাই। বিষ্ণুৰাভাই ‘পৃথিৱীৰ প্ৰথম বিদ্ৰাহী বীৰ প্ৰকৃতিৰ বক্ষ উদাৰক’ বুলি স্বীকৃতি দিয়া কৃষকজন এতিয়া বিপন্ন, বিপন্ন তেঁওৰ অৰ্থনীতি, বিপন্ন কৃষ্টি। 
 
সেইদৰেই  ভাৰতৰ মূল  নাভিকেন্দ্ৰপৰা  পৰকল্পিতভাৱে  আমদানি  কৰিব  খোজা আৰু  আমাৰ অসমীয়া জাতিসত্তাৰ ওপৰত জাপি দিব খোজা  হিন্দুত্ববাদৰ  একক  সংস্কৃতিয়ে  আমাৰ  অঞ্চলকিতাবাদী  সত্তাটিক সাৰ-পানী দি জীয়াই ৰখা  থলুৱা  সংস্কৃতিৰ  প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই কথা এতিয়া গোপন হৈ থকা নাই যেঅসমৰ বৈষ্ণৱ সংস্কৃতিৰ  নাভিকেন্দ্ৰ মাজুলীৰ সত্ৰসমূহৰপৰা শংকৰদৱক উৎখাত কৰি হিন্দুত্ববাদী আদৰ্শৰ  ‘ৰামস্থাপন কৰাৰ প্ৰচেষ্টা  চলিছে   ‘সত্ৰীয়  সংস্কৃতিৰ  প্ৰাণকেন্দ্ৰহিচাপে অতদিনে প্ৰসিদ্ধি   লাভ কৰা মাজুলীৰ সাজ-পোচাক পৰ্যন্ত  সলাই  ‘আধ্যাত্মিক নগৰী'লৈ পৰিণত  কৰা  হৈছে এই সকলোবোৰ যেতিয়া  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নামৰ  অনুষ্ঠানৰ পৃষ্টপোষকতাত চলে -- তেতিয়া আমি ভীতিগ্ৰস্ত হৈ পৰোঁ  কিয়নো  আজিৰপৰা ছশ বছৰৰো   আগতে শংকৰদেৱে অসমীয়া জাতিৰ বৰভেটি  নিৰ্মাণ কৰিবৰ  বেলিকা এক - দেউ -এক -সে এক বিনে নাহি  কেউ’ আদৰ্শৰে   জাতি-ভেদজাত-পাতৰ ভেদা-ভে পৰিহৰি   নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দসাইকে ধৰি সকলো ধৰ্ম আৰু  বৰ্ণৰ   মানুহক নিজৰ প্ৰখ্যাত শিষ্যসকলৰ তালিকাত সুমুৱাই লৈছিল। আমাৰ সত্ৰীয়া নৃত্যত বিহু, বাগৰুম্বা, মিছিং বিহু, খেৰাইকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ সমলক উপযুক্ত মৰ্যদাৰে প্ৰতিষ্ঠা কৰিছিল। সংস্কৃতিৰ সমম্বয় সাধান কৰিছিল। সোয়েহে আধুনিক অসমক ভেটি স্থাপন কৰাৰ সময়ত জ্যোতিপ্ৰসাদে বাৰে বাৰে শংকৰদৱেক আৱিস্কাৰ কৰছে। বিদেশৰ পৰা শিক্ষা লাভ কৰি উভতি আহি বুজি উঠিছে অসমীয়া নামঘৰৰ স্থাপ্যত্যৰ মহিমা। সেই পদ অনুসৰণ কৰি বিষ্ণৰাভায়ো শংকৰদেৱৰ বিশাল প্ৰতিভাৰ শৰণাপন্ন হৈছে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকায়ো এই কামেই কৰিছে আৰু আক্ষেপৰ সুৰতেই লিখিছে  – “মোক গুৰু লাগে  মই শিক্ষিত শিষ্য, জগতক জাননী দিলোঁ, জগতৰে গুৰু শ্ৰীমন্ত শংকৰ অন্ধলাই নিচিনিলোঁ,  হে গুৰু শংকৰ” বুলি । কিন্তু  বৰ্তমানৰ ধৰ্মৰ সাজ-পোচাক পিন্ধি অহা ৰাজনীতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দুত্ববাদী আদৰ্শ তথা তেঁওলোকৰ সপোনৰ হিন্দুৰাষ্ট্ৰই  বৰ্ণবাদী ব্যৱস্থাৰহে  কঠোৰভাৱে পোষকতা কৰে   এই ব্যৱস্থাত ন্ত্যজ তথা জনজাতীয় লোকসকল আৰু বেছি অৱহেলিত হৈ ৰোৱাৰ সম্ভাৱনাই আধিক দেশৰ ধৰ্মীয় সংখ্যালঘূ  সম্প্ৰদায়ৰ লোকসকলৰ কথা বাদেই দিলোঁ যিজনা বিষ্ণুৰাভাই  সাম্যবাদী  আদৰ্শক আকোঁৱালি  লবৰ বেলিকাও অসমীয়া সমাজ জীৱনত   শংকৰদেৱৰ  ঐতিহ্যৰ  প্ৰতি শ্ৰদ্ধানত হৈ   সাৱধানবাণী শুনাইছিল  -- ‘‘আজি  শংকৰদেৱৰ  যিকোনো সাহিত্য বা  কৃষ্টি  বাদ দিলে অসমীয়াৰ  মৃত্যু ' -- বুলি  আজি কিন্তু   হিন্দুত্ববাদী আদৰ্শ  প্ৰচাৰৰ  বাবেই অসমীয়া জাতিৰ  নৈতিকতাৰ লগতে  আমাৰ আঞ্চলকিতাবাদী  উপাদানেৰে  সমৃদ্ধ  কৃষ্টি -সংস্কৃতিক বিনষ্ট  কৰাৰ  অংশ  হিচাপে   আমাৰ  মনৰপৰা শংকৰদৱেক  মচি  দিয়াৰ  নিকৃষ্ট ষড়যন্ত্ৰ  চলাৰ উমান আমি পাইছোঁ    তেঁওলোকে অসমীয়া চেতনাৰপৰা এজন আঞ্চলিকতাবাদী শংকৰদেৱক উৎখাত কৰিবলৈ উঠি-পৰি লাগিছে আৰু তাৰ বাবেই বাচি লৈছে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰসমূহ। তেঁওলোকে ভাবিছে শংকৰদেৱৰ চেতনাত উৎখাত কৰিব পাৰিলেই সহজ হৈ পৰিব জ্যোতি চেতনাক উৎখাত কৰা পথ, ৰাভাৰ চেতনাক উৎখাত কৰাৰ পথ, অসমীয়াৰ উদাৰ আঞ্চলিকতাবাদক ধ্বংস কৰা পথ। শ্ৰদ্ধাৰ ৰাইজ আমি তাক হবলৈ নিদিও। আমাৰ জাতীয় জীৱনক ধ্বংস কৰাৰ এই  প্ৰচেষ্টা  প্ৰতিহত  কৰিবৰ  বাবে আমি শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ  দৰে মহান   অসমীয়াসকলৰ আদৰ্শক সৰোগত কৰা বাদে আন উপায় নাই তাৰ বাবেই আমি তেঁওলোকৰ সাহিত্য পঢ়িব লাগিব, দৰ্শন উপলব্ধি কৰিব লাগিব।   

এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ। তেঁওলোকে আমাৰ উন্নয়নৰ সোপান ৰচনা কৰিব পৰা নাই। স্বাধীন ভাৰতৰ নাগৰিকৰ সপোন পূৰণ কৰিব পৰা নাই। সেয়েহে  আমাৰ খেতিয়কজনে যাতে ভাত-কাপোৰৰ কথা চিন্তা কৰিবলৈ সময় নাপায়-- সেইবাবেই মনত সুমুৱাই দিয়া হৈছে সাম্প্ৰদায়িকতাবাদৰ বীজ।  আমাৰ স্বাভিমানৰ প্ৰতীৰক শংকৰদেৱৰ উদাৰবাদী ধৰ্মীয় চেতনা,  উদাৰবাদী আঞ্চলিকতাবাদক আমাৰ চেতনাৰ পৰা মচি পেলোৱাৰ ষড়যন্ত্ৰ।  তেঁওলোকে ষড়যন্ত্ৰ কৰিছে যাতে আমি হিন্দু হৈ থাকোঁ, মুছলমান হৈ থাকোঁ-- কিন্তু মানুহ হবলৈ নাপাওঁ।  
ইয়াৰ সমান্তৰালভাৱে আমি এই  কথাও  আজি  গভীৰভাৱে উপলব্ধি  কৰাৰ প্ৰয়োজন যেঅসমৰ যিসমূহ  জাতি - জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ কথাটিয়ে  সৈনিক  শিল্পীগৰাকীৰ মনত  অহৰহ জোকাৰণি তুলিছিল -- তেঁওলোকৰ নিজকে বিকশিত কৰাৰ  সপোনবোৰ  আমি যেন  সেই নিৰ্দিষ্ট  জনগোষ্ঠীটোৰ  কেইটিমান  ৰাজনৈতিক  দাবী  বুলি  অথবা   তেঁওলোকৰ নিজস্ব সংগঠনবোৰৰ দাবী বুলি ভাবি নলওঁ  অসমৰ  চাৰিসীমাত  বাস  কৰা সকলোবোৰ জনগোষ্ঠীৰ আৰ্থ- সামাজিক- শৈক্ষিক - সাংস্কৃতিক উত্তৰণৰ বাবে অসমৰ  শুভবুদ্ধি সম্পন্ন   প্ৰতিজন লোক দায়বদ্ধ আজি অসমৰ পৰিস্থিতি এনেকুৱা যেৰাভাসকলৰ  সমস্যাসমূহৰ বাবে কেৱল ৰাভাসকলহে মাত মাতে   সেইদৰে  বড়োসকলৰ  দাবীসমূহৰ ক্ষেত্ৰত তেঁওলোকৰ জনগোষ্ঠীৰ নেতৃত্ব প্ৰদান কৰা লোকসকলেহে তুলি ধৰিব লাগে - তেনে এক  ধাৰণা পোষণ কৰা হয় একেখন ৰাজ্যতে থাকিও আমি যেন বেলেগ  বেলেগ ৰাজ্যৰ বাসিন্দা  সকলোৰে মন ক্ষোভত উতলি  থকা  জুই   আৰু  জনসাধাৰণৰ মাজত  বিভাজনৰ সৃষ্টি কৰি  ক্ষমতা  ভোগ কৰাসকলে ইয়াৰে সুযোগ লৈ  প্ৰাপ্যৰপৰা আমাক বঞ্চিত  কৰি ৰাখিছে  আজি জনজাতীয় লোকসকলৰ হাতৰপৰা মাটি বেলেগৰ  হাতলৈ  গৈছে নৈৰ পাৰত বাস কৰা মিচিংসকল  অহৰহ  খহনীয়াৰ কবলত পৰিছে  ভেটি- মাটিত থাকিবলৈ ঠাই নাপাই যেতিয়া তেঁওলোকে চৰকাৰী মাটিত  বহেগৈতেতিয়া  জাতি-মাটি আৰু  ভেটিৰ সপোন দেখুৱাই ক্ষমতালৈ  অহা চৰকাৰখনে  তেঁওলোকক  বুলডজাৰ  চলাই  উচ্চেদ কৰে গুৱাহাটীৰ  পাহাৰৰ  ৰিজাৰ্ভ  ফৰেষ্টৰ    বুকু বেদখল  কৰি বহা  বিয়াগোম চৰকাৰী বিষয়া, দীপৰ বিলৰ  পাৰৰ  বহিৰাগত বণিয়াক তেঁওলোকে  উচ্ছেদ কৰিব নোৱাৰে কিয়? আমি মাত  নামাতোঁ  হাত সাৱটি বহি থাকোঁ  এনে অৱস্থাত  এই ঠেৰুছিগা লোকসকলে  বিষ্ণুৰাভাৰ  সপোনৰ  লোক  কৃষ্টি - সংস্কৃতি হাতৰ মুঠিত  ধৰি ৰাখিব পাৰিবনে?   ডাঙৰ মাছে  সৰু  মাছ গিলাৰ  দৰে কথা   এই ৰাজনীতি বুজি পাবলৈ 'লে আমি বিষ্ণুৰাভাৰ  আদৰ্শ  পঢ়িব লাগিববুজি পাব লাগিব। আৰু উপলব্ধি  কৰিব  পাৰিব  লাগিব কিয় তেঁও ভাল পাব পাৰিছিল মানুহক  কিয় তেঁও তুলি লৈছিল এহাতে  বন্দুক  আৰু  আনখন হাতেৰে  গান - কবিতা আৰু তুলিকা  সৈনিক শিল্পীগৰাকীয়ে কৈছিল -- “মানুহে মোৰ শিল্পী বুলি কয় মই যদি শিল্পী হঁও,  বিধাতাৰ  আৰ্শীবাদত মই শিল্পী হোৱা নাই -- ৰাইজৰ আশীৰ্বাদতহে শিল্পী হৈছোঁ - আজি  আমি  নিজকে  শিল্পী বুলি কঁওলিখক বুলি কঁও, ৰাভা দিৱস পাতোঁ সমাজৰ  পৰিবৰ্তনৰ দূত  বুলি  কঁও কিন্তু  আমাৰ মূৰত ৰাইজৰ  আশীৰ্বাদৰ হাত নাই  কিয়নো  সমাজৰ সেৱা,  ৰাইজৰ সেৱা  এতিয়া  কেৰিয়াৰ, প্ৰফেশ্যন আমাৰ নামৰ পিচফালে দীঘল দীঘল ডিগ্ৰী, প্ৰকাশিত কিতাপৰ তালিকা। কিন্তু জনসাধাৰণে আমাৰ ভাষা বুজি নাপায়।আমি জনসাধাৰণৰ মাজলৈ নাযাওঁ।  শিপা বিচ্ছিন্ন আমি। নিজৰ মানুহৰ মাজতে থাকিও আমি তোঁওলোকক বাবে আচিনাকি। তেঁওলোকৰ সমস্যা আমি বুজি পাওঁ পুথিগত বিদ্যাৰে, অন্তৰেৰে নহয়। সৈনিক  শিল্পীগৰাকীয়ে কৈছিল   --  “পূজাৰ মাটিৰ  প্ৰতিমাত  প্ৰাণ নাই  প্ৰাণ  প্ৰতিষ্ঠা কৰিব কোনে?আমিও এতিয়া প্ৰাণহীন পূজাৰ প্ৰতিমাৰ দৰেহে। ৰাভাৰ এই  প্ৰশ্নটিকে  মই নিজকে সুধিছোঁ  যে, নিৰ্জীৱ পূজাৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিব কোনে? আৰু  আপোনালোকলৈও ঠেলি দিছোঁ

(ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন গোৱালপাৰা জিলাই অনু্ষ্ঠিত কৰা বিষ্ণুৰাভা দিৱস,  ২০১৭ৰ ভাষণ)


No comments:

Post a Comment