Saturday 3 June 2017

‘গোলাম’ – গোলাম সময় আৰু গোলামী চিন্তাৰ বিৰুদ্ধে




ৰত্না ভৰালী তালুকদাৰ


এটি কীট – সময়ে – অসময়ে তেঁওক অতীষ্ঠ কৰি তোলাৰ দৰেই সিদিনাও সি তেঁওৰ মগজুত কটু্কটাই উঠিল। আৰু তেঁওৰ হাতলৈ উঠি আহিল তীখৰ এডাল কলম। সমুখত দিস্তা কাগজ পাৰি তেঁও খচ্ খচকৈ লিখি গ’ল সেই আচৰিত গল্পটি। অৱশেষত তেঁও তাৰ নাম দিলে ‘গোলাম’। হয়তো গল্পটি লিখিবলৈ বহি তেঁও নিজকে ক’লে – প্ৰথমে নিজক মুক্ত কৰিব লাগিব গোলামী বাসনাৰপৰা। হয়তো তেঁও তাকেই কৰিলে। 

কিন্তু তেঁওতো বহু আগেয়েই — টগবগ কৈশোৰৰ এটি বিশেষ সোণপুৱতিত — কোঠাৰ ভিতৰৰ সময়বোৰ যেতিয়া হৈ উঠিছিল অশান্ত কিছুমান ইলেকট্ৰন তেতিয়াই তেঁও তৈয়াৰ কৰি লৈছিল আহিবলগীয়া সময়বোৰত তেঁওৰ নামটিয়ে কঢ়িয়াই আনিবলগীয়া যশস্যাৰ গোলামিৰপৰা নিজৰ বাবে মুক্তিৰ এটা মাৰ্গ। আৰু, তেঁও পৰিত্যগ কৰিছিল নিজৰ নামটিক। নামৰ বাসনাৰ অভেদ্য দূৰ্গ ভেদ কৰি যিদিনা ওলাই আহিছিল সেই কিশোৰটি – হয়তো সিদিনাই ঠিৰাং হৈছিল যে, এদিন সেই কিশোৰটিয়ে এটা সাধুকথা ক’ব – আৰু স্ফটিক জলাধাৰ সদৃশ নিৰ্মল দাপোনৰ দৰে সেই সাধুকথাত প্ৰতিবিম্বিত হ’ব আমাৰ গোলামি বাসনা।

তেঁও চৌখিন। তেঁও তীখৰ। তেঁও খেয়ালী । সম্পৰীক্ষাৰ নিষ্ঠাবান কৰ্মী তেঁও । এটি তীৰ্যক প্ৰশ্ন গতানুতাগতিক পৰম্পৰাৰ প্ৰৱাহলৈ । তেঁও যথাৰ্থ আন্তৰ্জাতিকতাবাদী স্বাধীন সত্তা। আপোচহীন। কিয়নো তেঁওৰ আছে সুধীজন ইৰ্ষাকাতৰ হৈ উঠিব পৰাকৈ লিখকৰ স্বাভিমানগুণমুগ্ধ পাঠকৰ মনত এইবুলি প্ৰশ্ন উঠিব পৰাকৈ যে — তেঁওৰ এই সকলো নিয়ন্ত্ৰিত চলন, কঠোৰ আয়োজন আছিল নেকি ‘গলাম’ৰ বাবেই! কিয়নো, আপাতত সাধাৰণজনৰ এজন হিচাপেই তেঁও যাপন কৰিছে তেনেই নিমাখিত এটি জীৱন। তেঁওৰ নিঃকিন ঢিলা-সোলোকা সাজ, তেঁওৰ আউল-বাউল চুলিৰ তলত দুলি থকা শৰীৰ — হয়তোবা ভাৰাক্ৰান্ত —মহানগৰীৰ ৰাজপথেৰে চুঁচৰি ফুৰা চিটিবাচবোৰৰ ভিতৰলৈ সোমাই পৰা তেঁওৰ স্বছন্দ ভৰি। এনে লাগে যেন নিৰ্দয় চিটিবাচত উঠিবলৈ ধৰোঁতে চলন্ত বাহনখনিৰপৰা তেঁও দুলি দুলি সৰি পৰিব। আৰু তেতিয়াই হয়তো হেণ্ডিমেনে তেঁওৰ বাবে আগবঢ়াই দিয়ে তেলে-ম’বিলে এন্ধেৰুৱা কৰা সহৃদয়তাৰ এখনি হাত। আৰু মানুহজনক  চিটিবাচৰ ভিৰৰ মাজলৈ আগবঢ়াই দিয়ে। তেঁও চিনি পায়, চিনি পায় সেই উত্তাপ। এনে লাগে যেন এই চঞ্চল, চৌপাশৰ হট্টগোল, বিভিষীকাময়, উত্তেজনাসঞ্চাৰী ঘটনাপ্ৰৱাহৰ বৌদ্ধিক কচৰতৰ প্ৰক্ৰিয়াটিত তেঁও অনুপস্থিত। কিয়নো, তেঁও প্ৰতিষ্ঠিত শব্দৰসিকৰ বাগাড়ম্বৰ মেলৰ সভাত নাই। আলমিৰাত জাঁপ খাই থকা সম্বৰ্ধনাৰ গামোচাত তেঁও নাই। তেঁও ফুলাম জাপিতো নাই।

হয়তো তেঁও নিজেই ঘোষণা কৰি দিছে তেঁওৰ অনুপস্থিতি। যিদৰে কৈশোৰৰ সোণপুৱতিত ঘোষণা কৰিছিল যশ আৰু গৰিমাৰ গোলামিৰপৰা মুক্তি—নিজৰ নামটিৰ নস্যাৎকৰণেৰে। তেঁও নাই। তেঁও হেৰাই হৈছে পদপথেৰে খোজকাঢ়ি যোৱাসকলৰ ভৰিৰ তলত চেঁপা খাই। তেঁও হেৰাই গৈছে চিটিবাচৰ ভিৰত। জীৱনৰ অসন্তুষ্টিৰে কোঙা হৈ থকা বাচভৰ্তি যাত্ৰীৰ উষ্ণ, ৰসময় আলাপত তেঁও হেৰাই গৈছে। হস্তমৈথুনৰ সঞ্জীৱনীৰে জীয়াই থকা ৰুক্ষ-ভংগুৰ এই মহানগৰৰ অসংখ্য  গলিৰ মাজে স্মৃতি-বিভ্ৰমত ভোগা ৰোগীসকলৰ মাজৰ এজন হৈ তেঁও হেৰাই গৈছে। তেঁও চকুৰে মণিবপৰালৈকে নিৰীক্ষণ কৰিছে মধ্যবিত্তীয় চেতনাপ্ৰৱাহৰ প্ৰাত্যহিকতাৰে সংকীৰ্ণ পিতনি এখনত সাৰ-পানী পাই কিল-বিল কৰা অসংখ্য কীটৰ চাল-চলন, সিহঁতৰ পদোন্নতিৰ উচ্চাকাংখা, অপ্ৰাপ্তিৰ তপত হুমুনিয়াহ, হেঁচা-ঠেলাৰে গৰম হৈ পৰা শ্বাস-প্ৰশ্বাসত। অতিশয় সংগোপনে নিৰীক্ষণ কৰিছে তেঁও – এজন প্ৰকৃত কথাকাৰৰ দৰে, নিৰ্মোহ হৈ। ইমান অনুপস্থিত তেঁও, ইমান নিম্ন তেঁওৰ কণ্ঠ যে – যেতিয়া তেঁও দিনৰ টল-মল পোহৰতো বাটে বাটে খোজকাঢ়ি যায়, অথবা পাচলি বজাৰলৈ, অথবা দৰৱৰ দোকানলৈ – তেতিয়াও বাটৰুৱাই আনকি ফুচফুচায়ো নকয় – “চোৱা, চোৱা এইজনেই  আমাৰ উত্তেজনাৰ সেই অশান্ত ইলেকট্ৰন, যিজনে আমাৰ বাবে লিখি উলিয়ালে ‘গোলাম’।”

এনেদৰে আপাতত অনুপস্থিতিৰ অলিয়ে-গলিয়ে বিচৰণ কৰি তেঁও হৈ উঠে আশ্বৰ্যকৰভাৱেই সতেজ আৰু ইৰ্ষণীয়। যেন এক নিষ্ঠাবান সমাজকৰ্মী। তেঁও নিৰ্মেদ। তেঁও সমাহিত। অৱশেষত তেঁও নিজকে উপস্থিত কৰাইছেগৈ শব্দৰ পাঠ, পঠন আৰু নিৰ্মাণৰ ৰ’দে-বৰষুণে মুষলধাৰ, কোলাহলময় এখনি  চোতালত। তেঁওৰ সম্বৰ্ধনাহীন আৰু আড়ম্বৰহীন জীৱনৰ সুগন্ধিত ভাঁজবোৰত আয়োজন কৰা সেই চোতাল মুখৰ হৈছে বিনন্দীয়া শব্দৰ ঠিকনাৰে। যিহেতু তেঁও জানে – ইয়াত শব্দ স্থায়ী হয়।তেঁও সেই ঠিকনাটিৰ এজন ডাকোৱাল হৈ পৰে। তেঁও দিস্তা কাগজ মেলি ধৰে।

আৰু লিখি যায়গোলামঅভিজ্ঞ স্থপতিৰ দৰে সাজি উলিয়ায় সিখনি শব্দময় চহৰ – য’ত বাস কৰে গোলামসৱে। ইমান কাপুৰুষ এই চহৰৰ বাসিন্দা, যে প্ৰয়োজনবোধ কৰা নাই নিজকে সোধাৰ – কিহৰ গোলাম তেঁও। সোধা নাই – কাৰ বাবে এই গোলামি। উত্তৰ-ঔপনিবেশিক গোলাম নেকি তেঁও সিখনি দেশৰ – যি দেশৰ মহানগৰীৰ গলি এটাত “এজাক বৰষুণত ঘৰৰ বেৰে মজিয়াই সৰু সৰু ভেকুলী, শামুক, বহু বিচিত্ৰ পোক-পতংগ আৰু বহুবিধ বিছা”ৰ অবাধ বিচৰণ – আৰু সিখনি দেশৰ কৰ্মচাৰীক পদোন্নতিৰ বাবেই প্ৰয়োজন চুৰি কৰি হলেো প্ৰথম বিশ্বৰপৰা কঢ়িয়াই অনা এখন ডিপ্লমাৰ। “জাৰ্মানীৰ ডিপ্লমা –পদোন্নতি অনিবাৰ্য।” গোলাম নেকি সেই উত্তৰ-ঔপনিবেশিক ৰাষ্ট্ৰৰ ব্যৱস্থা – ৰাষ্ট্ৰ যন্ত্ৰ ((state mechinary) – চিন্তাৰ পৰাধীনতাৰ!

কথাকাৰে জানে – আধুনিতাৰ উচ্ছিষ্টভোগী, সুবিধাবাদৰ সেমেকা কোণ এটিত চূক-ভেকুলীৰ দৰে উশাহ লোৱা এই উত্তৰ-ঔপনিবেশিক গোলামটি অতিশয় চতুৰ। অতি অপ্ৰয়াসে সি বিপথে চালিত কৰে গুৰুজনক – সেইজন বিদেশৰ গুৰু – ফ্ৰাউ মুলাৰ, যি নিজৰ ল’ৰা-ছোৱালীক নিব খোজে প্ৰাচ্যৰ ৰূপকথা যেন লগা দেশবোৰ দেখুৱাবলৈ( কিন্তু ডিপ্লমা আনিবলৈ নহয়)। কিয়নো সি সিদ্ধি লাভ কৰিছে ভকতীয়া বিনয়েৰে, কোনেও ধৰা পেলাব নোৱাৰাকৈ চৌৰ্য কাৰ্য সম্পাদনা কৰি আদায় কৰি আনিছে প্ৰাপ্তি – য’ত সি বিক্ৰী কৰিছে মগজু – অথচ সেই বাটত নাই কোনো ‘ব্যাকৰণৰ ভুল’। সুবিধাবাদ আৰু পদোন্নতিৰ জখলাত সি ব্যাকৰণসিদ্ধ।  অপৰাধবোধে ক্ৰিয়া নকৰে তাক, জালিয়তিৰে হলেও বিদেশৰপৰা গোটোৱা এখন প্ৰমাণপত্ৰৰ বাবে পাৰিলে সি মাটিকেই বন্ধক দিব, অথবা যদিহে মেধাবী, তেন্তে যেন তেন প্ৰকাৰেণ যোগাৰ কৰি লব এটি বৃত্তি – আৰু একো নাথাকিলে প্ৰচুৰ তেলকেই দিব “যত চব ইয়ে’’ মানুহক, ঘৰৰ চাকৰিৰপৰা বেতনহীন ছুটিকেই লব।

এইদৰেই ‘গোলাম’ৰ কথাকাৰে আমালৈ খুলি দিলে খিৰিকিবোৰ। আৰু সেই খিৰিকিৰে তললৈ চালে আমি দেখা পাওঁ অনেক পংকময় পিতনি আৰু ওপৰলৈ চালে কোনোমতে মণিবপৰা কিছু তৰাৰ চিকমিকণি। আমি দোখোঁ শাৰী পাতি ৰৈ থকা সহস্ৰজন অ
হায় পিতৃমাতৃ। নিজৰ সন্তানক সৰুটি কালত হয়তো তেঁওলোকেই শিকাইছিল গোলামিৰে উচ্চাকাংখাৰ পথ। দিছিল ভাটৌ হোৱাৰ আখৰা। অথচ আজিৰ এই বেচামাল দুনিয়াৰ হঠকাৰী প্ৰতিযোগিতাত তেঁওলোক অতিকৈ হতাশাগ্ৰস্ত – কিয়নো এনেদৰে উৎপাদিত গোলামবোৰে সংখ্যাৰ দিশে হয়তো আকাশৰ তৰাকো চেৰ পেলাইছে আৰু বহুজাতিক কোম্পাণীৰ গোলামিৰ বজাৰত যোগান আৰু চাহিদাৰ মাজত দেখা গৈছে ভয়ংকৰ  অসমতূল পৰিবেশ। তেঁওলোকে উদ্বাৱন কৰিছে গোলামিৰ ন ন কৌশল আনকি বিদেশৰপৰা অনা প্ৰমাণপত্ৰ পৰ্যন্ত হৈ পৰিছে মূল্যহীন, অপ্ৰাসংগিক। এনেকৈয়ে তেঁওলোকৰ আপুতৰ পূত সতি-সন্ততিসকল হৈ পৰিছেগৈ ফুল-তৰা-গানৰ কথা নজনা এজাক শিক্ষিতৰ এটা হতাশগ্ৰস্ত প্ৰজন্ম। বাটত সিহঁতৰ ভিৰ বাঢ়ি আহিছে।

আকৌ যেতিয়া উচ্চশিক্ষাৰ প্ৰতি আকূলতাৰে চাওঁ কোনো এক বিশ্ববিদ্যালয়ৰ তোৰণৰ দিশে, তেতিয়া দেখা পাঁও নে’ট-শ্লেট-জে আৰ এফ আৰু বিদেশী জাৰ্ণালত নিবন্ধ প্ৰকাশৰ প্ৰমাণপত্ৰ লৈ কোনো এ সাক্ষাতকাৰলৈ আকূলভাৱে ৰৈ থকা চাকৰিপ্ৰাৰ্থীৰ দীঘল দীঘল শাৰীবোৰ – যিমানেই দিন যায়, প্ৰমাণপত্ৰ বোজাটোৰ দৰেই বাঢ়ি যায় সেই শাৰীটোও । পৰিশেষত হয়তো কাৰোবাৰ ভাগ্যত জুটি যায় এটি কনট্ৰেকচুৱেল পদ – দাম দহহাজাৰ টকা। বাটত এঁওলোকৰো পৰিশীলিত ভিৰ বাঢ়ি আহে। ভয় লগাকৈ।

এনে লাগে যেন অচিৰেই ধৈৰ্যচ্যুতি ঘটিব – বিদ্ৰোহ কৰি উঠিব এওঁলোকে। ৰাজপথ কঁপাই  দিব

‘গোলাম’ৰ খিৰিকিৰে চালে দেখা যায় সেইসকলকো – যি দক্ষতাবিহীনঅৰ্হতাবিহীন। দলে দলে যায়গৈ গোলামিৰ বাবে – সদ্য অতীত হৈ পৰা কোনো এক সংঘৰ্ষপীড়িত এলেকাৰ পৰা – বানে গৰকা মথাউৰিৰ পৰা – কূটৰ হৈ অহা পথাৰৰপৰা চিটিকি চিটিকি – ৰোলৰ ডবাবোৰে হেঁচুকি হেঁচুকি  লৈ যায় ঠিকাদাৰৰ চুক্তিৰে বন্দী সিহঁতক। আপাতত এঁওলোকৰ নাথাকে তেনেকৈ হতাশা – কিয়নো তেঁওলোকেও জানে – গোলামি বিনে নাহি আন  গতি – চিন্তা মাথো দুবেলা দুমুঠি।

এইদৰেই গোলামি মানসিকতাৰে গোমা হৈ আহে আকাশ- বতাহ। জানোচা কেনেবাকৈ গোলামবোৰ বিদ্ৰোহী হৈ উঠে – অথবা একত্ৰিত হয় – সেই আশংকাতে চলে কাৰচাজি। সময়ে সময়ে সলনি হয় তাৰ  ৰূপ। যিদৰে শতাব্দী প্ৰাচীন জিজ্ঞাসা আৰু প্ৰজ্ঞাৰ সাধনাক নস্যাৎ কৰি এতিয়া আমাৰ চেতনাত  অকস্মাতে জগাই তোলা হৈছে গৰু নামৰ এটা চাৰিঠেঙীয়া জন্তুৰ অৱস্থিতি। এজনী স্বাস্থ্যৱতী গো-মাতাই আমাৰ চেতনাক চানি ধৰিছে – গো- চেতনাৰ ৰক্ষক আৰু ভক্ষক ৰূপে গোলামিৰ নতুন বাগধাৰা খাৰা কৰোৱা হৈছে আমাৰ চিন্তাৰ স্বাধীনতাৰ বাটত এঁৰালৰ খুঁটি পুতি। সাংস্কৃতিক বণিয়াৰ আগ্ৰাসী ষড়যন্ত্ৰেৰে আমাৰ পৰম্পৰাৰ গৰুবিহুটিয়ে ৰূপ লৈছেগৈ গো-মাতাৰ পূনৰ। ভেলেকীবাজিৰে সন্যাসী কৰ্প’ৰেটৰ চত্ৰছায়াত সাৰ-পানী পাই  বাঢ়িছে গো-মূত্ৰৰ এখনি সৰ্বাগ্ৰাসী বজাৰ। আমি বাধ্য হঁও, পাণ কৰোঁ গো-মূত্ৰ – চেতনা উদ্দীপক পানীয়ৰূপে, আৰু পূৰ্ণ হঁও গোলামৰ মানসিকতাৰে।

আমাৰ সাতাম-পুৰুষৰ সংস্কৃতিক নস্যাৎ কৰি এতিয়া আমাৰ সংস্কৃতিৰ এপৰত এই আচহুৱা গোলামিক চুপাৰ ইম্প’জড্ (Super-imposed) কৰা হৈছে কম্পিউটাৰৰ ফটোশ্বপৰ কায়দাৰে। য’ত মূল সংস্কৃতিৰ বৰ্ণচ্ছটা ঢাক খাই পৰিছে। আৰু হাত তালি দিয়া হৈছে বিকৃতিত। যিদৰে ‘গোলাম’ৰ কথাকাৰে বাস্তৱৰ গুৱাহাটীক নস্যাৎ কৰি চুপাৰ ইম্প’জড্ কৰিছে (Super-imposed)    গোলাম গুৱাহাটীৰ – ‘‘ভেম্বৰ, ডিছেম্বৰ মাহত  যেতিয়া গুৱাহাটীৰ বৰফ পৰিব আৰম্ভ কৰে, সৰু সৰু ল’ৰা- ছোৱালীবোৰৰ বৰ আনন্দ হয়। ৰাস্তা, ঘৰৰ চাল, ফুল আৰু গছ-গঠনি, যান-বাহন সকলো বৰফত ঢাক খাই বগা হৈ পৰে। ....গজাল লগোৱা বুট আৰু ৰং-বিৰং টুপী পিন্দি সৰু সৰু ল’ৰা-ছোৱালীবোৰে চিঞৰ- বাখৰ কৰি সিহঁতৰ স্কী, শ্লেজ-গাড়ী আৰু চকা লগোৱা ৰ’লাৰ স্কেটাৰবোৰলৈ পৰম উৎসাহেৰে  বাহিৰ হৈ পৰে।” আৰু সুদূৰ জাৰ্মানীত তেঁওৰ শিক্ষক ফ্ৰাউ মুলাৰে কেনেদৰে চিঞৰি উঠিছে – “চমৎকাৰ, চমৎকাৰ।”

শ্ৰদ্ধালু পাঠকে যেতিয়া পাঠ কৰে  ‘গোলাম’  - পঠনৰ আয়ৰণি, আমেজ আৰু ব্যাখ্যাৰ চমৎকাৰিত্বই তেঁওক কৰি তোলে বিশ্ময়াভিভূত। “বেচতো! চমৎকাৰ।” – এইবুলি তথাপি নিজকে কব নোৱাৰে তেঁও। নিজৰ গাতেই বৰং চিকুট মাৰি চায়। অন্তৰৰ এচূকত গাপ দি ৰখা জীৱনৰ অন্তহীন সময়ৰ কোনো এটি ক্ষণৰ বুজা-পৰাৰ গোলামী পল এটি হয়তো অজানিতে উদ্ভাসিত হৈ উঠে। নিজকেই প্ৰশ্ন কৰে পাঠকে – কিয় লিখিছিল কথাকাৰে এই ‘গোলাম’ নামৰ গল্প? বুকুৰ নিজানত এই আশা আছিল নেকি তেঁওৰ – যে, মানুহে এদিন মুক্তি পাব মানুহৰ গোলামিৰ পৰা।”

আৰু তেতিয়াই গল্পকাৰৰ সৈতে নতুনকৈ তেঁও স্থাপন কৰে এটি সংযোগ। তেঁও উমান পায় গোলাম সময় আৰু গোলাম চিন্তাৰ বিৰুদ্ধেই কথাকাৰৰ ‘গোলাম’। তেঁও ‘গেলাম’ৰ কথাকাৰে খুলি দিয়া খিৰিকিখনেৰে ওপৰলৈ চায়।

ওপৰত এখন ধূসৰ আকাশ। মাজে কিছু তৰাৰ চিকমিকণি।
তেঁও আশ্বস্ত হয়, তেঁও আশ্বত্ব হয়।

(সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম’  গল্পটিৰ কিছু উপলব্ধিৰে। )




  ৰছনা- ১১-০৫-১৭

No comments:

Post a Comment