Tuesday, 13 June 2017

ডাকিনী! ডাকিনী !! ডাকিনী !!!

                         



— ৰত্না ভৰালী তালুকদাৰ



Now, Miss Hoodoo Lady,

Please give me a hoodoo hand

I wanna hoodoo this woman of mine,

I believe she’s got another man.



( ৰাণ্ডী মূৰেৰ সাধু)



তাহানিৰ টিটুবা  আইতা আছিল হূদূ- উপাসিকা। এদিনাখন আমেৰিকাৰ উপনিবেশিক  বাগিচা  এখনত  কাম  কৰিবলৈ  এক বগাছালৰ চাহাবে তেঁওক ক্ৰীতদাস বেচা- কিনা কৰা বজাৰ এখনৰপৰা কিনি  লৈ গ'ল।  পিছলৈ চাহাবে তেঁওক মাওৰী জীয়েক দুজনীক চোৱা- চিতা কৰিবলৈ  লগাই দিলে ।
 

সেই টিটুবা আইতাৰ বংশ লতিকাডালৰ কোনো এক আজো- পৰিনাতিজনীয়েই   হৈছে  আমাৰ আজিৰ সাধুৰ  ৰাণ্ডী মূৰে নামৰ  চঞ্চল, কৌতূহলী  বালিকাটি । হূদূ  পৰিয়ালৰ জীয়ৰী বাবেই তেনেই  সৰু থাকোতে ৰাণ্ডী মূৰেক তেঁওৰ পিতৃয়ে  উপৰি পুৰষৰ   হুদূ- উপাসনাৰ বিচিত্ৰ, ছয়া- ময়া সাধুৰ  আলি- মুলি, পাকলগা বাটৰে  লৈ গৈছিল। এনেকৈয়ে ৰাণ্ডী মূৰেই  ক্ৰীতদাস ব্লেক  সমাজে  তাহানিতে হেৰুৱাই  পেলোৱা যাদুৰ এক সন্মোহণী  মায়াজালত তেঁওৰ ভৰিৰ  প্ৰথমটি  খোজ দি  থৈ আহিছিলগৈ।
 

এৰা। সাধুৰ বাটেৰে গৈ থাকোতেই কণমানি ৰাণ্ডীৰ ভৰি দুখনিত  পাখি গজিছিল, বুকুৰ  অকমাণি  ঢিপ-ঢিপনিত  ৰং- বিৰঙী পখিলা কিছুমানে কোৰ্হাল লগাই দিছিলহি। এদিনাখন বৰফে ঢাকি থোৱা মৃত জাৰকালি এটিত তিক্ত - বিৰক্ত  হৈ তেঁও   চাবোনৰ  বুদ বুদ কিছুমানত মনৰ শুভকামনাবোৰ সুমুৱাই,  ফু মাৰি উৰুৱাই দিলে।  লগে লগে  মৰি যোৱা  আকাশখনলৈ ৰ'দৰ     কণিকাবোৰ আহি বিউগল বজাবলৈ ধৰিলে। আকাশখন জী উঠিল।  আৰু  পাখিলগা বিস্ময়ত ৰাণ্ডীৰ চকুৰ  পাহি  টলমল  হৈ  গ'ল।....... ৰাণ্ডীৰ উথপথপনিত তেঁওৰ এমেৰিকান ব্লেক  পিতৃ য়ে বয়সে ঢুকি পোৱাৰ আগতেই  তেঁওক  লৈ  গৈ  কনভেণ্ট  পোৱালেগৈ।  


 এনেকৈয়ে আধুনিক এমেৰিকান শিক্ষা  পদ্ধতিত কণমানি ৰাণ্ডীৰ নাম  লগোৱা হৈ গ'ল। পৰীৰ দৰে জলমলীয়া,  শিমলুৰ  তুলাৰ দৰে কোমল আৰু সিজোৱা ওটমিলৰ দৰে সজীৱ মিচ গৰাকীয়ে ফুলপাহি যেন ছোৱালিটিক  বৰ ভাল পালে। মিচে তাইক  সুধিয়েই পেলালে —  ডাঙৰ  হৈ তাইনো কি হ'বলৈ বিচাৰে। আৰু ৰাণ্ডীয়ে  যি উত্তৰ দিলে  তাকে শুনি মিচ  আৰু  সমনীয়াবিলাকে  চকুৰ পতা বহলকৈ মেলি  দিলে।

-এ্য  ৱিটচ।   

বিশেষ চিন্তা নকৰাকৈয়ে কথাষাৰ কণমানি ৰাণ্ডী মূৰেৰ মুখৰপৰা ওলাই গ'ল।

-কি আচৰিত কথা, কি আচৰিত কথা, এ্য ৱেইৰড থিং ।


সমনীয়াবিলাকে হুলস্থুল কৰি দিলে। কিন্তু এবাৰ মুখৰপৰা ওলোৱা কথা জানো ওভতাই অনা যায়! সেয়ে আমাৰ  কণমানি  ৰাণ্ডীয়ে   বৰ বিশ্বাসেৰে ক'লে,

- ঠিকেই। আই  ৱান্না  বি   এ্য  ৱিটচ। মই  ডাকিনী হ'ব খোজোঁ। হ'ব খোজোঁ প্ৰাচীন  হূদূতন্ত্ৰৰ উপাসিকা।


- অউ.......কণমানিটিৰ বুদ্ধিমত্তাৰ কিন্তু শলাগ লব লাগিব। —  তাইৰ মসৃণ, চিকমিকাই থকা ব্লেক ছালচটাত   চকু থৈ মিচে বিৰ-বিৰকৈ ক'লে।
 

সেই  কথাটোৰ  বাবেই, ক’বলৈ গ'লে কনভেণ্টৰ নিভৃতত ৰাণ্ডী মূৰে হৈ পৰিল একক আৰু  বিষন্ন ।  আধি- ভৌতিক, ছয়া-ময়া জগতখনৰ বোধাতীত, আলি- মুলি   বাটবোৰে তেঁওলৈ চুম্বক  ডেউকা মেলি দিলে।  ডাঙৰ হৈ  আহে মানে ৰাণ্ডী   মূৰেই   বহুবোৰ কথালৈ নাকটি  সুমুৱাই  সেইবোৰৰ সাৰ কথা লবলৈ সাধনা কৰিলে।  নিম্নসকলৰ  ইতিহাস  আৰু   ক্ৰীতদাস  ব্লেকসকলৰ আদিকথাবোৰ তেঁও  পঢ়ি পেলালে। সমসাময়িক  এমেৰিকান নৃত্য- শৈলীত ব্লেকসমাজৰ বৃত্তাকাৰ অথবা  সৰল ৰৈখিক  হূদূ  নৃত্যৰ  প্ৰভাৱ সম্পকেও  তেঁও  পঢ়িলে  আৰু দেধাৰ  বক্তৃতা দিলে।
 

এদিন  ডাইনীবধৰ  বিধান দিয়া এখনি  প্ৰাচীন, অশৰীৰী  পুথিৰ  অহিতকাৰী, কুণ্ডলী -  পকোঁৱা ধোঁৱাৰঙী  বাটেৰে বাট  বুলোতে তেঁওৰ শৰীৰত এনেদৰে কঁপনি উঠিল যে, গাৰ  প্ৰতিডাল নোমৰ  তলিতেই  যেন  লাই - সৰিয়হ ফুটিবলৈ  ধৰিলে । .......পুথিখনিত তেঁও শুনিবলৈ পালে  পবিত্ৰ এখনি পাহাৰৰ তলিত,  শালগছৰ  সৰি পৰা পাতৰ নিজানত  জিৰাই থকা মানুহ কিছুমানে গোৱা   এটি  কৰুণ  গীত -  ‘ পায় ডাইনী পৰৰ খায়, নাপায়  ডাইনী নিজৰ খায়।' গীতটিৰ কৰুণ  গাথা  ৰিঁ ৰিঁ  কৈ  অহৰহ  তেঁওৰ কাণতে  বাজি থাকিবলৈ ধৰিলে।....... এৰা। ৰাণ্ডী মূৰেই  আমাৰ এই  অনন্তডাকিনীৰ দেশত  মূৰে- ভৰি কাঢ়ি  জীয়াই  থকা তেজ  আৰু  মঙহৰ ডাকিনীসকলক লৈ  মানুহবোৰে বিলাপ  কৰাৰ  কথা  জানিব  পাৰি  তবধ  মানিলে।
 

সিবাৰ আমেৰিকাৰ নিউয়'ৰ্ক নগৰীত বিখ্যাত  হেল'ৱিন উৎসৱ উপলক্ষ্যে  পতা ‘ৱিক্কা' প্ৰতিযোগিতাত তেঁও যোগদান কৰিলে  আৰু  প্ৰথম হ'ল। পুৰস্কাৰ হিচাপে তেঁও লাভ  কৰিলে এটি  ভ্ৰমণৰ সুবিধা। খবৰটি পাই হিয়াখনি তেঁওৰ  ৰাই-জাই কৰি । সেই  সুবিধাতে তেঁওৰ  ডাইনীবধৰ বিধান দিয়া  অনন্তডাকিনীৰ দেশখন চাই  আহিবলৈ মন গ'ল। সেয়ে ৰাণ্ডী মূৰেই  ব'য়িং  নামৰ  সেই অতিকায়,  বেগবান,  ইলেকট্ৰনিক  গৰুণ্ড  পখীটিৰ নিভৃতত জেগা এটি  ‘বুক'  কৰি ল'লে। সাতোখন সাগৰ  আৰু  তেৰখন  নদীৰ বঙিয়াৰে,  আকাশৰ নীলাত ছোঁ  মাৰি, গিৰিশিখৰত মৰাশৰ  দৰে ঢেল খাই থকা  বৰফৰ  জীৱাশ্মবোৰ চেৰাই   ব'য়িং  নামৰ  জান্তৱ  গৰুণ্ডপখীটিয়ে  বতাহত সোঁ সোঁ  কৈ  তাৰ ডেউকা পাৰি দিলে। 

আৰু,  ৰাণ্ডী  মূৰেক  আমাৰ  এই  অনন্তডাকিনীৰ দেশলৈ লৈ  আহিল।
 

------


ৰাণ্ডী মূৰে আহিছে!  

ডাকিনী   ৰাণ্ডী মূৰে আহিছে! 


বতৰাটি  পাই  আমাৰ অনন্তডাকিনীৰ দেশৰ ডাকিনীসকল  চঞ্চল হৈ  উঠিল। মাটিত  অৱতৰণ  কৰিয়েই  বাট  লোৱা ৰাণ্ডী মূৰেক  আদৰি নিবলৈ হিয়ালি - জিয়ালিকৈ ওলাই  আহিল তে'ক্কাৰচুং  মহা-ডাইনী গোষ্ঠীৰ ভগিনীসকল। গাত বিৱৰ্ণ  ৰি'ফান- কাম্ফুং মেৰিয়াই  তেঁওলোকে ৰাণ্ডী মূৰেক আদৰি নিবলৈ তেনেই  নিঠৰুৱাকৈয়ে  আহি ওলাল। এৰা। আমাৰ ৰাণ্ডী মূৰেৰ দৰেই তেজ  আৰু মঙহৰ এই ডাকিনীসকল আছিল নিচেই  অভাগী, তেনেই  নিঠৰুৱা। নৰৰূপী ডাইনী হিচাপে  সমাজে দূৰতে নিলগাই দিয়া এৰা খাৰকায়।


তেঁওলোকে  গৈ থাকোতে  বাটৰ কাৰ  শালগছৰ ভাটোৰঙী পাতবোৰৰ বেথা লাগিল আৰু  আহিনীয়া বতাহ এছাটিৰে   সূত  লগাই দিলে। জুৰণীয়া বতাহছাটি  গাত লগাই  ৰাণ্ডী মূৰেই ভগা  জাকৈত কুকুৰা উচৰ্গি  ডাইনী অপদেৱীক  ভোগ দিয়া নিজৰাটি পাৰ হৈ   গ'ল। নিজান দুপৰত যখিনীয়ে  টুপ্লুং - টাপ্লাং কৰি গা ধুই  থকা কেঁচা কুৱাটি  পাৰ হৈ গ'ল।  পাৰ হৈ গ'ল পবিত্ৰ  পাহাৰৰ কন্দৰটিত  দেৱীৰ ভাত ৰন্ধা জুইৰ দেওলগা ধোঁৱাৰ কুণ্ডলী। তেঁওলোকৰ  কাণত পৰিলহি  যখিনীয়ে নিজৰ কেচুঁৱাটিক আপদাল কৰিবলৈ  ধৰি নিয়া শিশুহঁতক এৰি দিবলৈ মিছিতাংসকলে ভগাজাকৈত  শামুক, কেকোঁৰা উচৰ্গি  নিজৰাপাৰত  গোৱা  স্তুতিগীতৰ বধ- শপত ।


এনে বহু দেওলগা  কথাৰ মাজেৰে বিচুৰ্তি খাই   ৰাণ্ডী মূৰেই গৈ থাকিল । গৈ গৈ কেকুঁৰি এটাতে উজুটি খাই  পৰিলগৈ। .......কি আচৰিত কথা, কালিকা লগা কেকুঁৰিটোৱে সেইখিনিতে সাপ এডাল হৈ পাক খাই  তেঁওলোকৰ  ভৰিতে সাৱট  মাৰি ধৰিলে। তেনেতেই  হাবু- ডুবু খাই ওলালহি  খিচান্তি  ৰাভা চেৰেঙা নামৰ মিছিতাং গৰাকী । বোলে - তেঁও হেনো  গাঁওখনৰ  প্ৰাথমিক স্কুলৰ মাষ্টৰণী। স্কুলৰ মাষ্টৰণীয়ে চকুৰ আগতে তেজ - মঙহৰ ডাকিনীসকলক দেখি সৰগৰ ৰিছি দেৱতাক  পোৱাদি  পালে  আৰু  তেঁওলোকৰ  ভৰিতে  উবুৰি খাই পৰিল।  থাউনি হেৰুওৱা মানুহজনীৰ বিলাপ শুনি সিবিলাকৰ চকুত পানী ওলোৱাৰেই কথা। আকউ, নোলাবনো কিয়! তেঁওলোকৰ নিজৰ গাতে  লাগি থকা সাধুবোৰৰ  সোত - মোচ  ভাঁজত  স্কুলৰ  মাষ্টৰণীৰ সাধুটো   সোমাই  নপৰিল  জানো!  


সেয়েহে  আগুৱাবলৈ এৰি তেঁওলোকে সাহ কৰি সিদ্ধান্ত কৰিলে  খিচান্তিৰ গাঁৱলৈ সোমাই যোৱাৰ । তেতিয়াহে  বুকুত সাহ  অকণ পাই,  খিচান্তিয়ে খোজৰ কোবে কোবেই  কাহিনীটো গাবলৈ ধৰিলে। ..........কি  আচৰিত কথা - মিছিতাঙে  কৈ যাওতে কাহিনীটোৰ কেঁকুৰিত টিটুবা  আইতাৰ  মুখখনে থাকি থাকি ওলোৱা- সোমোৱা কৰিবলৈ ধৰিলে। তাকে দেখি  ৰাণ্ডী  মূৰেই চকুৰ পতা  বহলকৈ মেলি দিলে।
 

তেন্তে, মিছিতাঙৰ  কাহিনীটোকে শুনোচোন বাৰু!



————


মিছিচাঙৰ   সাধুঃ
 

যদিওবা  অগ্ৰণী  মিছিতাং  আৰু  স্কুলৰ মাষ্টৰণী হিচাপে খিচান্তিৰ নামটি  উজলি থকা,   সিপিনে আকৌ তেঁও ৰাইজখনৰ  কিছু লোকৰ   চকুৰ কূটা। লোকে আঁৰকৈ কয়  - মাষ্টৰণীৰ দৰমহা পালেই হ'বনে? তাই  দেখোন সিপিনে  ডাইনীৰ জীয়েক পাতানীহে!  পাতানী খিচান্তিৰ জন্ম- বৃত্তান্ত  হিচাপে দেওলগা কথাবোৰ  নৈ, নিজৰা  আৰু  পাহাৰৰ কন্দৰত সোমাই থকা নাই জানো !  সেইযে - তাহানি কেও কিছু নোহোৱা  খিচান্তিৰ  মাওৰীয়া বাপেকলৈ ৰাইজেই আলচ কৰি সিখন গাৱঁত ঘৰবুঢ়ী হৈ থকা বুৰ্জেং ৰাভাক দাঙি  আনি বিয়াৰ সমন্ধ গঢ়ি দিছিল। মাওৰীয়াৰ  বিয়াত  বহাৰ  মনটিবা আছিল নে নাই , তাকে এটিবাৰ সুধিব লাগে  বুলি ৰাইজে  জানো ভাবি পাইছিল। তেনে হেন  লৰালৰিত আকউ সমন্ধত খুঁত  ৰৈ যোৱাৰে ভয়! সেয়েহে  আকাশৰ ৰিছি  দেৱতাৰ জীয়ৰী  আৰু মৰতৰ  বিধবাৰ  পুতেকৰ  ভালপোৱাৰ দৰে এই   সমন্ধটি  নিকা হবলৈ নাপালে।  অৱশ্যে, খিচান্তিয়ে  জন্ম পালে।  আকাশৰ জোনবাইজনীৰ দৰে  বাঢ়িল তাই অলাসতে । এনেনো  মৰমলগাজনী হ'ল, যে  বতাহেও জুৰ দি যায়। তাইকে দেখি  মাওৰীয়াৰো সংসাৰখনলৈ মোহ  অকণ সোমাল।


..... তেনেতেই  এবাৰ   সি  নিজৰ চকুৰেই দেখিলে নহয় সৰ্বনশীয়া কথাটো। সিবাৰ আছিল  শইচ  উভৈনদী হোৱাৰ বছৰ।  সেয়েহে  জাৰকালিৰ দুমছীটো  দীঘলীয়া কৰি নিশা নিশা ইঘৰ - সিঘৰ কৰি সিহঁতে ঝুগুলী  মদৰ ৰাগী লগাই ফুৰিছিল।  ঝুগুলী মদৰ ৰাগী লগাই শুই থকা  মাওৰীয়াই  অমাৱস্যাৰ নিশা এটিৰ দোভাগত  সাৰ পাই গ'ল। আৰু চকুৰ সন্মুখত যি দেখিলে দেখিয়েই  চৰগ পৰা শিলৰ দৰে থৰ লাগিল। ঝুগুলীৰ নিচা ফাটি গ'ল। পাটীৰ তিৰোতাজনীৰ  ডিঙিৰপৰা তলৰ চোৱাহে দেখোন  পাটীতে পৰি আছে। ওপৰৰ মূৰচোৱা  নাই। 


হে' ৰিছি দেৱতা, হে'  লাঙামাৰা দেউতা-  মাওৰীয়াৰ ভাইগত এয়া কিনো হ'ল? গিৰীয়েকক  নিদ্ৰা বাণ মাৰি বুৰ্জেঙৰ মূৰচোৱাই ৰাতি ফুৰা কৰিবলৈ পানীয়ে - পথাৰে আহাৰ বিচাৰি গ'ল। ৰাইজে পৰগাঁৱত এৰাপলীয়াকৈ   থকা বুৰ্জেঙক দাঙি আনি তাৰ সৈতে  সমন্ধটি জোৰাই  দিওতেই তাৰ মনটো কেনেবা লগা নাছিল জানো·বোলে —- মিছিতাঙৰ  চাল- চলন হ'লে ‘কিবা’সকলৰ নিচিনা।  সিপিনে চকু এটাও কেঁৰা। কেউফালে আলখণীয়া চিন নাছিলনে? এতিয়া জোনৰ পোহৰৰ দৰেই ফট-ফটীয়া হৈ গ'ল।  মাওৰীয়া খাটাং  হ'ল। পৰগাৱঁৰ  সিজনী ঘোৰ অমাৱস্যাৰ নিশা শ্মশানত  আৰাধনা কৰি  কচাইখাতীৰ   চৰণত  নিজৰ মূৰটো চিঙি, তাৰে নৈবেদ্য উচৰ্গি,  কচাইখাঁতীক  তুষ্ট কৰি ছিঙা মূৰ  জোৰা লগাবলৈ সিদ্ধি লভা ডাইনী!  

মাওৰীয়াই  নিশাটোতে হাতত দা খন লৈ, বোকোচাত  খিচান্তিক  বান্ধি  ৰাইজখনৰ কাষত উবুৰি খাই পৰিল।  তাকে  সাক্ষী কৰি ৰাইজে  তাৰ ঘৰলৈ আহি পাটীত দেখে যে, নিশা ফুৰা শেষ  কৰি বুৰ্জেঙে মূৰটো জোৰা লগাই সাক্ষাৎ মানৱী সাজি বিচনাতে দোৰ্ঘোৰ টোপনিত লাল-কাল হৈ পৰি আছে।ৰাইজৰ  হৈ চৈ শুনিহে   মৰ টোপনিৰপৰা সাৰ পোৱাৰ দৰে হৈ  বোলে —   কি  কথা, কি বতৰা।

ৰাইজে বোলে  —  একো নহয়, শুই থাক। 


বুৰ্জেঙৰ  অগোচৰেই   ৰাইজে বিচাৰ কৰিলে। ঠিকনা চাই দেওধায়ে  বিধান দিলে। বৰ   ভয়লগা বিধান দিলে দেওধায়ে।  সিদিনাৰেপৰা  খিচান্তিয়ে গাৱঁৰ সীমাত মাকক দেখা পোৱা নাই। ভিতৰখনে ধৰ-ফৰাই থাকিলেও বাপেকক মাকৰ কথা সোধাৰ সাহকণ হোৱা নাই খিচান্তিৰ  । হওতে দেওধায়ে কেচুৱা খিচান্তিৰ  বেলিকাও বিধান  দিব  খুজিছিল। তেনেতেই  হাত- ভৰি আছাৰি মাওৰীয়াই    ক'লে-  ‘ৰাইজ, দায় হ'লে খেমিবি। সইত কথা  ক'লো — বোকোচাৰ পোনাটিক  ডাইনী মাকে  গাৰ কাপোৰেৰে আবুৰ   দিয়া নাই। তাই  বাৰুকৈ পাতানী হোৱা নাই।সেয়েহে ৰাইজ, কেচুৱাটিক এৰি দিয়ক । '


মাওৰীয়াৰ মৰমতে ৰাইজে বাৰু দেওধাৰ কথাষাৰ এৰি দিলে। কিন্তু  কথাষাৰে বিশ্বাস  আৰু অবিশ্বাসৰ  মাজতে ৰাইজৰ বুকুত উক-মুকাই নাথাকিল জানো!  বুকুৰ পিয়াহ লওতেও খিচান্তি  জানো এবাৰো মাকৰ কাপোৰৰ  তলত সোমাবলৈ পোৱা নাছিল! তেনেহ'লে ডাইনীবিদ্যাৰ কিবা অকণ  হলেও জানো তাইৰ গালৈ নহাকৈ থাকিল? তাই  জানো  পাতানী নোহোৱাকৈ থাকিল? ৰাইজৰ সন্দেহৰ উক-মুকনিটোৱেই খিচান্তিলৈ  বগৰীগছৰ  কাঁইট এডাল হ'ল। ডাঙৰ হৈ আহে মানে কাঁইটৰ ডালটোৱে তাইক বিন্ধিবলৈ ধৰিলে।.... তেনেকৈয়ে  তাই জোনবাইজনীৰ দৰে বাঢ়ি গ'ল। এনেনো মৰমলগা হ'ল, যে  বতাহেও জুৰ দি যায়। মৰমতে  বাপেকে ইস্কুলত দি আহিলগৈ।  মাক নোহোৱা ছোৱালী, ইস্কুলতে  কথা দুটা শিকক।  কিন্তু, বান্দৰে গছৰ ডালত  বগোৱাৰ দৰে  খিচান্তিয়ে দেখোন ইটোৰ পিছত সিটোকৈ শ্ৰেণী উধাই - মুধাই বগাই যাবলৈ ধৰিলে। হে' লাঙামাৰা গোঁসাই, তাই দেখোন সকলোকে  চেৰ পেলাই ধহ-মহাই  আগবাঢ়ি যাবলৈ ধৰিলে। সেই  কথাটোতে আকউ ইস্কুলৰ সকলোৱে বৰ ৰং  পালে।


ইস্কুলৰ পঢ়া শেষ কৰি, আৰ তাৰপৰা টকা খুজি তাই গোৱালপাৰা পালেগৈ। তাতেই   আৰু অলপ পঢ়ি লৈ, শেষত গাৱঁৰ ইস্কুলতে খালী হৈ থকা মাষ্টৰণীৰ চাকৰিটোকে লৈ গাৱঁলৈ উভতি আহিল।  সিফালে ডাইনী নিগ্ৰহ নোহোৱা কৰিবলৈ খুলি লোৱা সংঘ এটাতো সোমাই  ল'লে। সেয়েহে  ৰাইজে আঁৰকৈ পাতানী বুলি অপবাদ দিলেও চৰকাৰী মেল- মিটিঙত তাই ভাগ এটা  পায়। তাৰেই  সুযোগত মাষ্টৰণীয়ে যে তে'ক্কাৰ  অপদেৱীসকল  নাই বুলি বদ  কথা শুনাই ফুৰে, তাকে লৈয়েই  ৰাইজৰ  অসন্তোষ। পাতানীয়ে মেলত  কয়, বোলে —  আমিবোৰে নৈ- নিজৰা - কেঁচা কুঁৱাৰ পানী এৰি দমকলৰ বিশুদ্ধ  পানী খাবলৈ লোৱাৰপৰা পেটচলা, কলেৰা আৰু হাইজাৰোগৰ অধিষ্ঠাত্ৰী তে'ক্কাৰ  অপদেৱীসকল দূৰতেই বিদূৰ হোৱা নাইনে?·সয়েহে ৰাইজে আজাৰত  মঙলতি, কবিৰাজৰ কাষ চাপিবলৈ এৰক। পোৱঁতীৰ সময়ত তে'ক্কাৰ  অপদেৱীলৈ  উচৰ্গা দিয়াৰ  আগেয়ে  ডাক্তৰৰ  কাষলৈহে যাওক। 


এনেহেন এলাইজাবৰি, হুতাশনীয়া কথাত বাৰু কাৰনো খং নুঠিবৰ কথা?দেওধা, মঙলতি  আৰু  কবিৰাজে খঙতে চাটি -ফুটি কৰি উঠে। চৰকাৰৰ দৰমহা খোৱা খিচান্তিৰ সৈতে যুঁজিবলৈ সিসকলৰ অৱশ্যে মুখত  কথাৰ চোক নাই। কিন্তু সৎকৰ্মৰ পূজাভাগিত ৰংদানি সমাজে আওহতীয়াকৈ হ'লেও তে'ক্কাৰ অপদেৱীলৈ  উচগা এভাগি দিয়াৰ পূৰ্বাপৰ নিয়মটি  চলি থকা নাই জানো? 


সেয়াহে  সাৰকথা। 


সেয়েহে  ৰংদানী ৰাইজে নাকেশ্বৰী পূজাথানত কালকুবেৰ, বাৰখেতৰকে ধৰি দেওসকললৈ দেওধা নচুৱাই, বলি   চৰাই  বোধন দিলে। মহা- ডাইনীগোষ্ঠীকে নিজ গুণে সন্তুষ্ট হ'বলৈ  পঁচা তুলি, আমিষ  ভোজনেৰে বোধন দি, ক'লা কুকুৰে  খাওক  বুলি  ভোগেৰে সৈতে তুতি কৰি  বধ- শপত দিলে। সমাজত  অপায় - অমংগল, ৰোগ-  ব্যাধি বিয়পোৱাৰ পৰা আপোনাসকল অপদেৱী নিলগতে থাক। নিলগতে থাক।


সিমানৰ পিছতো হ'ল কি —- পূজাভাগৰ পিছতে  গাৱঁৰে বোৱাৰী সুভাগি ৰাভা বাৰায়ৰ গাতে তে'ক্কাৰ  অপদেৱী লম্ভাৰ লক্ষণে দেখা দিলে । কবিৰাজে মাছমৰা জালৰ তলত পেলাই লৈ অপদেৱীয়ে কি  বিচাৰিছে বুলি  সোধাতে সজে সজে  তাই  কাবু  হৈ বোলে —‘মোক বাক পুচিকায়  মাৰি  উচগা দে।’  তেতিয়াই ৰাইজে গাহৰি পোৱালি এটি  মাৰি ডাইনীলে উচৰ্গি, সমজুৱাকৈ ভোজ এটি  খালে।  পিচে, ভোজটি খাওতেই লাগিল নহয় লেঠা। জীয়ৰী চুগুণী ৰাভা বাৰায়  কঁপি কঁপি  উচাল মাৰি উঠিল। তাকে দেখি ৰাইজৰ মুখৰ মাত নোহোৱা হ'ল। সিসকলে আলচ কৰিবলৈ লওতেই  সিফালে ছোৱালিটিৰ কঁপনিৰ কোবটি  চৰিহে  গ'ল। কেনে অমংগলীয়া কথা! মাটিতে বাগৰি তাই  হাত - ভৰি  আছাৰিবলৈ ধৰিলে।  মুখেৰে বীজলুৱা লালটি বাহিৰ হৈ  গ'ল,  নিসনিৰ দৰে ফেন ওলাল। বনৰ জানোৱাৰৰ দৰে গেঙাবলৈ ধৰিলে।  বুজোতাই  বুজিলে - চুগুণীৰ গাত এয়া ভয়ানক কায়' তে'ক্কাৰ থাকায় । এয়া জংঘলৰ অপদেৱী নহয়— নৰৰূপী ডাইনীৰহে কাণ্ড। কি হ'ব, কি নহ'ব। সিফালে ছোৱালিটি  তেনেই  ফুলকুমলীয়া। ছোৱালটিৰ গাত  লম্ভা ডাইনীক  বান্ধ দিওগৈ  ব'ল। এই বুলি  ৰাইজে নিজৰাটিৰ দৰে বৈ অহা তাইৰ চুলিকোছা থাওকতে  বান্ধি , জপটিয়াই  ধৰি মাছমৰা জালখনৰ তলতে তেনেই  কাবু কৰি পেলালে।


তেনেতেই  আহি ওলাওক  কবিৰাজ। অৱস্থা দেখি উথপ-থপ কৰি কবিৰাজে গাবলৈ ধৰিলে ডাইনী বান্ধৰ জঁয়াৰ, দেওলগা  মন্ত্ৰ —  ডাইনী বান্ধং  ভুতুনী বান্ধং......। এনেহেন  ভয়ানক, কলিজা কঁপি উঠা দেও মন্ত্ৰৰে  বান্ধ দিয়াত ছোৱালিটিৰ   গাত  লম্ভা ডাইনীয়ে পলোৱাৰ বাট  বিচাৰি নাপাই জালৰ  তলত চটফটাবলৈ ধৰিলে নহয়। হয় হয়।ৰহী মদৰ উলাহত ডুবি থকা ৰাইজে কবিৰাজক  শলাগি বোলে ডাইনীয়ে সেয়া ওলোৱাৰ বাট বিচাৰি নাপাই  জালৰ  তলত চটফটাবলৈ ধৰিছে।..... হিঃ হিঃ হিঃ।বান্ধ  খোৱা ডাইনী পলাই সাৰিবি ক'ত?


কবিৰাজে বোলে—  তাঁতৰশালৰ ছেৰখাতি, ছামট্ৰং খুলি আনি আনি  তাইক কোবাবলৈ ধৰ। তেহে  যদি সৈ   লয়।  তেনে বিধান পাই  ৰাইজে কঁপি  কঁপি লেলাউটি  বাহিৰ হোৱা  জীয়ৰীটিক  জালখনিৰ তলিতে ছেৰখাতি, ছামট্ৰঙেৰে  কোব দিবলৈ ধৰিলে।  তই কোন অপদেৱীয়ে মাৰি- মৰক  হৈ চুগুণী  আইটিৰ গাত  লম্ভিছ — সৈ ল। তই কালীৰূপী, নে  নৰৰূপী? ক'ৰপৰা আহিছ, কি  সকামত  আহিছ - সৈ ল। আত্মপ্ৰকাশ কৰ।                       


এইদৰেই মাছমৰা জালখনৰ তলত মানুহজাকৰ অত্যাচাৰত মৰিবলৈকে ওলাল চুগুণী নামৰ জীয়ৰীটি । তেনেতেই  হ'ল কি  —  চুগুণীৰ স্কুলীয়া বান্ধবী লাইলক  ৰাভা চেৰেঙা আৰু  তাচেনী  ৰাভা বাৰচুং  কঁপি কঁপি উচাল মাৰি উঠিল। চুগুণীৰ দৰেই সিহঁতৰো কঁপনিৰ কোবটি চৰিহে গ'ল। মাটিতে বাগৰি বাগৰি হাত – ভৰি আচাৰিবলৈ  ধৰিলে। মুখেৰে বীজলুৱা লালটি বাহিৰ হৈ গ'ল, নিসনিৰ দৰে ফেন ওলাল। হে' ৰিছি দেৱতা। ৰংদানী সমাজত এয়া নোহোৱা- নোপজা কথা হ'ল। ৰাইজখন বিপাঙতে পৰি ল। কবিৰাজে  বোলে — সিহঁতকো একেখন চোতাললৈ টানি আনি জালৰ তলত বান্ধ।


পাহাৰখনৰ তলিত,  শালগছৰ ছাঁত  জিৰাই  থকা গাঁওখনৰ  নিভৃতত আইটিহঁতে দিনৰ দিনটো,  নিশাৰ নিশাটো ধৰি  মাছমৰা  জালৰ তলত ধৰ-ফৰাবলৈ ধৰিলে। মৃত্যু তেনেই  কাষলৈ চাপি আহিল।  এনেহেন ঘটনা ছিনছিনীয়া ৰহী মদৰ গোন্ধ  বিয়পি  পৰাৰ দৰেই ৰংদানী সমাজত  বিয়পি পৰাৰ কথা নহয়নে?  কথাষাৰ শুনি স্কুলৰ মাষ্টৰণী  খিচান্তিৰ  বুকুখনো ধৰফৰাই উঠিল। ইচ। কি কৰা যায় ? গোটেই খন ৰাইজে  চুগুণীৰ চোতাললৈ ঢাপলি মেলিব লাগিছে । তেঁও জানো এবাৰ যোৱা উচিত ন'হব· তাতে কেউজনী  খিচান্তিৰ স্কুলৰ ছাত্ৰীও।  তেঁও ভয়ো খালে। বগৰীগছৰ কাঁইটীয়া ডালৰ দৰে  তেঁওৰ গাত বিন্ধি  থকা পাতানীৰ   বদনামটি  কেনেবাকৈ  যদি ছোৱালীকেইটিৰ  বধৰ  ভাগীহে   হয়! 


এনেহেন দোধোৰ - মোধোৰতে খিচান্তিৰ ভৰি দুখনেই তেঁওক  চুগুণী ৰাভা বাৰাইৰ চোতাললৈ  টানি লৈ  গ'ল। গৈ পাই দেখিলে গোটেইখন ৰাইজে  তাতে  আহি মেলত বহিছে। সমজুৱাৰ মুখত আজিচোন কেনেবা যেন কথা। মিছিতাংসকল  আৰু এখোপ চৰা। চুকৰ মেলখনতে কোৱা- কুই কৰিছে, বোলে -  অমুকীয়েহে তে'ক্কাৰ  হৈ গাভৰুহঁতৰ গাত সোমালহি ।  নহয়হে, এয়া তমুকীৰহে কাম। মাহে  মাহে তাই স্কুলৰ দৰমহা খাই ,ঘৰ - দুৱাৰ জাকত- জিলিকা কৰি লৈছে  বাৰু । আকৌ মুখখন দেও - গোসাই  নমনা  লাওপাত-  কচুপাত। দহো ৰাইজ ইফালে যদি, মাষ্টৰণী সিফালে।  কেঁৰাকৈ  চকুৰে কাৰ ফালে চাই  অন্তৰৰ  বিষ  বৰিষণ  কৰে, ধৰিব জানো পাৰি?  


তেনেতেই  স্বয়ং  খিচান্তিক সোমাই অহা দেখি সিসকল মনে মনে থাকিল। ৰাইজৰ মাজত  খিচান্তিক দেখা পাই মাছমৰা  জালৰ তলত পৰি থকা  জীয়ৰীকেইটিয়ে জালৰ  তলত বান্ধ খাই  থকাৰপৰাই হাত মেলি, আউলি- বাউলি হৈ   চিঞৰ ধৰিলে, 


-  খিচান্তি  বাই দেউ,  খিচান্তি বাইদেউ। 



সিহঁতৰ মুখৰ কথাষাৰতে  ৰাইজখন জাঙুৰ খাই উঠিল। সাহ পাই  কবিৰাজেও বোলে--  কথা সিমানেই। দেখিছনে, গাত  ডাইনী লম্ভাকেইজনীয়ে  সৈ  লৈছে  —  খিচান্তি ,  খিচান্তি ।
 

———


বেলিটিয়ে  লাহ দিবলৈ ধৰিছিলহে। আকাশখনো মৰিবলৈ ওলাইছে নেকি? কবিৰাজৰ মুখৰ  বচন  শুনি খিচান্তি  মূৰ্চা  যোৱাৰ দৰেই কথা নহয়নে? তথাপিও সাহ কৰি  বুলি মনতে যুকিয়াই লোৱা এষাৰ কথা  কবলৈ তেঁও সাজু হ'ল। কিন্তু কোনে শুনে সেই  কথা। ৰাইজে দাংকোলাকৈ তেঁওক  পথাৰৰ মাজলৈ লৈ  গ'ল। নিজৰাটিৰ  দৰে  বৈ পৰা  চুলিকোছা  জপটিয়াই বান্ধি,  বগৰী গছজোপাৰ তলতে  জালেৰে  মেৰিয়াই  ধৰি গঞাই  কটকটীয়া পহৰাৰ ব্যৱস্থা কৰি দিলে।  ইয়াকে কৰি ৰাইজে   ডাইনীৰ বিষ্ঠা বুটলি  আনিবলৈ, হাবিৰ  তললৈ  সোমাই  গ'ল ।
 

সিহঁতে ওৰেটো নিশা পথাৰৰ মাজত  খিচান্তিক  বগৰী কাঁইটেৰে খুঁচি শাস্তি  দি, হাবিৰপৰা বুটলি অনা ডাইনীৰ বিষ্ঠা বাহঁৰ  চুঙাত খুন্দি, মুখত সুমুৱাই  শুধি কৰিলে। তাকে  কৰি  ৰাইজ  নিচিন্ত  হ'ল। বিষ্ঠা  মুখত  দি এতিয়া জাল কাটিল।


খিচান্তিৰ  মুখত  এতিয়া আৰু  ডাইনীৰ  মন্ত্ৰৰ জাল নাই।
 

বেলিটো ওলাই আহিবৰ হ'ল। ভাগৰুৱা ৰাইজে ক'লে —  এই আইধা শেষ যদি  ক্ষন্তেক ভাগৰ জুৰাব পৰা যায়। 


ৰাইজে ভাবিলেই যেনিবা, সেই  আইধা জানো শেষ হ'ল? মুখত ডাইনীৰ বিষ্ঠা ঢালি খিচান্তিক পথাৰৰ মাজত  শুধি  কৰোৱাৰ পিছতো গাৱঁৰ তলিত আইটিকেইজনী কঁপি কঁপি উচাল মাৰি উঠাৰ খবৰ পথাৰৰ মাজলৈ আহিল।  পুনৰ  আগৰ লক্ষণে দেখা দিলে। তেতিয়াহে  সেহাই সেহাই জালৰ তলৰপৰা খিচান্তিয়ে কালিৰে পৰা কম বুলি ভাবি থকা কথাষাৰ ক'লে,
 

- ৰাইজ, মোক ডাকিনী বুলিহে যদি ভাবিছেই, তেন্তে চুগুণীহঁতক মোৰ হাততে এৰি দিয়ক। সিহঁতক চিকিৎসা  কৰাই  বেমাৰ   ভাল  কৰি দিম।


ৰাইজৰে এজন হৈ  মাষ্টৰণী জীয়েকে  শাস্তি খোৱা চাই থকা মাওৰীয়াও সহিব নোৱাৰি এইবাৰ উথলি উঠিল। সি হাত - ভৰি আছাৰি  ৰাইজকে  তুতি  কৰি ক'লে, 


- ৰাইজ, দায় - দোষ খেমি  জীয়ৰীটিক  সুযোগ এটা দে।  


তাৰ কান্দোনতে বেথা লাগি  হ'বলা, কবিৰাজে বোলে — ঠিক কথা। তই সিহঁতক ভাল কৰি দে।  তেতিয়া বাচিবি। অন্যথা  মাৰৰ  বিধানেই  তোৰো  বিধান হ'ব।
 

কবিৰাজে   খিচান্তিক জালৰ তলৰপৰা মুকলি  কৰি দিলে। সেয়েহে  জালৰ তলৰপৰা ওলাই  হাবু- ডুবো খাই, লাজে - অপমানে  খিচান্তিয়ে ৰাস্তালৈ বুলি   ঢাপলি মেলিলে।
 

একেবাৰে  ৰাণ্ডী  মূৰেৰ  সৈতে অহা দলটিক  দেখা  পাইহে  তাইৰ  সম্বিৎ  ঘূৰাই পালে।
 

-------


খিচান্তিৰ কাহিনীত অৱশ্যে মিছিতাংসকলে নতুন কথা বিচাৰি নাপালে। কেৱল ৰাণ্ডী মূৰেহে জাৰকালিৰ  আকাশখনৰ  দৰে চেঁচা পৰি গ'ল। এইবাৰ তাই খিচান্তি  ৰাভা চেৰেঙাই  কোৱা কাহিনীটোৰ কেঁকুৰিত নহয় -  মানুহজনীৰ মুখখনতে সাইলাখ   টিটুবাৰ  আইতাৰ মুখখনে ওলোৱা- সোমোৱা কৰি থকা দেখিবলৈ পালে।
 

আৰু  ৰৈ থাকি দেৰি কৰাৰ কি সকাম· সকলোৱে দলে- বলে গাঁও পালেগৈ। ধৰা- ধৰি কৰি জালৰ  তলত ভোক- পিয়াহ  আৰু ৰাইজৰ অত্যাচাৰত আঁতুৰ হৈ  থকা আইটিকেইজনীক লৈ  চহৰৰ ডাঙৰ ডাক্তৰৰ কাষলৈ ঢাপলি মেলিলে।



নিঠৰুৱা  ডাকিনীসকলৰ দলটিত  ৰাণ্ডী মূৰেক দেখা পাই চহৰৰ ডাক্তৰৰো  চকু ঠিয় হ'ল। পৰিবেশটো সহজ কৰিবলৈ  ৰাণ্ডী মূৰেই  থাওকতে তেঁওক  কথাটি বুজাই দিলে। উচৱৰ সময়তে গাহৰি কাটি   ইবাৰ - সিবাৰকৈ  দিয়া  বলি- বিধান আৰু  কেঁচা তেজৰ  উপচাৰ  বাৰে  বাৰে দেখিয়েই  কুমলীয়া  বয়সৰ  আইটিকেইজনীয়ে  ইজনী- সিজনীকৈ  মানসিক বিপৰ্যয়ৰ  অৱস্থা এটালৈ   গৈছে  —  তাকেই  সিহঁতৰ  সৈতে আলচ কৰি দুয়ো  বুজি পালে। এতিয়া সমুখৰ  দলটিক কথাটি কেনেকৈ  বুজাব  পৰা যায়,  তাকেই   দুয়ো  ভাবিবলৈ ধৰিলে।
 

তেঁওলোকৰ  কথাবোৰ  সকলোৱে  বুজি  পোৱাত চিকিৎসাও সহজ  হৈ আহিল।  ডাক্তৰে ভিটামিন টেবলেটৰ লগতে  স্নায়ুৰ দৰৱ কেইটামানকে  দি এসপ্তাহতে সিহঁতক বিদায় দিলে। সেই  সুখতে থৌকি -  বাথৌ কৰি  সমাজৰ এৰা খাৰকায়  ডাকিনীসকলে গাৱঁলৈ খোজ ল'লে। গাৱঁৰ জীয়ৰী নিঘূণী হৈ গাৱঁলৈ  উভতি  অহাত  ৰাইজো হৰষিত  হ'ল। গধূলি জুহালৰ  কাষতে তাকে লৈয়েই কথা- বতৰা ওলাল।
 

সিপিনে ৰাণ্ডী মূৰেক লৈয়ো নানানটি  আলচ, কৌতূহল। ৰাইজে ৰাণ্ডী মূৰেক তেঁওনো কিয়  ৰংদানী  সমাজলৈ  অহাৰ  মনটি হ'ল, তাকে  মুকলিমুৰীয়াকৈ সুধি পেলোৱাৰ আগ্ৰহটি  দমাই  ৰাখিবই নোৱাৰিলে। তেতিয়াহে  ৰাণ্ডী মূৰেই বোলে — মোৰ  কথাটি বাৰু  থোৱা, আমাৰ  টিটুবা  আইতাৰ  সাধুটিকে  শুনা।
 

তেন্তে, টিটুবা  আইতাৰ  কথাকেই  শুনোচোন  বাৰু ! 


————


(টিটুবা  আইতাৰ  সাধু)  



আফ্ৰিকা দেশৰ গহীন হাবিৰ  তলত  জোনবাইজনী কেইবাৰ মৰিছিল  আৰু উপজিছিল  তাৰ হিচাপ নাছিল। হাবিৰ তলত ক'লা-ছালৰ মানুহৰ গাঁও এখনত  উমলি- জামলি ডাঙৰ  হবলৈ  ধৰিছিল  টিটুবা নামৰ আইতাজনী। হাবিৰ দেৱতা আৰু  অপদেৱতাসকললৈ টিটুবা আইতাহঁতে  ভয় কৰা নাছিল। তেঁওলোকে যে হূদূ  যাদুবিদ্যা জানিছিল। সেই যাদুবিদ্যাৰেই  দেৱতা- অপদেৱতাসকলৰ  সৈতে  কথা  পাতিছিল, আজাৰৰ  বিধান লৈছিল।


পিছে, বগাছালৰ মানুহ   কিছুমানে  মাজে  মাজে তেঁওলোকৰ মাজৰে কিছুমানক অকলে পালেই ধৰি লৈ কি কৰিছিলগৈ,  তাৰ উৱাদিহ নোপোৱা ভয়টোৱেই তেঁওলোককৰ জোনবোৰ মৰি যোৱা আৰু নতুনকৈ ওপজাৰ  সময়বোৰত হাড়লৈকে  কঁপনি তুলি ভয় খুৱাই গৈছিল। বগাছালৰ মানুহবোৰে  ক'লা ছালৰবোৰক মনে মনে ধৰি লৈ গৈ বলি দি ডাইনী বিদ্যাত সিদ্ধি লয়গৈ   বুলিয়েই তেঁওলোকে  ভাবি পাইছিল।  সেই ভয়তে তাপ মৰা  হাবিৰ তলৰ মানুহবোৰে অকলে ওলাবলৈ বন্ধ কৰি দিলে।  য'লৈকে যায়,  দল  বান্ধিহে যায়।

তথাপিও যে  টিটুবা আইতালৈ বেয়া দিন আহিল । সামান্য   অসাৱধানতাতে  চোপ লৈ  থকা বগা  ছালৰ মানহবোৰে  টিটুবাক  জাল এখনৰ তলত পেলাই  বান্ধি পেলালে। তাৰপিছত গাৰ কাপোৰ খুলি দি একেবাৰে নঙঠা কৰি, হাত- ভৰিত  শিকলি  লগাই , পালতৰা জাহাজ এখনৰ তলিত পেলাই  সাত সাগৰ তেৰ নদীৰ  বঙিয়াৰে  লৈ আহিল। এনেকৈয়ে কিনো ঘটিল  নজনাকৈয়ে আইতাই আমেৰিকা পালৈগে। আমেৰিকাতে  আইতাৰ  গাত কাপোৰ দি  তেতিয়াৰ দাসবোৰ  কিনা- বেচা কৰা বজাৰ এখনত মেলি দিলেহি। তাৰপৰা বগা ছালৰ চাহাব এটাই  আইতাক   কিনি লৈ গ'ল — বাগিচাৰ কামত  লগাবলৈ। বাগিচাখনত ভিতৰলৈ গৈ  আইতাই দেখিলে   এখন বিচিত্ৰ পৃথিৱী। তাত তেঁওৰ  দৰেই অনেক ক'লা  ছালৰ মানুহ। মুখৰ মাত কথাহে তেনেই হেনা- হুচা।   আফ্ৰিকা দেশৰ হাবিৰ তলৰ গাঁওখনলৈ মনত পেলাই আইতাই দুচকু লোতকেৰে ওপচাই দিলে। তেতিয়া  আকৌ কিনি অনা চাহাবে আইতাৰ পিঠিতে চাবুক এডাল লৈ সৰৌপ  সৰৌপ  কোব বহুৱাই দিলে।  ভয়তে আইতাৰ নিজৰ   গাৱঁলৈ মনত  পৰিলেও আৰু  চকুৰ পানী নোলোৱা হ'ল।
 

বগা চাহাবৰ দেশত  আইতাই  লগতে মুখস্থ কৰি অনা হূদূ - মন্ত্ৰ মাতি পলাবলৈও  চালে। কিন্তু পৰ দেশৰ নষ্ট  মাটিত  আইতাৰ হূদূ উপাসনাৰ মন্ত্ৰ  নফাঁপিল। সেয়ে আইতা আৰু পলাব নোৱাৰিলে। সিপিনে ভৰিতো  শিকলি। কিছু দিনৰ পিছত ভৰিত  শিকলি লগাই থোৱা ঠাইটুকুৰাতে ঘাঁ হ'ল। তেতিয়া চাহাবে পনীয়া দৰৱ এটা আইতাৰ ভৰিতে ঢালি দিলে। পিছলৈ আইতাক  চাহাবে শিকলিৰপৰা মোকলায়ে দিলে।  আৰু এদিন চাহাবৰ বাগিচাতে কাম কৰা কিনি অনা দাস  এটাৰ সৈতে টিটুবা আইতাৰ বিয়া পাতি খ্ৰীষ্টান ধৰ্মলৈ দীক্ষা দিলে।  

এনেকৈয়ে পৰ দেশত আইতাৰ নতুন পৰিচয় এটা  হ'ল - আমেৰিকাবাসী খৃষ্টধমী  নিগাৰ!ভাইগৰ বলত  আইতা দুটি  সন্তানৰ মাকো হ'ল।
 

এদিন চাহাবে বাগিচাৰ কামৰপৰা এৰুৱাই টিটুবা আইতাক জীয়ৰী দুটিক আলপৈচান ধৰিবলৈ লগাই দিলে। সেই  আপাহতে আইতাই চাহাবৰ ঘৰৰ ভিতৰখন চাবলৈ সুযোগ এটা পালে। ঘৰৰ কাৰু- কাৰ্যই  আইতাৰ চকুত চাট মাৰি ধৰিলে। জীয়েক  দুজনীৰ মুখলৈ চায়েই আইতাই  বুজি  পালে চাহাবটো আচলতেই  মহাপাতকী। সি নিজৰ জীয়েক দুজনীকো নৰকৰ  যাতনাহে দিছিল।  সেয়ে  জীয়েকহঁতৰ বাপেকৰ ওপৰত খং। 


মমৰ পুতলাৰ দৰে চাহাবৰ জীয়েকে আকৌ ক'লাছালৰ টিটুবা আইতাক দেখি মনতে বৰ ৰং  পালে। এদিন চাহাবৰ  জীয়েকে  বাপেকক নোসোধাকৈয়ে ফুৰিবলৈ ওলাই গ'ল। কথাটো গম পাই চাহাবে নিজৰ  জীয়েক দুজনীৰ  ওপৰত চাবুকটো  চলালেই -টটুবা আইতাৰ পিঠিখনো ডৰা- ডৰ কৰিলে। তেতিয়াই আইতাই  সিহঁতে মনতে বাপেকলৈ পুহি  ৰখা খংছাটিৰ  উমানটো পালে নহয়। সেয়ে চেগ বুজি ছোৱালি দুটিক  আইতাই হূদূ  উপাসনাৰ মন্ত্ৰবোৰ সিহঁতক  এফালৰপৰা শিকাই  যাবলৈ ধৰিলে। এইবোৰতে আকৌ আছিল  কিছুমান ভয়ানক, দেওলগা মন্ত্ৰ।
 

চাহাবৰ জীয়কেও মন্ত্ৰবোৰ জানিবলৈ পাই তাতে মজি গ'ল। সিহঁতে দিনে - ৰাতিয়ে  তাকে  কৰি  সময় পাৰ কৰিবলৈ  ধৰিলে। এনেকৈয়ে সিহঁতে নিজৰ নিজৰ ভাগ্যৰ কথা জানিবলৈ পালে। কিন্তু কিমান দিন?এদিন হূদূ উপাসনা কৰি  থাকোতেই  বাপেকৰ সমুখত ধৰা পৰি গ'ল নহয়।


তেনেতেই  হ'ল কি —  এলিজাবেথ নামৰ চাহাবৰ বৰজীয়েকজনী  কঁপি কঁপি উচাল মাৰি উঠিল। তাকে দেখি চাহাবৰ  মুখৰ মাত নোহোৱা হ'ল। ইজনে- সিজনে আলচ কৰিবলৈ লওতেই  সিফালে তাইৰ  কঁপনিৰ কোবটি চৰিহে গ'ল।  কেনে অমংগলীয়া কথা? চুগুণীৰ দৰেই  মাটিতে বাগৰি সিহঁতে হাত - ভৰি  আছাৰিবলৈ ধৰিলে। মুখেৰে বীজলুৱা লালটি বাহিৰ হৈ  গ'ল, নিসনিৰ দৰে ফেন ওলাল। বনৰ জানোৱাৰৰ দৰে গেঙাবলৈ ধৰিলে। তাকে দেখি এব্যিগাল নামৰ সিজনীও  কঁপি কঁপি উচাল মাৰি উঠিল। মাটিতে বাগৰি  হাত - ভৰি  আছাৰিবলৈ ধৰিলে।  মুখেৰে বীজলুৱা লালটি  বাহিৰ হৈ গ'ল, নিসনিৰ দৰে ফেন ওলাল। বনৰ জানোৱাৰৰ দৰে গেঙাবলৈ ধৰিলে।
 

খঙতে বাঘৰ দৰে গুঁজৰি চাহাবে জীয়েকহঁতক দাংকোলাকৈ নি  গিৰ্জাৰ তলি পোৱালেগৈ।  তাতেই  সিহঁতক  ফাদাৰে  কঠোৰ আজ্ঞা দিলে। এই আজ্ঞা পাই ভয়তে সিহঁতে এফালৰপৰা সৈ লবলৈ ধৰিলে নহয়। টিটুবা আইতাই শিকোৱা মন্ত্ৰ এফালৰপৰা গাই  যাবলৈ ধৰিলে। ফাদাৰে সিহঁতক কোনে সেই মন্ত্ৰবোৰ শিকালে  কবলৈ আজ্ঞা দিয়াত সিহঁতে টিটুবা আইতাৰ নামটো লৈ পেলালে।
 

আৰু পায় কোনে? টিটুবা আইতাক টানি আনি এপিটন দিয়াতে আইতায়ো সৈ লবলৈ ধৰিলে । আইতাই বুজি পালে -  এইবাৰ আৰু  ৰক্ষা নাই। সেয়েহে   বুকুখন ডাঠ কৰি বোলে -  হয়। ময়েই ডাইনীবিদ্যা আহৰণ কৰিছোঁ। অত্যাচাৰী চাহাবৰ  বেয়া বেমাৰ হৈ  মৰিবলৈ,  বাগিচা আৰু  পোহনীয়া জন্তুবোৰৰ  মৰক লাগিবলৈ,  আমাৰ দেশৰ  হাবিৰ তলত ঘূৰি ফুৰা   ডেকা- গাভৰুক ধৰি আনি দাস বনাই বিক্ৰী কৰাৰ পিছত সিহঁতবোৰ নিৰাপদে  পলাই নিজৰ দেশলৈ উভতি যাবলৈ   আৰু  ক'লাছালৰ মানুহবোৰে পৰদেশত আজাৰৰ পৰা মুক্তি পাবলৈকে  মই হূদূ উপাসনা কৰি আহিছো। শুনা, শুনা চাহাবসকল।  তোমালোকে আমাৰ ওপৰত চলোৱা অত্যাচাৰ, নিষ্ঠুৰতাৰ প্ৰমাণ  আমি হূদূ উপাসনাৰ মন্ত্ৰৰ মাজেৰেই   ধৰি  ৰাখিছো। এদিন ইয়াৰ বাবে তোমালোকে  নিশ্চয়কৈ ধিক্  ধিক্ পাবা। ....... শুনা, ক'লা কুকুৰ এটাৰ নিৰ্দেশ মৰ্মেই মই আইটিহঁতক এনেদৰে শাস্তি দিছোঁ যাতে  বতাহৰ  মাজেৰে উৰি গৈ,  সৰ্বশক্তিমান ডাকিনীসমাজত   স্থান লৈ,  ক'লাছালৰ  দাসহঁতৰ  উপকাৰ সাধিব পাৰোঁ।
 

ইয়াৰ পিছত বাৰু  আইতা জীয়াই  থকাৰ আশা থাকেনে? বগাছালৰ মানুহবোৰে আইতাক সমদল কৰি  ফাঁছীশাললৈ  লৈ  গ'ল। পৰদেশত এনেকৈয়ে আইতাৰ ফাঁছী হ'ল।


—


ৰাণ্ডী মূৰেৰ নাকৰপৰা  হুমুনিয়াহ এটি সৰি পৰিল। তাকে দেখি সাধুটো শুনি থকা জুহালৰ কাষৰ  ৰাইজৰ নাকৰ  পৰাও  হুমুনিয়াহ সৰি পৰিল। কি কব, কি নকব — তেনেহেন অৱস্থা হ'ল।  ৰাণ্ডী মূৰেই  আকৌ  কবলৈ ধৰিলে


“গিৰ্জাৰ ফাদাৰৰ তৰ্জন- গৰ্জনত  চাহাবৰ  ছোৱালী দুজনীয়ে ভয়তে যাকে - তাকে আঙলিয়াই দিলে। সিহঁতে যালৈকে  আঙুলিয়ালে তাকেই টানি আনি ফাঁছী দি মাৰিলে। চাৰিটামান ভৰিত শিকলি দি কাৰাগাৰত থোৱাতে মৰিল।বনত জুই লাগিলেহে নুমাব। কিন্তু  আইতাক এনেকৈ মৰাৰ পিছত  আমাৰ পৰিয়ালৰ মানুহজাকৰ মনত যিকুৰা  জুই    লাগিল, সেইকুৰা জুয়ে আমাক   পুৰুষে  পুৰুষে খেদিছে নহয় ! গতিকেই  আপোনাসকলৰ মনতো তেনে বিশ্বাসত জীয়াই থকা বুলি  শুনিবলৈ পায়েই  মোৰ কৌতূহল হ'ল। সেয়েহে এবাৰ নিজেই চাবলৈ আহিলো। দায় হ'ল খেমিব। কিন্তু  গিয়াতি- কুটুম, গাৱঁৰ জীয়ৰী- বোৱাৰীক  এনেদৰে  শতৰু জ্ঞান কৰাটো জানো উচিত?  টিটুবা আইতাৰ সাধুটিয়ে যুগ- যুগান্তৰ পাৰ হৈ   আহিও আমাৰ মুখত জীয়াই  আছে। সেয়েহে  আজিৰ ৰংদানী ৰাভা সমাজত টিটুবা  আইতাৰ  দৰেই  মিছিতাং   এগৰাকীয়ে  বিনা  দোষতে মৰিবলৈ ওলোৱা যেন  পাই  মই  তবধ  মানিলোঁ।
 

এনেদৰে কৈ ৰাণ্ডী মূৰেই   জুহালৰ জুইকুৰাৰ পোহৰতে মানুহজাকৰ মুখবোৰ চাবলৈ চেষ্টা কৰিলে। তেঁও অন্তৰেৰে  কব খোজা কথাষাৰ নিচলা ৰাইজে  বাৰু বুজি  পাইছেনে নাই, সেইটোহে  ধৰিব নোৱাৰিলে।  


ৰাইজে  আকউ   নুবুজিবনো কিয়?  সৌৱা দেওধায়ে ক বলৈ  ধৰিলেই  নহয়,

-বেয়া নাপাবি ভনিটি।  খিচান্তিৰ মাক বুৰ্জেঙলৈহে  মোৰ হিংসা  অকণ  আছিল, দেই। পৰগাৱঁৰ কাজী ছোৱালিটি দেখাই - শুনাই চিকুণ পথাৰৰ দৰেই আছিল নহয়। তাইতে মোৰ মন খাইছিল। পিচে তাই গপ কৰি মোক এলেহুৱা বুলি ভেঙুচাই,  মোলৈ নহাকৈ থাকিল। পিছত ৰাইজে  আলচ কৰি মাওৰীয়াৰ সৈতে তাইক বান্ধি দিলে। সেয়েহে  ডাইনী বুলি ময়েই  অপবাদ  এটা দি  শোধ  ললোঁ। মিছাতে  জীয়ৰী  খিচান্তিকো  সাঙুৰি ল'লোঁ। দে। মোক বেয়া নাপাবি ঐ, খিচান্তি ।  পৰদেশৰ  ছোৱালীটিৰ  আগত মিছা কবলৈ  সত যোৱা নাই । কি কৈছে শুনিছ নহয় !মনত জুই   লাগিলে   পুৰুষে  পুৰুষে    খেদিব।  তই  আকউ মোক  অগিয়ান  বুলি খেমা  কৰি দিবি, আইজনী।
 

হে' ৰিছি দেৱতা! হে' লাঙামাৰা দেউতা! কি আচৰিত কথা। স্বয়ং দেওধাই দুচকুৰ লোতক বোৱাই এনেদৰে   সৈ  লোৱাত  জুহালৰ  কাষত গোট  খোৱা  ৰাইজে   চকুৰ পতা বহলকৈ  মেলি  দিলে।
 

——

মোখনিঃ
 

সেই ঘটনাৰ পিছত ৰাণ্ডী মূৰেই ৰংদানীসকলৰ  গাঁওখনত, খিচান্তিৰ  ঘৰতে  কিছদিন থাকিল। অধ্যয়নৰ বাবে  তাতেই    তেঁও কিছু   সমল  গোটাই   ল'লে। ৰাইজেই  ক'লে - বোলে যিকেইটা দিন থাকা, আমাৰ গাৱঁতে থাকা। সেই   আপাহতে  গাঁওবাসীৰ  সৈতে তেঁও নানা কথা আলচ কৰিলে। ৰাইজৰ মাজত থাকিহে তেঁও যেন ইমানদিনে নাকটি  সুমুৱাই  সাৰকথা লবলৈ  চেষ্টা  কৰা  বিষয়বোৰ  নতুনকৈ   আবিস্কাৰ কৰিলে। এইকেইদিনতে  আকউ   খিচান্তিৰ  সৈতে ৰাইজৰ সম্পৰ্কও    মুকলি হ'ল।  তাকে  দেখি ৰাণ্ডী মূৰেই মনতে বৰ  ৰং পালে।
 

এৰা। ৰাণ্ডী মূৰেই পাহাৰটোৰ নামনিত, শালগছৰ তলত  জিৰাই  থকা  ৰংদানী  গাঁওখনত টিটুবা আইতাকেই যেন আকৌ   লগ  পালেহি। এই ভাৱনাটি  মনলৈ  অহাত  হিয়াখনি তেঁওৰ  শাঁত  পৰি গ'ল।
 

এদিন তেঁওৰ থকাৰ সময় শেষ হৈ আহিল। বুকুখন উমাল কৰি ৰাণ্ডী মূৰেই উভতি  যাবলৈ ওলাল। তেঁও যাবলৈ  ওলোৱা দেখি  ৰাইজৰ বেথাই  লাগিল।  এইবেলি  ৰাইজেই  তেঁওক আগবঢ়াই   থবলৈ  ওলাল।  



আৰু,  সাধু শেষ ।

 

[ নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভালৈ কৃতজ্ঞতাৰে]


------


[ টোকা —  ৰংদানী ৰাভাসকলৰ পৰম্পৰাগত ডাইনী বিশ্বাসত ভেঁজা দি এই গল্পৰ জুমুঠি তৈয়াৰ কৰা হৈছে। গল্পত ব্যৱহাৰ  কৰা একাংশ ৰাভা শব্দৰ  অৰ্থ এনেধৰণৰঃ  তে'ক্কাৰ- ডাইনী, মিচিতাং - নাৰী, এৰা খাৰকায় - সমাজে এঘৰীয়া কৰা, ৰিছি  দেৱতা-  ৰাভাসকলৰ প্ৰধান উপাস্য দেৱতা, লাঙামৰা গোঁসাই — আন এগৰাকী  উপাস্য  দেৱতা, দুমছী — মাঘৰ বিহু , জাগাৰ   পূজা -  ৰাভাসকলৰ   বসন্তকালীন পূজা, বাক  পুচিকায় - পোহনীয়া গাহৰি, কায় তে'ক্কাৰ - নৰৰূপী ডাইনী, ছেৰখাতি, ছামট্ৰং — তাঁতৰ শালৰ সঁজুলি। ‘ পায়   ডাইনী পৰৰ খায়, নাপায়  ডাইনী নিজৰ খায়'—  একাংশ ৰাভাৰ বিশ্বাস যে সৰু ডাইনীবোৰে শক্তিশালী  ডাইনীক   সন্তুষ্ট কৰিবলৈ আহাৰ যোগান ধৰিব নোৱাৰিলে নিজৰ সন্তানকে উচৰ্গা দিব লগা হয়।  

যি কি নহওক,  ডাইনী প্ৰথা  এক  অন্ধবিশ্বাস  আৰু  সমাজৰপৰা  সি নাইকীয়া  হওক --  এয়ে আমাৰ কামনা। ]

পূৰ্ব প্ৰকাশ  - নতুন পৃথিৱী, ২০১৩




No comments:

Post a Comment