Tuesday, 18 September 2018

শোকৰ ঐতিহ্য -- বতাহৰ চেঁচা তৰোৱাল




মৃতকৰ   শৰাধত   দুভৰিৰ  ধূলা  থৈ  শাখাতি  ৰাভাই  যেতিয়া   কান্দোনৰ  ৰোল  তোলে,  তেতিয়া   তেওঁ  চেতনাত   বহন   কৰি   নিয়ে  জনগোষ্ঠীৰ   শোক  --  শোকৰ  ঐতিহ্য,  আৰু   উত্তৰাধিকাৰ --  সমাহিত  এখনি  নদীৰ  দৰে  --  মাতৃৰ   বুকুত   বতাহৰ   চেঁচা  তৰোৱাল  নাচি  উঠে।   মৃতকৰ চোতালত  কুকুৰাৰ  ডিঙি   ছিগি  নামি  আহে  তেজৰ  পবিত্ৰ  নিজৰা।   আতালৰ  জোঙা  ভাঙি   নামি   আহে    পোকা   লগা  ছিনছিনা  মদৰ  পবিত্ৰ   নিজৰা।  শাখাতি  ৰাভাৰ  চকু   দুটিও   শোকৰ  উত্তৰাধিকাৰৰ  চঞ্চলা  নিজৰা  হৈ  উঠে। 

তিনিখলপীয়া   সাজ - পাৰ   পৰিধান  কৰি   তেওঁ   শোকৰ   উপাসনাথলীৰ   মাজ- মজিয়াত  ঠিয়দঙা  দিয়ে ।   সজাত   ধাৰণ  কৰে   স্বজনৰ  বিয়োগৰ  শোক।   জীৱিত  আৰু   মৃতকক   সংযোগ  কৰা  চকুৰ  পানীৰ  নিচিগা   ধাৰৰ  নৈ   বুকুলৈ  নমাই  আনে ।   চকুৰ   মণিত   গজে   পানীগছা ।   দীঘল   সুৰবোৰৰ  এখনি   অপাৰ্থিৱ   জালৰ   গাঁঠিবোৰলৈ  তেওঁ   সোমাই   যায়।   নিজৰ   সন্তানস্বৰূপ  মৃতকক  সমাজলৈ  ওভতাই   অনাৰ  দায়িত্ব  কান্ধত  লৈ   মাতৃ   গধুৰ  হৈ   উঠে।    তিতালাওৰ  টোকোৰাৰে   নামি  অহা  মদৰ  পবিত্ৰ  নিজৰাটি   শৰীৰত  বোৱাই   গোটেইজনী   মানুহ   চপচপীয়া  হয় ।  চকু  দুটি  তেওঁৰ   সুলকি  পৰে   আৰু   বগাই   গুচি  যায়   গাৱঁৰ  নঙলাবোৰ   পাৰ  হৈ,   মৰিশালি চেৰাই   গৈ,   শালবনৰ   কুঁহিপাতৰ   আগলিৰ  জুৰণি  পাৰ   হৈ ।  সহস্ৰ   ছহিদৰ  চিতাৰ  জুয়ে  লঠঙা  কৰা শিমলু  আৰু   মদাৰ  গছৰ  ডালত  পৰি   মৃতকৰ  পুনৰ   জনমৰ  সবিশেষ  বিৱৰি   বিনাই  থকা  থকা  কপোতী  পখীৰ কাষ   পায়গৈ । শিমলু -  মদাৰৰ  ডালত  সোঁৱৰণীৰ  এটি   বীৰগাথা  সাৰ পাই,  লৰ- চৰ  কৰি  উঠে।    লঠঙা  ডালৰপৰা  নমাই  আনি  মৃতকৰ  আৱাহনীৰ  হিয়া  ভঙা  গীত,   ‘‘অ' মানুহ''   বুলি মৃতকক  উদ্দেশি্য  তেওঁ  গায়---
পানচুনা ডালায়
মান্দাৰেনা ডালায়।।
অ....অকায় ডালায় পাকেয়ান 
ডুগডুগুৰ ডুগডুগুৰ
ত্ৰিঙেতা......তুখুৰছে
গো......মান্দায় 
পানচুনা ডালায়
মান্দাৰেনা  ডালায় ।।  
সুৰৰ  বৈ   অহা  নদীয়ে  মৃতকৰ  চোতাল  ওপচাই  দিয়ে।  সেই  ধলে   সমাজত  বহাসকলৰ  পবিত্ৰ  মদৰ   নিজৰাৰে  চপচপীয়া  হোৱা  শৰীৰ পখালি  নিয়ে।   শাখাতি  ৰাভাৰ  ডিঙিৰে  নামি  অহা  সুৰত   বিলীন   হৈ  তেওঁসৱে   বিনায় -- “অ'  মৃত আত্মা,  তুমি ক'ত আছা· শিমলু  গছৰ  ডালত  বহি, মদাৰ গছৰ  ডালত  পৰি  কিয়  কান্দি - কাটি  আছা·  খাল- বিল  পাৰ  হৈ  ক'লৈ গুচি গ'লা · তোমাৰ মিঠা মাতে  আমাৰ  মনত  কিমান  ভাল  লগাইছিল/   তুমি আকৌ ঘুৰি  আহা  আমাৰ কোলাত, আমাৰ মাজলৈ । অকছি  গছৰ  মৰা ঠানিত বহি,  কাউৰীৰ  ৰূপ ধৰি কা কা কৰি, কাক দেখি কান্দিছা·  আহা,   আকৌ  আমাৰ   মাজলৈ ! ”

ডাৱৰ  ভাঙি   সৰি  পৰা  পানীৰে   উতলা হোৱা  সুৰৰ   সহস্ৰ   নিজৰা  তেওঁৰ  ওঁঠলৈ  নামি  আহে।  নিজৰাবোৰ   লগ হৈ   নৈ  হয়।  শোকৰ  নদীত  সাঁতুৰি  আকু ল  হোৱা  শাখাতি  ৰাভালৈ  তেওঁসৱে  তধা  লাগি  চায়।   জলক - তভক   চকুবোৰত  তিনিখলপীয়া  সাজ  পৰিধান  কৰি   বিয়াকুল  হৈ   কন্দা   মানুহজনী  কজলা  পথাৰ   হৈ   এপলক   উজলি   উঠে।   আৱেগৰ  খুন্দাত  শাখাতি   ৰাভা  নিজেও   জিকাৰ  খাই  উঠে ।  বাঁহৰ   জখলাৰে    নামি  হাজিৰা   ক ৰিবলৈ  গৈ   গাৰোপাহাৰৰ   কয়লাৰ  এন্ধাৰ   কুৰুঙত  হেৰাই  যোৱা  একেটি   পুতেকলৈ  শোকৰ  গীত   গোৱাৰ  বিৱৰণী  এটি  তেওঁ   গাতেই   মথি  লয়।   মথি  লয়   মণিব  নোৱাৰা  এখনি   স্বাধীন   হাছঙৰ  চকা- মকা  সপোনত  মতলীয়া  হৈ   হাবিলৈ  গুচি যোৱা    নিজৰ   মানুহটোৰ  শৰাধৰ   গীত  গাবলৈ  নোপোৱাৰ    বিৱৰণী।    বন্দুকৰ   প্ৰশিক্ষ ণ   লবলৈ   মানুহটো   হাবিলৈ  গুচি  যোৱাৰ   পিছৰ    কঁপি  থকা  দিনবোৰ,  তেওঁৰ  লা-  বৰণীয়া  সাজ - পাৰৰ  তলত   পৰি   থকা উদং   ৰাতিবোৰ,    স্বাধীন   হাছঙৰ    বন্দুকধাৰীয়ে    কচুৱনিত   পুতি  থোৱা   বন্দুক  পুলিছ   আৰু  মিলিটেৰীয়ে    উঠাই   নিয়াৰ  সময়বোৰৰ   বিৱৰণী  তেওঁ   নিজৰ  গাত   মথি   লয়।   পাহাৰীয়া  মেলেৰীয়া   হৈ   নেদেখা   হাবিত  বুকুৰ   মানুহ   হেৰাই  যোৱাৰ  কণা-  মুণা   বিৱৰণী এটি   উঠি  আহে।   বৰষুণৰ পিছত  পাহাৰৰ   টিঙেৰে  ওলোৱা   ধোঁৱাৰ   দৰে  বিৱৰণী  উঠি  আহে,   উঠি  নাহে   মৃতক। 

সকলো   বিৱৰণী  মথি   লয়  তেওঁ।   বাৰীৰ   কচুৱনিত    বন্দুক  উদ্ধাৰ   হোৱাৰ  পিছত   বন্দুকধাৰীক  আশ্ৰয়   দিয়াৰ  জগৰত  কাৰাগাৰলৈ  অহা- যোৱা   কৰোঁতে ,  কাৰাগাৰত  থকাৰ   অজুহাতত  সমাজে   এৰি  দিওঁতে   উধাৰ - পৰাচিত   হৈ    সমাজত  সোমোৱাৰ  সকাম  পাতোঁতে   তামাই দেৱী  নামি  আহি    আশীৰ্বাদ   দিয়া  পাহাৰৰ  নামনিৰ  দ' পথাৰৰ   মাটিবোৰ  এডৰা  এডৰাকৈ হেৰাই  যোৱাৰ   বিৱৰণী   মৃতকক   ওভতাই   অনাৰ    গীতৰ  সতে   মাতৃয়ে  নিজৰ   গাতেই   মথি   লয়।  মথি  লয়   গাৱঁৰ চৌবাটাত  গাড়ী  ৰখাই  পুলিছ - মিলিটেৰীৰ  দল  আহি  তচ - নচ  কৰোঁতে  ল'ৰা-বোৱাৰী  ছেদেলি -ভেদেলি হোৱা ৰাইজৰ টিটকাৰী  আৰু  খং।

শৰাধৰ  চোতালত   মদৰ  নিজৰাটিৰ   ৰাগীৰে   মাতৃয়ে    সকলো  বিৱৰণী  নিজৰ   গাত  মথি  লয়।   সকলো   মৃতক  সমাজলৈ   উভতি  অহাৰ   বিৱৰণী   আৰু    বুকুৰ  মানুহ  মৃতক   হৈ  উভতি  নহাৰ  বিৱৰণী   বুকুৰ   কুৰুঙত   সুমুৱাই  তেওঁ   নিজেই   এখনি  হাছং  হৈ   উঠে/  পবিত্ৰ   সমাজক  সাক্ষী  কৰি  তেওঁৰ  শৰীৰত  এখনি  হাবি   গজি  উঠে।   হাবি  গেজেপনি --   হাবি  অগাইধনি  --  হাবি  সহস্ৰ  ছহিদ  জাহ  যোৱা   সেঁাৱৰণিৰ  শিলৰ  কুৰুং   বাস  কৰা ভূমি ।  সেই  হাবি   চিকুণ  হৈ  সাজি  উঠে    বায়খ'ৰ   উচৱৰ  কেঁচা  পিঠাগুৰিৰে  সেমেকি   উঠা  বেদী।   বলিত  কটা   যোৱা  গাহৰি  আৰু   সহস্ৰ   কুকুৰাৰ   ডিঙিৰে  নামি   বাহঁৰ  খোক  ভৰি  উঠা  তেজ  আৰু   তিতালাওৰ  টোকোৰাৰে     বাগৰি   মদৰ   নিজৰাটি   হাছঙলৈ   বৈ  আহে,  সেমেকাই  তোলে  ।  পূজাৰীৰ   আৱাহনী  আৰু   খাম- ব্ৰাংছিৰ    ছন্দত   পিঠাগুৰিৰ  বেদীৰ  মেগেলা  বন,  টংলতিৰ  আগ  সাৰ  পাই   উঠে ।  লৰ - চৰ কৰে।  বেতপাতৰ  কিৰীটি   পিন্ধি  কেঁচা  পিঠাগুৰিৰ   শৰীৰ   জোনৰ  শেঁতা  পোহৰত   লয়লাসে   নামি  আহে  ।  ফুলি   উঠে   পদুমৰ  পাহি । বিলৰ  পানীৰ  ভেঁট ।  কচুৱনিৰ   জোনাকী  উৰে।   জলি  উঠে   সাতখলপীয়া  মেজিৰ  অগণি ।  ময়ুৰৰ   লয়লাসে  কেঁচা পিঠাগুৰি  সানি  সেমেকি  উঠা   শৰীৰ   নাচি   উঠে,  নাচি  উঠে।   এন্ধাৰত   কুকুহা  উৰে।   পবিত্ৰ  কুকুহা  শিৰত ধাৰণ  কৰি,  অগণিত   স্নান   কৰি  বীৰৰ  দৰে  দেও  দি  গুচি  যায়  কেঁচা  পিঠাগুৰিৰ   শৰীৰ।  

 জাগ্ৰত   আৱাহনীৰে  হাছঙলৈ   আকাশৰ   বৰষুণ  নামি   আহে ।   শাখাতি   ৰাভা    জুৰুলি -  জুপুৰি  হয়  ।   তেওঁ পাহাৰৰ   নামনিৰ  পানীখেতিৰ  এখনি  দ  পথাৰ  হয়  আৰু   তামাই  দেৱীৰ  আশীৰ্বাদ   লবলৈ  এপলক   ৰৈ  দিয়ে ।   যাদু   আৰু   পৰম্পৰাৰ    এটি   শোক গাথাৰ   বঙিয়াত   শাখাতি   ৰাভাই    বাস কৰে ।  মৃতসকলক জনগোষ্ঠীৰ   কোলালৈ ওভতাই   অনাৰ   পবিত্ৰ   দায়িত্ব   মূৰ   পাতি   লয়।  হাঁহি আৰু কান্দোনৰ জিলিঙণিত  তেওঁ মুণিচুণিৰ   নঙলা  খোলে।  নঙলাৰে   ঘৰত  সোমালে  চোতালৰ এচুকত পানীৰ জুৰণিত দ'ম হৈ থকা নেগুৰীয়া  শামুক,   কেকোঁৰা   আৰু  এৰাগছৰ পাত খুৱাই  জীয়ন  দি  থোৱা  এৰীপলুৰ  লেটাবোৰ  লৰ- চৰ  কৰি  উঠে। একেটি নাতিয়ে তেওঁলৈ দুয়োহাত মেলি  দিয়ে।সাজযোৰ  সলাই  থৈ,  গা-টি  তিয়াই  লৈ  তেওঁ   নাতিৰ   কাষ  পায়গৈ।  গুজি  দিয়ে   নাতিৰ  হাতত  বিস্কুটৰ টোপোলা । নাতিয়ে   মেলি   ধৰে   স্কুলৰ  বহীত অঁকা  বিচিত্ৰ  আঁক- বাক।   নাতিক    বুকুত  সাৱটি   অময়া  সুখত  তেওঁ  দিনটোৰ   জুৰণীয়া  হাঁহিটি   মাৰে ।  


শাখাতি  ৰাভাই   যেতিয়া  হাঁহে,  তেতিয়া  তেওঁৰ   বিচৰণৰ   আটাইবোৰ  বাট   চকুৰ   পানীগছাই   ভেটি   ধৰে।  যেতিয়া তেওঁ  কান্দে,   তেতিয়া  সেই     পানীগছা  মানুহৰ   বুকুলৈ  নৈৰ  ধল   হৈ   নামি  আহে।   বুকুৰ  হাড়  জৰ-জৰকৈ   সৰে।দিনৰ বেহা  সামৰি  আজৰি    পৰত   জোঙা  ভাঙি    নামি  অহা   এটুপি   মদৰ   বাবে  জিভাখনি   তেওঁৰ  শুকাই   আহে।শুকাই  অহা  জিভা   ৰাতিৰ   বুকুৰে  মেলি  ধৰে।  জিভাৰ   পিয়াহ   জিভাত   সামৰি   বোৱাৰীয়ে  যতনাই   দিয়া   ভাতমুঠি   গিলি   গাটো   বাহঁৰ  চাংখনত   নমাই   দিয়ে।   তিনিখলপীয়া   সাজ- পাৰ   তেওঁৰ  খহি  পৰে।   দিঠক  আৰু   সপোনৰ   চিল-মিল  অগীয়া- বগীত  তেওঁ তামাই  দেৱী  নামি   আহি   আশীৰ্বাদ   দিয়া  দ  পথাৰৰ  মাটিকেইডৰা  পায়গৈ । নিজহাতে  বোকা   দিয়া   মাটিৰ    আঠালগা   বৰাধানৰ  খেতি   চপাই   আনে।  ৰ'দত   শুকুৱাই, উৰালত  খুন্দি ,   সাঁচতীয়া   বাখৰ  নমাই   আনি  পকা অঙঠা  আৰু  তিতালাওৰ  টোকোৰাৰ  তলত  জোঙা   পাতি   তৈয়াৰ   কৰে   হেঁপাহৰ মদ।   চিল- মিল  সপোনৰ  মদ   শূন্যলৈ  গুচি   যায়  । নামি  আহে   মৃতকৰ  আৱাহনীৰ  সুৰ   নিজৰাৰ   দৰে।     গভীৰ   হাবিত   মাজনিশাৰ   লাইকছ  দেৱতাক  পূজিবলৈ  যোৱা  নঙঠা   শৰীৰ   কিছুমান মূৰত  পাগ  মাৰি,  জঁপিয়াই   নাচি- বাগি   আহে! কয়লাৰ  নেদেখা   পুংবোৰ   বুকুৰ  সহস্ৰ   কুৰুঙৰ  সতে  একাকাৰ  হয়।   চৌবাটাত  গাড়ী   ৰাখি  নামি  অহা   পুলিছ - মিলিটেৰীজাকে   গাওঁখন ঘেৰি   ধৰি,  কচুৱনিত পুতি  থোৱা  বন্দুক   উলিয়াই   আনি   তেওঁৰ   শৰীৰেৰে   দুপদুপাই    পাৰ   হৈ   গুচি  যায়।  খহি  পৰে   তিনিখলপীয়া  সাজ,  চুলিৰ  খোপা।  দুপদুপাই   গুচি   যায়    কাৰাগাৰত   পৰাৰ   বাবে   গাওঁবাসীৰ   টিটকাৰী,  সমাজৰপৰা  বহিস্কৃত   হোৱাৰ  ভয়,  ৰাইজৰ  এজন  হবলৈ পতা  উধাৰ -  পৰাচিতৰ  সকামৰ  আৰ্শীবাদ ।  পাহাৰীয়া  মেলেৰীয়াত  নেদেখা   হাবিত  হেৰাই   যোৱা  শৰীৰ  মাটি  ফুটি  ওলাই  আহে।  লা-  বৰণীয়া  সাজপাৰৰ   তলত  পৰি  ৰোৱা  উদং  ৰাতি  উদং  হাতে  ভৰাই তোলে।

শাখাতি  ৰাভা  জিকাৰ  খাই  উঠে। জিভাখন  শুকাই   আহে ।  জোঙাৰ  গোন্ধ   শুঙি   দীঘলীয়া  বাঁহীটোৰ  দৰে  নাকৰ  ফুটা দুটি  ৰাতিৰ   বুকুৰে  দীঘল  কৰি  দিয়ে।  এজাক   চেঁচা   বতাহ    ফাৰকান্তি   শৰাধৰ   তৰোৱাল  হৈ  তেওঁৰ  বুকুত   নাচি   উঠে।  অচিনা  এক  ভয়ত   মানুহজনী  শিয়ৰি   উঠে।    শিতানৰ   দা   আৰু   ভৰিৰ  পঠানত  পেলাই  লোৱা  বাঢ়নীটাঁৰ  দুয়োটি  হ াতেৰে  খামুচি   ধৰে।   অপায়দেৱতা  দূৰ  কৰাৰ   সুৰ  এপদ   গায়  ।  শেহৰাতিৰ   টোপনিত  ঢলি  পৰে।

গঁৰালৰ   কুকুৰা  উৰি  আহি চোতালত পৰি  ধান খুজি মাতিলে তেওঁ খক-মককৈ  সাৰ পায় । বোৱাৰীৰ কোঠালৈ গৈ  মাতষাৰ  দিয়ে   আৰু   নাতিটোক   এবাৰ  কাষলৈ  চপাই   লয়।  দিনৰ  দিনটো   বোৱাৰীয়ে  বিচাৰি- খোচাৰি,  বুটলি  জীয়ন দি  ৰখা নেগুৰীয়া শামুক, কেকোঁৰা,  এৰীপলুবোৰ চপাই লয়।পদুমৰ  মোলান   আৰু   চকা,  ভেঁটফুলৰ আলু,   নিকৰি,  বাঁহৰ  গাজ  আৰু  বতৰৰ  আন  পাচলিৰ বেহাখন  সাজু  কৰি  লয়।  ঠেলাত তুলি  আনি  বোৱাৰীয়ে   বেহাখন  অট'ভানত  তুলি  দিয়ে । বাটৰ  বতাহ   দুফাল  কৰি   অটোভান   ধূপধৰাৰ  চ'কৰ পৰা সত্তৰ কিলোমিটাৰ দূৰৈৰ   মহানগৰীলৈ  ঢাপলি  মেলে।  শাখাতি   ৰাভাই  লগৰীয়াৰ  সতে  বস্তাৰ ওপৰতে  বহি  দিয়ে।  উধাতু খাই অহা গাড়ীত শাখাতি ৰাভাৰ  চকু  দুটি সুলকি   পৰে । সুলকি   পৰা   চকু  শালবনৰ সেউজীয়া  আগলিত   ঢপলিয়াই  ফুৰে।  পুৱাৰ  ৰ'দে   আহি  তাত  ছাঁ  আৰু  পোহৰৰ  লুকা- ভাকু  খেলে।   মৃতকৰ  শৰাধত  শিমলু   আৰু  মদাৰৰ  লঙঠা   ডালৰপৰা   নমাই   অনা  দীঘল  সুৰটিৰ   দৰে   শালবনৰ    জুৰণিৰপৰাও  তেওঁ  কিবা   এটি   খেপিয়াই   আনিব  খোজে।  ছাঁ  আৰু  পোহৰত ঠেকা  খাই  চকু  দুটি  বাৰে  বাৰে  উভতি আহে।    জিভাখনি  তেওঁৰ   জোঙা   ভাঙি  নামি  অহা   এটুপি  মদৰ    বাবে   শুকাই   আহে।   শুকাই    অহা  জিভা    বতাহৰ  বুকলৈ  মেলি  দিয়ে।  জোঙাৰ   গোন্ধ  শুঙি দীঘলীয়া  বাঁহীৰ  দৰে  নাকৰ  ফুটা  দুটি  বতাহৰ  বুকুৰে  দীঘল  কৰি দিয়ে।  নেগুৰীয়া  শামুক, কোকোঁৰা, এৰীপলুবোৰ  লৰ-চৰ কৰি   উঠে।  গাড়ীৰ   থেকেচনি আৰু  ৰ'দৰ  তাপত   অমাত  জীৱবোৰ  আধা জীয়ে, আধা  মৰে। আধা   মৰা জীৱৰ  গাৰপৰা অহা  গোন্ধ  এটাই  তেওঁৰ  নাকৰ   বাট  ভেটি  ধৰে।

জনগোষ্ঠীৰ  শোকৰ  ঐতিহ্য  বহন  কৰা  মাতৃয়ে  অট'ভানৰপৰা  নামি  বেগাবেগিকৈ   বস্তাবোৰ  নমায়।   মহানগৰীৰ  পদপথ  দখল   কৰি   বেহাখনি মেলি    ধৰে    ।   এখনি  থৈলা  পাৰি  এপদ  এপদকৈ   বস্তুবোৰ  সজাই  যায়।  উচিত   দাম  লৈ,   হাঁহি - মাতি  মুখৰ   হৈ   গ্ৰাহকক   তুষ্ট কৰে।   খাকী  সাজ   পিন্ধা  লাঠীধাৰীৰ   আপচু  মাত,   লাঠিৰ  খোঁচ    লগৰীয়াকেইজনীৰ  দৰে   সহজতে     গা -  পাতি  লয়।  উে২৬দৰ    হুইছেল  বাজিলে    উধাতু  খাই   বেহাখনি  সামৰি    চূকলৈ   লৰ   মাৰে।   চুচুক- চামাককৈ   ওলাই    আহি   সুযোগ    বুজি   খাকী পোচাকধাৰীৰৰ   হাতত গুজি  দিয়ে   টকাৰ  টুপলি।    প্ৰস্ৰাৱৰ   সুবিধা  নোহোৱাৰ  বাবে   যোনিৰ  পথত  হোৱা  জলা- পোৰাৰ   বেদনা   এটুপি  মদৰ  বাবে   শুকাই   অহা   জিভাখনিৰ  দৰেই   নিজৰ   গাত  মথি  লয়।    নিজৰাৰ   দৰে   নামি  অহা  ঘাম  কাপোৰৰ  তলেৰে  সৰকি  যায়।   টেঙাপানীৰ   উগাৰ,   নামি  অহা  ঘাম   আৰn   প্ৰস্ৰাৱৰ   লুণীয়া   বেদনাই   মৃতকৰ  চোতালৰ    শোকৰ   সুৰ  পাহৰাই   থয়।সহস্ৰ    গ্ৰাহকৰ   ভৰিৰ   ধূলা,  মুখৰ   থুই,  সন্ধিয়াৰ   মদাহীৰ  প্ৰস্ৰাৱৰ   বীজাণুৰে  ভৰি   থকা  পদপথৰ  চূকলৈ  গৈ  ষ্টীলৰ   টিফিনৰ টেমাতো  খোলে   আৰু   হাতখন   ধুই   বোৱাৰীয়ে   সজাই     দিয়া  ভাতখিনি  চুচুক - চামাককৈ  খাই   লয়।   বেহা  সামৰি  পদপথত   বহা  চাহৰ  দোকানত  এটুপি  চাহ   খাই,    নাতিলৈ  বিস্কুটৰ  পেকেট,  ঘৰুৱা বজাৰৰ  টোপোলা  সামৰি  ওভতনিৰ   বাচত উঠে।

চিনাকি   গাড়ীত   ভাৰাটো  শোধায়েই     ভাগৰত  তেওঁ   চকুযুৰি   মুদি  দিয়ে ।   গাড়ীৰ  পিচফালৰ   চিট   এটাত  বহি   আৰামেৰে  বহি    শৰীৰটো  বাচৰ  হেন্দোলনিৰ  সতে  দুলাই   দুলাই   তেওঁ  নিজকে  নিচুকায়।    সোঁৱৰণি    আৰু   পাহৰণিৰ   নিজৰাবোৰ  নামি   আহি   তেওঁৰ   চকুত  জুৰ  লয়।    বেপাৰৰ  টকাৰ  মোনাটিত   তেওঁ  আলফুলে   আঙুলিবোৰ   বুলাই  দিয়ে।   মুখলৈ   হাঁহি  এটি  নামি  আহে।   স্কুলৰ   ইউনিফৰ্ম   পিন্ধি,  পিঠিত  কিতাপৰ  বেগ   লৈ   একেটি  নাতিয়ে   স্কুললৈ  যোৱাৰ   ছবিখনি  চকুত   ভাহি  উঠে।  তাৰ   স্কুলৰ   বহীৰ  অঁভজা  ছবিবোৰে   কচুৱনীৰ জোনাকী  হৈ  বায়খ'ৰ বেদীৰ  ফুটুকী  তৰা সাজে।    উভতি  অহাৰ বাটত   তেওঁৰ   চকুÿযুৰি  সুলকি  শালবনৰ  আগলিত  ঢপলিয়াই   ফুৰিব   নোখোজে ।   বাচৰ  জোকাৰণিত    দুলি   দুলি   মানুহজনী   আপোনমনে   টোপনি  যায়।  “আইতা --  উঠক, উঠক ”    বুলি চিনাকি  হেণ্ডিমেনে   টোপনিৰপৰা   জগাই    ধূপধৰাৰ  চ'কত   নমাই  দিয়ে।  ভগৰুৱা  দেহাটো  তেওঁ  নিলগতে থকা  গাওঁখনিৰ    মুণিচুণিৰ   নঙলালৈ  টানি   নিয়ে।   গা- পা ধুই   বোৱাৰীয়ে  দিয়া  চাহটুপি  খায়,  টকাৰ  মোনাটো  চমজাই   দিয়ে  আৰু   নাতিক কোলাত   লৈ  অময়া    হাঁহিটি   মাৰে । বিস্কুটৰ  টোপোলাতো  গুজি  দি,   কোলাত   বহুৱাই    লৈ  তাৰ  স্কুলৰ  কিতাপ আৰু   বহীৰ  সতে  ধেমালি-  ধুমুলা  কৰে  ।  আইতাই   নাতিক   শুনায়  সোঁৱৰণিৰ   সাধুকথা --    হকতপলা পাহাৰৰ   ভয়ংকৰ   বৰসাপে  মানুহ   গিলাৰ  সাধু।    বোৱাৰী  পাগত   সোমায়।  সাধু   শুনি   নাতি টোপনিত   ঢলি  পৰে  ।  

নাতি  টোপনিত   ঢলি  পৰে  ।   আৰু   শাখাতি   ৰাভাৰ  সেঁাৱৰণিৰ   সাধু   হকতপলা  পাহাৰৰ    বৰসাপ   হয়।    পেট  পেলাই   চুঁচৰি   আহে   ভাৱনাৰ    বৰসাপ ।   শাখাতি  ৰাভাক   কুণ্ডলী  পকাই  মেৰিয়াই    ধৰে  --   মূৰৰপৰা   গিলি   আনে --    আৰু   ওকালিয়াই    দিয়ে।গিলি  আনে  --  আৰু   ওকালিয়াই  দিয়ে।  শাখাতি  ৰাভা  মৰে --   আৰু   জীয়ে।   ফাৰকান্তি   শৰাধৰ  নাচনি  কাঠিৰ   তন্দালেংকা  পখী  নামি  আহে।    শাখাতি   ৰাভাৰ   বুকুৰ  সহস্ৰ  কুৰুঙৰ  শুকাই  নহা  ঘাঁ  সি  চোকা  ঠেঁাটেৰে   খুঁটিয়াই   খুঁটিয়াই   আকৌ  এবাৰ   তচ - নচ কৰে।      গোপন   এন্ধাৰ   ভাঙি  ফুচ - ফাচ  মাত- কথা  ওলাই   আহে।  খাৰ  দিয়া  মাটিকলাইৰ  বীজলত   নেগুৰীয়া   শামুকৰ  কোমল  মঙহৰ   পিঠালি  এখন  শূন্যলৈ  ওপঙি  উঠে।  বেৰৰ   জলঙা   ফুটি  ওলাই    আহে   চিকাৰী  চকু।   গজ গজ কৈ  বাঢ়ি  আহিব  খোজা   একেটি   পুতেকৰ  হাতত  শাখাতি  ৰাভাক  গতাই ,   পাহাৰৰ   নামনিৰ  দ'  মাটিৰ   শালিখেতিৰ  মাটি   চমজাই    বুকুৰ  মানুহ টো   সপোনৰ  পম  খেদি  গুচি   যায়।   নেদেখা   হাবিলৈ   গুচি  যোৱাৰ   বাটত    শাখাতি   ৰাভাৰ   চোতাল  বন্দুকধাৰীৰ   ভাতঘৰ  হয়।   জুহালত   ৰাতিৰ  সাজ   টকালি  পাৰি   খাই ,  স্বাধীন  হাছং   বিচৰা  বন্দুকধাৰীৰ   দল   মেকুৰীৰ   খোজেৰে   শালবনৰ   অৰণ্য  ভাঙি   হাবিৰ   গভীৰলৈ   গুচি  যায় ।   শাখাতি  ৰাভাৰ   লা- বৰণীয়া  তিনিখলপীয়া  সাজপাৰৰ   আঁৰত   উদং   ৰাতি   পৰি   থাকে । নেগুৰীয়া  শামুকেৰে   ৰন্ধা   মাটিকলাইৰ  সিজোৱা  খাৰৰ   বীজলে   তেওঁৰ   ডিঙিটো  সোপা   মাৰি  ধৰে।   ৰাতিটো    বৰসাপ  হৈ   আহে।   কুণ্ডলী   পকাই  শাখাতি   ৰাভাক  মেৰিয়াই   ধৰে ।   গিলি   আনে,   আৰু   ওকালিয়াই    দিয়ে।   গিলি   আনে,  আৰু   ওকালিয়াই  দিয়ে। 

জোনাক ত  ফুটা  মায়াপী   ফৰিং  খাই  কোন   আওমৰণে   মৰে! কচুৱনিত   পুতি   থোৱা  বন্দুকৰ  নলী  মূৰ  দাঙি   উঠে।   শাখাতি   ৰাভাৰ   জুহালত  মাটিকলাইৰ   পিঠালিৰে   ভাত   খাই   গুচি যোৱা   কোন  বন্দুকধাৰীয়ে   কচুৱনিত  বন্দুক   পোতে --  কোনে  কামোৰ  মাৰে  তেওঁৰ   বুকুৰ আগলিৰ   মঙহ!  মুঠিৰপৰা  হেৰাই  যায়   তামাই  দেৱী নামি আহি    আৰ্শীবাদ  দিয়া  পাহাৰৰ  নামনিৰ   দ মাটিৰ  শ্যামলা   পথাৰ !

গজ গজকৈ  বাঢ়ি  অহা  পুতেক   পুলিছ  আৰু   মিলিটেৰীৰ  হাত   সাৰিবলৈ  গাৰোপাহাৰলৈ  গুচি  যায়।   কয়লাৰ  এন্ধাৰ  পুঙলৈ   নামি  গৈ  লৈ   আহে   উপাৰ্জনৰ   সৰহীয়া  ধন।  শালকাঠৰ   খুঁটা  পুতি , টিনৰ  চাল  তুলি  কেঁচী-  বাতামৰ   ঘৰ তোলে।   লা-  বৰণীয়া  তিনিখলপীয়া   সাজ   পিন্ধি   ঘৰলৈ  আহে   লখিমি  বোৱাৰী --   কাঠৰ   হেঁতাৰে  বোৱাৰীয়ে   বিলায়  সাঁচতীয়া  গাহৰিৰ  মঙহৰ ভোজ।   ধূসৰ  হৈ    আহে  বন্দুকৰ   বিৱৰণী/   শাখাতি  ৰাভাৰ   বুকু   জুৰাই   আহে    কোলালৈ    নাতি  আহে।   সুলকি  পৰে  শাখাতি  ৰাভাৰ   চকু।তামাই  দেৱী নামি আহি   আৰ্শীবাদ  দিয়া  পাহাৰৰ   নামনিৰ   মাটিকেইডৰা  পায়গৈ।  মাটিকেইডৰা   ওভতাই   অনাৰ  সপোন  এটা  সুলকি  পৰা   চকু  দুটাই   ধৰি   আনে। 

আৰু  এদিন  গজগজকৈ   বাঢ়ি অহা   ডেকাটো  ওপৰৰ  মাটিয়ে হেঁচা  মাৰি ধৰা  কয়লাৰ  কুৰুঙত  হেৰাই  যায়।    লগৰীয়াই   কঢ়িয়াই   আনে  তাৰ  জীৱ নথকা দেহ।  ক্ষতিপূৰণৰ  কেইহাজাৰমান  টকাৰ   সতে   মৃতক  হৈ  কয়লাৰ   কুৰুঙৰপৰা   উঠি আহে।   শোকৰ ঐতিহ্য   বহন কৰি  নিয়া   মাতৃ   মৃতকক  ওভতাই   অনাৰ  গীতটো  গাবলৈ  গৈ    বাৰে  বাৰে  ঢলি  পৰে।

শামুক, কেকোঁৰা, এৰীপুলৰ  লেটা,   বনৰীয়া শাক-পাচলিৰ বেহাখন  লৈ  শাহু  আৰু  বোৱাৰী  বাটলৈ  নামি  আহে।  লগৰীয়াই   দেখুৱাই   দিয়ে   মহানগৰীৰ  পদপথত   উপাৰ্জনৰ   নতুন  পথ।   ইউনিফৰ্ম   পিন্ধি   স্কুললৈ  যোৱা  নাতিলৈ  চাই  অটোভানত  উঠি  তেওঁ  এইছাটি  বতাহ  গাত   লগাই   লয়।  স্বজনৰ   বিয়োগ   হ'লে  বেহাখন  সিদিনাৰ      বাবে   সামৰি  থয়।   শৰাধৰ  শোকৰ  উপাসনাথলীৰ  মাজ- মজিয়াত  ঠিয়দঙা  দিয়ে  ।  জোঙা ভাঙি  তিতালাওৰ টোকোৰাৰে  নামি  অহা  মদৰ  নিজৰাত সকলো শোক  একাকাৰ কৰি  কান্ধত তুলি   লয়   জনগোষ্ঠীয়   শোকৰ    ঐতিহ্য  । 

অনেক  ধামখুমিয়াত   স্বাধীন   হাছঙৰ   সপোনৰ  বিৱৰণী    ধূসৰ   হৈ   পৰে।   তেজ,   বন্দুক , হেৰাই  যোৱা  মাটি   আৰু  নেদেখা  পাহাৰত  হেৰাই   যোৱা  আপোনজনৰ  বিৱৰণীৰে   নতুন    সমীকৰণ   হৈ  যিদিনা   হাছঙলৈ   আহে    স্বায়ত্বশাসন --  জনগোষ্ঠী  মতলীয়া  হয়   আৰু   উচৱৰ  আনন্দ  বিয়পি  পৰে --  সেইদিনা   উচৱলৈ  লোক  সংগীতৰ   বিশিষ্ট   শিল্পী  হিচাপে   শাখাতি  ৰাভায়ো   এভাগ  নিমন্ত্ৰণী    পায়।   বোৱাৰীয়ে  তিনিখলপীয়া  পবিত্ৰ  সাজ   পিন্ধাই  তেওঁক  উচৱৰ  মজিয়ালৈ  আগবঢ়াই   দিয়ে।  স্বজন- স্বজাতিৰে  ভৰি  পৰা  উচৱৰ   পথাৰৰ   অতবোৰ   লোক দেখি  শাখাতি   ৰাভাই ৰ লাগি  ৰয়।   চকুৰ    পানীগছাই    সন্মুখৰ  আটাইবোৰ  বাট   ভেটি  ধৰে  ।  জাকি   মাৰি   উঠি   আহে   কচুৱনিত  পুতি   থোৱা  বন্দুক -- নেগুৰীয়া  শামুকৰ  মঙহেৰে    মাটিকলাইৰ  বীজল   পিঠালি  --  গোপন এন্ধাৰ  ভাঙি   ফুচ- ফাচ কথা --  বেৰৰ  জলঙা  ফালি   চিকাৰী চকু।    স্বাধীন  হাছঙৰ  সপোন দেখি    হেৰাই  যোৱা  বুুকুৰ    মানুহটোৰ  বিৱৰণীৰ   এচমকা  উচৱৰ  মজিয়াত কোনোবাই   কব   বুলি   আশাৰে   বাট   চাই   ৰয়।   বন্দুকধাৰীক   আশ্ৰয়   দিয়াৰ  অপৰাধত   কাৰাগৰাৰলৈ   অহা-  যোৱা কৰোঁতে   তামাই  দেৱী   নামি  আহি   আশীৰ্বাদ  কৰা   মাটি কেইডৰা  হেৰাই  যোৱাৰ   কথাষাৰ  কবলৈ  সুবিধা  এটি   পাব  বুলি    আশাৰে   বাট   চাই   ৰয়।  পুলিছ -  মিলিটেৰীৰ  অত্যাচাৰত  গৰোপাহাৰৰ   কু য়লাৰ কুৰুুঙলৈ  নামি   যোৱা একেটি  পুতেকৰ   কথাষাৰ   কোৱাৰ  সুবিধা  এটি   পাব   বুলি   আশা  পালি  ৰৈ  দিয়ে   তেওঁ।   চকুযুৰি   সুলকি  পৰে।   সুলকি  পৰা  চকু   মঞ্চত  উপবিষ্ট   বিশিষ্টসকলৰ  তিৰবিৰ   চকুৰ  আগলিত   বগাই   ফুৰেগৈ  ।  শিমলু  আৰু   মদাৰৰ  লঙঠা ডালৰপৰা  মৃতকৰ ওভতনিৰ আৱাহনী  গীত  নমাই   অনাৰ  দৰে   মঞ্চত  উপবিষ্টসকলৰ  তিৰবিৰ    চকুৰপৰাও  নিজলৈ  এটি  ৰেঙণি  নমাই  আনিব  খোজে  তেওঁ। 

 অৱশেষত  মাতৃয়ে   কৃষ্টি   দলৰ  হৈ  মৃতকৰ  আৱাহনীৰ    পবিত্ৰ  গীতটি  পৰিবেশন কৰাৰ   সুবিধা  পায়।    জনগোষ্ঠীৰ  শোকৰ  ঐতিহ্য  বহন  কৰা  মাতৃয়ে  সকলোৰে  সন্মুখত  এটি  ৰাজহুৱা   সম্বৰ্ধনা  পায়।  মৃতকৰ   শৰাধৰ  গীতটি    গাই শাখতি  ৰাভাই  যেতিয়া  উচৱৰ   মজিয়াত  কান্দোনৰ ৰোল তোলে , তেতিয়া  চকুৰ   পানীগছা  নৈ  হৈ   অতবোৰ  ৰাইজৰ  চকুলৈ  বৈ    আহে।  আৱেগত  ৰাইজ   জুৰুলি -  জুপুৰি হয়।    গীতৰ  শেষত  ভাগৰুৱা  দেহাৰে  তেওঁ   কৃষ্টিদলৰ   সদস্যসকলৰ   সৈতে   উভতি  আহে।    চকুযুৰি   সুলকি   পৰে।   সুলকি  পৰা  চকু    শালবনৰ   আগলিত   দৌৰি   ফুৰে।   বোৱাৰীৰ  হাতত   তুলি   দিয়া   বেপাৰৰ   পইচাৰ  মোনাখন  উজলি  উঠে।    শিমলু   আৰু  মদাৰৰ  লঠঙা    ডালৰপৰা   মৃতকৰ ওভতনিৰ  গীতটি   নমাই   অনাৰ   দৰে    বাটৰ  কাষৰ   শালবনৰ  আগলিতো    চকু   দুটিয়ে  কিবা  এটি  খেপিয়াই   ধৰিব  খোজে।  জোঙা   ভাঙি  নামি   অহা  এটুপি  মদৰ   বাবে   জিভাখনি তেওঁৰ  শুকাই   আহে।   শুকাই   অহা  জিভা তেওঁ    বতাহৰ    সেঁাতলৈ  উলিয়াই     দিয়ে ।  জোঙাৰ   গোন্ধ  শুঙি   নাকৰ   ফুটা  দুটি  দীঘলীয়া  বাঁহীটিৰ   দৰে   বতাহৰ   সোঁতলৈ   উলিয়াই   দিয়ে। 

সম্বৰ্ধনা গ্ৰহণ কৰি  মুণিচুণিৰ নঙলাৰে সোমাই  আহোঁতে শামকু, কেকোঁৰা, এৰীপলুৰ লেটাবোৰ  লৰ-চৰ কৰি উঠে  জঁপিয়াই ,  হাত মেলি   আহে   নাতি।  হাত মেলি   অহা    নাতিক  সাৱটি  ধৰাৰ  উলাহ  এটিয়ে   চুই   যায়  শাখাতি  ৰাভাক।   বহন  কৰি  অনা  অনেক সোঁৱৰণি   আৰু  পাহৰণিৰ   বিৱৰণীৰপৰা  এই   উলাহটি   তেওঁ   দুয়োটি    হাতত  তুলি  লয়।   আৰু  সন্মুখৰ  আন  এটা   দিনৰ  বাবে  সাজু   হয় ।  

সাজু   হয়   জনগোষ্ঠীৰ   শোকৰ  ঐতিহ্য  বহন  কৰি  অনা  মাতৃ  --  আন  এটি   দিনৰ   বাবে --   সমাহিত   এখনি   নদীৰ  দৰে  --   মাতৃৰ   বুকুত  বতাহৰ  চেঁচা  তৰোৱাল  নাচি  উঠে।    
 ---------



কৃতজ্ঞতা -- শ্ৰীযুতা  দূৰ্গাৱতী  ৰাভা, চৰাইবাহা গাওঁ, ধূপধৰা  আৰু  শ্ৰীযুত  হিতেশ্বৰ ৰাভা,  নিখিল ৰাভা ছাত্ৰ সন্থা

[টোকা--  ৰাভাসকলে মৃতকক অতি অভিনৱ পদ্ধতিৰে  সন্মান জনায়।   শ্ৰাদ্ধৰ দিনা  বীৰসকলৰ  গাথাৰে ৰঞ্জিত গীত গাই গাই  সেই   মৃতকক পুনৰ  ৰাভাসমাজলৈ উভতি আহিবলৈ আহ্বান জনায়।   শোকৰ গীত  গোৱাৰ  বাবে   নিৰ্দিষ্ট    মহিলা থাকে।  অৱস্থাপন্নসকলে   ফাৰকান্তি   আৰু তাৰাংকাজি নামৰ  বিশেষ  শ্ৰাদ্ধ  পাতে।  সোঁৱৰণিৰ ছদিহৰ  বীৰগাথা, ৰাভাসকলৰ  শৌৰ্য-বীৰ্যৰে মণ্ডিত  গীত পৰিবেশন কৰি ঢাল   তৰোৱাল  লৈ  নৃত্য  কৰে ।  ফাৰকান্তি  শ্ৰাদ্ধৰ  নৃত্যই  হৈছে  ৰাভাসকলৰ  বিখ্যাত   ফাৰকান্তি  নৃত্য । 

হাছং - ৰাভাসকলৰ  বাসভূমি, জোঙা -- মদ তৈয়াৰ কৰা  মাটিৰ পাত্ৰ, ছিনছিনা --  সাঁচতীয়া অতি উৎকৃষ্ট মদ, তন্দালেংকা - কাঠৰোকা  চৰাই।   ৰাভাসকলে   মৃতকৰ  ফাৰকান্তি  শৰাধত কৰা নৃত্যত   এডাল  কাঠিত  কাঠৰ  মাছৰোকা [মাছালেংকা]  আৰু  বাঢ়ৈটোকা চৰাই  নচুৱায়। তামাই - শস্যৰ অধিষ্ঠাত্ৰী  দেৱী,   চৌবাটা--  গাৱঁৰ বাটচ'ৰা। ]  

Monday, 10 September 2018

গুৰুজনা আছিল গণতান্ত্ৰিক চেতনাৰে অসমীয়া সমাজ বান্ধি থৈ যোৱা এক জাতীয় নেতা



অসমীয়া প্ৰতিদিন, ১১-০৯-২০১৮
- ৰত্না ভৰালী তালুকদাৰ

 শ্ৰীমন্ত   শংকৰদেৱ অসম  আৰু  অসমীয়াৰ  চেতনাক  উজ্জিৱীত  কৰি তোলা   আটাইতকৈ  সমুজ্জল  ব্যক্তিত্ব  আৰু    সৰ্বকালৰ  সৰ্বশ্ৰেষ্ঠ  অসমীয়া --  এই   কথা  আজি     আৰু    নতুনকৈ   উপলব্ধি  কৰাৰ  প্ৰয়োজনীয়তা   নাই।  এটা   আধুনিক  অসমীয়া   ভাষাৰ ভেটি  তৈয়াৰ  কৰি    নতুন   যুগৰ  সাহিত্য,   ধৰ্ম,   সমাজ,  সংস্কৃতি  আৰু  পৰিশীলিত  আচাৰ - নীতি ৰে অসমৰ  মানুহৰ   প্ৰাণত  নতুন   প্ৰাণৰ  সঞ্চাৰ  কৰি তেওঁ  আজিও  আমাৰ  বুকুৰ  কুটুম  হৈ   ৰৈছে   আৰু  অনন্তকাললৈ ৰ'ব।    কিন্তু   এইখিনিতেই  শংকৰদেৱৰ  দৰ্শন  আৰু আদৰ্শৰ  নতুন নতুন মূল্যায়নৰ পথ ৰুদ্ধ  হৈ  যোৱা    নাই।  বৰং   আজিৰ   জটিল  সময় আৰু  পৰিৱৰ্তিত  সামাজিক - ৰাজনৈতিক   পৰিৱেশত  যেতিয়া  অতি  শক্তিশালী  দুষ্টশক্তিৰ  প্ৰকোপত  শংকৰদেৱে বান্ধি থৈ    যোৱা  অসমৰ  সমাজব্যৱস্থা  থান- বান হোৱাৰ উপক্ৰম  হৈছে  --  সৃষ্টিশীল  আৰু বৌদ্ধিক  চৰ্চাৰ  পৰিবেশ  স্তব্ধ    কৰি   জাপি   দিয়া  মতামতেৰে  সমাজৰ  প্ৰগতিৰ  পথ ৰুদ্ধ  কৰাৰ  প্ৰচেষ্টা  চলিছে --- সেই   সময়ত গুৰুজনাৰ  ভাৱ  আৰু   আদৰ্শক  পুনৰ   মূল্যায়ন  কৰি  নতুন  যুগৰ  নতুন   সমাজ গঠনৰ   পথ   প্ৰশস্ত  কৰাৰ  সময়ো  আহি  পৰিছে।  আজিৰ  পৰিবেশত   অসমৰ  মানুহৰ  বাবে  পবিত্ৰ   ভাদ  মাহ টি সেয়েহে   দুজনা  গুৰুৰ  তিৰোভাৱ তিথি  পালন  কৰি  তেওঁলোকক  শ্ৰৱণ-কীৰ্তন  কৰাৰ  মাহেই     মাথো  নহয় --  দুজনা গুৰুৰ  আদৰ্শক শিৰোগত  কৰি  নতুনৰ  আৱাহনীৰে  সমাজব্যৱস্থাৰ  পৰিবৰ্তনৰ  মাজেৰে   সমাজৰ  নিম্নত  বাস কৰা জনজীৱনৰ  প্ৰাণৰ স্পন্দনত  নতুন  আশাৰ  সঞ্চাৰ  কৰাৰ   কামত নিজকে  সমৰ্পণ  কৰাৰো  সময়।   বিশেষকৈ   যি ধৰ্ম  আৰু   দৰ্শনৰ  আধাৰ  এক   উদাৰ   গণতান্ত্ৰিক চেতনা,   যি চেতনাৰে  উজ্জীৱিত  হৈ  গুৰুজনাই    “নিবিচাৰি  জাতি - কূ ল”  বুলি  কোৱাৰ  উপৰিও  তাৰপৰা  এখোজ  উধাই  গৈ  “কুকৰ, শৃগাল  গদৰ্ভৰো আত্মাৰাম”  বুলি কৈ  আমাৰ   বাবে  সমাজ গঠনৰ উদাৰ  পথ  প্ৰশস্ত  কৰি  থৈ  গৈছে -- সেই চেতনাক   নতুনকৈ  উপলব্ধি  কৰাৰ সময় সমাগত  বুলি আমাৰ অনুভৱ হয়।  

উপলব্ধি  কৰাৰ  সময়  এইবাবেই যে,  নানা জাতি- ধৰ্মৰ লোকেৰে গঠিত  অসমীয়া  জাতিটোৰ  শাহ  আৰু  খোলাটো   পিয়াজৰ দৰেই -- পিয়াজৰ বাকলিবোৰৰ দৰেই  পাহাৰে -ভৈ য়ামে  বাস কৰা  জাতি- জনগোষ্ঠীবোৰৰ  ভাষা- ধৰ্ম- সংস্কৃতিৰ  তৰপবোৰ  লগ লাগিহে  অসমীয়া জাতি আৰু  সংস্কৃতিৰ  গঠন হৈছে।  বাকলিবোৰ  এৰুৱাই গ'লে  পিয়াজটোৰ একো  অস্তিত্বই  নাথাকিবগৈ।  একেদৰে,  কেনেবাকৈ  এটা তৰপত কেৰোণ   লাগিলেও  সি  গোটেই  পিয়াজটোকেই  নষ্ট  কৰি পেলাব।  নানা নদী  আৰু  উপনদীৰ  জলৰাশি  বুকুত  সাৱটি  লৈ   অসমৰ  বুকুৰে  বৈ যোৱা   ব্ৰহ্মপুত্ৰ  নদীৰ  যি   শক্তিশালী  অন্তঃস্ৰোত,  তাক চকুৰে  দেখা পোৱা   নাযায়।    আপাত স্থিৰ, নিশ্চল জলধিৰ  গভীৰতালৈ চাই  তাক  উপলব্ধিহে   কৰিব পাৰি।  অসমৰ জনজীৱনে  বৈচিত্ৰপূৰ্ণ  ছন্দেৰে গঢ়ি তোলা জীৱনৰ  শাহ আৰু   শকতিও লৌহিত্যৰ দেখা নোপোৱা অন্তঃস্ৰোতৰ  দৰেই, তাক উপলব্ধি   কৰিবলৈ    গভীৰ  অন্তৰ্দÔষ্টিৰ  লগতে  প্ৰয়োজন  হয়   বাস্তৱৰ  আধাৰত  এক   উদাৰ,  যুক্তিপূৰ্ণ চেতনাৰ ।  এনে এক  বৈচিত্ৰ্যময়,   সকলো জাতি-জনগোষ্ঠীৰ নিজা নিজা  জাতীয় আৱেগৰ  টল- মল চেতনাৰে টগ - বগ   সমাজখনক নেতৃত্ব প্ৰদান  কৰা তেনেই  সহজ  কথা  নহয় -- এই  সমাজক   দায়িত্বসহকাৰে    সাৰ- পানী  দিবলৈ হ'লে   প্ৰয়োজন  বজ্ৰসম  এক  ধী  শক্তিৰ,   এক  উৎসৰ্গীকৃত  প্ৰাণৰ । আৰু   শ্ৰীমন্ত   শংকৰদেৱে  সকলো প্ৰতিকূলতাক অকাতৰে  গ্ৰহণ কৰিও জনসাধৰণৰ মাজতে  থাকি, জনসাধাৰণৰ এজন  হৈ   সেই  দায়িত্ব  পালন  কৰিছিল  নিৰ্মোহভাৱে, এক বিশাল কৰ্মযজ্ঞৰ সুচনাৰে  সকলো জাতি- জনগোষ্ঠীৰ প্ৰতি  অন্তৰত সমভাৱ ৰাখি  । এক কথাত   কবলৈ  গ'লে  শংকৰদেৱে  মধ্যযুগতেই    আধুনিক  অসমীয়া  সমাজৰ  ভেটি  তৈয়াৰ  কৰি  অসমীয়া   সমাজখনক  এখোজ  আগুৱাই  দিছিল।   এই  ভেটি  হৈছে   পাৰস্পৰিক  সহনশীলতাৰ,   গণতান্ত্ৰিক  ভাৱধাৰাৰ - যি সমগ্ৰ ভাৰতবাসীৰ বাবেই      আজিও এক বিস্ময়। সেই  অৰ্থত  শংকৰদেৱৰ  সময়ৰপৰাই  অসমীয়া  সমাজখন  এক  আধুনিক সমাজ  বুলি কব পাৰি। 
প্ৰজ্ঞাৰ  গভীৰ সাধনাৰে  একেবাৰে  অকলশৰে আৰু  নতুন  এক সাংস্কৃতিক  আন্দোলনৰ নেতৃত্ব  বহন কৰি  পাহাৰে- ভৈয়ামে বসবাস কৰি  জাতি- জনগোষ্ঠীসমূহৰ প্ৰতি  সন্মান  প্ৰদৰ্শন  কৰাৰ মাজেৰেই  শংকৰদেৱে আধুনিক অসমীয়া  সমাজ এখনৰ ভেটি তৈয়াৰ কৰি  থৈ  গৈছে।  একশৰণ  ভাগৱতী  ধৰ্মৰ  প্ৰৱৰ্তনৰ আধ্যাত্মিক  কাৰ্য সম্পাদন কৰোঁতে  শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ  কামত  মুছলমানকলৰ  চান্দসাই  আৰু জয়হৰি,  গাৰোৰ গোবিন্দ, ভূটীয়াৰ  জয়ানন্দ,  কৈৱৰ্ত  সম্প্ৰদায়ৰ শ্ৰীৰাম, বণিয়াসকলৰ  দামোদৰ --  এই সকলোকে  দায়িত্ব প্ৰদান  কৰিছিল।  এয়া মাথো উদাহৰণ  নহয় --  মধ্যযুগৰ   সামন্ততান্ত্ৰিক  সমাজব্যৱস্থা   আৰু  ৰাজতন্ত্ৰৰ  আৱৰ্তত  এনেধৰণৰ  বৈপ্লৱিক   পদক্ষেপবোৰে  শংকৰদেৱৰ  আদৰ্শক  মানুহৰ মাজলৈ  লৈ যোৱাত  অভিনৱ  ভূমিকা  পালন  কৰিছিল।  সামাজিকভাৱে নিৰ্যাতিত, লাঞ্ছিত- বঞ্চিতসকলক   জীৱনৰ  নতুন  উপলব্ধি  প্ৰদান  কৰিছিল। এই উদাৰ মানৱতাবাদী  ধৰ্মৰ জনপ্ৰিয়তাৰ  প্ৰতি  ভীতিগ্ৰস্ত  হৈ   ৰজাঘৰীয়াই  চক্ৰান্তৰে  গুৰুজনাৰ  প্ৰাণাধিক জেঁাৱায়েকক  হাতীৰে  গচকাই  মৰাৰ  পিছতো  বিতত নহৈ,  নানা  দুখ - দুৰ্গতিৰ মাজৰে  সাধাৰণ  ৰাইজৰ  মাজতে  থাকি,  জনজীৱন  নতুনকৈ গঢ়াৰ  কামত  নিজকে সমৰ্পিত  কৰিছিল।  সংস্কৃতত অগাধ পণ্ডিত হোৱাৰ পিছতো সমগ্ৰ ভাৰত ঘূৰি- পকি আহি গণ- সংযোগৰ মাহাত্ম্য  উপলব্ধি কৰি তেওঁৰ সাহিত্য  ৰচনা  কৰিলে   জনসাধাৰণৰ  মুখৰ ভাষাৰে, কীৰ্তনপুথিত  স্বৰ্গৰ নন্দন - কাননৰ ছবি আঁকিলে অসমৰ  গাঁওখনৰ গছ - লতিকাৰে ।  আধ্যাত্মিকতা প্ৰচাৰ কৰিবলৈ যাওতেও  কঠিন মাৰ্গ নহয় --  জগতগুৰু  শংকৰদেৱে  আমাক  দিলে   আপাত  সৰল  এক    কৃষ্ণ চেতনা  --  যাক  মাতৃ  যশোদায়ো  গালি পাৰিব  পাৰে  এনেদৰে -  “ভাণ্ড ভাঙ্গি  আৰে  যাইবো কোথা,  খাইবো আজি  কৃষ্ণ তোৰ মাথা”  [ শিশু লীলা, চতুৰ্থ খণ্ড] । এজন পৰিপক্ক মনস্তত্ববিদৰ দৰেই  গকুলৰ  যশোদাৰ ছবিও   অসমীয়া  গ্ৰাম্যজীৱনৰ  তিৰোতা  এগৰাকীৰেই  আঁকিছে -- ঘৰ-সংসাৰৰ কামত ব্যস্ত হৈ থাকোঁতে জগতৰ পতিকো যি এনেদৰে তুলা-ধূনা দিব পাৰে -- জনসাধাৰণৰ  প্ৰাণৰ  স্পন্দনৰপৰা দূৰলৈ নি শিশুকৃষ্ণৰ  মাতৃক তেওঁক ৰাজমহিষী  কৰি তোলা  নাই।  এইবাবেই   শংকৰদেৱৰ সাহিত্য  জনসাধাৰণৰ  প্ৰাণৰ  ইমান   কাষ   চপা যে,  কেইবাটাও   শতিকা  পাৰ হৈ যোৱাৰ পিছতো  এই সাহিত্যৰ  তাৎক্ষণিক  সোৱাদ  লাভৰপৰা   আগ্ৰহী  পাঠক  আজিও বঞ্চিত  নহয়।   এইবাবেই   পঢ়িব  নজনা অনাখৰী  গাওঁবাসীয়ে   যুগে  যুগে সন্ধিয়াৰ গোঁসাইঘৰত  একো  আধ্যায়   কীৰ্তন কৰি   শংকৰদেৱৰ  সাহিত্যৰ নতুন নতুন মাত্ৰা দান কৰিলে।   ভাষাজননীৰ এই  বেদীখনত গুৰুজনাই দি থৈ  যোৱা এই পুষ্প অৰ্ঘ্যবোৰৰ  কালিকাবোৰেই অসমীয়া জাতিক নতুন নতুন সাহ দিছে, সেই কথা  আজি আমি উপলব্ধি কৰিব লাগিব। 

 শংকৰদেৱৰ  আধ্যাত্মিকতাৰ  বাণী  আছিল  সমতা  আৰু তাকে  কৰিবলৈ যাওতে সাহিত্য, গীত- মাত- পদ- ভাওনাৰে  তেখেতে  যি বিশাল  কৰ্মযজ্ঞৰ সুচনা কৰিলে, তাৰ উপজীৱ্য হিচাপে  জনগোষ্ঠীয় সমাজখনৰ লগতে   জনগোষ্ঠীয় জীৱনৰ আৱৰ্তৰ  বাহিৰত  থকা সমাজখনৰ লোক -কলাৰ  উপকৰণবোৰ লবলৈ  অকণো হেলা নকৰিলে। সেয়েহে  শংকৰদেৱে দি থৈ থোৱা সাংস্কৃতিৰ সম্ভাৰত  বিহুনৃত্য, বাগৰুম্বা,  মিছিংসকলৰ নৃত্যৰ উপকৰণ সুলভ। গুৰুজনাই দি যোৱা অসমৰ  গ্ৰাম্যসমাজৰ  অন্যতম কালিকা নামঘৰো জনজাতীয় সকলৰেই আৰ্হি। অভিনৱ  সৃষ্টিশীলতাৰে বৃন্দাবনী  বস্ত্ৰৰ  ধাৰণাৰে অসমৰ  গাওঁখনৰ তাঁতশালখনকো  অনন্য মাত্ৰা দিলে। কবলৈ গ'লে  জাতিক  সাংস্কৃতিকভাৱে  একত্ৰিত কৰাৰ  এই  প্ৰয়াসৰ  মাজতেই আছে   শংকৰদেৱৰ  আদৰ্শৰ মাহাত্ম্য।  জনতাৰ মুখ আৰু বৌদ্ধিকসমাজৰ  কাম-কাজ    বন্ধ কৰি  জাপি দিয়া মতবাদেৰে  দেশ চলাব খোজাসকলৰ চক্ৰান্তৰ সন্মুখত   সেইবাবেই  গুৰুজনাৰ  আদৰ্শক নতুনকৈ চোৱাৰ প্ৰাসংগিকতা আহি পৰিছে।    আজি  জাতিক নেতৃত্ব দিবলৈ আগবাঢ়ি  অহাসকলৰ  বহুতেই  গণবিচ্ছিন্ন -অথচ  গণ সংযোগ  আজিৰ  দিনত  এক বৃত্তি, উচ্চশিক্ষাৰ  অধ্যয়ন আৰু গৱেষণাৰ  বিষয়। কিন্তু জাতিক  নেতৃত্ব প্ৰদানৰ বেলিকা জনসাধাৰণৰ  সুখ-দুখৰ  সৈতে  এক হৈ,                 তেওঁলোকৰ মাজৰেই  এজন  হৈ   থাকি গণদেৱতাক সংযোগ কৰাৰ  গুৰুত্ব উপলব্ধি  কৰিছিল  শংকৰদেৱে,  যাৰ বাবেই    তেওঁ  আজিও  ইমান  প্ৰাসংগিক।  সেই কথা  আমি বুজি   উঠিব   লাগিব। বৰ্তমানৰ  অসমীয়া  জাতিসত্তাক    উচন  কৰাৰ নানা  ষড়যন্ত্ৰৰ  লগতে  সাম্প্ৰতিক  সময়ৰ  গণতান্ত্ৰিক  শাসনব্যৱস্থাৰ  আৱৰ্তত ধৰ্মৰ  নামত  চলা  বীভৎস   ৰাজনীতিৰ  যুগত  শংকৰদেৱে দি থৈ যোৱা এনে    নিদৰ্শনবোৰ  অসমীয়া  জাতিয়ে   পাহৰি যাব নালাগিব।   সকলো সংকটৰ সন্মুখতো অসমীয়াই সকলো  বৈচিত্ৰ্য,  মান-  অভিমান  আৰু  স্বাভিমান  বজাই ৰাখি জীয়াই থাকিব  পাৰিছে,    তাৰ  কালিকা বা   আধাৰটোৱেই  যে    শ্ৰীমন্ত  শংকৰদেৱে  মধ্যযুগতে তৈয়াৰ  কৰি  থৈ  যোৱা  আমাৰ  আধুনিক  মানসিকতা -- সেই কথাটোত   আমি সকলোৱেই  এবাৰ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন।  

Friday, 24 August 2018

উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰিবলৈ চৰকাৰ মৰিয়া হৈ উঠাৰ কাৰণ কি?




ৰত্না ভৰালী তালুকদাৰ
অসমীয়া প্ৰতিদিন, ২৫-০৮-২০১৮

গ্ৰন্থ এটা জাতিৰ দাপোন। আধুনিক বিশ্বত গ্ৰন্থক পাঠকৰ মাজলৈ নিয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থমেলাসমূহে যি ভূমিকা  পালন কৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমৰ মানুহৰ গ্ৰন্থ অধ্যয়ন আৰু গভীৰ জ্ঞানৰ প্ৰতি আগ্ৰহ সীমিত বুলি এটা অভি়যোগ আছে। কিন্তু অসমৰ মানুহৰ মনতো গ্ৰন্থৰ প্ৰতি আদৰ আৰু শ্ৰদ্ধা আছে. আু গুৱাহাটীৰ মাজ-মজিয়াত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা দুখনকৈ আপাতত বৃহৎ  পৰিসৰৰ গ্ৰন্থমেলাই তাকেই প্ৰমাণ কৰিছে। যোৱা কেইবাটাও বছৰৰপৰা গ্ৰন্থমেলা আয়োজক সমিতিয়ে গ্ৰন্থ বিক্ৰীৰ এক খতিয়ান দি আহিছে আৰু এই খতিয়ানেও তেওঁলোকৰ গ্ৰন্থ ব্যৱসায় লাভজনক হোৱা বুলিয়েই প্ৰতিপন্ন কৰিছে।

আশীৰ দশকত  অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনে অসমৰ গ্ৰন্থৰ জগতখন পঢ়ুৱৈৰ কাষলৈ চপাই নিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। পৰৱৰ্তা সময়ত ইয়াত সংযোজন হয় সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত উত্তৰ-পূব গ্ৰন্থমেলাৰ। এটা সময়ত গুৱাহাটীৰ জজ খেলপছাৰ আৰু পৰৱৰ্তী সময়ত চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰখেলপথাৰত নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা দুয়োখন গ্ৰন্থমেলাই শীতকালত গুৱাহাটীত গ্ৰন্থ সম্পৰ্কীয় এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। মাজতে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰলৈ গ্ৰন্থমেলা স্থানান্তৰিত কৰা হয় যদিও পঢ়ুৱৈ তথা গ্ৰন্থ অনুৰাগীৰ আশানুৰূপ সঁহাৰি নোপোৱা বাবে পুনৰ চানমাৰি খেলথাৰলৈ ওভতাই অনা হয়। গ্ৰন্থমেলাৰ বতৰৰ শেহতীয়া সংযোজন হৈছে যোৱা কেইবছৰমানৰপৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰিবলৈ লোৱা আঞ্চলিক পৰ্যায়ৰ গ্ৰন্থমেলাবোৰ।   

গ্ৰন্থমেলাই অসমৰ মানুহৰ মাজত সংহত পঠনৰ অভ্যাস আৰু এক সফল গ্ৰন্থ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছেনে নাই, সেই কথা সময়ে কব। কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে, গ্ৰন্থমেলামূহে ৰাজ্যত গ্ৰন্থসম্পৰ্কীয় এক  সচেতনতা গঢ়ি তোলা, লেখক-পাঠকৰ মাজত সম্পৰ্ক গঢ়ি তোলা আৰু প্ৰকাশিত গ্ৰন্থসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত এক উল্লেখনীয় মাধ্যমৰ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।  গ্ৰন্থমেলা অনুষ্ঠিত হৈ থকাৰ কেইদিনত মেলাথলীত গ্ৰন্থ বিক্ৰীয়েই নহয়, বিক্ৰীৰ লগে লগে গ্ৰন্থবোৰৰ প্ৰদৰ্শনীও হয়, যিটো গ্ৰন্থমেলাৰ অন্যত উদ্দেশ্যে। আগ্ৰহী পাঠকে প্ৰিয় গ্ৰন্থখন কিনিব নোৱাৰিলেও চকুৰে দেখিবলৈ পায়, পৰৱৰ্তী সময়ত ক্ৰয় কৰা হেঁপাহ এটা পুহি ৰাখে। কোনো এটা প্ৰকাশন গোষ্ঠীৰ বাবে তেওঁলোকে প্ৰকাশ কৰা গ্ৰন্থসম্ভাৰ এনেদৰে প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাটোও এটা গৌৰৱৰ কথা। লগতে লেখক-পাঠক-গ্ৰন্থ অনুৰাগীৰ সমাবেশৰো থলী হৈ পৰে গ্ৰন্থমেলাৰ বাকৰি। আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচনী সভা, লেখকৰ আড্ডাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অউষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতাৰ। আগ্ৰহী পঢ়ুৱৈ আৰু গ্ৰন্থ অনুৰাগীৰ মনোযোগৰ লগতে প্ৰকাশক, এজেণ্ট, ডিষ্ট্ৰিবিউটৰৰ সমাবেশ, গ্ৰন্থ সম্পৰ্কত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ – এই সকলোবোৰেই  ‘গ্ৰন্থ’ আৰু ‘গ্ৰন্থ উদ্যোগ’ – এই শব্দযুগলক আৱৰ্ত কৰি সৃষ্টি কৰে এক মোহনীয় পৰিৱেশৰ। বিশেষকৈ শীতকালত গুৱাহাটীত অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলা আৰু অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা দুখনে যোৱা দশককেইটাত মহানগৰীৰ লেখক-ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ বাবে গ্ৰন্থৰ সৈতে জড়িত এক উমাল পৰিৱেশৰ লগতে ঐতিহ্যৰো  সৃষ্টি কৰিবলৈ সক্ষম হৈছে । মহানগৰীত প্ৰায় এটা মাহৰ বিৰততে দুখনকৈ আপাতত বৃহৎ পৰিসৰৰ গ্ৰন্থমেলা কেইবাবছৰো ধৰি সফলভাৱে অনুষ্ঠিত হৈ অহাৰ কথাটোৱেও গ্ৰন্থৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। লগতে আঞ্চলিক পৰ্যায়ত হোৱা গ্ৰন্থমেসলাৰ পৰিসৰ বৃদ্ধি হোৱাটোও আশাৰ কথা।বৰ্তমানে বিশেষকৈ নতুন প্ৰজন্মৰ  মাজত জনপ্ৰিয় হৈ উঠা অনলাইন পঠনৰ অভ্যাস, চ’ছিয়েল নেটৱৰ্কিং চাইটৰ সৈতে নিবিড় সংযোগৰ বাবে এই প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী নহয় বুলি সততে যি অভিযোগ শুনা যায়, গ্ৰন্থমেলাৰ সফলতাই সেই অভিযোগ কিন্তু বহু পৰিমাণে নস্যাৎ কৰে।

এনে এক পৰিৱেশৰ মাজতে ২০১৮ বৰ্ষৰ উত্তৰ-পূব গ্ৰন্থমেলাখন বাতিল কৰাৰ বাবে চৰকাৰে আক্ৰোশমূলকভাৱে লোৱা পদক্ষেপ্ আমাক হতাশ কৰিছে। গণতান্ত্ৰিক দেশ এখনত জনসাধাৰণে চৰকাৰৰপাৰ যিধৰণে বিভিন্ন ক্ষেত্ৰত কল্যাণকামী পদক্ষেপ আশা কৰে, সেইজৰে বৌদ্ধিক টিন্তা-চৰ্চাৰ সুস্থ পৰিৱেশ এটা বাহল থকাটোও আশা কৰে। কিন্তু জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত হৈ অহা চৰকাৰ এখনেই যেতিয়া আপাত প্ৰৱাহমান বৌদ্ধিক চিন্তা-চৰ্তাৰ পৰিবেশ এটা ৰ প্ৰতি হঠাতেই আক্ৰোশমূলক হৈ তাক বন্ধ কৰি দিয়াৰ দিশে অগ্ৰসৰ হয়, তেতিয়া সচেতন নাগৰি সমাজ এখন উদ্বিগ্ন হোৱাটো স্ববাৱিক কথা। গুৱাহাটীত অনুষ্ঠিত  হৈ অহা দুখনকৈ গ্ৰন্থমেলাৰ অসম প্ৰকাশন পৰিষদৰ উদ্যেগত হোৱাখনত চৰকাৰে নিজা উদ্যোগ গ্ৰহণ কৰে।সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যাগত অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলা সংস্থাৰ নিজা প্ৰয়াস। গতিকে এইখন মেলাত অংশগ্ৰহণ কিৰবৰ বাবে চৰকাৰে প্ৰকাশকসকলক কোনো সা-সুবিধা প্ৰদান কৰিবলগীয়া নহয়, সংস্থাই নিজেই এই উদ্যোগ গ্ৰহণ  কৰে। উত্তৰ-পূব গ্ৰন্থমেলাৰ আন এটি দিশ হৈছে যে, উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা অহা বিপনীয়েও ইয়াত অংশ লয় আৰু কেউখন ৰাজ্যৰেই লেখক-পঢ়ুৱৈৰ বাবে ইয়াত এক উৎসাহজনৰ পৰিৱেশৰ সৃষ্টি হয়। যিহেতু চৰকাৰে কোনা সহায় অথবা সাহায্য আগবঢ়াবলগীয়া নহয়েই, তাৰ পিছতো গ্ৰন্থমেলাখন বনধ কৰি দিবৰ বাবে আকোঁৰগোজ হৈ উঠাৰ কাৰণ কি?

উত্থাপিত অভিযোগ অনুসৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অহা নবেম্বৰ মাহত গ্ৰন্থমেলাখনি অনুষ্ঠিত  কৰিবৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কতৃপক্ষক আবেদন জনায় আৰু এপ্ৰিল মাহতে ইয়াৰ বাবে দিবলগীয়া আগধন জমা দি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে। কিন্তু অসম প্ৰকাশন পৰিষদে এই সময়চোৱাতে ১৪ নবেম্বৰ শিশু দিৱস উদযাপন কৰাৰ অচিলাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কতৃপক্ষক শিশু গ্ৰন্থমেলা অখন অনুষ্ঠfত কৰাৰ অজুহাতত উত্তৰ-পূব গ্ৰন্থমেলা বাতিল কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। চৰকাৰে যদি একে সময়তে এখন শিশু গ্ৰন্থমেলা অনুষ্ঠিত কৰে, তাত আপত্তি থকাৰ কোনো প্ৰশ্নআহিবই নোৱাৰে। কিন্তু তাৰবাবে ইতিমধ্যে সকলো আনুষ্ঠানিকতাৰে এখন গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বাকৰিখনলৈ আক্ৰোশমূলক চকু দিয়াৰ প্ৰয়োজন কি? এখন শিশু গ্ৰন্থমেলাৰ বাবে লতাশিল খেলপথাৰ বা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে বিকল্প স্থানো নথকা নহয়। উত্থাপিত অভিযোগ অনুসৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰি প্ৰয়োজন হ’লে উত্তৰ-পূব গ্ৰন্থমেলাৰ বাকৰিতে শিশু গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ সুবিধা কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো শিক্ষমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব গ্ৰন্থমেলা বাতিলৰ সিদ্ধান্তত অটল হৈ আছে।  গ্ৰন্থমেলাৰ আয়োজকসকলে সকলো আনুষ্ঠানিকতা বিদিগতবাৱে পালন কৰি প্ৰস্তুতি তীব্ৰতৰ কি তোলাৰ সময়ত চৰকাৰৰ অনে স্বেচ্চাচাৰিতাই প্ৰমাণ কৰিছে যে, চৰকাৰখন গণতান্ত্ৰিক চেতনাৰ প্ৰতি উদাসীন, লগতে জনসাধাৰণৰ বৌদ্ধিক কৰ্ষণৰ অনুষ্ঠানবোৰৰ প্ৰতিও ভীতিগ্ৰস্ত। অভিযোগ অনুসৰি মূখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টাগৰাকীৰ সৈতে হোৱা সাক্ষাতেও এতিয়লৈকে কোনো ফল দিব পৰা নাই।

অসমৰ পুথি প্ৰকাশক আৰু বিক্ৰেতাসকলক উপাৰ্জনৰ এক প্ৰধান অংশ পাঠ্যপুথিৰ চপা আৰু বিতৰণৰ ব্যৱসায় সংস্থাৰ হাতৰপৰা কাঢ়ি আনি চৰকাৰে ইতিমধ্যেই প্ৰৱল আৰ্থিক সংকটৰ মুখলৈ ঠেলি দি তেওঁলোকক ভাতে মৰাৰ ব্যৱস্থা কৰিলে। ইয়াৰ পিছতেই সংস্থাৰদ্বাৰা আয়োজিত গ্ৰন্থমেলাৰ প্ৰতি এনে আক্ৰোশমূলক আচৰণ। মহানগৰীৰ মাজ-মজিয়াত অনুষ্ঠিত কৰিবলৈ লোৱা উত্তৰ-পূব গ্ৰন্থমেলাখন বাতিল কৰাত চৰকাৰ সফল হ’লে শেহতীয়াকৈ বিভিন্ন ঠাত অনুষ্ঠিত কৰিবলৈ লোৱা আঞ্চলিক অথবা জিলাভিত্তিক গ্ৰন্থমেলাবোৰৰ প্ৰতিও যে বিভিন্ন অজুহাত উলিয়াই একেদৰেই আক্ৰোশমূলক  স্থিতি গ্ৰহণ নকৰিব, তাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অনুমান কৰিবলৈ অসুবিধা নহয় যে, চৰকাৰৰ এনে আক্ৰোশমূলক স্থিতিয়ে ৰাজ্যখনৰ গ্ৰন্থ আন্দোলনৰ লগতে বৌদ্ধিক জগতখনলৈকো তেনে এক অশনি সংকেতেই কঢ়িয়াই আনিছে।