Monday 10 September 2018

গুৰুজনা আছিল গণতান্ত্ৰিক চেতনাৰে অসমীয়া সমাজ বান্ধি থৈ যোৱা এক জাতীয় নেতা



অসমীয়া প্ৰতিদিন, ১১-০৯-২০১৮
- ৰত্না ভৰালী তালুকদাৰ

 শ্ৰীমন্ত   শংকৰদেৱ অসম  আৰু  অসমীয়াৰ  চেতনাক  উজ্জিৱীত  কৰি তোলা   আটাইতকৈ  সমুজ্জল  ব্যক্তিত্ব  আৰু    সৰ্বকালৰ  সৰ্বশ্ৰেষ্ঠ  অসমীয়া --  এই   কথা  আজি     আৰু    নতুনকৈ   উপলব্ধি  কৰাৰ  প্ৰয়োজনীয়তা   নাই।  এটা   আধুনিক  অসমীয়া   ভাষাৰ ভেটি  তৈয়াৰ  কৰি    নতুন   যুগৰ  সাহিত্য,   ধৰ্ম,   সমাজ,  সংস্কৃতি  আৰু  পৰিশীলিত  আচাৰ - নীতি ৰে অসমৰ  মানুহৰ   প্ৰাণত  নতুন   প্ৰাণৰ  সঞ্চাৰ  কৰি তেওঁ  আজিও  আমাৰ  বুকুৰ  কুটুম  হৈ   ৰৈছে   আৰু  অনন্তকাললৈ ৰ'ব।    কিন্তু   এইখিনিতেই  শংকৰদেৱৰ  দৰ্শন  আৰু আদৰ্শৰ  নতুন নতুন মূল্যায়নৰ পথ ৰুদ্ধ  হৈ  যোৱা    নাই।  বৰং   আজিৰ   জটিল  সময় আৰু  পৰিৱৰ্তিত  সামাজিক - ৰাজনৈতিক   পৰিৱেশত  যেতিয়া  অতি  শক্তিশালী  দুষ্টশক্তিৰ  প্ৰকোপত  শংকৰদেৱে বান্ধি থৈ    যোৱা  অসমৰ  সমাজব্যৱস্থা  থান- বান হোৱাৰ উপক্ৰম  হৈছে  --  সৃষ্টিশীল  আৰু বৌদ্ধিক  চৰ্চাৰ  পৰিবেশ  স্তব্ধ    কৰি   জাপি   দিয়া  মতামতেৰে  সমাজৰ  প্ৰগতিৰ  পথ ৰুদ্ধ  কৰাৰ  প্ৰচেষ্টা  চলিছে --- সেই   সময়ত গুৰুজনাৰ  ভাৱ  আৰু   আদৰ্শক  পুনৰ   মূল্যায়ন  কৰি  নতুন  যুগৰ  নতুন   সমাজ গঠনৰ   পথ   প্ৰশস্ত  কৰাৰ  সময়ো  আহি  পৰিছে।  আজিৰ  পৰিবেশত   অসমৰ  মানুহৰ  বাবে  পবিত্ৰ   ভাদ  মাহ টি সেয়েহে   দুজনা  গুৰুৰ  তিৰোভাৱ তিথি  পালন  কৰি  তেওঁলোকক  শ্ৰৱণ-কীৰ্তন  কৰাৰ  মাহেই     মাথো  নহয় --  দুজনা গুৰুৰ  আদৰ্শক শিৰোগত  কৰি  নতুনৰ  আৱাহনীৰে  সমাজব্যৱস্থাৰ  পৰিবৰ্তনৰ  মাজেৰে   সমাজৰ  নিম্নত  বাস কৰা জনজীৱনৰ  প্ৰাণৰ স্পন্দনত  নতুন  আশাৰ  সঞ্চাৰ  কৰাৰ   কামত নিজকে  সমৰ্পণ  কৰাৰো  সময়।   বিশেষকৈ   যি ধৰ্ম  আৰু   দৰ্শনৰ  আধাৰ  এক   উদাৰ   গণতান্ত্ৰিক চেতনা,   যি চেতনাৰে  উজ্জীৱিত  হৈ  গুৰুজনাই    নিবিচাৰি  জাতি - কূ ল  বুলি  কোৱাৰ  উপৰিও  তাৰপৰা  এখোজ  উধাই  গৈ  কুকৰ, শৃগাল  গদৰ্ভৰো আত্মাৰাম  বুলি কৈ  আমাৰ   বাবে  সমাজ গঠনৰ উদাৰ  পথ  প্ৰশস্ত  কৰি  থৈ  গৈছে -- সেই চেতনাক   নতুনকৈ  উপলব্ধি  কৰাৰ সময় সমাগত  বুলি আমাৰ অনুভৱ হয়।  

উপলব্ধি  কৰাৰ  সময়  এইবাবেই যে,  নানা জাতি- ধৰ্মৰ লোকেৰে গঠিত  অসমীয়া  জাতিটোৰ  শাহ  আৰু  খোলাটো   পিয়াজৰ দৰেই -- পিয়াজৰ বাকলিবোৰৰ দৰেই  পাহাৰে -ভৈ য়ামে  বাস কৰা  জাতি- জনগোষ্ঠীবোৰৰ  ভাষা- ধৰ্ম- সংস্কৃতিৰ  তৰপবোৰ  লগ লাগিহে  অসমীয়া জাতি আৰু  সংস্কৃতিৰ  গঠন হৈছে।  বাকলিবোৰ  এৰুৱাই গ'লে  পিয়াজটোৰ একো  অস্তিত্বই  নাথাকিবগৈ।  একেদৰে,  কেনেবাকৈ  এটা তৰপত কেৰোণ   লাগিলেও  সি  গোটেই  পিয়াজটোকেই  নষ্ট  কৰি পেলাব।  নানা নদী  আৰু  উপনদীৰ  জলৰাশি  বুকুত  সাৱটি  লৈ   অসমৰ  বুকুৰে  বৈ যোৱা   ব্ৰহ্মপুত্ৰ  নদীৰ  যি   শক্তিশালী  অন্তঃস্ৰোত,  তাক চকুৰে  দেখা পোৱা   নাযায়।    আপাত স্থিৰ, নিশ্চল জলধিৰ  গভীৰতালৈ চাই  তাক  উপলব্ধিহে   কৰিব পাৰি।  অসমৰ জনজীৱনে  বৈচিত্ৰপূৰ্ণ  ছন্দেৰে গঢ়ি তোলা জীৱনৰ  শাহ আৰু   শকতিও লৌহিত্যৰ দেখা নোপোৱা অন্তঃস্ৰোতৰ  দৰেই, তাক উপলব্ধি   কৰিবলৈ    গভীৰ  অন্তৰ্দÔষ্টিৰ  লগতে  প্ৰয়োজন  হয়   বাস্তৱৰ  আধাৰত  এক   উদাৰ,  যুক্তিপূৰ্ণ চেতনাৰ ।  এনে এক  বৈচিত্ৰ্যময়,   সকলো জাতি-জনগোষ্ঠীৰ নিজা নিজা  জাতীয় আৱেগৰ  টল- মল চেতনাৰে টগ - বগ   সমাজখনক নেতৃত্ব প্ৰদান  কৰা তেনেই  সহজ  কথা  নহয় -- এই  সমাজক   দায়িত্বসহকাৰে    সাৰ- পানী  দিবলৈ হ'লে   প্ৰয়োজন  বজ্ৰসম  এক  ধী  শক্তিৰ,   এক  উৎসৰ্গীকৃত  প্ৰাণৰ । আৰু   শ্ৰীমন্ত   শংকৰদেৱে  সকলো প্ৰতিকূলতাক অকাতৰে  গ্ৰহণ কৰিও জনসাধৰণৰ মাজতে  থাকি, জনসাধাৰণৰ এজন  হৈ   সেই  দায়িত্ব  পালন  কৰিছিল  নিৰ্মোহভাৱে, এক বিশাল কৰ্মযজ্ঞৰ সুচনাৰে  সকলো জাতি- জনগোষ্ঠীৰ প্ৰতি  অন্তৰত সমভাৱ ৰাখি  । এক কথাত   কবলৈ  'লে  শংকৰদেৱে  মধ্যযুগতেই    আধুনিক  অসমীয়া  সমাজৰ  ভেটি  তৈয়াৰ  কৰি  অসমীয়া   সমাজখনক  এখোজ  আগুৱাই  দিছিল।   এই  ভেটি  হৈছে   পাৰস্পৰিক  সহনশীলতাৰ,   গণতান্ত্ৰিক  ভাৱধাৰাৰ - যি সমগ্ৰ ভাৰতবাসীৰ বাবেই      আজিও এক বিস্ময়। সেই  অৰ্থত  শংকৰদেৱৰ  সময়ৰপৰাই  অসমীয়া  সমাজখন  এক  আধুনিক সমাজ  বুলি কব পাৰি। 
প্ৰজ্ঞাৰ  গভীৰ সাধনাৰে  একেবাৰে  অকলশৰে আৰু  নতুন  এক সাংস্কৃতিক  আন্দোলনৰ নেতৃত্ব  বহন কৰি  পাহাৰে- ভৈয়ামে বসবাস কৰি  জাতি- জনগোষ্ঠীসমূহৰ প্ৰতি  সন্মান  প্ৰদৰ্শন  কৰাৰ মাজেৰেই  শংকৰদেৱে আধুনিক অসমীয়া  সমাজ এখনৰ ভেটি তৈয়াৰ কৰি  থৈ  গৈছে।  একশৰণ  ভাগৱতী  ধৰ্মৰ  প্ৰৱৰ্তনৰ আধ্যাত্মিক  কাৰ্য সম্পাদন কৰোঁতে  শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ  কামত  মুছলমানকলৰ  চান্দসাই  আৰু জয়হৰি,  গাৰোৰ গোবিন্দ, ভূটীয়াৰ  জয়ানন্দ,  কৈৱৰ্ত  সম্প্ৰদায়ৰ শ্ৰীৰাম, বণিয়াসকলৰ  দামোদৰ --  এই সকলোকে  দায়িত্ব প্ৰদান  কৰিছিল।  এয়া মাথো উদাহৰণ  নহয় --  মধ্যযুগৰ   সামন্ততান্ত্ৰিক  সমাজব্যৱস্থা   আৰু  ৰাজতন্ত্ৰৰ  আৱৰ্তত  এনেধৰণৰ  বৈপ্লৱিক   পদক্ষেপবোৰে  শংকৰদেৱৰ  আদৰ্শক  মানুহৰ মাজলৈ  লৈ যোৱাত  অভিনৱ  ভূমিকা  পালন  কৰিছিল।  সামাজিকভাৱে নিৰ্যাতিত, লাঞ্ছিত- বঞ্চিতসকলক   জীৱনৰ  নতুন  উপলব্ধি  প্ৰদান  কৰিছিল। এই উদাৰ মানৱতাবাদী  ধৰ্মৰ জনপ্ৰিয়তাৰ  প্ৰতি  ভীতিগ্ৰস্ত  হৈ   ৰজাঘৰীয়াই  চক্ৰান্তৰে  গুৰুজনাৰ  প্ৰাণাধিক জেঁাৱায়েকক  হাতীৰে  গচকাই  মৰাৰ  পিছতো  বিতত নহৈ,  নানা  দুখ - দুৰ্গতিৰ মাজৰে  সাধাৰণ  ৰাইজৰ  মাজতে  থাকি,  জনজীৱন  নতুনকৈ গঢ়াৰ  কামত  নিজকে সমৰ্পিত  কৰিছিল।  সংস্কৃতত অগাধ পণ্ডিত হোৱাৰ পিছতো সমগ্ৰ ভাৰত ঘূৰি- পকি আহি গণ- সংযোগৰ মাহাত্ম্য  উপলব্ধি কৰি তেওঁৰ সাহিত্য  ৰচনা  কৰিলে   জনসাধাৰণৰ  মুখৰ ভাষাৰে, কীৰ্তনপুথিত  স্বৰ্গৰ নন্দন - কাননৰ ছবি আঁকিলে অসমৰ  গাঁওখনৰ গছ - লতিকাৰে ।  আধ্যাত্মিকতা প্ৰচাৰ কৰিবলৈ যাওতেও  কঠিন মাৰ্গ নহয় --  জগতগুৰু  শংকৰদেৱে  আমাক  দিলে   আপাত  সৰল  এক    কৃষ্ণ চেতনা  --  যাক  মাতৃ  যশোদায়ো  গালি পাৰিব  পাৰে  এনেদৰে -  ভাণ্ড ভাঙ্গি  আৰে  যাইবো কোথা,  খাইবো আজি  কৃষ্ণ তোৰ মাথা  [ শিশু লীলা, চতুৰ্থ খণ্ড] । এজন পৰিপক্ক মনস্তত্ববিদৰ দৰেই  গকুলৰ  যশোদাৰ ছবিও   অসমীয়া  গ্ৰাম্যজীৱনৰ  তিৰোতা  এগৰাকীৰেই  আঁকিছে -- ঘৰ-সংসাৰৰ কামত ব্যস্ত হৈ থাকোঁতে জগতৰ পতিকো যি এনেদৰে তুলা-ধূনা দিব পাৰে -- জনসাধাৰণৰ  প্ৰাণৰ  স্পন্দনৰপৰা দূৰলৈ নি শিশুকৃষ্ণৰ  মাতৃক তেওঁক ৰাজমহিষী  কৰি তোলা  নাই।  এইবাবেই   শংকৰদেৱৰ সাহিত্য  জনসাধাৰণৰ  প্ৰাণৰ  ইমান   কাষ   চপা যে,  কেইবাটাও   শতিকা  পাৰ হৈ যোৱাৰ পিছতো  এই সাহিত্যৰ  তাৎক্ষণিক  সোৱাদ  লাভৰপৰা   আগ্ৰহী  পাঠক  আজিও বঞ্চিত  নহয়।   এইবাবেই   পঢ়িব  নজনা অনাখৰী  গাওঁবাসীয়ে   যুগে  যুগে সন্ধিয়াৰ গোঁসাইঘৰত  একো  আধ্যায়   কীৰ্তন কৰি   শংকৰদেৱৰ  সাহিত্যৰ নতুন নতুন মাত্ৰা দান কৰিলে।   ভাষাজননীৰ এই  বেদীখনত গুৰুজনাই দি থৈ  যোৱা এই পুষ্প অৰ্ঘ্যবোৰৰ  কালিকাবোৰেই অসমীয়া জাতিক নতুন নতুন সাহ দিছে, সেই কথা  আজি আমি উপলব্ধি কৰিব লাগিব। 

 শংকৰদেৱৰ  আধ্যাত্মিকতাৰ  বাণী  আছিল  সমতা  আৰু তাকে  কৰিবলৈ যাওতে সাহিত্য, গীত- মাত- পদ- ভাওনাৰে  তেখেতে  যি বিশাল  কৰ্মযজ্ঞৰ সুচনা কৰিলে, তাৰ উপজীৱ্য হিচাপে  জনগোষ্ঠীয় সমাজখনৰ লগতে   জনগোষ্ঠীয় জীৱনৰ আৱৰ্তৰ  বাহিৰত  থকা সমাজখনৰ লোক -কলাৰ  উপকৰণবোৰ লবলৈ  অকণো হেলা নকৰিলে। সেয়েহে  শংকৰদেৱে দি থৈ থোৱা সাংস্কৃতিৰ সম্ভাৰত  বিহুনৃত্য, বাগৰুম্বা,  মিছিংসকলৰ নৃত্যৰ উপকৰণ সুলভ। গুৰুজনাই দি যোৱা অসমৰ  গ্ৰাম্যসমাজৰ  অন্যতম কালিকা নামঘৰো জনজাতীয় সকলৰেই আৰ্হি। অভিনৱ  সৃষ্টিশীলতাৰে বৃন্দাবনী  বস্ত্ৰৰ  ধাৰণাৰে অসমৰ  গাওঁখনৰ তাঁতশালখনকো  অনন্য মাত্ৰা দিলে। কবলৈ গ'লে  জাতিক  সাংস্কৃতিকভাৱে  একত্ৰিত কৰাৰ  এই  প্ৰয়াসৰ  মাজতেই আছে   শংকৰদেৱৰ  আদৰ্শৰ মাহাত্ম্য।  জনতাৰ মুখ আৰু বৌদ্ধিকসমাজৰ  কাম-কাজ    বন্ধ কৰি  জাপি দিয়া মতবাদেৰে  দেশ চলাব খোজাসকলৰ চক্ৰান্তৰ সন্মুখত   সেইবাবেই  গুৰুজনাৰ  আদৰ্শক নতুনকৈ চোৱাৰ প্ৰাসংগিকতা আহি পৰিছে।    আজি  জাতিক নেতৃত্ব দিবলৈ আগবাঢ়ি  অহাসকলৰ  বহুতেই  গণবিচ্ছিন্ন -অথচ  গণ সংযোগ  আজিৰ  দিনত  এক বৃত্তি, উচ্চশিক্ষাৰ  অধ্যয়ন আৰু গৱেষণাৰ  বিষয়। কিন্তু জাতিক  নেতৃত্ব প্ৰদানৰ বেলিকা জনসাধাৰণৰ  সুখ-দুখৰ  সৈতে  এক হৈ,                 তেওঁলোকৰ মাজৰেই  এজন  হৈ   থাকি গণদেৱতাক সংযোগ কৰাৰ  গুৰুত্ব উপলব্ধি  কৰিছিল  শংকৰদেৱে,  যাৰ বাবেই    তেওঁ  আজিও  ইমান  প্ৰাসংগিক।  সেই কথা  আমি বুজি   উঠিব   লাগিব। বৰ্তমানৰ  অসমীয়া  জাতিসত্তাক    উচন  কৰাৰ নানা  ষড়যন্ত্ৰৰ  লগতে  সাম্প্ৰতিক  সময়ৰ  গণতান্ত্ৰিক  শাসনব্যৱস্থাৰ  আৱৰ্তত ধৰ্মৰ  নামত  চলা  বীভৎস   ৰাজনীতিৰ  যুগত  শংকৰদেৱে দি থৈ যোৱা এনে    নিদৰ্শনবোৰ  অসমীয়া  জাতিয়ে   পাহৰি যাব নালাগিব।   সকলো সংকটৰ সন্মুখতো অসমীয়াই সকলো  বৈচিত্ৰ্য,  মান-  অভিমান  আৰু  স্বাভিমান  বজাই ৰাখি জীয়াই থাকিব  পাৰিছে,    তাৰ  কালিকা বা   আধাৰটোৱেই  যে    শ্ৰীমন্ত  শংকৰদেৱে  মধ্যযুগতে তৈয়াৰ  কৰি  থৈ  যোৱা  আমাৰ  আধুনিক  মানসিকতা -- সেই কথাটোত   আমি সকলোৱেই  এবাৰ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন।  

No comments:

Post a Comment